Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ লোকসকলৰ বাবে কঠিন পৰিশ্ৰম কৰা প্ৰাচীনসকল

যিহোৱাৰ লোকসকলৰ বাবে কঠিন পৰিশ্ৰম কৰা প্ৰাচীনসকল

বহুতো লোকে অধিকাৰীসকলক ভাল নাপায় আৰু ইয়াৰ কাৰণো আছে। মানুহে বহু বছৰ ধৰি নিজৰ অধিকাৰৰ বেয়া ব্যৱহাৰ কৰি আহিছে। (মীখা ৭:৩) কিন্তু আমি আনন্দিত যে মণ্ডলীৰ প্ৰাচীনসকলে এইদৰে নকৰে। ভাই-ভনীসকলৰ ভালৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকক শিকোৱা হয়।—ইষ্টে ১০:৩; মথি ২০:২৫, ২৬.

প্ৰাচীনসকলে মণ্ডলীত যিবোৰ কাম কৰে, সেয়া যিহোৱা আৰু ভাই-ভনীসকলক প্ৰেম কৰাৰ বাবে কৰে। (যোহ ২১:১৬; ১ পিত ৫:১-৩) তেওঁলোকে যীচুৰ নিৰ্দেশনাৰ অনুসৰি কাম কৰে। তেওঁলোকে মেৰৰখীয়াৰ দৰে মেৰবোৰৰ যত্ন লয়। তেওঁলোকে প্ৰচাৰকসকলক সহায় কৰে যাতে তেওঁলোকে যিহোৱা আৰু ভাই-ভনীসকলৰ কাষ চাপিব পাৰে। যেতিয়া হঠাতে স্বাস্থ্যৰ লগত জড়িত সমস্যা হয় বা কিবা দুৰ্যোগ আহে, তেতিয়া প্ৰাচীনসকলে লগে লগে ভাই-ভনীসকলক সহায় কৰে আৰু শান্ত্বনা দিয়ে। যদি আপোনাক সহায়ৰ প্ৰয়োজন হয়, তেনেহʼলে নিজৰ মণ্ডলীৰ কোনো এজন প্ৰাচীনৰ লগত সংকোচ নকৰাকৈ কথা পাতক।—যাকো ৫:১৪.

মেৰৰখীয়াসকলে নিজৰ মেৰবোৰৰ যত্ন লয় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যেতিয়া প্ৰাচীনসকলে ভনী মাৰিয়ানাক সহায় কৰিলে, তেতিয়া তাইৰ কি লাভ হʼল?

  • যেতিয়া প্ৰাচীনসকলে ভাই ইলিয়াচক সহায় কৰিলে, তেতিয়া তেওঁৰ কি লাভ হʼল?

  • এই ভিডিঅʼখন চোৱাৰ পাছত আপুনি প্ৰাচীনসকলৰ কামৰ বিষয়ে কেনে অনুভৱ কৰে?