Skip to content

Skip to table of contents

ভাগ ৩-ত আপুনি কি শিকিলে?

ভাগ ৩-ত আপুনি কি শিকিলে?

নিজৰ শিক্ষকৰ লগত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  1. ১. হিতোপদেশ ২৭:১১ পঢ়ক।

    •   আপুনি কিয় যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰে?

      (পাঠ ৩৪ চাওক।)

  2. ২. যেতিয়া কোনো এটা বিষয়ত বাইবেলত স্পষ্টকৈ আজ্ঞা দিয়া নাথাকে, তেতিয়া আপুনি ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰে?

    (পাঠ ৩৫ চাওক।)

  3. ৩. আপুনি সকলো বিষয়তে কেনেকৈ সদাচাৰ হৈ থাকিব পাৰে?

    (পাঠ ৩৬ চাওক।)

  4. ৪. মথি ৬:৩৩ পঢ়ক।

    •   যেতিয়া কাম আৰু টকা-পইচাৰ বিষয়ে নিৰ্ণয় লʼবলগীয়া হয়, তেতিয়া আপুনি ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান কেনেকৈ দিব পাৰে?

      (পাঠ ৩৭ চাওক।)

  5. ৫. যিহোৱাই জীৱনক মূল্যৱান বুলি গণ্য কৰে। আপুনি কেনেকৈ দেখুৱাব পাৰে যে আপুনিও জীৱনক মূল্যৱান বুলি গণ্য কৰে?

    (পাঠ ৩৮ চাওক।)

  6. ৬. পাঁচনিৰ কৰ্ম্ম ১৫:২৯ পঢ়ক।

    •   তেজৰ বিষয়ে আপুনি যিহোৱাৰ আজ্ঞা কেনেকৈ পালন কৰিব পাৰে?

    •   তেওঁৰ আজ্ঞা পালন কৰাটো বুদ্ধিমানৰ কাম হয় বুলি আপুনি ভাবেনে?

      (পাঠ ৩৯ চাওক।)

  7. ৭. দ্বিতীয় কৰিন্থীয়া ৭:১ পঢ়ক।

    •   শাৰীৰিক আৰু নৈতিকভাৱে পৰিষ্কাৰ আৰু শুদ্ধ হৈ থকাৰ অৰ্থ কি?

      (পাঠ ৪০ চাওক।)

  8. ৮. প্ৰথম কৰিন্থীয়া ৬:​৯, ১০ পঢ়ক।

    •   যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

    •   মদ খোৱাৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

      (পাঠ ৪১ আৰু ৪৩ চাওক।)

  9. ৯. মথি ১৯:​৪-৬,  পঢ়ক।

    •   বিয়াৰ বিষয়ে ঈশ্বৰে কি মানদণ্ড ৰাখিছে?

    •   বিয়া আৰু তালাক কিয় চৰকাৰৰ আইনৰ অনুসৰি কৰাৰ প্ৰয়োজন?

      (পাঠ ৪২ চাওক।)

  10. ১০. যিহোৱাই কেনেধৰণৰ উৎসৱ আৰু দিৱসৰপৰা আনন্দিত নহয় আৰু কিয়?

    (পাঠ ৪৪ চাওক।)

  11. ১১. যোহন ১৭:১৬ আৰু পাঁচনিৰ কৰ্ম্ম ৫:২৯ পঢ়ক।

    •   আপুনি কেনেকৈ নিৰপেক্ষ হৈ থাকিব পাৰে?

    •   যদি মানুহৰ কোনো নিয়ম ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে হয়, তেনেহʼলে আপুনি কি কৰিব?

      (পাঠ ৪৫ চাওক।)

  12. ১২. মাৰ্ক ১২:৩০ পঢ়ক।

    •   আপুনি যিহোৱাক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব পাৰে?

      (পাঠ ৪৬ আৰু ৪৭ চাওক।)