Skip to content

Skip to table of contents

বাইবেল অধ্যয়ন কৰাৰ সময়ত

পাঠ ১১

সহজ-সৰলভাৱে শিকাওক

সহজ-সৰলভাৱে শিকাওক

সিদ্ধান্ত: ‘সহজে বুজিব পৰাকৈ কথা কওক।’—১ কৰি. ১৪:৯.

যীচুৱে কি কৰিলে?

১. ভিডিঅʼখন চাওক বা মথি ৬:২৫-২৭ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1.   ক. যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে বুলি যীচুৱে উদাহৰণৰ যোগেদি কেনেকৈ বুজালে?

  2.  খ. যীচুৱে চৰাইৰ বিষয়ে বহুতো কথা জানিছিল, কিন্তু তেওঁ সকলো কথা জনালে নে? শিক্ষা দিয়াৰ এয়া কিয় প্ৰভাৱশালী উপায় আছিল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. যদি আমি সহজ-সৰলভাৱে শিকাও, তেনেহʼলে লোকসকলে আমাৰ কথা মনত ৰাখিব পাৰিব আৰু ইয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. বেছিকৈ কথা নাপাতিব। বহুতো তথ্য জনোৱাৰ পৰিৱৰ্তে যিমান কথা কিতাপত লিখা আছে, সিমানে আলোচনা কৰক। প্ৰশ্ন সোধাৰ পাছত বিদ্যাৰ্থীয়ে উত্তৰ দিয়ালৈকে অপেক্ষা কৰক। যদি বিদ্যাৰ্থীজনে উত্তৰ নাজানে বা ভুলকৈ উত্তৰ দিয়ে, তেনেহʼলে সেই বিষয়ে সৰু সৰু প্ৰশ্ন সোধক। যদি তেওঁ বিষয়টো বুজি পাইছে, তেনেহʼলে আগ বাঢ়ি যাওক।

৪. নতুন শিক্ষাৰ লগত আগতে শিকা কথাবোৰ জড়িত কৰক। নতুন শিক্ষা শিকোৱাৰ আগতে বিদ্যাৰ্থীক মনত পেলাই দিয়ক যে আগতে তেওঁ এই বিষয়ে কি শিকিছিল। উদাহৰণস্বৰূপে, যদি আপুনি মৃত লোকসকলক আকৌ জীয়াই তোলাৰ বিষয়ে শিকাব, তেনেহʼলে আপুনি তেওঁক সুধিব পাৰে যে মৃত্যুৰ পাছত আমাৰ কি হয়।

৫. সাৱধানেৰে উদাহৰণ ব্যৱহাৰ কৰক। উদাহৰণ দিয়াৰ আগতে নিজকে সোধক:

  1.   ক. ‘এই উদাহৰণটো সহজ-সৰল নে?’

  2.  খ. ‘মোৰ বিদ্যাৰ্থীজনে এই উদাহৰণটো ভালদৰে বুজি পাবনে?’

  3.  গ. ‘এই উদাহৰণটো ব্যৱহাৰ কৰাৰ যোগেদি মই যি কথা বুজাব বিচাৰিছোঁ, সেই কথাটো তেওঁ মনত ৰাখিব নে উদাহৰণটো?’