Skip to content

Skip to table of contents

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

পাঠ ৩

দয়া দেখুৱাওক

দয়া দেখুৱাওক

সিদ্ধান্ত: ‘প্ৰেমে দয়া দেখুৱাই।’—১ কৰি. ১৩:৪.

যীচুৱে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা যোহন ৯:১-৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. যীচুৱে প্ৰথমে কি কৰিলে, অন্ধ ব্যক্তিজনক ভাল কৰিলে নে শুভবাৰ্তা জনালে?—যোহন ৯:৩৫-৩৮ চাওক।

  2.  খ. যীচুৱে যি কৰিলে, ব্যক্তিজনৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিলে? ব্যক্তিজনে কি কৰিবলৈ আগ্ৰহী হʼল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যদি ব্যক্তিজনে অনুভৱ কৰে যে আমি তেওঁৰ বিষয়ে চিন্তা কৰোঁ, তেনেহʼলে তেওঁ আমাৰ কথা শুনিব।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. সহানুভুতি দেখুৱাওক। ব্যক্তিজনে কেনে অনুভৱ কৰিছে, বুজিবলৈ চেষ্টা কৰক।

  1.   ক. নিজকে সোধক: ‘তেওঁ হয়তো কি বিষয়ে চিন্তা কৰিছে? তেওঁক হয়তো কোনটো বিষয়ে সহায় কৰিব বা শান্ত্বনা দিব?’ যেতিয়া আমি এই কথাবোৰৰ বিষয়ে ধ্যান দিম, তেতিয়া আমি ব্যক্তিজনৰ দুখ বুজি পাম আৰু তেওঁক সহানুভুতি দেখুৱাব পাৰিম।

  2.  খ. ব্যক্তিজনৰ কথা শুনাৰ যোগেদি দেখুৱাব পাৰে যে আপুনি তেওঁৰ বিষয়ে চিন্তা কৰে। যদি ব্যক্তিজনে কেনে অনুভৱ কৰে বা তেওঁৰ সমস্যাৰ বিষয়ে আপোনাক জনাই, তেনেহʼলে বিষয়টো সলনি নকৰিব।

৪. আদৰ আৰু সন্মানেৰে কথা পাতক। আপোনাৰ কথাৰ পৰা ব্যক্তিজনে বুজিব পাৰিব যে আপুনি তেওঁক সহানুভুতি দেখুৱাইছে আৰু সহায় কৰিব বিচাৰে। সেইবাবে সাৱধানেৰে শব্দ বাছনি কৰক আৰু মৰমেৰে কথা পাতক। তেওঁক আঘাত কৰিব পৰা কথা কোৱাৰ পৰা আঁতৰি থাকক।

৫. সহায় কৰক। লক্ষ্য কৰক যে ব্যক্তিজনক কেনেকৈ সহায় কৰিব পাৰে। আপুনি ব্যক্তিজনক সহায় কৰাৰ যোগেদি তেওঁৰ লগত কথা-বতৰা আৰম্ভ কৰিব পাৰে।

এয়াও চাওক