Skip to content

Skip to table of contents

কথা-বতৰা আৰম্ভ কৰাৰ সময়ত

পাঠ ৪

নম্ৰতাৰে কথা পাতক

নম্ৰতাৰে কথা পাতক

সিদ্ধান্ত: “নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা।”—ফিলি. ২:৩.

পৌলে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ২৬:২, ৩ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. পৌলে ৰজা আগ্ৰিপ্পৰ লগত কেনেকৈ নম্ৰতাৰে কথা পাতিলে?

  2.  খ. পৌলে কেনেকৈ নিজৰ পৰিৱৰ্তে যিহোৱা আৰু শাস্ত্ৰৰ ফালে তেওঁলোকৰ ধ্যান আকৰ্ষিত কৰিলে?—পাঁচনিৰ কৰ্ম্ম ২৬:২২ চাওক।

পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যেতিয়া আমি আদৰ আৰু নম্ৰতাৰে কথা পাতোঁ, তেতিয়া লোকসকলে আমাৰ কথা ভালদৰে শুনিব।

পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. আনক তল চকুৰে নাচাব। এইদৰে কথা নাপাতিব যে আপুনি সকলো জানে আৰু সেই ব্যক্তিজনে একো নাজানে।

৪. স্পষ্টকৈ কওক যে আপুনি যি জনাইছে, সেয়া বাইবেলৰ পৰা হয়। ঈশ্বৰৰ বাক্যই লোকসকলৰ হৃদয় স্পৰ্শ কৰে। বাইবেল ব্যৱহাৰ কৰাৰ যোগেদি আমি তেওঁলোকৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ ওপৰত দৃঢ় কৰিব পাৰোঁ।

৫. শান্ত হৈ থাকক। আপুনি সঠিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব আৰু তৰ্কও নকৰিব। শান্ত হৈ থাকক আৰু পৰিস্থিতি বেয়া হোৱাৰ আগতেই তাৰ পৰা ওলাই আহক। (হিতো. ১৭:১৪; তীত ৩:২) যদি আমি শান্তভাৱে কথা পাতোঁ, তেনেহʼলে হয়তো ব্যক্তিজনে অন্য সময়ত আমাৰ লগত কথা পাতিব।