Skip to content

Skip to table of contents

পুনৰ সাক্ষাৎ কৰাৰ সময়ত

পাঠ ৮

ধৈৰ্য্য ধৰক

ধৈৰ্য্য ধৰক

সিদ্ধান্ত: ‘প্ৰেমে ধৈৰ্য্য ধৰে।’—১ কৰি. ১৩:৪.

যীচুৱে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা যোহন ৭:৩-৫ আৰু ১ কৰিন্থীয়া ১৫:৩, ৪,  পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. প্ৰথমতে যীচুৰ ভাইসকলে তেওঁৰ বাৰ্তাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  2.  খ. যাকোবে এদিন নহয় এদিন যীচুৰ কথাত বিশ্বাস কৰিব বুলি তেওঁ আশা কৰিছিল, এয়া কেনেকৈ জানিব পাৰি?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. আমি ধৈৰ্য্য ধৰা উচিত, কিয়নো কিছুমান লোকে বাইবেলৰ কথাৰ ওপৰত বিশ্বাস কৰিবলৈ সময় লাগিব পাৰে।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. বেলেগ পদ্ধতি ব্যৱহাৰ কৰক। যদি ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি নহয়, তেনেহʼলে হেঁচা নিদিব। যদি সম্ভৱ হয়, তেনেহʼলে বাইবেল অধ্যয়নত কি হয়, তাৰ বিষয়ে জনাবলৈ ভিডিঅʼ দেখুৱাওক বা লেখবোৰ পঢ়িবলৈ দিয়ক। লগতে বাইবেল অধ্যয়নৰ পৰা কেনেকৈ লাভৱান হʼব পাৰি, তাৰ বিষয়ে বুজিবলৈ সহায় কৰক।

৪. তুলনা নকৰিব। সকলো ব্যক্তি এজনে-আনজনতকৈ বেলেগ। যদি পৰিয়ালৰ কোনো ব্যক্তি বা আপুনি পুনৰ সাক্ষাৎ কৰা ব্যক্তিজনে বাইবেল অধ্যয়ন বা বাইবেলৰ শিক্ষা গ্ৰহণ কৰিবলৈ সংকোচ কৰে, তেনেহʼলে চিন্তা কৰক যে ইয়াৰ কাৰণ কি হʼব পাৰে? তেওঁক নিজৰ ধৰ্মৰ কিবা শিক্ষা বা ৰীতি-নীতি এৰিবলৈ কঠিন লাগিছে নেকি? তেওঁ পৰিয়ালৰ সমন্ধীয় লোক বা ওচৰ-চুবুৰীয়াৰ হেঁচাৰ সন্মুখীন হৈছে নেকি? আপুনি যি কʼলে আৰু বাইবেলত যি লিখা আছে, তাৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁক সময় দিয়ক।

৫. প্ৰাৰ্থনা কৰক। আশা এৰি নিদিবলৈ আৰু ব্যক্তিজনৰ লগত ভাবি-চিন্তি কথা পাতিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। যদি ব্যক্তিজনৰ আগ্ৰহ কম, তেনেহʼলে কথা পাতিবলৈ বন্ধ কৰা উচিত নে? এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক।—১ কৰি. ৯:২৬.