Skip to content

Skip to table of contents

আন কিছুমান পৰামৰ্শ গ

এক অনন্ত জীৱন! কিতাপখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিম?

এক অনন্ত জীৱন! কিতাপখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিম?

দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখন প্ৰস্তুত কৰিবলৈ ভাইসকলে বহু বাৰ প্ৰাৰ্থনা আৰু অনুসন্ধান কৰিলে। এই কিতাপখন ভালদৰে ব্যৱহাৰ কৰিবলৈ বাইবেল অধ্যয়ন কৰাৰ সময়ত তলত উল্লেখ কৰা পদক্ষেপবোৰ লওক।

অধ্যয়ন কৰাৰ আগতে

  1. ১. ভালদৰে তৈয়াৰী কৰক। আপোনাৰ বিদ্যাৰ্থীৰ প্ৰয়োজনীয়তা, পৰিস্থিতি আৰু বিশ্বাসৰ বিষয়ে চিন্তা কৰক। কোনবোৰ বিষয় বুজিবলৈ বা পালন কৰিবলৈ তেওঁৰ কাৰণে কঠিন হʼব পাৰে, তাৰ বিষয়েও চিন্তা কৰক। “বেছিকৈ জানক” ভাগত দিয়া ভিডিঅʼ বা লেখবোৰে বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰক আৰু প্ৰয়োজন হʼলে ব্যৱহাৰো কৰক।

অধ্যয়নৰ সময়ত

  1. ২. যদি বিদ্যাৰ্থীৰ কোনো আপত্তি নাই, তেনেহʼলে আৰম্ভণি আৰু সমাপ্তি প্ৰাৰ্থনাৰ যোগেদি কৰক।

  2. ৩. বেছিকৈ কথা নাপাতিব। বিষয়ৰ ওপৰত ধ্যান দিয়ক আৰু বিদ্যাৰ্থীক নিজৰ মনৰ কথা খুলি কʼবলৈ সুযোগ দিয়ক।

  3. ৪. নতুন ভাগ আৰম্ভ কৰাৰ সময়ত উদ্দেশ্যৰ বিষয়ে পঢ়ক। লগতে কিছুমান পাঠৰ মূল বিষয়বোৰৰ ফালে ধ্যান আকৰ্ষিত কৰক।

  4. ৫. ভাগটো শেষ কৰাৰ পাছত বিদ্যাৰ্থীয়ে কি শিকিলে, সেয়া আলোচনা কৰক। যাতে বিদ্যাৰ্থীয়ে মনত পেলাব পাৰে যে তেওঁ কি শিকিছিল।

  5. ৬. বিদ্যাৰ্থীৰ লগত প্ৰতিটো পাঠ আলোচনা কৰাৰ সময়ত:

    1. ক. পেৰাগ্ৰাফ পঢ়ক।

    2. খ. যিবোৰ শাস্ত্ৰপদত “পঢ়ক” লিখা আছে, সেইবোৰ পঢ়ক।

    3. গ. যদি প্ৰয়োজন হয়, তেনেহʼলে আন পদবোৰো পঢ়ক।

    4. ঘ. “ভিডিঅʼখন চাওক” বুলি লিখা ভিডিঅʼবোৰ চাওক (যদি উপলব্ধ আছে)।

    5. ঙ. বিদ্যাৰ্থীক প্ৰতিটো প্ৰশ্ন সোধক।

    6. চ. “গভীৰভাৱে ধ্যান কৰক” ভাগত দিয়া ছবিবোৰলৈ নিজৰ বিদ্যাৰ্থীৰ ধ্যান আকৰ্ষিত কৰক আৰু তেওঁক নিজৰ মন্তব্য দিবলৈ কওক।

    7. ছ. বিদ্যাৰ্থীক নিজৰ আধ্যাত্মিক উন্নতি মন কৰিবলৈ “লক্ষ্য” বক্সটো ব্যৱহাৰ কৰিবলৈ সহায় কৰক। আপুনি তেওঁক মূল লক্ষ্যৰ লগতে আন কিছুমান লক্ষ্য ৰাখিবলৈও উৎসাহিত কৰিব পাৰে।

    8. জ. আপোনাৰ বিদ্যাৰ্থীক সোধক যে লেখটো প্ৰস্তুত কৰাৰ সময়ত “বেছিকৈ জানক” ভাগৰ কোনো ভিডিঅʼ বা লেখ তেওঁক ভাল লাগিলনে?

    9. ঝ. এবাৰতে এটা পাঠ শেষ কৰিবলৈ চেষ্টা কৰক।

অধ্যয়নৰ পাছত

  1. ৭. নিজৰ বিদ্যাৰ্থীৰ বিষয়ে চিন্তা কৰি থাকক। বাইবেল বিদ্যাৰ্থীৰ উন্নতিৰ বাবে আৰু তেওঁক কেনেকৈ সহায় কৰিব পাৰি, তাৰ বিষয়ে বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক।