Skip to content

Skip to table of contents

প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি

প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি

প্ৰিয় ভাই-ভনীসকল,

ঈশ্বৰ আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক এই আজ্ঞা পালন কৰিবলৈ উৎসাহিত কৰে, “যোৱা আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু . . . বাপ্তিষ্মা দিয়া।” (মথি ২৮:১৯, ২০; মাৰ্ক ১২:২৮-৩১) নিস্বাৰ্থ প্ৰেম বহুত শক্তিশালী। এই প্ৰেমে ‘অনন্ত জীৱন পাবলৈ ভাল মন থকা লোকসকলৰ’ হৃদয় স্পৰ্শ কৰিব পাৰে।—পাঁচ. ১৩:৪৮.

আগতে আমি আলোচনাৰ বাবে আৰ্হি মনত ৰাখিবলৈ আৰু প্ৰকাশনবোৰ দিবলৈ বেছি ধ্যান দিছিলোঁ। কিন্তু এতিয়া আমি কথা-বতৰাৰ কৌশলতাৰ ওপৰত বেছিকৈ ধ্যান দিয়া উচিত। আমি লোকসকলৰ আগ্ৰহ থকা বিষয়ে কথা পতাৰ যোগেদি, তেওঁলোকৰ প্ৰতি প্ৰেম দেখুৱাব বিচাৰোঁ। আমি ব্যক্তিজনৰ প্ৰয়োজনীয়তা, চিন্তা আৰু আগ্ৰহৰ প্ৰতি ধ্যান দি কথা পতা উচিত। এইদৰে কৰিবলৈ এই আলোচনীখনে আমাক সহায় কৰিব পাৰে।

এই আলোচনীখনত ১২টা পাঠ আছে। প্ৰতিটো পাঠত এটা এটা গুণৰ বিষয়ে জনোৱা হৈছে। এই পাঠবোৰত বুজোৱা হৈছে যে আমি কেনেকৈ লোকসকলক প্ৰেম দেখুৱাব পাৰোঁ আৰু ভালদৰে শিকাব পাৰোঁ। প্ৰতিটো পাঠ বাইবেলৰ ঘটনাৰ ওপৰত আধাৰিত, যʼত যীচু খ্ৰীষ্ট বা প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে প্ৰচাৰত দেখুৱা কোনো গুণৰ বিষয়ে উল্লেখ আছে। এই আলোচনীখনৰ লক্ষ্য আলোচনাৰ বাবে আৰ্হি মনত ৰখা নহয়, কিন্তু প্ৰচাৰত লোকসকলৰ লগত কথা পতা আৰু সুযোগ বিচাৰি প্ৰেম দেখুৱা। এই আলোচনীখনত উল্লেখ কৰা প্ৰতিটো কথাই প্ৰচাৰৰ সকলো ক্ষেত্ৰত সহায় কৰিব পাৰে, কিন্তু আমি ধ্যান দিম যে কথা-বতৰা আৰম্ভ কৰিবলৈ, পুনৰ সাক্ষাৎ কৰিবলৈ আৰু বাইবেল অধ্যয়ন কৰিবলৈ কি কি গুণৰ প্ৰয়োজন।

প্ৰতিটো পাঠ পঢ়াৰ সময়ত চিন্তা কৰিব যে আপোনাৰ এলেকাৰ লোকসকলৰ লগত কথা পাতোঁতে এই গুণটো আপুনি কেনেকৈ দেখুৱাব। যিহোৱা আৰু লোকসকলৰ প্ৰতি প্ৰেম আৰু বঢ়াবলৈ চেষ্টা কৰক। এই প্ৰেমে আনক ভালদৰে শিকাবলৈ আৰু শিষ্য বনোৱাৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব।

আমি আপোনালোকৰ লগত একে-লগে মিলি কাম কৰাৰ এই সুযোগৰ বাবে অতি কৃতজ্ঞ। (চফ. ৩:৯) লোকসকলক প্ৰেম কৰিবলৈ আৰু শিকাবলৈ যিহোৱাই আপোনালোকক আশীৰ্বাদ দি থাকক।

আপোনাৰ ভাই,

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী