Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

আমাৰ পিতৃ যিহোৱাই আমাক প্ৰেম কৰে

আমাৰ পিতৃ যিহোৱাই আমাক প্ৰেম কৰে

“তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা: হে আমাৰ স্বৰ্গত থকা পিতৃ।”—মথি ৬:৯.

গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ: ‘হে মোৰ বোপা, জ্ঞানৱান হোৱা’

লেখৰ এক আভাস *

১. প্ৰাচীন কালত পাৰস্যৰ ৰজাক লগ কৰিবলৈ কি কৰাৰ প্ৰয়োজন আছিল?

কল্পনা কৰক যে আপুনি প্ৰায় ২,৫০০ বছৰৰ আগতে পাৰস্য সাম্ৰাজ্যত আছে। আপুনি সেই দেশৰ ৰজাৰ লগত কিবা বিষয়ত কথা পাতিব বিচাৰে। তেওঁক লগ কৰিবলৈ আপুনি চূচন নামৰ চহৰলৈ যায়, য’ত তেওঁৰ ৰাজপ্ৰাসাদ আছে। কিন্তু আপুনি অনুমতি নোলোৱাকৈ তেওঁক লগ কৰিব নোৱাৰে। যদি আপুনি এইদৰে কৰে, তেনেহ’লে আপোনাক মৃত্যুদণ্ড দিয়া হ’ব।—ইষ্টে. ৪:১১.

২. যিহোৱাৰ লগত কথা পতাৰ বিষয়ে আমি কেনে অনুভৱ কৰিব পাৰোঁ?

আমি আনন্দিত যে যিহোৱা সেই পাৰস্যৰ ৰজাৰ দৰে নহয়। যিহোৱা পৃথিৱীৰ সকলো শাসকতকৈ মহান। তথাপিও যিকোনো সময়ত তেওঁৰ লগত কথা পাতিবলৈ তেওঁ আমাক উৎসাহিত কৰিছে। কোনো সংকোচ নকৰাকৈ তেওঁৰ লগত কথা পতাটো তেওঁ বিচাৰে। যদিও যিহোৱা সৃষ্টিকৰ্তা, সৰ্বশক্তিমান ঈশ্বৰ আৰু গোটেই বিশ্বৰ শাসনকৰ্তা হয়, তথাপি আমি তেওঁক “পিতৃ” বুলি সম্বোধন কৰিব পাৰোঁ। (মথি ৬:৯) আমি যিহোৱাক নিজৰ পিতৃ যেন জ্ঞান কৰি তেওঁৰ কাষ চপাটো তেওঁ বিচাৰে। এয়া আমাৰ বাবে কি যে আনন্দৰ বিষয়!

৩. (ক) আমি যিহোৱাক কিয় আমাৰ “পিতৃ” বুলি ক’ব পাৰোঁ? (খ) এই লেখত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

যিহোৱা ঈশ্বৰক আমাৰ “পিতৃ” বুলি কোৱাটো একেবাৰে সঠিক। কিয়নো তেৱেঁই আমাক জীৱন দিছে। (গীত. ৩৬:৯) যদি আমি তেওঁক পিতৃ বুলি কওঁ, তেনেহ’লে আমাৰ দায়িত্ব হয়, আমি তেওঁৰ আজ্ঞা পালন কৰা। তেওঁৰ আজ্ঞা পালন কৰিলে, আমি বহুতো আশীৰ্বাদ লাভ কৰিম। (ইব্ৰী ১২:৯) ইয়াৰে এটা আশীৰ্বাদ হৈছে অনন্ত জীৱন। আমাৰ মাজৰ কিছুমান লোকে স্বৰ্গত আৰু বাকী লোকসকলে পৃথিৱীত আশীৰ্বাদ লাভ কৰিব। যিহোৱাৰ আজ্ঞা পালন কৰিলে, আজিও আমি আশীৰ্বাদ লাভ কৰিব পাৰোঁ। এই লেখত উল্লেখ কৰা হ’ব যে আজি যিহোৱাই আমাৰ লগত কেনেকৈ পিতৃৰ দৰে ব্যৱহাৰ কৰে আৰু আমি কিয় বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাক কেতিয়াও নেৰিব। কিন্তু প্ৰথমে আমি চাম যে যিহোৱাই আমাক প্ৰেম কৰে আৰু আমাৰ যত্ন লয় বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ।

আমাৰ যিহোৱাই আমাক প্ৰেম কৰে আৰু আমাৰ যত্ন লয়

এজন ভাল পিতৃয়ে যেনেকৈ ল’ৰা-ছোৱালীৰ কাষত থাকিব বিচাৰে,ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও আমাৰ কাষত থাকিব বিচাৰে (অনুচ্ছেদ ৪ চাওক)

৪. যিহোৱাক নিজৰ পিতৃ বুলি স্বীকাৰ কৰাটো কিছুমান লোকৰ বাবে কিয় কঠিন হয়?

যিহোৱাক নিজৰ পিতৃ বুলি স্বীকাৰ কৰাটো আপোনাৰ বাবে কঠিন হয় নেকি? কিছুমান লোকে ভাবে যে যিহোৱা এজন মহান ঈশ্বৰ হয় আৰু তেওঁৰ সন্মুখত আমি একেবাৰে নগণ্য। যিহোৱা ঈশ্বৰে প্ৰতিজনকে ব্যক্তিগতভাৱে যত্ন লয় বুলি তেওঁলোকে সন্দেহ কৰে। আমি এনেদৰে ভবাটো আমাৰ পিতৃ যিহোৱাই কেতিয়াও নিবিচাৰে। তেওঁ আমাক জীৱন দিছে আৰু তেওঁৰ লগত এক ভাল সম্পৰ্ক বজাই ৰখাটো তেওঁ বিচাৰে। এই কথাষাৰ পৌলে আথীনিৰ লোকসকলক কৈছিল। ইয়াৰ পাছত পৌলে তেওঁলোকক এইদৰে কৈছিল, “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচ. ১৭:২৪-২৯) যিদৰে সন্তানে নিজৰ পিতৃৰ লগত কোনো সংকোচ নকৰাকৈ কথা পাতে, ঠিক সেইদৰে আমিও কোনো সংকোচ নকৰাকৈ যিহোৱাৰ লগত কথা পতাটো তেওঁ বিচাৰে।

৫. এগৰাকী ভনীৰ অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ?

এনে কিছুমান লোক আছে, যিসকলে ল’ৰালি কালত নিজৰ পিতৃৰপৰা মৰম পোৱা নাই। সেইবাবে, যিহোৱাক নিজৰ পিতৃ বুলি স্বীকাৰ কৰাটো তেওঁলোকৰ বাবে কঠিন হয়। এগৰাকী ভনীয়ে এইদৰে কয়, “মোৰ পিতৃয়ে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। সেইবাবে, যেতিয়া মই বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া আৰম্ভণিতে মোক যিহোৱাক পিতৃ বুলি স্বীকাৰ কৰিবলৈ আৰু তেওঁৰ কাষ চাপিবলৈ কঠিন হৈছিল। কিন্তু যেতিয়া মই যিহোৱাক জানিলোঁ, তেতিয়া মোৰ চিন্তাধাৰা সলনি হ’ল।” ল’ৰালি কালত হয়তো আপুনিও পিতৃৰ মৰম পোৱা নাছিল। কিন্তু আপুনি নিৰাশ নহ’ব। কিছুসময়ৰ পাছত আপুনি অনুভৱ কৰিব যে যিহোৱা এজন মৰমিয়াল পিতৃ।

৬. মথি ১১:২৭ পদৰ অনুসৰি যিহোৱা আমাৰ পিতৃ হয় বুলি বুজিবলৈ তেওঁ আমাক কেনেকৈ সহায় কৰে?

আমি যেন যিহোৱাক নিজৰ পিতৃ হিচাপে স্বীকাৰ কৰোঁ, তাক বুজিবলৈ তেওঁ আমাক সহায় কৰে। সেইবাবে, তেওঁ বাইবেলত যীচুৰ শিক্ষা আৰু কামৰ বিষয়ে উল্লেখ কৰিছে। (মথি ১১:২৭ পঢ়ক।) যীচুৱে নিজৰ পিতৃৰ গুণ ভালদৰে দেখুৱাইছিল। সেইবাবে, তেওঁ এইদৰে কৈছিল, “যিজনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহ. ১৪:৯) যিহোৱাই আমাৰ পিতৃ হিচাপে কি কি কৰে, তাৰ বিষয়ে যীচুৱে বহুবাৰ উল্লেখ কৰিছে। শুভবাৰ্তাৰ চাৰিখন কিতাপত প্ৰায় ১৬৫ বাৰ যিহোৱাক “পিতৃ” বুলি উল্লেখ কৰা হৈছে। যীচুৱে যিহোৱাক ইমানবাৰ পিতৃ বুলি কোৱাৰ কাৰণ কি? ইয়াৰ এটা কাৰণ হৈছে, তেওঁ লোকসকলক বিশ্বাস জন্মাব বিচাৰিছিল যে যিহোৱা তেওঁলোকৰ পিতৃ হয় আৰু তেওঁলোকক প্ৰেম কৰে।—যোহ. ১৭:২৫, ২৬.

৭. যিহোৱাই নিজৰ পুত্ৰ যীচুৰ লগত কৰা ব্যৱহাৰৰপৰা আমি তেওঁৰ বিষয়ে কি শিকিব পাৰোঁ?

মন কৰক যে যিহোৱা নিজৰ পুত্ৰ যীচুৰ লগত কেনে ব্যৱহাৰ কৰিছিল আৰু আমি ইয়াৰপৰা যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? যিহোৱাই সদায় যীচুৰ প্ৰাৰ্থনা শুনিছিল আৰু তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰো দিছিল। (যোহ. ১১:৪১, ৪২) যীচুৱে কঠিন পৰিস্থিতিৰ সময়ত যিহোৱা তেওঁৰ লগত আছে আৰু তেওঁক প্ৰেম কৰে বুলি অনুভৱ কৰিছিল।—লূক ২২:৪২, ৪৩.

৮. যিহোৱাই কি কি উপায়েৰে যীচুৰ প্ৰয়োজনীয়তা পূৰ কৰিছিল?

এবাৰ যীচুৱে এইদৰে কৈছিল, “মই পিতৃৰ দ্বাৰাই জীওঁ।” (যোহ. ৬:৫৭) ইয়াৰ অৰ্থ হৈছে যীচুৱে বিশ্বাস কৰিছিল যে তেওঁৰ পিতৃয়ে তেওঁক জীৱন দিছে আৰু জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিহোৱাই বিশ্বাসী হৈ থাকিবলৈ যীচুক সহায় কৰিছিল।—মথি ৪:৪.

৯. এজন পিতৃ হিচাপে যিহোৱা ঈশ্বৰে যীচুৰ কেনেকৈ যত্ন লৈছিল?

এজন পিতৃ হিচাপে যিহোৱাই তেওঁৰ পুত্ৰ যীচুৰ লগত আছে বুলি ভৰসা দিছিল। (মথি ২৬:৫৩; যোহ. ৮:১৬) এইটো সত্য যে যিহোৱা ঈশ্বৰে যীচুক সকলো বিপদৰপৰা ৰক্ষা কৰা নাছিল। কিন্তু দুখ-কষ্ট সহন কৰিবলৈ তেওঁক সহায় কৰিছিল। যীচুৱে জানিছিল যে তেওঁ সন্মুখীন হোৱা যিকোনো সমস্যা ক্ষন্তেকৰ বাবেহে হয়। (ইব্ৰী ১২:২) আমি দেখিলোঁ যে যিহোৱাই যীচুৰ প্ৰাৰ্থনা শুনিছিল, তেওঁৰ প্ৰয়োজনীয়তা পূৰ কৰিছিল, শিক্ষা দিছিল আৰু তেওঁক সহায় কৰিছিল। (যোহ. ৫:২০; ৮:২৮) এইদৰে যিহোৱাই যীচুৰ যত্ন লৈছিল আৰু আজি তেওঁ এইদৰেই আমাৰ যত্ন লয়। আহক আমি চাওঁ এয়া তেওঁ কেনেকৈ কৰে।

আমাৰ পিতৃ যিহোৱাই কেনেকৈ আমাৰ যত্ন লয়?

নিজৰ ল’ৰা-ছোৱালীক প্ৰেম কৰা পিতৃয়ে (১) তেওঁলোকৰ কথা শুনে, (২) তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰে, (৩) তেওঁলোকক শিক্ষা দিয়ে আৰু (৪) সমস্যাৰ সময়ত সহায় কৰে। আমাৰ পিতৃ যিহোৱায়ো এইদৰে আমাৰ যত্ন লয় (অনুচ্ছেদ ১০-১৫ চাওক) *

১০. গীতমালা ৬৬:১৯, ২০ পদৰ অনুসৰি যিহোৱাই আমাক প্ৰেম কৰাৰ বাবে তেওঁ কি কৰে?

১০ যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে। (গীতমালা ৬৬:১৯, ২০ পঢ়ক।) আমি কেৱল কেতিয়াবা কেতিয়াবা প্ৰাৰ্থনা কৰাটো যিহোৱাই নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, আমি যিমান পাৰোঁ, সিমান কৰিবলৈ তেওঁ আমাক উৎসাহিত কৰিছে। (১ থিচ. ৫:১৭) আমি যিকোনো সময় আৰু যিকোনো ঠাইতেই আমাৰ পিতৃ যিহোৱালৈ সন্মানেৰে প্ৰাৰ্থনা কৰিব পাৰোঁ। যিহোৱাই আমাৰ কথা শুনিবলৈ সদায় সাজু থাকে আৰু মনোযোগেৰে শুনে। সেইবাবে, তেওঁ আমাৰ কাষত থকা যেন আমি অনুভৱ কৰোঁ। এজন গীতৰচকে এইদৰে কৈছিল, ‘মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ শুনিলে।’—গীত. ১১৬:১.

১১. যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি কি কৰে?

১১ আমাৰ পিতৃ যিহোৱাই কেৱল আমাৰ প্ৰাৰ্থনা শুনে এনে নহয়, কিন্তু আমাৰ প্ৰাৰ্থনাৰ উত্তৰো দিয়ে। এই কথাৰ প্ৰমাণ দি পাঁচনি যোহনে এইদৰে কৈছে: “আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে।” (১ যোহ. ৫:১৪, ১৫) আমি বিচৰা অনুসৰি যিহোৱাই হয়তো আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিবও পাৰে। আমাৰ বাবে কি ভাল, তাক তেওঁ ভালদৰে জানে। সেইবাবে, কেতিয়াবা কেতিয়াবা হয়তো আমি বিচৰা অনুসৰি তেওঁ আমাক নিদিয়ে বা অলপ সময় আমি অপেক্ষা কৰাটো তেওঁ বিচাৰে।—২ কৰি. ১২:৭-৯.

১২-১৩. আমাৰ পিতৃ যিহোৱা ঈশ্বৰে কি কি উপায়েৰে আমাৰ প্ৰয়োজনীয়তা পূৰ কৰে?

১২ যিহোৱাই আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়ে। তেওঁ পিতৃসকলক যি দায়িত্ব দিছে, তেওঁ নিজেও সেই দায়িত্ব পালন কৰে। (১ তীম. ৫:৮) তেওঁ নিজৰ সন্তানৰ খোৱা-বোৱা আৰু পিন্ধন-ওৰণৰ প্ৰতি ধ্যান দিয়ে। আমি নিজৰ খোৱা-বোৱা আৰু বাসস্থানৰ বাবে বেছিকৈ চিন্তা কৰাটো যিহোৱাই নিবিচাৰে। (মথি ৬:৩২, ৩৩; ৭:১১) তেওঁ এজন ভাল পিতৃ হিচাপে আমাৰ ভৱিষ্যতৰ বাবেও ব্যৱস্থা কৰিছে, যাতে আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ হয়।

১৩ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে যিহোৱা ঈশ্বৰে আমাৰ বাবে এনে এক ব্যৱস্থা কৰিলে, যাৰ যোগেদি তেওঁৰ লগত আমি এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰোঁ। তেওঁ আমাক বাইবেল দিছে। এই বাইবেলত যিহোৱাই উল্লেখ কৰিছে যে তেওঁ কোন হয়, তেওঁৰ উদ্দেশ্য কি, আমাক কিয় সৃষ্টি কৰা হৈছে, আৰু ভৱিষ্যতে কি হ’ব। আমি যেতিয়া পিতৃ-মাতৃ বা কোনো ভাই বা ভনীৰ যোগেদি সত্য লাভ কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰে তেওঁলোকৰ যোগেদি আমাক সহায় কৰিলে। যিহোৱা ঈশ্বৰে আজিও প্ৰাচীন আৰু আন অভিজ্ঞ ভাই-ভনীৰ যোগেদি আমাক সহায় কৰে। যিহোৱাই আমাক শিক্ষা দিবলৈ সভাৰ ব্যৱস্থা কৰিছে। আমি ভাই-ভনীসকলে মিলি সভাত যিহোৱাৰ বিষয়ে শিকিবলৈ পাওঁ। আমি দেখিলোঁ যে এজন পিতৃ হিচাপে যিহোৱা ঈশ্বৰে বহুতো উপায়েৰে আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়ে।—গীত. ৩২:৮.

১৪. (ক) যিহোৱাই আমাৰ চিন্তাধাৰা কিয় শুধৰণি কৰে? (খ) তেওঁ কি কি উপায়েৰে আমাৰ শুধৰণি কৰে?

১৪ যিহোৱাই আমাক শিক্ষা দিয়ে। যীচু এজন সিদ্ধ ব্যক্তি আছিল। কিন্তু আমি অসিদ্ধ ব্যক্তি হওঁ। সেইবাবে, প্ৰয়োজন হ’লে যিহোৱাই এজন পিতৃ হিচাপে আমাৰ চিন্তাধাৰা শুধৰণি কৰে। যিহোৱাই আমাক শিক্ষা দিয়াৰ এয়া এক উপায় হয়। ঈশ্বৰৰ বাক্যই এইদৰে কৈছে, “প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে।” (ইব্ৰী ১২:৬, ৭) যিহোৱা ঈশ্বৰে বহুতো উপায়েৰে আমাৰ চিন্তাধাৰা শুধৰণি কৰে। উদাহৰণস্বৰূপে, আমি বাইবেলত হয়তো এনে কিছুমান বাক্য পঢ়োঁ বা সভাত এনে কিছুমান বিষয় শুনোঁ, যাৰ দ্বাৰা আমাৰ অনুভৱ হয় যে আমাৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰাৰ প্ৰয়োজন আছে অথবা প্ৰয়োজন হ’লে প্ৰাচীনে আমাৰ চিন্তাধাৰা শুধৰণি কৰে। যিহোৱাই আমাক যিকোনো উপায়েৰে শুধৰণি কৰিব পাৰে, কিয়নো তেওঁ আমাক প্ৰেম কৰে।—যিৰি. ৩০:১১.

১৫. যিহোৱা ঈশ্বৰে আমাৰ সমস্যাৰ সময়ত কেনেকৈ সহায় কৰে?

১৫ সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে। যিজন পিতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে, তেওঁ সমস্যাৰ সময়ত নিজৰ সন্তানক ৰক্ষা কৰে। ঠিক সেইদৰে, আমাৰ পিতৃ যিহোৱাই সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমাক সহায় কৰে। তেওঁ আমাক পবিত্ৰ আত্মাৰ দ্বাৰা শক্তি দিয়ে, যাতে আমি সমস্যাৰ সময়ত তেওঁৰপৰা আতৰি নাযাওঁ। (লূক ১১:১৩) ইয়াৰ উপৰিও, আমি নিৰাশ হোৱাৰ সময়ত যিহোৱাই আমাক সহায় কৰে। তেওঁ আমাক উজ্জ্বল ভৱিষ্যতৰ আশা দিছে। এই আশাৰ বাবে আমি সমস্যাবোৰ সহন কৰিব পাৰোঁ। মন কৰিবলগীয়া বিষয় যে আমাৰ লগত যিয়ে বেয়া ঘটনা নঘটক কিয়, তেওঁ সেইবোৰ ঠিক কৰিব পাৰে। আমি ভুগি থকা দুখ-কষ্টবোৰ ক্ষন্তেকীয়া। কিন্তু যিহোৱাৰ আশীৰ্বাদ সদায় দিনৰ বাবে থাকিব।—২ কৰি. ৪:১৬-১৮.

আমাৰ পিতৃ যিহোৱাই আমাক কেতিয়াও এৰি নিদিব

১৬. আদমে নিজৰ পিতৃ যিহোৱাৰ আজ্ঞা পালন নকৰাৰ বাবে কি পৰিণাম হ’ল?

১৬ আদমে পাপ কৰাৰ বাবে যি সমস্যা হৈছিল, যিহোৱা ঈশ্বৰে তাৰ এক উত্তম সমাধান উলিয়ালে। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰে। যেতিয়া আদমে নিজৰ পিতৃ যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, তেতিয়া তেওঁ যিহোৱাৰ সুখী পৰিয়ালৰপৰা বঞ্চিত হৈছিল। তেওঁৰ সতি-সন্ততিসকলেও সেই পৰিয়ালৰ ভাগ হোৱাৰ সুযোগ হেৰুৱালে। (ৰোম. ৫:১২; ৭:১৪) কিন্তু যিহোৱা ঈশ্বৰে আদমৰ সন্তানক সহায় কৰিবলৈ কিছুমান পদক্ষেপ ল’লে।

১৭. আদমে পাপ কৰাৰ লগে লগে যিহোৱা ঈশ্বৰে কি ব্যৱস্থা ল’লে?

১৭ যিহোৱা ঈশ্বৰে আদমক শাস্তি দিলে, কিন্তু তেওঁৰ সতি-সন্ততিসকলক যিহোৱাই ত্যাগ নকৰিলে। তেওঁ লগে লগে প্ৰতিজ্ঞা কৰিলে যে যিসকলে তেওঁৰ আজ্ঞা পালন কৰিব, তেওঁলোকে পুনৰ সেই পৰিয়ালত থাকিবলৈ সুযোগ পাব। (আদি. ৩:১৫; ৰোম. ৮:২০, ২১) যিহোৱা ঈশ্বৰে এই প্ৰতিজ্ঞা পূৰ কৰিবলৈ মুক্তিপণস্বৰূপ বলিদানৰ ব্যৱস্থা কৰিলে। যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰক আমাৰ বাবে বলিদান দিয়াৰ যোগেদি প্ৰমাণ কৰিলে যে তেওঁ আমাক বহুত প্ৰেম কৰে।—যোহ. ৩:১৬.

যদি আমি পিতৃ যিহোৱাৰপৰা আঁতৰি গৈছোঁ, কিন্তু আমি হৃদয়েৰে অনুতাপ কৰোঁ, তেনেহ’লে তেওঁ আমাক পুনৰ আঁকোৱালি ল’বলৈ সাজু আছে (অনুচ্ছেদ ১৮ চাওক)

১৮. যিহোৱাৰপৰা আমি আঁতৰি গ’লেও তেওঁ আমাক কিয় পুনৰ আঁকোৱালি ল’ব?

১৮ আমি অসিদ্ধ হোৱাৰ সত্ত্বেও যিহোৱা ঈশ্বৰে তেওঁৰ পৰিয়ালৰ ভাগ হোৱাটো বিচাৰে। তেওঁ আমাৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে আমাক সহায় কৰিব বিচাৰে। যদিও আমি যিহোৱাক নিৰাশ কৰোঁ বা কিছুসময়ৰ বাবে তেওঁৰপৰা আঁতৰি থাকোঁ, কিন্তু আমি পুনৰ উভতি আহিম বুলি যিহোৱাই আশা কৰি থাকে। যীচুৱে বিদ্ৰোহী পুত্ৰৰ উদাহৰণ দি বুজাইছিল যে এজন পিতৃ হিচাপে যিহোৱা ঈশ্বৰৰ অন্তৰত আমাৰ বাবে কিমান গভীৰ প্ৰেম আছে। (লূক ১৫:১১-৩২) এই উদাহৰণত আমি লক্ষ্য কৰোঁ যে পুত্ৰই উভতি আহিব বুলি পিতৃয়ে আশা কৰি থাকে। এই বিদ্ৰোহী পুত্ৰই যেতিয়া উভতি আহে, তেতিয়া পিতৃয়ে লগে লগে সাবটি ধৰে। আমিও হয়তো যিহোৱাৰপৰা আঁতৰি গৈছোঁ। কিন্তু আমি কৰা ভুলৰ বাবে যদি আমি অনুতাপ কৰোঁ, তেনেহ’লে আমি ভৰসা ৰাখিব পাৰোঁ যে আমাৰ পিতৃ যিহোৱা ঈশ্বৰে আমাক পুনৰ আঁকোৱালি ল’ব।

১৯. আদমে যি ক্ষতি কৰিলে, সেয়া যিহোৱাই কেনেকৈ পূৰ কৰিব?

১৯ আদমে মানৱজাতিৰ যি ক্ষতি কৰিলে, সেয়া যিহোৱাই পূৰ কৰিব। আদমে পাপ কৰাৰ পাছত যিহোৱা ঈশ্বৰে মানৱজাতিৰপৰা ১,৪৪,০০০ লোকক নিৰ্বাচন কৰিবলৈ নিৰ্ণয় ল’লে আৰু এই লোকসকলে স্বৰ্গত যীচুৰ লগত ৰজা আৰু মহাপুৰোহিত হিচাপে শাসন কৰিব। যীচু আৰু তেওঁৰ সংগীসকলে নতুন পৃথিৱীত বিশ্বাসী মানৱজাতিক সিদ্ধ হ’বলৈ সহায় কৰিব। ইয়াৰ পাছত তেওঁলোকৰ বিশ্বাসৰ শেষ পৰীক্ষা হ’ব। এই লোকসকলৰ ভিতৰত যিসকলে বিশ্বাসী হৈ থাকিব, তেওঁলোকক ঈশ্বৰে অনন্ত জীৱনৰ আশীৰ্বাদ দিব। তাৰ পাছত পৃথিৱীত যিহোৱাৰ সিদ্ধ সন্তানেৰে ভৰি পৰিব আৰু ইয়াক দেখি যিহোৱাই আনন্দিত হ’ব। সঁচাকৈ, এক সুন্দৰ পৰিৱেশ হ’ব।

২০. (ক) যিহোৱাই কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁ আমাক বহুত প্ৰেম কৰে? (খ) পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ যিহোৱাই প্ৰমাণ কৰিলে যে তেওঁ আমাক বহুত প্ৰেম কৰে। তেওঁতকৈ আৰু ভাল পিতৃ কোনেও হ’ব নোৱাৰে। তেওঁ আমাৰ প্ৰাৰ্থনা শুনে, আমাৰ খোৱা-বোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত ধ্যান দিয়ে আৰু তেওঁৰ কাষ চাপিবলৈ আমাক সহায় কৰে। তেওঁ আমাক শিক্ষা দিয়ে আৰু সমস্যাৰ সময়ত আমাৰ লগত থাকে। আহিবলগীয়া দিনত তেওঁ আমাৰ বাবে বহুতো কাম কৰিব। এয়া সঁচাকৈ আনন্দৰ বিষয় যে আমাৰ পিতৃ আমাক প্ৰেম কৰে আৰু আমাৰ যত্ন লয়। পৰৱৰ্তী লেখত আলোচনা কৰা হ’ব যে আমি তেওঁৰ সন্তান হিচাপে কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ।

গীত ১০৮ ঈশ্বৰৰ প্ৰকৃত প্ৰেম

^ অনু. 5 আমি যিহোৱাৰ বিষয়ে প্ৰায়েই ভাবোঁ যে তেওঁ আমাৰ সৃষ্টিকৰ্তা আৰু গোটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা হয়। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা আমাৰ পিতৃ হয় আৰু তেওঁ আমাক প্ৰেম কৰে। এনে কোৱাৰ কিছুমান কাৰণ এই লেখত উল্লেখ কৰা হৈছে। যিহোৱাই আমাক কেতিয়াও নেৰিব বুলি আমি কিয় সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ, তাৰ বিষয়েও আমি ইয়াত শিকিবলৈ পাম।

^ অনু. 59 ছবিৰ বিষয়ে: চাৰিওখন দৃশ্যতে এজন পিতৃক নিজৰ সন্তানৰ লগত দেখুৱা হৈছে: এজন পিতৃয়ে নিজৰ ল’ৰাৰ কথা মনোযোগেৰে শুনিছে, এজন পিতৃয়ে নিজৰ ছোৱালীজনীৰ প্ৰয়োজনীয়তা পূৰ কৰিছে, এজন পিতৃয়ে নিজৰ ল’ৰাক কিবা শিকাইছে আৰু এজন পিতৃয়ে নিজৰ ল’ৰাক সাহস দিছে। চাৰিওখন দৃশ্যৰ পিছফালে দেখুৱা হাতে আমাক মনত পেলাই দিয়ে যে যিহোৱা ঈশ্বৰেও এইবোৰ উপায়েৰে আমাৰ যত্ন লয়।