Skip to content

Skip to table of contents

সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা

সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা

সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰশিক্ষিত হোৱা

“যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।”—পাঁচনিৰ কৰ্ম্ম ১:৮.

১, ২. পিতৰে কেনে আজ্ঞা পাইছিল আৰু কোনে তেওঁক সেই আজ্ঞা দিছিল?

 পাঁচনি পিতৰে কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰক হোৱাৰ দায়িত্ব পালে সেই বিষয়ে বুজাবলৈ তেওঁ কৰ্ণালিয়া আৰু তেওঁৰ পৰিয়ালবৰ্গক এইদৰে কৈছিল: “নাচৰতীয়া যীচুক . . . জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ ঈশ্বৰে যি জনাক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ, তেওঁ আমাক আজ্ঞা দিলে।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৮, ৪২.

যীচুৱে এই আজ্ঞা তেওঁৰ শিষ্যবিলাকক কেতিয়া দিছিল? পুনৰুত্থিত হোৱা যীচুৱে স্বৰ্গাৰোহণ হোৱাৰ আগেয়ে কেনে ধৰণৰ বিশেষ আজ্ঞা দিব এই বুলি পিতৰে মনতে ভাবি থাকোঁতেই যীচুৱে শিষ্যবিলাকক এইদৰে কৈছিল: “যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (পাঁচনিৰ কৰ্ম্ম ১:৮) কিন্তু যীচুৰ শিষ্য হিচাপে পৰিচিত হোৱাৰ আগেয়ে পিতৰে যীচু খ্ৰীষ্টৰ ওপৰত কৰা নিজৰ বিশ্বাসৰ বিষয়ে লোকসকলক জনাব লাগিছিল।

তিনি বছৰ ধৰি প্ৰশিক্ষণ পোৱা

৩. যীচুৱে কেনে আচৰিত কৰ্ম্ম কৰিছিল আৰু পিতৰ আৰু আন্দ্ৰিয়ক কি আমন্ত্ৰণ দিছিল?

সা.যু. ২৯ চনত বাপ্তিষ্মা লোৱা কিছু মাহৰ পিছত যীচুৱে গালীল সাগৰৰ পাৰত মাছমৰীয়া পিতৰ আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ৰ আগত প্ৰচাৰ কৰিলে। গোটেই ৰাতি সাগৰত জাল পেলাইও তেওঁলোকে শুদা হাতে উভতি অহা বুলি জানিবলৈ পাই যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “দলৈ গৈ, মাছ ধৰিবলৈ জাল খেও দিয়াহঁক।” তেওঁলোকে যীচুৱে কোৱা অনুসাৰে সাগৰত জাল পেলোৱাত “বহু বহু মাছ লাগিল, আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।” এনে ধৰণৰ আচৰিত কাৰ্য্য দেখি পিতৰে ভয়তে কম্পিত হৈ যীচুৰ চৰণত পৰিল, তেতিয়া যীচুৱে পিতৰক সাহসী হʼবলৈ এইদৰে কৈছিল: “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হবা।”—লূক ৫:৪-১০.

৪. (ক) যীচুৱে কেনেকৈ তেওঁৰ শিষ্যবিলাকক সাক্ষী দিয়া কাৰ্য্যৰ বাবে সাজু কৰিলে? (খ) যীচুৱে কেনেকৈ তেওঁৰ সাক্ষী দিয়া কাৰ্য্যক শিষ্যসকলে কৰা কাৰ্য্যৰ সৈতে তুলনা কৰিছিল?

তৎক্ষণাত পিতৰ, আন্দ্ৰিয়, চিবদিয়ৰ দুজন পুতেক যাকোব আৰু যোহনে তেওঁলোকৰ নাওবোৰ সাগৰৰৰ পাৰত এৰি যীচুৰ শিষ্য হৈ পৰিল। প্ৰায় তিনি বছৰ ধৰি তেওঁলোকে যীচুৰ সৈতে ঠায়ে ঠায়ে প্ৰচাৰ কৰি শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ প্ৰশিক্ষণ পালে। (মথি ১০:৭; মাৰ্ক ১:১৬, ১৮, ২০, ৩৮; লূক ৪:৪৩; ১০:৯) ঠিক তিনি বছৰৰ শেষত অৰ্থাৎ সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে যীচুৱে তেওঁবিলাকক এইদৰে কৈছিল: “মই যি যি কাৰ্য্য কৰোঁ, মোত বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য্য কৰিব; আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য্য কৰিব।” (যোহন ১৪:১২) তেওঁবিলাকে যীচুতকৈ অধিক ঠাইলৈ গৈ সম্পূৰ্ণকৈ সাক্ষী দিবলগীয়া আছিল। তেওঁলোকে ইয়াকো জানিব পাৰিছিল যে ভৱিষ্যতে হʼবলগীয়া শিষ্যসকলে ‘এই ৰীতি-ব্যৱস্থাৰ অন্ত নোহোৱালৈকে সকলো জাতিৰ’ আগত প্ৰচাৰ কৰিব।—মথি ২৮:১৯, ২০.

৫. যীচুৱে তেওঁৰ শিষ্যবিলাকক দিয়া প্ৰশিক্ষণৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

বৰ্তমান আমি “এই জগতৰ শেষ” সময়ত জীয়াই আছোঁ। (মথি ২৪:৩) এইটো সঁচা যে আমি যীচুৰ শিষ্যবিলাকৰ দৰে তেওঁৰ সৈতে সঙ্গতি বা প্ৰশিক্ষণ পাব নোৱাৰোঁ। তথাপিও বাইবেলখন পঢ়াৰ দ্বাৰা তেওঁৰ প্ৰশিক্ষণ, প্ৰচাৰ কাৰ্য্য আৰু শিষ্যবিলাকক দিয়া নিৰ্দ্দেশনাৰ পৰা লাভৱান হʼব পাৰোঁ। (লূক ১০:১-১১) আনকি এই লেখটোত প্ৰচাৰ কাৰ্য্যৰ বাবে সঠিক মনোবৃত্তি বজাই ৰাখা সম্বন্ধে যীচুৱে দিয়া আৱশ্যকীয় শিক্ষাৰ বিষয়েও জানিব পাৰিম।

লোকসকলৰ প্ৰতি চিন্তিত হোৱা

৬, ৭. যীচুৰ কেনে মনোবৃত্তিয়ে তেওঁৰ প্ৰচাৰ কাৰ্য্যক প্ৰভাৱকাৰী কৰি তুলিছিল আৰু এই ক্ষেত্ৰত আমি কেনেকৈ তেওঁৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

যীচুৱে কিয় তেনে কাৰ্য্যকাৰীৰূপে সাক্ষী দিছিল? ইয়াৰ এটা কাৰণ হৈছে তেওঁ লোকসকলৰ প্ৰতি আগ্ৰহী আছিল। সেই বিষয়ে গীতমালা ৰচোঁতাজনে কৈছিল যে তেওঁ “দুখী-দৰিদ্ৰক কৃপা কৰিব।” (গীত ৭২:১৩) আমি জানো যে যীচুৱে এই ভৱিষ্যতবাণীৰ অনুসাৰে কাৰ্য্য কৰিলে। উদাহৰণস্বৰূপে, বাইবেলে কৈছে যে এবাৰ “মানুহবিলাকক দেখি, তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল; কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা, দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল।” (মথি ৯:৩৬) আনকি গম্ভীৰ অপৰাধ কৰা ব্যক্তিসকলেও যীচুৰ আগ্ৰহকতা মনোবৃত্তি দেখি তেওঁৰ কাষ চাপিছিল।—মথি ৯:৯-১৩; লূক ৭:৩৬-৩৮; ১৯:১-১০.

যদি আমি তেনে ধৰণৰ আগ্ৰহকতামূলক মনোবৃত্তি প্ৰকাশ কৰোঁ, তেন্তে আমাৰ সাক্ষী দিয়া কাৰ্য্যও প্ৰভাৱশালী হʼব। গতিকে সাক্ষী দিয়া কাৰ্য্যত ভাগ লোৱাৰ পূৰ্বে লোকসকলক শুনাবলৈ থকা আপোনাৰ বাৰ্ত্তাটো কিমান গুৰুত্বপূৰ্ণ, সেই বিষয়ে গভীৰভাৱে বিবেচনা কৰাটো উচিত নহʼবনে? তদুপৰি কেৱল ঈশ্বৰৰ ৰাজ্যইহে তেওঁলোকে সম্মুখীন হোৱা সমস্যাবোৰক সমাধান কৰিব পাৰে, সেই বিষয়ে বিবেচনা কৰক। লগ পোৱা সকলোৰে প্ৰতি সঠিক মনোবৃত্তি ৰাখক, কিয়নো আপুনি নাজানে যে কোনে শুভবাৰ্ত্তা শুনি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। হয়তো আপুনি লগ পোৱা পিছৰজন ব্যক্তিয়ে আপোনাৰ দৰে কোনোবা এজনে আহি তেওঁক শান্ত্বনা দিয়াৰ বিষয়ে প্ৰাৰ্থনা কৰি অপেক্ষা কৰি থাকিব পাৰে!

প্ৰেমৰ দ্বাৰা প্ৰেৰিত হোৱা

৮. কিহে বৰ্তমান যীচুৰ শিষ্যবিলাকক কৰ্তব্যনিষ্ঠাৰে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰে?

যীচুৱে শুনোৱা শুভবাৰ্ত্তাৰ সৈতে যিহোৱাৰ ইচ্ছা, তেওঁৰ নাম পবিত্ৰকৰণ আৰু সাৰ্ব্বভৌমত্বৰ দোষ নিবাৰণ কৰা বিষয়বোৰ সন্মিলিত আছিল। (মথি ৬:৯, ১০) যিহেতু পিতৃৰ প্ৰতি থকা গভীৰ স্নেহে তেওঁক নিষ্ঠা বজাই ৰাখাত আৰু সেই বাদ-বিষয়বোৰক সমাধান কৰিব পৰা ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰেৰিত কৰিলে। (যোহন ১৪:৩১) সেই একেই মনোবৃত্তি বজাই ৰাখি বৰ্তমান যীচুৰ শিষ্যসকলেও কৰ্তব্যনিষ্ঠাৰে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লয়। এই সম্পৰ্কে পাঁচনি যোহনে এইদৰে কৈছিল: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।” তদুপৰি আমাৰ এই পৰিচৰ্য্যাৰ সৈতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যও সন্মিলিত আছে।—১ যোহন ৫:৩; মথি ২৮:১৯, ২০.

৯, ১০. ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ উপৰিও আন কেনে ধৰণৰ প্ৰেমে আমাক সম্পূৰ্ণকৈ সাক্ষী দিবলৈ প্ৰেৰিত কৰে?

যীচুৱে তেওঁৰ শিষ্যবিলাকক এইদৰে কৈছিল: “তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে।” (যোহন ১৪:১৫, ২১) গতিকে যীচুৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা প্ৰেৰিত হৈ আমি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু আন আজ্ঞাবোৰ পালন কৰা উচিত। পুনৰুত্থান হোৱাৰ পিছত যীচুৱে এবাৰ পিতৰক এইদৰে উৎসাহিত কৰি কৈছিল: “মোৰ মেৰ পোৱালিবিলাক চৰোৱা। . . . মোৰ মেৰবিলাক প্ৰতিপালন কৰা। . . . মোৰ মেৰবিলাক চৰোৱা।” কিহে পিতৰক যীচুৰ এই আজ্ঞা পালন কৰিবলৈ প্ৰেৰিত কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ যীচুৱে পিতৰক বাৰে বাৰে কৰা সেই প্ৰশ্নটোত দেখিবলৈ পোৱা যায়, যʼত তেওঁ এইদৰে কৈছিল: “তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে? . . . তুমি মোক প্ৰেম কৰিছা নে? . . . তুমি মোক প্ৰীতি কৰিছা নে?” নিশ্চয়ে যীচুৰ প্ৰতি থকা প্ৰেমে তেওঁক সম্পূৰ্ণকৈ সাক্ষী দিবলৈ, ‘মেৰৰ পোৱালিবিলাকক’ বিচাৰি উলিয়াবলৈ আৰু তেওঁবিলাকৰ আধ্যাত্মিক মেৰ ৰখীয়া হʼবলৈ প্ৰেৰিত কৰিলে।—যোহন ২১:১৫-১৭.

১০ যদিও আমি বৰ্তমান সময়ত পিতৰৰ দৰে ব্যক্তিগতভাৱে যীচুৰ সৈতে জ্ঞাত হʼব নোৱাৰোঁ, তথাপিও তেওঁ আমালৈ যি উপকাৰ কৰিলে, তাৰ বিষয়ে অজ্ঞাত নহওঁ। “সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আস্বাদ” লৈ যি মহান প্ৰেমৰ প্ৰমাণ দিলে, তাৰ বাবে আমাৰ হৃদয় গভীৰভাৱে প্ৰভাৱিত হৈছে। (ইব্ৰী ২:৯; যোহন ১৫:১৩) আমিও পাঁচনি পৌলৰ দৰে এইদৰে অনুভৱ কৰিছোঁ: “খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; . . . এই আশায়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজী, তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে।” (২ কৰিন্থীয়া ৫:১৪, ১৫) যীচুৱে আমাৰ প্ৰতি দেখুৱা প্ৰেমক যে আমি গভীৰভাৱে মূল্যাঙ্কন কৰোঁ, সেই বিষয়ে সম্পূৰ্ণকৈ সাক্ষী দিয়া আজ্ঞাক পালন কৰাৰ দ্বাৰা প্ৰকাশ কৰিছোঁ। (১ যোহন ২:৩-৫) যদি আমি যীচুৰ মুক্তিপণ বলিদানৰ প্ৰতি উচ্চ মনোবৃত্তি ৰাখোঁ, তেতিয়া সাক্ষী দিয়া কাৰ্য্যক এক গুৰুত্বপূৰ্ণ বিষয় বুলি সদায়ে বিবেচনা কৰিম।—ইব্ৰী ১০:২৯.

সঠিক দৃষ্টিভঙ্গী বজাই ৰাখা

১১, ১২. যীচুৱে কি উদ্দেশ্যৰে জগতলৈ আহিল আৰু তেওঁ কেনেকৈ সেই উদ্দেশ্যৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী বজাই ৰাখিলে?

১১ সোধ-বিচাৰৰ বাবে পীলাতৰ আগত উপস্থিত হোৱাৰ সময়ত যীচুৱে এইদৰে কৈছিল: “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭) মন কৰিবলগীয়া এই যে যীচুক সত্যতাৰ পক্ষে সাক্ষী দিবলৈ একোৱে বাধা দিব নোৱাৰিলে। কিয়নো সেইয়া আছিল তেওঁৰ প্ৰতি থকা যিহোৱা ঈশ্বৰৰ প্ৰধান উদ্দেশ্য।

১২ আনহাতে চয়তানে তেওঁৰ এই কাৰ্য্যত বাধা উৎপন্ন কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল। উদাহৰণস্বৰূপে, যীচুৰ বাপ্তিষ্মা লোৱা কিছু সময়ৰ পিছতে চয়তানে “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্য” দেখুৱাই প্ৰসিদ্ধ ব্যক্তি হʼবলৈ তেওঁক প্ৰলোভিত কৰিব বিচাৰিছিল। (মথি ৪:৮, ৯) পিছলৈ ইহুদীসকলে তেওঁক বলপূৰ্বকভাৱে ৰজা অভিষিক্ত কৰিবলৈ চেষ্টা কৰিছিল। (যোহন ৬:১৫) কিছুমানে হয়তো ভাবিছিল যে যীচুৱে ৰজা হৈ মানৱজাতিৰ কাৰণে বহুতো উপকাৰ কৰিব পাৰে। কিন্তু যীচুৱে তেনে ধৰণৰ বিচাৰধাৰাৰ পৰা আঁতৰি থাকি সত্যতাৰ পক্ষে সাক্ষী দিয়াত নিজৰ ধ্যান কেন্দ্ৰিত কৰিছিল।

১৩, ১৪. (ক) প্ৰমুখ কাৰ্য্যৰ প্ৰতি থকা যীচুৰ গুৰুত্বতাক কিহে বিচলিত কৰিব নোৱাৰিলে? (খ) ভৌতিকভাৱে ধনী নোহোৱা স্বত্বেও যীচুৱে কেনে কাৰ্য্যবোৰ সম্পন্ন কৰিব পাৰিলে?

১৩ আনকি তেওঁ ধনী হোৱাৰ ফান্দতো পৰা নাছিল। সেয়েহে তেওঁ সাধাৰণ মানুহৰ দৰে জীৱন-যাপন কৰিছিল। এই সৰ্ন্দভত তেওঁ এবাৰ এইদৰে কৈছিল: “শিয়ালৰ গাঁত, আৰু আকাশৰ চৰাইৰো বাহ আছে; কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।” (মথি ৮:২০) বৃতান্তৰ অনুসাৰে তেওঁৰ নিজা বুলিবলৈ পিন্ধা বস্ত্ৰখনৰ বাহিৰে আন একোৱে নাছিল বুলি কʼব পাৰি, যিখন বস্ত্ৰক তেওঁৰ মৃত্যুৰ সময়ত ৰোমান সৈনিকবিলাকে চাৰি ভাগ কৰি লৈছিল। (যোহন ১৯:২৩, ২৪) তেন্তে যীচুৱে বিফলভাৱে জীৱন-যাপন কৰিছিলনে? নিশ্চয়ে নহয়!

১৪ তেওঁ এজন ধনী ব্যক্তিয়ে কৰিব নোৱাৰা কাৰ্য্যবোৰ সম্পন্ন কৰিছিল। সেই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোক যেন আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দৰিদ্ৰতাৰ দ্বাৰাই ধনী হোৱা, এই নিমিত্তে তেওঁ ধনী হৈয়ো যে দৰিদ্ৰ হল, তেওঁৰ সেই অনুগ্ৰহ তোমালোকে জানি আছা।” (২ কৰিন্থীয়া ৮:৯; ফিলিপীয়া ২:৫-৮) ভৌতিকভাৱে ধনী নোহোৱা স্বত্ত্বেও তেওঁ নম্ৰ ব্যক্তিসকলৰ বাবে অনন্ত জীৱনৰ উপহাৰ প্ৰদান কৰিলে। ইয়াৰ বাবে আমি নিজকে কৃতজ্ঞশীল বুলি ভবাটো উচিত নহয়নে! তদুপৰি ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান দি তেওঁ যি পুৰষ্কাৰৰ অংশীদাৰ হʼল, তাৰ বাবে আমি আনন্দিত নহওঁনে বাৰু!—গীত ৪০:৮; পাঁচনিৰ কৰ্ম্ম ২:৩২, ৩৩, ৩৬.

১৫. ভৌতিক সম্পদৰ তুলনাত সকলোতকৈ বহুমূল্য বস্তুটো কি?

১৫ বৰ্তমান সময়ত যিসকল প্ৰকৃত খ্ৰীষ্টানে যীচুৰ পদচিহ্নক অনুকৰণ কৰিছে, তেওঁলোকে ধনী হোৱাৰ ফান্দৰ পৰা আঁতৰি থাকে। (১ তীমথিয় ৬:৯, ১০) তেওঁলোকে বুজিব পাৰিছে যে ধনী হৈ কেৱল বিলাসীতাপূৰ্ণ জীৱন-যাপন কৰিব পাৰি, কিন্তু কেতিয়াও স্থায়ীভাৱে সুখী হʼব নোৱাৰে। যিদৰে যীচুৰ মৃত্যুৰ সময়ত তেওঁ পৰিধান কৰা বস্ত্ৰখনে তেওঁৰ বাবে কোনো প্ৰকাৰৰ লাভ আনিব নোৱাৰিলে, ঠিক সেইদৰে এজন খ্ৰীষ্টানে আৰ্জন কৰা ভৌতিক সম্পদেও তেওঁৰ মৃত্যুৰ সময়ত একো লাভ কঢ়িয়াই আনিব নোৱাৰে। (উপদেশক ২:১০, ১১, ১৭-১৯; ৭:১২) ইয়াৰ বিপৰীতে যিহোৱা আৰু যীচুৰ সৈতে বজাই ৰাখা সম্বন্ধই তেওঁৰ বাবে অনন্তকলীয়া লাভ কঢ়িয়াই আনিব পাৰে।—মথি ৬:১৯-২১; লূক ১৬:৯.

বিৰোধিতাৰ সময়তো নিৰুৎসাহি নোহোৱা

১৬. যীচুৱে কেনেকৈ বিৰোধিতাৰ সম্মুখীন হʼল?

১৬ বিৰোধিতাৰ সম্মুখীন হোৱাৰ স্বত্বেও যীচুৱে সত্যতাৰ পক্ষে সাক্ষী দিবলৈ পিছহুঁহকা নাছিল। যীচুৱে পাৰ্থিব জীৱন বলিদানৰূপী মৃত্যুৰ দ্বাৰা সমাপ্তি হʼব বুলি জনাৰ স্বত্ত্বেও নিৰুৎসাহিত হোৱা নাছিল। যীচুৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।” (ইব্ৰী ১২:২) মন কৰক যে তেওঁ ‘অপমানকো হেয়জ্ঞান কৰিলে’ বুলি কৈছে। বিৰোধীসকলে তেওঁৰ প্ৰতি কেনে মনোবৃত্তি বিকশিত কৰিব, তাক লৈ তেওঁ অলপো চিন্তিত হোৱা নাছিল। তেওঁৰ একমাত্ৰ ধ্যান ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰাত কেন্দ্ৰিত আছিল।

১৭. যীচুৱে ৰাখা সহনশীলতাৰ পৰা আমি কি শিকিব পাৰোঁ?

১৭ যীচুৱে ধৰা ধৈৰ্য্যৰ পৰা যি শিক্ষা পোৱা যায়, সেই বিষয়ে জোৰ দি পাঁচনি পৌলে খ্ৰীষ্টানসকলক এইদৰে উৎসাহিত কৰিছিল: “তোমালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নোহোৱা, এই কাৰণে যি জনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁহঁক।” (ইব্ৰী ১২:৩) এইটো সঁচা যে দিনে দিনে বিৰোধিতা বা ঠাট্টাৰ সম্মুখীন হোৱাটো কোনো সহজ কথা নহয়। তদুপৰি জগতৰ পৰা অহা প্ৰলোভন বা সম্বন্ধীয়া লোকসকলে “প্ৰসিদ্ধ হʼবলৈ” দিয়া হেঁচাৰ পৰা আঁতৰি থকাও সহজ নহয়। তথাপিও আমি যীচুৰ দৰে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ।—মথি ৬:৩৩; ৰোমীয়া ১৫:১৩; ১ কৰিন্থীয়া ২:৪.

১৮. যীচুৱে পিতৰক কোৱা কথাশাৰীৰ পৰা আমি কেনে উত্তম শিক্ষা শিকিবলৈ পাওঁ?

১৮ যীচুৱে যে বিচলিত হোৱাৰ পৰা দৃঢ়ভাৱে আঁতৰি থাকিব বিচাৰিছিল, সেই সম্পৰ্কে আমি তেওঁ শিষ্যবিলাকক নিজৰ মৃত্যুৰ সম্বন্ধে কোৱা কথাষাৰৰ পৰা জানিব পাৰোঁ। উদাহৰণস্বৰূপে, এবাৰ পিতৰে তেওঁক শান্ত্বনা দি “ঈশ্বৰে আপোনালৈ কেতিয়াও নঘটিব” বুলি কোৱাত যীচুৱে তেনে বিচাৰধাৰাক প্ৰত্যাখ্যান কৰি পিতৰক এইদৰে কৈছিল: “মোৰ পাছলৈ গুচি যা, চয়তান; তই মোৰ বিঘিনিস্বৰূপ; তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।” (মথি ১৬:২১-২৩) ঠিক সেইদৰে আঁহক আমিও মানুহৰ বিচাৰধাৰা গ্ৰহণ কৰাৰ পৰা আঁতৰি থাকি সদায়ে ঈশ্বৰৰ দ্বাৰা মাগদৰ্শিত হওঁহঁক।

ঈশ্বৰৰ ৰাজ্যৰ অধীনত প্ৰকৃত লাভসমূহ

১৯. যদিও যীচুৱে বহুতো আচৰিত কাৰ্য্য কৰিছিল, তথাপিও তেওঁৰ প্ৰচাৰ কৰাৰ প্ৰমুখ বিষয়টো কি আছিল?

১৯ যীচুৱে যে প্ৰকৃত মচীহ, তাক প্ৰমাণ কৰিবলৈ তেওঁ বহুতো আচৰিত কাৰ্য্য কৰিলে। তেওঁ মৃত্যুকো জীয়াই তুলিছিল। তেওঁ সমাজ-সেৱা কৰিবলৈ এই জগতলৈ অহা নাছিল, কিন্তু সত্যতাৰ পক্ষে সাক্ষী দিবলৈহে আহিছিল। ভৌতিকভাৱে সহায় কৰা কাৰ্য্য যে অলপদিনীয়া আৰু আনকি তেওঁ পুনৰুত্থিত কৰা ব্যক্তিসকলেও যে এদিন মৰিব লাগিব, তাক তেওঁ ভালদৰে জানিছিল। সেইবাবে তেওঁ কেৱল সত্যতাৰ পক্ষে সাক্ষী দিহে লোকসকলৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে।—লূক ১৮:২৮-৩০.

২০, ২১. হিতজনক কাৰ্য্য কৰাৰ বিষয়ে প্ৰকৃত খ্ৰীষ্টানসকলে কেনে ভাৰসাম্য দৃষ্টিভঙ্গী বজাই ৰাখিছে?

২০ বৰ্তমান সময়ত কিছুমান লোকে ৰোগীৰ বাবে চিকিৎসালয় বা দুখীয়াবিলাকৰ বাবে অন্য জনসেৱা কেন্দ্ৰ নিৰ্মাণ কৰি যীচুক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে। তেনে লক্ষ্যত উপনীত হʼবলৈ তেওঁলোকে বহুতো ত্যাগ কৰিবলগীয়া হৈছে যি বাস্তৱতে এক প্ৰশংসনীয় বিষয়। কিন্তু তেওঁলোকে কৰা কাৰ্য্যই চিৰস্থায়ী লাভসমূহ কঢ়িয়াই আনিব নোৱাৰে। একমাত্ৰ ঈশ্বৰৰ ৰাজ্যইহে মানৱজাতিৰ বাবে চিৰস্থায়ী লাভবোৰ প্ৰদান কৰিব পাৰে। সেইবাবে যীচুৰ দৰে যিহোৱাৰ সাক্ষীসকলেও ঈশ্বৰৰ ৰাজ্যইহে যে মানৱজাতিৰ সমস্যাবোৰৰ সমাধান কৰিব, সেই বিষয়ে সকলোকে জনোৱা কাৰ্য্যত মনোযোগ দিছে।

২১ নিঃসন্দেহ, প্ৰকৃত খ্ৰীষ্টানসকলেও আনৰ হিতৰ বাবে কাৰ্য্য কৰে। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “শুভক্ষণ পালে, সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰাবিলাকলৈ হিতজনক কৰ্ম্ম কৰোঁহঁক।” (গালাতীয়া ৬:১০) আপদৰ সময়ত আমি চুবুৰীয়া বা নিজৰ ভাই-ভনীসকলৰ প্ৰতি “হিতজনক কৰ্ম্ম” কৰিবলৈ পিছহুঁহকা নাই। তথাপিও সত্যতাৰ পক্ষে সাক্ষী দিয়াটোৱেই আমাৰ বাবে সকলোতকৈ প্ৰধান কাৰ্য্য বুলি বিবেচনা কৰোঁ।

যীচুৰ আৰ্হিৰ পৰা শিকক

২২. প্ৰকৃত খ্ৰীষ্টানসকলে চুবুৰীয়াসকলৰ ওচৰলৈ গৈ কিয় শুভবাৰ্ত্তা প্ৰচাৰ কৰে?

২২ পাঁচনি পৌলে এইদৰে কৈছিল: “শুভবাৰ্ত্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হব।” (১ কৰিন্থীয়া ৯:১৬) এই কাৰ্য্যৰ সৈতে নিজৰ আৰু শুনোতাসকলৰ পৰিত্ৰাণ সন্মিলিত থকাৰ বাবে তেওঁ সেই কাৰ্য্য সম্পন্ন কৰিবলৈ কেতিয়াও অৱহেলা কৰা নাছিল। (১ তীমথিয় ৪:১৬) ঠিক সেইদৰে আমিও গম্ভীৰতাৰে দৃষ্টি কৰি প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰা উচিত। চুবুৰীয়াসকলক সহায় কৰাটোৱে হৈছে আমাৰ ইচ্ছা। যিহোৱাৰ প্ৰতি থকা আমাৰ নিজ প্ৰেম প্ৰকাশ কৰিব বিচাৰোঁ। তদুপৰি যীচুৱে আমালৈ দেখুৱা মহান প্ৰেমৰ প্ৰতি আমি নিজৰ কৃতজ্ঞতা দেখুৱাব বিচাৰোঁ। সেইবাবে আমি প্ৰচাৰ কাৰ্য্যত ভাগ লৈ ‘মানুহৰ অভিলাষৰ দৰে নহয় কিন্তু ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে’ চলা প্ৰমাণ দিওঁ।—১ পিতৰ ৪:১, ২.

২৩, ২৪. (ক) মাছ ধৰা সম্বন্ধে যীচুৱে কৰা আচৰিত কৰ্ম্মৰ পৰা আমি কি শিকিব পাৰোঁ? (খ) বৰ্তমান সময়ত কোনসকলে সম্পূৰ্ণকৈ সাক্ষী দিয়া কাৰ্য্যত ভাগ লৈছে?

২৩ আমিও যীচুৰ দৰে বিৰোধিতা বা ঠাট্টাৰ সম্মুখীন হৈ আমাৰ মুখ্য কাৰ্য্যৰ পৰা লক্ষ্যভ্ৰষ্ট হোৱা নাই। পিতৰ আৰু আন্দ্ৰিয়াক শিষ্য হʼবলৈ আমন্ত্ৰিত কৰাৰ আগতে যীচুৱে কৰা আচৰিত কৰ্ম্মৰ পৰা আমি এক শিক্ষামূলক পাঠ শিকিবলৈ পাইছোঁ। যদি আমি যীচুৰ আজ্ঞা পালন কৰি লাক্ষণিক পানীত নিজৰ জাল পেলাওঁ, তেন্তে উত্তম ফল লাভ কৰিব পাৰিম। বহুতো প্ৰকৃত খ্ৰীষ্টানে শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নোহোৱা ঠাইবোৰত বহু বছৰ ধৰি প্ৰচাৰ কাৰ্য্য কৰাৰ পিছত পৰিশ্ৰমৰ ফল পাইছে। কিছুমানে প্ৰচাৰ কাৰ্য্যৰ সময় সাল-সলনি কৰি অধিক সংখ্যক লোকক লগ পাবলৈ সফল হৈছে। পৰিস্থিতি যিয়েই নহওঁক কিয়, আমি হʼলে সত্যতাৰ পক্ষে সাক্ষী দিবলৈ পিছ নুহুঁহকিম। আমি জানো যে এতিয়াও এই কাৰ্য্যৰ শেষ হোৱাৰ সময় বাকী আছে।—মথি ২৪:১৪.

২৪ প্ৰায় ৬০ লাখতকৈ অধিক যিহোৱাৰ সাক্ষীয়ে ২৩০ খনতকৈ অধিক দেশত প্ৰচাৰ কৰাত ব্যস্ত হৈ আছে। তেওঁলোকে ২০০৪ চনৰ সেৱা বছৰত কৰা কাৰ্য্যৰ বিষয়ে ২০০৫ চনৰ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰা বাৰ্ষিক পুস্তকখনত উল্লেখ কৰা হʼব। সেই ৰিপোৰ্টৰ দ্বাৰা আপুনি জানিব পাৰিব যে যিহোৱাই কেনেকৈ তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যক আশীৰ্ব্বাদ কৰিছে। এতেকে আঁহক আমি বাকী থকা সময়খিনি পাঁচনি পৌলে কোৱাৰ দৰে ব্যৱহাৰ কৰোঁহঁক, যʼত তেওঁ এইদৰে কৈছিল: ‘সময়ত আৰু অসময়তো উৎসাহী হৈ প্ৰচাৰ কৰা।’ (২ তীমথিয় ৪:৩) গতিকে আঁহক আমি যিহোৱাই নোকোৱালৈকে সম্পূৰ্ণকৈ সাক্ষী দিয়া কাৰ্য্য কৰি থাকোঁহঁক। (w05 1/1)

আপুনি উত্তৰ দিব পাৰিবনে?

• যীচুৱে শিষ্যবিলাকক দিয়া প্ৰশিক্ষণৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

• যীচুৱে কেনে দৃষ্টিভঙ্গী বজাই ৰাখি লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল?

• আমাক সম্পূৰ্ণকৈ সাক্ষী দিবলৈ কিহে প্ৰেৰিত কৰে?

• যীচুৰ দৰে আমি কেনেকৈ ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰাত মনোযোগ দিব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৬ পৃষ্ঠাৰ ছবি]

যদি আমি যীচুৰ দৰে বিবেচনামূলক মনোবৃত্তি দেখুৱাও তেন্তে আমাৰ প্ৰচাৰ কাৰ্য্য প্ৰভাৱকাৰী হʼব

[২৭ পৃষ্ঠাৰ ছবি]

যীচুৱে এই জগতত সত্যতাৰ পক্ষে সাক্ষী দিবলৈহে আহিছিল