Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে-জীৱন-যাপন

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ বুদ্ধি পাবলৈ সহায় কৰক

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ বুদ্ধি পাবলৈ সহায় কৰক

ইয়াৰ এটা ভাল উপায় হৈছে সভাৰ পৰা শিকিবলৈ আপুনি তেওঁলোকক সহায় কৰক। সভাত লʼৰা-ছোৱালীয়ে যিবোৰ চাই, শুনে আৰু উত্তৰ দিয়ে, তাৰ পৰা সিহঁতে যিহোৱাৰ বিষয়ে বহুতো কথা শিকে। তেওঁলোকে যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈও শিকে। (দ্বিতী ৩১:১২, ১৩) আপোনাৰ লʼৰা-ছোৱালীয়ে সভাৰ পৰা ভালদৰে শিকিবলৈ আপুনি কি কৰিব পাৰে?

  • সভাৰ বাবে নিজৰ লʼৰা-ছোৱালীক ৰাজ্যগৃহত লৈ যাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰক।—গীত ২২:২২

  • ৰাজ্যগৃহত সভাৰ আগতে বা পাছত ভাই-ভনীসকলক লগ কৰি কথা পাতিবলৈ সময় উলিয়াওক।—ইব্ৰী ১০:২৫

  • ধ্যান দিয়ক যে পৰিয়ালৰ সকলো লোকৰ ওচৰত সভাত আলোচনা কৰা কিতাপ-পত্ৰিকাবোৰৰ এখন ছপা কৰা কপি বা ডিজিটেল কপি থাকে

  • লʼৰা-ছোৱালীক নিজৰ শব্দত উত্তৰ দিবলৈ সহায় কৰক।—মথি ২১:১৫, ১৬

  • সভাত আমি যিবোৰ শিকোঁ, সেইবোৰৰ বিষয়ে ভাল কথাবোৰ কওক

  • মণ্ডলীৰ বৃদ্ধ ভাই-ভনীসকলৰ লগত কথা পাতোঁতে, ৰাজ্যগৃহ চাফ-চিকুণ কৰোঁতে আৰু এনেধৰণৰ আন কামবোৰ কৰোঁতে নিজৰ লʼৰা-ছোৱালীকো জড়িত কৰক

যিহোৱাৰ কাষ চাপিবলৈ নিজৰ লʼৰা-ছোৱালীক সহায় কৰোঁতে বহুত পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু বহু বাৰ এই দায়িত্ব পালন কৰিবলৈ আপোনাক হয়তো কঠিন লাগিব পাৰে। কিন্তু বিশ্বাস ৰাখক যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।—যিচ ৪০:২৯.

পিতৃ-মাতৃসকল, যিহোৱাৰ পৰা শক্তি লাভ কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভাগৰি যোৱাৰ বাবে জেক আৰু লিয়াৰ লগত কি হৈছিল?

  • যিহোৱাই শক্তি দিব বুলি পিতৃ-মাতৃসকলে কিয় বিশ্বাস ৰাখিব পাৰে?

  • জেক আৰু লিয়াই যিহোৱাৰ পৰা কেনেকৈ সহায় লʼলে?