Skip to content

Skip to table of contents

অদৃশ্য জনাক দেখা পোৱাৰ দৰে যেন থিৰে থাকে!

অদৃশ্য জনাক দেখা পোৱাৰ দৰে যেন থিৰে থাকে!

অদৃশ্য জনাক দেখা পোৱাৰ দৰে যেন থিৰে থাকে!

[মোচি] অদৃশ্য জনাক দেখা পোৱাৰ দৰে থিৰে থাকিল।”—ইব্ৰী ১১:২৭.

১. যীচুৱে তেওঁৰ পৰ্ব্বতীয় উপদেশত ঈশ্বৰৰ বিষয়ে কেনেধৰণৰ লক্ষ্য কৰিবলগীয়া উক্তি দাঙি ধৰিছিল?

 যিহোৱা হৈছে এজন অদৃশ্য ঈশ্বৰ। যেতিয়া মোচিয়ে তেওঁৰ মহিমা চাবলৈ বিচাৰিছিল, তেতিয়া যিহোৱাই তেওঁক এইদৰে কʼলে: “তুমি মোৰ মুখ দেখা পাব নোৱাৰা; কাৰণ মানুহে মোক দেখিলে নিজীব।” (যাত্ৰাপুস্তক ৩৩:২০) এই সন্দৰ্ভত পাঁচনি যোহনেও এইদৰে লিখিলে: “কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই।” (যোহন ১:১৮) আনকি যেতিয়া যীচু এই পৃথিৱীত আছিল, তেওঁ ঈশ্বৰক দেখা পোৱা নাছিল। গতিকে যীচুয়ে তেওঁৰ পৰ্ব্বতীয়া উপদেশত এইদৰে কৈছিল: “নিৰ্ম্মল চিত্তৰ মানুহবিলাক ধন্য; কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব।” (মথি ৫:৮) যীচুৱে কোৱা এই কথাফাঁকিৰ অৰ্থ কি আছিল?

২. আমি আমাৰ শাৰীৰিক চকুৰে কিয় ঈশ্বৰৰ দৰ্শন পাবলৈ সক্ষম নহওঁ?

বাইবেলে যিহোৱাক এজন অদৃশ্য ব্যক্তিৰূপে বৰ্ণনা কৰিছে। (যোহন ৪:২৪; কলচীয়া ১:১৫; ১ তীমথিয় ১:১৭) তদুপৰি যীচুৱেও তেওঁৰ উপদেশত, আমি আমাৰ বাস্তৱিক চকুৰে যিহোৱাক দেখা পোৱাৰ বিষয়ে কোৱা নাছিল। অভিষিক্ত বৰ্গৰ লোকসকলেও তেওঁলোকৰ আত্মিক পুনৰত্থানৰ পাছতেহে যিহোৱাৰ দৰ্শন পাব। যিসকল “নিৰ্ম্মল চিত্তৰ লোক” আৰু এই পৃথিৱীত চিৰকাল জীয়াই থকা আশা আছে, তেওঁলোকেও ঈশ্বৰৰ “দৰ্শন” পাব। কিন্তু কেনেকৈ এইটো সম্ভৱ হʼব পাৰে?

৩. মানুহে কেনেকৈ ঈশ্বৰৰ কিছুমান গুণক চাব বা অনুভৱ কৰিব পাৰে?

আমি যিহোৱাৰ সৃষ্টিসমূহক সাৱধানে লক্ষ্য কৰিলে, তেওঁৰ বিষয়ে বহু কিছু শিকিব পাৰোঁ। এইদৰে আমি যিহোৱাৰ শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁক সৃষ্টিকৰ্ত্তা হিচাপে জানিবলৈ প্ৰেৰিত হʼম। (ইব্ৰী ১১:৩; প্ৰকাশিত বাক্য ৪:১১) এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “এই কাৰণে [ঈশ্বৰ] অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, স্পষ্টকৈ দেখা গৈছে।” (ৰোমীয়া ১:২০) সেয়েহে যীচুৱে কোৱা সেই কথাশাৰীৰ অৰ্থ আছিল সৃষ্টি কৰা বস্তুসমূহত যিহোৱাৰ অদৃশ্য গুণসমূহ আৰু তেওঁৰ ক্ষমতাক দেখি পোৱা। এইদৰে দৃষ্টি যথাৰ্থ জ্ঞান আৰু আধ্যাত্মিক “চিত্ত-চকুৰ” ওপৰত আধাৰিত। (ইফিচীয়া ১:১৮) যীচুৱে নিজৰ বাক্য আৰু কাৰ্য্যৰ দ্বাৰাও ঈশ্বৰৰ বিষয়ে বহুকিছু প্ৰকাশ কৰিলে। সেইবাবে যীচুৱে কʼব পাৰিলে: “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহন ১৪:৯) যীচুৱে সম্পূৰ্ণকৈ যিহোৱাৰ ব্যক্তিত্বক প্ৰতিফলিত কৰিলে। গতিকে তেওঁৰ জীৱনী আৰু শিক্ষাই আমাক ঈশ্বৰৰ কিছুমান গুণক চাবলৈ বা অনুভৱ কৰিবলৈ সহায় কৰিব পাৰে।

আধ্যাত্মিকতাৰ অতি আৱশ্যক

৪. বৰ্তমান সময়ত কেনেকৈ বহুতৰে আধ্যাত্মিকতাৰ হ্ৰাস হোৱা দেখা গৈছে?

বৰ্তমান সময়ত জগতখনত বিশ্বাস আৰু আধ্যাত্মিকতাৰ হ্ৰাস হোৱা দেখা গৈছে। সেইবাবে পাঁচনি পৌলে কৈছিল: “কিয়নো সকলোৰে যে সেই বিশ্বাস আছে, এনে নহয়।” (২ থিচলনীকীয়া ৩:২) বহুতে নিজৰ ব্যক্তিগত জীৱনত সম্পূৰ্ণৰূপে ব্যস্ত হৈ থাকে আৰু ঈশ্বৰক বিশ্বাস নকৰে। কিয়নো তেওঁলোকৰ পাপময় আচৰণে আৰু আধ্যাত্মিকতাৰ হ্ৰাস হোৱাৰ বাবে তেওঁলোকৰ জ্ঞানৰ চকুৰে যিহোৱাক দেখা নাপায়। তদুপৰি পাঁচনি পৌলে লিখিছিল: “যিজনে দুষ্কৰ্ম্ম কৰে, তেওঁ ঈশ্বৰক দেখা নাই।” (৩ যোহন ১১) যিহেতু তেওঁলোকে শাৰীৰিক চকুৰে ঈশ্বৰক দেখা নোপোৱাৰ বাবে বিবেচনা কৰে যে তেওঁলোকৰ কাৰ্য্যক ঈশ্বৰে দেখা নাপায়। (যিহিষ্কেল ৯:৯) তেওঁলোকে আধ্যাত্মিক বিষয়বোৰক অগ্ৰাহ্য কৰাৰ বাবে “ঈশ্বৰবিষয়ক জ্ঞান” লাভ কৰিব নোৱাৰে। সেয়েহে পাঁচনি পৌলে তেওঁবিলাকৰ বিষয়ে এইদৰে লিখিছিল: “কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেয়ে মূৰ্খতা; আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে; কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়।”—১ কৰিন্থীয়া ২:১৪.

৫. আধ্যাত্মিক মনৰ ব্যক্তিসকলে কেনেধৰণৰ বিষয়ৰ প্ৰতি সতৰ্ক হৈ থাকে?

যদি আমি আধ্যাত্মিক মনৰ ব্যক্তি হওঁ, তেন্তে সদাই এইটো মনত ৰখা উচিত যে যদিও যিহোৱাই বেয়া বিচাৰধাৰা আৰু অভিলাষৰ অনুসাৰে কাম কৰাৰ বিষয়ে জানে, তেওঁ আমাৰ দোষবিচৰা ঈশ্বৰ নহয়। ইয়াত কোনো সন্দেহ নাই যে “মনুষ্যৰ আটাই কাৰ্য্য যিহোৱাৰ চকুৰ আগত আছে, আৰু তেওঁ তাৰ সকলো পথৰ বিচাৰ কৰে।” (হিতোপদেশ ৫:২১) যদি আমি পাপত পৰোঁ তেন্তে অনুতাপ কৰি যিহোৱাৰ ওচৰত ক্ষমা বিচৰা উচিত। কিয়নো আমি তেওঁক প্ৰেম কৰোঁ আৰু কেতিয়াও তেওঁক অসন্তুষ্ট কৰিব নিবিচাৰোঁ।—গীতমালা ৭৮:৪১; ১৩০:৩.

কিহে আমাক দৃঢ় বিশ্বাস বজাই ৰখাত সহায় কৰে?

৬. দৃঢ় বিশ্বাস বজাই ৰখাৰ অৰ্থ কি?

যদিও যিহোৱাক আমি আমাৰ শাৰীৰিক চকুৰে দেখা নাপাওঁ, কিন্তু তেওঁ আমাক সদায়ে দেখা পাই। যিসকলে তেওঁৰ আগত প্ৰাৰ্থনা কৰে তেওঁলোকৰ বাবে যিহোৱা যে অস্থিত্বত আছে আৰু তেওঁলোকৰ একেবাৰে কাষত আছে। এই নিশ্চয়তাই আমাক বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সহায় কৰে। (গীতমালা ১৪৫:১৮) এই ক্ষেত্ৰত আমি মোচিৰ দৰে হʼব পাৰোঁ, যি জনৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।”—ইব্ৰী ১১:২৭.

৭, ৮. মোচিয়ে ফৌৰণ ৰজাৰ সন্মূখত নিৰ্ভয়ে উপস্থিত হোৱাৰ বিষয়ে শাস্ত্ৰত কেনে বৃতান্ত পোৱা যায়?

ইস্ৰায়েলসকলক মিচৰৰ দাসত্ব পৰা উলিয়াই অনা ঈশ্বৰৰ নিৰ্দ্দেশনা পালন কৰিবলৈ মোচিক প্ৰায়ে নিষ্ঠুৰ ফৰোণ, ধৰ্ম্ম আৰু সৈনিকৰ উচ্চ অধিকাৰী জমা হোৱা দৰবাৰত উপস্থিত হʼবলগীয়া হৈছিল। মিচৰ দেৱালবোৰত মিচৰীয়সকলৰ দেৱ-দেৱীৰ নিৰ্জীৱ মূৰ্ত্তিবোৰ স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছিল। ইয়াৰ বিপৰীতে যদিও যিহোৱা অদৃশ্য আছিল, কিন্তু তেওঁ মিচৰীয়সকলৰ প্ৰাণহীন দেৱতাবিলাকৰ মূৰ্ত্তিৰ দৰে নাছিল। নিসন্দেহ, তেওঁ ফৌৰণ ৰজাৰ সন্মূখত থিয় হʼবলৈ ভয়াভীত হোৱা নাছিল!

মোচিক বাৰে বাৰে ফৰৌণ ৰজাৰ ওচৰলৈ যাবলৈ কিহে সাহস দিছিল? এই বিষয়ে শাস্ত্ৰই এইদৰে কৈছে: “পৃথিবীত থকা মানুহবিলাকৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।” (গণনা পুস্তক ১২:৩) নিসন্দেহ, মোচিক দৃঢ় আধ্যাত্মিকতা আৰু বিশ্বাসে সেই নিষ্ঠুৰ ৰজাৰ আগত ‘এজন অদৃশ্য’ ঈশ্বৰৰ প্ৰতিনিধি হিচাপে উপস্থিত হবলৈ সাহস প্ৰদান কৰিছিল। বৰ্তমান অদৃশ্য ঈশ্বৰৰ “দৰ্শন” পোৱাসকলে কি কি প্ৰকাৰে তেওঁৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছে?

৯. আমি বিশ্বাসত দৃঢ় হৈ থকাৰ এটা পথ কি?

ইয়াৰে এটা পদ্ধতি হৈছে অত্যাচাৰৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও সাহসী হৈ প্ৰচাৰ কৰাৰ দ্বাৰা সেই অদৃশ্য জনাৰ প্ৰতি দৃঢ় বিশ্বাস প্ৰকাশ কৰা। যীচুৱে তেওঁৰ শিষ্যসকলক সতৰ্ক কৰি কৈছিল: “তোমালোক মোৰ নামৰ নিমিত্তে সকলোৰে ঘৃণাৰ পাত্ৰ হবা।” (লূক ২১:১৭) তেওঁ এইটোও কৈছিল: “দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়, তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:২০) সঁচাকৈ যীচুৱে কোৱা বাক্যশাৰী আখৰে আখৰে সত্য বুলি প্ৰমাণিত হʼল। সেয়েহে তেওঁৰ মৃত্যু পাছত শিষ্যসকলক অত্যাচাৰ, বন্দী আৰু বেত্ৰাঘাট কৰা হʼল। (পাঁচনিৰ কৰ্ম্ম ৪:১-৩, ১৮-২১; ৫:১৭, ১৮, ৪০) যদিও যীচুৰ শিষ্যসকলে বিভিন্ন প্ৰকাৰৰ অত্যাচাৰৰ সন্মূখীন হʼল, কিন্তু তেওঁলোকে সাহসী হৈ প্ৰচাৰ কৰি থাকিল।—পাঁচনিৰ কৰ্ম্ম ৪:২৯-৩১.

১০. যিহোৱাই প্ৰদান কৰা সুৰক্ষা আৰু তেওঁ লোৱা তত্ত্বাৱধানৰ ওপৰত থকা আমাৰ ভৰসাই কেনেকৈ আমাক প্ৰচাৰকাৰ্য্যত সহায় আগবঢ়াব পাৰে?

১০ মোচিৰ দৰে প্ৰথম শতাব্দীৰ শিষ্যসকলেও শত্ৰুবিলাকৰ সন্মূখত থিয় হবলৈ ভয়াভীত হোৱা নাছিল। ঈশ্বৰত বিশ্বাস থকাৰ বাবে তেওঁলোকে কঠোৰ তাড়নাৰ সময়টো সহন কৰিব পাৰিলে। সঁচাকৈ তেওঁলোকে সেই অদৃশ্য জনাক দেখাৰ দৰে বিশ্বাসত একেৰাহে থিৰে থাকিল। বৰ্তমান সময়ত আমি সাহসী হৈ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ যিহোৱাই সুৰক্ষা প্ৰদান কৰি আমাৰ তত্ত্বাৱধান লৈছে। সেইকাৰণে ঈশ্বৰৰ বাক্য বাইবেলে এইদৰে কৈছে যে “লোকলৈ কৰা ভয়েই ফান্দ উপস্থিত কৰে; কিন্তু যি মানুহে যিহোৱাত ভাৰসা কৰে, তেওঁ নিৰাপদে থাকিব।” (হিতোপদেশ ২৯:২৫) সেইবাবে, আমি তাড়নাৰ সন্মূখীন হোৱাৰ ভয়ত প্ৰচাৰকাৰ্য্য কৰিবলৈ ত্যাগ নিদিওঁ বা লাজ অনুভৱ নকৰোঁ। তদুপৰি আমাৰ দৃঢ় বিশ্বাসে চুবুৰীয়া, সহকৰ্ম্মী, সহপাঠী আৰু আনলোকক সাহসী হৈ প্ৰচাৰ কৰিবলৈ আমাক প্ৰেৰিত কৰে।—ৰোমীয়া ১:১৪-১৬.

সেই অদৃশ্য জনাই লোকসকলক নিৰ্দ্দেশনা দিয়ে

১১. পাঁচনি পিতৰ আৰু যিহূদাৰ অনুসাৰে, মণ্ডলীৰ কিছুমান লোকে কেনেকৈ তেওঁলোকৰ আধ্যাত্মিক দূৰ্ব্বলতাক প্ৰকাশ কৰিলে?

১১ যিহোৱাই যে তেওঁৰ পাৰ্থিৱ সংগঠনক নিৰ্দ্দেশনা দিয়ে, এই বিষয়ে বুজাত তেওঁৰ প্ৰতি থকা আমাৰ বিশ্বাসে আমাক সহায় কৰে। গতিকে যিসকলে মণ্ডলীত গভীৰ দায়িত্ব বহন কৰে তেওঁলোকৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী বজাই ৰখা উচিত। এই হেতুকে যিসকলে মণ্ডলীত দায়িত্ব বহন কৰা ব্যক্তিসকলৰ ওপৰত সঠিক দৃষ্টি ৰখা নাছিল তেওঁলোকক পাঁচনি পিতৰ আৰু যীচুৰ সতীয়া ভায়েকে সতৰ্ক কৰিছিল। (২ পিতৰ ২:৯-১২; যিহূদা ৮) যদি সেইসময়ত যিহোৱাই তাত স্বাভাৱিকৰূপে উপস্থিত থকা হʼলে, সেই ছিদ্ৰান্বেষী (পৰৰ দোষ খোঁচৰা লোক) ব্যক্তিসকলে তেনে সমালোচনা কৰিলেহেঁতেঁন নে? নিশ্চয় নহয়! যিহেতু যিহোৱা অদৃশ্য হোৱাৰ বাবে সেই ব্যক্তিসকলে যিহোৱাৰ বিপক্ষে সমালোচনা কৰিবলৈ সুবিধা পালে।

১২. যিসকলে মণ্ডলীত দায়িত্ব বহন কৰে তেওঁলোকৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰখা উচিত?

১২ বাস্তৱতে আমাৰ খ্ৰীষ্টান মণ্ডলীখন অপৰিপূৰ্ণ মানৱেৰে গঠিত। গতিকে, যেতিয়া কোনো প্ৰাচীনে ভুল কৰে তেতিয়া হয়তো আমি ব্যক্তিগতৰূপে নিৰুৎসাহিত হʼব পাৰোঁ। তথাপিও, যিহোৱাই তেওঁলোকক তেওঁৰ জাকক প্ৰতিপালন কৰিবলৈ ব্যৱহাৰ কৰিছে। (১ পিতৰ ৫:১, ২) কেৱল আধ্যাত্মিক পুৰুষ আৰু স্ত্ৰীয়ে বুজি পাই যে যিহোৱাই নিৰ্দ্দেশনা দিয়াৰ বাবে এই প্ৰাচীনসকলক ব্যৱহাৰ কৰে। আমি খ্ৰীষ্টান হোৱাৰ বাবে ঈশ্বৰ-শাসিত ব্যৱস্থাক দোষ দিয়া বা তাৰ অহিতে কোনো আপত্তি কৰা মনোবৃত্তিৰ পৰা আঁতৰি থকা উচিত। গতিকে, মণ্ডলীত থকা প্ৰাচীনসকলৰ অধীন হৈ আমি প্ৰকাশ কৰোঁ যে সেই অদৃশ্য জনাক দেখা পাইছোঁ।—ইব্ৰী ১৩:১৭.

ঈশ্বৰক মহান শিক্ষক হিচাপে দৃষ্টি কৰা

১৩, ১৪. যিহোৱাক মহান শিক্ষক হিচাপে দৃষ্টি কৰাটো আপোনাৰ বাবে কি অৰ্থ ৰাখে?

১৩ আন এটা ক্ষেত্ৰ আছে যʼত আধ্যাত্মিক অনুভুতিৰ আৱশ্যক। এই সন্দৰ্ভত ভৱিষ্যতবক্তা যিচয়াই এইদৰে ভৱিষ্যতবাণী কৰিছিল: “তোমালোকৰ চকুৱে তোমাৰ শিক্ষকবিলাকক দেখিবলৈ পাব।” (যিচয়া ৩০:২০) যিহোৱাই যে তেওঁৰ পাৰ্থিৱ সংগঠনৰ দ্বাৰা আমাক শিক্ষা প্ৰদান কৰিছে, ইয়াক গ্ৰহণ কৰিবলৈ বিশ্বাসৰ আৱশ্যক। (মথি ২৪:৪৫-৪৭) ঈশ্বৰক এজন মহান শিক্ষক হিচাপে চিনি পাবলৈ, কেৱল উত্তমৰূপে বাইবেল অধ্যয়ন কৰা আৰু নিয়মিতৰূপে খ্ৰীষ্টান সভাবোৰত উপস্থিত হোৱাটোৱেই যথেষ্ট নহয়। কিন্তু ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণৰূপে ঈশ্বৰৰ আধ্যাত্মিক প্ৰবন্ধবোৰৰ লাভ প্ৰাপ্ত কৰা। উদাহৰণস্বৰূপে, যিহোৱাই যীচুৰ দ্বাৰা কৰা প্ৰবন্ধসমূহৰ প্ৰতি আগতকৈও অধিকৰূপে মনোযোগ দিয়া উচিত, অন্যথা আমি আধ্যাত্মিকতাৰ পৰা আঁতৰি যাম।—ইব্ৰী ২:১.

১৪ আধ্যাত্মিক প্ৰবন্ধসমূহৰ পৰা পূৰ্ণৰূপে লাভৱান হʼবলৈ, কেতিয়াবা আমাক কঠিন পৰিশ্ৰম কৰিবলগীয়া হʼব। উদাহৰণস্বৰূপে, যদি বাইবেলৰ কিছুমান বৃত্তান্তক বুজি পোৱাত অসুবিধা যেন লাগে, তেন্তে আমি হয়তো সেই বৃতান্তক পঢ়িবলৈ এৰি দিব পাৰোঁ। কেতিয়াবা আকৌ প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ কিছুমান বিষয় পঢ়িবলৈ আমি আগ্ৰহ নোহোৱাৰ বাবে আমি হয়তো সেই লেখসমূহ নপঢ়িব পাৰোঁ। অথবা হয়তো সভাত উপস্থিত থাকি ভাষণবোৰৰ প্ৰতি মনোযোগ নিদিওঁ। তথাপিও যদি আমি আলোচনা কৰা বিষয়বোৰক দকৈ বিবেচনা কৰোঁ তেন্তে আমি আধ্যাত্মিকৰূপে সজাগ হৈ থাকিব পাৰিম। আধ্যাত্মিক প্ৰৱন্ধবোৰক আদৰ কৰাৰ দ্বাৰা প্ৰকাশ কৰিম যে আমি যিহোৱাক আমাৰ মহান শিক্ষক হিচাপে স্বীকাৰ কৰিছোঁ।

আমাৰ প্ৰতিজনে হিচাপ দিব লাগিব

১৫. যিহোৱাই তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি দৃষ্টি কৰিব নোৱাৰে বুলি ভাবি কিছুমানে কেনেকৈ কাৰ্য্য কৰে?

১৫ যিহেতু “এই শেষকালত” দুষ্টতাৰ অধিক বৃদ্ধি পোৱাৰ বাবে সেই অদৃশ্য জনাৰ ওপৰত বিশ্বাস কৰাটো আগতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। (দানিয়েল ১২:৪) বৰ্তমান সময়ত পৃথিৱীৰ চাৰিওফালে প্ৰবঞ্চনা আৰু যৌন অনৈতিকতাৰ কাৰ্য্য অধিক মাত্ৰাত বিয়পি পৰিছে। গতিকে আমি মনত ৰখা উচিত যে যিহোৱাই আমাৰ সেই কাৰ্য্যবোৰকো দেখি পাই যিবোৰ মানুহৰ চকুৱে দেখা নাপায়। কিছুমানে এই বিষয়বোৰৰ প্ৰতি সতৰ্ক হৈ থকাত বিফল হৈছে। তদুপৰি, তেওঁলোকে মানুহৰ দৃষ্টিত গুপুতে থকা এনে বহুতো কাৰ্য্যত জড়িত হৈ পৰে, সাধাৰণতে যিবোৰ শাস্ত্ৰৰৰ সামঞ্জস্যত নহয়। উদাহৰণস্বৰূপে, কিছুমানে হয়তো হানিকাৰক মনোৰঞ্জন, ইন্টাৰনেট বা টেলিভিচনত অহা অশ্লীল কাৰ্য্যক্ৰম আৰু বিভিন্ন প্ৰকাৰৰ আধুনিক প্ৰযুক্তি বিদ্যাৰ দ্বাৰা প্ৰলোভিত হʼব পাৰে। এইধৰণৰ কাৰ্য্য সাধাৰণতে গুপুতে হয় আৰু তেওঁলোকে ভাবে যে তেওঁলোকৰ এনে কাৰ্য্যক যিহোৱাই দেখি নাপায়।

১৬. কিহে আমাক যিহোৱাৰ উচ্চ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰিব?

১৬ এই ক্ষেত্ৰত আমি পাঁচনি পৌলে কোৱা এই উপদেশ মনত ৰাখিলে উত্তম হʼব। তেওঁ এইদৰে কৈছিল: “এতেকে আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।” (ৰোমীয়া ১৪:১২) সেয়েহে আমি সতৰ্ক হৈ থকা উচিত, কিয়নো প্ৰত্যেকবাৰ আমি কৰা পাপৰ অৰ্থ হৈছে যিহোৱাৰ বিৰুদ্ধে পাপ কৰা। যদি আমি এই বিষয়ে মনত ৰাখোঁ, তেনেহʼলে ই আমাক যিহোৱাৰ উচ্চ স্তৰবোৰৰ অনুসাৰে জীৱন-যাপন কৰি অশুচি আচৰণৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব। এই সন্দৰ্ভত বাইবেলে আমাক এইদৰে সোঁৱৰাই দিছে: “কোনো সৃষ্ট বস্তু তেওঁৰ দৃষ্টিৰ অগোচৰ নহয়; কিন্তু যি জনাৰ আগত আমি হিচাপ দিব লগা হওঁ, তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি।” (ইব্ৰী ৪:১৩) প্ৰকৃততে, আমাৰ সকলোৱে ঈশ্বৰক হিচাব দিব লাগিব, এই মূল কাৰণটোৱে আমাক যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ কৰিবলৈ আৰু তেওঁৰ ধৰ্ম্মীক সিদ্ধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰে। সেইবাবে, আঁহক আমি সঠিক মনোৰঞ্জন বাছনি কৰাত আৰু বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে কৰা আচৰণত সতৰ্কতা বজাই ৰাখোঁহঁক।

১৭. যিহোৱাই আমাৰ প্ৰতি কেনে আগ্ৰহপূৰ্ণ দৃষ্টি ৰাখে?

১৭ যিহোৱাই আমাৰ প্ৰতি অতি আগ্ৰহী, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি পাপ কৰি তাড়না পোৱালৈকে তেওঁ অপেক্ষা কৰি থাকে। ইয়াৰ বিপৰীতে তেওঁ এজন মৰমীয়াল পিতৃৰ দৰে আমাক দৃষ্টি কৰে আৰু তেওঁৰ আজ্ঞাকাৰী সন্তানসকলক তেওঁ প্ৰতিফল দিবলৈ ইচ্ছুক। গতিকে ইয়াকে জানি আমি আনন্দিত নহওঁনে যে তেওঁ আমাৰ বিশ্বাসৰ দ্বাৰা সন্তুষ্টি হৈ “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা”! (ইব্ৰী ১১:৬)আঁহক আমি সম্পূৰ্ণ মনেৰে যিহোৱাক বিশ্বাস আৰু ‘সকলো হৃদয়েৰে তেওঁক সেৱা’ কৰোঁহঁক।—১ বংশাৱলি ২৮:৯.

১৮. যিহোৱাই যে আমাৰ উত্তম কাৰ্য্যসমূহৰ প্ৰতি গুৰুত্ব আৰু ধ্যান দিয়ে, এই বিষয়ে শাস্ত্ৰীয় পদবোৰৰ পৰা আমি কি আশ্বাস লাভ কৰোঁ?

১৮ হিতোপদেশ ১৫:৩ পদত এইদৰে কৈছে: “উত্তম আৰু অধমবিলাকক চাই, যিহোৱাৰ চকু সকলো ঠাইতে থাকে।” প্ৰকৃততে, তেওঁৰ চকু দুষ্ট ব্যক্তি আৰু তেওঁলোকৰ কৰ্ম্মৰ ওপৰতো থাকে। যদি আমি “উত্তমবিলাকৰ” মাজৰে যদি এজন হওঁ, তেন্তে আমি নিশ্চিত হʼব পাৰোঁ যে তেওঁ আমাৰ উত্তম কাৰ্য্যবোৰৰ প্ৰতি ধ্যান দিব। গতিকে ‘প্ৰভুত আমাৰ পৰিশ্ৰম ব্যৰ্থ নহয়’ আৰু সেই অদৃশ্য জনাই যে ‘তেওঁৰ নামলৈ আমি দেখুওৱা প্ৰেম আৰু পৰিশ্ৰম যে পাহৰিব, এনে ঈশ্বৰৰ নহয়,’ এই কথাই আমাৰ বিশ্বাসক শক্তিশালী নকৰেনে বাৰু!—১ কৰিন্থীয়া ১৫:৫৮; ইব্ৰী ৬:১০.

আমাক পৰীক্ষা কৰিবলৈ যিহোৱাক আমণ্ত্ৰণ কৰা

১৯. যিহোৱাৰ প্ৰতি দৃঢ় বিশ্বাস ৰখাৰ বাবে প্ৰাপ্ত কৰা লাভসমূহ কি কি?

১৯ যিহোৱাৰ বিশ্বাসী দাস হোৱাৰ নিমিত্তে আমি তেওঁৰ বাবে অতি মূল্যৱান। (মথি ১০:২৯-৩১) তেওঁ অদৃশ্য হোৱাৰ স্বত্ত্বেও আমাৰ বাবে বাস্তৱিক হʼব পাৰে আৰু তেওঁৰ সৈতে আমি অটুট সম্বন্ধক বজাই ৰাখাৰ আনন্দ উপভোগ কৰিব পাৰোঁ। এইধৰণৰ মনোবৃত্তিয়ে আমাৰ বাবে বহু আশীৰ্ব্বাদ কঢ়িয়াই আনিব পাৰে। আমাৰ দৃঢ় বিশ্বাসে যিহোৱাৰ আগত শুদ্ধ হৃদয় আৰু উত্তম বিবেক প্ৰস্তুত কৰিবলৈ সহায় কৰিব। আমাৰ নিস্বাৰ্থ বিশ্বাসে আমাক দুই তৰপীয়া জীৱন-যাপন কৰাৰ পৰা আঁতৰাই ৰাখিব। (১ তীমথিয় ১:৫, ১৮, ১৯) ঈশ্বৰৰ প্ৰতি থকা দৃঢ় বিশ্বাসে আমাৰ চাৰিওফালে থকা লোকসকলৰ আগত উত্তম উদাহৰণ প্ৰস্তুত কৰিব আৰু সঠিক মনোবৃত্তি বজাই ৰাখিব। (১ তীমথিয় ৪:১২) তদুপৰি, তেনেধৰণৰ বিশ্বাসে ঈশ্বৰীয় আচৰণক বৃদ্ধি কৰাত আৰু তেওঁৰ মনক আনন্দিত কৰিবলৈ উৎসাহিত কৰে।—হিতোপদেশ ২৭:১১.

২০, ২১, (ক)যিহোৱাই আমাৰ ওপৰত চকু ৰখাটো কিয় বাঞ্চনীয়? (খ) গীতমালা ১৩৯:২৩, ২৪ পদত উল্লেখ কৰা পৰামৰ্শক আমি কেনেকৈ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ?

২০ যদি আমি সঁচাকৈ বুদ্ধিমান, তেন্তে যিহোৱাৰ চকু আমাৰ ওপৰত থকাৰ বাবে আনন্দিত হম। ইয়াৰ ওপৰিও তেওঁ কেৱল আমাৰ ওপৰত চকু ৰখাটোৱে নহয় কিন্তু আমাৰ বিচাৰ আৰু কাৰ্য্যবোৰক ভালদৰে পৰীক্ষা কৰাটোও আমি বিচাৰিম। আমি প্ৰাৰ্থনাৰ যোগদি তেওঁক আমন্ত্ৰণ কৰিম যাতে তেওঁ আমাক পৰীক্ষা কৰে আৰু অনুচিত অভিলাষৰ পৰা আঁতৰি থাকিবলৈ বিচাৰশক্তি প্ৰদান কৰে। অৱশ্যই, তেওঁ আমাক সফলতাৰে পৰীক্ষাত সন্মুখীন হবলৈ আৰু আৱশ্যকীয় সাল-সলনি কৰিবলৈ সহায় কৰিব। সেইবাবে, ৰজা দায়ুদে এইদৰে গীত গাইছিল: “হে ঈশ্বৰ, মোৰ বুজ-বিচাৰ লৈ মোৰ মন জানা, মোক পৰীক্ষা কৰি মোৰ কল্পনা বুজা; আৰু মোত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু অনন্ত পথত মোক গমন কৰোৱা।”—গীতমালা ১৩৯:২৩, ২৪.

২১ ৰজা দায়ূদে যিহোৱাক মিনতি কৰি কৈছিল যে তেওঁত “দুষ্টতাৰ কোনো পথ আছে কি নাই,” তাক চাবলৈ যিহোৱাই যেন তেওঁক পৰীক্ষা কৰে। গীতমালা লেখকৰ দৰে, আমিও যিহোৱাক আমাত থকা অনুচিত মনোবৃত্তিক পৰীক্ষা কৰিবলৈ নিৱেদন কৰোঁনে? গতিকে আঁহক বিশ্বাসৰ সৈতে যিহোৱাক আমাৰ পৰীক্ষা কৰিবলৈ আমন্ত্ৰণ জনাওঁহঁক। যদি আমি কোনো দুচিন্তা বা মানসিক আঘাতৰ বাবে অশান্তিত ভূগীছোঁ তেনেহʼলে কি কৰা আৱশ্যক? তেনেহʼলে আঁহক আমি একেৰাহে প্ৰাৰ্থনাত লাগি থাকি নম্ৰভাৱে পবিত্ৰ আত্মাৰ নিৰ্দ্দেশনা আৰু তেওঁৰ বাক্যত উল্লেখ কৰা পৰমাৰ্শসমূহক পালন কৰোঁহঁক। এতেকে আমি ভাৰসা কৰিব পাৰোঁ যে তেওঁ নিশ্চয়ে আমালৈ সহায় আগবঢ়াব আৰু অনন্ত জীৱনৰ পথত চলিবলৈ নিৰ্দ্দেশনা প্ৰদান কৰিব।—গীতমালা ৪০:১১-১৩.

২২. অদৃশ্য জনাৰ প্ৰতি আমি কেনে দৃঢ়সঙ্কল্প লোৱা উচিত?

২২ যদি আমি তেওঁৰ আৱশ্যকতাসমূহক পূৰণ কৰোঁ, তেন্তে যিহোৱাই নিশ্চয়ে আমাক অনন্ত জীৱন প্ৰদান কৰিব। বাস্তৱতে আমি পাঁচনি পৌলৰ দৰে যিহোৱাৰ শক্তি আৰু অধিকাৰক স্বীকাৰ কৰা উচিত। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “এতিয়া চিৰস্থায়ী ৰজালৈ, অৰ্থাৎ অক্ষয়, অদৃশ্য, আৰু একমাত্ৰ ঈশ্বৰলৈ মৰ্য্যাদা আৰু গৌৰব সদা-সৰ্ব্বদায় হওক। আমেন।” (১ তীমথিয় ১:১৭) আঁহক আমি নিতৌ তেওঁলৈ তেনেধৰণৰ মনোবৃত্তিক বজাই ৰাখোঁহঁক। যেনেকুৱা পৰিস্থিতিয়েই নহওঁক কিয়, আমি অদৃশ্য জনাৰ প্ৰতি বিশ্বাসত দৃঢ় হৈ থকাৰ দৃঢ়সঙ্কল্প কৰোঁহঁক। (w01 6/15)

আপুনি কেনেদৰে উত্তৰ দিব?

•ঈশ্বৰক মানুহে কেনেকৈ চাব পাৰে?

•যদি যিহোৱা আমাৰ বাবে বাস্তৱিক ব্যক্তি, তেন্তে তাড়নাৰ সময়ত আমি কেনেধৰণৰ পদক্ষেপ লম?

•যিহোৱাক এজন মহান শিক্ষক হিচাপে দৃষ্টি কৰাৰ অৰ্থ কি?

•যিহোৱাই আমাক পৰীক্ষা কৰক বুলি মনোবৃত্তি ৰখাটো কিয় আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ ছবি]

মোচিয়ে ফৰৌণ ৰজাৰ দ্বাৰা ভয়াভীত নহʼল, কিন্তু অদৃশ্য ঈশ্বৰ যিহোৱাক বাস্তৱতে দেখা পোৱা যেন কাৰ্য্য কৰিলে

[১৭ পৃষ্ঠাৰ ছবি]

আঁহক আমি যিহোৱাই আমাৰ কাৰ্য্যক কেতিয়াও দেখা নাপাই বুলি ভাবি কাৰ্য্য নকৰোঁহঁক

[১৯ পৃষ্ঠাৰ ছবি]

আমি আন্তৰিকতাৰে যিহোৱাৰ জ্ঞান বিচাৰা আৱশ্যক, কিয়নো তেওঁ হৈছে আমাৰ মহান শিক্ষক