Skip to content

Skip to table of contents


আপুনি এই ব্ৰচাৰখনৰপৰা বেছিকৈ লাভৱান হʼবলৈ কি কৰিব পাৰে?

আপুনি এই ব্ৰচাৰখনৰপৰা বেছিকৈ লাভৱান হʼবলৈ কি কৰিব পাৰে?

কোনো এজন যিহোৱাৰ সাক্ষীৰ লগত আলোচনা কৰক: আপোনাক ব্ৰচাৰখন দিয়া সাক্ষীজনৰ লগত কথা পাতক বা jw.org ৱেবছাইটত দিয়া ফৰ্মখন পূৰ কৰক। কোনো এজন যিহোৱাৰ সাক্ষীয়ে আপোনাৰ লগত নিশ্চয় যোগাযোগ কৰিব।

প্ৰথম ভাগ

এটা এটা কৰি সকলো অনুচ্ছেদ পঢ়ক। যিবোৰ পদৰ পাছত “পঢ়ক” লিখা আছে, সেইবোৰ পঢ়াৰ উপৰিও ডাঠ আখৰেৰে দিয়া (ক) প্ৰশ্ন আৰু মুখ্য বিষয়টোৰ লগত জড়িত থকা (খ) পদবোৰ পঢ়ক।

দ্বিতীয় ভাগ

গভীৰভাৱে ধ্যান কৰক ভাগৰ (গ) তলত চমুকৈ কোৱা হৈছে যে এই ভাগত কিহৰ বিষয়ে উল্লেখ আছে। (ঘ) উপশীৰ্ষবোৰত পাঠটোৰ মূল বিষয়বোৰ তুলি ধৰা হৈছে। (ঙ) পদবোৰ পঢ়ক, প্ৰশ্নবোৰৰ উত্তৰ দিয়ক আৰু ভিডিঅʼবোৰ চাওক।

(চ) ছবিবোৰ মনোযোগেৰে চাওক আৰু ছবিৰ তলত দিয়া ক্যাপশ্ব্যনবোৰলৈ ধ্যান দিয়ক। (ছ) কিছুমান লোকে কয় ভাগত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আপুনি কেনেকৈ দিব, তাৰ বিষয়ে চিন্তা কৰক।

তৃতীয় ভাগ

(জ) আমি কি শিকিলোঁ আৰু আপুনি কেনেকৈ উত্তৰ দিব? ভাগত পাঠৰ মুখ্য বিষয় উল্লেখ আছে। পাঠটো পঢ়ি শেষ কৰাৰ তাৰিখ লিখি ৰাখক। আপোনাক দিয়া (ঝ) লক্ষ্যটো পূৰ কৰিলে আপুনি বেছিকৈ শিকিব পাৰিব। যদি আপুনি ইচ্ছা কৰে, তেনেহʼলে (ঞ) বেছিকৈ জানক ভাগত দিয়া লেখ আৰু ভিডিঅʼবোৰ চাব পাৰে।

বাইবেলৰ পদবোৰ কেনেকৈ বিচাৰিব?

শাস্ত্ৰপদবোৰত (ক) কিতাপৰ নাম, (খ) অধ্যায় আৰু (গ) পদ থাকে। উদাহৰণস্বৰূপে, যোহন ১৭:৩-ৰ অৰ্থ হৈছে, যোহনৰ কিতাপ, অধ্যায় ১৭ আৰু পদ ৩.