Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪

‘আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই সাক্ষ্য দিয়ে’

‘আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই সাক্ষ্য দিয়ে’

“আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে।”—ৰোম. ৮:১৬.

গীত ২৫ বিশেষ সম্পত্তি

লেখৰ এক আভাস *

যিহোৱাই আচৰিতভাৱে প্ৰায় ১২০ জন খ্ৰীষ্টানৰ ওপৰত পবিত্ৰ আত্মা দিছিল। (অনুচ্ছেদ ১-২ চাওক)

১-২. তেত্ৰিশ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা কি অদ্ভূত ঘটনা ঘটিছিল?

তেত্ৰিশ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিন আছিল। সেইদিনাখন দেওবাৰ ৰাতিপুৱা যিৰূচালেমত এটা ঘৰৰ ওপৰৰ কোঠাত, প্ৰায় ১২০ জন শিষ্য একত্ৰিত হৈছিল। (পাঁচ. ১:১৩-১৫; ২:১) কিছুদিনৰ আগতে যীচুৱে নিজৰ শিষ্যসকলক যিৰূচালেমত থাকিবলৈ আজ্ঞা দিছিল। কিয়নো তেওঁলোকে এক মূল্যৱান উপহাৰ পাবলগীয়া আছিল। (পাঁচ. ১:৪, ৫) তাৰ পাছত কি হ’ল?

বাইবেলত এইদৰে উল্লেখ আছে, “সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি, যি ঘৰত তেওঁবিলাক বহি আছিল, সেই গোটেই ঘৰ জুৰিলে।” তাৰ পাছত জুই নিচিনা জিবা দেখিবলৈ পোৱা গ’ল আৰু প্ৰতিজন শিষ্যৰ ওপৰত ৰৈ থাকিল। (পাঁচ. ২:২-৪) সকলো শিষ্য পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। এইদৰে যিহোৱাই অদ্ভূত উপায়েৰে শিষ্যসকলক পবিত্ৰ আত্মা দিলে। (পাঁচ. ১:৮) এওঁলোক প্ৰথমলোক আছিল যিসকলক পবিত্ৰ আত্মাৰে * অভিষিক্ত কৰা হৈছিল।

পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত হ’লে কি হয়?

৩. পেন্টাকোষ্টৰ দিনাখন তেওঁলোকক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছে বুলি তেওঁলোকে কিয় বিশ্বাস কৰে?

যিৰূচালেমৰ সেই কোঠাত একত্ৰিত হোৱা লোকসকলৰ মাজত যদি আপুনি থকা হ’লে, সেই দিনটো কেতিয়াও নাপাহৰিলে হয়। হয়তো আপোনাৰ চকুৰ আগত সেই দৃশ্যটো এতিয়াও ভাহি আহিব পাৰে, জুই নিচিনা জিবা দেখিবলৈ পাইছে আৰু আপোনাৰ ওপৰত ৰৈ আছে আৰু আপুনি বেলেগ বেলেগ ভাষা ক’বলৈ ধৰে! (পাঁচ. ২:৫-১২) আপোনাক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছে বুলি আপোনাৰ মনত কোনো সন্দেহ নাথাকে। কিন্তু যিসকলক স্বৰ্গত জীয়াই থাকিবলৈ বাচনি কৰা হৈছে, তেওঁলোকক একেধৰণে অভিষিক্ত কৰা হয়নে? নহয়। আমি এইদৰে কিয় ক’ব পাৰোঁ?

৪. প্ৰথম শতিকাৰ সকলো খ্ৰীষ্টানক বাপ্তিষ্মা লোৱাৰ সময়তে পবিত্ৰ আত্মাৰ দ্বাৰা অভিষিক্ত কৰা হৈছিলনে? বুজাওক।

আহক আমি প্ৰথমে চাওঁ কেতিয়া এজন খ্ৰীষ্টানক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হয়। ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনাখন কেৱল ১২০ জন শিষ্যৰ ওপৰতেই পবিত্ৰ আত্মা অহা নাছিল। সেইদিনাখন কিছুসময়ৰ পাছত প্ৰায় ৩০০০ লোকক পবিত্ৰ আত্মা দিয়া হৈছিল। তেওঁলোকে বাপ্তিষ্মা লোৱাৰ পাছতেই পবিত্ৰ আত্মা পালে। (পাঁচ. ২:৩৭, ৩৮, ৪১) কিন্তু কিছুবছৰৰ পাছত, বাপ্তিষ্মা নোলোৱাকৈও কিছুমান লোকক পবিত্ৰ আত্মাৰ যোগেদি অভিষিক্ত কৰা হৈছিল। চমৰীয়াৰ লোকসকলে বাপ্তিষ্মা লোৱাৰ কিছুসময় পাছত পবিত্ৰ আত্মা লাভ কৰিছিল। (পাঁচ. ৮:১৪-১৭) কৰ্ণীলিয় আৰু তেওঁৰ লোকসকলৰ বিষয়ে এক গুৰুত্বপূৰ্ণ কথা যে বাপ্তিষ্মা লোৱাৰ আগতে তেওঁলোকক পবিত্ৰ আত্মাৰ যোগেদি অভিষিক্ত কৰা হৈছিল।—পাঁচ. ১০:৪৪-৪৮.

৫. দ্বিতীয় কৰিন্থীয়া ১:২১, ২২ পদৰ অনুসৰি যেতিয়া কাৰোবাক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হয়, তেতিয়া কি হয়?

এই কথালৈ মন কৰক যে যেতিয়া কাৰোবাক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হয়, তেতিয়া কি হয়। হয়তো তেওঁ এইদৰে ভাবিব পাৰে, ‘যিহোৱাই মোক বাচনি কৰিছে, আন কাৰোবাক কিয় নহয়?’ হয়তো তেওঁ এইদৰে নাভাবিবও পাৰে। এজন ব্যক্তিয়ে যিয়ে নাভাবক কিয়, কিন্তু পাঁচনি পৌলে বৰ্ণনা কৰিছিল যে প্ৰত্যেক অভিষিক্ত খ্ৰীষ্টানৰ লগত কি হয়। তেওঁ এইদৰে কৈছিল, তোমালোকে “তেওঁতেই বিশ্বাসো কৰি অঙ্গীকৃত পবিত্ৰ আত্মাৰে মোহৰ * মৰা হলা; ঈশ্বৰৰ নিজস্বৰ মুক্তিৰ অপেক্ষাৰে, তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে, সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনাস্বৰূপ হৈছে।” (ইফি. ১:১৩, ১৪) যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ যোগেদি অভিষিক্ত খ্ৰীষ্টানক স্পষ্ট কৰে যে তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে বাচনি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে পবিত্ৰ আত্মা এক ‘বইনাস্বৰূপৰ’ দৰে হয়। আন কথাত ক’বলৈ গ’লে ইয়াৰ প্ৰমাণ আছে যে অভিষিক্ত খ্ৰীষ্টানসকলে, পৃথিৱীত নহয় স্বৰ্গত জীৱন লাভ কৰিব।—২ কৰিন্থীয়া ১:২১, ২২ পঢ়ক।

৬. এজন অভিষিক্ত খ্ৰীষ্টানে স্বৰ্গৰ পুৰস্কাৰ লাভ কৰিবলৈ কি কৰা উচিত?

এজন খ্ৰীষ্টানক অভিষিক্ত কৰাৰ অৰ্থ এয়াই নেকি যে তেওঁ নিশ্চয় পুৰস্কাৰ লাভ কৰিব? নহয়। যিহোৱাই তেওঁক স্বৰ্গলৈ যোৱাৰ বাবে বাচনি কৰিছে বুলি তেওঁৰ বিশ্বাস আছে, কিন্তু এই পৰামৰ্শ মনত ৰখা উচিত, “হে ভাইবিলাক, তোমালোকে নিজৰ আমন্ত্ৰণক আৰু মনোনীত হোৱাকে দৃঢ় কৰিবলৈ অধিক যত্ন কৰা; কিয়নো তাকে কৰিলে, তোমালোক কেতিয়াও পতিত নহবা।” (২ পিত. ১:১০) ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে যদিও এজন অভিষিক্ত খ্ৰীষ্টানক স্বৰ্গৰ বাবে নিমন্ত্ৰণ কৰা হৈছে, কিন্তু তেওঁ তেতিয়াহে পুৰস্কাৰ লাভ কৰিব যেতিয়া তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব।—ফিলি. ৩:১২-১৪; ইব্ৰী. ৩:১; প্ৰকা ২:১০.

এজন খ্ৰীষ্টানে অভিষিক্ত হয় বুলি কেনেকৈ জানিব পাৰি?

৭. অভিষিক্ত খ্ৰীষ্টানসকলে কেনেকৈ জানিব পাৰে যে তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰা হৈছে?

কিন্তু এজন খ্ৰীষ্টান ভাই বা ভনীয়ে কেনেকৈ জানিব পাৰে যে তেওঁক স্বৰ্গলৈ যোৱাৰ বাবে বাচনি কৰা হৈছে? ইয়াৰ উত্তৰ আমি পৌলৰ বাক্যৰপৰা পাওঁ, যি ৰোমৰ সেই খ্ৰীষ্টানসকলক কৈছিল যিসকলক পবিত্ৰ লোক হ’বলৈ নিমন্ত্ৰণ কৰা হৈছিল। তেওঁ এইদৰে কৈছিল, “তোমালোকে যে পুনৰায় ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা, পিতৃ, এই বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালা। আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে।” (ৰোম. ১:৭; ৮:১৫, ১৬) ঈশ্বৰৰ পবিত্ৰ আত্মাই অভিষিক্ত খ্ৰীষ্টানসকলক অনুভৱ কৰাই যে তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰা হৈছে।—১ থিচ. ২:১২.

৮. প্ৰথম যোহন ২:২০, ২৭ পদৰ অনুসৰি অভিষিক্ত খ্ৰীষ্টানসকলে অভিষিক্ত হয়নে নহয় বুলি আন কাৰোবাৰপৰা নিশ্চিত কৰাৰ কিয় প্ৰয়োজন নাই?

যেতিয়া যিহোৱাই অভিষিক্ত খ্ৰীষ্টানসকলক বাচনি কৰে, তেতিয়া তেওঁলোকৰ মন আৰু হৃদয়ত কোনো সন্দেহ নাথাকে যে তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰা হৈছে। (১ যোহন ২:২০, ২৭ পঢ়ক।) নিশ্চয় আন খ্ৰীষ্টানসকলৰ নিচিনা অভিষিক্ত খ্ৰীষ্টানসকলেও মণ্ডলীৰপৰা শিকা উচিত। কিন্তু তেওঁলোক অভিষিক্ত খ্ৰীষ্টান হয় বুলি আন কাৰোবাৰপৰা নিশ্চিত কৰাৰ প্ৰয়োজন নাই। যিহোৱা ঈশ্বৰে তেওঁৰ আটাইতকৈ শক্তিশালী শক্তি পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোক অভিষিক্ত হয় বুলি স্পষ্টৰূপে প্ৰমাণ দিয়ে।

তেওঁলোক “নতুনকৈ জন্ম” হয়

৯. ইফিচীয়া ১:১৮ পদৰ অনুসৰি যেতিয়া ঈশ্বৰে কাৰোবাক অভিষিক্ত কৰে, তেতিয়া সেই ব্যক্তিৰ কি সলনি হয়?

ঈশ্বৰে এজন ব্যক্তিক অভিষিক্ত কৰাৰ পাছত তেওঁৰ লগত কি ঘটে, তাৰ বিষয়ে বুজিবলৈ আজি বহুতো ঈশ্বৰৰ সেৱকসকলৰ কঠিন হ’ব পাৰে। তেওঁলোক অভিষিক্ত নোহোৱাৰ বাবে এই কথা বুজিব পৰা নাই। ঈশ্বৰে মানৱজাতিক স্বৰ্গত নহয়, পৃথিৱীত জীয়াই থাকিবলৈ সৃষ্টি কৰিছিল। (আদি. ১:২৮; গীত. ৩৭:২৯) কিন্তু যিহোৱাই কিছুমান লোকক স্বৰ্গত জীয়াই থাকিবলৈ বাচনি কৰিছে। সেইবাবে, যেতিয়া যিহোৱাই তেওঁলোকক অভিষিক্ত কৰে, তেতিয়া তেওঁলোকৰ আশা আৰু চিন্তাধাৰা সলনি কৰি দিয়ে, যাতে তেওঁলোকে স্বৰ্গত থকা নিজৰ আশাৰ ওপৰত ধ্যান দিব পাৰে।—ইফিচীয়া ১:১৮ পঢ়ক।

১০. “নতুনকৈ জন্ম” হোৱাৰ অৰ্থ কি? (ফুটনোটটো চাওক।)

১০ যেতিয়া এজন খ্ৰীষ্টানক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হয়, তেতিয়া তেওঁৰ “নতুনকৈ জন্ম” হয়। * যীচুৱে এয়াও কৈছিল যে যিসকল অভিষিক্ত হোৱা নাই তেওঁলোকে এয়া বুজিব নোৱাৰে যে “নতুনকৈ জন্ম” হোৱা বা ‘আত্মাৰ পৰা জন্ম’ হ’লে এজন ব্যক্তিয়ে কেনে অনুভৱ কৰে।—যোহন ৩:৩-৮.

১১. যেতিয়া এজন ব্যক্তি অভিষিক্ত হয়, তেতিয়া তেওঁৰ চিন্তাধাৰা কেনেকৈ সলনি হয়?

১১ পবিত্ৰ আত্মাৰে অভিষিক্ত হ’লে খ্ৰীষ্টানসকলৰ চিন্তাধাৰাত কি সলনি হয়? স্বৰ্গৰ নিমন্ত্ৰণ পোৱাৰ আগতে তেওঁলোকৰ এই পৃথিৱীত অনন্তকাল জীয়াই থকাৰ আশা আছিল। তেওঁলোকে বহুত আশাৰে বাট চাই আছিল, যেতিয়া যিহোৱাই সকলো ধৰণৰ দুষ্টতা ধ্বংস কৰিব আৰু এই পৃথিৱীক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। হয়তো তেওঁলোকে এয়াও ভাবিছিল যে যেতিয়া তেওঁলোকৰ আপোনজনা আৰু বন্ধুবৰ্গক পুনৰ জীৱিত কৰা হ’ব, তেতিয়া তেওঁলোকক আদৰণি জনাব। কিন্তু যেতিয়া ঈশ্বৰে তেওঁলোকক অভিষিক্ত কৰিলে, তেতিয়া তেওঁলোকৰ চিন্তাধাৰা সলনি হ’ল। এয়া কিয় হ’ল? তেওঁলোকে নিৰাশ হৈছিলনে বা তেওঁলোকে কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিলনে? তেওঁলোকে হঠাতে এইদৰে ভাবিলেনে যে পৃথিৱীত অনন্ত জীৱন জীয়াই থকাটো আমনিদায়ক হ’ব আৰু তেওঁলোকে ইয়াত আনন্দ উপভোগ কৰিব নোৱাৰিব। এনে নহয়, ইয়াৰ পৰিৱৰ্তে যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকৰ আশা সলনি কৰি দিয়ে।

১২. প্ৰথম পিতৰ ১:৩, ৪ পদৰ অনুসৰি অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ আশাৰ বিষয়ে কেনে অনুভৱ কৰে?

১২ যীচুৰ সৈতে শাসন কৰিবলৈ বাচনি কৰা খ্ৰীষ্টানে হয়তো ভাবিব পাৰে যে এই বিশেষ সন্মানৰ বাবে মই যোগ্যনে। কিন্তু যিহোৱাই তেওঁক বাচনি কৰিছে বুলি তেওঁৰ কোনো সন্দেহ নাথাকে। নিজৰ আশাৰ বিষয়ে ভাবি তেওঁ বহুত আনন্দিত হয় আৰু তেওঁ ইয়াৰ বাবে বহুত কৃতজ্ঞ।—১ পিতৰ ১:৩, ৪ পঢ়ক।

১৩. অভিষিক্ত খ্ৰীষ্টানসকলে এই পৃথিৱীত নিজৰ জীৱনৰ বিষয়ে কেনে অনুভৱ কৰে?

১৩ ইয়াৰ অৰ্থ এয়া নেকি যে অভিষিক্ত খ্ৰীষ্টানসকলে মৃত্যু বিচাৰে? পাঁচনি পৌলে ইয়াৰ উত্তৰ দিয়ে। পৌলে তেওঁলোকৰ শৰীৰৰ তুলনা এটা তম্বুৰ লগত কৰিছিল। তেওঁ এইদৰে কৈছিল, “আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেঁকাই আছোঁ; কাৰণ আমি বিবস্ত্ৰ হবলৈ ইচ্ছা নকৰোঁ; কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্ত্যক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হ’বলৈহে ইচ্ছা কৰোঁ।” (২ কৰি. ৫:৩, ৪) হয়, অভিষিক্ত খ্ৰীষ্টানসকলে পৃথিৱীত নিজৰ জীৱনটো বোজা বুলি নাভাৱে আৰু তেওঁলোকে ইয়াৰপৰা অতি সোনকালে মুক্ত হ’ব নিবিচাৰে। তেওঁলোকে এই পৃথিৱীত জীৱনৰ আনন্দ উপভোগ কৰে আৰু নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত যিহোৱাৰ সেৱা কৰিব বিচাৰে। তেওঁলোকে যিয়ে নকৰক কিয়, তেওঁলোকে সদায় যিহোৱাই কৰা সেই সুন্দৰ প্ৰতিজ্ঞাৰ ওপৰত ধ্যান দিয়ে।—১ কৰি. ১৫:৫৩; ২ পিত. ১:৪; ১ যোহ ৩:২, ৩; প্ৰকা. ২০:৬.

যিহোৱাই আপোনাক বাচনি কৰিছেনে?

১৪. কি কি কথাই প্ৰমাণ নকৰে যে এজন ব্যক্তি অভিষিক্ত হয়?

১৪ যিহোৱাই পবিত্ৰ আত্মাৰে আপোনাক অভিষিক্ত কৰিছে বুলি হয়তো আপুনি ভাবিব পাৰে। যদি আপুনি এইদৰে ভাবে, তেনেহ’লে এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ ওপৰত ধ্যান দিয়ক: যিহোৱাৰ উদ্দেশ্য পূৰ কৰিবলৈ আপোনাৰ সম্পূৰ্ণ ইচ্ছা আছেনে? আপুনি প্ৰচাৰ কাৰ্য্যত আগ্ৰহী বুলি ভাবেনে? আপুনি বাইবেল অধ্যয়ন কৰিবলৈ আৰু ঈশ্বৰৰ ‘গভীৰ কথাৰ’ বিষয়ে শিকিবলৈ ভাল পায়নে? (১ কৰি. ২:১০) আপুনি ভাবেনে যিহোৱাৰ আশীৰ্ব্বাদৰ বাবে আপুনি প্ৰচাৰ কাৰ্য্যত ভাল পৰিণাম পাইছে? যিহোৱাৰ বিষয়ে আনক জনোৱাটো আপুনি নিজৰ দায়িত্ব বুলি ভাবেনে? যিহোৱাই আপোনাক বেলেগ বেলেগ উপায়েৰে আপোনাক সহায় কৰিছে বুলি আপুনি অনুভৱ কৰেনে? যদি এই সকলো প্ৰশ্নবোৰৰ উত্তৰ আপুনি হয় বুলি কৈছে, তেনেহ’লে ইয়াৰ অৰ্থ এইটো নেকি যে যিহোৱাই আপোনাক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰিছে? নহয়। কিয় বাৰু? কিয়নো কেৱল অভিষিক্ত খ্ৰীষ্টানসকলে এইদৰে অনুভৱ নকৰে, কিন্তু ঈশ্বৰৰ সকলো সেৱকে এইদৰে অনুভৱ কৰে। তেওঁলোকৰ আশা স্বৰ্গতে হওক বা পৃথিৱীতে হওক যিহোৱাই পবিত্ৰ আত্মাৰে সকলোকে শক্তি দিয়ে। আপুনি স্বৰ্গলৈ যাবনে নাযায় যদি এই কথাত আপুনি চিন্তিত আছে, তেনেহ’লে ইয়াৰ অৰ্থ হৈছে আপোনাক স্বৰ্গলৈ নিমন্ত্ৰণ কৰা নাই। যিসকলক যিহোৱাই বাচনি কৰিছে সেই সকলে কেতিয়াও চিন্তিত নহয়। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস থাকে যে তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰা হৈছে।

যিহোৱা ঈশ্বৰে নিজৰ পবিত্ৰ আত্মাৰে অব্ৰাহাম, চাৰা, দায়ূদ আৰু যোহন বাপ্তাইজক ডাঙৰ ডাঙৰ কাম কৰিবলৈ শক্তি দিছিল। কিন্তু তেওঁলোকক স্বৰ্গলৈ যোৱাৰ প্ৰস্তাৱ দিয়া নাছিল। (অনুচ্ছেদ ১৫-১৬ চাওক) *

১৫. পবিত্ৰ আত্মা লাভ কৰা সকলোৱে স্বৰ্গলৈ নাযায় বুলি আমি কিয় ক’ব পাৰোঁ?

১৫ বাইবেলত এনে বহুতো বিশ্বাসী সেৱকসকলৰ উদাহৰণ আছে, যিসকলে যিহোৱাৰ পবিত্ৰ আত্মা লাভ কৰিছিল। কিন্তু তেওঁলোকৰ স্বৰ্গলৈ যোৱাৰ আশা নাছিল। দায়ূদো এনে এজন বিশ্বাসী সেৱক আছিল। (১ চমূ. ১৬:১৩) পবিত্ৰ আত্মাই তেওঁক সহায় কৰিছিল। সেইবাবে, তেওঁ যিহোৱাৰ গভীৰ বিষয়বোৰ বুজি পাইছিল আৰু ইয়াৰ দ্বাৰা তেওঁ বাইবেলৰ কিছুমান অংশ লিখিছিল। (মাৰ্ক ১২:৩৬) তথাপিও, পাঁচনি পিতৰ কৈছিল যে, “দায়ূদ স্বৰ্গলৈ উঠা নাই।” (পাঁচ. ২:৩৪) যোহন বাপ্তাইজকৰ বিষয়েও এইদৰে কোৱা হৈছিল যে, “পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ” আছিল। (লূক ১:১৩-১৬) যীচুৱে কৈছিল যে যোহনতকৈ মহান কোনো নাই। কিন্তু তেওঁ এয়াও কৈছিল যে তেওঁৰ স্বৰ্গলৈ যোৱাৰ কোনো আশা নাই। (মথি ১১:১০, ১১) যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ যোগেদি এই সেৱকসকলক ডাঙৰ ডাঙৰ কাম কৰিবলৈ শক্তি দিছিল। কিন্তু তেওঁলোকক স্বৰ্গলৈ যোৱাৰ বাবে নিমন্ত্ৰণ কৰা নাছিল। তেনেহ’লে ইয়াৰ অৰ্থ এয়া নেকি যে স্বৰ্গলৈ যোৱাৰ বাবে আশা থকা লোকসকলতকৈ এই সেৱকসকলৰ বিশ্বাস কম আছিল? নহয়। ইয়াৰ অৰ্থ হৈছে যিহোৱাই তেওঁলোকক প্ৰমোদবনত জীয়াই থাকিবলৈ পুনৰ জীৱিত কৰিব।—যোহন ৫:২৮, ২৯; পাঁচ ২৪:১৫.

১৬. বৰ্তমান সময়ত ঈশ্বৰৰ সেৱকসকলে কি পুৰস্কাৰ লাভ কৰিবলৈ বাট চাই আছে?

১৬ বৰ্তমান সময়ত ঈশ্বৰৰ বেছিভাগ সেৱকে স্বৰ্গলৈ যাবলৈ আশা নকৰে। তেওঁলোকে অব্ৰাহাম, চাৰা, দায়ূদ, যোহন বাপ্তাইজক আৰু প্ৰাচীন সময়ৰ পুৰুষ আৰু স্ত্ৰীৰ দৰে সেই সময়ত বাস কৰিবলৈ বাট চাই আছে, যেতিয়া ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব।—ইব্ৰী ১১:১০.

১৭. পৰৱৰ্তী লেখত কি কি প্ৰশ্নৰ উত্তৰ দিয়া হ’ব?

১৭ আজিও কিছুমান অভিষিক্ত খ্ৰীষ্টানসকল ঈশ্বৰৰ লোকসকলৰ মাজত আছে। সেইবাবে, আমাৰ মনত কিছুমান প্ৰশ্ন আহিব পাৰে। (প্ৰকা. ১২:১৭) যেনে অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ বিষয়ে কেনে মনোবৃত্তি ৰখা উচিত? যদি আপোনাৰ মণ্ডলীত কোনোবাই স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, তেনেহ’লে আমি তেওঁৰ লগত কেনে ব্যৱহাৰ কৰা উচিত? যদি অভিষিক্ত লোকসকলৰ সংখ্যা দিনে দিনে বাঢ়ে, তেনেহ’লে আমি ইয়াৰ বিষয়ে চিন্তা কৰা উচিতনে? এই প্ৰশ্নবোৰৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হ’ব।

^ অনু. 5 ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনৰপৰা যিহোৱাই কিছুমান খ্ৰীষ্টানক সুন্দৰ আশা দিছে, সেয়া হৈছে তেওঁৰ পুত্ৰৰ লগত শাসন কৰা। সেই খ্ৰীষ্টানসকলে কেনেকৈ জানিব পাৰে যে তেওঁলোকক ডাঙৰ সন্মান দিয়া হৈছে? যেতিয়া তেওঁলোকক এই আশাৰ বাবে বাচনি কৰা হয়, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰে? এই লেখত এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব। এই লেখ জানুৱাৰী ২০১৬ চনৰ প্ৰহৰীদুৰ্গৰ ওপৰত আধাৰিত।

^ অনু. 2 ইয়াৰ অৰ্থ কি: পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছিল: যীচুৰ সৈতে শাসন কৰিবলৈ এজন খ্ৰীষ্টানক যিহোৱা ঈশ্বৰে পবিত্ৰ আত্মাৰ যোগেদি বাচনি কৰে। ইয়াৰ অৰ্থ হৈছে পবিত্ৰ আত্মা ‘বইনাস্বৰূপৰ’ দৰে হয়, অৰ্থাৎ তেওঁক ভৱিষ্যতৰ বাবে নিশ্চিত কৰে। (ইফি. ১:১৩, ১৪) পবিত্ৰ আত্মাই সেই খ্ৰীষ্টানক স্পষ্টকৈ সাক্ষ্য দিয়ে যে তেওঁলোকে স্বৰ্গত পুৰস্কাৰ লাভ কৰিব আৰু স্বৰ্গত যীচুৰ সৈতে শাসন কৰিব।—ৰোম. ৮:১৬.

^ অনু. 5 ইয়াৰ অৰ্থ কি: মোহৰ। যেতিয়া কোনো ব্যক্তিক পবিত্ৰ আত্মাৰে অভিষিক্তি কৰা হয়, তেতিয়া এই মোহৰ নিশ্চিত কৰা নহয়। তাৰ পৰিৱৰ্তে তেওঁৰ মৃত্যুৰ কিছুসময়ৰ আগত অৰ্থাৎ যেতিয়া তেওঁ শেষলৈকে নিজৰ বিশ্বাসৰ প্ৰমাণ দিয়ে, তেতিয়াহে এই মোহৰ নিশ্চিত কৰা হয়। অথবা এই মোহৰ মহাক্লেশৰ আগমুহূৰ্তত নিশ্চিত কৰা হ’ব।—ইফি. ৪:৩০; প্ৰকা. ৭:২-৪; এপ্ৰিল ২০১৬ চনৰ প্ৰহৰীদুৰ্গত উল্লেখ থকা “পাঠকসকলৰ বাবে প্ৰশ্ন।

^ অনু. 10 “নতুনকৈ জন্ম” হোৱাৰ অৰ্থ কি, ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ ১ এপ্ৰিল ২০০৯ চনৰ প্ৰহৰীদুৰ্গৰ ইংৰাজীৰ পৃষ্ঠাত ৩-১২ চাওক।

গীত ২৭ ঈশ্বৰৰ সন্তানসকলৰ উপস্থিতি

^ অনু. 57 ছবিৰ বিষয়ে: আমাৰ বিশ্বাসৰ বাবে জেলত দিয়া বা ঘোষণাৰ বাবে স্বতন্ত্ৰতা নাথাকক কিয়, আমি সেইসময়ত বাস কৰিবলৈ বাট চাই থাকিব পাৰোঁ যেতিয়া ঈশ্বৰৰ ৰাজ্যই শাসন কৰিব।