Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫

আমি তোমালোকৰ লগত যাম

আমি তোমালোকৰ লগত যাম

“আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।”—জখ. ৮:২৩.

গীত ২৬ তুমি মোৰ বাবে কৰিলা

লেখৰ এক আভাস *

পৃথিৱীত জীয়াই থাকিবলৈ আশা কৰা লোকসকলে (“দহ জন”) অভিষিক্ত লোকসকলৰ (“এজন যিহূদী”) লগত যিহোৱাৰ উপাসনা কৰাটো সন্মান বুলি ভাবে (অনুচ্ছেদ ১-২ চাওক)

১. যিহোৱাই আমাৰ দিনৰ বিষয়ে কি ভৱিষ্যতবাণী কৰিছিল?

যিহোৱাই আমাৰ দিনৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰিছিল, “সেই দিনা জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা দহ জন লোকে এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” (জখ. ৮:২৩) ইয়াত উল্লেখ কৰা “যিহূদী” সেই লোকসকলক চিত্ৰিত কৰে, যিসকলক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছে। তেওঁলোকক ‘ঈশ্বৰৰ ইস্ৰায়েল’ বুলিও কোৱা হয়। (গালা. ৬:১৬) ‘দহ জন লোক’ সেই লোকসকলক চিত্ৰিত কৰে, যিসকলৰ এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা আছে। তেওঁলোকে জানে যে যিহোৱাই অভিষিক্ত খ্ৰীষ্টানসকলক আশীৰ্ব্বাদ কৰিছে। সেইবাবে, তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত ঈশ্বৰৰ উপাসনা কৰাটো সন্মান বুলি ভাবে।

২. “দহ জন” লোকে কি অৰ্থত অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত চলে?

বৰ্তমান সময়ত পৃথিৱীত থকা সকলো অভিষিক্ত খ্ৰীষ্টানসকলৰ নাম জনাটো হয়তো সহজ নহয়। * তেনেহ’লে এই পৃথিৱীত জীয়াই থাকিবলৈ আশা কৰা লোকসকলে কি অৰ্থত অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত যাব পাৰে? বাইবেলে উল্লেখ কৰিছে যে “দহ জন”লোকে “এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰি কব, আমি তোমালোকৰ লগত যাম; কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে।” এই পদত এজন যিহূদীৰ বিষয়ে উল্লেখ কৰিছে। কিন্তু তেওঁৰ বাবে ব্যৱহাৰ হোৱা “তোমালোকৰ” শব্দটো বহুবচন হয়। ইয়াৰপৰা জানিব পাৰি যে ইয়াত এজনৰ বিষয়ে নহয়, কিন্তু বহুতো লোকৰ বিষয়ে কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে এই পদত উল্লেখ কৰা যিহূদী অভিষিক্ত খ্ৰীষ্টানসকলৰ গোটেই সমূহক চিত্ৰিত কৰে। যেতিয়া এই পৃথিৱীত জীয়াই থাকিবলৈ আশা কৰা লোকসকলে অভিষিক্তি খ্ৰীষ্টানসকলৰ লগত যিহোৱাৰ সেৱা কৰে, তেতিয়া যেন তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত চলে। কিন্তু তেওঁলোকে অভিষিক্ত খ্ৰীষ্টানসকলক নিজৰ নেতা বুলি নাভাবে, কিয়নো তেওঁলোকৰ নেতা হৈছে যীচু খ্ৰীষ্ট।—মথি ২৩:১০.

৩. এই লেখত কি কি প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব?

আজিও যিহোৱাৰ লোকসকলৰ মাজত অভিষিক্ত খ্ৰীষ্টানসকল আছে। সেইবাবে, কিছুমান লোকৰ মনত প্ৰশ্ন আহিব পাৰে: (১)  অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ বিষয়ে কেনে দৃষ্টভংগী ৰখা উচিত? (২) যদি স্মৰণীয় দিনত কোনোৱাই পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, তেনেহ’লে আপুনি তেওঁৰ লগত কেনে ব্যৱহাৰ কৰা উচিত? (৩) যদি পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যা বাঢ়ি যায়, তেনেহ’লে আমি ইয়াৰ বিষয়ে চিন্তা কৰা উচিতনে? এই লেখত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব।

অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ বিষয়ে কেনে দৃষ্টভংগী ৰখা উচিত?

৪. প্ৰথম কৰিন্থীয়া ১১:২৭-২৯ পদৰ অনুসৰি অভিষিক্ত খ্ৰীষ্টানসকলে কি সতৰ্কবাণী মনত ৰখা উচিত আৰু কিয়?

অভিষিক্ত খ্ৰীষ্টানসকলে ১ কৰিন্থীয়া ১১:২৭-২৯. (পঢ়ক।) পদত দিয়া সতৰ্কবাণীক ধ্যান দিয়া উচিত। স্মৰণীয় দিনত হয়তো এজন অভিষিক্ত খ্ৰীষ্টান কেনেকৈ “দোষী” হ’ব পাৰে? যদি তেওঁ পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে কিন্তু ঈশ্বৰৰ ধাৰ্মিক মানদণ্ডৰ অনুসৰি জীৱন অতিবাহিত নকৰে, তেনেহ’লে তেওঁ দোষী হ’ব। (ইব্ৰী ৬:৪-৬; ১০:২৬-২৯) অভিষিক্ত খ্ৰীষ্টানসকলে ভালদৰে জানে যে ‘খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটা’ লাভ কৰিবলৈ তেওঁলোকে বিশ্বাসী হৈ থকা উচিত।—ফিলি. ৩:১৩-১৬.

৫. অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ বিষয়ে কেনে দৃষ্টিভংগী ৰখা উচিত?

যিহোৱাৰ পবিত্ৰ আত্মাই তেওঁৰ সেৱকসকলক অহংকাৰী হোৱাৰ পৰিৱৰ্তে নম্ৰ হ’বলৈ উৎসাহিত কৰে। (ইফি. ৪:১-৩; কল. ৩:১০, ১২) সেইবাবে, অভিষিক্ত খ্ৰীষ্টানসকলে নিজকে ডাঙৰ বুলি নাভাবে। তেওঁলোকে নাভাবে যে যিহোৱাই তেওঁলোকক আন সেৱকসকলতকৈ বেছি পবিত্ৰ আত্মা দিয়ে। তেওঁলোকে এয়াও নাভাবে যে বাইবেলৰ সত্যতা তেওঁলোকে আনতকৈ বেছি ভালদৰে বুজি পায়। ইয়াৰ উপৰিও তেওঁ কাকো নজনাই যে তেওঁ অভিষিক্ত হয় আৰু স্মৰণীয় দিনত তেওঁ পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিব। তেওঁলোকে এয়াও বিশ্বাস কৰে যে কেৱল যিহোৱাই লোকসকলক স্বৰ্গলৈ নিমন্ত্ৰণ কৰে।

৬. প্ৰথম কৰিন্থীয়া ৪:৭, ৮ পদৰ অনুসৰি অভিষিক্ত খ্ৰীষ্টানসকলে কেনে ব্যৱহাৰ কৰা উচিত?

অভিষিক্ত খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে স্বৰ্গলৈ যোৱাটো এটা সন্মানৰ বিষয়। কিন্তু আন লোকসকলৰপৰা বিশেষ সন্মান পোৱাটো তেওঁলোকে আশা নকৰে। (ফিলি. ২:২, ৩) তেওঁলোকে এয়াও জানিছিল যে যেতিয়া যিহোৱাই পবিত্ৰ আত্মাৰে তেওঁলোকক অভিষিক্ত কৰিছিল, তেতিয়া যিহোৱাই ইয়াৰ বিষয়ে সকলোকে জানিবলৈ দিয়া নাছিল। যদিও তেওঁলোকক অভিষিক্ত কৰা হৈছে বুলি আন কোনোবাই বিশ্বাস নকৰে, তথাপিও তেওঁলোক আচৰিত নহয়, কিয়নো তেওঁলোকে জানে যে বাইবেলে পৰামৰ্শ দিছে যিসকলে বিশেষ দায়িত্ব লাভ কৰিছোঁ বুলি কয়, তেওঁলোকক সহজে বিশ্বাস কৰি লোৱা উচিত নহয়। (প্ৰকা. ২:২) অভিষিক্ত খ্ৰীষ্টানসকলে কেতিয়াও আনৰ ধ্যান নিজৰ ফালে আকৰ্ষণ কৰাবলৈ চেষ্টা নকৰে। সেইবাবে, তেওঁ প্ৰথমবাৰ কাৰোবাক লগ কৰাৰ সময়ত নকয় যে তেওঁ অভিষিক্ত হয় আৰু অভিষিক্ত হোৱাৰ কাৰণে অহংকাৰ নকৰে।—১ কৰিন্থীয়া ৪:৭, ৮ পঢ়ক।

৭. অভিষিক্ত খ্ৰীষ্টানসকলে কি কৰাৰপৰা আঁতৰি থাকে আৰু কিয়?

কোনো ক্লাব বা সংগঠনৰ সদস্যৰ দৰে অভিষিক্ত খ্ৰীষ্টানসকলে কেৱল আন অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত সময় অতিবাহিত কৰাটো নিবিচাৰে। তেওঁলোকে আন অভিষিক্ত খ্ৰীষ্টানসকলক বিচাৰি স্বৰ্গলৈ যোৱাৰ নিমন্ত্ৰণ বিষয়ে আলোচনা নকৰে নাইবা এক বিশেষ দল গঠন কৰি বাইবেল অধ্যয়ন নকৰে। (গালা. ১:১৫-১৭) যদি অভিষিক্ত খ্ৰীষ্টানসকলে এইদৰে কৰে, তেনেহ’লে মণ্ডলীত একতা নাথাকিব আৰু পবিত্ৰ আত্মাৰ বিৰুদ্ধে কাম কৰাৰ দৰে হ’ব। কিয়নো এই পবিত্ৰ আত্মাই ঈশ্বৰৰ লোকসকলৰ মাজত শান্তি আৰু একতা বজাই ৰখাত সহায় কৰে।—ৰোম. ১৬:১৭, ১৮.

অভিষিক্ত খ্ৰীষ্টানসকলৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?

অভিষিক্ত লোক বা দায়িত্বত থকা কোনো ভাইক আমি কোনো বিশেষ ব্যক্তি হয় বুলি ব্যৱহাৰ কৰা উচিত নহয় (অনুচ্ছেদ ৮ চাওক) *

৮. স্মৰণীয় দিনত যিসকলে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰে, তেওঁলোকৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত নহয় আৰু কিয়? (ফোটনোটটো চাওক।)

অভিষিক্ত ভাই-ভনীৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত? এজন ভাই বা ভনী অভিষিক্ত নহওক কিয় আমি তেওঁক প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰা উচিত নহয়। (মথি ২৩:৮-১২) যেতিয়া বাইবেলত প্ৰাচীনৰ বিষয়ে উল্লেখ কৰা হয়, তেতিয়া আমাক উৎসাহিত কৰা হয় যে, “তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা” উচিত। কিন্তু এয়াও কৈছে যে আমি কোনো এজন ব্যক্তিক নেতা বুলি ভাবি লোৱা উচিত নহয়। (ইব্ৰী ১৩:৭) এয়া সত্য যে বাইবেলৰ অনুসৰি তেওঁলোক অভিষিক্ত হোৱাৰ বাবে নহয়, কিন্তু তেওঁলোক “উত্তমৰূপে শাসন” কৰাৰ বাবে আৰু বাক্য আৰু শিক্ষা দিয়াত পৰিশ্ৰম কৰাৰ বাবেহে “দুগুণ সমাদৰৰ যোগ্যপাত্ৰ” হয়। (১ তীম. ৫:১৭) যদি আমি অভিষিক্ত খ্ৰীষ্টানসকলৰ প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰোঁ বা তেওঁলোকৰ ওপৰত বেছি মনোযোগ দিওঁ, তেনেহ’লে হয়তো তেওঁলোকে সংকোচ কৰিব পাৰে। * তেওঁলোকে আমাৰ প্ৰশংসা শুনি হয়তো অহংকাৰ কৰিব পাৰে। (ৰোম. ১২:৩) আমাৰ বাবে অভিষিক্ত খ্ৰীষ্টানসকলে এনে ডাঙৰ ভুল কৰাটো আমি কেতিয়াও নিবিচাৰোঁ।—লূক ১৭:২.

৯. আমি অভিষিক্ত খ্ৰীষ্টানসকলৰ কেনেকৈ সন্মান কৰিব পাৰোঁ?

যিহোৱা ঈশ্বৰে যিসকলক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰিছে, তেওঁলোকক আমি কেনেকৈ সন্মান কৰিব পাৰোঁ? আমি তেওঁলোকক এয়া সোধা উচিত নহয় যে তেওঁলোক কেনেকৈ অভিষিক্ত হ’ল। এয়া তেওঁলোকৰ ব্যক্তিগত বিষয় হয় আৰু ইয়াৰ বিষয়ে জনাটো আমাৰ কোনো অধিকাৰ নাই। (১ থিচ. ৪:১২; ২ থিচ. ৩:১১) আমি এয়াও বিশ্বাস কৰা উচিত নহয় যে তেওঁৰ স্বামী বা পত্নী, পিতৃ-মাতৃ বা পৰিয়ালৰ আন কোনো সদস্যও অভিষিক্ত হয়। এজন খ্ৰীষ্টানে স্বৰ্গলৈ যোৱা আশাটো নিজৰ পৰিয়ালৰপৰা উত্তৰাধিকাৰী হিচাপে লাভ কৰা নাই। এই আশা তেওঁলোকে যিহোৱাৰপৰা লাভ কৰিছে। (১ থিচ. ২:১১) আমি তেওঁলোকে আঘাত পোৱা প্ৰশ্ন সোধা উচিত নহয়। উদাহৰণস্বৰূপে, আমি এজন অভিষিক্ত ভাইৰ পত্নীক সোধা উচিত নহয় যে স্বামীৰ অবিহনে পৃথিৱীত জীয়াই থকাৰ বিষয়ে তাই কেনে অনুভৱ কৰে। এনে সোধাটো কিয় সঠিক নহয়? কিয়নো আমি বিশ্বাস কৰিব পাৰোঁ যে নতুন পৃথিৱীত যিহোৱা ঈশ্বৰে “সমুদায় প্ৰাণীৰে বাঞ্ছা” পূৰ কৰিব।—গীত. ১৪৫:১৬.

১০. বিশেষ লোকসকলক প্ৰশংসা কৰাৰপৰা আঁতৰি থাকিলে আমি কেনেকৈ সুৰক্ষিত থাকিব পাৰিম?

১০ যদি আমি অভিষিক্ত খ্ৰীষ্টানসকলক আনতকৈ বেছি গুৰুত্ব নিদিওঁ, তেনেহ’লে আমিও সুৰক্ষিত থাকিম। কেনেকৈ বাৰু? বাইবেলে এইদৰে উল্লেখ কৰিছে যে কিছুমান অভিষিক্ত খ্ৰীষ্টান হয়তো বিশ্বাসী নাথাকিবও পাৰে। (মথি ২৫:১০-১২; ২ পিত. ২:২০, ২১) যদি আমি অভিষিক্ত খ্ৰীষ্টানসকলক বা যিসকলৰ সংগঠনত ভাল নাম আছে বা যিসকলে বহুসময় ধৰি যিহোৱাৰ সেৱা কৰি আছে, তেওঁলোকক প্ৰশংসা কৰাৰপৰা আঁতৰি থাকিম, তেনেহ’লে আমি তেওঁলোকক অনুকৰণ নকৰিম। (যিহূ. ১৬) যেতিয়া তেওঁলোকে বিশ্বাসী হৈ নাথাকে বা মণ্ডলী এৰি গুচি যায়, তেতিয়া আমাৰ বিশ্বাস দুৰ্বল নহব আৰু আমি সদায় যিহোৱাৰ সেৱা কৰি থাকিম।

যদি সংখ্যা বাঢ়ি যায়, তেতিয়া আপুনি চিন্তা কৰা উচিতনে?

১১. স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যাত কি পৰিৱৰ্তন দেখা গৈছে?

১১ বহুবছৰৰপৰা স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যা কমি আছিল। কিন্তু কিছু বছৰ ধৰি ইয়াৰ সংখ্যা বৃদ্ধি হৈছে। ইয়াৰ বিষয়ে আমি চিন্তা কৰা উচিতনে? নহয়। আহক ইয়াৰ কিছুমান কাৰণ চাওঁ।

১২. স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যাৰ বিষয়ে আমি কিয় চিন্তিত হোৱা উচিত নহয়?

১২ প্ৰভুৱে [যিহোৱাই] তেওঁৰ লোকক জানে।” (২ তীম. ২:১৯) স্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ মাজত কোন সঁচাকৈ অভিষিক্ত হয়, তাৰ বিষয়ে যিহোৱাই জানে। কিন্তু ম্মৰণীয় দিনত পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যা গণনা কৰা ভাইজনে ইয়াৰ বিষয়ে নাজানে। এই গণনাত সেই ভাইসকলো জড়িত আছে, যিসকলে ভাবে যে তেওঁলোক অভিষিক্ত হয়। কিন্তু আচলতে তেওঁলোক নহয়। যেনে, কিছুমান লোকে আগতে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিছিল, কিন্তু পাছত এনে কৰিবলৈ বন্ধ কৰিলে। আনহাতে, এনে কিছুমান লোক আছে যিসকলে মানসিকভাৱে অসুস্থ বা নিৰাশাৰ বাবে ভাবে যে তেওঁলোক যীচুৰ লগত স্বৰ্গত শাসন কৰিব। সেইবাবে, আমি স্পষ্টকৈ ক’ব নোৱাৰোঁ যে অভিষিক্ত খ্ৰীষ্টানসকলৰ সংখ্যা কিমান।

১৩. মহাক্লেশ হোৱাৰ সময়ত কিমানজন অভিষিক্ত খ্ৰীষ্টানসকল এই পৃথিৱীত থাকিব, তাৰ বিষয়ে বাইবেলে উল্লেখ কৰিছেনে?

১৩ যীচুৱে অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গলৈ নিবলৈ অহাৰ সময়ত তেওঁলোক পৃথিৱীৰ বেলেগ বেলেগ ঠাইত থাকিব। (মথি ২৪:৩১) বাইবেলে উল্লেখ কৰিছে যে শেষকালত কিছুমান অভিষিক্ত খ্ৰীষ্টানসকল পৃথিৱীত থাকিব। (প্ৰকা. ১২:১৭) কিন্তু মহাক্লেশ আৰম্ভ হোৱাৰ সময়ত কিমানজন এই পৃথিৱীত থাকিব তাৰ বিষয়ে উল্লেখ কৰা নাই।

স্মৰণীয় দিনত কোনোবাই পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিলে আমি তেওঁৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? (অনুচ্ছেদ ১৪ চাওক)

১৪. অভিষিক্ত খ্ৰীষ্টানসকলক বাচনি কৰাৰ বিষয়ে ৰোমীয়া ৯:১১, ১৬ পদৰপৰা আমি কি জানিব পাৰোঁ?

১৪ অভিষিক্ত খ্ৰীষ্টানসকলক কেতিয়া নিৰ্বাচন কৰা হ’ব তাৰ নিৰ্ণয় যিহোৱাই ল’ব। (ৰোম. ৮:২৮-৩০) যীচুৰ পুনৰুত্থানৰ পাছত যিহোৱাই অভিষিক্ত খ্ৰীষ্টানসকলক বাচনি কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথম শতিকাৰ সকলো খ্ৰীষ্টানক অভিষিক্ত হয় যেন লাগিছিল। ইয়াৰ কিছুবছৰৰ পাছত নিজকে খ্ৰীষ্টান বুলি দাবী কৰা বেছিভাগ লোকে যীচুক অনুকৰণ কৰা নাছিল। ইয়াৰ উপৰিও সেই সময়ছোৱাত যিহোৱাই কিছুমান সত্য খ্ৰীষ্টানসকলক স্বৰ্গত শাসন কৰিবলৈ নিৰ্বাচন কৰিছিল। তেওঁলোক যীচুৰ দৃষ্টান্তত দিয়া ধানৰ দৰে আছিল যাক বিনয় বনৰ মাজত সিচা হৈছিল। (মথি ১৩:২৪-৩০) এই শেষ সময়তো যিহোৱাই সেই লোকসকলক বাচনি কৰিছে, যিসকলক ১,৪৪,০০০ জন অভিষিক্ত খ্ৰীষ্টানসকলৰ মাজত গণনা কৰা হ’ব। * সেইবাবে শেষ হোৱাৰ অলপ সময়ৰ আগত যদি যিহোৱাই এই লোকসকলক নিৰ্বাচন কৰে, তেনেহ’লে আমি তেওঁৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ ওপৰত সন্দেহ কৰা উচিত নহয়। (ৰোমীয়া ৯:১১, ১৬ পঢ়ক।) * আমি মনক ৰখা উচিত যে আমি যীচুৰ দৃষ্টান্তত দিয়া সেই বনোৱাবিলাকৰ দৰে হোৱা উচিত নহয়, যিবিলাকে নিজৰ গৰাকীক অভিযোগ কৰিছিল যে তেওঁলোকক আৰু শেষৰ সময়ছোৱাত অহা বনোৱাবিলাকক সমান বেজ দিয়া হ’ল।—মথি ২০:৮-১৫.

১৫. সকলো অভিষিক্ত খ্ৰীষ্টান বিশ্বাসী বুদ্ধিমান দাসৰ ভাগ হয়নে? বুজাওক।

১৫ স্বৰ্গলৈ যোৱাৰ বাবে আশা থকা সকলো খ্ৰীষ্টান ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ ভাগ নহয়। (মথি ২৪:৪৫-৪৭ পঢ়ক।) প্ৰথম শতিকাত যিহোৱা আৰু যীচু খ্ৰীষ্টই কিছুমান লোকসকলৰ যোগেদি বহুতোলোকক আহাৰ দিছিল অৰ্থাৎ তেওঁলোকক শিকাইছিল। খ্ৰীষ্টান গ্ৰীক কিতাপবোৰ কিছুমান অভিষিক্ত খ্ৰীষ্টানসকলে লিখিছিল, সকলোৱে নহয়। ঠিক সেইদৰে আমাৰ সময়তো ঈশ্বৰৰ লোকসকলক উচিত সময়ত আহাৰ দিয়াৰ দায়িত্ব কেৱল কিছুমান অভিষিক্ত খ্ৰীষ্টানক দিয়া হৈছে।

১৬. এই লেখত আপুনি কি শিকিলে?

১৬ এই লেখত আমি কি কি শিকিলোঁ? আমি শিকিলোঁ যে যিহোৱাই কেৱল কিছুমান লোকক স্বৰ্গলৈ যাবলৈ আৰু যীচুৰ সৈতে শাসন কৰিবলৈ বাচনি কৰিছে। কিন্তু তেওঁ আন সেৱকসকলক এই পৃথিৱীত অনন্ত জীৱন দিয়াৰ নিৰ্ণয় লৈছে। তেওঁলোক “যিহূদী” বা “দহ জন” লোক নহওক কিয়, যিহোৱাই নিজৰ সেৱকসকলক পুৰস্কাৰ দিয়ে। তেওঁৰ বিশ্বাসী হৈ থকা, তেওঁৰ আজ্ঞা পালন কৰা আৰু নম্ৰ হৈ একতাৰে যিহোৱাৰ সেৱা কৰাটো তেওঁ বিচাৰে। কেৱল ইমানেই নহয় তেওঁলোকে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ পৰিশ্ৰম কৰা উচিত। গতিকে, যেনেকৈ শেষ ওচৰ চাপি আহিছে, আহক আমি ঠিৰাং কৰোঁ যে আমি যিহোৱাৰ সেৱা কৰি থাকিম আৰু “একেটা জাক” হৈ খ্ৰীষ্টক অনুকৰণ কৰিম।—যোহন ১০:১৬.

^ অনু. 5 এই বছৰ মঙ্গলবাৰ ৭ এপ্ৰিলত আমি যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰিম। সেইদিনা যিসকল লোকে পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰিব তেওঁলোকৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত? যদি পিঠা আৰু দ্ৰাক্ষাৰস গ্ৰহণ কৰা লোকসকলৰ সংখ্যা বাঢ়ে, তেনেহ’লে আমি ইয়াৰ বিষয়ে চিন্তা কৰা উচিতনে? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ চাম। এই লেখ ২০১৬ চনৰ জানুৱাৰী মাহৰ প্ৰহৰীদুৰ্গত দিয়া তথ্যৰ ওপৰত আধাৰিত।

^ অনু. 2 গীতমালা ৮৭:৫, ৬ পদৰ অনুসৰি, ভৱিষ্যতত ঈশ্বৰে সেই সকলো লোকৰ নাম প্ৰকাশ কৰিব যিসকলে স্বৰ্গত যীচুৰ লগত শাসন কৰিব।—ৰোম. ৮:১৯.

^ অনু. 8 জানুৱাৰী ২০১৬ চনৰ প্ৰহৰীদুৰ্গত ২৭ পৃষ্ঠাত উল্লেখ থকা “প্ৰেমে ‘অশিষ্টাচৰণ নকৰে’” নামৰ বক্স চাওক।

^ অনু. 14 পাঁচনিৰ কৰ্ম্ম ২:৩৩ পদৰ অনুসৰি যদিও পবিত্ৰ আত্মা যীচুৰ দ্বাৰা বাকি দিয়া হয় কিন্তু আচলতে যিহোৱাই লোকসকলক স্বৰ্গলৈ নিমন্ত্ৰণ দিয়ে।

^ অনু. 14 বেছিকৈ জানিবলৈ হ’লে ১ মে’ ২০০৭ চনৰ প্ৰহৰীদুৰ্গৰ (ইংৰাজী) ৩০ আৰু ৩১ পৃষ্ঠাত উল্লেখ থকা লেখ চাওক।

গীত ৩৪ বিশ্বাসৰ পথত চলি থাকক।

^ অনু. 56 ছবিৰ বিষয়ে: কল্পনা কৰক, মুখ্য কাৰ্য্যলয়ৰপৰা এজন ভাই আৰু তেওঁৰ পত্নী অধিৱেশনৰ বাবে আহে, ভাই-ভনীসকলে তেওঁলোকক আৱৰি আছে আৰু তেওঁলোকৰ ফটো তুলিবলৈ লৈছে। আপোনাক কি লাগে এনে কৰাৰ যোগেদি ভাই-ভনীসকলে সন্মান দেখুৱাইছেনে? নিশ্চয় দেখুৱা নাই!