Skip to content

Skip to table of contents

আপুনি যিহোৱাৰ সহায় লয়নে?

আপুনি যিহোৱাৰ সহায় লয়নে?

আপুনি যিহোৱাৰ সহায় লয়নে?

“[যিহোৱা, NW] মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম।”—ইব্ৰী ১৩:৬.

১, ২. নিজৰ জীৱনত যিহোৱাৰ সহায় আৰু পথ-প্ৰদৰ্শনা লোৱাটো আমাৰ বাবে কিয় অতি গুৰুত্বপূৰ্ণ?

 কল্পনা কৰক যে আপুনি এক পৰ্ব্বতৰ অকোৱা-পকোৱা পথেৰে পদ ভ্ৰমণ কৰিছে আৰু আপোনাৰ সৈতে এজন সুদক্ষ পথ-প্ৰদৰ্শকো আছে। সেই পথ-প্ৰদৰ্শকজন আপোনাতকৈ অধিক অভিজ্ঞতাপূৰ্ণ আৰু পৰিশ্ৰম শক্তি থকাৰ স্বত্ত্বেও ধৈৰ্য্যৰে আপোনাৰ কাষে কাষে খোজ কাঢ়িছে। সেই পথ-প্ৰদৰ্শকজনে লক্ষ্য কৰিব পাৰিছে যে আপুনি মাজে মাজে উজুটি খাইছে। নিৰাপত্তাৰ বিষয়ে চিন্তা কৰি বিশেষকৈ বিপদজনক ঠাইবোৰত আপোনালৈ নিজৰ হাত আগবঢ়াইছে। তেনে অৱস্থাত আপুনি তেওঁৰ সহায় লʼবলৈ অস্বীকাৰ কৰিবনে? অৱশ্যেই নকৰে! কিয়নো আপোনাৰ জীৱন বিপদপন্ন অৱস্থাত আছে।

খ্ৰীষ্টান হোৱা হেতুকে আমি এক প্ৰত্যাহ্বানজনক পথেৰে যাত্ৰা কৰিবলগীয়া হৈছে। আমি সেই ঠেক বাটেদি অকলে যাত্ৰা কৰিব লাগিবনে? (মথি ৭:১৪) অৱশ্যেই নহয়, কিয়নো বাইবেলে আমাক সকলোতকৈ উত্তম পথ-প্ৰদৰ্শকজনৰ বিষয়ে কৈছে আৰু সেইজনা হৈছে স্বয়ং যিহোৱা ঈশ্বৰ। (আদিপুস্তক ৫:২৪; ৬:৯) সেই বাটেদি খোজ কাঢ়াৰ সময়ত যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক সহায় কৰেনে? এই বিষয়ে যিহোৱা ঈশ্বৰে এইদৰে কৈছে: “তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰি কওঁ, ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।” (যিচয়া ৪১:১৩) আৰম্ভণিতে উল্লেখ কৰা দৃষ্টান্তটোৰ দৰে যিহোৱা ঈশ্বৰে প্ৰেমেৰে সহায় আগবঢ়াইছে আৰু যিসকলে তেওঁৰ ইচ্ছাত চলিব বিচাৰে তেওঁলোকৰ সৈতে বন্ধুত্ব স্থাপন কৰে। ইয়াত কোনো সন্দেহ নাই যে আমি তেওঁৰ নিৰ্দ্দেশনা লʼবলৈ কেতিয়াও অৱহেলা নকৰিম!

৩. আলোচনাৰ সময়ত আমি কেনেবোৰ প্ৰশ্নৰ বিবেচনা কৰিম?

পূৰ্বৱৰ্তী লেখটোত আমি যিহোৱা ঈশ্বৰে প্ৰাচীন সময়ত চাৰি প্ৰকাৰে সহায় আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰিলোঁ। বৰ্তমান সময়টো তেওঁ একেইদৰে তেওঁৰ উপাসকসকলক সহায় কৰিছেনে? আমি তেওঁৰ সহায় লাভ কৰাটো কেনেকৈ নিশ্চিত কৰিব পাৰোঁ? আঁহক আমি সেই প্ৰশ্নবোৰৰ বিষয়ে বিবেচনা কৰোঁহঁক। সেই প্ৰশ্নবোৰক বিবেচনা কৰাৰ দ্বাৰা যিহোৱাই যে বাস্তৱতে আমাৰ সহায়ক, সেই বিষয়ে নিশ্চিত কৰিব পাৰিম।—ইব্ৰী ১৩:৬.

স্বৰ্গদূতীয় সহায়

৪. স্বৰ্গদূতবোৰে যে সহায় কৰে সেই বিষয়ে বৰ্তমান সময়ৰ উপাসকসকলে কিয় নিশ্চিত হʼব পাৰে?

স্বৰ্গদূতসকলে বৰ্তমান সময়ৰ যিহোৱাৰ উপাসকসকলক সহায় কৰিছেনে? তেওঁলোকে অৱশ্যেই কৰিছে। প্ৰকৃততে সত্য উপাসকসকলক বিপদৰ পৰা ৰক্ষা কৰিবলৈ স্বৰ্গদূতবোৰে শাৰীৰিকৰূপ ধাৰণ কৰি বৰ্তমানে দেখা নিদিয়ে। আনকি বাইবেলৰ সময়তো কেৱল কেতিয়াবাহে তেনেদৰে দেখা দিছিল। বৰ্তমান সময়ৰ নিচিনাকৈ অতীততেও অদৃশ্যভাৱে কাৰ্য্য সম্পন্ন কৰিছিল। যিয়েই নহওক, যিসকল উপাসকে উপলব্ধি কৰিব পাৰিছে যে স্বৰ্গদূতবোৰে সহায় কৰে, সেই জ্ঞানে তেওঁলোকক অধিক উৎসাহিত কৰি তুলিছে। (২ ৰাজাৱলি ৬:১৪-১৭) সেই একেইদৰে উপলব্ধি কৰিবলৈ আমাৰ ওচৰতো উত্তম কাৰণ আছে।

৫. বাইবেলে কেনেকৈ দেখুৱাইছে যে বৰ্তমান সময়ত হোৱা শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত স্বৰ্গদূতবোৰ জড়িত আছে?

যিহোৱাৰ স্বৰ্গদূতসকলে বিশেষকৈ আমি জড়িত হোৱা বিশেষ কাৰ্য্যৰ প্ৰতি আগ্ৰহী। আমি জড়িত হোৱা সেই বিশেষ কাৰ্য্যটো কি? এই প্ৰশ্নটোৰ উত্তৰ আমি প্ৰকাশিত বাক্য ১৪:৬ পদত পাব পাৰোঁ, যʼত এইদৰে কোৱা হৈছে: “পাছে আকাশৰ মাজত আন এজন স্বৰ্গদূতক উড়ি ফুৰা দেখিলোঁ; তেওঁ পৃথিবীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা পাই, বৰ মাতেৰে কলে।” সেই “অনন্ত শুভবাৰ্ত্তা” স্পষ্টৰূপে যীচুৱে ভৱিষ্যতবাণীত কোৱা “ৰাজ্যৰ এই শুভবাৰ্ত্তা,” যি বাৰ্ত্তাক এই জগতৰ ৰীতি-ব্যৱস্থাৰ শেষ হোৱাৰ পূৰ্বেই ‘সকলো জাতিলৈ সাক্ষ্য হʼবলৈ গোটেই জগততে ঘোষণা’ কৰিবলৈ কৈছিল। (মথি ২৪:১৪) বাস্তৱতে স্বৰ্গদূতবোৰে পোনপটীয়াকৈ সেই শুভবাৰ্ত্তা প্ৰচাৰ কৰা নাই। সেয়েহে যীচুৱে এই গুৰুত্বপূৰ্ণ দায়িত্বৰ আজ্ঞা মানুহক দিছিল। (মথি ২৮:১৯, ২০) গতিকে আমাৰ বাবে এই বিষয়ে জনাটো আনন্দৰ বিষয় নহয়নে যে, আমি যীচুৰ সেই আজ্ঞাক পূৰ্ণ কৰাত সহায় কৰিবলৈ বুদ্ধিমান আৰু শক্তিশালী পবিত্ৰ স্বৰ্গদূতবোৰো আমাৰ সৈতে আছে?

৬, ৭. (ক) কিহে দেখুৱাইছে যে স্বৰ্গদূতবিলাকে আমাক প্ৰচাৰ কাৰ্য্যত সহায় কৰিছে? (খ) যিহোৱাৰ স্বৰ্গদূতবিলাকৰ সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ আমি কি কৰিব পাৰোঁ?

আমাৰ কাৰ্য্যত যে স্বৰ্গদূত জড়িত, তাৰ বহুতো উদাহৰণ আছে। উদাহৰণস্বৰূপে, আমি প্ৰায়ে শুনিবলৈ পাওঁ যে যিহোৱাৰ সাক্ষীসকলে প্ৰচাৰ কৰি থকাৰ সময়ত এনে ব্যক্তিৰ ঘৰত উপস্থিত হয়, যিজনে অলপতে সত্যতাক বিচাৰি পাবলৈ ঈশ্বৰৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। এনে অভিজ্ঞতা বাৰে বাৰে সংঘটিত হোৱাটো দেখিবলৈ পোৱা যায়। এনে ধৰণে স্বৰ্গদূতসকলে কৰা সহায়ৰ ফলস্বৰূপে বহুতো নম্ৰ মনৰ ব্যক্তিয়ে এইদৰে কৰিবলৈ শিকিছে, যিদৰে ‘আকাশৰ মাজত স্বৰ্গদূত উড়ি’ এইদৰে ঘোষণা কৰিছে “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক।”—প্ৰকাশিত বাক্য ১৪:৭.

আপুনিও যিহোৱাৰ শক্তিশালী স্বৰ্গদূতবোৰৰ সহায় পাবলৈ আশা কৰেনে? তাৰ বাবে আপুনি সম্পূৰ্ণকৈ পৰিচৰ্য্যা কৰিবলৈ চেষ্টা কৰিব পাৰে। (১ কৰিন্থীয়া ১৫:৫৮) আমি নিজকে সম্পূৰ্ণভাৱে যিহোৱাৰ পৰা পোৱা সেই বিশেষ নিযুক্তিক পূৰ্ণ কৰাৰ দ্বাৰা তেওঁৰ স্বৰ্গদূতবোৰৰ সহায় পোৱাটো নিশ্চিত হʼব পাৰিম।

প্ৰধান স্বৰ্গদূতজনৰ পৰা সহায় লাভ কৰা

৮. স্বৰ্গত যীচুৱে কেনে শক্তিশালী স্থান অধিকাৰ কৰি আছে আৰু ই আমাৰ বাবে কিয় ভাৰসাযুক্ত?

তদুপৰি যিহোৱা ঈশ্বৰে আমাৰ বাবে আন প্ৰকাৰৰ স্বৰ্গদূতীয় সহায় আগবঢ়াইছে। প্ৰকাশিত বাক্য ১০:১ পদত সেইজনাক “বলৱান দূত” বুলি বৰ্ণনা কৰিছে যিজনৰ “মুখ সূৰ্য্যৰ নিচিনা।” দৰ্শনত দেখা সেই স্বৰ্গদূত স্পষ্টৰূপে স্বৰ্গীয় সামৰ্থ থকা যীচুৰ বাহিৰে আন কোন হʼব নোৱাৰে। (প্ৰকাশিত বাক্য ১:১৩, ১৬) বাস্তৱতে যীচু এজন স্বৰ্গদূত হয়নে? এক অৰ্থত তেওঁ অৱশ্যেই এজন স্বৰ্গদূত হয়, কিয়নো তেওঁক এজন প্ৰধান স্বৰ্গদূত বুলি কোৱা হৈছে। (১ থিচলনীকীয়া ৪:১৬) যিহোৱাৰ আত্মিক পুত্ৰসকলৰ ভিতৰত যীচুৱে হৈছে সকলোতকৈ শক্তিশালী। স্বৰ্গদূতীয় সৈন্য বাহিনীক আজ্ঞা দিবলৈ যিহোৱা ঈশ্বৰে যীচুক সেনাপতি নিযুক্ত কৰিলে। ইয়াত কোনো সন্দেহ নাই যে সেই প্ৰধান স্বৰ্গদূতজন হৈছে আমাৰ শক্তিশালী সহায়ক। কি প্ৰকাৰে যীচু আমাৰ শক্তিশালী সহায়ক?

৯, ১০. (ক) আমি পাপ কৰাৰ সময়ত যীচুৱে কেনেকৈ “সহায়কৰ্ত্তা” হিচাবে কাৰ্য্য কৰে? (খ) যীচুৰ আৰ্হিৰ পৰা কেনে সহায় লাভ কৰিব পাৰোঁ?

বৃদ্ধ পাঁচনি যোহনে এইদৰে লিখিছিল: “কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে।” (১ যোহন ২:১) আমি যেতিয়া বিশেষ ‘পাপ কৰোঁ’ তেতিয়া আমাৰ “সহায়কৰ্ত্তা” যীচু খ্ৰীষ্ট আছে বুলি যোহনে কিয় উপদেশ দিছিল? প্ৰকৃততে আমি নিতৌ পাপ কৰোঁ আৰু পাপৰ বেচ হৈছে মৃত্যু। (উপদেশক ৭:২০; ৰোমীয়া ৬:২৩) যিহেতু আমাৰ পাপৰ বাবে যীচুৱে নিজৰ জীৱন বলিদানৰূপে উৎসৰ্গ কৰিলে। আমাৰ পাপ ক্ষমা কৰিবলৈ তেওঁ দয়ালু পিতৃ যিহোৱাৰ আগত নিৱেদন কৰে। আমাৰ প্ৰত্যেককে সেই সহায়ৰ আৱশ্যক। আমি কেনেকৈ সেই সহায় লাভ কৰিম? ইয়াৰ বাবে আমি আমাৰ পাপৰ বাবে প্ৰায়শ্চিত্ত কৰি যীচুৰ বলিদানৰ আধাৰত ক্ষমা বিচৰা আৱশ্যক। তদুপৰি দুনাই পাপ কৰাৰ পৰা আঁতৰি থকা আৱশ্যক।

১০ যীচুৱে আমাৰ হকে প্ৰাণ আহুতি দিয়াৰ উপৰিও আমি অনুকৰণ কৰিবলৈ এক উত্তম আৰ্হি ৰাখিলে। (১ পিতৰ ২:২১) তেওঁৰ আৰ্হিয়ে আমাৰ পথ-প্ৰদৰ্শনা আৰু আমি কৰা কাৰ্য্যক পৰীক্ষা কৰিবলৈ সহায় কৰিব, যাতে আমি গম্ভীৰ পাপ কৰাৰ পৰা বিৰত থাকি যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ। এনে সহায় লাভ কৰি আমি আনন্দিত নহমনে? অধিকন্তু যীচুৱে তেওঁ অনুগামীসকলক সহায় কৰিবলৈ আন এক সহায়কৰ্ত্তাৰ প্ৰবন্ধ কৰা হʼব বুলি উল্লেখ কৰিছিল।

পবিত্ৰ আত্মাৰ পৰা সহায় লাভ কৰা

১১, ১২. যিহোৱাৰ পৰা অহা পবিত্ৰ আত্মা কি আৰু বৰ্তমান সময়ত কিয় আমাক ইয়াৰ আৱশ্যক?

১১ যীচুৱে অনুগামীসকলক এইদৰে প্ৰতিজ্ঞা কৰিছিল: “পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে সদায় থাকিবলৈ, তেওঁ আন এজন সহায়কৰ্ত্তা, অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব।” (যোহন ১৪:১৬, ১৭) এই “সত্যৰ আত্মা” বা পবিত্ৰ আত্মা কোনো ব্যক্তি নহয়, ই হৈছে যিহোৱা ঈশ্বৰৰ নিজা সক্ৰিয় শক্তি। এই পবিত্ৰ আত্মা অসীম শক্তিশালী। এই শক্তিৰ দ্বাৰা যিহোৱা ঈশ্বৰে সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, আচৰিত কৰ্ম্ম কৰা আৰু তেওঁৰ উদ্দেশ্যক প্ৰকাশ কৰি উপাসকসকলক দৰ্শন দিবলৈ ব্যৱহাৰ কৰিছিল। বাস্তৱতে যিহোৱা ঈশ্বৰে যদিও তেনেদৰে বৰ্তমান সময়ত তেওঁৰ পবিত্ৰ আত্মা ব্যৱহাৰ কৰা নাই, ইয়াৰ অৰ্থ এইটোনে যে আমাক ইয়াৰ আৱশ্যক নাই?

১২ অৱশ্যেই তেনে নহয়! আমি বাস কৰা এই “শেষ-কালত” আমাক যিহোৱাৰ এই পবিত্ৰ আত্মাৰ অধিককৈ আৱশ্যক আছে। (২ তীমথিয় ৩:১) কিয়নো পবিত্ৰ আত্মাই আমাক তাড়নাত সহন কৰিবলৈ শক্তি প্ৰদান কৰে। তদুপৰি পবিত্ৰ আত্মাই এনে উত্তম গুণসমূহ বিকশিত কৰিবলৈ সহায় কৰে যাৰ দ্বাৰা আমি ভাই-ভনী আৰু যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিব পাৰিম। (গালাতীয়া ৫:২২, ২৩) এতেকে যিহোৱাই প্ৰদান কৰা এই উৎকৃষ্ট শক্তিৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৩, ১৪. (ক) আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে যিহোৱা ঈশ্বৰে আগ্ৰহেৰে তেওঁৰ উপাসকসকলক পবিত্ৰ আত্মা প্ৰদান কৰে? (খ) আমাৰ কেনে কাৰ্য্যৰ দ্বাৰা প্ৰকাশ কৰিম যে আমি বাস্তৱতে উপহাৰ হিচাবে থকা সেই পবিত্ৰ আত্মা গ্ৰহণ কৰিব নিবিচাৰোঁ?

১৩ এই শক্তি লাভ কৰিবলৈ সৰ্ব্বপ্ৰথমে আমাক যিহোৱালৈ প্ৰাৰ্থনা কৰা প্ৰয়োজন। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “এতেকে তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:১৩) অৱশ্যেই দিব, কিয়নো যিহোৱা হৈছে আমাৰ উত্তম পিতৃ। যদি আমি সম্পূৰ্ণ বিশ্বাসেৰে তেওঁক পবিত্ৰ আত্মাৰ বাবে নিৱেদন কৰোঁ, তেন্তে তেওঁ অৱশ্যেই উপহাৰ হিচাবে ইয়াক দান কৰিব। কিন্তু এতিয়া প্ৰশ্ন হৈছে, আমি এই সক্ৰিয় শক্তিৰ বাবে নিৱেদন কৰোঁনে? এই শক্তি বিচাৰি প্ৰত্যেক দিনা প্ৰাৰ্থনা কৰাৰ বাবে আমাৰ ওচৰত এক উত্তম কাৰণ আছে।

১৪ দ্বিতীয়তে আমি পোৱা সেই উপহাৰ লাভ কৰিবলৈ ইয়াৰ সামঞ্জস্যত কাৰ্য্য কৰা আৱশ্যক। এই বিষয়ে বুজিবলৈ এই দৃষ্টান্তটো বিবেচনা কৰক: ধৰি লওক এজন খ্ৰীষ্টান ব্যক্তিয়ে অশ্লীল সাহিত্য বা ছবি নাচাবলৈ নিজৰ ইচ্ছাক দমন কৰিবলৈ সংঘৰ্ষ কৰিছে। সেই বেয়া অভ্যাসক প্ৰতিৰোধ কৰিবলৈ পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। ইয়াৰ উপৰিও খ্ৰীষ্টান প্ৰাচীনসকলৰ পৰামৰ্শ বিচাৰিলে। তেওঁলোকে তেওঁক নিশ্চিত পদক্ষেপ লʼবলৈ উপদেশ দিলে, আনকি তেনে অশ্লীল বস্তুৰ কাষত নাযাবলৈও কʼলে। (মথি ৫:২৯) যদি তেওঁ সেই পৰামৰ্শবোৰক উপেক্ষা কৰি প্ৰলোভিত হোৱাৰ সময়ত পুনৰাই অশ্লীল সাহিত্য পঢ়ে বা ছবিবোৰ চায়, তেন্তে লাভৱান হʼবনে? বাস্তৱতে তেওঁ সহায়ৰ বাবে পবিত্ৰ আত্মা বিচাৰি কৰা প্ৰাৰ্থনাৰ সামঞ্জস্যত কাৰ্য্য কৰিছেনে? বা তাৰ বিপৰীতে ঈশ্বৰৰ পবিত্ৰ আত্মা অসন্তুষ্ট কৰি সেই উপহাৰৰ পৰা বঞ্চিত হোৱাৰ কাৰ্য্য কৰিছেনে? (ইফিচীয়া ৪:৩০) দৰাচলতে আমি যিহোৱা ঈশ্বৰৰ পৰা একেৰাহে এই অত্যুত্তম সহায় লাভ কৰিবলৈ আমাক সম্পূৰ্ণকৈ পবিত্ৰ আত্মাৰ সামঞ্জস্যত কাৰ্য্য কৰা আৱশ্যক, তেহে আমি ইয়াক লাভ কৰাটো নিশ্চিত হʼব পাৰিম।

ঈশ্বৰৰ বাক্যৰ পৰা সহায় লাভ কৰা

১৫. বাইবেলখনক যে আমি সাধাৰণভাৱে গ্ৰহণ কৰা নাই, সেই বিষয়ে কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ?

১৫ বহু শতিকাৰ পৰা ধৰি বাইবেলখন যিহোৱাৰ উপাসকসকলৰ বাবে সহায়ক প্ৰমাণিত হৈ আহিছে। সেয়েহে এই পবিত্ৰ শাস্ত্ৰখনত দিয়া পৰামৰ্শসমূহ সাধাৰণভাৱে লোৱাৰ পৰিৱৰ্তে আমি ইয়াক এক শক্তিশালী সহায়ক হিচাবে মনত ৰাখা আৱশ্যক। ইয়াৰ পৰা সহায় লাভ কৰিবলৈ আমি যত্নেৰে প্ৰচেষ্টা কৰা উচিত। গতিকে নিতৌ বাইবেলখন পঢ়াতো আমাৰ দৈনন্দিন তালিকাৰ এক প্ৰমুখ ভাগ হোৱা উচিত।

১৬, ১৭. (ক) ঈশ্বৰৰ ব্যৱস্থা পঢ়ি লাভৱান হোৱাৰ বিষয়ে গীত ১:২, ৩ পদত কেনেকৈ বৰ্ণনা কৰা হৈছে? (খ) গীত ১:৩ পদে কেনেকৈ কঠিন পৰিশ্ৰমৰ বিবৃতি দাঙি ধৰিছে?

১৬ গীত ১:২, ৩ পদত আমাক এইদৰে কোৱা হৈছে: “যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” আপুনি ইয়াত উল্লেখ কৰা বাক্যশাৰীৰ গুৰুত্বপূৰ্ণ তৎপৰ্য্যতা বুজিব পাৰিছেনে? এই বাক্যশাৰী পঢ়ি তাত উল্লেখ কৰা অনুসাৰে নদীৰ দাঁতিত বৃদ্ধি হোৱা এজোপা গছৰ তলত পৰা ছাঁৰ সৈতে এক সুন্দৰ শান্তিময় পৰিৱেশৰ বিষয়ে সহজে কল্পনা কৰিব পাৰি। এই গছজোপাৰ ছাঁত আবেলি অলপ পৰ জিৰণি লোৱাটো এক সুখৰ বিষয় নহয়নে বাৰু! কিন্তু এই গীতমালাৰ কিতাপখনে আমাক তেনেদৰে জিৰণি লʼবলৈ আমন্ত্ৰণ কৰা নাই। ইয়াত সম্পূৰ্ণৰূপে এক ভিন্ন ছবি দাঙি ধৰি কঠিন পৰিশ্ৰম কৰাৰ বিষয়ে উল্লেখ কৰিছে। সেইটো কেনেকৈ?

১৭ লক্ষ্য কৰক যে ইয়াত বৰ্ণনা কৰা গছজোপা কেনেবাকৈ নদীৰ দাঁতিত লহপহকৈ ডাঙৰ হৈ কেৱল ছাঁ দিয়া গছ নহয়। ই হৈছে এজোপা ফল উৎপন্ন কৰা গছ, যিজোপাক ইচ্ছাকৃতভাৱে “বোৱঁতী পানীৰ দাঁতিত ৰোৱা” হৈছে। এজোপা গছ কেনেকৈ এটাতকৈ অধিক বোৱঁতী পানীৰ দাঁতিত বৃদ্ধি হʼব পাৰে? সাধাৰণতে এজোপা মূল্যৱান ফল-মূলৰ গছৰ শিপাত পানী দিবলৈ গছজোপাৰ গৰাকীয়ে জলসিঞ্চনৰ বাবে নলা খান্দি দিয়ে। দৰাচলতে এতিয়াহে মূল বিষয়টো স্পষ্ট ওলাই পৰিল! আমি সেই গছজোপাৰ দৰে আধ্যাত্মিকৰূপে শ্ৰীবৃদ্ধি হʼবলৈ আমাৰ বাবে ইতিমধ্যেই পৰিশ্ৰমেৰে ব্যৱস্থা কৰা হʼল। সেইয়া হৈছে এক সংগঠন যাৰ যোগেদি আমাক সত্যতাৰ পানী প্ৰদান কৰা হৈছে আৰু তাৰ পৰা লাভৱান হʼবলৈ আমি নিজ নিজ কৰ্তব্য পালন কৰা উচিত। আমি সেই বহুমূলীয়া সত্যতাৰ পানী শুহি লাভৱান হʼবলৈ গম্ভীৰভাৱে ধ্যান আৰু অনুসন্ধান কৰি ঈশ্বৰৰ বাক্যৰ সত্যতা নিজৰ মন আৰু হৃদয়ত প্ৰবিষ্ট কৰা উচিত। এইদৰে আমি আধ্যাত্মিকতাৰ উত্তম ফল উৎপন্ন কৰিব পাৰিম।

১৮. বাইবেলৰ পৰা আমাৰ প্ৰশ্নসমূহৰ উত্তৰ পাবলৈ আমি কি কৰা আৱশ্যক?

১৮ বাইবেলখনৰ পৰা কোনো লাভ পোৱা নাযায় বুলি ভাবি যদি ইয়াক এনেয়ে কিতাপৰ আলমাৰিত পেলাই থওঁ, তেন্তে আমি কেতিয়াও লাভৱান হʼব নোৱাৰিম। ইয়াৰ পৰিৱৰ্তে যদি আমি বাইবেলখনৰ শাস্ত্ৰীয় পদবোৰ খুলি চাওঁ, তেন্তে আমি আশা কৰা প্ৰশ্নসমূহৰ উত্তৰবোৰ পাব পাৰিম। আমি কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত, ‘ঈশ্বৰৰ সুবুদ্ধিৰ নিমিত্তে গুপুত ধনৰ দৰে অনুসন্ধান’ কৰা আৱশ্যক। (হিতোপদেশ ২:১-৫) আনন্দিত হৈ যত্নেৰে অনুসন্ধান কৰি আমি আমাৰ বিশেষ আৱশ্যকতাৰ সময়ত শাস্ত্ৰীয় উত্তম পৰামৰ্শবোৰ পাব পাৰিম। তদুপৰি আমাৰ ওচৰত বহুতো বাইবেল আধাৰিত সাহিত্য আছে যিবোৰে আমাক অনুসন্ধান কৰাত সহায় কৰে। যদি আমি বাস্তৱতে আগ্ৰহী হৈ বহুমূলীয়া গুপ্ত ধনৰ দৰে ঈশ্বৰৰ জ্ঞান অনুসন্ধান কৰোঁ, তেন্তে যিহোৱাই আমালৈ আগবঢ়োৱা সহায়ৰ পৰা প্ৰকৃততে লাভৱান হব পাৰিম।

সঙ্গী ভাই-ভনীসকলৰ দ্বাৰা সহায় আগবঢ়োৱা

১৯. (ক) প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ লেখবোৰৰ জড়িয়তে যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলৰ দ্বাৰা সহায় আগবঢ়াইছে বুলি আমি কিয় দৃষ্টি কৰিব পাৰোঁ? (খ) আমাৰ আলোচনীবোৰত প্ৰকাশ পোৱা বিশেষ লেখবোৰৰ দ্বাৰা আপুনি কেনেকৈ সহায় লাভ কৰিলে?

১৯ যিহোৱাই তেওঁৰ উপাসকসকলৰ দ্বাৰা আগবঢ়োৱা সহায় সদায়ে ভাই-ভনীসকলৰ সহায়ৰ কাৰণ হৈ আহিছে। এই ক্ষেত্ৰত যিহোৱা ঈশ্বৰৰ কোনো সলনি হৈছেনে? অৱশ্যেই হোৱা নাই। ইয়াত কোনো সন্দেহ নাই যে প্ৰত্যেকজনে এনেবোৰ উপলক্ষ্যৰ বিষয়ে বিবেচনা কৰিব পাৰে যʼত ঠিক আমাক আৱশ্যক হোৱা সময়ত আমাৰ বিশ্বাসী সঙ্গী উপাসকসকলৰ পৰা সহায় লাভ কৰিলোঁ। উদাহৰণস্বৰূপে, আপুনি প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীত প্ৰকাশ পোৱা এনেবোৰ লেখৰ বিষয়ে মনত পেলাব পাৰেনে, যিবোৰে আপোনাক আৱশ্যক হোৱা বা বিশ্বাসৰ সম্বন্ধে সম্মুখীন হোৱা কোনো সমস্যাক সমাধান কৰিবলৈ উপযুক্ত সময়ত সহায় কৰিলে? যিহোৱা ঈশ্বৰে তেনে সহায় আগবঢ়াবলৈ তেওঁৰ ‘বিশ্বাসী বুদ্ধমান দাসবৰ্গক’ নিযুক্ত কৰিলে যাতে তেওঁলোকে “উচিত সময়ত আহাৰ” প্ৰদান কৰে।—মথি ২৪:৪৫-৪৭.

২০. খ্ৰীষ্টান প্ৰাচীনসকলে ‘মানুহবিলাকত নানা বৰ’ সেই বিষয়ে কেনেদৰে প্ৰমাণ দিয়ে?

২০ আমি সঙ্গী উপাসকসকলৰ পৰা প্ৰায়ে পোনপটীয়াকৈ সহায় লাভ কৰোঁ। এজন প্ৰাচীনে দিয়া ভাষণে আমাৰ হৃদয় স্পৰ্ষ বা যেতিয়া তেওঁ আমাক উৎসাহিত কৰিবলৈ সাক্ষাৎ কৰে তেতিয়া কঠিন পৰিস্থিতিবোৰক সফলতাৰে সম্মুখীন হʼবলৈ সহায়, নতুবা তেওঁ আমাক দিয়া প্ৰেমময় উপদেশৰ দ্বাৰা আমি আমাৰ দুৰ্ব্বলতাবোৰৰ ওপৰত চকু দি সেইবোৰক আঁতৰ কৰিব পাৰোঁ। প্ৰাচীনে আগবঢ়োৱা সহায়ৰ বাবে লাভৱান হোৱা এগৰাকী খ্ৰীষ্টান ভনীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে লিখে: “প্ৰচাৰ কাৰ্য্যত তেওঁ মোক মোৰ বিচাৰধাৰা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰাত সময় অতিবাহিত কৰিলে। মই কথা কʼব পৰা এনে কোনো এজনক বিচাৰি পাবলৈ কেৱল পূৰ্বৰ নিশাই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। পিছৰ দিনা এই প্ৰাচীন ভাইজনে মোৰ সৈতে দয়ালুভাৱে কথোপকোথন কৰে। যিহোৱাই কেনেকৈ মোক বছৰৰ পিছত বছৰ ধৰি সহায় কৰি আহিছে, সেই বিষয়ে দৃষ্টি কৰাত সহায় কৰিল। এই প্ৰাচীনজনক মোৰ বাবে পঠোৱাৰ বাবে যিহোৱাক মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ।” এইদৰে খ্ৰীষ্টান প্ৰাচীনসকলে জীৱনৰ পথত চলিবলৈ আনক সহায় কৰাৰ যোগেদি প্ৰকাশ কৰে যে তেওঁলোক হৈছে যিহোৱা ঈশ্বৰে যীচুৰ দ্বাৰা প্ৰবন্ধ কৰা ‘মানুহবিলাকত নানা বৰ।’—ইফিচীয়া ৪:৮.

২১, ২২.. (ক) মণ্ডলীৰ সদস্যসকলে যেতিয়া ফিলিপীয়া ২:৪ পদৰ পৰামৰ্শক পালন কৰে তেতিয়া কেনে ফলাফল দেখিবলৈ পোৱা যায়? (খ) ক্ষুদ্ৰমাত্ৰাত কৰা দয়াৰ কাৰ্য্যও কিয় গুৰুত্বপূৰ্ণ?

২১ খ্ৰীষ্টান প্ৰাচীনসকলৰ উপৰিও বিশ্বাসী প্ৰকৃত খ্ৰীষ্টান ব্যক্তিসকলে “প্ৰতিজনে নিজৰ বিষয়ে নহয় অন্যৰ চাওক” বুলি দিয়া প্ৰেৰিত আজ্ঞাৰ অনুসাৰে চলিবলৈ চেষ্টা কৰে। (ফিলিপীয়া ২:৪) খ্ৰীষ্টান মণ্ডলীৰ সদস্যসকলে যেতিয়া এই পৰামৰ্শটো পালন কৰে তেতিয়া ইয়াৰ ফলস্বৰূপে দয়ালুপূৰ্ণ কাৰ্য্য প্ৰতিপন্ন হয়। উদাহৰণস্বৰূপে, এটা পৰিয়ালে আকস্মিকভাৱে এক ডাঙৰ দুৰ্ঘটনাৰ সম্মুখীন হয়। পিতৃজনে নিজৰ সৰু জীয়েকৰ সৈতে বজাৰলৈ গৈছিল। ঘৰলৈ উভটি অহাৰ পথত তেওঁলোকৰ মটৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। সৰু জীয়েকৰ মৃত্যু আৰু পিতৃজনৰ গুৰুত্বৰভাৱে আহত হয়। চিকিৎসালয়ৰ পৰা উভটি অহাৰ পিছত প্ৰথমে তেওঁ ইমানেই অক্ষম আছিল যে নিজৰ বাবে কোনো কাম কৰিব নোৱাৰিছিল। তেওঁৰ পত্নীয়ে অকলে তেওঁক আবেগীভাৱে চোৱাচিতা কৰিব নোৱাৰাত নিৰাশ হৈ পৰিছিল। গতিকে মণ্ডলীৰ আন এহাল দম্পতীয়ে শোকত ভাঙি পৰা এই দম্পতীক তেওঁলোকক নিজৰ ঘৰলৈ নিলে আৰু কেইবা সপ্তাহ ধৰি তেওঁলোকক চোৱা-চিতা কৰিলে।

২২ দৰাচলতে সকলো প্ৰকাৰৰ দয়ালুপূৰ্ণ কাৰ্য্য প্ৰকাশ কৰাত যে এনে দুৰ্ঘটনা আৰু ব্যক্তিগত আত্মত্যাগৰ আৱশ্যক, এনে নহয়। আমি এক সৰু মাত্ৰাত কিছুমান এনে সহায় লাভ কৰোঁ। কিন্তু দয়াপূৰ্ণ কাৰ্য্য যিমানেই সৰু নহওক কিয় আমি সেইবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো উচিত নহʼবনে? আপুনি স্মৰণ কৰিব পাৰিছেনে যে ঠিক আৱশ্যক সময়ত ভাই বা ভনীসকলৰ দয়ালুপূৰ্ণ কাৰ্য্যৰ সহায় পোৱা যায়? এই প্ৰকাৰে যিহোৱা ঈশ্বৰে সদায়ে আমাক চোৱা-চিতা কৰে।—হিতোপদেশ ১৭:১৭; ১৮:২৪.

২৩. আনক সহায় কৰিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি কৰে?

২৩ আনক সহায় কৰিবলৈ যিহোৱা ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰাটো বিচাৰেনে? সেই সুযোগ আপোনাৰ বাবে মুকলি হৈ আছে। আপুনি তেনেদৰে কৰিবলৈ কৰা প্ৰচেষ্টাৰ প্ৰতি যিহোৱাই মূল্যাঙ্কন কৰে। সেয়েহে তেওঁৰ বাক্যই এইদৰে কৈছে: “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে; তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব।” (হিতোপদেশ ১৯:১৭) আমাৰ আধ্যাত্মিক ভাই-ভনীসকলক সহায় কৰিবলৈ নিজকে দান কৰাৰ দ্বাৰা বৃহৎ আনন্দ কঢ়িয়াই আনে। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) যিসকলে ইচ্ছাকৃতভাৱে নিজকে পৃথকে ৰাখে তেওঁলোকৰ ওচৰত দান কৰাৰ তেনে আনন্দ নাই অথবা তেনে লোকবিলাকে আনৰ পৰাও উৎসাহ লাভ নকৰে। (হিতোপদেশ ১৮:১) এতেকে আঁহক আমি এজনে আনজনক উৎসাহিত কৰিবলৈ প্ৰকৃত খ্ৰীষ্টান মণ্ডলীৰ সভাত বিশ্বাসেৰে একেলগ হওঁহঁক।—ইব্ৰী ১০:২৪, ২৫.

২৪. যিহোৱা ঈশ্বৰে প্ৰাচীন কালত কৰা আচৰিত কাৰ্য্যবোৰক দেখিবলৈ নোপোৱাৰ বাবে আমি কিয় নিজকে বঞ্চিত হোৱা যেন অনুভৱ কৰিব নালাগে?

২৪ যিহোৱা ঈশ্বৰে যি প্ৰকাৰে আমাক সহায় কৰিবলৈ ব্যৱস্থা আগবঢ়াইছে সেইয়া বাস্তৱতে আমাৰ বাবে আনন্দৰ বিষয় নহয়নে? আমি যদিও সেই সময়ত অস্তিত্বত নাছিলো যি সময়ত যিহোৱা ঈশ্বৰে নিজৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ আচৰিত কাৰ্য্যবোৰ কৰিলে, তথাপিও আমি নিজকে বঞ্চিত হোৱা যেন ভবা উচিত নহয়। বাস্তৱতে আমি বিশ্বাসত দৃঢ় হৈ থাকিবলৈ যি সহায়বোৰ আগবঢ়ালে সেইয়া হৈছে বাস্তৱতে গুৰুত্বপূৰ্ণ। যদি আমি বিশ্বাসত একেলগে ধৈৰ্য্য ধৰি থাকোঁ, তেন্তে আমি মানৱ ইতিহাসত ঘটিবলগীয়া সকলোতকৈ আচৰিত কাৰ্য্যৰ মহিমা চাবলৈ জীয়াই থাকিব পাৰিম! গতিকে আমি যিহোৱাই প্ৰেমেৰে ব্যৱস্থা কৰা সেই সকলোবোৰ সহায় সম্পূৰ্ণকৈ গ্ৰহণ কৰিবলৈ দৃঢ় নিৰ্ণয় কৰিলে ২০০৫ চনৰ বাৰ্ষিক পাঠটোৰ দৰে এইদৰে কʼব পাৰিম: “যিহোৱাৰ পৰা মোৰ সহায় আহিব।”—গীত ১২১:২. (w04 12/15)

আপুনি কি ভাবে?

বৰ্তমান সময়ত যিহোৱা ঈশ্বৰে কেনেকৈ

• স্বৰ্গদূত

• তেওঁৰ পবিত্ৰ আত্মা

• তেওঁৰ প্ৰেৰিত বাক্য

• আৰু বিশ্বাসী উপাসকসকলৰ দ্বাৰা আমাক আৱশ্যকীয় সহায় আগবঢ়াইছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৩ পৃষ্ঠাৰ ছবি]

স্বৰ্গদূতবোৰে যে আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সহায় কৰিছে, সেই বিষয়ে জনাটো এক উৎসাহ বিষয়

[১৬ পৃষ্ঠাৰ ছবি]

আমাৰ আৱশ্যকীয় সময়ত সহায় কৰিবলৈ যিহোৱা ঈশ্বৰে আমাৰ সঙ্গী ভাই বা ভনীক ব্যৱহাৰ কৰে