Skip to content

Skip to table of contents

ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব

ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব

ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে কি কৰিব

“তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”—মথি ৬:১০.

১. ঈশ্বৰ ৰাজ্য অহাৰ অৰ্থ কি?

 যীচুৱে যেতিয়া শিষ্যসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, সেই সময়ত তেওঁ জানিছিল যে এই ৰাজ্যই মানৱজাতিৰ শাসনক সমাপ্ত কৰিব। কিয়নো মানৱজাতিৰ শাসন এই পৃথিৱীত থকাৰ বাবে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হোৱা নাছিল। (গীতমালা ১৪৭:১৯, ২০) কিন্তু এই ৰাজ্য স্বৰ্গত স্থাপন হোৱাৰ পাছত সকলো ঠাইতে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰা হৈছে। গতিকে মানৱজাতিৰ শাসনক আঁতৰাই ঈশ্বৰৰ স্বৰ্গীয় শাসন স্থাপন কৰাৰ সময় ক্ৰমান্বয়ে কাষ চাপি আহিছে।

২. মানৱ শাসন আঁতৰাই ঈশ্বৰৰ শাসন স্থাপন হোৱাত কি ঘটনাই চিহ্নিত কৰিব?

এই পৰিৱৰ্তনৰ সময়তছোৱাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও।” (মথি ২৪:২১) বাইবেলে এইটো কোৱা নাই যে সেই সময়ছোৱা কিমান দীঘলীয়া হʼব, কিন্তু যি প্ৰলয় হʼব ই ইমানেই ভয়ানক হʼব যে জগতত আদিৰে পৰা কেতিয়াও তেনেদৰে হোৱা নাই। কিয়নো মহাক্লেশৰ আৰম্ভণিত এনেধৰণ ঘটনা ঘটিব যিবোৰ দেখি এই পৃথিৱীৰ মানুহবিলাক অতি ব্যাকুল হৈ পৰিব আৰু সেই ঘটনা হৈছে সকলোবোৰ মিছা ধৰ্ম্মৰ বিনাস। কিন্তু যিহোৱা সাক্ষীসকলে এই ঘটনাৰ বিষয়ে আগৰে পৰা জনাৰ বাবে তেওঁলোকে ব্যাকুল নহʼব। (প্ৰকাশিত বাক্য ১৭:১, ১৫-১৭; ১৮:১-২৪) হৰমাগিদোন অৰ্থাৎ ঈশ্বৰৰ যুদ্ধত এই মহাক্লেশৰ অন্ত হʼব। এই যুদ্ধত ঈশ্বৰৰ ৰাজ্যই চয়তানৰ সকলোবোৰ ৰীতি-ব্যৱস্থাক ভাঙি গুড়ি কৰি পেলাব।—দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৬:১৪, ১৬.

৩. অৱজ্ঞাকাৰী লোকবিলাকৰ বিষয়ে যিৰিমিয়াই কেনেকৈ বৰ্ণনা কৰিছে?

“ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ” অৰ্থাৎ খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য স্বীকাৰ নকৰা লোকসকলৰ বাবে ই কি অৰ্থ ৰাখে? (২ থিচলনীকীয়া ১:৬-৯) বাইবেলৰ ভৱিষ্যতবাণীত এই বিষয়ে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিবীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব। সেই দিনা পৃথিবীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হব; কোনেও সিহঁতৰ নিমিত্তে বিলাপ নকৰিব, আৰু সিহঁতক গোটোৱা কি পোতা নহব, সিহঁত মাটিৰ ওপৰত সাৰস্বৰূপ হব।”—যিৰিমিয়া ২৫:৩২, ৩৩.

দুষ্টতাৰ বিনাস

৪. এই দুষ্ট ব্যৱস্থাক শেষ কৰিবলৈ যিহোৱাই লোৱা সিধান্ত কিয় ন্যায়সঙ্গত?

হাজাৰ-হাজাৰ বছৰ ধৰি যিহোৱা ঈশ্বৰে দুষ্টতাক সহন কৰি আহিছে আৰু মানৱে যে ভাল শাসন আনিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, ধাৰ্ম্মিক লোকসকলে ইয়াক অনুভৱ কৰিবলৈ এয়ে যথেষ্ট সময়। উদাহৰণস্বৰূপে, এটা সংগঠনৰ ৰিপৰ্টৰ মতে বিশং শতাব্দীত ১৫ কোটিতকৈ অধিক লোক যুদ্ধ, বিপ্লৱ আৰু ঘৰুৱা যুদ্ধত মৃত্যুবৰণ কৰে। বিশেষকৈ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বহুতো মানুহে জঘন্যৰূপে মৃত্যুবৰণ কৰিবলগীয়া হয়। নাজীৰ যান্ত্ৰনাদায়ক শিবিৰত প্ৰায় পাচঁ কোটি লোকক হত্যা কৰা হয় আৰু তাৰে কিছুমানে ভয়ানকৰূপে মৃত্যুক সাৱটি লবলগীয়া হʼল। এই সন্দৰ্ভত বাইবেলে আগতেই ভৱিষ্যতবাণী কৰিছিল যে আমাৰ সময়ত “দুষ্ট আৰু প্ৰবঞ্চকবিলাকে লোকৰ ভ্ৰান্তি জন্মাই আৰু নিজেও ভ্ৰান্ত হৈ, অধিক অধিককৈ মন্দ হৈ যাব।” (২ তীমথিয় ৩:১-৫, ১৩) আজিৰ সময়ত, অনৈতিকতা, অপৰাধ, হিংসা, ভ্ৰষ্টাচাৰ আৰু ঈশ্বৰৰ সিধান্তৰ প্ৰতি অৱজ্ঞা অধিকৰূপে বৃদ্ধি হৈছে। সেইবাবে, এই দুষ্ট ব্যৱস্থাক শেষ কৰিবলৈ যিহোৱাই লোৱা সিধান্ত একবাৰে ন্যায়সঙ্গত।

৫, ৬. প্ৰাচীন কনানীয় দেশত অস্তিত্ব থকা দুষ্টতাৰ বিষয়ে বৰ্ণনা কৰক।

বৰ্তমান সময়ৰ পৰিস্থিতিক ৩, ৫০০ বছৰৰ আগতে থকা কনান দেশৰ লোকবিলাকৰ সৈতে তুলনা কৰিব পাৰি। তেওঁলোকৰ বিষয়ে বাইবেলে কৈছে: “কিয়নো সিহঁতে সিহঁতৰ দেৱতাবোৰৰ উদ্দেশে, যিহোৱাই ঘিণ কৰা তেওঁৰ আটাই ঘিণলগীয়া কাৰ্য্য কৰে, এনে কি, সেই দেৱতাবোৰৰ উদ্দেশে নিজ নিজ পো-জীবোৰকেই জুইত পোৰে।” (দ্বিতীয় বিবৰণ ১২:৩১) গতিকে যিহোৱাই ইস্ৰায়েল জাতিক জনাইছিল: “সেইবোৰ জাতিৰ দুষ্টতাৰ কাৰণে, . . . ঈশ্বৰ যিহোৱাই তোমাৰ আগৰ পৰা সিহঁতক দূৰ কৰিছে।” (দ্বিতীয় বিবৰণ ৯:৫) বাইবেলৰ ইতিহাস লেখক হেনৰী এইচ্‌. হেলিয়ে এইদৰে লিখিছিল: “বাল, এচটʼৰেথ আৰু অন্য কনানীয়া দেৱতাবিলাকৰ উপাসনাত অত্যাধিকভাৱে অনৈতিক কাৰ্য্যৰে পূৰ্ণ হৈ আছিল; তেওঁলোকৰ মন্দিৰবোৰ অনৈতিক কাৰ্য্যৰ কেন্দ্ৰবিন্দু আছিল।”

ইয়াৰ ওপৰিও হেলিয়ে কৈছিল যে তেওঁলোকৰ দুষ্টাতা ইমানে বৃদ্ধি হৈছিল যে, তাৰে কিছুমান স্থানত পুৰাতত্ত্ববিদ্‌সকলে “এনেধৰণৰ কিছুমান ডাঙৰ ডাঙৰ পাত্ৰ পাইছে যʼত বাল দেৱতালৈ বলি দিয়া লʼৰা-ছোৱালীবোৰৰ বাকী থকা শৰীৰ অংশবোৰেৰে পূৰ্ণ হৈ আছিল।” তেওঁ এইদৰেও কৈছিল: “কিছুমান ঠাইত নতুনকৈ জন্ম হোৱা শিশুবোৰৰ কবৰস্থানেৰে ভৰি আছিল। . . . কনানীয়বিলাকৰ উপসনাত, ধৰ্ম্মীয়ৰূপে তেওঁলোকৰ দেৱতাবোৰৰ আগত অনৈতিক কাৰ্য্য কৰা, দেৱতাবোৰলৈ নিজৰ প্ৰথমজাত সন্তানক বলি দিয়াৰ দৰে জঘন্য কাৰ্য্যবোৰ সন্মিলিত আছিল। কনানীয় নগৰখনৰ পৰিস্থিতি চদোম আৰু ঘমোৰা দেশৰ দৰে হৈছিল। . . . এনেধৰণৰ ঘৃণনীয়, অশুচি আৰু অমানুষিকতা থকা সমাজ অধিক সময়লৈকে থকাটো উচিত আছিলনে? . . . যিসকল পুৰাতত্ত্ববিদে ধ্বংসপ্ৰাপ্ত কনানীয় নগৰবোৰত খনন কৰিছিল, তেওঁলোকে আচৰিত হৈছিল যে ঈশ্বৰে কিয় সিহঁতক ধ্বংস কৰিবলৈ পলম কৰিছিল।”

পৃথিৱীৰ উত্তৰাধিকাৰীসকল

৭, ৮. যিহোৱাই এই পৃথিৱীখনক কেনেকৈ পৰিস্কাৰ কৰিব?

যিদৰে যিহোৱাই কনানীয় দেশক ধ্বংস কৰিছিল ঠিক সেইদৰে অতি সোনকালে পৃথিৱীত থকা সকলোবোৰ দুষ্টতাক ধ্বংস কৰি পৰিস্কাৰ কৰিব আৰু যিসকলে তেওঁৰ ইচ্ছাৰ মতে কাৰ্য্য কৰে তেওঁলোকক এই পৃথিৱীখন দিব। সেইবাবে বাইবেলত তেওঁলোকৰ বিষয়ে কৈছে: “সৰল লোকবিলাকে দেশত নিবাস কৰিব, আৰু সিদ্ধ লোকবিলাক তাত অৱশিষ্ট থাকিব; কিন্তু দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব।” (হিতোপদেশ ২:২১, ২২) গীতমালাৰ লিখকেও ধাৰ্ম্মিক লোকবিলাকৰ বিষয়ে কৈছে: “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব; . . . কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।” (গীতমালা ৩৭:১০, ১১) ইয়াৰ ওপৰিও চয়তানক কিছুসময়ৰ বাবে আঁতৰ কৰিব, যাতে “সেই এহেজাৰ বছৰ পূৰ নহয়মানে, সি যেন জাতিবিলাকক ভুলাব নোৱাৰে।” (প্ৰকাশিত বাক্য ২০:১-৩) গতিকে “জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৭.

যিসকল লোকে এই পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিবলৈ বিচাৰে তেওঁলোকৰ মহান আশাৰ বিষয়ে যীচুৱে কৈছিল: “নম্ৰবিলাক ধন্য; কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব।” (মথি ৫:৫) এইদৰে কোৱাৰ সময়ত তেওঁ গীতমালা ৩৭:২৯ পদক উদ্ধৃত কৰিছিল, ইয়াত ভৱিষ্যতবাণী কৰা হৈছিল যে “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” যীচুৱে জানিছিল যে ধাৰ্ম্মিক হৃদয়ৰ লোকবিলাকে এই পৰমদেশ পৃথিৱীত চিৰকালৰ বাবে জীয়াই থকাটোৱেই হৈছে যিহোৱাৰ উদ্দেশ্য। কিয়নো যিহোৱাই কৈছে: “ময়েই নিজ মহাশক্তিৰে . . . পৃথিবীক, আৰু পৃথিবীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্টি কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।”—যিৰিমিয়া ২৭:৫.

এখন নতুন জগত

৯. কেনেধৰণৰ জগতৰ বাবে ঈশ্বৰৰ ৰাজ্যই আগভাগ লʼব?

হৰমাগিদোনৰ পাছত, ঈশ্বৰৰ ৰাজ্যই “নতুন পৃথিৱী” স্থাপন কৰিবলৈ আগভাগ লʼব যʼত “ধাৰ্ম্মিকতা নিবাস” কৰিব। (২ পিতৰ ৩:১৩) হৰমাগিদোনত ৰক্ষা পোৱাসকলৰ বাবে কিমান যে এক আচৰিত উপশম হʼব, যেতিয়া তেওঁলোকে এই দুষ্ট ৰীতি-ব্যৱস্থাৰ পৰা মুক্তি লাভ কৰিব! স্বৰ্গীয় চৰকাৰৰ অধীনত ধৰ্ম্মিকতাৰ নতুন জগতত আচৰতিভাৱে আশীৰ্ব্বাদ আৰু অনন্ত জীৱন লাভ কৰি তেওঁলোক কিমান যে আনন্দিত হʼব!—প্ৰকাশিত বাক্য ৭:৯-১৭.

১০. ঈশ্বৰৰ ৰাজ্য শাসনৰ অধীনত কেনে ধৰণৰ বেয়া পৰিস্থিসমূহ নাথাকিব?

১০ তেতিয়া তেওঁলোকে আৰু কেতিয়াও যুদ্ধ, অপৰাধ, খাদ্য অভাৱৰ দৰে পৰিস্থিতিৰ সন্মূখীন নহব বা আনকি জীৱ-জন্তুৰ দ্বাৰাও ভয়ভীত নহʼব। সেয়েহে যিহোৱাই কৈছে, যে “মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, . . . আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিবীয়ে নিজৰ শস্য দিব, আৰু তেওঁবিলাক নিজৰ দেশত নিৰ্ভয়ে থাকিব।” বাইবেলে এইদৰেও কৈছে: “সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু নিজ নিজ বৰছা ভাঙি কলম দিয়া কটাৰী গঢ়াই লব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধবিদ্যা আৰু নিশিকিব। কিন্তু প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—যিহিষ্কেল ৩৪:২৫-২৮; মীখা ৪:৩, ৪.

১১. আমি কিয় ভৰসা কৰিব পাৰোঁ যে শাৰীৰিক ব্যাধিবোৰ শেষ হৈ যাব?

১১ আনকি বেমাৰ, শোক আৰু মৃত্যুকো শেষ কৰা হʼব। “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব, তাত থকা লোকবিলাকৰ অপৰাধ ক্ষমা কৰা হব।” (যিচয়া ৩৩:২৪) “[ঈশ্বৰে] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল। পাছে সিংহাসনৰ ওপৰত বহা জনাই কলে, চোৱা, মই সকলোকে নতুন কৰোঁ।” (প্ৰকাশিত বাক্য ২১:৪, ৫) যেতিয়া যীচু এই পৃথিৱীত আছিল, ঈশ্বৰে প্ৰদান কৰা শক্তিৰ যোগেদি তেওঁৰ ক্ষমতাক কাৰ্য্যৰ দ্বাৰাই প্ৰদৰ্শন কৰি দেখুৱাইছিল। ইয়াৰ ওপৰিও, যীচুৱে সকলো ঠাইলৈ গৈ পবিত্ৰ আত্মাৰ সহায়ত খোৰা ব্যক্তি আৰু ৰোগীক সুস্থ কৰিছিল।—মথি ১৫:৩০, ৩১.

১২. মৃত্যু হোৱা লোকসকললৈ কি আশা আছে?

১২ যীচুৱে ইয়াতকৈও আচৰিত কাৰ্য্য সম্পন্ন কৰিছিল। তেওঁ মৃত্যু হোৱা ব্যক্তিকো জীয়াই তুলিছিল। এই কাৰ্য্যক দেখি নম্ৰ লোকসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? যীচুৱে যেতিয়া এজনী ১২ বছৰীয়া ছোৱালীক পুনৰুত্থান কৰে, লোকবিলাকে “অতিশয় বিস্ময় মানিলে।” (মাৰ্ক ৫:৪২) এই উদাহৰণে দেখুৱাইছে যে যেতিয়া যীচুৱে ৰজা হৈ শাসন কৰিব সেইসময়ত “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) কল্পনা কৰক, বৃহৎ সংখ্যক লোকে যেতিয়া পুনৰ জীৱিত হৈ নিজ নিজ আপোনজনৰ সৈতে পুনৰাই লগ হʼব, সেই সময় কিমান যে বিস্ময়জনক হʼব! নিসন্দেহঃ, ৰাজ্যৰ অধ্যক্ষকতা এক মহান শিক্ষাৰ কাৰ্য্য দ্বাৰাই চলিব, যাতে “সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।”—যিচয়া ১১:৯.

ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক দোষমুক্ত কৰা হʼব

১৩. ঈশ্বৰ শাসনেই যে ধাৰ্ম্মিক শাসন তাক কেনেকৈ দেখুৱাব?

১৩ ৰাজ্যৰ শাসনৰ হাজাৰ বছৰৰ শেষত সকলো মানৱজাতিয়ে পুনৰ সিদ্ধ বিবেক আৰু শৰীৰ ঘূৰাই পাব। তেতিয়া গোটেই পৃথিৱীখন এদনৰ বাগিছাৰ দৰে পৰমদেশলৈ ৰূপান্তৰিত হʼব। সেই সময়ত শান্তি, আনন্দ, সুৰক্ষা আৰু এক মৰমীয়াল মানৱ সমাজে পৃথিৱীখনত বিৰাজমান কৰিব। ঈশ্বৰৰ ৰাজ্যৰ শাসনৰ পূৰ্বেই কেতিয়াও এনেধৰণৰ মানৱ সমাজৰ গঠন হোৱা নাছিল। মানৱজাতিয়ে শাসন কৰা দুৰ্দশাগ্ৰস্ত হাজাৰ হাজাৰ বছৰৰ তুলনাত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যই কৰা মাত্ৰ এক হাজাৰ বছৰ উত্তম শাসনকালৰ মাজত কিমান যে পাৰ্থক্য আছে! ঈশ্বৰে নিজৰ ৰাজ্যৰ যোগেদি প্ৰমাণ কৰি দেখুৱাব যে তেওঁৰ ৰাজ্য সকলো ক্ষেত্ৰতে উত্তম। গতিকে মাত্ৰ যিহোৱাৰহে শাসন কৰিবলৈ অধিকাৰ আছে আৰু ইয়াৰ যোগেদি তেওঁৰ সাৰ্ব্বভৌমত্বক সম্পূৰ্ণৰূপে দোষমুক্ত কৰিব।

১৪. যিসকল লোকে হাজাৰ বছৰৰ শেষত ঈশ্বৰৰ ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব তেওঁলোকৰ কি পৰিণাম হʼব?

১৪ এক হাজৰ বছৰৰ শেষত, সিদ্ধ মানৱক নিজৰ স্বতন্ত্ৰ ইচ্ছাক ব্যৱহাৰ কৰি তেওঁলোকে কাক সেৱা কৰিবলৈ বিচাৰে, এই বিষয়ে বিবেচনা কৰিবলৈ যিহোৱাই তেওঁলোকক অনুমতি দিব। কিয়নো বাইবেলে দেখুৱাইছে যে “চয়তানে নিজ বন্দীশালৰ পৰা মুক্ত” হʼব। সি আকৌ মানৱজাতিক ভুলাবলৈ চেষ্টা কৰিব আৰু কিছুমান লোকে ঈশ্বৰৰ পৰা স্বাধীন হৈ চলিবলৈ বিচাৰিব। ‘দ্বিতীয় বাৰৰ বাবে দুৰ্দশা উৎপন্ন’ হোৱাপৰা বাধা দিবলৈ চয়তান, তাৰ পিশাচবোৰ আৰু লগতে যিহোৱাৰ আধিপত্যৰ বিৰোদ্ধে বিদ্ৰোহ কৰা সকলো মানুহক যিহোৱাই সম্পূৰ্ণৰূপে চিৰকালৰ বাবে ধ্বংস কৰিব। যিসকল মানুহক ঈশ্বৰে চিৰকাললৈ ধ্বংস কৰিব সেই সময়ত কোনেও আপত্তি কৰিব নোৱাৰিব যে তেওঁলোক অসিদ্ধতাৰ বাবে সেই কাৰ্য্য কৰিলে আৰু তাৰ পৰা মন পৰিৱৰ্ত্তন কৰিবলৈ অলপো সময় নাপালে। কিয়নো সেই সময়ত যিসকলে যিহোৱাৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব, তেওঁলোক আদম আৰু হৱাৰ দৰে সিদ্ধ ব্যক্তি হʼব।—প্ৰকাশিত বাক্য ২০:৭-১০; নহূম ১:৯.

১৫. যিহোৱাৰ সৈতে নিষ্ঠানবান লোকসকলৰ কেনেধৰণৰ সমন্ধ গঢ়ি উঠিব?

১৫ আনহাতে, বহু সংখ্যক লোকে যিহোৱাৰ আধিপত্যৰ সপক্ষে থাকিবলৈ বাচঁনি কৰিব। বিদ্ৰোহীসকলক ধ্বংস কৰাৰ সময়ত ধাৰ্ম্মিক লোকসকলে যিহোৱাৰ সপক্ষে থকা নিষ্ঠাবানৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হʼব। এই নিষ্ঠাবান লোকসকলক যিহোৱাই নিজৰ লʼৰা-ছোৱালীৰূপে গ্ৰহণ কৰিব। সেইসময়ত, আদম আৰু হৱাই বিদ্ৰোহ কৰাৰ পূৰ্বেই ঈশ্বৰ সৈতে থকা যি সমন্ধ আছিল সেই সমন্ধলৈ তেওঁলোকে ঘূৰি আহিব। গতিকে ৰোমীয়া ৮:২১ পদত কোৱা ভৱিষ্যতবাণী পূৰ্ণ হʼব: “সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ, ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব।” ইয়াৰ বিষয়ে ভৱিষ্যবক্তা যিচয়াও ভৱিষ্যতবাণী কৰিছিল: “তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।”—যিচয়া ২৫:৮.

অনন্তকালৰ জীৱনৰ আশা

১৬. অনন্তকালৰ জীৱনৰ বাবে অপেক্ষা কৰাটো কিয় উপযুক্ত?

১৬ গতিকে বিশ্বাসী ব্যক্তিসকলে জানে যে ঈশ্বৰে চিৰকাললৈ অধিক আধ্যাত্মিক আৰু ভৌতিক আশীৰ্ব্বাদ বৰ্ষাব। এইটো তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা কিযে এক আচৰিতজনক ভৱিষ্যত! সেইবাবে গীতমালাৰ লেখকে কৈছিল: “তুমি তোমাৰ হাত মেলি, সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰি থাকা।” (গীতমালা ১৪৫:১৬) গতিকে যি ধৰ্ম্মিক লোকসকলে ঈশ্বৰত বিশ্বাস ৰাখি এই পৰমদেশৰ পৃথিৱীত জীৱনৰ আশা ৰাখিছে তেওঁলোকক যিহোৱাই উৎসাহিত কৰে। যিহেতু যদিও যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ বিষয়টো হৈছে অতি গুৰুত্বপূৰ্ণ, তথাপি তেওঁ কেতিয়াও লোকসকলৰ পৰা আশাহীনভাৱে তেওঁক সেৱা কৰাটো নিবিচাৰে। সম্পূৰ্ণ বাইবেলখনত, এইটো প্ৰকাশ কৰা হৈছে যে ঈশ্বৰলৈ নিষ্ঠাবান আৰু অনন্ত জীৱনৰ আশা, এই দুয়োটা হৈছে এক অটুট বন্ধন যিটো ঈশ্বৰক বিশ্বাস কৰা এজনৰ খ্ৰীষ্টানৰ বাবে আৱশ্যকীয় ভাগ। সয়েহে বাইবেল কৈছে যে “ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।”—ইব্ৰী ১১:৬.

১৭. কেনেকৈ যীচুৱে দেখুৱাইছিল যে আমাৰ আশাই বিশ্বাস বজাই ৰাখিবলৈ সহায় কৰে?

১৭ কিয়নো যীচুৱে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) ইয়াত তেওঁ স্পষ্টকৈ জনাইছিল যে ঈশ্বৰক আৰু তেওঁৰ উদ্দেশ্যক জনাৰ যোগেদিহে এই আশীৰ্ব্বাদ প্ৰাপ্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, যীচুৰ সৈতে স্তম্ভত অঁৰা এজন অপৰাধীয়ে যেতিয়া যীচুৰ ৰাজ্য আহিব তেওঁক সুঁৱৰিবলৈ অনুৰোধ কৰিছিল। সেই সময়ত যীচুৱে কৈছিল: “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) যীচুৱে কোৱা কথাষাৰৰ এইটো অৰ্থ নাছিল যে যদিও সেই অপৰাধীজনে পুৰস্কাৰ নাপাই তথাপিও তেওঁ বিশ্বাস কৰাটো আৱশ্যক। কিয়নো যীচুৱে জানিছিল যে যিহোৱাৰ সেৱকসকলে এই পৃথিৱীত অনন্তকালৰ জীৱনৰ আশা ৰাখি এই জগতৰ পৰা অহা পৰীক্ষাসমূহত সন্মূখীন হোৱাটো যিহোৱাই বিচাৰে। গতিকে, পুৰস্কাৰলৈ অপেক্ষা কৰাৰ যোগেদি এজন খ্ৰীষ্টানে সহন কৰাত সহায় পাব।

হাজাৰ বছৰীয়া ৰাজ্যৰ ভৱিষ্যত

১৮, ১৯. হাজাৰ বছৰ শাসনৰ শেষত ৰজা আৰু ৰাজ্যৰ কি হʼব?

১৮ যিহেতু হাজাৰ বছৰীয়া ৰাজ্যখন আছিল এক সহকাৰী চৰকাৰ, যাৰ যোগেদি যিহোৱাই এই পৃথিৱী আৰু ইয়াত থকা বাসীন্দাসকলক সিদ্ধতালৈ আনি তেওঁৰ সৈতে পুনৰাই মিলন কৰাব আছিল। তেনেহʼলে এক হাজাৰ বছৰ শাসনকালৰ পাছত ৰজা হিচাপে যীচু আৰু তেওঁৰ ১, ৪৪, ০০০ জন পুৰোহিতৰ ভূমিকা কি হʼব? এই বিষয়ে পাঁচনী পৌলে এইদৰে কৈছিল: “তেতিয়া তেওঁ সকলো শাসন, ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি, পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।”—১ কৰিন্থীয়া ১৫:২৪, ২৫.

১৯ যেতিয়া খ্ৰীষ্টই ৰাজ্যৰ সকলোবোৰ ভাৰ ঈশ্বৰৰ হাতত সোধাই দিব, তেতিয়া শাস্ত্ৰত কোৱা অনুসাৰে তেওঁৰ ৰাজ্য যে অবিনাশী হʼব এই বাক্যশাৰীৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে হাজাৰ বছৰীয়া ৰাজ্যখনে যি কাৰ্য্য সম্পন্ন কৰিব সেয়ে চিৰকাললৈকে থাকিব। ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক দোষ মুক্ত কৰা কাৰ্য্যত যীচুৱে মূখ্য ভূমিকা আদায় কৰাৰ বাবে তেওঁক চিৰকাললৈকে সন্মানিত কৰা হʼব। গতিকে যীচুৱে কৰা কাৰ্য্যৰ দ্বাৰা পাপ আৰু মৃত্যুক চিৰদিনৰ বাবে আঁতৰাই মানৱজাতিক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰা হʼব। এইদৰে তেওঁ সকলোৰে বাবে উদ্ধাৰকৰ্ত্তা হʼব। ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক দোষ মুক্ত কৰাৰ লগে লগে যীচুৰ সেই কাৰ্য্যৰ উদ্দেশ্যও পূৰ্ণ হʼব। বাস্তৱতে, যীচুৰ হাজাৰ বছৰৰ শাসনে এই পৃথিৱীখনক সম্পূৰ্ণকৈ সিদ্ধ কৰিব। যিহোৱা আৰু আজ্ঞাকাৰী মানৱজাতিৰ বাবে সহায়ক চৰকাৰৰ আৱশ্যকতা নাথাকিব। সেইবাবে ‘ঈশ্বৰে সকলোৰে কাৰণে সকলো হʼব।’—১ কৰিন্থীয়া ১৫:২৮.

২০. ঈশ্বৰে ভৱিষ্যতে যীচু খ্ৰীষ্ট আৰু ১, ৪৪, ০০০ জনৰ বাবে কি কাৰ্য্যসমূহ ৰাখিছে, তাক আমি কেনেকৈ জানিব পাৰোঁ?

২০ হাজাৰ বছৰ শাসন কালৰ পাছত ভৱিষ্যতে যীচু আৰু তেওঁৰ সহ-শাসনকৰ্ত্তাসকলে কি ভূমিকা গ্ৰহণ কৰিব? বাইবেলে ইয়াৰ বিষয়ে একো কোৱা নাই। তথাপি, আমি কʼব পাৰোঁ যে যিহোৱাই নিজৰ গোটেই সৃষ্টিখনত ভৱিষ্যতে তেওঁলোকে কৰিবলগীয়া এনে বহুতো বিশেষ কাৰ্য্য ৰাখিছে। গতিকে আহঁক আমি সকলোৱে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ অধীনত থাকি আৰু প্ৰদান কৰা চিৰকালৰ জীৱনৰ বাবে আশা ৰাখোঁহঁক। এনে আশা ৰাখিলে ভৱিষ্যতে ৰজা, তেওঁৰ সহ-শাসনকৰ্ত্তা অৰ্থাৎ পুৰোহিত আৰু গোটেই বিশ্বৰ বাবে যিহোৱাৰ উদ্দেশ্য কি তাক জানিবলৈ আমি জীয়াই থাকিব পাৰিম!

পুনৰ আলোচনাৰ বাবে বিষয়সমূহ

আমি কেনেধৰণৰ শাসনৰ কাষ চাপিছোঁ যিয়ে এই সকলোবোৰক পৰিৱৰ্তন কৰিব?

ঈশ্বৰে দুষ্ট আৰু ধাৰ্ম্মিকলোকক কেনেকৈ ন্যায় কৰিব?

নতুন জগতত কেনেধৰণৰ পৰিস্থিতি হʼব?

যিহোৱাৰ সাৰ্ব্বভৌমত্বক কেনেকৈ দোষ মুক্ত কৰা হʼব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৯ পৃষ্ঠাৰ ছবি]

“ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব”

[৩০ পৃষ্ঠাৰ ছবি]

নিষ্ঠাবান লোকসকলে যিহোৱাৰ সৈতে পুনৰ এক ভাল সমন্ধলৈ ঘূৰি আহিব