Skip to content

Skip to table of contents

লেবীয়া পুস্তক কিতাপৰ আলোকপাত

লেবীয়া পুস্তক কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

লেবীয়া পুস্তক কিতাপৰ আলোকপাত

মিচৰ দেশৰ দাসত্ব বন্ধনৰ পৰা স্বাধীন হোৱা প্ৰায় এবছৰ সময় উকলি গৈছে। তেওঁলোকক এক নতুন জাতি হিচাবে সংগঠিত কৰা হʼল আৰু কনান দেশৰ অভিমুখে যাত্ৰা কৰিছে। যিহোৱাৰ উদ্দেশ্য এই যে ইস্ৰায়েল জাতিয়ে এক পবিত্ৰ জাতি হৈ সেই ঠাইত যেন বাস কৰে। কিন্তু কনান দেশৰ জীৱনধাৰা আৰু ধৰ্ম্মীয় বিশ্বাস অতি ঘৃণনীয় আছিল। সেয়েহে ঈশ্বৰে ইস্ৰায়েলৰ মণ্ডলীক তেওঁৰ সেৱাৰ বাবে কনানীসকলৰ পৰা পৃথক কৰি ৰাখিবলৈ ব্যৱস্থা প্ৰদান কৰিলে। এই ব্যৱস্থাবোৰৰ বিষয়ে বাইবেলৰ লেবীয়া পুস্তকত লিপিবদ্ধ কৰা হʼল। এই কিতাপখন সা.যু.পূ. ১৫১২ চনত মোচিয়ে চীনয়ৰ অৰণ্যাঞ্চলত এটা চন্দ্ৰমাহৰ ভিতৰতে লিখি শেষ কৰিছিল। (যাত্ৰাপুস্তক ৪০:১৭; গণনা পুস্তক ১:১-৩) যিহোৱাই তেওঁৰ উপাসকসকলক পবিত্ৰতা বজাই ৰাখিবলৈ বাৰে বাৰে আগ্ৰহ কৰিছিল।—লেবীয়া পুস্তক ১১:৪৪; ১৯:২; ২০:৭, ২৬.

বৰ্তমান যিহোৱাৰ সাক্ষীসকলে মোচিৰ নিয়ম-ব্যৱস্থাৰ অধীনত নাই। কিয়নো যীচু খ্ৰীষ্টৰ মৃত্যুৱে এই নিয়ম-ব্যৱস্থাক লুপ্ত কৰিলে। (ৰোমীয়া ৬:১৪; ইফিচীয়া ২:১১-১৬) তথাপিও আমি লেবীয়া পুস্তক কিতাপখন বিবেচনা কৰি অধিক লাভৱান হʼম আৰু যিহোৱা ঈশ্বৰক উপাসনা কৰাৰ সম্বন্ধে বহুতো শিক্ষা পাব পাৰোঁ।

ঈশ্বৰলৈ পবিত্ৰ উৎসৰ্গ কৰাটো স্বইচ্ছা আৰু বাধ্যতামূলক

(লেবীয়া পুস্তক ১:১-৭:৩৮)

নিয়ম-ব্যৱস্থাৰ কিছুমান উৎসৰ্গ আৰু বলিদান স্বৈচ্ছিক আৰু কিছুমান বাধ্যতামূলক আছিল। উদাহৰণস্বৰূপে, হোম-বলি, এটা স্বৈচ্ছিক উৎসৰ্গ আছিল। এই বলিদান সম্পূৰ্ণৰূপে ঈশ্বৰলৈ আগবঢ়োৱা হয়। আনকি যীচুৱেও স্বইচ্ছাৰে সম্পূৰ্ণৰূপে নিজৰ জীৱন মুক্তিপণ হিচাবে উৎসৰ্গ কৰিলে। আনহাতে স্বইচ্ছাৰে কৰা মঙ্গলাৰ্থক বলিৰ ভাগ কৰা হৈছিল। এটা অংশ বেদীত যিহোৱালৈ, আনটো ভাগ পুৰোহিত আৰু বলিদানৰ বাবে পশু দিয়া ব্যক্তিজনে খাব পাৰিব। তুলনাত্মকৰূপে অভিষিক্ত বৰ্গৰ খ্ৰীষ্টানসকলে যীচুৰ মৃত্যুত মঙ্গলাৰ্থক আহাৰ গ্ৰহণ কৰে।—১ কৰিন্থীয়া ১০:১৬-২২.

পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি বাধ্যতামূলক আছিল। প্ৰথমটো বলি অনিচ্ছাপূৰ্বক কৰা পাপৰ প্ৰায়শ্চিত্তৰ বাবে দিয়া হৈছিল। দ্বিতীয়টো বলি ঈশ্বৰৰ নিয়ম ভঙ্গ কৰা বা পাপ কৰোঁতাজনৰ মনপালটন কৰাৰ অৰ্থে বিশেষ কিছুমান নিয়ম পুনৰ প্ৰতিষ্ঠা অথবা উভয়ৰে বাবে আগবঢ়োৱা হৈছিল। তদুপৰি যিহোৱাৰ দানশীলতাক স্মৰণ কৰি নৈবেদ্য উৎসৰ্গ কৰা হৈছিল। এই সকলো বিষয় আমাৰ বাবে আগ্ৰহজনক, কিয়নো মোচিৰ ব্যৱস্থাত উল্লেখ কৰা বলিদানৰ আজ্ঞাসমূহে যীচুৱে দিয়া বলিদান বা সেই বলিদানৰ পৰা পোৱা লাভসমূহক নিৰ্দ্দেশিত কৰিছিল।—ইব্ৰী ৮:৩-৬; ৯:৯-১৪; ১০:৫-১০.

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:১১, ১২—“অগ্নিকৃত উপহাৰস্বৰূপে” মৌ-জোল দগ্ধ কৰাটো যিহোৱাৰ বাবে কিয় গ্ৰহণযোগ্য নাছিল? ইয়াত মৌ-জোলৰ অৰ্থ মৌ-মাখিৰ পৰা উৎপন্ন হোৱা মৌ-জোলক বুজোৱা নাই। ইয়াক ‘অগ্নিকৃত উপহাৰস্বৰূপে দগ্ধ’ কৰিবলৈ যদিও অনুমতি দিয়া হʼল তথাপিও ইয়াক “ভূমিত উৎপন্ন হোৱা . . . বস্তুৰ আগ ভাগ” বুলি ধৰা হৈছিল। (২ বংশাৱলি ৩১:৫) এই মৌ-জোল প্ৰকৃততে ফলৰ ৰস বা চিৰাপ আছিল। যিহেতু মৌ-জোল পক্‌ উঠিব পাৰে সেয়েহে তাক বেদীৰ ওপৰত উৎসৰ্গ কৰাটো গ্ৰহণযোগ্য নাছিল।

২:১৩—“প্ৰত্যেক উপহাৰত” কিয় নিমখ দিবলগীয়া আছিল? নিমখে উৎসৰ্গৰ সুগন্ধ বৃদ্ধি কৰিছিল। সমস্ত জগতত ৰক্ষণৰ বাবে নিমখ ব্যৱহাৰ কৰা হয়। সেয়েহে উৎসৰ্গত ব্যৱহাৰ কৰা নিমখে নষ্ট বা পতন হোৱাৰ পৰা ৰক্ষা পোৱাক চিহ্নিত কৰে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৩:১৭ যিহেতু তেল হৈছে সকলোতকৈ উত্তম অংশ, গতিকে ইস্ৰায়েলসকলক সেই ভাগ খাবলৈ নিষেধ কৰা আজ্ঞাই তেওঁলোকক বুজিবলৈ সহায় কৰিলে যে কেৱল যিহোৱালৈহে সেই তেল ভাগ উৎসৰ্গ কৰা আৱশ্যক। (আদিপুস্তক ৪৫:১৮) এই আজ্ঞাই আমাক সোঁৱৰাই দিয়ে যে আমি যিহোৱাক আমাৰ উত্তমতা দিয়া উচিত।—হিতোপদেশ ৩:৯, ১০; কলচীয়া ৩:২৩, ২৪.

৭:২৬, ২৭. ইস্ৰায়েলসকলে তেজ খোৱা উচিত নহয় বুলিও আজ্ঞা দিয়া হৈছিল। কিয়নো ঈশ্বৰৰ দৃষ্টিত তেজ শৰীৰৰ প্ৰাণক চিহ্নিত কৰে। লেবীয়া পুস্তক ১৭:১১ পদত কোৱা হৈছে যে, “শৰীৰৰ প্ৰাণ তেজত থাকে।” এতেকে বৰ্তমান সময়টো যিহোৱাৰ উপাসকসকলে তেজৰ পৰা পৃথক থকা বুলি ঈশ্বৰৰ স্তৰক একেইদৰে পালন কৰা আৱশ্যক।—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.

পবিত্ৰ পুৰোহিত ব্যৱস্থা স্থাপন কৰা

(লেবীয়া পুস্তক ৮:১-১০:২০)

উৎসৰ্গ আৰু বলিদান কৰাত জড়িত থকা দায়িত্বসমূহক চোৱা-চিতা কৰিবলৈ কোনসকলক নিযুক্তি কৰা হৈছিল? সেই দায়িত্ব পুৰোহিতবৰ্গক দিয়া হৈছিল। ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসৰি মোচিয়ে আনুষ্ঠানিকভাৱে হাৰোণক প্ৰধান পুৰোহিত আৰু তেওঁৰ চাৰিজন পুতেকক পুৰোহিতৰ সাহায্যৰ বাবে নিযুক্ত কৰিলে। সেই আনুষ্ঠানিক সমাৰোহ সাত দিন ধৰি চলিছিল আৰু তাৰ পিছ দিনাৰ পৰা পুৰোহিতবৰ্গই তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগিছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৯:৯—বলিৰ তেজ বেদিৰ বিভিন্ন অংশত লগোৱা আৰু বাকী থকা তেজখিনি বেদিৰ মূলত ঢালি দিয়াই কিহক চিহ্নিত কৰে? এনে কাৰ্য্যই এইটো প্ৰকাশ কৰে যে পাপৰ প্ৰায়শ্চিত্তৰ বাবে যিহোৱালৈ আগবঢ়োৱা তেজ তেওঁ গ্ৰহণ কৰিলে। কিয়নো প্ৰায়শ্চিত্তৰ সকলো ব্যৱস্থা তেজৰ ওপৰত আধাৰিত আছিল। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল যে, “বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; আৰু তেজ উলিওৱা নহলে, পাপ মোচন নহয়।”—ইব্ৰী ৯:২২.

১০:১, ২—হাৰোণৰ পুতেক নাদব আৰু অবীহূৱে কৰা পাপ কাৰ্য্যত কি জড়িত আছিল? নাদব আৰু অবীহূৱে তেওঁলোকৰ পুৰোহিতৰ দায়িত্বক উনুপযুক্তভাৱে পালন কৰিবলৈ আৰম্ভ কৰাৰ কিছুসময়ৰ পিছতে যিহোৱাই তেওঁলোকক দ্ৰাক্ষাৰস বা সুৰা পান কৰি মন্দিৰত সেৱা কৰিবলৈ নিষেধ কৰিছিল। (লেবীয়া পুস্তক ১০:৯) ইয়াত বৰ্ণনা কৰা বিৱৰণীৰ পৰা এইটো জানিব পাৰি যে হাৰোণৰ দুজন পুতেকে সেই সময়ছোৱাত নিচাসক্ত হৈছিল। আচলতে তেওঁলোকে “যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সম্মুখত উৎসৰ্গ” কৰাৰ বাবে তেওঁলোকে মৃত্যুদণ্ড পালে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১০:১, ২. বৰ্তমান সময়ত দায়িত্বত থকা যিহোৱাৰ উপাসকসকলে অৱশ্যেই ঈশ্বৰীয় আৱশ্যকতাসমূহৰ অনুসাৰে চলা উচিত। তদুপৰি তেওঁলোকে পালন কৰা দায়িত্বসমূহৰ প্ৰতি দাম্ভিক হোৱা উচিত নহয়।

১০:৯. আমি নিচাসক্ত হৈ ঈশ্বৰে দিয়া দায়িত্বসমূহক বহন কৰা উচিত নহয়।

পবিত্ৰ উপাসনাৰ বাবে শুদ্ধতা বজাই ৰাখা আৱশ্যক

(লেবীয়া পুস্তক ১১:১-১৫:৩৩)

খাদ্যৰ শুদ্ধতাৰ সম্বন্ধে দিয়া শুচি আৰু অশুচি জীৱ-জন্তুৰ নিয়মে ইস্ৰায়েলসকলৰ বাবে দুই প্ৰকাৰে লাভ কঢ়িয়াই আনিছিল। এই নিয়মে তেওঁলোকক হানিকাৰক অঙ্গৰ দ্বাৰা সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা আৰু তেওঁলোকৰ চাৰিওফালে থকা লোকসকলৰ পৰা পৃথকে থাকিবলৈ দিয়া প্ৰাচীৰক দৃঢ় কৰে। আন নিয়মসমূহত মৃতদেহৰ পৰা অশুচি, প্ৰসৱ কৰাৰ পিছত এগৰাকী মহিলাৰ শুচিকৰণ, কুষ্ঠ ৰোগীৰ বাবে দিয়া প্ৰণালী, স্ত্ৰী আৰু পুৰুষৰ যৌন স্ৰাবৰ পৰা অশুচি হোৱা অন্তৰ্ভুক্ত আছিল। পুৰোহিতসকলে অশুচি হোৱা এজন ব্যক্তিৰ সৈতে আচৰণ কৰোঁতে অধিক যত্ন লব লাগিছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১২:২, ৫—সন্তান প্ৰসৱে এগৰাকী স্ত্ৰীক কিয় “অশুচি” কৰে? সম্পূৰ্ণ সিদ্ধ মানৱ উৎপন্ন হʼবলৈ জননেন্দ্ৰিয়ৰ সৃষ্টি কৰা হʼল। যিহেতু উত্তৰাধিকাৰীৰূপে পোৱা পাপৰ বাবে সন্তান-সন্ততিলৈ অসিদ্ধতা আৰু পাপ বিয়পি পৰিল। সন্তান জন্মৰ সৈতে থকা অস্থায়ী ‘অশুচিতা’, একেইদৰে আন বিষয়, যেনে, মাহেকীয়া আৰু বীৰ্য্যপাত আদি বিষয়বোৰে ইস্ৰায়েলসকলক উত্তৰাধিকাৰীৰূপে পোৱা পাপৰ বিষয়ে সোঁৱৰাই দিছিল। (লেবীয়া পুস্তক ১৫:১৬-২৪; গীত ৫১:৫; ৰোমীয়া ৫:১২) শুচিকৰণৰ আৱশ্যকীয় নিয়মসমূহে মানুহক সিদ্ধতাত উপনীত কৰাবলৈ পাপময় মানৱজাতিৰ যে মুক্তিপণ বলিদানৰ আৱশ্যক সেই বিষয়ে ইস্ৰায়েলসকলক বুজাত সহায় কৰিলে। এইদৰে মোচিৰ ব্যৱস্থাই তেওঁলোকৰ “ৰখীয়া শিক্ষক হৈছিল।”—গালাতীয়া ৩:২৪.

১৫:১৬-১৮—এই পদত উল্লেখ কৰা “বীৰ্য্যপাত” কি? দৰাচলতে ই হৈছে নিশা একেইদৰে বৈবাহিক দম্পতীৰ যৌন সঙ্গমৰ সময়ত হোৱা বীৰ্য্যস্খলনক বুজাইছে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১১:৪৫. যিহোৱা হৈছে পবিত্ৰ ঈশ্বৰ আৰু সেয়েহে তেওঁৰ পবিত্ৰ সেৱা আগবঢ়োৱাসকলো পবিত্ৰ হোৱা আৱশ্যক। গতিকে আমি পবিত্ৰতা বজাই ৰাখিবলৈ শাৰীৰিক আৰু মানসিকৰূপে শুদ্ধ হোৱা উচিত।—২ কৰিন্থীয়া ৭:১; ১ পিতৰ ১:১৫, ১৬.

১২:৮. যিহোৱা ঈশ্বৰে দুখীয়াসকলে বলিদান কৰিবলৈ দামী মেৰৰ পৰিৱৰ্তে চৰাই আগবঢ়াবলৈ অনুমতি দিছিল। কিয়নো দুখীয়ালোকসকলৰ প্ৰতি তেওঁ চিন্তা কৰে।

পবিত্ৰতা বজাই ৰাখাটো বাধ্যবাধকতা

(লেবীয়া পুস্তক ১৬:১-২৭:৩৪)

বছেৰেকীয়া হিচাবে পালন কৰা প্ৰায়শ্চিত্তৰ দিনত পাপৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বলিদান কৰা হৈছিল। পুৰোহিত আৰু লেবী বংশৰ বাবে এটা দমৰা গৰু আৰু আন বংশৰ লোকসকলৰ বাবে এটা ছাগলী বলি দিয়া হৈছিল। আনটো ছাগলীৰ ওপৰত লোকসকলৰ পাপ অৰ্পণ কৰাৰ পিছত তাক জীৱিতৰূপে অৰণ্যত এৰি দিয়া হৈছিল। দুটা ছাগলীক পাপৰ্থক বলিৰ বাবে দিয়া হৈছিল। এই সকলো প্ৰণালীয়ে যীচুৱে যে নিজকে বলিদান দি সকলোৰে পাপ আঁতৰ কৰিবলগীয়া আছিল তাক নিৰ্দ্দেশিত কৰিলে।

মাংস খোৱা আৰু আন বিষয়সমূহৰ সম্পৰ্কে দিয়া নিয়মসমূহে আমাক যিহোৱাৰ উপাসনাত পবিত্ৰতা বজাই ৰাখাৰ বিষয়ে গুৰুত্বতাৰে আগ্ৰহ কৰিছে। পালন কৰা তিনিটা বাৰ্ষিক উৎসৱ আনন্দ আৰু সৃষ্টিকৰ্ত্তাক ধন্যবাদ কৰাৰ উপলক্ষ্যে কৰা হয়। তদুপৰি যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক তেওঁৰ পবিত্ৰ নাম অপব্যৱহাৰ কৰা, বিশ্ৰামবাৰ আৰু যোবেল বছৰ উদ্‌যাপন, দৰিদ্ৰ লোক আৰু দাসবিলাকৰ সৈতে কৰা আচৰণৰ সম্বন্ধে নিয়ম দিছিল। অৱজ্ঞাকাৰী হৈ শাপগ্ৰস্ত হোৱাৰ বিপৰীতে আজ্ঞাকাৰী হৈ আশীৰ্ব্বাদ পাইছিল। ইয়াৰ উপৰিও শপত খোৱা আৰু মূল্য স্থিৰ কৰা, প্ৰথমজাত জীৱ-জন্তু আৰু উৎপন্ন হোৱা সকলো বস্তুৰ দশমাংশ “যিহোৱাৰ উদ্দেশে পবিত্ৰ” বুলি নিয়ম দিয়া হৈছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৬:২৯—ইস্ৰায়েলসকলে কি দৰে ‘তেওঁলোকৰ প্ৰাণক দুখ’ দিছিল? এই প্ৰণালী প্ৰায়শ্চিত্তৰ দিনত পালন কৰা হৈছিল। তেওঁলোকে নিজ নিজ পাপৰ বাবে ক্ষমা বিচাৰি আৱৰ্তন কৰিছিল। সেই সময়ত কৰা উপবাসে তেওঁলোক যে পাপময় তাৰ বিষয়ে জ্ঞাত হোৱাৰ প্ৰমাণ আছিল। ‘প্ৰাণক দুখ দিয়া’ উক্তিটোৱে হয়তো উপবাস কৰাক বুজাইছে।

১৯:২৭—“মূৰৰ চুলি ঘূৰণীয়াকৈ নাকাটিবা” বা “ডাঢ়িৰ চুক অশুৱনীকৈ নুক্ষুৰাবা” বুলি দিয়া আজ্ঞাৰ অৰ্থ কি? এই নিয়মে স্পষ্টকৈ দেখুৱাইছে যে ইহুদীসকলক মূৰ্ত্তি পূজা কৰা লোকসকলে কৰাৰ দৰে অনুকৰণ কৰি তেওঁলোকৰ চুলি বা ডাঢ়ি নুক্ষুৰাবলৈ তেনেদৰে আজ্ঞা দিয়া হৈছিল। (যিৰিমিয়া ৯:২৫, ২৬; ২৫:২৩; ৪৯:৩২) আনহাতে যিহোৱাই তেনেদৰে দিয়া আজ্ঞাৰ অৰ্থ এইটো নাছিল যে ইহুদীসকলে তেওঁলোকৰ ডাঢ়ি বা চুলি কাটিব নালাগিছিল।—২ চমূৱেল ১৯:২৪.

২৫:৩৫-৩৭—ঋণ দিয়া ধনৰ ওপৰত সুত লোৱাটো ইস্ৰায়েলসকলৰ বাবে অনুচিত আছিলনে? যদি ধন ব্যৱসায়ৰ ক্ষেত্ৰত ঋণলৈ দিয়া হয়, তেন্তে সেই ধনৰ সুত লব পাৰে। কিন্তু ব্যৱস্থাত দুখীয়া লোকক ঋণ স্বৰূপে দিয়া ধনৰ বাবে সুত লোৱাটো নিষেধ কৰিছিল। সেয়েহে আৰ্থিকৰূপে দৰিদ্ৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ বিচাৰাটো উচিত নাছিল।—যাত্ৰাপুস্তক ২২:২৫.

২৬:১৯—‘আকাশ কেনেকৈ লোহা আৰু মাটি কেনেকৈ পিতল’ হʼব পাৰে? বৰষুণ নোহোৱাৰ বাবে কনান দেশৰ ওপৰত থকা আকাশখন লাক্ষণিকৰূপে লোহাৰ দৰে কঠিন যেন দেখা গৈছিল। বৰষুণৰ অভাৱত ভূমিৰ উজ্জ্বলতা পিতল বৰণীয়া হৈ পৰিব।

২৬:২৬—‘দহ জনী তিৰোতাই একেটা তন্দুৰত পিঠা তাও’ দিয়াৰ অৰ্থ কি? সাধাৰণতে পিঠা তাও দিবলৈ প্ৰত্যেক গৰাকী তিৰোতাকে পৃথকে তন্দুৰ বা ভাটিৰ আৱশ্যক আছিল। কিন্তু এই শব্দটোৱে খাদ্যৰ অভাৱ হোৱাক বুজাইছে। সেইবাবে দহ জনী তিৰোতাই তেওঁলোকৰ পিঠা একেটা তন্দুৰত তাও দিব পাৰিব। শুদ্ধতা বজাই ৰাখাত বিফল হোৱাৰ পৰিণাম কি হʼব পাৰে, সেই সম্পৰ্কে কৰা ভৱিষ্যতবাণীৰ এটা ফলাফল আছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

২০:৯. কোনোবা এজনক ঘৃণা আৰু তেওঁৰ প্ৰতি তিক্ত মনোবৃত্তি ৰাখাটো যিহোৱাৰ দৃষ্টিত হত্যা কৰাৰ দৰে গৰ্হিত কাৰ্য্য। পিতৃ-মাতৃক শাও দিয়াৰ অৰ্থ হৈছে তেওঁলোকক হত্যা কৰাৰ দৰে। সেয়েহে যিহোৱাই তেনে কৰোঁতাজনক একেই দণ্ড দিবলৈ নিৰ্দ্দেশ দিছিল। এই বিৱৰণীয়ে আমাক সঙ্গী বিশ্বাসী ভাই-ভনীৰ প্ৰতি প্ৰেম বিকশিত কৰিবলৈ প্ৰেৰিত নকৰেনে?—১ যোহন ৩:১৪, ১৫.

২২:৩২; ২৪:১০-১৬, ২৩. কেতিয়াও যিহোৱাৰ অপবিত্ৰ কৰা উচিত নহয়। ইয়াৰ বিপৰীতে তেওঁৰ নাম স্তুতি আৰু পবিত্ৰকৰণৰ বাবে প্ৰাৰ্থনা কৰা উচিত।—গীত ৭:১৭; মথি ৬:৯.

লেবীয়া পুস্তকৰ কিতাপখনে আমাৰ উপাসনাক কেনেদৰে প্ৰভাৱিত কৰে

যিহোৱাৰ সাক্ষীসকলে বৰ্তমান সময়ত মোচিৰ ব্যৱস্থাৰ অধীনত বাস কৰা নাই। (গালাতীয়া ৩:২৩-২৫) তথাপিও লেবীয়া পুস্তকত বিভিন্ন বিষয়ৰ ওপৰত থকা যিহোৱাৰ দৃষ্টিৰ সম্পৰ্কে আমাক অন্তৰ্দৃষ্টি প্ৰদান আৰু সেই অন্তৰ্দৃষ্টিয়ে আমাৰ উপাসনাক প্ৰভাৱিত কৰে।

আপুনি ঈশ্বৰশাসিত স্কুলৰ বাবে তৈয়াৰ কৰাৰ সময়ত তালিকাত দিয়া সপ্তাহিক বাইবেলৰ ভাগবোৰত পবিত্ৰতাৰ সম্পৰ্কে যিহোৱাই তেওঁৰ উপাসকসকলক দিয়া আৱশ্যকতাসমূহৰ বিষয়ে পঢ়ি অৱশ্যেই প্ৰভাৱিত হʼব। তদুপৰি বাইবেলে আপোনাক সৰ্ব্বোপৰিজনাক আপোনাৰ উত্তমতা দিবলৈ আৰু স্তুতি কৰাৰ সম্বন্ধে পবিত্ৰতা বজাই ৰাখিবলৈ প্ৰেৰিত কৰিব। (w04 5/15)