Skip to content

Skip to table of contents

টোকা

টোকা
  1.  মহা-বাবিলৰ চিনাক্ত

  2.  মচীহৰ চিনাক্ত কেতিয়া হʼবলগীয়া আছিল?

  3.  তেজৰ লগত জড়িত চিকিৎসা পদ্ধতি

  4.  স্বামী-স্ত্ৰী পৃথকে থকা

  5.  উৎসৱ

  6.  সংক্ৰামক ৰোগ

  7.  ব্যৱসায় আৰু আইন সম্পৰ্কীয় বিষয়

 ১. মহা-বাবিলৰ চিনাক্ত

“মহা-বাবিল” সকলো মিছা ধৰ্মক চিত্ৰিত কৰে বুলি আমি কেনেকৈ জানিব পাৰোঁ? (প্ৰকাশিত বাক্য ১৭:৫) আহক কিছুমান কথাৰ ওপৰত ধ্যান দিওঁ:

  • তাই গোটেই পৃথিৱীত প্ৰভাৱ পেলায়। মহা-বাবিলক এগৰাকী তিৰোতাৰ লগত তুলনা কৰা হৈছে আৰু তাই যেন ‘লোক আৰু জাতিবিলাকৰ’ ওপৰত বহি আছে। ইয়াৰ উপৰিও, তাই “পৃথিবীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব” কৰিছে। ইয়াৰপৰা বুজিব পাৰি যে তাই গোটেই পৃথিৱীৰ ওপৰত প্ৰভাৱ পেলাইছে।—প্ৰকাশিত বাক্য ১৭:১৫, ১৮.

  • তাই ৰাজনীতি বা কোনো ব্যৱসায় নহয়। যেতিয়া মহা-বাবিলৰ ধ্বংস হʼব, তেতিয়া ‘পৃথিবীৰ ৰজা’ আৰু ‘সদাগৰবিলাকে’ তাইৰ বাবে ক্ৰন্দন কৰিব। গতিকে, ইয়াৰপৰা বুজিব পাৰি যে এইবোৰ মহা-বাবিল হʼব নোৱাৰে।—প্ৰকাশিত বাক্য ১৮:৯, ১৫.

  • তাই ঈশ্বৰক বদনাম কৰে। মহা-বাবিলক বেশ্যা বুলি কোৱা হয়। কিয়নো তাই টকা-পইচা আৰু নিজৰ স্বাৰ্থৰ কাৰণে চৰকাৰৰ লগত মিলি কাম কৰে। (প্ৰকাশিত বাক্য ১৭:১, ২) তাই সকলো ৰাষ্ট্ৰৰ লোকসকলক ভুলাইছে আৰু তাই বহুতোলোকৰ মৃত্যুৰ দায়ী হয়।—প্ৰকাশিত বাক্য ১৮:২৩, ২৪.

পাঠ ১৩-ৰ ভাগ ৬ লৈ ঘূৰি আহক

 ২. মচীহৰ চিনাক্ত কেতিয়া হʼবলগীয়া আছিল?

বাইবেলত ভৱিষ্যতবাণী কৰা হৈছিল যে ৬৯ সপ্তাহ পাৰ হোৱাৰ পাছত মচীহৰ চিনাক্ত হʼব।—দানিয়েল ৯:২৫ পঢ়ক।

  • ৬৯ সপ্তাহ কেতিয়া আৰম্ভ হৈছিল? খ্ৰীষ্টপূৰ্ব ৪৫৫-ত আৰম্ভ হৈছিল। সেই বছৰতে যিৰূচালেমক “পুনঃস্থাপন আৰু নিৰ্ম্মাণ” কৰিবলৈ ৰাজ্যপাল নহিমিয়াই যিৰূচালেমলৈ আহিছিল।—দানিয়েল ৯:২৫; নহিমিয়া ২:১, ৫-৮.

  • ৬৯ সপ্তাহ কিমান দীঘলীয়া আছিল? বাইবেলৰ কিছুমান ভৱিষ্যতবাণীত এদিনক এবছৰৰ সমান বুলি কোৱা হৈছে। (গণনা পুস্তক ১৪:৩৪; যিহিষ্কেল ৪:৬) গতিকে, এসপ্তাহৰ অৰ্থ হৈছে সাত বছৰ। ইয়াৰ অনুসৰি ৬৯ সপ্তাহৰ সময় ৪৮৩ বছৰ আছিল (৬৯ সপ্তাহ × ৭ দিন)।

  • ৬৯ সপ্তাহ কেতিয়া শেষ হʼল? যদি আমি খ্ৰীষ্টপূৰ্ব ৪৫৫-ৰপৰা ৪৮৩-লৈকে গণনা কৰোঁ, তেনেহʼলে আমি ২৯ খ্ৰীষ্টাব্দ পাম। a এই বছৰতে যীচুৰ বাপ্তিষ্মা হৈছিল আৰু তেওঁ মচীহ বা খ্ৰীষ্ট হৈছিল।—লূক ৩:১, ২, ২১, ২২.

পাঠ ১৫-ৰ ভাগ ৫ লৈ ঘূৰি আহক

 ৩. তেজৰ লগত জড়িত চিকিৎসা পদ্ধতি

খ্ৰীষ্টানসকলে নিজেও তেজ নলয় আৰু আনকো ৰক্ত দান নকৰে। কিন্তু এনে কিছুমান পদ্ধতি আছে, যʼত ৰোগীৰ নিজৰ তেজ ব্যৱহাৰ কৰি চিকিৎসা কৰা হয়। ইয়াৰ ভিতৰত কিছুমান পদ্ধতি খ্ৰীষ্টানসকলে গ্ৰহণ নকৰে। যেনে, অপাৰেচন কৰাৰ আগতে ৰোগীৰ তেজ জমা কৰি ৰখা হয় আৰু পাছত সেই তেজ পুনৰ ব্যৱহাৰ কৰা হয়।—দ্বিতীয় বিবৰণ ১৫:২৩.

কিন্তু আন কিছুমান পদ্ধতি হয়তো খ্ৰীষ্টানসকলে গ্ৰহণ কৰিব পাৰে। যেনে, ব্লাড-টেষ্ট, হিমʼডায়লেছিছ, হিম’ডাইলুশ্বান আৰু ছেল ছালৱেজ আৰু হাৰ্ট-লাং বাইপাছ মেচিন ব্যৱহাৰ কৰা। কিবা অপাৰেচন, মেডিকেল টেষ্ট বা চিকিৎসাৰ সময়ত আপোনাৰ তেজ কেনেকৈ ব্যৱহাৰ কৰা হʼব, এই বিষয়ে খ্ৰীষ্টানসকলে নিজেই নিৰ্ণয় লোৱা উচিত। বেলেগ বেলেগ ডাক্তৰে এই পদ্ধতিবোৰ বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে। সেইবাবে, কিবা টেষ্ট বা অপাৰেচন কৰা বা চিকিৎসাৰ কোনো পদ্ধতি গ্ৰহণ কৰাৰ আগতে এজন খ্ৰীষ্টানে ভালদৰে জনা উচিত যে তেওঁৰ তেজৰ লগত কি কৰা হʼব। তলত দিয়া প্ৰশ্নবোৰ মন কৰক:

  • যদি চিকিৎসাৰ সময়ত মোৰ শৰীৰৰপৰা অলপ তেজ উলিওৱা হয় আৰু কিছুসময়ৰ বাবে তাৰ প্ৰবাহ বন্ধ কৰা হয়, তেনেহ’লে কি কʼব পাৰি? মোৰ বিবেকে অনুমতি দিয়েনে যে সেই তেজ এতিয়াও মোৰ শৰীৰৰ ভাগ হয় আৰু ইয়াক ‘মাটিত ঢালি দিয়াৰ’ প্ৰয়োজন নাই?—দ্বিতীয় বিবৰণ ১২:২৩, ২৪.

  • যদি চিকিৎসাৰ সময়ত মোৰ শৰীৰৰপৰা অলপ তেজ উলিয়াই তাত কিবা সাল-সলনি কৰি পুনৰ মোৰ শৰীৰত দিয়া হয়, তেনেহ’লে মোৰ বিবেকে আঘাত পাবনে? নে সেয়া মই গ্ৰহণ কৰিব পাৰিম?

পাঠ ৩৯-ৰ ভাগ ৩ লৈ ঘূৰি আহক

 ৪. স্বামী-স্ত্ৰী পৃথকে থকা

স্বামী-স্ত্ৰীক পৃথকে থাকিবলৈ বাইবেলে উৎসাহিত নকৰে আৰু ইয়াত স্পষ্টকৈ কোৱা হৈছে যে যদি তেওঁলোকে পৃথকে থাকে, তেনেহʼলে স্বামী বা পত্নীয়ে পুনৰ বিয়া কৰিব নোৱাৰে। (১ কৰিন্থীয়া ৭:১০, ১১) কিন্তু কিছুমান পৰিস্থিতিত কিছুমান খ্ৰীষ্টানে নিজৰ জীৱন-সংগীৰপৰা পৃথকে থাকিবলৈ নিৰ্ণয় লৈছে। আহক সেই পৰিস্থিতিৰ বিষয়ে চাওঁ:

  • স্বামীয়ে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি যত্ন নলয়: স্বামীয়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ অস্বীকাৰ কৰে আৰু খোৱা-বোৱাৰ বস্তু কিনিবলৈ পৰিয়ালৰ ওচৰত কোনো টকা-পইচা নাথাকে।—১ তীমথিয় ৫:৮.

  • কোনো সংগীয়ে মাৰ-পিট কৰিলে: স্বামী বা স্ত্ৰীৰ মাজত কোনো এজনে নিজৰ জীৱন সংগীক ইমানেই বেয়াকৈ মাৰ-পিট কৰে যে তেওঁৰ স্বাস্থ্য আৰু জীৱন বিপদত পৰিব পাৰে।—গালাতীয়া ৫:১৯-২১.

  • যিহোৱাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ কঠিন হৈ পৰে: যিহোৱাৰ সেৱা কৰিবলৈ সংগীয়ে অসম্ভৱ কৰি তোলে।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.

পাঠ ৪২-ৰ ভাগ ৩ লৈ ঘূৰি আহক

 ৫. উৎসৱ

যিহোৱাই আনন্দিত নোহোৱা উৎসৱ খ্ৰীষ্টানসকলে পালন নকৰে। কিন্তু উৎসৱৰ লগত জড়িত কিছুমান পৰিস্থিতিৰ সন্মুখীন হʼলে, তেওঁলোকে কি কৰা উচিত? এনে পৰিস্থিতিত বাইবেলৰপৰা প্ৰশিক্ষণ পোৱা বিবেকৰ অনুসৰি প্ৰতিজন খ্ৰীষ্টানে নিজেই নিৰ্ণয় লোৱা উচিত। আহক কিছুমান পৰিস্থিতিৰ ওপৰত মন কৰোঁ:

  • কোনোবাই আপোনাক উৎসৱৰ শুভেচ্ছা জনায়। সেইসময়ত আপুনি তেওঁক “ধন্যবাদ” বুলি কʼব পাৰে। যদি তেওঁ জানিব বিচাৰে, তেনেহʼলে আপুনি সেই উৎসৱটো পালন নকৰাৰ কাৰণ তেওঁক জনাব পাৰে।

  • উৎসৱৰ দিনাখন পৰিয়ালৰ লোকসকলে আপোনাক আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছে। যিহোৱাৰ উপাসনা নকৰা আপোনাৰ সংগীও আপুনি তালৈ যোৱাটো বিচাৰে। যদি আপোনাৰ বিবেকে তালৈ যাবলৈ অনুমতি দিয়ে, তেনেহʼলে আপুনি নিজৰ সংগীৰ লগত কথা পাতক। আপুনি তেওঁক কওক যে যদি খোৱা-বোৱা কৰাৰ সময়ত এনে কিছুমান ৰীতি-নীতি পালন কৰা হয়, যি বাইবেলৰ বিৰুদ্ধে হয়, তেনেহʼলে আপুনি সেইবোৰত ভাগ নলʼব।

  • আপোনাৰ মালিকে (বʼছ) কোনো উৎসৱৰ সময়ত আপোনাক বোনাচ দিছে। আপুনি তেওঁক মানা কৰি দিয়া উচিত নে? মানা কৰাৰ প্ৰয়োজন নাই। কিন্তু আপুনি নিজকে এইদৰে সুধিব পাৰে, ‘এই বোনাচ লʼলে মোৰ মালিকক এইদৰে লাগিব নেকি যে মই এই উৎসৱ পালন কৰোঁ? অথবা তেওঁ মোৰ পৰিশ্ৰমক কৃতজ্ঞতা দেখুৱাবলৈ এই সময়ত বোনাচ দিছে?’

  • উৎসৱৰ দিনাখন কোনোবাই আপোনাক উপহাৰ দিব বিচাৰে। উপহাৰ দিওঁতাজনে হয়তো এইদৰে কয়, “মই জানোঁ যে আপুনি এই উৎসৱ পালন নকৰে, তথাপি মই আপোনাক উপহাৰ দিব বিচাৰোঁ।” হয়তো তেওঁ মনৰপৰা আপোনাক উপহাৰ দিছে বা আপোনাৰ বিশ্বাস কিমান দৃঢ়, সেয়া তেওঁ পৰীক্ষা কৰিব বিচাৰিছে অথবা তেওঁ আপোনাক যিকোনো উপায়েৰে কোনো উৎসৱ পালন কৰোৱাবলৈ চেষ্টা কৰি আছে। এই কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ পাছতহে আপুনি নিৰ্ণয় লোৱা উচিত যে আপুনি সেই উপহাৰ লʼব নে নলয়। আমি সদায় এনে নিৰ্ণয় লোৱা উচিত, যাৰ বাবে আমাৰ বিবেক সদায় শুদ্ধ হৈ থাকে আৰু আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ।—পাঁচনিৰ কৰ্ম্ম ২৩:১.

পাঠ ৪৪-ৰ ভাগ ১ লৈ ঘূৰি আহক

 ৬. সংক্ৰামক ৰোগ

যদি আমাৰ কোনো সংক্ৰামক ৰোগ বা বেমাৰ আছে বা কোনো সংক্ৰামক বেমাৰৰ ভাইৰল আমাৰ শৰীৰত আছে যেন অনুভৱ হয়, তেনেহʼলে এই বেমাৰ যাতে আনলৈ বিয়পি নপৰে, তাৰ বাবে আমি বেছিকৈ সাৱধান হৈ থাকোঁ। আমি লোকসকলক প্ৰেম কৰাৰ বাবে এইদৰে কৰোঁ। বাইবেলত আমাক এইদৰে আজ্ঞা দিয়া হৈছে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”—ৰোমীয়া ১৩:৮-১০.

সংক্ৰামক বেমাৰ থকা লোকসকলে এই আজ্ঞা কেনেকৈ পালন কৰিব পাৰে? তেওঁ আনক সাবটি ধৰা, চুমা খোৱা বা হাত মিলোৱাৰপৰা আঁতৰি থকা উচিত। যদি কিছুমান লোকে নিজৰ পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ তেওঁক খোৱাৰ বাবে নিমন্ত্ৰণ কৰা নাই, তেনেহʼলে তেওঁ বেয়া পোৱা উচিত নহয়। যদি তেওঁ বাপ্তিষ্মা লʼব বিচাৰে, তেনেহʼলে প্ৰাচীন গোষ্ঠীৰ সমপদস্থ ভাইজনক নিজৰ বেমাৰৰ বিষয়ে জনোৱা উচিত। কাৰণ বাপ্তিষ্মাৰ বাবে এনে কিছুমান ব্যৱস্থা লʼব পৰা যাব, যাৰ বাবে বাপ্তিষ্মা লোৱা আন লোকসকলে সুৰক্ষিত থাকিব পাৰে। ইয়াৰ উপৰিও, যদি কোনো এজনৰ সংক্ৰামক বেমাৰ হোৱাৰ সম্ভাৱনা আছে, তেনেহʼলে তেওঁ বিয়া কৰাৰ আগতে ব্লাড-টেষ্ট কৰা উচিত। এইদৰে এজন ব্যক্তিয়ে দেখুৱাব পাৰে যে তেওঁ ‘নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়েও’ চিন্তা কৰে।—ফিলিপীয়া ২:৪.

পাঠ ৫৬-ৰ ভাগ ২ লৈ ঘূৰি আহক

 ৭. ব্যৱসায় আৰু আইন সম্পৰ্কীয় বিষয়

টকা-পইচা আৰু ব্যৱসায়ৰ লগত জড়িত কৰা চুক্তি বা এগ্ৰিমেণ্টবোৰ লিখিত ৰূপত কৰিলে বহুতো সমস্যাৰপৰা বাচি থাকিব পাৰি। আনকি, খ্ৰীষ্টান ভাই বা ভনীৰ লগত চুক্তি কৰাৰ সময়তো আমি এইদৰে কৰা উচিত। (যিৰিমিয়া ৩২:৯-১২) এইদৰে কৰাৰ পাছতো খ্ৰীষ্টানসকলৰ মাজত টকা-পইচা বা আন বিষয়ত সমস্যাৰ সৃষ্টি হʼব পাৰে। যেতিয়া এইদৰে হয়, তেতিয়া তেওঁলোকে নিজৰ মাজতে সমস্যাটো শান্তিৰে সমাধান কৰি লোৱা উচিত।

কিন্তু দুজন খ্ৰীষ্টানৰ মাজত যদি বিশ্বাসঘাতকতা বা নাম বদনাম কৰা এনেধৰণৰ গভীৰ সমস্যাৰ সৃষ্টি হয়, তেনেহʼলে কি কৰা উচিত? (মথি ১৮:১৫-১৭ পঢ়ক।) যীচুৱে আমাক তিনিটা পদক্ষেপৰ বিষয়ে কৈছিল:

  1.  আমি সেই ভাই বা ভনীজনীৰ লগত অকলে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰা উচিত।—পদ ১৫ চাওক।

  2.  যদি বিষয়টো সমাধান নহয়, তেনেহʼলে মণ্ডলীৰ এজন বা দুজন পৰিপক্ক খ্ৰীষ্টানক লগত লৈ ভাই বা ভনীজনীৰ লগত কথা পতা উচিত।—পদ ১৬ চাওক।

  3.  যদি তেতিয়াও সমস্যাটো সমাধান নহয়, তেনেহʼলে আমি প্ৰাচীনসকলৰপৰা সহায় লোৱা উচিত।—পদ ১৭ চাওক।

বেছিভাগ বিষয়ত আমি নিজৰ ভাই-ভনীসকলৰ বিৰুদ্ধে মোকৰ্দ্দমা নকৰোঁ। কিয়নো এইদৰে কৰিলে যিহোৱা আৰু মণ্ডলীৰ নাম বদনাম হʼব পাৰে। (১ কৰিন্থীয়া ৬:১-৮) কিন্তু কিছুমান বিষয় সমাধান কৰিবলৈ ন্যায়লয়লৈ যাবলগীয়া হʼব পাৰে। যেনে, বিবাহ বিচ্ছেদৰ ৰায় লাভ কৰা, সন্তানৰ তত্বাৱধান কৰাৰ দায়িত্ব অৰ্জন কৰা, বিবাহ বিচ্ছেদৰ পাছত দিবলগীয়া ভাট্টা নিৰ্দ্ধাৰণ কৰা, বীমা কোম্পানিৰপৰা ক্ষতিপূৰণ আদায় কৰা, দেউলীয়া হৈ ধাৰ পৰিশোধ কৰিব নোৱাৰা লোকৰ তালিকাবদ্ধ হোৱা আৰু তাৰ মান্যতা পোৱা আদি। যদি এজন ব্যক্তিয়ে এই সমস্যাবোৰ সমাধান কৰিবলৈ আইনৰ সহায় লৈছে, তেনেহʼলে তেওঁ বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে কাম কৰা নাই। কিন্তু তেওঁ এই সমস্যাবোৰ শান্তিৰে সমাধান কৰা উচিত।

যদি কোনো এটা গভীৰ অপৰাধ জড়িত আছে, যেনে ধৰ্ষণ, লʼৰা-ছোৱালীৰ লগত বেয়া ব্যৱহাৰ (চাইল্ড এবিউচ), মাৰ-পিট, হত্যা বা চুৰি কাৰ্য্য, তেনেহʼলে চৰকাৰী অধিকাৰীসকলক জনোৱাটো বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে নহয়।

পাঠ ৫৬-ৰ ভাগ ৩ লৈ ঘূৰি আহক

a খ্ৰীষ্টপূৰ্ব ৪৫৫-ৰপৰা খ্ৰীষ্টপূৰ্ব ১-লৈকে ৪৫৪ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ১-ৰপৰা ১ খ্ৰীষ্টাব্দলৈকে এবছৰ হয় (কিয়নো ইয়াৰ মাজত কোনো শূন্য বছৰ নাই)। ১ খ্ৰীষ্টাব্দৰপৰা ২৯ খ্ৰীষ্টাব্দলৈকে ২৮ বছৰ হয়। যদি আমি ৪৫৪ বছৰ, ১ বছৰ আৰু ২৮ বছৰক যোগ কৰোঁ, তেনেহʼলে ৪৮৩ বছৰ হয়।