Skip to content

Skip to table of contents

আন কিছুমান পৰামৰ্শ ক

বাইবেলৰ কোনো বিষয় কেনেকৈ জনাম?

বাইবেলৰ কোনো বিষয় কেনেকৈ জনাম?

যীচুৱে কৈছিল যে ভাল মনৰ মানুহ সত্যৰ বিষয়ে শুনিব আৰু তাক চিনি পাব। (যোহ. ১০:৪, ২৭) গতিকে, লোকসকলৰ লগত কথা পাতোঁতে বাইবেলৰ পৰা এনে কথা জনাওক, যি তেওঁলোকে সহজে বুজিব পাৰে। বাইবেলৰ কোনো কথা জনোৱাৰ আগতে আপুনি তেওঁক এইদৰে সুধিব পাৰে, “আপুনি জানেনে . . . ?” বা “এই বিষয়ে আগতে আপুনি শুনিছিল নে . . . ?” তাৰ পাছত বিষয়ৰ লগত জড়িত থকা বাইবেল পদ জনাব পাৰে আৰু তাৰ অৰ্থ বুজাব পাৰে। আমি বাইবেলৰ কোনো এটা সহজ কথা জনাই এজন ব্যক্তিৰ হৃদয়ত সত্যৰ বীজ ৰুব পাৰোঁ আৰু ঈশ্বৰে তাক বঢ়াব পাৰে!—১ কৰি. ৩:৬, ৭.

 ভৱিষ্যত

  1. ১. ঘটি থকা ঘটনাবোৰে আৰু মানুহৰ বেয়া আচৰণবোৰে দেখুৱাই যে এই পৃথিৱীৰ পৰিস্থিতি অতি সোনকালে সলনি হʼব।—মথি ২৪:৩, ৭, ৮; লূক ২১:১০, ১১; ২ তীম. ৩:১-৫.

  2. ২. পৃথিৱী কেতিয়াও ধ্বংস নহʼব।—গীত. ১০৪:৫; উপ. ১:৪.

  3. ৩. এসময়ত কোনো ধৰণৰ প্ৰদূষণ নহʼব আৰু পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ যাব।—যিচ. ৩৫:১, ২; প্ৰকা. ১১:১৮.

  4. ৪. ভৱিষ্যতে সকলোৰে স্বাস্থ্য ভাল হʼব।—যিচ. ৩৩:২৪; ৩৫:৫, ৬.

  5. ৫. আপুনি পৃথিৱীত সদায় জীয়াই থাকিব পাৰিব।—গীত. ৩৭:২৯; মথি ৫:৫.

 পৰিয়াল

  1. ৬. ‘স্বামীয়ে নিজৰ পত্নীক নিজৰ নিচিনাকৈ প্ৰেম কৰা উচিত।’— ইফি. ৫:৩৩; কল. ৩:১৯.

  2. ৭. পত্নীয়ে নিজৰ স্বামীক সন্মান কৰা উচিত।—ইফি. ৫:৩৩; কল. ৩:১৮.

  3. ৮. স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰ বিশ্বাসী হৈ থকা উচিত।—মলা. ২:১৬; মথি ১৯:৪-৬, ৯; ইব্ৰী ১৩:৪.

  4. ৯. যদি লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ কথা শুনে আৰু সন্মান কৰে, তেনেহʼলে তেওঁলোকৰ লাভ হʼব।—হিতো. ১:৮, ৯; ইফি. ৬:১-৩.

NASA, ESA and the Hubble Heritage Team (STScI/AURA)-ESA/Hubble Collaboration. Licensed under CC BY 4.0. Source.

 ঈশ্বৰ

  1. ১০. ঈশ্বৰৰ এটা নাম আছে।—গীত. ৮৩:১৮; যিৰি. ১০:১০.

  2. ১১. ঈশ্বৰে নিজৰ কথা এখন কিতাপত লিখাইছে।—২ তীম. ৩:১৬, ১৭; ২ পিত. ১:২০, ২১.

  3. ১২. ঈশ্বৰে পক্ষপাত নকৰে।—দ্বিতী. ১০:১৭; পাঁচ. ১০:৩৪, ৩৫.

  4. ১৩. ঈশ্বৰে আমাৰ যত্ন লয় আৰু আমাক সহায় কৰিব বিচাৰে।—গীত. ৪৬:১; ১৪৫:১৮, ১৯.

 প্ৰাৰ্থনা

  1. ১৪. আমি প্ৰাৰ্থনা কৰাটো ঈশ্বৰে বিচাৰে।—গীত. ৬২:৮; ৬৫:২; ১ পিত. ৫:৭.

  2. ১৫. বাইবেলত লিখা আছে যে আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত।—মথি ৬:৭-১৩; লূক ১১:১-৪.

  3. ১৬. আমি প্ৰাৰ্থনাত লাগি থকা উচিত।—মথি ৭:৭, ৮; ১ থিচ. ৫:১৭.

 যীচু

  1. ১৭. যীচু এজন মহান শিক্ষক আছিল আৰু তেওঁৰ পৰামৰ্শ সদায় কামত আহে।—মথি ৬:১৪, ১৫, ৩৪; ৭:১২.

  2. ১৮. আজি পৃথিৱীত যি ঘটনাবোৰ ঘটি আছে, তাৰ বিষয়ে যীচুৱে আগতেই জনাইছিল।—মথি ২৪:৩, ৭, ৮, ১৪; লূক ২১:১০, ১১.

  3. ১৯. যীচু ঈশ্বৰৰ পুত্ৰ।—মথি ১৬:১৬; যোহ. ৩:১৬; ১ যোহ. ৪:১৫.

  4. ২০. যীচু সৰ্বশক্তিমান ঈশ্বৰ নহয়।—যোহ. ১৪:২৮; ১ কৰি. ১১:৩.

Based on NASA/Visible Earth imagery

 ঈশ্বৰৰ ৰাজ্য

  1. ২১. ঈশ্বৰৰ ৰাজ্য এখন স্বৰ্গীয় চৰকাৰ হয়।—দানি. ২:৪৪; ৭:১৩, ১৪; মথি ৬:৯, ১০; প্ৰকা. ১১:১৫.

  2. ২২. ঈশ্বৰৰ ৰাজ্যই মানৱীয় চৰকাৰৰ ঠাইত নিজে শাসন কৰিব।—গীত. ২:৭-৯; দানি. ২:৪৪.

  3. ২৩. কেৱল ঈশ্বৰৰ ৰাজ্যইহে মানৱজাতিৰ সমস্যা সমাধান কৰিব পাৰিব।—গীত. ৩৭:১০, ১১; ৪৬:৯; যিচ. ৬৫:২১-২৩.

 দুখ-কষ্ট

  1. ২৪. আমাৰ দুখ-কষ্টৰ কাৰণ ঈশ্বৰ নহয়।—দ্বিতী. ৩২:৪; যাকো. ১:১৩.

  2. ২৫. এই পৃথিৱীখনত ঈশ্বৰে নহয়, চয়তানে শাসন কৰিছে।—লূক ৪:৫, ৬; ১ যোহ. ৫:১৯.

  3. ২৬. ঈশ্বৰে আপোনাৰ দুখ-কষ্ট বুজি পাই আৰু আপোনাক সহায় কৰিব বিচাৰে।—গীত. ৩৪:১৭-১৯; যিচ. ৪১:১০, ১৩.

  4. ২৭. ঈশ্বৰে অতি সোনকালে দুখ-কষ্ট নাইকিয়া কৰিব।—যিচ. ৬৫:১৭; প্ৰকা. ২১:৩, ৪.

 মৃত্যু

  1. ২৮. মৃত লোকসকলে একোৱে নাজানে আৰু তেওঁলোকে কোনো দুখ-কষ্ট ভুগি থকা নাই।—উপ. ৯:৫; যোহ. ১১:১১-১৪.

  2. ২৯. মৃতসকলে আমাক সহায় বা হানিও কৰিব নোৱাৰে।—গীত. ১৪৬:৪; উপ. ৯:৬, ১০.

  3. ৩০. আমাৰ আপোন লোকসকলক আকৌ জীয়াই তোলা হʼব।—ইয়ো. ১৪:১৩-১৫; যোহ. ৫:২৮, ২৯; পাঁচ. ২৪:১৫.

  4. ৩১. “মৃত্যু আৰু নহʼব।”— প্ৰকা. ২১:৩, ৪; যিচ. ২৫:৮.

 উপাসনা

  1. ৩২. ঈশ্বৰে সকলোৰে উপাসনা গ্ৰহণ নকৰে।—যিৰি. ৭:১১; মথি ৭:১৩, ১৪, ২১-২৩.

  2. ৩৩. ঈশ্বৰে এনে লোকসকলক ভাল নাপায়, যিসকলে কথাৰ অনুসৰি কাম নকৰে।—যিচ. ২৯:১৩; মীখা ৩:১১; মাৰ্ক ৭:৬-৮.

  3. ৩৪. সত্য ধৰ্ম পালন কৰা লোকসকলে এজনে-আনজনক প্ৰেম কৰে।—মীখা ৪:৩; যোহ. ১৩:৩৪, ৩৫.