Skip to content

Skip to table of contents

ভাগ ২-ত আপুনি কি শিকিলে?

ভাগ ২-ত আপুনি কি শিকিলে?

নিজৰ শিক্ষকৰ লগত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  1. ১. যিহোৱাই সকলো মিছা ধৰ্মক কি কৰিব?

    (পাঠ ১৩ চাওক।)

  2. ২. যাত্ৰাপুস্তক ২০:৪-৬ পঢ়ক।

    • উপাসনাত মূৰ্তি বা ছবি ব্যৱহাৰ কৰিলে যিহোৱাক কেনেকুৱা লাগে?

      (পাঠ ১৪ চাওক।)

  3. ৩. যীচু কোন হয়?

    (পাঠ ১৫ চাওক।)

  4. ৪. যীচুৰ কোনটো গুণ আপোনাক বেছিকৈ ভাল লাগে?

    (পাঠ ১৭ চাওক।)

  5. ৫. যোহন ১৩:৩৪, ৩৫ আৰু পাঁচনিৰ কৰ্ম্ম ৫:৪২ পঢ়ক।

    • আজি সত্য খ্ৰীষ্টান কোন হয়? তেওঁলোক সত্য খ্ৰীষ্টান হয় বুলি কি কথাৰপৰা জানিব পাৰি?

      (পাঠ ১৮ আৰু ১৯ চাওক।)

  6. ৬. মণ্ডলীৰ মুৰব্বী কোন হয় আৰু তেওঁলোকে কেনেকৈ মণ্ডলীৰ চোৱা-চিতা কৰে?

    (পাঠ ২০ চাওক।)

  7. ৭. মথি ২৪:১৪ পঢ়ক।

    • এই ভৱিষ্যতবাণী আজি কেনেকৈ পূৰ হৈ আছে?

    • আপুনি বাইবেলৰপৰা শিকা কথাবোৰ কাক জনাইছে?

      (পাঠ ২১ আৰু ২২ চাওক।)

  8. ৮. বাপ্তিষ্মাৰ বাবে পদক্ষেপ লোৱাটো সঠিক হয় বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

    (পাঠ ২৩ চাওক।)

  9. ৯. চয়তান আৰু দুষ্ট স্বৰ্গদূতৰপৰা বাচি থাকিবলৈ আপুনি কি কৰিব পাৰে?

    (পাঠ ২৪ চাওক।)

  10. ১০. ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?

    (পাঠ ২৫ চাওক।)

  11. ১১. মানুহে কিয় দুখ-কষ্ট ভোগে আৰু এদিন মৰি যায়?

    (পাঠ ২৬ চাওক।)

  12. ১২. যোহন ৩:১৬ পঢ়ক।

    • আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ যিহোৱাই কি ব্যৱস্থা কৰিলে?

      (পাঠ ২৭ চাওক।)

  13. ১৩. উপদেশক ৯:৫ পঢ়ক।

    • মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়?

    • মৃত্যু হোৱা লাখ লাখ লোকৰ বাবে যীচুৱে কি কৰিব?

      (পাঠ ২৯ আৰু ৩০ চাওক।)

  14. ১৪. মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল?

    (পাঠ ৩১ আৰু ৩৩ চাওক।)

  15. ১৫. ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে বুলি আপুনি বিশ্বাস কৰেনে? আপুনি এইদৰে কিয় বিশ্বাস কৰে? ঈশ্বৰৰ ৰাজ্য কেতিয়া আৰম্ভ হʼল?

    (পাঠ ৩২ চাওক।)