Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

 যিহোৱাৰ সাক্ষীসকলে নামমাত্ৰাত হলেও তেজৰ কোনো অংশ গ্ৰহণ কৰেনে?

তলত দিয়া উত্তৰটো জুন ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ (ইংৰাজী) আলোচনীখনত প্ৰকাশ পাইছিল আৰু ইয়াক পুনৰাই ছপা কৰা হৈছে।

এইটো নিশ্চিত যে যিহোৱাৰ সাক্ষীসকলে কোনো প্ৰকাৰে তেজ গ্ৰহণ নকৰে। তেওঁলোকৰ এই বিশ্বাস ঈশ্বৰৰ নিয়মৰ ওপৰত আধাৰিত। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ঈশ্বৰৰ নিয়ম অপৰিৱৰ্তনশীল আৰু ইয়াৰ কোনো সাল-সলনি নহয়। কিন্তু বৰ্তমান সময়ৰ চিকিৎসা বিজ্ঞানে তেজক চাৰিটা মুখ্য অংশত বিভক্ত কৰাত সফলতা লাভ কৰিছে। সেইবোৰ হৈছে: লোহিত ৰক্ত কণিকা; শ্বেত ৰক্ত কণিকা; প্লেটলেট আৰু প্লাজমা। ইয়াৰ উপৰিও তেওঁলোকে সেই চাৰিটাৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ উলিয়াই চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। গতিকে ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। যেনে, প্ৰকৃত খ্ৰীষ্টানসকলে চিকিৎসাৰ বাবে তেজৰ পৰা পৃথক কৰা কোনো এটা অংশক তেওঁলোকে শৰীৰত গ্ৰহণ কৰিব পাৰেনে? এজন প্ৰকৃত খ্ৰীষ্টানৰ বাবে চিকিৎসা কৰি লাভৱান বা হানি হোৱাটো কোনো গুৰুত্ব বিষয় নহয়। কিন্তু তেনে কৰি ঈশ্বৰৰ সৈতে থকা সম্বন্ধত কেনে প্ৰভাৱ পৰিব আৰু বাইবেলে ইয়াৰ বিষয়ে কি কৈছে?

এইটো কথা স্পষ্ট যে আমি তেজ গ্ৰহণ নকৰোঁ। কিয় গ্ৰহণ নকৰোঁ সেই প্ৰশ্নৰ উত্তৰ জনাৰ পৰিৱৰ্তে, আঁহক আমি বাইবেল, ইতিহাস আৰু চিকিৎসা ক্ষেত্ৰত তেজৰ বিষয়ে কেনে সংবাদ প্ৰদান কৰিছে সেই বিষয়ে মনোযোগ দিওঁহঁক।

বাইবেলত কোৱা হৈছে যে যিহোৱাই আমাৰ পূৰ্ব-পুৰুষ নোহক কোনো প্ৰকাৰে তেজ খোৱাৰ পৰা বিৰত থাকিবলৈ আজ্ঞা দিছিল। (আদিপুস্তক ৯:৩, ৪) পিছলৈ যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক দিয়া আজ্ঞাবোৰত তেজৰ পবিত্ৰতাৰ বিষয়ে এইদৰে প্ৰকাশ পাইছিল: “ইস্ৰায়েল-বংশীয় যি কোনো মানুহে বা . . . যি কোনো বিদেশীয়ে কোনো প্ৰকাৰ তেজ খাব, মই সেই তেজ খোৱা জনলৈ কোন্দোৱাকৈ চাম।” ঈশ্বৰৰ ব্যৱস্থাক উলঙ্ঘন কৰি এজন ইস্ৰায়েল ব্যক্তিয়ে আনকো অশুচি কৰিব পাৰে; সেয়েহে ঈশ্বৰে আগলৈ এইদৰে কৈছিল: “তাৰ লোকবিলাকৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম।” (লেবীয়া পুস্তক ১৭:১০) যিৰূচালেমত হোৱা এখন সভাত পাঁচনি পৌল আৰু বৃদ্ধসকলে এইদৰে ৰায় দিলে যে আমি অৱশ্যেই ‘তেজৰ পৰা পৃথকে’ থকা উচিত। তেনে কৰাটো ব্যভিচাৰ আৰু মূৰ্ত্তিপূজাৰ পৰা আঁতৰি থকাৰ দৰে সমানে গুৰুত্বপূৰ্ণ।—পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯.

প্ৰথম শতাব্দীত “পৃথকে” থকা শব্দটোৰ অৰ্থ কি আছিল? খ্ৰীষ্টানসকলে নতুন অথবা ঘণীভূত হোৱা তেজ নোখোৱা; আনকি তেওঁলোকে তেজ পৰিষ্কাৰ নকৰা মঙহ খোৱাটোও নিষেধ আছিল। তেজ মিহলি কৰি ৰন্ধা আহাৰো নাখাবলৈ নিষেধ কৰিছিল। কোনো প্ৰকাৰে তেজ খোৱাৰ অৰ্থ আছিল ঈশ্বৰ নিয়ম ভঙ্গ কৰা।—১ চমূৱেল ১৪:৩২, ৩৩.

সা.যু. দ্বিতীয় আৰু তৃতীয় শতাব্দীৰ ইতিহাস লিখক টাৰ্টুলিয়ানৰ লিখনীৰ পৰা আমি জানিব পাৰোঁ যে তেওঁৰ সময়ত বেছিসংখ্যক লোকে কোনো সঙ্কোচবোধ নকৰাকৈ তেজ পান কৰিছিল। টাৰ্টুলিয়ানে সেই সময়ত থকা আন জাতিবিলাকৰ বিষয়ে এইদৰে কৈছিল যে তেওঁলোকৰ মাজত চুক্তিৰ নিয়মস্বৰূপে তেজ পান কৰাতো পৰম্পৰা আছিল। তদুপৰি ৰোম চহৰত থকা লোকবিলাকে নিজৰ বেমাৰৰ চিকিৎসা কৰিবলৈ মানুহৰ তেজ পান কৰিছিল। সেয়েহে টাৰ্টুলিয়ানে এইদৰেও কৈছিল যে, “যেতিয়া ক্ৰীড়াভূমিত কোনো দুজন ভয়ানক অপৰাধীৰ মাজত যুঁজ হয় তেতিয়া দৰ্শকসকলৰ ভিতৰত কিছুমানে এই আশাৰে উপস্থিত হৈছিল যে কেনেকৈ যুঁজত মৃত্যু হোৱা ব্যক্তি জনৰ সতেজ তেজ পান কৰি . . . তেওঁবিলাকৰ মৃগীৰোগ সুস্থ হʼব পাৰে।”

যদিও ৰোমান বাসীসকলৰ কিছুমানে নিজৰ স্বাস্থ্য লাভৰ অৰ্থে এনে ধৰণৰ অভ্যাস কৰিছিল, তথাপিও এনে কৰাটো খ্ৰীষ্টানসকলৰ বাবে একেবাৰে নিষেধ আছিল। এই বিষয়ে টাৰ্টুলিয়ানে এইদৰে লিখিছিল: “[খ্ৰীষ্টানসকলে] নিজৰ আহাৰত আনকি জীৱ-জন্তুৰো তেজ মিহলি নকৰিছিল।” এই বিষয়ে ৰোমান বাসীসকলে ভালকৈ জানিছিল আৰু সেয়েহে তেওঁলোকক নিৰ্য্যাতনা দিবলৈ এনে আহাৰ খাবলৈ বলপূৰ্বকভাৱে চেষ্টা কৰিছিল যিবোৰ আহাৰত তেজ মিহলোৱা হৈছিল। খ্ৰীষ্টানসকলৰ তেজৰ বিষয়ে থকা অটল সিদ্ধান্তৰ বিষয়ে সকলোৱে জানিছিল। আচৰিত হোৱাৰ বিষয় এই যে তথাপিও তেওঁলোকক মানুহৰ তেজ পান কৰা বুলি মিছা অভিযোগ দিয়া হৈছিল। এই মিছা অভিযোগক খণ্ডন কৰি টাৰ্টুলিয়ানে আগলৈ এইদৰে কৈছিল: “মই সুধিছোঁ যে, যদি [খ্ৰীষ্টানসকলক] জীৱ-জন্তুৰ তেজ পান কৰিবলৈ নিষেধ কৰা হৈছে বুলি আপোনালোকে বিশ্বাস কৰে, তেনেস্থলত কেনেকৈ কʼব পাৰে যে তেওঁলোকে মানুহৰ তেজ পান কৰে?”

যিদৰে প্ৰাচীন সময়ত লোকবিলাকে তেজ পান কৰিবলৈ কোনো সঙ্কোচ কৰা নাছিল, ঠিক সেইদৰে বৰ্তমান সময়ত যেতিয়া কোনো চিকিৎসকে তেজ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে তেতিয়া বেছি সংখ্যক লোকে সহজে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰে। তেওঁলোকে এইটো বুজি নাপাই যে, ‘ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰাৰ সৈতে তেজ লোৱাৰ কেনে সম্বন্ধ আছে।’ আনহাতে যিহোৱাৰ সাক্ষীসকলে যদিও তেওঁলোকে মৃত্যু হোৱাটো নিবিচাৰে, তথাপিও নিজৰ জীৱন ৰক্ষা কৰিবলৈ তেজ গ্ৰহণ কৰি ঈশ্বৰৰ নিয়ম ভঙ্গ নকৰে। তেতিয়াহʼলে চিকিৎসা বিজ্ঞানে তেজক মূল বিভাগত বিভক্ত কৰাত সফলতা লাভ কৰা বিষয়টো মনত ৰাখি যিহোৱাৰ সাক্ষীসকলে কি কৰিব?

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ পৰা তেজ সঞ্চাৰণ কৰাটো এটা সাধাৰণ বিষয় হৈ পৰিল। তেতিয়াৰ পৰা চিকিৎসা ক্ষেত্ৰতো বহুত উন্নতি হৈছে। এতিয়া তেজৰ উপাদানকো মূল চাৰিটা ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হৈছে: (১) লোহিত ৰক্ত কণিকা; (২) শ্বেত ৰক্ত কণিকা; (৩)  প্লেটলেটছ্‌; (৪) প্লাজমা (ছিৰাম), অৰ্থাৎ তেজত থকা তৰল পদাৰ্থ। বৰ্তমান সময়ত বেছিভাগ ৰোগীক তেজ সঞ্চাৰণ কৰি চিকিৎসা কৰাৰ সময়ত এই চাৰিটা উপাদানৰ যি কোনো এটা দিয়া হয়। চিকিৎসকে তেজৰ কোনটো উপাদানেৰে চিকিৎসা কৰিব সেইটো সম্পূৰ্ণকৈ ৰোগীজনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। তেজত পোৱা উপাদানবোৰ এইদৰে একেটা একক ব্যৱহাৰ কৰি কেইবাজন ৰোগীকো চিকিৎসা কৰিব পাৰি। কিন্তু যিহোৱাৰ সাক্ষীয়ে পোনপটীয়াকৈ তেনেদৰে তেজ গ্ৰহণ বা তাৰ মূল উপাদানক লোৱাৰ অৰ্থ হৈছে যিহোৱা ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰা। মন কৰিবলগীয়া এই যে তেওঁলোকৰ তেনে বিশ্বাসৰ বাবে এইড্‌ছ, হেপাটাইটিছ আৰু আন বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰিছে, যিবোৰ সাধাৰণতে তেজৰ পৰা উৎপন্ন হয়।

যিহেতু আজি তেজৰ পৰা উলিওৱা এই চাৰিটা মূল উপাদানকো কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। এতিয়া প্ৰশ্ন হৈছে যে প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে এই বিভক্তবোৰৰ পৰা চিকিৎসা কৰিব পাৰেনে? ইয়াৰ উত্তৰ পোৱাৰ পূৰ্বেই সৰ্ব্বপ্ৰথমে জনা আৱশ্যক যে এই অংশবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয়? এই সম্পৰ্কে এজন প্ৰকৃত খ্ৰীষ্টানে সিদ্ধান্ত লোৱাৰ পূৰ্বেই কেনেবোৰ বিষয়ক মনত ৰাখা উচিত?

তেজ হৈছে বহুতো জটিল পদাৰ্থৰে গঠিত। এটা প্লাজমাত ৯০ শতাংশ পানীৰ বাহিৰেও হৰমʼন, পাচক ৰস, পুস্তিদ্ৰব্য, এন্টিবডি আৰু বৰ্জিত পদাৰ্থ থাকে। তদুপৰি প্লাজমাত এলবুমিন থকাৰ উপৰিও এনে কিছুমান প্ৰʼটিন থাকে যি শৰীৰত কোনো আঘাত পোৱাৰ সময়ত অধিক তেজ প্ৰবাহিত হʼবলৈ নিদিয়ে আৰু কিছুমান প্ৰʼটিনে ৰোগৰ সৈতে যুঁজিবলৈ শৰীৰক শক্তি প্ৰদান কৰে। গৱেষণাগাৰত কাম কৰা বিশেজ্ঞসকলে প্লাজমাৰ পৰা কেইবাটাও প্ৰʼটিন পৃথক কৰে। উদাহৰণস্বৰূপে, হিমʼফিলিয়া (ৰক্ততঞ্চনহীনতা) ৰোগত ভুগা ৰোগীৰ বিষয়ে বিবেচনা কৰক। যদি ৰোগীজনে অলপ আঘাত পালেও তেওঁৰ ক্ষতস্থানৰ পৰা তেজ ওলাই থাকে। এনে অৱস্থাত প্লাজমাৰ পৰা ক্লটিং ফেক্টৰ VIII (অষ্টম) দিয়া হয় যিয়ে ৰোগীজনৰ তেজৰ প্ৰবাহ হ্ৰাস কৰে। আনহাতে ৰোগীৰ এনে বেমাৰ থাকে যাৰ সৈতে যুঁজ কৰিবলৈ চিকিৎসকে ৰোগীক গামা গ্লʼবুলিনৰ বেজি দিয়ে। এই গামা গ্লʼবুলিন এনে ব্যক্তিসকলৰ প্লাজমাৰ পৰা লোৱা হয় যিসকলৰ শৰীৰত ৰোগৰ সৈতে যুঁজ কৰিবলৈ ইতিমধ্যেই শক্তি থাকে। প্লাজমাত এনে বহুতো প্ৰʼটিন থাকে যাৰ দ্বাৰা আন আন ৰোগক চিকিৎসা কৰিব পাৰি। ওপৰত উল্লেখ কৰা উদাহৰণৰ পৰা আমি জানিব পাৰিছোঁ যে তেজৰ কোনো উপাদানৰ (প্লাজমা) অংশ কোনো প্ৰকাৰে পৃথক কৰি ব্যৱহাৰ কৰিব পাৰি। *

যিদৰে তেজৰ উপাদান প্লাজমাৰ পৰা বেলেগ বেলেগ অংশ বিভক্ত কৰিব পাৰে, তেনেদৰে তেজৰ আন উপাদানসমূহৰ (লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্‌) পৰাও ক্ষুদ্ৰ অংশ পৃথক কৰিব পাৰি। উদাহৰণস্বৰূপে, কেন্সাৰ আৰু আন বিষাণুজনিত সংক্ৰামক ৰোগৰ সৈতে যুঁজিবলৈ শ্বেত ৰক্ত কণিকাৰ পৰা ইন্টাৰফেৰন আৰু ইন্টালেউকিনছ্‌ প্ৰʼটিন ব্যৱহাৰ কৰা হয়। প্লেটলেটছৰ পৰা এনে পদাৰ্থ তৈয়াৰ কৰা হয় যিয়ে ক্ষতস্থানক সোনকালে ঠিক হোৱাত সহায় কৰে। ইয়াৰ উপৰিও এনে বহুতো ঔষধ তৈয়াৰ কৰিছে (বৰ্তমান) যʼত তেজৰ উপাদানৰ কোনো অংশক ব্যৱহাৰ কৰা হৈছে। মন কৰিবলগীয়া এই যে এই ঔষধবোৰৰ দ্বাৰা চিকিৎসা কৰাৰ অৰ্থ এইটো নহয় যে অৱশ্যেই তেজৰ মূল উপাদানবোৰ গ্ৰহণ কৰা; সেইবোৰত সাধাৰণতে তেজৰ ভাগ বা অংশ সন্মিলিত থাকে। এতেকে এজন প্ৰকৃত খ্ৰীষ্টানে নিজৰ চিকিৎসাত তেজৰ উপাদানৰ অংশৰ পৰা নিৰ্ম্মাণ কৰা ঔষধ ব্যৱহাৰ কৰিব পাৰেনে? আমি ইয়াৰ উত্তৰত পাৰে বা নোৱাৰে বুলি কʼব পাৰোঁ। তেজৰ উপাদানৰ অংশবোৰৰ সম্পৰ্কে বাইবেলে কোনো স্পষ্ট নিয়ম দিয়া নাই। সেয়েহে প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানে নিজেই ব্যক্তিগতৰূপে নিৰ্ণয় লোৱা উচিত যে এনে ধৰণৰ চিকিৎসাৰ পাছত যেন তেওঁ শুদ্ধ বিবেকেৰে যিহোৱাক উপাসনা কৰিব পাৰে।

কিছুমান প্ৰকৃত খ্ৰীষ্টানে তেজৰ পৰা বনোৱা কোনো পদাৰ্থও ব্যৱহাৰ নকৰে। (আনকি তেজৰ উপাদানৰ অংশৰ পৰা নিৰ্ম্মাণ কৰা ঔষধো ব্যৱহাৰ নকৰে যাৰ দ্বাৰা অলপ সময়ৰ বাবে তেওঁলোকৰ শৰীৰে বেমাৰৰ সৈতে যুঁজিবলৈ শক্তি লাভ কৰিব পাৰে।) তেওঁলোকৰ অনুসাৰে এইটো হৈছে ‘তেজৰ পৰা পৃথকে’ থকাৰ উপযুক্ত অৰ্থ। তেওঁলোকৰ তেনে বিশ্বাসৰ কাৰণ বৰ্ণনা কৰি কৈছে যে ইস্ৰায়েলসকলক ব্যৱস্থা দিয়া হৈছিল যে কোনো জীৱ-জন্তুৰ শৰীৰৰ পৰা উলিওৱা তেজ ‘পানীৰ দৰে মাটিত ঢালি দিয়া আৱশ্যক।’ (দ্বিতীয় বিবৰণ ১২:২২-২৪) এই নিয়মৰ প্ৰতি মনোযোগ দিয়াটো কিয় উচিত হʼব? কিয়নো গামা গ্লʼবুলিনৰ পৰা তৈয়াৰ কৰা ক্লটিং ফেক্টৰ বা আন ঔষধসমূহ পূৰ্বতে সঞ্চিত কৰি ৰাখা তেজৰ পৰা বনোৱা হয়। সেয়েহে কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে নিজৰ চিকিৎসাৰ বাবে যিদৰে তেজৰ উপাদানৰ পৰা বনোৱা ঔষধ গ্ৰহণ নকৰে তেনেদৰে সেইবোৰো গ্ৰহণ নকৰে। যিহোৱাৰ উপাসনাত নিজৰ বিবেক শুদ্ধ কৰি ৰাখিবলৈ যি নিৰ্ণয় লয় তাৰ প্ৰতি মূল্যাঙ্কন কৰা উচিত।

কিন্তু কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে বেলেগ নিৰ্ণয় লয়। তেওঁলোকে তেজ বা তেজৰ মূল উপাদান যেনে, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ বা প্লাজমা গ্ৰহণ নকৰে। কিন্তু তেজৰ উপাদানৰ পৰা পৃথক কৰা অংশৰে চিকিৎসা কৰিবলৈ কোনো সঙ্কোচবোধ নকৰে। এই ক্ষেত্ৰতো এজন খ্ৰীষ্টান ব্যক্তিয়ে লোৱা উচিত বা অনুচিত বুলি দিয়া মতামত বেলেগ বেলেগ হʼব পাৰে। উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টান ব্যক্তিয়ে লোহিত বা শ্বেত ৰক্ত কণিকাৰ পৰা তৈয়াৰ কৰা গামা গ্লʼবুলিন বেজি নলব পাৰে। যিয়েই নহওক এজন খ্ৰীষ্টান ব্যক্তিয়ে কেনে আধাৰত নিৰ্ণয় কৰিব যে তেওঁ তেজৰ উপাদানৰ অংশৰ পৰা তৈয়াৰ কৰা কোনো ঔষধৰ দ্বাৰা নিজৰ চিকিৎসা নকৰিব?

জুন ১, ১৯৯০ চনৰ ইংৰাজী প্ৰহৰীবুৰুজʼত প্ৰকাশ পোৱা “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটোত কোৱা হৈছে যে মাক আৰু শিশুৰ ৰক্ত-সংবহন তন্ত্ৰ একেবাৰে পৃথক। তথাপিও এগৰাকী গৰ্ভৱতী মহিলাৰ প্লাজমা প্ৰʼটিন (অংশ) তাইৰ গৰ্ভত থকা শিশুটিৰ তেজলৈ যায়। এইদৰে মাকৰ পৰা পোৱা ইমিউনʼগ্লʼবুলিনছৰ বাবে অজন্মা শিশুটোৱে বেমাৰৰ সৈতে যুঁজ কৰিবলৈ শক্তি লাভ কৰে। গৰ্ভত বৃদ্ধি হোৱা শিশুটিৰ লোহিত ৰক্ত কণিকা যেতিয়া মৰি যায় তেতিয়া তাৰ পৰা অক্সিজেন থকা অংশ পৃথক হৈ যায়। মৰি যোৱা সেই কোষবোৰৰ কিছুমান ব্লিৰুবিন্‌ হৈ পৰে, যি প্লিছেন্টাৰ ওলাই মাকৰ শৰীৰত প্ৰৱেশ কৰে আৰু মল-মূত্ৰৰ দ্বাৰা বাহিৰলৈ উলাই যায়। সেয়েহে কিছুমান খ্ৰীষ্টান ব্যক্তিয়ে কয় যে এনে প্ৰাকৃতিক প্ৰণালীৰে যদি এজনৰ তেজৰ উপাদানৰ কোনো অংশ আনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে তেনেহʼলে আন ব্যক্তিৰ তেজৰ প্লাজমা বা কণিকা কিয় নিজৰ শৰীৰত গ্ৰহণ কৰিব নোৱাৰে।

এনে বিচাৰধাৰা আৰু নিৰ্ণয় যিমানে ভিন্ন নহওঁক কিয়, তাৰ পৰা কোনো প্ৰভাৱ নপৰে বুলি ভাবটো সঠিক হʼবনে? অৱশ্যেই হʼব। কিয়নো এইটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। ওপৰত উল্লেখ কৰা বিষয়টোৰ পৰা এইটো কথা স্পষ্টকৈ প্ৰকাশ পাইছে যে যিহোৱাৰ সাক্ষীসকলে তেজ বা তেজৰ মূল উপাদানসমূহক নিজৰ চিকিৎসাৰ বাবে কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। কিয়নো বাইবেলত প্ৰকৃত খ্ৰীষ্টানসকলক এইদৰে আজ্ঞা দিয়া হৈছে যে ‘দেৱতাৰ প্ৰসাদ, তেজ, টেঁটু-চেপা দি মৰা জন্তু খোৱা আৰু ব্যভিচাৰৰ পৰা পৃথকে থকা উচিত।’ (পাঁচনিৰ কৰ্ম্ম ১৫:২৮) কিন্তু যʼত তেজৰ উপাদানৰ পৰা উলিওৱা অংশৰে চিকিৎসা কৰা উচিত নে অনুচিত বুলি প্ৰশ্ন উঠে তেতিয়া প্ৰত্যেকজন খ্ৰীষ্টান ব্যক্তিয়ে নিজেই নিৰ্ণয় লোৱা আৱশ্যক। তেওঁ সেই নিৰ্ণয় ততালিকে নহয় কিন্তু ভালদৰে ভাবি-চিন্তি আৰু ঈশ্বৰৰ পৰা নিৰ্দ্দেশনা বিচাৰি একেৰাহে প্ৰাৰ্থনা কৰাৰ পিছতহে লোৱা উচিত।

এনে বহুতো ব্যক্তি আছে যিসকলে কষ্টৰ পৰা সোনকালে উপশম পাবলৈ চিকিৎসা বিপদজনক হোৱাৰ স্বত্ত্বেও যি কোনো চিকিৎসা গ্ৰহণ কৰিব বিচাৰে। এইটো তেজ গ্ৰহণ কৰি চিকিৎসা কৰাৰ ক্ষেত্ৰত সঁচা বুলি কʼব পাৰি। আনহাতে প্ৰকৃত খ্ৰীষ্টানসকলে চিকিৎসাৰ নিৰ্ণয় লোৱাৰ পূৰ্বে কেৱল কষ্টৰ পৰা উপশম পোৱা বিষয়ে নাভাবে। যিহোৱাৰ সাক্ষীসকলে চিকিৎসকসকলে তেওঁলোকক উত্তম প্ৰকাৰৰ চিকিৎসা কৰিবলৈ কৰা সম্পূৰ্ণ চেষ্টাৰ প্ৰতি মূল্যাঙ্কন কৰে। তেওঁলোকে নিজেই কোনো চিকিৎসা গ্ৰহণ কৰাৰ পূৰ্বেই তাৰ লাভ আৰু বিপদবোৰক ভালকৈ পৰীক্ষা কৰি লয়। কিন্তু যেতিয়া তেজৰ পৰা তৈয়াৰ কৰা ঔষধৰ দ্বাৰা চিকিৎসা কৰাৰ প্ৰশ্ন আহে তেতিয়া তেওঁলোকে মানৱ জীৱন প্ৰদান কৰা যিহোৱা ঈশ্বৰৰ নিয়মক অধিক গুৰুত্ব দিয়ে। এজন প্ৰকৃত খ্ৰীষ্টানে এনে কোনো পদক্ষেপ লব নিবিচাৰে যাৰ বাবে জীৱনদাতা ঈশ্বৰৰ সৈতে থকা তেওঁৰ সম্বন্ধ দুৰ্ব্বল হʼব পাৰে।—গীত ৩৬:৯.

চিকিৎসাৰ সম্বন্ধে সঠিক নিৰ্ণয় লোৱাৰ দ্বাৰা আমি প্ৰকাশ কৰোঁ যে আমি সম্পূৰ্ণকৈ যিহোৱা ঈশ্বৰক ভাৰসা কৰোঁ। যিসকলে তেনে কৰে সেই সকলোকে যিহোৱাই কেতিয়াও ত্যাগ নকৰে, এই বিষয়ে গীতমালা ৰচোঁতাই এইদৰে লিখিছিল: “ঈশ্বৰ যিহোৱা সূৰ্য্য আৰু ঢালস্বৰূপ; যিহোৱাই অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; সিদ্ধ পথত চলোঁতাবিলাকৰ পৰা তেওঁ কোনো উত্তম বস্তু আটক নকৰে। হে . . . যিহোৱা, তোমাত নিৰ্ভৰ কৰোঁতা লোক ধন্য!—গীত ৮৪:১১, ১২. (w04 6/15)

[ফুটনোট]

^ জুন ১৫, ১৯৭৮ আৰু অক্টোবৰ ১৯৯৪ প্ৰহৰীবুৰুজ চাওক। ঔষধ নিৰ্ম্মাণ কৰা কোম্পানীয়ে তেওঁলোকৰ গৱেষণাগাৰত এনে ঔষধ উৎপন্ন কৰিছে যিবোৰ তেজ বা তাৰ কোনো উপাদানৰ পৰা প্ৰস্তুত কৰা নহয়। অতীতত সেইবোৰক তেজৰ সলনি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।

[৩১ পৃষ্ঠাৰ বক্স]

চিকিৎসকক সুধিবলগীয়া প্ৰশ্নসমূহ

যদি আপুনি এনে শল্যচিকিৎসা বা এটা চিকিৎসাৰ সম্মুখীন হৈছে যʼত তেজৰ পৰা উৎপন্ন হোৱা ঔষধ সন্মিলিত আছে। তেতিয়া এইদৰে সুধিব পাৰে:

এজন যিহোৱাৰ সাক্ষী হোৱাৰ বাবে মই যিকোনো পৰিস্থিত কোনো প্ৰকাৰেই তেজ সঞ্চাৰণ (সম্পূৰ্ণ তেজ, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকাবোৰৰ কোষ, প্লেটলেটছ বা ৰক্ত প্লাজমা) নকৰোঁ বুলি আপোনাৰ চিকিৎসাৰ সৈতে জড়িত থকা ডাক্টৰসকলে জানেনে?

চিকিৎসাৰ বাবে যদি ডাক্টৰে এনে কোনো ঔষধ লিখি দিছে যিটো প্লাজমা, লোহিত বা শ্বেত ৰক্ত কণিকাৰ কোষ বা প্লেটলেটৰ পৰা বনোৱা হৈছে তেতিয়া চিকিৎসকজনক এইদৰে সুধিব পাৰে:

আপুনি পৰামৰ্শ কৰা ঔষধটোত তেজৰ চাৰিটা মূল উপাদনৰ পৰা তৈয়াৰ কৰা হৈছেনে? যদি তৈয়াৰ কৰা হৈছে তেন্তে তাত কি কি সন্মিলিত আছে?

এই ঔষধটো কিমান পৰিমাণে আৰু কেনেকৈ লব লাগিব?

যদি মোৰ বিবেকে এই ঔষধটো গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে তেন্তে কেনে বিপদ হোৱাৰ সম্ভাৱনা আছে?

যদি মোৰ বিবেকে এই ঔষধৰ বাবে মান্তি নহয় তেনেহʼলে মোৰ বেমাৰৰ বাবে আন কোনো চিকিৎসা আছেনে?

এই সন্দৰ্ভত ভালদৰে ভাবি-চিন্তি মোৰ নিৰ্ণয়ৰ বিষয়ে জনাবলৈ আপানালোকে মোক কিমান সময় দিব?