Skip to content

Skip to table of contents

পাঠ ৬০

যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক

যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক

এতিয়ালৈকে আপুনি বাইবেলৰপৰা যিহোৱাৰ বিষয়ে বহুতো কথা শিকিলে। আপুনি যি শিকিলে, তাৰপৰা লাহে লাহে যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰিলে। হয়তো আপুনি নিজৰ জীৱন সমৰ্পণ কৰি বাপ্তিষ্মা লʼলে অথবা আপুনি বাপ্তিষ্মা লʼবলৈ চিন্তা কৰিছে। কিন্তু বাপ্তিষ্মা কেৱল আৰম্ভণিহে। ইয়াৰ পাছতো যিহোৱাৰ লগত আপুনি নিজৰ বন্ধুত্ব বঢ়াই থাকিব পাৰে। এইদৰে আপুনি কেনেকৈ কৰিব পাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

১. যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব কিয় ঘনিষ্ঠ কৰি থকা উচিত?

যিহোৱাৰ লগত নিজৰ বন্ধুত্ব ঘনিষ্ঠ কৰিবলৈ আপুনি চেষ্টা কৰি থকা উচিত। কিয় বাৰু? কিয়নো আপুনি যাতে “জীৱনময় ঈশ্বৰৰ পৰা খহি” নপৰে বা আঁতৰি নাযায়। (ইব্ৰী ৩:১২) সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰিবলৈ আপুনি কি কৰিব পাৰে? আপুনি প্ৰচাৰ কাম কৰি থাকিব পাৰে আৰু চিন্তা কৰিব পাৰে যে যিহোৱাৰ সেৱা কৰিবলৈ আপুনি আৰু কি কৰিব পাৰে। (ফিলিপীয়া ৩:১৬ পঢ়ক।) গোটেই জীৱন যিহোৱাৰ সেৱা কৰাতকৈ আমাৰ বাবে আৰু ভাল কথা কি হʼব পাৰে!—গীতমালা ৮৪:১০.

২. যিহোৱাৰ লগত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিবলৈ আপুনি কি কৰা উচিত?

অতি সোনকালে এই কিতাপৰপৰা আমাৰ আলোচনা শেষ হৈ যাব। কিন্তু যিহোৱাৰ বিষয়ে আপুনি শিকি থাকিব। বাইবেলত লিখা আছে যে এজন ব্যক্তিয়ে ‘নতুন পুৰুষক পিন্ধা’ উচিত। (ইফিচীয়া ৪:২৩, ২৪) আপুনি যিমানেই বাইবেল অধ্যয়ন কৰিব আৰু সভাত উপস্থিত হʼব, সিমানেই আপুনি যিহোৱাৰ বিষয়ে নতুন নতুন কথা শিকিব পাৰিব আৰু তেওঁৰ গুণবোৰৰ বিষয়ে জানিব পাৰিব। তাৰ পাছত আপুনি চিন্তা কৰিব পাৰে যে সেই গুণবোৰ নিজৰ জীৱনত কেনেকৈ বিকশিত কৰিব পাৰে। যিহোৱাক আনন্দিত কৰিবলৈ আপোনাক যিবোৰ সাল-সলনি কৰাৰ প্ৰয়োজন, সেইবোৰ কৰি থাকক।

৩. যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰিবলৈ তেওঁ আপোনাক কেনেকৈ সহায় কৰিব?

বাইবেলত লিখা আছে, “তোমালোকে অলপ কাল দুখভোগ কৰাৰ পাছত, তেওঁ নিজেই তোমালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।” (১ পিতৰ ৫:১০) আমি সকলোৱেই কেতিয়াবা নহয় কেতিয়াবা প্ৰলোভনত পৰোঁ, কিন্তু সেই প্ৰলোভনৰপৰা ওলাই আহিবলৈ যিহোৱাই আমাক সহায় কৰে। (গীতমালা ১৩৯:২৩, ২৪) যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ সেৱা কৰিবলৈ তেওঁ আমাৰ মনত ইচ্ছা জগাব আৰু শক্তিও দিব।—ফিলিপীয়া ২:১৩ পঢ়ক।

গভীৰভাৱে ধ্যান কৰক

আপুনি কেনেকৈ যিহোৱাৰ লগত নিজৰ বন্ধুত্ব দৃঢ় কৰি থাকিব পাৰে আৰু যিহোৱাই আপোনাক কি আশীৰ্বাদ দিব? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. আটাইতকৈ ভাল বন্ধু যিহোৱাৰ লগত কথা পাতক আৰু তেওঁৰ কথা শুনক

বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাই যিহোৱাৰ বন্ধু হʼবলৈ আপোনাক সহায় কৰিলে। ইয়ে যিহোৱাৰ আৰু কাষ চাপিবলৈ আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

গীতমালা ৬২:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব ঘনিষ্ঠ কৰি তুলিবলৈ আপুনি কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিব পাৰে?

গীতমালা ১:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰিবলৈ আপুনি কেনেকৈ ভালদৰে বাইবেল পঢ়িব পাৰে?

ব্যক্তিগত বাইবেল অধ্যয়নৰপৰা লাভৱান হʼবলৈ আপুনি কি কৰিব পাৰে? তাৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভিডিঅʼখনত জনোৱা কোনটো পৰামৰ্শ আপুনি পালন কৰিব বিচাৰে?

  • আপুনি কোনটো বিষয়ত গভীৰভাৱে অধ্যয়ন কৰিব বিচাৰে?

৫. ঈশ্বৰৰ সেৱাত লক্ষ্য ৰাখক

যিহোৱাৰ সেৱাত লক্ষ্য ৰাখিলে তেওঁৰ লগত থকা আপোনাৰ বন্ধুত্ব বেছি ঘনিষ্ঠ হৈ পৰিব। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰৰ সেৱাত লক্ষ্য ৰখাৰ বাবে ভনী কেমৰুণৰ কি কি লাভ হʼল?

আমাৰ মাজৰ সকলোৱে আন দেশত গৈ প্ৰচাৰ কৰিব নোৱাৰে। কিন্তু আমি এনে লক্ষ্য ৰাখিব পাৰোঁ, যি আমি পূৰ কৰিব পাৰোঁ। হিতোপদেশ ২১:৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • মণ্ডলীত সেৱা কৰিবলৈ আপুনি কি লক্ষ্য ৰাখিব পাৰে?

  • আপুনি প্ৰচাৰ কামৰ লগত জড়িত কি কি লক্ষ্য ৰাখিব পাৰে?

এই পদত দিয়া সিদ্ধান্তই নিজৰ লক্ষ্য পূৰ কৰিবলৈ আপোনাক কেনেকৈ সহায় কৰিব পাৰে?

কিছুমান লক্ষ্য

  • ভালদৰে প্ৰাৰ্থনা কৰক।

  • সম্পূৰ্ণ বাইবেলখন পঢ়ক।

  • মণ্ডলীৰ সকলো ভাই-ভনীক ভালদৰে জানক।

  • কাৰোবাৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰক।

  • সহকাৰী অগ্ৰগামী বা অগ্ৰগামী সেৱা কৰক।

  • যদি আপুনি এজন ভাই হয়, তেনেহʼলে পৰিচাৰক হʼবলৈ আগবাঢ়ি আহক।

৬. দুখ-কষ্ট নথকা এক অনন্ত জীৱন!

গীতমালা ২২:২৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • বৰ্তমান সময়ত আৰু ভৱিষ্যতেও আনন্দেৰে জীয়াই থাকিবলৈ আপুনি কি কৰিব পাৰে?

আমি কি শিকিলোঁ

যিহোৱাৰ লগত নিজৰ বন্ধুত্ব দৃঢ় কৰি থাকক আৰু তেওঁৰ সেৱা বেছিকৈ কৰিবলৈ লক্ষ্য ৰাখক। এইদৰে কৰিলে আপুনি বৰ্তমান আৰু ভৱিষ্যতেও আনন্দেৰে জীয়াই থাকিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱাৰ সেৱা কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব বুলি আপুনি কিয় ভৰসা ৰাখিব পাৰে?

  • যিহোৱাৰ লগত থকা নিজৰ বন্ধুত্ব দৃঢ় কৰিবলৈ আপুনি কি কৰিব পাৰে?

  • যিহোৱাৰ সেৱাত লক্ষ্য ৰাখিলে তেওঁৰ লগত আপোনাৰ সম্পৰ্ক কেনেকৈ দৃঢ় হʼব পাৰে?

এবছৰৰ বাবে লক্ষ্য

বেছিকৈ জানক

আমি কেৱল এবাৰ নহয়, কিন্তু সকলো সময়তে তেওঁৰ বিশ্বাসী হৈ থকাটো যিহোৱাই বিচাৰে।

অব্ৰাহামৰ দৰে বিশ্বাসী হৈ থাকক (৯:২০)

যিহোৱাৰ বিশ্বাসী সেৱকসকলৰো আনন্দ নাইকীয়া হʼব পাৰে। এজন খ্ৰীষ্টানে যিহোৱাৰ সেৱাত নিজৰ আনন্দ কেনেকৈ পুনৰ লাভ কৰিব পাৰে, আহক চাওঁ।

অধ্যয়ন আৰু ধ্যানৰ যোগেদি পুনৰ আনন্দ লাভ কৰক (৫:২৫)

যিহোৱাৰ সেৱাত আপুনি কি কি লক্ষ্য ৰাখিব পাৰে আৰু সেইবোৰ আপুনি কেনেকৈ পূৰ কৰিব পাৰে, আহক চাওঁ।

“আধ্যাত্মিক লক্ষ্য ৰখাৰ যোগেদি নিজৰ সৃষ্টিকৰ্তাৰ মহিমা কৰক” (প্ৰহৰীদুৰ্গ-হিন্দী, জুলাই ১৫, ২০০৪)

এজন খ্ৰীষ্টানৰ বাবে পৰিপক্ক হোৱাটো কিয় প্ৰয়োজন আৰু আপুনি কেনেকৈ পৰিপক্ক হʼব পাৰে?

“পৰিপক্কতাৰ লক্ষ্যত উপনীত হʼবলৈ চেষ্টা কৰি থাকক—যিহোৱাৰ ‘মহা-দিন ওচৰ’” (প্ৰহৰীদুৰ্গ-হিন্দী, মেʼ ১৫, ২০০৯)