Skip to content

Skip to table of contents

যিহোৱাৰ বিষয়ে জনাটো লাভদায়ক

যিহোৱাৰ বিষয়ে জনাটো লাভদায়ক

যিহোৱাৰ বিষয়ে জনাটো লাভদায়ক

আপুনি জীৱনত কিবা এটা গুৰুত্বপূৰ্ণ বিষয় হেৰুৱাইছেনে? যদি আপুনি ঈশ্বৰৰ বিষয়ে কেৱল অল্পমাত্ৰাত জানে, তেনেহʼলে আপুনি নিশ্চয়ে জীৱনত কিবা এটা গুৰুত্বপূৰ্ণ বিষয় হেৰুৱাইছে। কিয় তেনেদৰে কʼব পাৰি? কিয়নো লাখ লাখ লোকে জানিব পাৰিছে যে বাইবেলত বৰ্ণনা কৰা ঈশ্বৰৰ বিষয়ে জানি জীৱনত বৃহৎভাৱে লাভবান হʼব পাৰি। এই লাভসমূহ অবিলম্বে আৰম্ভ হয় আৰু চিৰকালৰ বাবে থাকে।

বাইবেলৰ লিখক যিহোৱা ঈশ্বৰে বিচাৰে যে আমি যেন তেওঁৰ সৈতে পৰিচিত হওঁ। এই সম্পৰ্কে গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” তেওঁ জানিব পাৰিছিল যে ঈশ্বৰৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হৈ আমি লাভবান হʼব পাৰিম। কিয়নো “যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা।” আমি সৰ্ব্বোপৰি যিহোৱা ঈশ্বৰৰ বিষয়ে জানি কেনেকৈ লাভবান হʼব পাৰিম?—গীতমালা ৮৩:১৮; যিচয়া ৪৮:১৭.

ঈশ্বৰৰ সৈতে ব্যক্তিগতৰূপে পৰিচিত হৈ আমি পোৱা এটা লাভ হৈছে, দৈনন্দিন সমস্যাসমূহৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ তেওঁৰ পথ প্ৰদৰ্শন, ভৱিষ্যতৰ বাবে সুনিশ্চিত আশা আৰু মানসিক শান্তি প্ৰদান। তদুপৰি যিহোৱাৰ সৈতে ভালদৰে চিনাকি হৈ এই পৃথিৱীৰ লোকসমূহে বৰ্তমান সম্মুখীন হোৱা সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহক আমি ভিন্ন দৃষ্টিভঙ্গীৰে চাব পাৰিম। সেই গুৰুত্বপূৰ্ণ বিষয়সমূহ কি?

আপোনাৰ জীৱনত কোনো উদ্দেশ্য আছেনে?

জগতে যদিও প্ৰযুক্তি বিদ্যাত বহুখিনি আগবাঢ়ি গৈছে তথাপিও আজি মানুহে এনে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে: ‘মই কিয় ইয়াত আছোঁ? মই কʼলৈ গৈ আছোঁ? জীৱনৰ উদ্দেশ্য কি?’ যদি এজন ব্যক্তিয়ে ইয়াৰ সঠিক উত্তৰ নাপাই, তেনেহʼলে তেওঁৰ জীৱন বাস্তৱতে উদ্দেশ্যহীন হৈ থাকিব। বেছিভাগে জীৱনটোৰ উদ্দেশ্যহীনতাক উপলব্ধি কৰিব পাৰিছেনে? ১৯৯০ চনত জাৰ্মানীত কৰা এটা জৰীপে প্ৰকাশ কৰিছে যে সেই দেশৰ আধা অংশ জনসংখ্যাই প্ৰায়ে বা কেতিয়াবা তেওঁলোকৰ জীৱনত কিবা এটা হেৰুৱাইছে বা তেওঁলোকৰ জীৱনত কোনো উদ্দেশ্য নাই বুলি অনুভৱ কৰে। সম্ভৱতঃ আপুনি বাস কৰা ঠাইটো তেনে বিচাৰধাৰা দেখিবলৈ পাব।

কোনো এটা উদ্দেশ্য নোহোৱাকৈ এজনে ব্যক্তিগত লক্ষ্য ৰাখিবলৈ কোনো আধাৰশিলা নাথাকে। বহুতে এটা সফল কৰ্মজীৱনত জড়িত হৈ বা সা-সম্পত্তি একত্ৰিত কৰি এই নাটনিক ক্ষতিপূৰণ কৰিবলৈ চেষ্টা কৰে। তথাপিও তেওঁলোকে সেই শূন্যতাক পূৰণ কৰিব নোৱাৰে। জীৱনত কোনো উদ্দেশ্য নোহোৱাৰ বাবে কেতিয়াবা কিছুমানে জীয়াই থাকিবলৈ ইচ্ছা নকৰে। সেই একেইদৰে এগৰাকী সুন্দৰী মহিলাৰ সৈতেও ঘটিল। ইন্টাৰনেশ্বনেল হেৰাল্ড ট্ৰিবিউন নামৰ এখন আলোচনীৰ অনুসাৰে তাই “অধিক সা-সম্পত্তি আৰু অনেক সা-সুবিধাৰ মাজত জীৱন নিৰ্বাহ কৰিছিল।” মহিলা গৰাকীয়ে যদিও বিলাসিতাত জীৱন যাপন কৰিছিল তথাপিও তাই নিজকে অকলশৰীয়া আৰু জীৱনত কোনো উদ্দেশ্য নাই বুলি অনুভৱ কৰিছিল। তাই অত্যাধিক নিদ্ৰা যোৱা পিল খাই আৰু তাইৰ মৃত্যু হয়। আপুনি হয়তো অকলশৰীয়া অনুভৱ কৰা আন কোনো ব্যক্তিৰ কৰুনাত্মকভাৱে মৃত্যু হোৱা দেখিছে চাগৈ।

আপুনি কেতিয়াবা ভাবিছেনে বা লোকসকলে দাবী কৰি কোৱা শুনিছেনে যে বিজ্ঞানে জীৱনৰ সকলো বিষয়ে কʼব পাৰে? জাৰ্মানত প্ৰকাশ পোৱা ডি ৱক্‌ নামৰ এখন সপ্তাহিক আলোচনীত এইদৰে কয়: “যদিও বিজ্ঞান বাস্তৱিক হʼব পাৰে, কিন্তু আধ্যাত্মিকৰূপে একেবাৰে দুৰ্ব্বল। ক্ৰমবিকাশ আৰু কোৱান্টামবাদৰ সকলো অনিশ্চিত হেন্দোলনিয়ে কোনো শান্ত্বনা আৰু নিৰাপত্তা দিব নোৱাৰে।” বৈজ্ঞানিক আবিষ্কাৰসমূহে যদিও জীৱনৰ বিভিন্ন স্থিতি, প্ৰাকৃতিক চক্ৰ আৰু জীৱিত ৰখাৰ কাৰ্য্যসমূহৰ বিষয়ে বৰ্ণনা কৰে তথাপিও বিজ্ঞানে আমি কিয় ইয়াত আছোঁ আৰু কʼলৈ গৈ আছোঁ এই বিষয়ে একো কʼব নোৱাৰে। যদি আমি সম্পূৰ্ণৰূপে বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেনেহʼলে জীৱনৰ উদ্দেশ্যক কেতিয়াও জানিব নোৱাৰিম। ইয়াৰ পৰিণামৰ বিষয়ে চুড্‌দেউটচ্‌ জিটুং নামৰ বাতৰিকাকতে এইদৰে কৈছিল যে, “বৃহৎভাৱে এক পথ প্ৰদৰ্শনৰ আৱশ্যক।”

সৃষ্টিকৰ্ত্তাৰ বাহিৰে আন কোনে এনে পথ প্ৰদৰ্শন প্ৰদান কৰিব পাৰে? যিহেতু সৃষ্টিকৰ্ত্তাই প্ৰথম মানৱ দম্পতীক এই পৃথিৱীত নিৰ্ম্মাণ কৰিলে, এতেকে তেওঁলোক কিয় ইয়াত আছে সেই বিষয়ে কেৱল ঈশ্বৰেহে জানে। বাইবেলত এই বিষয়ে এইদৰে বৰ্ণনা কৰিছে যে যিহোৱাই মানুহেৰে পৃথিৱীখন পৰিপূৰ্ণ আৰু ইয়াক চোৱা-চিতা কৰিবলৈ ৰখীয়া হিচাবে নিৰ্ম্মাণ কৰিলে। মানুহৰ সকলো কাৰ্য্যত ঈশ্বৰৰ গুণসমূহ যেনে, ন্যায়, জ্ঞান আৰু প্ৰেম প্ৰকাশ পালে। যিহোৱাই আমাক নিৰ্ম্মাণ কৰাৰ কাৰণটো জনাৰ পিছত আমি বুজি পাইছো যে আমি কিয় ইয়াত আছোঁ?—আদিপুস্তক ১:২৬-২৮.

আপুনি কি কৰিব পাৰে?

‘মই কিয় ইয়াত আছোঁ? মই কʼলৈ গৈ আছোঁ? জীৱনৰ উদ্দেশ্য কি?’ অতীতত যদি আপুনি এই প্ৰশ্নসমূহৰ সন্তুষ্টিজনক উত্তৰ নাপালে, বাইবেলে আপোনাক যিহোৱাৰ বিষয়ে নিবিড়ভাৱে জানিবলৈ আগ্ৰহ কৰিছে। দৰাচলতে যীচুৱে এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” তদুপৰি আপুনি ঈশ্বৰীয় গুণসমূহৰ বিশেষকৈ প্ৰেম বিকাশিত আৰু আহিবলগীয়া মচীহৰ ৰাজ্যৰ অধীনত বাস কৰাৰ বাবে ব্যক্তিগত লক্ষ্য ৰাখিবলৈ আপোনাক উৎসাহিত কৰিছে। এনে কৰাৰ দ্বাৰা আপোনাৰ জীৱনটো উদ্দেশ্যপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে এক নিশ্চিত অপূৰ্ব আশা ৰাখিব পাৰিব। যি মুখ্য প্ৰশ্নসমূহে আপোনাক আমনি কৰি আছে তাৰ নিৰ্ভৰযোগ্য উত্তৰ দিয়া হʼব।—যোহন ১৭:৩; উপদেশক ১২:১৩.

তেতিয়া কেনে এক ভিন্নতা অনুভৱ কৰিব পাৰিব? হান্স নামৰ এজন ব্যক্তিয়ে জানিছিল যে কেনেকৈ এজন মানুহে দুঃখিত হʼব পাৰে। * কেইবা বছৰৰ পূৰ্বেই ঈশ্বৰৰ প্ৰতি তেওঁৰ যদিও অনিশ্চিত বিশ্বাস আছিল তথাপিও সেই বিশ্বাসে তেওঁৰ জীৱনত কোনো প্ৰভাৱিত কৰা নাছিল। হান্সে ড্ৰাগ সেৱন, অনৈতিক জীৱন-যাপন আৰু সৰু সৰু অপৰাধ কৰি মটৰচাইকেলত উদ্দেশ্যহীনভাৱে ঘূৰি-ফুৰিছিল। কিন্তু তেওঁ বৰ্ণনা কৰিছিল যে, “জীৱনটো উদ্দেশ্যহীন আৰু সন্তুষ্টিজনক নাছিল।” তেওঁ প্ৰায় ২৫ বছৰ বয়সত বাইবেলখন মনোযোগেৰ পঢ়ি ঈশ্বৰক ব্যক্তিগতভাৱে জানিবলৈ নিৰ্ণয় লʼলে। তেওঁ যিহোৱাৰ বিষয়ে আৰু জীৱনৰ উদ্দেশ্যৰ বিষয়ে ভালকৈ জনাৰ পিছত নিজৰ জীৱন-প্ৰণালী সলনি কৰি বাপ্তিষ্মা লৈ এজন যিহোৱাৰ সাক্ষী হৈ পৰিল। বৰ্তমান তেওঁ যোৱা দহ বছৰ ধৰি পূৰ্ণ সময়ৰ অগ্ৰগামীৰূপে সেৱা কৰি আছে। তেওঁ স্পষ্টকৈ এইদৰে কৈছিল: “যিহোৱাক সেৱা কৰাটোৱেই হৈছে জীৱনৰ উত্তম পথ। ইয়াৰ তুলনাত আন একোৱেই হʼব নোৱাৰে। যিহোৱাক জনাৰ দ্বাৰা মোৰ জীৱনটো উদ্দেশ্যপূৰ্ণ হৈ পৰে।”

প্ৰকৃততে বেছিভাগেই যে কেৱল জীৱনৰ উদ্দেশ্যৰ সম্পৰ্কে চিন্তিত এনে নহয়। দিনে দিনে জগতৰ অৱস্থা বেয়ালৈ ঢাল খোৱাটো সকলোৰে বাবে ব্যাকুলৰ কাৰণ হৈ পৰিছে, যিটো হৈছে আন এটা গুৰুত্বপূৰ্ণ বিষয়।

এই দুশ্চিন্তাগ্ৰস্ত অৱস্থা কিয় ঘটিব পাইছে?

যেতিয়া এজন ব্যক্তিয়ে কোনো বিপদৰ সম্মুখীন হয় তেতিয়া প্ৰায়ে তেওঁ এইদৰে ভাবিবলৈ বাধ্য হয়: এনেদৰে কিয় ঘটিবলৈ পালে? বেছিভাগ ক্ষেত্ৰত এই প্ৰশ্নটোৰ সঠিক উত্তৰ পাবলৈ ঘটনাটোৰ সৈতে জড়িত থকা মানসিক অনুভূতিত বিজয়ী হোৱাটো নিৰ্ভৰ কৰে। যদি কোনো সন্তুষ্টিজনক উত্তৰ পোৱা নাযায় তেতিয়াহʼলে পীড়িত ব্যক্তিজনৰ অৱস্থা অধিক বেয়া হʼব পাৰে। উদাহৰণস্বৰূপে, বাৰুণী নামৰ এগৰাকী মহিলাৰ বিষয়ে বিবেচনা কৰক।

মধ্য বয়সীয়া মাতৃ বাৰুণীয়ে এইদৰে কয়: “কিছু বছৰৰ আগতে মোৰ কণমাণি ছোৱালীজনীৰ মৃত্যু হʼল। মই ঈশ্বৰক বিশ্বাস কৰাৰ বাবে শান্ত্বনা লভিবলৈ এজন স্থানীয় পুৰোহিতৰ কাষ চাপিলোঁ। তেওঁ মোক এইদৰে কৈছিল যে ঈশ্বৰে ছোচেনাক স্বৰ্গলৈ লৈ গʼল আৰু এতিয়া তাই তাত স্বৰ্গদূত হিচাবে আছে। তাইৰ মৃত্যুত মোৰ বাবে কেৱল জগতখনেই হঠাতে নোহোৱা হʼল এনে নহয়, কিন্তু ঈশ্বৰে তাইক নিয়াৰ বাবে ঈশ্বৰৰ প্ৰতিও মোৰ ঘৃণা উপজিল।” বাৰুণীয়ে কেইবা বছৰো তেনেদৰে মানসিক বেদনাত কটাবলগীয়া হʼল। “তেনে অৱস্থাত এগৰাকী যিহোৱাৰ সাক্ষীয়ে বাইবেলৰ পৰা দেখুৱাই যে মই ঈশ্বৰক ঘৃণা কৰাৰ কোনো কাৰণ নাই। কিয়নো যিহোৱাই ছোচেনাক স্বৰ্গলৈ নিয়া নাই আৰু স্বৰ্গদূত হিচাবে তাত থকা নাই। মানৱে অসিদ্ধতা হোৱাৰ বাবে ছোচেনাৰ বেমাৰেই তাইৰ মৃত্যুৰ কাৰণ হʼল। ছোচেনাই এতিয়া মৃত্যুত নিদ্ৰিত হৈ আছে আৰু যিহোৱাৰ পুনৰুত্থানলৈ অপেক্ষা কৰি আছে। তদুপৰি মই শিকিব পাৰিলোঁ যে ঈশ্বৰে মানৱক পৰমদেশত চিৰকালে জীয়াই থাকিবলৈ বনাইছিল আৰু অতি শীঘ্ৰেই সেই পৰিস্থিতি পুনৰ স্থাপিত হʼব। যিহোৱা প্ৰকৃততে কেনে ধৰণৰ ব্যক্তি তাৰ বিষয়ে শিকাৰ পিছত মই অধিককৈ তেওঁৰ কাষ চাপিব পাৰিলোঁ আৰু মোৰ মানসিক বেদনা ক্ৰমান্বয়ে হ্ৰাস হʼল।”—গীতমালা ৩৭:২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫; ৰোমীয়া ৫:১২.

বৰ্তমান কোটি কোটি লোকে ইটোৰ পিছত সিটো বিপদৰ সম্মুখীন হʼবলগীয়া হৈছে: যেনে, ব্যক্তিগত দুৰ্ঘটনা, যুদ্ধ, দুৰ্ভিক্ষ বা প্ৰাকৃতিক দুৰ্য্যোগ। বাৰুণীয়ে এবাৰ বাইবেলৰ পৰা যিহোৱা যে এই বিপদবোৰৰ বাবে দায়ী নহয় আৰু অতি সোনকালে তেওঁ দুষ্টতাৰ বিনাশ কৰিব এই বিষয়ে জনাৰ পিছত যথেষ্টমাত্ৰাত তাইৰ বেদনা হ্ৰাস হোৱাৰ উপশম হʼল। দৰাচলতে বৃদ্ধি হোৱা দুষ্টতা হৈছে এটা চিহ্ন যিহে প্ৰমাণ কৰিছে যে আমি বৰ্তমান এই ৰীতি-ব্যৱস্থাৰ একেবাৰে “শেষ-কালত” বাস কৰিছোঁ। এটা উত্তম পৰিস্থিতিলৈ নাটকীয় পৰিৱৰ্তন একেবাৰে দুৱাৰ দলিত পালেহি।—২ তীমথিয় ৩:১-৫; মথি ২৪:৭, ৮.

ঈশ্বৰক জানিব পাৰে

ঈশ্বৰৰ প্ৰতি হান্স আৰু বাৰুণীৰ অনিশ্চিত বিশ্বাস আছিল। তেওঁলোকে ঈশ্বৰ বিষয়ে অধিক নজনাকৈ সাধাৰণভাৱে বিশ্বাস কৰিছিল। যেতিয়া তেওঁলোকে যিহোৱাৰ বিষয়ে সঠিকভাৱে জানিবলৈ সময় অতিবাহিত কৰি পৰিশ্ৰম কৰিলে তেতিয়া তেওঁলোকে তাৰ সঠিক ফল লাভ কৰিলে। তেওঁলোকে আমাৰ দিনত প্ৰায়বোৰ লোকে সোধা প্ৰশ্নৰ উপযুক্ত উত্তৰ পালে। ইয়ে তেওঁলোকক মানসিক শান্তি আৰু ভৱিষ্যতৰ বাবে সুনিশ্চিত আশা প্ৰদান কৰিলে। তেওঁলোকৰ দৰে বৰ্তমান লাখ সংখ্যক যিহোৱাৰ সেৱকসকলেও অভিজ্ঞতা লাভ কৰিছে।

যিহোৱাৰ বিষয়ে জানিবলৈ হʼলে আমি মনোযোগেৰে বাইবেলখনক নিৰীক্ষণ কৰা আৱশ্যক। কিয়নো বাইবেলে আমাক যিহোৱা আৰু তেওঁৰ আৱশ্যকতাসমূহৰ বিষয়ে কৈছে। প্ৰাচীন সময়ৰ যিহোৱাৰ সেৱসকলেও তেনেদৰে নিৰীক্ষণ কৰিছিল। এই সম্পৰ্কে বুৰঞ্জীবিদ আৰু চিকিৎসক লূকে গ্ৰীচ দেশৰ বিৰয়া মণ্ডলীত থকা ইহুদী ভাই-ভনীসকলৰ সম্পৰ্কে এইদৰে ৰিপৰ্ট দিছিল যে তেওঁলোকে “সম্পূৰ্ণ আগ্ৰহেৰে [পৌল আৰু চীলৰ] বাক্য গ্ৰহণ কৰি এয়ে হয় কি নহয়, তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১৭:১০, ১১.

প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলেও মণ্ডলীত একত্ৰিত হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:৪১, ৪২, ৪৬; ১ কৰিন্থীয়া ১:১, ২; গালাতীয়া ১:১, ২; ২ থিচলনীকীয়া ১:১) একেইদৰে বৰ্তমান সময়ত প্ৰকৃত খ্ৰীষ্টানসকলেও কৰে। যিহোৱাৰ সাক্ষীসকলে মণ্ডলীত সভাসমূহৰ বাবে একত্ৰিত হয়। সেই সভাবোৰ বিশেষকৈ নতুন আগ্ৰহী ব্যক্তিসকলে যিহোৱাৰ কাষ চাপি আনন্দেৰে উপাসনা কৰিবৰ বাবে আয়োজন কৰা হৈছে। গতিকে স্থানীয় যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰি আশীৰ্ব্বাদ লাভ কৰিব পাৰি। যিহেতু লোকসকলে উপাসনা কৰা ঈশ্বৰৰ বিষয়ে ক্ৰমান্বয়ে অধিককৈ জানিব বিচাৰে। এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে এই গুণ প্ৰকাশ কৰিছে যে তেওঁলোকৰ জ্ঞান সীমিত আৰু তেওঁলোকে যিহোৱাই কৰা কাৰ্য্যৰ প্ৰতি কৃতজ্ঞতা যাপন কৰে। গতিকে যিহোৱাৰ সাক্ষীসকলৰ সৈতে একত্ৰিত হৈ যিহোৱাক অধিক ভালকৈ জানিবলৈ আমি সহায় লাভ কৰিব পাৰোঁ।—ইব্ৰী ১০:২৪, ২৫.

কেৱল এজন ব্যক্তিক ভালকৈ জানিবলৈ কৰা প্ৰচেষ্টা অধিক কঠিন যেন বোধ হৈছেনে? ইয়াৰ বাবে অবশ্যেই প্ৰচেষ্টাৰ আৱশ্যক। আপুনি নিজৰ জীৱনৰ কোনো লক্ষ্যত উপনীত হʼবলৈ এনে প্ৰচেষ্টা নকৰেনে বাৰু? ক্ষন্তেকৰ বাবে বিবেচনা কৰক যে কেনেকৈ এজন প্ৰখ্যাত খেলুৱৈয়ে প্ৰশিক্ষণৰ সময়ত প্ৰচেষ্টা কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে, স্কী খেলত স্বৰ্ণ পদক লাভ কৰা ফ্ৰান্স দেশৰ জান-ক্লড্‌ কেলীয়ে এজন সফল প্ৰাপ্ত অন্তৰাষ্ট্ৰীয় স্কী খেলুৱৈ হʼবলৈ কিহৰ আৱশ্যক সেই বিষয়ে এইদৰে কৈছিল: “আপুনি অলিম্পিক খেলৰ ১০ বছৰৰ পূৰ্বৰে পৰাই বছৰ ধৰি বছৰ পৰিকল্পনা আৰু প্ৰত্যেক দিনে ইয়াৰ বিষয়ে চিন্তা কৰা . . . আৱশ্যক। এইটো হৈছে এজনে মানসিক আৰু শাৰীৰিকভাৱে বছৰটোৰ ৩৬৫ দিনে অভ্যাস কৰা কাৰ্য্য।” সম্ভৱতঃ কেৱল দহ মিনিট ধৰি চলা স্কী দৌৰৰ বাবে সেই সকলো সময় আৰু প্ৰচেষ্টাৰ আৱশ্যক! যিহোৱাৰ বিষয়ে জানিবলৈ তেনে চিৰস্থায়ী প্ৰচেষ্টা কৰি আপুনি তেওঁৰ বিষয়ে অধিক জানিব পাৰিব।

চিৰকালৰ বাবে ঘনিষ্ঠ হোৱা এক সম্বন্ধ

জীৱনত কিবা এটা হেৰুৱাটো কোনে বিচাৰিব? বাস্তৱতে কোনেও নিবিচাৰে। যদি আপুনি নিজৰ জীৱনটো উদ্দেশ্যহীন বোধ কৰিছে বা কিয় দুৰ্ঘটনাসমূহ ঘটে এই বিষয়ে সঠিক কাৰণ জানিব বিচাৰিছে, তেনেহʼলে আপুনি বাইবেলত বৰ্ণিত যিহোৱা ঈশ্বৰৰ বিষয়ে জানিবলৈ দৃঢ় নিৰ্ণয় লওক। কিয়নো তেওঁৰ বিষয়ে শিকি আপোনাৰ জীৱনটো উত্তমতালৈ এক চিৰস্থায়ী পৰিৱৰ্তন হʼব।

যিহোৱাৰ বিষয়ে শিকাটো কেতিয়াবা শেষ হʼবনে? যিসকলে বহু বছৰ ধৰি যিহোৱাৰ সেৱা কৰি আহিছে, তেওঁলোকে পাইছে যে তেওঁৰ বিষয়ে শিকিবলৈ এতিয়াও বহু কিছু বাকী আছে আৰু তেওঁলোকে একেৰাহে শিকি আছে। এনেদৰে বিষয়বোৰ শিকি আমি আনন্দিত হওঁ আৰু ইয়ে আমাক তেওঁৰ অধিক কাষ চাপিবলৈ সহায় কৰে। আঁহক আমি পাঁচনি পৌলে কোৱা এই বিচাৰধাৰাৰ সৈতে সন্মত হওঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য! কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰীয়েই বা কোন হল?”—ৰোমীয়া ১১:৩৩, ৩৪. (w03 2/15)

[ফুটনোট]

^ আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৫ পৃষ্ঠাৰ ব্লাৰ্ব]

ব্যক্তিসকলে আজিও এইদৰে সেই একেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ সোধে: ‘মই কিয় ইয়াত আছোঁ? মই কʼলৈ গৈ আছোঁ? জীৱনৰ উদ্দেশ্য কি?’

[৬ পৃষ্ঠাৰ ব্লাৰ্ব]

“যিহোৱা প্ৰকৃততে কেনে ধৰণৰ ব্যক্তি তাৰ বিষয়ে শিকাৰ পিছত মই অধিককৈ তেওঁৰ কাষ চাপিব পাৰিলোঁ।”

[৭ পৃষ্ঠাৰ ব্লাৰ্ব]

“যিহোৱাক সেৱা কৰাটোৱেই জীৱনৰ উত্তম পথ। ইয়াৰ তুলনাত আন একোৱে হব নোৱাৰে। যিহোৱাক জনাৰ দ্বাৰা জীৱনটো উদ্দেশ্যপূৰ্ণ হৈ পৰে।”