Skip to content

Skip to table of contents

‘এই দেশ ফুৰা’

‘এই দেশ ফুৰা’

‘এই দেশ ফুৰা’

“এই দেশৰ দীঘে পথালিয়ে ফুৰা।”—আদিপুস্তক ১৩:১৭.

১. যিহোৱাই অব্ৰাহামক কেনে নিৰ্দ্দেশনা দিছিল?

 আপুনি গাড়ীৰে গৈ থকাৰ সময়ত প্ৰকৃতিৰ দৃশ্যবোৰক লক্ষ্য কৰি আনন্দিত হয়নে? আনবিলাকৰ মতে, প্ৰকৃতিৰ আনন্দ লাভ কৰিবলৈ চাইকেলেৰে যাত্ৰা কৰাটো উত্তম। তদুপৰি এনে কিছুমান ব্যক্তি আছে যি ৰাস্তা-পদূলি আৰু ঠাইবোৰৰ সৈতে পৰিচিত হʼবলৈ খোজ কাঢ়ি যাবলৈ ভাল পায়। তথাপিও তেওঁলোকৰ যাত্ৰা কিছু সময়ৰ পাছত গৈ অন্ত পৰে। কিন্তু অব্ৰাহামে যিহোৱাৰ এই বাক্য শুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল, সেই বিষয়ে কল্পনা কৰক। তেওঁক এইদৰে কোৱা হৈছিল: “উঠা, এই দেশৰ দীঘে পথালিয়ে ফুৰা; কিয়নো ইয়াক মই তোমাকেই দিম”!—আদিপুস্তক ১৩:১৭.

২. অব্ৰাহামে মিচৰ দেশৰ পৰা ওলাই কʼলৈ যাত্ৰা কৰিছিল?

অব্ৰাহামক কোৱা সেই বাক্যবোৰৰ পৃষ্ঠভূমিৰ বিষয়ে বিবেচনা কৰক। এই বাক্যবোৰৰ অনুসৰি তেওঁ নিজৰ ভাৰ্য্যা আৰু লোকসকলৰ সৈতে সাময়িকভাৱে বাস কৰিবলৈ মিচৰৰ অভিমুখে যাত্ৰা কৰিলে। মিচৰ দেশত কিছু সময়লৈকে থাকি তেওঁলোকে দক্ষিণ অঞ্চল অৰ্থাৎ “নেগেব্‌” নামৰ ঠাইৰ অভিমুখে যাত্ৰা কৰিলে বুলি আদিপুস্তক ১৩ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ। তাৰ পিছত অব্ৰাহামে ‘নেগেব্‌ বা দক্ষিণ অঞ্চলৰ পৰা যাত্ৰা কৰি কৰি, বৈৎএল’ পালেগৈ। তাত যেতিয়া অব্ৰাহামৰ পশু-ৰখীয়া আৰু লোটৰ পশু-ৰখীয়াৰ মাজত বিবাদ সৃষ্টি হয় তেতিয়া তেওঁ লোটক পৃথক হৈ উত্তম চৰণীয়া পথাৰ বাছি লʼবলৈ সুযোগ দিলে। লোটে “যৰ্দ্দনৰ গোটেইখন সমথল” বাছি লৈছিল যি “যিহোৱাৰ উদ্যানৰ সদৃশ্য” আছিল। পাছলৈ তেওঁ চদোমত নিগাজিকৈ থাকিবলৈ লʼলে। ঈশ্বৰে অব্ৰাহামক এইদৰে কৈছিল: “তুমি এই যি ঠাইত আছা, এই ঠাইৰ পৰা তোমাৰ চকু তুলি, উত্তৰ, দক্ষিণ, পূব, আৰু পশ্চিমলৈ চোৱা।” সম্ভৱতঃ তেওঁ বৈৎএলৰ পৰা দৃষ্টি কৰি সেই দেশখনৰ অন্যফালে অৱস্থিত থকা ঠাইবোৰ দেখা পাইছিল। তেওঁ কেৱল দৃষ্টিয়ে নহয়, কিন্তু এক পদক্ষেপও লʼবলগীয়া হৈছিল। কিয়নো ঈশ্বৰে তেওঁক “এই দেশৰ দীঘে পথালিয়ে” ফুৰিবলৈ কৈছিল যাতে তেওঁ সেই দেশখন আৰু ইয়াৰ পৰিৱেশৰ সৈতে ভালদৰে পৰিচিত হʼব পাৰে।

৩. অব্ৰাহামে যাত্ৰা কৰা ঠাইবোৰৰ বিষয়ে জনাটো কিয় ইমান সহজ নহয়?

এইটো নিশ্চিত যে হিব্ৰোণ পোৱাৰ আগেয়ে সেই প্ৰতিজ্ঞাত দেশখনৰ বিষয়ে তেওঁ আমাতকৈ ভালদৰে জানিছিল। উদাহৰণস্বৰূপে, তেওঁ যাত্ৰা কৰা নেগেব্‌, বৈৎএল, যৰ্দ্দনৰ গোটেইখন সমতল ভূমি, চদোম আৰু হিব্ৰোণৰ বিষয়ে বিবেচনা কৰক। সেই ঠাইবোৰৰ বিষয়ে আপুনি সহজে কল্পনা কৰিব পাৰেনে? নিচেই কম সংখ্যক যিহোৱাৰ সাক্ষীয়েহে সেই ঠাইবোৰৰ বিষয়ে সহজে কʼব পাৰে। কিয়নো তেওঁলোকে সেইবোৰৰ বিষয়ে বাইবেলৰ পৰা পঢ়ি আৰু তাৰ দীঘ আৰু পথালিয়ে যাত্ৰা কৰি ঠাইবোৰৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। যিহেতু আমি সকলোৱে সেই বাইবেলৰ ঠাইবোৰৰ বিষয়ে জনা উচিত। কিয় উচিত?

৪, ৫. (ক) হিতোপদেশ ১৮:১৫ পদে আমাক বাইবেলৰ ঠাইবোৰৰ বিষয়ে জ্ঞান আৰু অন্তৰ্দৃষ্টি পাবলৈ কেনেকৈ সহায় কৰে? (খ) চফনিয়া ২ অধ্যায়ত কিহৰ বিষয়ে বৰ্ণনা কৰিছে?

ঈশ্বৰৰ বাক্যই এইদৰে আগ্ৰহ কৰিছে: “সুবিবেচকৰ মনে জ্ঞান উপাৰ্জ্জন কৰে, আৰু জ্ঞানীবিলাকে কাণেৰে জ্ঞানৰ চেষ্টা কৰে।” (হিতোপদেশ ১৮:১৫) এজন ব্যক্তিয়ে হয়তো বহুতো বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে, কিন্তু যিহোৱা আৰু তেওঁৰ ব্যৱহাৰৰ সম্বন্ধে থকা জ্ঞান আহৰণ কৰাটো সেই ব্যক্তিজনৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। ইয়াত কোনো সন্দেহ নাই যে সেই জ্ঞান নিশ্চয়ে আমি বাইবেলত পঢ়া বিষয়বোৰৰ ওপৰত আধাৰিত। (২ তীমথিয় ৩:১৬) কিন্তু এই বিষয়ে জানিবলৈ আমাৰ ওচৰত বুজিব পৰা ক্ষমতা থকা উচিত, যাৰ দ্বাৰা আমি বিষয়বোৰ দকৈ চালি-জাৰি চাবলৈ আৰু পৰস্পৰ কি সম্বন্ধে আছে, তাক জানিব পাৰিম। ঠিক সেইদৰে বাইবেলত উল্লেখ কৰা ঠাইবোৰৰ বিষয়েও জনাটো সিমানেই গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, আমি সকলোৱে জানো যে মিচৰ (ইজিপ্ত) দেশখন কʼত অৱস্থিত। কিন্তু অব্ৰাহামে মিচৰৰ পৰা ওলাই “নেগেব্‌,” বৈৎএল আৰু তাৰ পিছত হিব্ৰোণ পাইছিল বুলি কোৱা কথাষাৰ আমি কিমান গভীৰভাৱে বুজি পাওঁ? সেই ঠাইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আপুনি জানেনে?

আপুনি হয়তো বাইবেল পাঠ কৰাৰ সময়ত চফনিয়া ২ অধ্যায়টো পঢ়িছিল, যʼত চহৰ, দেশ আৰু জাতিবোৰৰ নাম উল্লেখ কৰা আছে। যেনে, ঘচা (গাজা), অস্কিলোন, অম্মোন, অচ্‌দোদ, অচূৰ, ইক্ৰোণ, কনান, চদোম, নীনবি, মোৱাব আদি। আপুনি সেই ঠাইবোৰৰ বিষয়ে কিমান গভীৰভাৱে জানে, যʼত প্ৰকৃত লোক আৰু ঈশ্বৰৰ ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ সৈতে জড়িত থকা ব্যক্তিবিলাক বাস কৰিছিল?

৬. কিছুমান যিহোৱাৰ সাক্ষীৰ সদস্যই বাইবেলৰ সম্বন্ধে থকা মেপবোৰক কিয় গুৰুত্ব দিছে? (১৪ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

বহুতো যিহোৱাৰ সাক্ষী সদস্যই বাইবেলৰ ঠাইবোৰৰ সম্বন্ধে থকা মেপবোৰ লক্ষ্য কৰি অধিককৈ লাভৱান হৈছে। তেওঁলোকে মনত কোনো কৌতূহল সৃষ্টি হোৱাৰ বাবে নহয়, কিন্তু ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা নিজৰ জ্ঞান বৃদ্ধি কৰাৰ উদ্দেশ্যৰে তেনেদৰে কৰিছে। এই মেপবোৰে তেওঁলোকৰ অন্তৰ্দৃষ্টি বৃদ্ধি আৰু ইয়াৰ সৈতে জড়িত থকা ইতিমধ্যে জনা অন্য তথ্যবোৰক বিবেচনা কৰাত সহায় কৰিব পাৰে। গতিকে আঁহক আমি এনে কিছুমান উদাহৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক যি যিহোৱাৰ প্ৰতি কৃতজ্ঞতা আৰু তেওঁৰ বাক্যত থকা ঘটনাবোৰৰ বিষয়ে আপোনাৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব পাৰে। (১৪ পৃষ্ঠাত দিয়া বক্সটো চাওক।)

ঠাইবোৰৰ দূৰত্ব জনাৰ দ্বাৰা আপোনাৰ জ্ঞান বৃদ্ধি হোৱা

৭, ৮. (ক) গাজা নামৰ চহৰত চিম্‌চোনে কেনে এক অসাধাৰণ কাৰ্য্য কৰিলে? (খ) চিম্‌চোনে বীৰত্বপূৰ্ণতাৰে কৰা কাৰ্য্যত কেনে বৈশিষ্টযুক্ত সংবাদ সন্মিলিত কৰিব পাৰি? (গ) এই বৃতান্তৰ বিষয়ে থকা জ্ঞান আৰু বুজশক্তিয়ে আমাক কেনেকৈ সহায় কৰিব পাৰে?

আপুনি হয়তো বিচাৰকৰ্ত্তাবিলাক ১৬:২ পদত চিম্‌চোনে গাজাত থকাৰ বিষয়ে পঢ়িছে। আনকি বাতৰিকাকততো প্ৰায়ে এই ঠাইডোখৰৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। গতিকে আপোনাৰ বাবে সেই ঠাইডোখৰ কʼত আছে, তাক অনুমান কৰাটো ইমান কঠিন নহʼব পাৰে। সেই ঠাইডোখৰ ভূমধ্য সাগৰৰ পূব উপকূলত অৱস্থিত পেলেষ্টাইন অঞ্চলত আছিল। [১১] এতিয়া বিচাৰকৰ্ত্তাবিলাক ১৬:৩ পদত কি কৈছে, তাক লক্ষ্য কৰক। তাত এইদৰে কৈছে: “চিম্‌চোনে মাজ নিশালৈকে শুই থাকি মাজ নিশাতে উঠি, নগৰৰ দুৱাৰ দুখলপা, আৰু খুটা দুটা হাতেৰে ধৰি উঘালি ডাঙেৰে সৈতে কান্ধত তুলি, হিব্ৰোণৰ আগত থকা পৰ্ব্বতৰ টিঙলৈ লৈ গল।”

নিঃসন্দেহ, তেওঁ হাতেৰে উঘালি কান্ধত তুলি লৈ যোৱা দুখলপা দুৱাৰ আৰু খুটা দুটা ডাঙৰ আৰু গধুৰ আছিল। সেইবোৰক কঢ়িয়াই নিয়াৰ বিষয়ে কল্পনা কৰক! চিম্‌চোনে সেই গধুৰ দুখলপা দুৱাৰ আৰু খুটা দুটা কʼলৈকে কঢ়িয়াই লৈ গৈছিল আৰু তেওঁৰ যাত্ৰা কেনে ধৰণৰ আছিল? লক্ষ্য কৰক যে গাজা চহৰখন সমূদ্ৰৰ উপকূল অঞ্চলত অৱস্থিত আছিল। [১৫] তাৰ পূবদিশত অৱস্থিত থকা হিব্ৰোণৰ পৰ্ব্বতখনৰ উচ্চতা ৯০০ মিটাৰ আছিল। গতিকে সেই পৰ্ব্বতখন বগাই তাৰ টিঙলৈ যোৱাটো কোনো সহজ কথা আছিল। আমি সঠিককৈ নাজানো যে হিব্ৰোণৰ সম্মুখত থকা সেই পৰ্ব্বতখন নিৰ্দ্ধাৰিত কোনটো দিশত অৱস্থিত আছিল। কিন্তু ই গাজা চহৰখনৰ প্ৰায় ৬০ কিলোমিটাৰ আঁতৰত সমূদ্ৰপৃষ্ঠৰ পৰা ভালেমান উচ্চতাত অৱস্থিত আছিল। তেনে দূৰণিলৈ যাত্ৰা কৰাটো চিম্‌চোনৰ বাবে এক বীৰত্বৰ বিষয় নাছিলনে? তথাপিও তেওঁ সেই দূৰত্ব অতিক্ৰম কৰিব পাৰিলে, কিয়নো বাইবেলত কৈছে যে, “যিহোৱাৰ আত্মা তেওঁৰ ওপৰত” স্থিতি আছিল। (বিচাৰকৰ্ত্তাবিলাক ১৪:৬, ১৯; ১৫:১৪) যিহেতু বৰ্তমান সময়ত ঈশ্বৰৰ আত্মাই আমাক চিম্‌চোনৰ দৰে শাৰীৰিকৰূপে অসীম শক্তি প্ৰদান কৰিব বুলি আশা কৰিব নোৱাৰোঁ। কিন্তু ই নিশ্চয়ে আধ্যাত্মিক বিষয়বোৰ বুজিবলৈ আমাৰ বোধশক্তি আৰু আন্তৰিক পুৰুষক শক্তিশালী কৰিব পাৰে। (১ কৰিন্থীয়া ২:১০-১৬; ১৩:৮; ইফিচীয়া ৩:১৬; কলচীয়া ১:৯,  ১০) তথাপিও এই বৃতান্তৰ জ্ঞান আৰু বুজশক্তিৰ দ্বাৰা জানিব পৰা যায় যে ঈশ্বৰৰ আত্মাই আমাক কেনেকৈ সহায় কৰিব পাৰে।

৯, ১০. (ক) মিদিয়নীয়াসকলৰ ওপৰত গিদিয়োনে জয় লাভ কৰাত কি জড়িত আছিল? (খ) ভৌগোলিক সম্বন্ধে থকা জ্ঞানে আমাক এই অৰ্থপূৰ্ণ বৃতান্তৰ বিষয়ে গভীৰভাৱে বুজিবলৈ কেনেকৈ সহায় কৰে?

মিদিয়নীয়াসকলৰ ওপৰত জয় লাভ কৰা গিদিয়োনৰ বৃতান্তটোৱেও আমাৰ মূল্যাঙ্কন বৃদ্ধি কৰে। আমি সকলোৱে জানো যে গিদিয়োনে ৩০০ জন যুদ্ধাৰ সৈতে মিদিয়নীয়া, অমালেকীয়া আৰু মোৰি পৰ্ব্বতৰ ওচৰত যিজ্ৰিয়েল নামৰ সমথল ভূমিত ছাউনি পতা ১,৩৫,০০০ জন শত্ৰু পক্ষৰ সৈন্যবাহিনীক কেনেকৈ পৰাস্ত কৰিছিল। [১৮] তেওঁলোকে শিঙা বজাই মাটিৰ পাত্ৰ ভাঙি হাতত আৰিয়া বা জোঁৰ লৈ এইদৰে জয়ধ্বনি কৰি কৈছিল: “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল।” ফলস্বৰূপে, শত্ৰুপক্ষই হতবুদ্ধি হেৰুৱাই ইজনে সিজনক বধ কৰিলে। (বিচাৰকৰ্ত্তাবিলাক ৬:৩৩; ৭:১-২২) এই সকলোবোৰ ঘটনা গিদিয়োনে এৰাতিৰ ভিতৰত শ্ৰীঘ্ৰেই লোৱা পদক্ষেপৰ বাবে হৈছিলনে? এই বিষয়ে জানিবলৈ বিচাৰকৰ্ত্তাবিলাক ৭ আৰু অধ্যায়টো পঢ়ক। সেই অধ্যায়বোৰৰ দ্বাৰা আপুনি জানিব পাৰিব যে গিদিয়োনে নিৰন্তৰে আক্ৰমণ চলাইছিল। যিহেতু তাত উল্লেখ কৰা কিছুমান ঠাই আজি চিনাক্ত কৰিব নোৱাৰাৰ বাবে সেইবোৰ বাইবেলৰ মেপত নাথাকিবও পাৰে। তথাপিও এনে বহুতো ঠাই মেপবোৰত উল্লেখ কৰিছে যি আমাক গিদিয়োনে লোৱা পদক্ষেপৰ বিষয়ে জানিবলৈ সহায় কৰিব পাৰে।

১০ গিদিয়োনে বাকী থকা সৈন্যবিলাকক চাৰেৰাৰ ফাললৈ বৈৎ-চিত্তালৈকে আৰু যৰ্দ্দনৰ কাষত থকা আবেল-মহোলাৰ দক্ষিণ সীমালৈকে খেদি গৈছিল। (বিচাৰকৰ্ত্তাবিলাক ৭:২২-২৫) এই সন্দৰ্ভত বৃতান্তই এইদৰে কৈছে: “গিদিয়োন আৰু তেওঁৰ লগৰ তিনি শ লোকে খেদি গৈ গৈ, শ্ৰান্ত হৈও যৰ্দ্দন পাই পাৰ হল।” তেওঁলোকে যৰ্দ্দন নদী পাৰ হৈ, চুক্কোৎ আৰু পনূৱেলৰ দক্ষিণফালে অৰ্থাৎ যব্বোকৰ কাষত আৰু তাৰ পিছত যগ্‌বেহালৈকে (বৰ্তমান আম্মান আৰু যৰ্দ্দন নদীৰ কাষত অৱস্থিত) শত্ৰুবিলাকক খেদি গৈছিল। তেওঁলোকে শত্ৰুবিলাকৰ পিছে পিছে খেদি প্ৰায় ৮০ কিলোমিটাৰ অতিক্ৰম কৰিছিল। তাত গিদিয়োনে দুয়োজন মিদিয়নী ৰজাক বন্দী কৰি বধ কৰিলে আৰু পুনৰাই যুদ্ধস্থলৰ ওচৰত থকা নিজৰ নগৰ অফ্ৰালৈ উলটি আহিল। (বিচাৰকৰ্ত্তাবিলাক ৮:৪-১২, ২১-২৭) গতিকে এইটো স্পষ্টকৈ দেখা গৈছে যে গিদিয়োনৰ বীৰত্বৰ পৰিচয় কেৱল শিঙা বজোৱা, জোঁৰ বা আৰিয়া লোৱা আৰু জয়ধ্বনি কৰাতে সীমিত নাছিল। বিশ্বাসী পুৰুষবিলাকৰ বাবে কোৱা এই কথাষাৰে কেনে প্ৰভাৱ পেলাই, তাৰ বিষয়ে কল্পনা কৰক। ইয়াত এইদৰে কৈছে: “গিদিয়োন [আৰু অন্য ব্যক্তিসকল] . . . যিসকল দুৰ্ব্বলতাৰ পৰাও বলৱন্ত হল, যুদ্ধত পৰাক্ৰমী হল।” (ইব্ৰী ১১:৩২-৩৪) বৰ্তমান আমি সকলো খ্ৰীষ্টানে যদিও শাৰীৰিকভাৱে ভাগৰি পৰোঁ, তথাপিও ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলি থকাটো আমাৰ বাবে সিমানেই গুৰুত্বপূৰ্ণ নহয়নে?—২ কৰিন্থীয়া ৪:১,  ১৬; গালাতীয়া ৬:৯.

লোকসকলে কি ভাৱে আৰু কেনে প্ৰতিক্ৰিয়া দেখুৱাই?

১১. কাদেচ পোৱাৰ আগতে ইস্ৰায়েলসকলে কেনে ধৰণৰ যাত্ৰা কৰিছিল?

১১ কিছুমান লোকে সেই ঠাইবোৰ কʼত অৱস্থিত আছে, তাক বিচাৰিবলৈ বাইবেল মেপৰ পৰা সহায় লʼব পাৰে। কিন্তু সেই মেপবোৰে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে বুলি আপুনি ভাবেনে? উদাহৰণস্বৰূপে, চীনয় পৰ্ব্বতৰ পৰালৈ প্ৰতিজ্ঞাত দেশৰ লৈকে যাত্ৰা কৰা ইস্ৰায়েলসকলৰ বিষয়ে বিবেচনা কৰক। এই দীৰ্ঘ সময়ৰ যাত্ৰাত তেওঁলোকে মাজে মাজে জিৰণি লৈ অৱশেষত কাদেচত (বা কাদেচ-বৰ্ণেয়া) আহি উপস্থিত হয়।[৯]দ্বিতীয় বিবৰণ ১:২ পদত কৈছে যে তেওঁলোকৰ এই যাত্ৰা প্ৰায় ১১ দিনীয়া আছিল আৰু ২৭০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছিল। কাদেচৰ পৰা মোচিয়ে ১২ জন গুপ্তচৰক প্ৰতিজ্ঞাত দেশৰ সম্পৰ্কে ভু-ভা লʼবলৈ পঠিয়াইছিল। (গণনা পুস্তক ১০:১২, ৩৩; ১১:৩৪, ৩৫; ১২:১৬; ১৩:১-৩, ২৫, ২৬) সেই গুপ্তচৰসকলে নেগেব্‌ বা দক্ষিণ অঞ্চলেদি গৈ সম্ভৱতঃ বেৰ-চেবা, হিব্ৰোণ আৰু অৱশেষত প্ৰতিজ্ঞাত দেশৰ উত্তৰ সীমাত থকা ঠাইবোৰত প্ৰৱেশ কৰিছিল। (গণনা পুস্তক ১৩:২১-২৪) যিহেতু ১০ জন গুপ্তচৰে দিয়া নেতিবাচক ৰিপোৰ্টক বিশ্বাস কৰাৰ বাবে ইস্ৰায়েলীসকলে ৪০ বছৰ ধৰি অৰণ্যত ভ্ৰমি ফুৰিবলগীয়া হʼল। (গণনা পুস্তক ১৪:১-৩৪) ই তেওঁলোকৰ বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি ৰাখা ইচ্ছাকৃতভাৱে কৰা ভাৰসাৰ বিষয়ে কি প্ৰকাশ কৰে?—দ্বিতীয় বিবৰণ ১:১৯-৩৩; গীত ৭৮:২২, ৩২-৪৩; যিহূদা ৫.

১২. ইস্ৰায়েলসকলৰ বিশ্বাসৰ বিষয়ে কি কʼব পাৰি আৰু ইয়াৰ বিষয়ে আমি কিয় মনোযোগেৰে বিবেচনা কৰা উচিত?

১২ এতিয়া তেওঁলোকৰ এই যাত্ৰাক ভৌগোলিক দৃষ্টিভঙ্গীৰে বিবেচনা কৰক। যদি ইস্ৰায়েলসকলে যিহোচূৱা আৰু কালেবৰ পৰামৰ্শ অনুসাৰে কৰাহেঁতেন, তেওঁলোকে প্ৰতিজ্ঞাত দেশ অতি কম সময়ৰ ভিতৰত প্ৰৱেশ নকৰিলেহেঁতেননে? ইচহাক আৰু ৰিবেকাই বাস কৰা বেৰ-লহয়-ৰোৱী নামৰ নগৰখনৰ পৰা কাদেচ কেৱল ১৬ কিলোমিটাৰ দূৰত অৱস্থিত। [৭] প্ৰতিজ্ঞাত দেশৰ দক্ষিণফালে অৱস্থিত থকা বেৰ-চেবাৰ পৰা কাদেচ মাত্ৰ ৯৫ কিলোমিটাৰ আঁতৰত অৱস্থিত আছিল। (আদিপুস্তক ২৪:৬২; ২৫:১১; ২ চমূৱেল ৩:১০) মিচৰৰ পৰা চীনয় পৰ্ব্বত আৰু তাৰ পৰা ২৭০ কিলোমিটাৰ দূৰত অৱস্থিত থকা কাদেচ লৈকে যাত্ৰা কৰি তেওঁলোকে প্ৰতিজ্ঞাত দেশৰ দুৱাৰ-ডলিত উপস্থিত হʼলহেঁতেন। আমাৰ ক্ষেত্ৰত তেনে দীঘলীয়া যাত্ৰা কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো আমি ইতিমধ্যেই পাৰ্থিৱ পৰমদেশৰ দুৱাৰ-ডলিত ভৰি দিছোঁহি। তেন্তে আমি এই বৃতান্তটোৰ পৰা কি শিকিব পাৰোঁ? পাঁচনি পৌলে ইস্ৰায়েলৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি এইদৰে পৰামৰ্শ দিছিল: “কোনেও যেন সেই অবিশ্বাসৰ আৰ্হিৰ দৰে পতিত নহয়, এই কাৰণে আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহঁক।”—ইব্ৰী ৩:১৬-৪:১১.

১৩, ১৪. (ক) কেনে এক পৰিস্থিতিৰ বাবে গিবিয়োনীয়াসকলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল? (খ) তেওঁলোকৰ মনোবৃত্তিয়ে কি প্ৰকাশ কৰে আৰু ইয়াৰ পৰা আমি কি শিকিবলৈ পাওঁ?

১৩ আনহাতে, গিবিয়োনীয়াসকলৰ সম্বন্ধে থকা বাইবেলীয় বৃতান্তৰ পৰা জানিব পৰা যায় যে তেওঁলোকে ঈশ্বৰৰ ইচ্ছাক পূৰ কৰিবলৈ এক উত্তম মনোবৃত্তি দেখুৱাইছিল। যৰ্দ্দন নদী পাৰ হৈ প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ পূৰ্বেই যিহোচূৱাই নেতৃত্ব কৰা ইস্ৰায়েলসকলে কনানীসকলৰ সৈতে গিবিয়োনী জাতিকো সমুলিকৈ নিঃশেষ কৰিবলৈ আজ্ঞা দিয়া হৈছিল। (দ্বিতীয় বিবৰণ ৭:১-৩) তেওঁলোকে যিৰীহো আৰু অয় নগৰ ধ্বংস কৰাৰ পিছত গীল্‌গলৰ ওচৰত ছাউনি পাতিছিল। যিহেতু গিবিয়োনীসকলে অভিশপ্ত কনানীসকলৰ নিচিনাকৈ ধ্বংস নহʼবলৈ যিহোচূৱাৰ ওচৰলৈ শান্তিৰ প্ৰস্তাৱ ৰাখি কিছুমান প্ৰতিনিধি পঠিয়াইছিল। সেই প্ৰতিনিধিসকলে এনে ভাও ধৰিলে যে, তেওঁলোকে যেন বহু দূৰত থকা দেশৰ পৰা ইস্ৰায়েলসকলৰ সৈতে শান্তি স্থাপিত কৰিবলৈ আহিছে।

১৪ তেওঁলোকে নিজৰ পৰিচয় এনেদৰে দিছিল: “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ বন্দীবোৰ বহুত দূৰ দেশৰ পৰা আহিছোঁ।” (যিহোচূৱা ৯:৩-৯) তেওঁলোকৰ সাজ-পোছাক আৰু লগত অনা খাদ্য-সামগ্ৰীয়ে দেখুৱাইছিল যে তেওঁলোকে বহু দূৰ দেশৰ পৰা আহিছে। কিন্তু প্ৰকৃততে তেওঁলোক মাত্ৰ ৩০ কিলোমিটাৰ দূৰত অৱস্থিত থকা গিবোনৰ পৰাহে আহিছিল। [১৯] তেওঁলোকৰ কথাত বিশ্বাস কৰি যিহোচূৱা আৰু তেওঁৰ সেনাধ্যক্ষসকলে গিবিয়োনীয়াৰ সৈতে শান্তিৰ সন্ধি স্থাপন কৰিলে। গিবিয়োনীয়াসকলে কেৱল মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাবলৈ তেনে ধৰণৰ পদক্ষেপ লৈছিলনে? নিশ্চয়ে নহয়। প্ৰকৃততে তেওঁলোকে ঈশ্বৰৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ উদ্দেশ্যৰেহে তেনে পদক্ষেপ লৈছিল। সেইবাবে যিহোৱায়েও তেওঁলোকক তেওঁৰ “গৃহৰ নিমিত্তে খৰি-কটীয়া আৰু পানী-যোগনিয়াৰ বন্দী-কামৰ” হিচাবে ব্যৱহাৰ কৰিবলৈ অনুমতি দিলে। (যিহোচূৱা ৯:১১-২৭) যিহোৱাৰ গৃহত তেনে নিযুক্তি বহন কৰিবলৈ তেওঁলোক সদায়ে আগ্ৰহকতা হোৱাৰ প্ৰমাণ দিছিল। তেওঁলোকৰ কিছুমান হয়তো নথনীয়া বংশৰ আছিল, যি বাবিলৰ পৰা ঘূৰি আহিছিল আৰু যিৰূচালেম মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যত ভাগ লৈছিল। (ইজ্ৰা ২:১, ২, ৪৩-৫৪; ৮:২০) ঠিক সেইদৰে আমিও তেওঁলোকৰ দৰে যিহোৱাৰ সৈতে শান্তি বজাই ৰাখি যিকোনো নিযুক্তিক আগ্ৰহেৰে কৰা মনোবৃত্তি দেখুৱা উচিত।

স্বাৰ্থত্যাগী হওক

১৫. খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰীয় পদবোৰত উল্লেখ কৰা ভৌগোলিক ঠাইবোৰৰ বিষয়ে জনাটো কিয় এক আগ্ৰহৰ বিষয়?

১৫ এনে বহুতো ভৌগোলিক ঠাইৰ বিষয়ে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰীয় পদবোৰত উল্লেখ থকা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, যীচু আৰু পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে কৰা যাত্ৰাৰ বিষয়ে বিবেচনা কৰক। (মাৰ্ক ১:৩৮; ৭:২৪, ৩১; ১০:১; লূক ৮:১; ১৩:২২; ২ কৰিন্থীয়া ১১:২৫, ২৬) এই বৃতান্তবোৰত তেওঁলোকে এঠাইৰ পৰা অন্য ঠাইলৈ যাবলৈ কিমান দূৰ অতিক্ৰম কৰিবলগীয়া হৈছিল, সেই বিষয়ে উপলব্ধি কৰিবলৈ চেষ্টা কৰক।

১৬. বিৰয়া নগৰত থকা খ্ৰীষ্টানসকলে কেনেকৈ পাঁচনি পৌলৰ বাবে নিজৰ প্ৰেম প্ৰকাশ কৰিছিল?

১৬ পাঁচনি পৌলে দ্বিতীয় মিছনাৰীৰ (মেপত দেখুৱা বেঙুনীয়া বৰণৰ ৰেখাডাল) বাবে যাত্ৰা কৰি বৰ্তমানে গ্ৰীচ দেশত থকা ফিলিপী নগৰত উপস্থিত হৈছিল।[৩৩] তাত তেওঁক প্ৰচাৰ কাৰ্য্যৰ বাবে কাৰাবাসত দিয়া আৰু পিছলৈ মুক্তি লাভ কৰিছিল। তাৰ পিছত তেওঁ থিচলনীকী চহৰলৈ ৰাওনা হয়। (পাঁচনিৰ কৰ্ম্ম ১৬:৬-১৭:১) কিন্তু ইহুদীসকলৰ বিদ্ৰোহৰ বাবে তাত থকা ভাইসকলে তেওঁক ৬৫ কিলোমিটাৰ দূৰত থকা বিৰয়া নগৰলৈ পঠিয়াই দিলে। তাত তেওঁৰ প্ৰচাৰ কাৰ্য্যৰ উত্তম ফলাফল পোৱা গল। কিন্তু পুনৰাই ইহুদীসকলে আহি তাতো বিদ্ৰোহ কৰাৰ বাবে “ভাইবিলাকে পলম নকৰি, পৌলক সাগৰলৈকে যাবলৈ পঠাই দিলে” আৰু “আগ বঢ়াই থবলৈ যোৱাবিলাকে তেওঁক আথীনীলৈকে লৈ গল।” (পাঁচনিৰ কৰ্ম্ম ১৭:৫-১৫) সম্ভৱতঃ নতুনকৈ সত্যত অহা কিছুমান ভায়ে ৪০ কিলোমিটাৰ লৈকে খোজ কাঢ়ি ঈজীয় সাগৰৰ পাৰত উপস্থিত হৈছিল আৰু তাৰ পৰা তেওঁলোকে জাহাজেৰে ৫০০ কিলোমিটাৰ যাত্ৰা কৰি আথীনী বা এথেন্সলৈ গৈছিল। যদিও তেনে যাত্ৰা কষ্টদায়ক, অধিক খৰচী আৰু বিপদজনক আছিল, তথাপিও তেওঁলোকে এই সকলোবোৰ কষ্ট আনন্দৰে সহন কৰি পাঁচনি পৌলক সাক্ষাৎ কৰিবলৈ আহিছিল।

১৭. মিলীত আৰু ইফিচ নগৰৰ মাজত থকা দূৰত্বৰ বিষয়ে জানিবলৈ পাই, আমি কিহৰ বিষয়ে অধিককৈ মূল্যাঙ্কন দেখুৱাব পাৰোঁ?

১৭ পাঁচনি পৌলে তেওঁৰ তৃতীয় মিছনাৰীৰ (মেপত দেখুৱা সেউজীয়া বৰণৰ ৰেখাডাল) বাবে যাত্ৰা কৰি মিলীত নগৰৰ বন্দৰত আহি উপস্থিত হৈছিল। তেওঁ ৫০ কিলোমিটাৰ দূৰত থকা ইফিচ মণ্ডলীৰ পৰা বৃদ্ধলোক অৰ্থাৎ প্ৰাচীনসকলক মাতি পঠিয়ালে। কল্পনা কৰক যে তেওঁলোকে নিজৰ আন ব্যক্তিগত কাৰ্য্যবোৰ আধাতে এৰি পৌলক লগ কৰিবলৈ আহিছিল। তেওঁলোকে হয়তো গোটেই ৰাস্তাত পৌলক লগ পাই কেনে অনুভৱ কৰিব, তাৰ বিষয়ে কথোপকথন কৰি আহিছিল। অৱশেষত পৌলক লগ পালে আৰু তেওঁৰ প্ৰাৰ্থনা শুনাৰ পিছত তেওঁলোক “সকলোৱে বৰ ক্ৰন্দন কৰিলে; আৰু পৌলৰ ডিঙিত ধৰি চুমা” খালে। তাৰ পিছত তেওঁলোকে তেওঁক যিৰূচালেম অভিমুখে যোৱা “জাহাজলৈকে আগ বঢ়াই থলে।” (পাঁচনিৰ কৰ্ম্ম ২০:১৪-৩৮) পুনৰাই ইফিচলৈ উভটি যোৱাৰ সময়ত তেওঁলোকে হয়তো বাটত পাঁচনি পৌলৰ বিষয়ে ভাবি আৰু কথোপকথন কৰি গৈছিল। এতেকে তেওঁলোকে পাঁচনি পৌলৰ দ্বাৰা উৎসাহিত আৰু জ্ঞান পাবলৈ ইমান দূৰ অতিক্ৰম কৰি যিদৰে প্ৰভাৱিত হʼল, তাক দেখি আপুনিও প্ৰভাৱিত নহয়নে? আপুনি এই বৃতান্তটোৰ পৰা শিকা বিষয়বোৰ নিজৰ জীৱনৰ কোনো ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰেনে?

সেই দেশ আৰু ভৱিষ্যতে থকা আশাৰ বিষয়ে শিকক

১৮. বাইবেলৰ ঠাইবোৰৰ বিষয়ে জানিবলৈ হʼলে আমি কেনে সঙ্কল্প লোৱা উচিত?

১৮ ওপৰত উল্লেখ কৰা উদাহৰণবোৰে দেখুৱাইছে যে ঈশ্বৰে ইস্ৰায়েলসকলক দিয়া দেশখন আৰু ইয়াৰ আধাৰিত থকা বাইবেলৰ অন্য বৃতান্তবোৰৰ সৈতে পৰিচিত হোৱাটো বাস্তৱতে এক গুৰুত্বপূৰ্ণ বিষয়। (তদুপৰি ইয়াৰ ওচৰে-পাজৰে থকা দেশবোৰৰ বিষয়ে জনাৰ দ্বাৰাও মানসিক দৃষ্টি প্ৰখৰ হʼব পাৰে।) প্ৰতিজ্ঞাত দেশখনৰ বিষয়ে জ্ঞান আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰাৰ দ্বাৰা আমি জানিব পাৰিম যে ইস্ৰায়েলসকলে সেই “গাখীৰ আৰু মৌ বোৱা” দেশখনত প্ৰৱেশ কৰিবলৈ এক আৱশ্যকীয় বিষয় অৰ্থাৎ যিহোৱাৰ ভয় মনা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব লাগিছিল।—দ্বিতীয় বিবৰণ ৬:১, ২; ২৭:৩.

১৯. কেনে দুই ধৰণৰ পৰমদেশৰ প্ৰতি আমি মনোযোগ দিয়া উচিত?

১৯ বৰ্তমান সময়ত একেইদৰে আমিও যিহোৱাৰ ভয় মনা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰা উচিত। তেনে কৰাৰ দ্বাৰা আমি বৰ্তমানে অস্তিত্বত থকা বিশ্বব্যাপী প্ৰকৃত খ্ৰীষ্টানৰ আধ্যাত্মিক পৰমদেশৰ সৌন্দৰ্য্যতাক বজাই ৰাখিবলৈ সক্ষম হʼম। তদুপৰি ইয়াৰ বৈশিষ্ট্যতাৰ বিষয়ে অধিক জ্ঞান আৰু আশীৰ্ব্বাদ লাভ কৰিম। ইয়াৰ উপৰিও আমি জানো যে ভৱিষ্যতে ইয়াতকৈ অধিক আশীৰ্ব্বাদ লাভ কৰিম। যিহোচূৱাই ইস্ৰায়েলসকলক পৰিচালিত কৰা উৎপাদনশীল দেশতকৈ অধিক উত্তম পৰিস্থিতি ভৱিষ্যতে পাৰ্থিৱ পৰমদেশত আমি লাভ কৰিম আৰু ইয়াৰ বাবে দৃঢ় আশা আৰু ভাৰসা ৰাখিব পাৰোঁ। (w04 10/15)

আপুনি উত্তৰ দিব পাৰিবনে?

• আমি কিয় বাইবেলৰ ঠাইবোৰৰ বিষয়ে জ্ঞান আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰিবলৈ আগ্ৰহী হোৱা উচিত?

• এই লেখটোত আলোচনা কৰা কোনখন দেশৰ ভৌগোলিক বিষয়ে জানিবলৈ আপুনি সক্ষম হʼল?

• আপুনি কিছুমান ঘটনা ভৌগোলিকৰ সৈতে জড়িত থকাৰ বিষয়ে জানি কি শিকিব পাৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৪ পৃষ্ঠাৰ বক্স/ছবি]

‘উত্তম দেশখন চাওক’

২০০৩ আৰু ২০০৪ চনত হোৱা জিলা অধিৱেশনবোৰত নতুনকৈ প্ৰকাশ কৰা ‘উত্তম দেশখন চাওক’ নামৰ মানচিত্ৰৰে ভৰা ব্ৰচাৰখন পাই যিহোৱাৰ সাক্ষীসকলে অতি আনন্দিত হৈছে। প্ৰকাশ পোৱা এই নতুন ব্ৰচাৰখন প্ৰায় ৮০ টা ভাষাত উপলব্ধ থকাৰ উপৰি ইয়াত ৰঙ-বিৰঙৰ মেপ আৰু চাৰ্টবোৰ সন্মিলিত কৰা হৈছে। এই ব্ৰচাৰখনত বাইবেলত উল্লেখ কৰা ঠাইবোৰ, বিশেষকৈ প্ৰতিজ্ঞাত দেশৰ বিভিন্ন সময়ছোৱাৰ বিষয়ে দাঙি ধৰিছে।

এই বক্সৰ সৈতে থকা লেখটোত ব্ৰচাৰখনৰ কিছুমান বৈশিষ্ট্যপূৰ্ণ মেপৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৃষ্ঠা নম্ববোৰ বুজাবলৈ ডাঠ আখৰেৰে লিখা হৈছে, যেনে—[১৫]। যদি আপোনাৰ ওচৰত এই নতুনকৈ উপলব্ধ হোৱা ব্ৰচাৰখন আছে, তেন্তে সময় উলিয়াই ইয়াৰ বৈশিষ্ট্যবোৰৰ সৈতে পৰিচিত হওক যি ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা আপোনাৰ জ্ঞান আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব।

(১) ইয়াৰ বহুতো মেপৰ সৈতে এটাকৈ বক্স দিয়া হৈছে যʼত কিছুমান বিশেষ ধৰণৰ চিহ্নৰ বিষয়ে বুজাবলৈ তালিকা দিয়া হৈছে [১৮]। (২) বেছিভাগ মেপৰ সৈতে মাইল আৰু কিলোমিটাৰৰ স্কেল দিয়া আছে যাৰ দ্বাৰা আপুনি এঠাইৰ পৰা আন ঠাইৰ মাজত থকা দূৰত্ব, দীঘ আৰু পথালি কিমান আছিল, তাক বুজিব পাৰিব [২৬]। (৩) উত্তৰ দিশ নিৰ্দ্ধাৰিত কৰিবলৈ প্ৰত্যেকখন মেপত কাঁড় চিহ্ন দিয়া হৈছে, যাৰ সহায়েৰে আপুনি কোনো এখন ঠাইৰ দিশ নিৰ্ণয় কৰিব পাৰে [১৯]। (৪) সাধাৰণতে সমূদ্ৰপৃষ্ঠৰ পৰা ঠাইবোৰৰ উচ্চতা বুজাবলৈ মেপবোৰক ৰঙীন কৰা হৈছে [১২]। (৫) এই মেপবোৰৰ চাৰিওফালে আখৰ/সংখ্যাবোৰ দিয়া আছে যাৰ দ্বাৰা আপুনি ইয়াত থকা ঠাই আৰু নামবোৰ বিচাৰি উলিয়াব পাৰিব [২৩]। (৬) ইয়াৰ শেষৰ পৃষ্ঠাত [৩৪-৩৫] থকা সূচীপত্ৰত ডাঠ আখৰেৰে লিখা মেপবোৰৰ পৃষ্ঠাৰ নম্বৰসমূহ আৰু তাৰ পিছত গ্ৰিড্‌ দিয়া হৈছে, যেনে—উ২। সুচীপত্ৰত থকা এই পদ্ধতিবোৰ ব্যৱহাৰ কৰি আপুনি নিজৰ জ্ঞান আৰু অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব পাৰিব।

[১৬, ১৭ পৃষ্ঠাৰ তালিকা/ক্যাপ্‌শন]

অঞ্চলবোৰৰ প্ৰাকৃতিক তালিকা

(সম্পূৰ্ণ তালিকা আৰু মেপখনৰ বিষয়ে জানিবলৈ আলোচনীখন চাওক)

অ. মহাসাগৰীয় উপকূল

আ. পশ্চিম যৰ্দ্দনৰ সমতলভূমি

১. আচেৰৰ সমতলভূমি

২. দোৰৰ উপকূলৱৰ্তী দীঘল ভূমিখণ্ড

৩. চৰোণৰ চৰণীয়া ভূমি

৪. পলেষ্টিয়াৰ সমতল ভূমি

৫. পূব-পশ্চিমীয়া মধ্যৱৰ্তী সমতলভূমি

ক. মগিদ্দোৰ সমতলভূমি

খ. নামনি যিজ্ৰিয়েল

ই. যৰ্দ্দনৰ পশ্চিমে থকা পৰ্ব্বতমালা

১. গালীলত থকা পাহাৰ

২. কৰ্মিলত থকা পাহাৰ

৩. চমৰিয়াত থকা পাহাৰ

৪. চিফিলা (নিম্ন-ভূমি)

৫. যিহূদা প্ৰদেশত থকা পাহাৰ

৬. যিহূদাৰ অৰণ্যাঞ্চল

৭. নেগেব্‌ (দক্ষিণ অঞ্চল)

৮. পাৰণৰ অৰণ্যাঞ্চল

ঈ. অৰাবা (বিভাজিত উপত্যকা)

১. হুলা বাছীন

২. গালীলৰ সমুদ্ৰীয় অঞ্চল

৩. যৰ্দ্দন উপত্যকা

৪. লোণসমুদ্ৰ (মৃত সাগৰ)

৫. অৰাবা (লোণসমুদ্ৰৰ দক্ষিণে)

উ. পৰ্ব্বতশ্ৰেণী/পূব যৰ্দ্দনৰ মালভূমি

১. বাচান

২. গিলিয়দ

৩. অম্মোন আৰু মোৱাব

৪. ইদোমৰ পৰ্ব্বতীয়া মালভূমি

ঊ. লিবানোনৰ পৰ্ব্বতমালা

[ক্যাপ্‌শন]

হৰ্মোণ পৰ্ব্বত

মোৰি

আবেল-মহোলা

চুক্কোৎ

যগ্‌বেহা

বৈৎএল

গিল্‌গল

গিবিয়োন

যিৰূচালেম

হিব্ৰোণ

গাজা (ঘচা)

বেৰ-চেবা

চদোম?

কাদেচ

[১৫ পৃষ্ঠাৰ ক্যাপ্‌শন/ছবি]

(মেপখনৰ বিষয়ে জানিবলৈ আলোচনীখন চাওক)

কানান

মগিদ্দো

গলিয়দ

দোথন

চিখিম

বৈৎএল (লুজ)

অয়

যিৰূচালেম (চালেম)

বৈৎলেহম (ইফ্ৰাথ)

মম্ৰি

হিব্ৰোণ (মক্‌পেলা)

গৰাৰ

বেৰ-চেবা

চদোম?

নেগেব্‌ (দক্ষিণ অঞ্চল)

ৰহোবোৎ?

[পৰ্বতবোৰ]

মোৰিয়া

[পানী]

লোণ সমুদ্ৰ

[নদীবোৰ]

যৰ্দ্দন

[১৫ পৃষ্ঠাৰ ছবি]

অব্ৰাহামে এই দেশখনৰ দীঘে পথালিয়ে ফুৰিছিল

[১৮ পৃষ্ঠাৰ ক্যাপ্‌শন]

(মেপখনৰ বিষয়ে জানিবলৈ আলোচনীখন চাওঁক)

ত্ৰোৱা

চামথাকী

নিয়াপলি

ফিলিপী

আম্ফিপলি

থিচলনীকী

বিৰয়া

এথেন্স (আথীনী)

কৰিন্থ

ইফিচ

মিলীত

ৰোদঃ