Skip to content

Skip to table of contents

মই সাজু আছোঁনে?

মই সাজু আছোঁনে?

মই মণ্ডলীৰ লগত প্ৰচাৰ কৰিবলৈ সাজু আছোঁনে?

আপুনি বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼবলৈ সাজু আছে নে নাই, এই বিষয়ে জানিবলৈ তলত দিয়া প্ৰশ্নবোৰলৈ মন কৰক:

  • মই নিয়মীয়াকৈ বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা কৰোঁনে আৰু সভাবোৰত উপস্থিত হওঁনে?

  • বাইবেলৰপৰা শিকা কথাবোৰ মোক ভাল লাগেনে, সেইবোৰ মই পালন কৰোঁনে আৰু আনকো সেইবোৰৰ বিষয়ে জনাব বিচাৰোঁনে?

  • মই যিহোৱাক প্ৰেম কৰোঁনে আৰু তেওঁৰ লোকসকলৰ লগত বন্ধুত্ব কৰিব বিচাৰোঁনে?

  • মই এতিয়াও ৰাজনৈতিক সংগঠন আৰু মিছা ধৰ্মৰ ভাগ হৈ আছোঁনে?

  • মই যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন-যাপন কৰিছোঁনে আৰু যিহোৱাৰ সাক্ষী হʼব বিচাৰোঁনে?

যদি আপুনি মণ্ডলীৰ লগত প্ৰচাৰ কৰিবলৈ সাজু আছে, তেনেহʼলে আপোনাক বাইবেল অধ্যয়ন কৰা ভাই বা ভনীজনীৰ লগত কথা পাতক। তাৰ পাছত প্ৰাচীনসকলে আপোনাক লগ কৰিব আৰু প্ৰচাৰক হʼবলৈ আপুনি কি কৰিব পাৰে, তাৰ বিষয়ে আপোনাৰ লগত আলোচনা কৰিব।

মই বাপ্তিষ্মা লʼবলৈ সাজু আছোঁনে?

আপুনি বাপ্তিষ্মা লʼবলৈ সাজু আছে নে নাই, এই বিষয়ে জানিবলৈ তলত দিয়া প্ৰশ্নবোৰলৈ মন কৰক:

  • মই এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হওঁ নে?

  • মই নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ নে?

  • মই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ নিৰ্দেশনা পালন কৰোঁনে আৰু তেওঁলোকক সহযোগ কৰোঁনে? —মথি ২৪:৪৫-৪৭.

  • প্ৰাৰ্থনাত মই নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰিছোঁনে? মই সদায় যিহোৱাৰ সেৱা কৰিব বিচাৰোঁনে?

যদি আপুনি বাপ্তিষ্মা লʼবলৈ সাজু আছে, তেনেহʼলে আপোনাক বাইবেল অধ্যয়ন কৰা ভাই বা ভনীজনীৰ লগত কথা পাতক। তাৰ পাছত প্ৰাচীনসকলে আপোনাক লগ কৰিব আৰু বাপ্তিষ্মা লʼবলৈ আপুনি কি কৰিব পাৰে, তাৰ বিষয়ে আপোনাৰ লগত আলোচনা কৰিব।