Skip to content

Skip to table of contents

মনত ৰাখিবলগীয়া দিনটো

মনত ৰাখিবলগীয়া দিনটো

মনত ৰাখিবলগীয়া দিনটো

সেই দিনটোৱে মানৱজাতিৰ বাবে অনন্ত জীৱনৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিলে। সেই দিনটোৰ বাহিৰে বুৰঞ্জীত উল্লেখিত আন কোনো দিনে মানৱজাতিৰ ভৱিষ্যতৰ বাবে ইমান প্ৰভাৱিত কৰিব নোৱাৰে। সেই দিনটোত যীচুৱে পৃথিৱীলৈ অহা নিজৰ সকলো উদ্দেশ্য সম্পূৰ্ণ কৰিলে। সেয়েহে যাতনা স্তম্ভত যীচুৱে শেষবাৰৰ বাবে উশাহ লোৱাৰ সময়ত এইদৰে উচ্চস্বৰত কৈছিল: “সিদ্ধ হʼল!” (যোহন ১৯:৩০) যীচুৱে কি উদ্দেশ্যৰে পৃথিৱীলৈ আহিছিল?

এই বিষয়ে বাইবেলে এইদৰে কৈছে “মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) যীচুৱে মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিলে। ইয়াত কোনো সন্দেহ নাই যে, “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) গতিকে ঈশ্বৰে কৰা যীচুৰ বলিদানৰ প্ৰবন্ধ কিমান যে মূল্যৱান আছিল!

যীচুৰ মৃত্যুৰ দিনটোক স্মৰণ কৰাৰ আন এটা কাৰণ আছে। সেই উক্ত দিনটোত ঈশ্বৰৰ পুত্ৰই তেওঁৰ শিষ্যসকলক বিশ্বাসী হৈ থাকিবলৈ এটা গুৰুত্বপূৰ্ণ শিক্ষাদান কৰিছিল। তেওঁৰ সেই অন্তিম বাক্যসমূহে শিষ্যসকলৰ হৃদয়ক কিমান যে গভীৰভাৱে স্পৰ্শ কৰিছিল! সেই শিক্ষাসমূহ কি আছিল? যীচুৱে তেওঁৰ শিষ্যসকলক প্ৰদান কৰা শিক্ষাৰ পৰা আমি কেনেকৈ লাভবান হʼব পাৰোঁ? এই প্ৰশ্নসমূহৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w03 3/15)