Skip to content

Skip to table of contents

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত

এই কিতাপখনত মিচৰ দেশত “বন্দীকাম” কৰাসকলে মুক্তি লাভ কৰা সঁচা কাহিনী বৰ্ণনা কৰা হৈছে। (যাত্ৰাপুস্তক ১:১৩) তদুপৰি ইয়াত এক নতুন জাতিৰ জন্মৰ বিষয়ে উল্লেখ কৰা হৈছে। এই বৃতান্তত যিহোৱাই কৰা আচৰিতজনক কাৰ্য্য, ৰাজকীয় বিধিব্যৱস্থা, উপাসনাগৃহৰ নিৰ্ম্মাণ আৰু ইয়াৰ আকৰ্ষণীয় বৈশিষ্ট্যসমূহৰ বিষয়ে কোৱা হৈছে। মূলতে বাইবেলৰ যাত্ৰাপুস্তক কিতাপখনত এই বিষয়বোৰ সন্মিলিত আছে।

যাত্ৰাপুস্তক কিতাপখনত মোচি নামৰ ইহুদী ভৱিষ্যতবক্তা জনে ইস্ৰায়েলে ১৪৫ বছৰতকৈ অধিক সময় অৰ্থাৎ সা.যু.পূ. ১৬৫৭ চনত যোচেফৰ মৃত্যুৰ পৰা লৈ সা.যু.পূ. ১৫১২ চনত উপাসনাগৃহ নিৰ্ম্মাণ কাৰ্য্য সমাপ্তিলৈকে হোৱা অভিজ্ঞতাবোৰ বৰ্ণনা কৰিছে। তথাপিও এই বৃতান্ত কোনো ঐতিহাসিক বিৱৰণী নহয়। ই হৈছে মানৱজাতিক প্ৰদান কৰা ঈশ্বৰৰ বাক্য বা বাৰ্ত্তাৰ এটা অংশ। দৰাচলতে এইটো হৈছে “জীয়া, কাৰ্য্য-সাধক।” (ইব্ৰী ৪:১২) সেয়েহে যাত্ৰাপুস্তক কিতাপখনে আমাৰ বাবে এক প্ৰকৃত অৰ্থ ৰাখে।

“ঈশ্বৰে সিবিলাকৰ কেঁকনি” শুনিলে

(যাত্ৰাপুস্তক ১:১-৪:৩১)

মিচৰত বাস কৰা যাকোবৰ পো-জীয়াৰীবিলাকৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিলে, সেয়েহে ৰাজকীয় উচ্চ বিষয়াৰ দাস হিচাবে খাটি অত্যন্ত যাতনা ভুগীবলগীয়া হৈছিল। ইয়াৰ উপৰিও মিচৰৰ ফৰৌণ ৰজাই ইস্ৰায়েলৰ সকলো নাবালক লʼৰা সন্তানক বধ কৰিবলৈ আজ্ঞা দিলে। এই হত্যাকাণ্ডৰ পৰা এটি তিনি মহীয়া শিশুৱে ৰক্ষা পালে আৰু তেওঁক ফৰৌণ ৰজাৰ জীয়েকে নিজৰ পুতেক হিচাবে তুলি লʼলে। তেওঁৰ নাম আছিল মোচি। যদিও তেওঁ ৰাজঘৰীয়া পৰিয়ালত ডাঙৰ-দীঘল হʼল তথাপিও ৪০ বছৰ বয়সত তেওঁ নিজৰ লোকসকলৰ পক্ষ লৈ এজন মিচৰীয়াক বধ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ৭:২৩, ২৪) সেইবাবে তেওঁ মিদিয়ন দেশলৈ পলাই যাবলগীয়া হʼল। তাত তেওঁ বিয়া-বাৰু কৰি এজন মেৰৰখীয়া হিচাবে জীৱন-যাপন কৰিব ধৰিলে। অলৌকিক ৰূপে জ্বলি থকা এটা জোপোহাৰ কাষ চপাত যিহোৱাই মোচিক পুনৰাই মিচৰলৈ উভটি গৈ ইস্ৰায়েলসকলক দাসত্বৰ পৰা মুকলি কৰি পৰিচালনা কৰিবলৈ আজ্ঞা দিলে। মোচিৰ ভায়েক হাৰোণক তেওঁৰ মুখপাত্ৰ হিচাবে নিযুক্ত কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৩:১—যিথ্ৰো কেনে ধৰণৰ পুৰোহিত আছিল? কুলপতিৰ সময়ত পৰিয়ালৰ মুখীয়াল ব্যক্তিজনে তেওঁৰ পৰিয়ালটোৰ বাবে পুৰোহিত হিচাবে কাৰ্য্য কৰিছিল। প্ৰকৃততে যিথ্ৰোৱে মিদিয়নীয়া গোষ্ঠিৰ কুলপতিৰ মুখিয়াল আছিল। মিদিয়নীয়াসকল, কটূৰাৰ পৰা জন্ম হোৱা অব্ৰাহামৰ বংশধৰ আছিল। তেওঁলোকে হয়তো যিহোৱাৰ উপাসনাৰ বিষয়ে জানিছিল।—আদিপুস্তক ২৫:১, ২.

৪:১১—কি অৰ্থত যিহোৱাই ‘বোবা, কলা আৰু অন্ধ’ কৰে? যদিও যিহোৱাই কোনো কোনো সময়ত বোবা আৰু অন্ধ কৰে তথাপিও তেওঁ তেনে ধৰণৰ অক্ষমতা থকা সকলৰ বাবে দায়ী নহয়। (আদিপুস্তক ১৯:১১; লূক ১:২০-২২, ৬২-৬৪) এই সকলোবোৰৰ কাৰণ হৈছে মানৱে আদমৰ পৰা উত্তৰাধিকাৰীৰূপে পোৱা পাপ। (ইয়োব ১৪:৪; ৰোমীয়া ৫:১২) যিহেতু তেওঁ এনে পৰিস্থিতিক অস্তিত্বত থাকিবলৈ অনুমতি দিছে, সেয়েহে তেওঁ নিজকে বোবা, কলা আৰু অন্ধ ‘কৰা’ বুলি কʼব পাৰে।

৪:১৬—মোচিয়ে কেনেকৈ হাৰোণৰ “ঈশ্বৰস্বৰূপ” হৈছিল? মোচি এজন ঈশ্বৰৰ প্ৰতিনিধি আছিল। সেয়েহে মোচিয়ে হাৰোণৰ বাবে “ঈশ্বৰস্বৰূপ” হৈছিল, যিজনে মোচিক প্ৰতিনিধিত্ব কৰিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:৭, ১৪. মিচৰ দেশত যাতনা পাই পীড়িত হোৱা কালত যিহোৱাই তেওঁৰ লোকসকলক সহায় কৰিছিল। একেইদৰে বৰ্তমান সময়ত থকা তেওঁৰ সাক্ষীসকলক সফলতাৰে বিৰোধীতাৰ সম্মুখীন হʼবলৈ প্ৰতিপাদন কৰে।

১:১৭-২১. যিহোৱাই আমাৰ “মঙ্গলৰ অৰ্থে” আমাক সোঁৱৰণ কৰে।—নহিমিয়া ১৩:৩১.

৩:৭-১০. যিহোৱাই তেওঁৰ লোকসকলৰ কাতৰোক্তি শুনি কাৰ্য্য কৰে।

৩:১৪. যিহোৱাই নিজৰ উদ্দেশ্য পূৰণ কৰাত কেতিয়াও বিফল নহয়। সেইবাবে আমি নিশ্চিত হʼব পাৰোঁ যে তেওঁৰ বাক্য অৰ্থাৎ বাইবেল আধাৰিত আশাবোৰ বাস্তৱিকতালৈ পৰিণত হʼব।

৪:১০, ১৩. যদিও মোচিয়ে ঈশ্বৰৰ সমৰ্থন পাইছিল তথাপিও তেওঁ নিজৰ সামৰ্থৰ ওপৰত অকণো ভাৰসা কৰা নাছিল। সেয়েহে মিচৰৰ ফৰৌণ ৰজাৰ আগত কথা কʼবলৈ আন কোনোবা এজনক পঠিয়াই দিবলৈ নিৱেদন কৰিছিল। কিন্তু যিহোৱা ঈশ্বৰে মোচিক ব্যৱহাৰ কৰিলে আৰু তেওঁৰ নিযুক্তি কাৰ্য্যক সম্পন্ন কৰিবলৈ আৱশ্যকীয় শক্তি আৰু সমাৰ্থ প্ৰদান কৰিলে। গতিকে আমি নিজৰ অসমৰ্থতাৰ উপৰত অধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে যিহোৱাত সম্পূৰ্ণ ভাৰসা কৰি আমাক প্ৰচাৰ আৰু শিক্ষা দান কৰিবলৈ দিয়া যিহোৱাৰ আজ্ঞাক সম্পন্ন কৰা প্ৰয়োজন। (মথি ২৪:১৪; ২৮:১৯, ২০)

আচৰিতজনক অলৌকিক কাৰ্য্যই উদ্ধাৰলৈ পৰিচালনা কৰে

(যাত্ৰাপুস্তক ৫:১-১৫:২১)

মোচি আৰু হাৰোণে মিচৰ দেশৰ ফৰৌণ ৰজাৰ আগত উপস্থিত হৈ অৰণ্যলৈ গৈ যিহোৱালৈ উৎসৱ পালন কৰিবলৈ ইস্ৰায়েল জাতিক এৰি দিবলৈ নিৱেদন কৰিলে। কিন্তু মিচৰৰ ৰজাই তেওঁলোকৰ নিৱেদনক পোনছাতেই নাকচ কৰিলে। তাতে যিহোৱাই মিচৰ দেশত এটাৰ পিছত আনটো ক্লেশ আনিবলৈ মোচিক ব্যৱহাৰ কৰিলে। কেৱল দহটো ক্লেশৰ পিছতহে ফৰৌণ ৰজাই ইস্ৰায়েলসকলক এৰি দিলে। তথাপিও তেওঁ আৰু তেওঁৰ সৈন্য-সামন্তই পুনৰাই মিচৰলৈ উভতাই আনিবলৈ ইস্ৰায়েলসকলৰ কাষ চাপোতেই, যিহোৱাই চূফ সাগৰ দুভাগ কৰি বাট উলিয়াই তেওঁৰ লোকসকলক ৰক্ষা কৰিলে। পিছে পিছে খেদি অহা সৈন্য-সামন্তক সমুদ্ৰৰ পানীয়ে ডুবাই পেলাই ধ্বংস কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৬:৩—অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবে ঈশ্বৰক কি নামেৰে জানিব নোৱাৰিলে? কুলপতি সকলে ঈশ্বৰীয় নাম ব্যৱহাৰ কৰিছিল আৰু যিহোৱাৰ পৰা প্ৰতিজ্ঞা লাভ কৰিছিল। তথাপিও যিহোৱাই যে সেই প্ৰতিজ্ঞাসমূহৰ পূৰ্ণ কৰোঁতা তাক তেওঁলোকে জানিব বা অনুভৱ কৰিব নোৱাৰিলে।—আদিপুস্তক ১২:১, ২; ১৫:৭, ১৩-১৬; ২৬:২৪; ২৮:১০-১৫.

৭:১—মোচিয়ে কেনেকৈ ‘ফৰৌণৰ আগত ঈশ্বৰস্বৰূপ’ হৈছিল? মোচিক ঐশ্বৰিক শক্তি আৰু ফৰৌণৰ উপৰত অধিকাৰ দিয়া হৈছিল। সেয়েহে ৰজাক ভয় কৰাৰ কোনো কাৰণ নাছিল।

৭:২২—মিচৰীয়া মায়াকৰ্ম্ম কৰা পুৰোহিতবিলাকে কʼৰ পৰা পানী আনিছিল যিটো তেজলৈ পৰিণত হোৱা নাছিল? তেওঁলোকে সম্ভৱতঃ সেই পানী নীল নদীৰ পানী তেজলৈ পৰিণত হোৱাৰ পূৰ্বেই লৈছিল অথবা তেজলৈ পৰিণত নোহোৱা কোনো কুঁৱা বা নীল নদীৰ কাষত থকা কোনো গাঁতৰ পৰা লোৱা হৈছিল।—যাত্ৰাপুস্তক ৭:২৪.

৮:২৬, ২৭—ঈস্ৰায়েলসকলে কৰা বলিদান “মিচৰীয়াবিলাকৰ ঘৃণাজনক” হʼব বুলি মোচিয়ে কিয় কৈছিল? মিচৰত বহুতো জীৱ-জন্তুক উপাসনা কৰা হৈছিল। সেয়েহে যিহোৱালৈ বলিদান কৰিবলৈ ইস্ৰায়েলসকলক যেন মিচৰৰ পৰা যাবলৈ অনুমতি দিয়ে সেই বিষয়ে মোচিয়ে বলিদান বুলি উল্লেখ কৰি দৃঢ়তাৰে যুক্তি দৰ্শাইছিল।

১২:২৯—কোনসকলক প্ৰথমজাত বুলি লেখত ধৰা হৈছিল? কেৱল পুৰুষসকলক প্ৰথমজাত বুলি গণনা কৰা হয়। (গণনা পুস্তক ৩:৪০-৫১) মিচৰৰ ৰজা ফৰৌণ নিজেই প্ৰথমজাত আছিল, কিন্তু তেওঁ নমৰিল। তেওঁৰ নিজ পৰিয়ালবৰ্গ আছিল। দশম ক্লেশত পৰিয়ালৰ মুখীয়াল ব্যক্তিজনৰ নহয় কিন্তু প্ৰথমজাত লʼৰা সন্তানৰ মৃত্যু হৈছিল।

১২:৪০—ইস্ৰায়েলসকলে কিমান বছৰ মিচৰ দেশত আছিল? ইয়াত উল্লেখ কৰা ৪৩০ বছৰ সময়ছোৱাত ইস্ৰায়েলসকলে ‘মিচৰ আৰু কানান দেশত’ আছিল। (ৰেফেৰেন্স বাইবেল, ফোটনোটত চাওক) সা.যু.পূ. ১৯৪৩ চনত পঁইসত্তৰ বছৰীয়া অব্ৰাহামে ইউফ্ৰেটিছ নদী পাৰ হৈ কনান দেশলৈ গৈছিল। (আদিপুস্তক ১২:৪) তেতিয়াৰ পৰা ১৩০ বছৰীয়া যাকোবে মিচৰ দেশত প্ৰৱেশ কৰালৈকে ২১৫ বছৰ অতিক্ৰম কৰিলে। (আদিপুস্তক ২১:৫; ২৫:২৬; ৪৭:৯) ইয়াৰ অৰ্থ হৈছে তাৰ পিছত ইস্ৰায়েলসকলে একেই সমান অৰ্থাৎ ২১৫ বছৰ সময় মিচৰত অতিবাহিত কৰিলে।

১৫:৮—প্ৰকৃততে চূফ সমুদ্ৰৰৰ “গোট” মৰা পানী বৰফলৈ পৰিণত হৈছিলনে? ইয়াত ব্যৱহাৰ কৰা হিব্ৰু ভাষাত “গোট” শব্দৰ অৰ্থ হৈছে সঙ্কোচিত বা ঘন হোৱা। ইয়োব ১০:১০ পদত দৈৰ সৈতেও একেই উক্তি ব্যৱহাৰ কৰা হৈছে। গতিকে পানী গোট হোৱাৰ অৰ্থ এইটো নহয় যে পানী গোট মাৰি বৰফ হোৱা। যাত্ৰাপুস্তক ১৪:২১ পদত উল্লেখ কৰা “পূব ফালৰ প্ৰবল” বতাহ অতিপাত ঠাণ্ডা বা চেঁচা হোৱাৰ কাৰণে পানী গোট মাৰিবলৈ যথেষ্ট আছিল। সেয়েহে বিনা কোনো সন্দেহে কিছুমান উদ্ধৃতিয়ে অতিপাত চেঁচা বুলি উল্লেখ কৰিছে। যিহেতু চূফ সমুদ্ৰৰ পানী গোট মাৰি ধৰি ৰাখাৰ কোনো স্পষ্ট একো চকুত পৰা নাছিল আৰু সেই সমুদ্ৰৰ পানী গোট মাৰি টান বা ঘন হোৱা যেন দেখা গৈছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৭:১৪–১২:৩০. দহোটা ক্লেশ কোনো সমকালীন ঘটনা নাছিল। সেইবোৰৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল আৰু আখৰে আখৰে পূৰ্ণ হʼল। সেইবোৰে কিমান জীৱন্তৰূপে প্ৰকাশ কৰিলে যে সৃষ্টিকৰ্ত্তাৰ ওচৰত পানী, সূৰ্য্যৰ পোহৰ, পোক-পৰুৱা, জীৱ-জন্তু আৰু মানুহক নিয়ন্ত্ৰণ কৰা শক্তি আছে! সেই ক্লেশসমূহে ইয়াকে দেখুৱালে যে ঈশ্বৰে তেওঁৰ শত্ৰুৰ ওপৰত বাছি লোৱা বিশেষ কোনো বিপত্তি আনি নিজৰ উপাসকসকলক ৰক্ষা কৰিব পাৰে।

১১:২; ১২:৩৬. যিহোৱাই তেওঁৰ লোকসকলক আশীৰ্ব্বাদ কৰে। সেয়েহে তেওঁ মিচৰ দেশত ইস্ৰায়েলসকলে কৰা পৰিশ্ৰমৰ ফল যেন পাই তাৰ প্ৰতি লক্ষ্য ৰাখিছিল। ইস্ৰায়েলসকলে যুদ্ধত বন্দী হোৱা সেৱক হিচাবে নহয় কিন্তু স্বাধীন লোক হৈ মিচৰ দেশত প্ৰৱেশ কৰিছিল।

১৪:৩০ আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে আহিবলগীয়া ‘মহাক্লেশৰ’ পৰা তেওঁৰ লোকসকলক উদ্ধাৰ কৰিব।—মথি ২৪:২০-২২; প্ৰকাশিত বাক্য ৭:৯, ১৪.

যিহোৱাই এক ঈশ্বৰশাসিত জাতি সংগঠিত কৰে

(যাত্ৰাপুস্তক ১৫:২২-৪০:৩৮)

ইস্ৰায়েলসকলে মিচৰৰ পৰা স্বাধীন হোৱাৰ তিনি মাহৰ পিছত চীনয় পৰ্ব্বতৰ নামনিত শিবিৰ পাতিছিল। তাত তেওঁলোকে দহ আজ্ঞা লাভ কৰি যিহোৱাৰ সৈতে এক নতুন ব্যৱস্থাত প্ৰৱেশ কৰিলে আৰু এক ঈশ্বৰশাসিত জাতি হৈ পৰিল। মোচিয়ে ৪০ দিন চীনয় পৰ্ব্বতত অতিবাহিত কৰি সত্য উপাসনা আৰু যিহোৱাৰ উপাসনাগৃহ অৰ্থাৎ সহজে দাঙি বৈ নিব পৰা মন্দিৰ নিৰ্ম্মাণৰ সম্পৰ্কে নিৰ্দ্দেশনা লাভ কৰিলে। মোচিয়ে পৰ্ব্বতত থকা সময়ছোৱাত ইস্ৰায়েলসকলে নামনিত এটা সোণৰ দমৰা পোৱালী তৈয়াৰ কৰি তাক উপাসনা কৰিব ধৰিলে। মোচিয়ে পৰ্ব্বতৰ পৰা নামি আহি ইমানে ক্ৰোধিত হʼল যে তেওঁ ঈশ্বৰে দিয়া দহোটা আজ্ঞাৰ শিলৰ ফলি ভাঙি পেলালে। কিন্তু অপৰাধীসকলে উপযুক্ত শাস্তি পোৱাৰ পিছত মোচিয়ে পৰ্ব্বতলৈ পুনৰাই গৈ আন এযোৰ শিলৰ ফলি আনিলে। মোচিয়ে উভটি অহাৰ লগে লগে মন্দিৰৰ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ হʼল। ইস্ৰায়েলসকলে স্বাধীনতা লাভ কৰা প্ৰথম বছৰৰ সমাপ্তিলৈকে এই অত্যুত্তম তম্বুৰ সকলো কাৰুকাৰ্য্য সম্পূৰ্ণ হʼল। তাৰ পিছত যিহোৱাই ইয়াক নিজৰ মহিমাৰে পূৰ্ণ কৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২০:৫—যিহোৱাই কেনেকৈ ভৱিষ্যতে জন্ম হবলগীয়া “সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল” দিয়ে? দায়িত্ব বহন কৰা এটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে প্ৰত্যেকজন ব্যক্তিৰ আচৰণ আৰু মনোবৃত্তিৰ উপৰত আধাৰিত কৰি তেওঁক বিচাৰ কৰা হয়। কিন্তু যেতিয়া ইস্ৰায়েল জাতিয়ে বিপথগামী হৈ মূৰ্ত্তি পুজা কৰিব ধৰিলে তেতিয়া তাৰ পৰিণাম পিছৰ পুৰুষৰ লোকসকলে ভুগীবলগীয়া হৈছিল। তদুপৰি তেওঁলোকৰ ধৰ্ম্মত বিশৃঙ্খলতা উৎপন্ন হোৱাত বিশ্বাসী ইস্ৰায়েল ব্যক্তিসকলৰ বাবে অখণ্ডতা বজাই ৰাখাত কঠিন হৈছিল।

২৩:১৯; ৩৪:২৬—ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰত নিসিজাবা বুলি দিয়া আজ্ঞাৰ তাৎপৰ্য্যতা কি আছিল? এটা ছাগলী বা আন জন্তুৰ পোৱালীক তাৰ মাকৰ গাখীৰত সিজোৱাটো দেব-দেবীক পুজা কৰাৰ এটা ৰীতি আছিল, যিটো বৰষুণ আহিবলৈ পালন কৰা হয়। তদুপৰি মাকৰ গাখীৰ তাইৰ পোৱালীটোৰ বাবে পুষ্টিকৰ আহাৰ আছিল আৰু পোৱালীটোক মাকৰ গাখীৰত সিজোৱাটো এটা নিষ্ঠুৰতাৰ কাৰ্য্য আছিল। এই আজ্ঞাই প্ৰকাশ কৰিছে যে ঈশ্বৰৰ লোকসকলে অৱশ্যেই দয়ালু হোৱা উচিত।

২৩:২০-২৩—ইয়াত উল্লেখ কৰা স্বৰ্গদূত কোন আৰু কেনেকৈ যিহোৱাৰ নাম “তেওঁৰ অন্তৰত” আছিল? সম্ভৱতঃ এই স্বৰ্গদূতজন মানৱৰূপে অস্তিত্বত অহাৰ পূৰ্বেই যীচু আছিল। তেওঁ ইস্ৰায়েলসকলক প্ৰতিজ্ঞাত দেশলৈ যোৱাৰ পথত মাৰ্গ দৰ্শন কৰিছিল। (১ কৰিন্থীয়া ১০:১-৪) যিহোৱাৰ নাম “তেওঁৰ অন্তৰত” থকাৰ অৰ্থ হৈছে যীচুৱেই সেই মূল ব্যক্তিজন, যিজনে তেওঁৰ পিতৃৰ নাম উচ্চ স্থানত বজাই ৰাখি পবিত্ৰকৰণ কৰিলে।

৩২:১-৮, ২৫-৩৫—সোণৰ দামুৰি বনোৱাৰ স্বত্ত্বেও হাৰোণক কিয় দণ্ড দিয়া নহʼল? মূৰ্ত্তিপূজকসকলৰ সৈতে হাৰোণে আন্তৰিকতাৰে মান্তি হোৱা নাছিল। সেয়েহে পিছলৈ তেওঁ যিহোৱা ঈশ্বৰৰ পক্ষ লৈ মোচিৰ সৈতে মূৰ্ত্তিপূজাৰ বিৰোধ কৰা সঙ্গী পুৰোহিতসকলৰ লগত জড়িত হʼল। দোষীবিলাকক বধ কৰাৰ পিছত মোচিয়ে লোকসকলক সোঁৱৰাই দিলে যে তেওঁলোকে ঈশ্বৰৰ অহিতে ডাঙৰ পাপ কৰিলে। এইটোৱে এই কথাৰ নিৰ্দ্দেশ কৰে যে হাৰোণেও যিহোৱাৰ দয়া লাভ কৰিলে।

৩৩:১১, ২০—ঈশ্বৰে কেনেকৈ মোচিৰ সৈতে “সম্মুখা-সম্মুখিকৈ” কথা-বতৰা হৈছিল? এই উক্তিটোৱে দুই ফালৰ পৰা হোৱা কথোপকথনক নিৰ্দ্দেশিত কৰিছে। মোচিয়ে ঈশ্বৰৰ প্ৰতিনিধিজনৰ সৈতে কথা-বতৰা হৈ তেওঁৰ দ্বাৰা যিহোৱাৰ নিৰ্দ্দেশনা পাইছিল। কিন্তু মোচিয়ে কেতিয়াও যিহোৱাক দেখা নাছিল, কিয়নো কোনো ‘মানুহে ঈশ্বৰক দেখি জীয়াই থাকিব নোৱাৰে।’ দৰাচলতে যিহোৱা ঈশ্বৰে ব্যক্তিগতভাৱে মোচিৰ সৈতে কথোপকথন কৰা নাছিল। গালাতীয়া ৩:১৯ পদত কৈছে যে সেই বিধি-ব্যৱস্থা “দূতবিলাকৰ দ্বাৰাই এজন মধ্যস্থৰ হাতেৰে বিধিস্বৰূপে নিৰূপণ কৰোৱা হল।”

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৫:২৫; ১৬:১২. যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক উত্তমৰূপে চোৱা-চিতা কৰে।

১৮:২১. খ্ৰীষ্টান মণ্ডলীত দায়িত্বপূৰ্ণ পদৰ বাবে বাছনি কৰা ব্যক্তিসকল নিশ্চই উপযুক্ত, ঈশ্বৰলৈ ভয় ৰাখোঁতা, বিশ্বাসযোগ্য আৰু নিস্বাৰ্থপৰ হোৱা উচিত।

২০:১-২৩:৩৩. যিহোৱা হৈছে সৰ্ব্বপ্ৰধান বিধিদাতা। গতিকে ইস্ৰায়েলসকলে তেওঁৰ বিধিক পালন কৰি তেওঁক সুশৃঙ্খলাবদ্ধ আৰু আনন্দৰে উপাসনা কৰাত সক্ষম হৈছিল। বৰ্তমান সময়ত যিহোৱাৰ এটা ঈশ্বৰশাসিত সংগঠন আছে। এই সংগঠনৰ সৈতে চলিলে ই আমাক সুখী আৰু নিৰাপত্তালৈ পৰিচালিত কৰিব।

আমাৰ বাবে বাস্তৱিক অৰ্থ ৰাখে

বাইবেলত পোৱা যাত্ৰাপুস্তক নামৰ কিতাপখনে যিহোৱা ঈশ্বৰৰ বিষয়ে কি প্ৰকাশ কৰে? ইয়াত তেওঁক প্ৰয়োজনীয়তাৰ যোগান ধৰোঁতা, অতুলনীয় উদ্ধাৰকৰ্ত্তা আৰু নিজৰ উদ্দেশ্যক পূৰ্ণ কৰোঁতা ঈশ্বৰ বুলি দাঙি ধৰিছে। তেওঁ হৈছে ঈশ্বৰশাসিত সংগঠনৰ ঈশ্বৰ।

আপুনি যেনেকৈ ঈশ্বৰশাসিত স্কুলৰ সপ্তাহিক বাইবেল পাঠ তৈয়াৰ কৰিব, ইয়াত কোনো সন্দেহ নাই যে আপুনি যাত্ৰাপুস্তক কিতাপখনৰ পৰা শিকি গভীৰভাৱে প্ৰভাৱিত হʼব। আপুনি যেতিয়া ইয়াত দিয়া “শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল” অংশটো বিবেচনা কৰিব তেতিয়া শাস্ত্ৰৰ কোনো বিশেষ পদবোৰৰ অধিক অন্তৰ্দৃষ্টি লাভ কৰিব। “আমাৰ বাবে শিক্ষামূলক পাঠ” অন্তৰ্গত দিয়া মন্তব্যবোৰক বিবেচনা কৰি সপ্তাহটোত পাঠ কৰা বাইবেলৰ পদবোৰৰ পৰা আপুনি অধিক লাভৱান হʼব পাৰে। (w04 3/15)

[২৮ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰে নম্ৰ ব্যক্তি মোচিক ইস্ৰায়েলজাতিক মিচৰৰ দাসত্ব বন্ধনৰ পৰা উলিয়াই পৰিচালিত কৰিবলৈ আজ্ঞা দিলে

[২৯ পৃষ্ঠাৰ ছবি]

মিচৰৰ ওপৰত অনা দহোটা ক্লেশে প্ৰকাশ কৰিলে যে পানী, সূৰ্য্যৰ পোহৰ, কীট-পতঙ্গ, জীৱ-জন্তু আৰু মানুহক আমাৰ সৃষ্টিকৰ্ত্তাই নিয়ন্ত্ৰণ কৰিব পাৰে

[৩০ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰে মোচিৰ দ্বাৰা ইস্ৰায়েলজাতিক এক ঈশ্বৰশাসিত জাতিলৈ সংগঠিত কৰিলে