Skip to content

Skip to table of contents

ঈশ্বৰে বাস্তৱতে আপোনাৰ বাবে চিন্তা কৰে

ঈশ্বৰে বাস্তৱতে আপোনাৰ বাবে চিন্তা কৰে

ঈশ্বৰে বাস্তৱতে আপোনাৰ বাবে চিন্তা কৰে

 বিপদত ঈশ্বৰৰ সহায় বিচৰাটো স্বাভাৱিক কথা। কিয়নো তেওঁ “শক্তিত পৰাক্ৰমী; তেওঁৰ জ্ঞান অসীম।” (গীত ১৪৭:৫) সেয়েহে কেৱল তেওঁহে আমাৰ সমস্যাবোৰত সহায় কৰিবলৈ উপযুক্ত। ইয়াৰ উপৰিও বাইবেলে আমাক ‘আমাৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কʼবলৈ’ প্ৰেৰিত কৰিছে। (গীত ৬২:৮) তেতিয়াহʼলে বহুতে কিয় এনেদৰে ভাবিছে যে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাৰ কোনো উত্তৰ নিদিয়ে? ইয়াৰ অৰ্থ এইটোনে যে বাস্তৱতে তেওঁ আমাৰ প্ৰতি কোনো চিন্তা নকৰে?

ইয়াৰ বাবে ঈশ্বৰে দায়ী বুলি শীঘ্ৰেই তেনে কোনো মীমাংসাত উপনীত হোৱাৰ পূৰ্বেই আপোনাৰ সৰুকালৰ কথা বিবেচনা কৰক। যেতিয়া আপোনাৰ পিতৃ-মাতৃয়ে আপুনি বিচৰা কোনো বস্তু আনি দিয়া নাছিল তেতিয়া তেওঁলোকে আপোনাক প্ৰেম নকৰে বুলি অভিযোগ কৰিছিল নে? বহুতো লʼৰা-ছোৱালীয়ে তেনেদৰে কৰে। কিন্তু আপুনি যেতিয়া ডাঙৰ হয় তেতিয়া তেওঁলোকে বহুতো প্ৰকাৰে প্ৰেম দেখুৱাৰ বাবে মূল্যাঙ্কন কৰে আৰু কয় যে লʼৰা-ছোৱালীয়ে বিচৰা সকলো বস্তু দিয়াটো বাস্তৱতে এক প্ৰেমৰ বিষয় নহয়।

একেইদৰে যেতিয়া যিহোৱা ঈশ্বৰে আমি বিচৰাৰ অনুসাৰে প্ৰাৰ্থনাৰ উত্তৰ নিদিয়ে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক উপেক্ষা কৰিছে। প্ৰকৃততে ঈশ্বৰে বহুতো প্ৰকাৰে প্ৰকাশ কৰি দেখুৱাইছে যে তেওঁ আমাৰ প্ৰতি বিবেচক।

“তেওঁতে জীছোঁ”

সৰ্ব্বপ্ৰথমে আমি ঈশ্বৰক ধন্যবাদ কৰা উচিত, “কিয়নো আমি তেওঁতে জীছোঁ, লৰিছোঁ, আছোঁ।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৮) তেওঁ আমাক জীৱন প্ৰদান কৰাৰ দ্বাৰা আমাৰ প্ৰতি থকা তেওঁৰ চিন্তা প্ৰকাশ কৰিলে!

তদুপৰি আমি জীয়াই থাকিবলৈ যিহৰ আৱশ্যক সেই সকলোকে যিহোৱা ঈশ্বৰে প্ৰবন্ধ কৰিলে। এই বিষয়ে আমি তেওঁৰ বাক্য বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁ পৃথিবীৰ পৰা আহাৰ উলিয়াবলৈ, পশুবোৰৰ নিমিত্তে ঘাঁহ, মানুহৰ ব্যৱহাৰৰ নিমিত্তে শস্য গজায়।” (গীত ১০৪:১৪) দৰাচলতে আমাৰ সৃষ্টিকৰ্ত্তাই আমি জীয়াই থাকিবলৈ আৱশ্যক হোৱা বস্তুতকৈ অধিক কিছু প্ৰদান কৰিলে। তেওঁ উদাৰশীল হৈ “আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দৰে [আমাৰ] হৃদয় তৃপ্ত কৰাই।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৭.

তথাপিও কিছুমানে এইদৰে ভাবি আচৰিত হয় যে, ‘ঈশ্বৰে যদি বাস্তৱতে আমাক প্ৰেম কৰে তেনেহʼলে কিয় দুখ-কষ্ট ভুগীবলৈ অনুমতি দিছে?’ আপুনি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবনে?

সমস্যাবোৰৰ বাবে ঈশ্বৰ দায়ী নে?

ভুগী থকা বেছিভাগ সমস্যাই হৈছে মানুহে নিজেই উৎপন্ন কৰি লোৱা বা স্ববিহিত। উদাহৰণস্বৰূপে, এনে বিশেষ কোনো বিপদজনক জনাপৰিচিত কাৰ্য্যসমূহৰ বিষয়ে বিবেচনা কৰক। লোকসকলে অনৈতিক যৌন, অপৰিমিত মদ্যপান, নিচা জাতীয় পদাৰ্থ লোৱা, ধুমপান আৰু কিছুমান বিপদজনক খেল-ধেমালি, দ্ৰুতগতিত গড়ী বা মটৰ-চাইকেল চলোৱা আদিত ভাগ লয়। এনে বিপদজনক কাৰ্য্যত ভাগ লৈ নিজৰ বাবে বিপদ মাতি অনাৰ কাৰণে দায়ী কোন? ঈশ্বৰনে অথবা অবিবেচকৰূপে কাৰ্য্য কৰা জন? ঈশ্বৰৰ প্ৰেৰিত বাক্যই এইদৰে কৈছে: “তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।”—গালাতীয়া ৬:৭.

ইয়াৰ উপৰিও মানুহে প্ৰায়ে এজনে আনজনৰ অপকাৰ কৰে। সেয়েহে কোনো এখন দেশে যুদ্ধ ঘোষণা কৰাৰ ফলত হোৱা পৰিণামসমূহৰ বাবে ঈশ্বৰে অৱশ্যেই দায়ী নহয়। এজন অপৰাধীয়ে কোনো এজন নাগৰিকক আক্ৰমণ কৰাৰ ফলত হোৱা আঘাত বা মৃত্যুৰ বাবে ঈশ্বৰ দায়ী নে? অৱশ্যেই নহয়! যেতিয়া কোনো এজন নিষ্ঠুৰ শাসকে তেওঁৰ অধীনত লোকসকলৰ ওপৰত অত্যাচাৰ, যাতনা আৰু হত্যা কৰে, তাৰ বাবে আমি ঈশ্বৰক জগৰীয়া কৰিব পাৰোঁনে? তেনে কৰাতো অৱশ্যেই যুক্তিসঙ্গত নহয়।—উপদেশক ৮:৯.

বৰ্তমান সময়ত কোটি সংখ্যক লোকে দৰিদ্ৰতা বা অনাহাৰত ভুগীবলগীয়া হোৱাৰ বিষয়ে কি কʼব পাৰি? ইয়াৰ বাবেও ঈশ্বৰ দায়ী নে? নিশ্চয়ে নহয়। আমাৰ পৃথিৱীখনে প্ৰত্যেকজনে পেট ভৰাই খাব পৰাকৈ যথেষ্ট পৰিমাণৰ খাদ্য উৎপন্ন কৰে। (গীত ১০:২, ৩; ১৪৫:১৬) ঈশ্বৰে দিয়া প্ৰচুৰ পৰিমাণৰ আহাৰক সমানে ভাগ নকৰাৰ বাবে আজি গোটেই পৃথিৱীত অনাহাৰ আৰু দৰিদ্ৰতা দেখিবলৈ পোৱা গৈছে। মানুহৰ স্বাৰ্থপৰতাই এই সমস্যাক সমাধান কৰিবলৈ বাধা দিয়ে।

মূল কাৰণটো

এজন ব্যক্তি ৰোগগ্ৰস্ত বা বৃদ্ধ হৈ মৃত্যু হোৱাৰ বাবে কোন দায়ী? ঈশ্বৰ দায়ী নহয় বুলি কোৱাৰ বাবে আপুনি আচৰিত হয়নে? কিয়নো ঈশ্বৰে মানুহক বৃদ্ধ আৰু মৃত্যু হʼবলৈ সৃষ্টি কৰা নাছিল।

আমাৰ প্ৰথম মানৱ দম্পতী আদম আৰু হৱাক যিহোৱা ঈশ্বৰে অনন্ত জীৱনেৰে সৈতে সৃষ্টি কৰি পাৰ্থিৱ পৰমদেশত ৰাখিলে। স্পষ্টৰূপে, ঈশ্বৰে এনে মানৱেৰে পৃথিৱীখন পূৰ্ণ হোৱাটো বিচাৰিছিল, যিসকলে তেওঁৰ পৰা পোৱা আশীৰ্ব্বাদক মূল্যাঙ্কন কৰে। কিন্তু যিহোৱা ঈশ্বৰে তেওঁলোকে তেনে জীৱনৰ আনন্দ কৰিবলৈ তেওঁলোকৰ সম্মুখত এটা সৰ্ত্ত ৰাখিলে। যেতিয়ালৈকে আদম আৰু হৱাই প্ৰেমময় সৃষ্টিকৰ্ত্তাজনৰ অধীন হৈ থাকিব তেতিয়ালৈকে তেওঁলোকে পৰমদেশত অনন্তকাল জীয়াই থাকিব পাৰিব।—আদিপুস্তক ২:১৭; ৩:২, ৩, ১৭-২৩.

দুখৰ বিষয় এই যে আদম আৰু হৱাই যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। সৰ্ব্বপ্ৰথমে হৱাই দিয়াবল অৰ্থাৎ চয়তানৰ কথা শুনিবলৈ বাছি লʼলে। চয়তানে হৱাক মিছা কথা কৈ এইদৰে কʼলে যে দৰাচলতে ঈশ্বৰে তাইক কিবা এটা ভাল বস্তুৰ পৰা বঞ্চিত কৰি ৰাখিছে। তাতে তাই “ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা” হʼবলৈ স্বাধীনতা পথ অৱলম্বন কৰিলে। পিছলৈ আদমেও হৱাৰ সৈতে ঈশ্বৰৰ বিৰোধ কৰিলে।—আদিপুস্তক ৩:৫, ৬.

এইদৰে পাপ কৰি আদম আৰু হৱাই নিজেই প্ৰকাশ কৰিলে যে তেওঁলোকে অনন্তকাল জীয়াই থাকিবলৈ উপযুক্ত নহয়। পাপ কৰাৰ পৰিণামস্বৰূপে তেওঁলোকে নিজলৈ ধ্বংস মাতি আনিলে। ক্ৰমান্বয়ে তেওঁলোকৰ শাৰীৰিক শক্তি হ্ৰাস পাই আহিব ধৰিলে আৰু অৱশেষত মৃত্যু হʼল। (আদিপুস্তক ৫:৫) কিন্তু তেওঁলোকে বিৰোধ কৰাৰ বাবে তাৰ পৰিণাম তাতকৈ অধিক বেয়া হʼল। সেইবাবে আজি আমি আদম আৰু হৱাই কৰা পাপৰ ফল ভুগীবলগীয়া হৈছে। এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “এজন মানুহৰ [আদমৰ] দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল।” (ৰোমীয়া ৫:১২) দৰাচলতে আদম আৰু হৱাই ঈশ্বৰৰ অহিতে বিদ্ৰোহ কৰাৰ বাবে পাপ আৰু মৃত্যু মাৰাত্মক ৰোগ হিচাবে সকলো মানৱজাতিলৈ বিয়পী পৰিল।

ঈশ্বৰে যে চিন্তা কৰে তাৰ শক্তিশালী প্ৰমাণ

ইয়াৰ অৰ্থ এইটোনে যে মানুহৰ প্ৰতি থকা সৃষ্টিকৰ্ত্তাজনৰ উদ্দেশ্য চিৰকালৰ বাবে ধ্বংস হʼল? অৱশ্যেই নহয়। ঈশ্বৰে যে আমাৰ প্ৰতি চিন্তা কৰে তাৰ বিষয়ে ইয়াত শক্তিশালী প্ৰমাণ দেখিবলৈ পাম। ঈশ্বৰে স্বয়ং নিজলৈ ক্ষতি স্বীকাৰ কৰি আমাক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ মুক্তিপণৰ ব্যৱস্থা কৰিলে। এই মুক্তিপণৰ মূল্য আছিল যীচুৰ সিদ্ধ মানৱ জীৱন। যিচুৱে আমাৰ বাবে নিজৰ জীৱন বলিদানৰূপে উৎসৰ্গ কৰিলে। (ৰোমীয়া ৩:২৪) সেয়েহে পাঁচনি যোহনে এইদৰে লিখিছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) ঈশ্বৰে তেনে উল্লেখনীয় প্ৰেম প্ৰকাশ কৰাৰ বাবে আমি পুনৰাই অনন্ত জীৱন জীয়াই থকাৰ আশা লাভ কৰিলোঁ। পাঁচনি পৌলে ৰোম চহৰত থকা মণ্ডলীৰ ভাই-ভনীসকললৈ এইদৰে লিখিলে: “যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকোলো মানুহলৈকে দণ্ডলৈ ৰায় দিয়া হল, তেনেকৈ ধাৰ্ম্মিকতাৰ এটা কাৰ্য্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধৰ্ম্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হল।”—ৰোমীয়া ৫:১৮.

গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে তেওঁৰ উপযুক্ত সময়ত পৃথিৱীৰ পৰা সকলো প্ৰকাৰৰ দুখ-কষ্ট বা মৃত্যুক আঁতৰ কৰিব। আগন্তুক ভৱিষ্যতৰ বিষয়ে প্ৰকাশিত বাক্যত এইদৰে বৰ্ণনা কৰিছে: “চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সঙ্গী হৈ তেওঁবিলাকৰ ঈশ্বৰ হব; আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:৩, ৪) আপুনি হয়তো এইদৰে কʼব পাৰে যে, ‘মই সেই সময়ৰলৈকে জীয়াই নাথাকিম।’ দৰাচলতে আপুনি হয়তো জীয়াই থাকিব পাৰে আৰু যদিও আপোনাৰ মৃত্যু হয়, ঈশ্বৰে মৃত্যুৰ পৰা আপোনাক জীয়াই তুলিব। (যোহন ৫:২৮, ২৯) আমাৰ প্ৰতি ঈশ্বৰৰ এইটোৱে উদ্দেশ্য আছিল আৰু তেনেদৰে পূৰ্ণও হʼব। এই সত্যতা, ঈশ্বৰে মানুহৰ প্ৰতি কোনো চিন্তা নকৰে বুলি জগৰীয়া কৰা বিচাৰধাৰাৰ একেবাৰে বিপৰীত নহয়নে বাৰু!

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ”

মানৱজাতিৰ সকলো সমস্যাক সমাধান কৰিবলৈ ঈশ্বৰে যে ইতিমধ্যেই এক চিৰকলীয়া ব্যৱস্থা কৰিলে বুলি জানি বাস্তৱতে শান্ত্বনা লাভ কৰিব পাৰি। কিন্তু বৰ্তমান সময়ৰ বিষয়ে কি কʼব পাৰি? যেতিয়া আমাৰ কোনোবা আত্মীয়জনৰ মৃত্যু বা আমাৰ লʼৰা-ছোৱালী কোনো ৰোগত আক্ৰান্ত হয় তেতিয়া আমি কি কৰিব পাৰোঁ? ৰোগ আৰু মৃত্যুক আঁতৰ কৰাৰ বাবে ঈশ্বৰৰ উপযুক্ত সময় এতিয়াও বাকী আছে। বাইবেলে দেখুৱাইছে যে এই সকলোবোৰ সমাধান হোৱালৈ আমি আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। তথাপিও ঈশ্বৰে আমাক কোনো আশাহীন কৰি এৰি দিয়া নাই। এই বিষয়ে যীচুৰ শিষ্য যাকোবে এইদৰে কৈছিল: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” (যাকোব ৪:৮) দৰাচলতে আমাৰ সৃষ্টিকৰ্ত্তাই তেওঁৰ সৈতে এক ব্যক্তিগত নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ আমন্ত্ৰণ কৰিছে আৰু যিসকলে তেনে কৰে তেওঁলোকক আনকি সকলোতকৈ কঠিন অৱস্থাতো ঈশ্বৰে সহায় কৰিবলৈ বিফল নহয়।

আমি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰিম? তিনি হাজাৰ বছৰৰ পূৰ্বেই ৰজা দায়ূদে সেই একেইদৰে সুধিছিল: “হে যিহোৱা . . . তোমাৰ পবিত্ৰ পৰ্ব্বতত কোনে বসতি কৰিব?” (গীত ১৫:১) দায়ূদে নিজৰ প্ৰশ্নৰ উত্তৰত এইদৰে কৈছিল: “যি জনে যথাৰ্থ আচৰণ আৰু ধৰ্ম্মকৰ্ম্ম কৰে, আৰু নিজৰ মনতে সঁচা কথা কয়, যি জনে জিবাৰে পৰৰ কথা চৰ্চ্চি নুফুৰে, নিজ বন্ধুৰ অপকাৰ নকৰে।” (গীত ১৫:২, ৩) আন শব্দত কʼবলৈ গলে যিহোৱা ঈশ্বৰে তেনে লোকক আমন্ত্ৰণ কৰিছে যিসকলে আদম আৰু হৱাই চলিবলৈ ত্যাগ কৰা পথত চলে। যিসকলে তেওঁৰ ইচ্ছা পালন কৰিবলৈ আগ্ৰহী ঈশ্বৰে তেওঁলোকৰ কাষ চাপে।—দ্বিতীয় বিবৰণ ৬:২৪, ২৫; ১ যোহন ৫:৩.

আমি কেনেকৈ ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিব পাৰোঁ? সৰ্ব্বপ্ৰথমে আমি “আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়” যি তাক বিচাৰি সেই অনুসাৰে চলা আৱশ্যক। (১ তীমথিয় ২:৩) তাৰ বাবে আমি ঈশ্বৰৰ বাক্য বাইবেলৰ যথাৰ্থ জ্ঞান লোৱা উচিত। (যোহন ১৭:৩; ২ তীমথিয় ৩:১৬, ১৭) ইয়াত সাধাৰণভাৱে বাইবেল পাঠ কৰাতকৈ অধিক কিছু সন্মিলিত আছে। এই সন্দৰ্ভত আমি প্ৰথম শতাব্দীত পাঁচনি পৌলে প্ৰচাৰ কৰা শুভবাৰ্ত্তা শুনা বিৰয়া নগৰৰ ইহুদীসকলৰ আৰ্হিক অনুকৰণ কৰা উচিত। তেওঁলোকৰ বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি, এয়ে হয় কি নহয়, তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে।”—পাঁচনিৰ কৰ্ম্ম ১৭:১১.

একেইদৰে আমিও ঈশ্বৰৰ বাক্য বাইবেলখন অধ্যয়ন কৰি ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাস দৃঢ় কৰি তেওঁৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। (ইব্ৰী ১১:৬) তদুপৰি ইয়ে আমাক যিহোৱাই মানুহৰ সৈতে কেনে আচৰণ অৰ্থাৎ ক্ষন্তেকীয়া লাভসমূহৰ নহয় কিন্তু দীৰ্ঘ সময়ৰ উপযুক্ত লাভসমূহক কেনেকৈ মূল্যাঙ্কন কৰিব পাৰি তাৰ বিষয়ে বুজি পোৱাত সহায় কৰিব।

যিহোৱা ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখা প্ৰকৃত খ্ৰীষ্টানসকলৰ কিছুমানে কি কৈছিল সেই বিষয়ে বিবেচনা কৰক। দানীয়েলা নামৰ এগৰাকী ১৬ বছৰীয়া ভনীয়ে এইদৰে কৈছিল যে, “মই যিহোৱাক অধিক প্ৰেম কৰা আৰু তেওঁক ধন্যবাদ দিয়াৰ অনেক কাৰণ আছে। যিহোৱাই মোক তেওঁক আন্তৰিকতাৰে প্ৰেম কৰা এনে প্ৰেমময় পিতৃ-মাতৃ দিলে যিসকলে মোক ঈশ্বৰৰ বাক্যৰ সামঞ্জস্যত প্ৰতিপালন আৰু শিক্ষাদান কৰে।” উৰুগুৱেত থকা আন এজন খ্ৰীষ্টান ভায়ে এইদৰে লিখিছিল: “যিহোৱাই দেখুৱা মহান দয়া আৰু তেওঁৰ বন্ধুত্বৰ বাবে মোৰ হৃদয় তেওঁৰ প্ৰতি কৃতজ্ঞতাৰে ফুলি উঠে।” ঈশ্বৰে আনকি একেবাৰে নাবালককো তেওঁৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ আমন্ত্ৰণ কৰে। সাত বছৰীয়া কণমাণি গাব্ৰিলাই এইদৰে কয়: “মই ঈশ্বৰক ইমানেই ভাল পাওঁ যে পৃথিৱীৰ একোৱেই সেই স্থান লʼব নোৱাৰে! মোৰ ওচৰত ব্যক্তিগত বাইবেল আছে। তাৰ পৰা মই ঈশ্বৰ আৰু তেওঁৰ পুত্ৰক প্ৰেম কৰিবলৈ শিকিছোঁ।”

বৰ্তমান সময়ত গোটেই বিশ্বত থকা লাখ লাখ লোকে সম্পূৰ্ণ হৃদয়েৰে গীতমালা লিখকে লিখাৰ দৰে এইদৰে মান্তি হয়: “মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল।” (গীত ৭৩:২৮) তেওঁলোকে বৰ্তমানে সম্মুখীন হোৱা সমস্যাসমূহত সফলতা পাবলৈ সহায় লাভ কৰিছে আৰু তেওঁলোক পৰমদেশত অনন্তকাল জীয়াই থকাৰ আশাৰ প্ৰতি একেবাৰে নিশ্চিত। (১ তীমথিয় ৪:৮) গতিকে ‘ঈশ্বৰৰ ওচৰলৈ চাপি আহিবলৈ’ আপোনাৰ লক্ষ্য নবনাই কিয়? আমি অৱশ্যেই এইদৰে আশ্বাস ৰাখিব পাৰোঁ: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) ঈশ্বৰে বাস্তৱতে আপোনাৰ প্ৰতি চিন্তা কৰে! (w04 7/1)

[৫ পৃষ্ঠাৰ ছবি]

যিহোৱাই যে আমাৰ প্ৰতি চিন্তা কৰে তাক বহুতো প্ৰকাৰে দেখিবলৈ পোৱা যায়

[৭ পৃষ্ঠাৰ ছবি]

আনকি নাবালক লʼৰা-ছোৱালীয়েও ঈশ্বৰৰ কাষ চাপিব পাৰে

[৭ পৃষ্ঠাৰ ছবি]

বৰ্তমান যিহোৱাই আমাক সহন কৰিবলৈ সহায় কৰিছে। তেওঁৰ উপযুক্ত সময়ত সকলো বেমাৰ-আজাৰ আৰু মৃত্যুক আঁতৰ কৰিব