Skip to content

Skip to table of contents

পুনৰ সাক্ষাৎ কৰাৰ সময়ত

পাঠ ৭

সহায় কৰিবলৈ চেষ্টা কৰি থাকক

সহায় কৰিবলৈ চেষ্টা কৰি থাকক

সিদ্ধান্ত: ‘তেওঁলোকে উপদেশ দিবলৈ আৰু প্ৰচাৰ কৰিবলৈ নেৰিলে।’—পাঁচ. ৫:৪২.

পৌলে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা পাঁচনিৰ কৰ্ম্ম ১৯:৮-১০ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. যেতিয়া লোকসকলে পৌলৰ কথা নুশুনিলে, তেতিয়া তেওঁ কি কৰিলে?

  2.  খ. পৌলে আগ্ৰহী লোকসকলক কিমান বাৰ শিকাবলৈ গৈছিল আৰু তেওঁ এইদৰে কেতিয়ালৈকে কৰিলে?

পৌলৰ পৰা আমি কি শিকিব পাৰোঁ?

২. প্ৰভাৱশালী পুনৰ সাক্ষাৎ কৰিবলৈ আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন।

পৌলৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. ব্যক্তিজনৰ সময়ৰ অনুসৰি সাক্ষাৎ কৰক। নিজকে সোধক: তেওঁক কেতিয়া যোগাযোগ কৰাটো তেওঁৰ বাবে সুবিধাজনক হʼব? কʼত আৰু কেতিয়া তেওঁৰ লগত কথা পতাটো ভাল হʼব? আপোনাৰ হয়তো কিবা কাম থাকিব পাৰে, কিন্তু আপুনি যি সময়ত তেওঁক লগ কৰিম বুলি কৈছিল, সেই সময়তে লগ কৰক। নিজৰ তালিকাত সাল-সলনি কৰিবলৈ সাজু থাকক।

৪. সময় নিৰ্ধাৰিত কৰক। প্ৰত্যেকবাৰ ব্যক্তিজনৰ লগত কথা-বতৰা শেষ হোৱাৰ পাছত, তেওঁৰ লগত আকৌ কেতিয়া আৰু কʼত কথা পাতিব পাৰে, সেয়া নিৰ্ধাৰিত কৰক। আপুনি ব্যক্তিজনক যʼত আৰু যি সময়ত লগ কৰিম বুলি কৈছে, সেই সময়ত লগ কৰক।

৫. আশা এৰি নিদিব। যদি ব্যক্তিজনক আপুনি প্ৰায়ে লগ নাপাই বা তেওঁ ব্যস্ত থাকে, তেনেহʼলে লগে লগে ভাবি নলʼব যে তেওঁ আগ্ৰহী নহয়। (১ কৰি. ১৩:৪, ৭) ব্যক্তিজনক লগ কৰিবলৈ চেষ্টা কৰি থাকক, লগতে নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰক।—১ কৰি. ৯:২৬.