Skip to content

Skip to table of contents

বাইবেল অধ্যয়ন কৰাৰ সময়ত

পাঠ ১০

সম্পূৰ্ণৰূপে চেষ্টা কৰক

সম্পূৰ্ণৰূপে চেষ্টা কৰক

সিদ্ধান্ত: “কেৱল ঈশ্বৰৰ শুভবাৰ্ত্তা নহয়, তোমালোক আমাৰ প্ৰিয়-পাত্ৰ হোৱাত, আমি নিজ নিজ প্ৰানো তোমালোকক দিবলৈ সন্তুষ্ট আছিলোঁ।”—১ থিচ. ২:৮.

যীচুৱে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা যোহন ৩:১, ২ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. নীকদীমে যীচুক কিয় ৰাতি লগ কৰিবলৈ আহিছিল? —যোহন ১২:৪২, ৪৩ চাওক।

  2.  খ. যীচুৱে নীকদীমক ৰাতি লগ কৰাৰ যোগেদি কেনেকৈ দেখুৱালে যে তেওঁ শিষ্য বনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. লোকসকলৰ প্ৰতি প্ৰেম থাকিলে, আমি তেওঁলোকক শিকাবলৈ কঠিন পৰিশ্ৰম আৰু সম্পূৰ্ণৰূপে চেষ্টা কৰিম।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. আপোনাৰ বাইবেল বিদ্যাৰ্থীৰ সুবিধা অনুসৰি সময় আৰু ঠাই বাছনি কৰক। নিজৰ বিদ্যাৰ্থীক সোধক, তেওঁ সপ্তাহৰ কোনটো দিন আৰু কেতিয়া অধ্যয়ন কৰিব বিচাৰে? তেওঁৰ কাৰণে হয়তো ঘৰত বা ৰাজহুৱা ঠাইত অধ্যয়ন কৰিবলৈ সুবিধাজনক হʼব পাৰে। যদি সম্ভৱ হয়, তেনেহʼলে নিজৰ তালিকাত সাল-সলনি কৰক, যাতে বিদ্যাৰ্থীৰ সময় আৰু সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে।

৪. নিয়মীয়াকৈ অধ্যয়ন কৰক। যদি আপুনি ব্যস্ত আছে বা সেই দিনাখন অধ্যয়ন কৰাব নোৱাৰে, তেনেহʼলে চিন্তা কৰক:

  1.   ক. সেই সপ্তাহৰ কোনো বেলেগ দিনত অধ্যয়ন কৰিব পাৰেনে?

  2.  খ. ফোন বা ভিডিঅʼ কনফাৰেন্সিঙৰ যোগেদি অধ্যয়ন কৰিব পাৰেনে?

  3.  গ. আন ভাই বা ভনীক অধ্যয়ন কৰিবলৈ কʼব পাৰেনে?

৫. সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে নিয়মীয়াকৈ অধ্যয়ন নকৰে বা শিকা কথাবোৰ পালন কৰিবলৈ কঠিন হয়, তেনেহʼলে সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (ফিলি. ২:১৩) লগতে তেওঁৰ ভাল গুণবোৰলৈ ধ্যান দিবলৈও যিহোৱালৈ প্ৰাৰ্থনা কৰক।

এয়াও চাওক