Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৭

আমি আমাৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰোঁ

আমি আমাৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰোঁ

“তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।”—১ যোহ. ৪:১৯.

গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা

লেখৰ এক আভাস *

১-২. (ক) যিহোৱা ঈশ্বৰে আমাৰ বাবে নিজৰ পৰিয়ালৰ সদস্য হোৱাৰ বাট কিয় মুকলি কৰিলে? (খ) এনে কৰিবলৈ তেওঁ কি ব্যৱস্থা কৰিলে?

যিহোৱা ঈশ্বৰে আমাক নিজৰ উপাসকসকলৰ পৰিয়ালৰ সদস্য হ’বলৈ সুযোগ দিছে। এয়া আমাৰ বাবে এক ডাঙৰ আশীৰ্বাদ। এই পৰিয়ালৰ সদস্যসকলে নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে আৰু তেওঁলোকে যিহোৱাৰ পুত্ৰৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰে। এই পৰিয়ালৰ সদস্য হিচাপে আমি আনন্দিত। বৰ্তমান সময়ত আমি আনন্দেৰে জীৱন অতিবাহিত কৰি আছোঁ আৰু ভৱিষ্যতে অনন্ত জীৱন জীয়াই থকাৰ আশা আছে। কিছুমান লোকে স্বৰ্গত আৰু আন কিছুমান লোকে পৃথিৱীত অনন্ত জীৱন লাভ কৰিব।

যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰে। সেইবাবে, তেওঁৰ পৰিয়ালৰ সদস্য হ’বলৈ তেওঁ আমাৰ বাবে বাট মুকলি কৰিছে। এনে কৰিবলৈ যিহোৱাই এক ডাঙৰ ত্যাগ কৰিছে। (যোহ. ৩:১৬) বাইবেলে কৈছে যে আমাক “মূল্যৰে কিনা” হৈছে। (১ কৰি. ৬:২০) যিহোৱা ঈশ্বৰে মুক্তিপণস্বৰূপ বলিদানৰ ব্যৱস্থা কৰাৰ বাবে আমি তেওঁৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। আমি বিশ্ববহ্মাণ্ডৰ একমাত্ৰ মহান ঈশ্বৰ যিহোৱাক নিজৰ পিতৃ বুলি সম্বোধন কৰিবলৈ সন্মান লাভ কৰিছোঁ। যেনেকৈ আমি আগৰ লেখত দেখিলোঁ যে যিহোৱা সকলোতকৈ ভাল পিতৃ।

৩. আমি নিজকে কি প্ৰশ্ন সুধিব পাৰোঁ? (“ যিহোৱা ঈশ্বৰে মোৰ প্ৰতি ধ্যান দিয়েনে?” নামৰ বক্সত চাওক)

বাইবেলৰ এজন লেখকৰ দৰে আমিও হয়তো এইদৰে ক’ব পাৰোঁ, “মই যিহোৱাৰ পৰা যি সকলো মঙ্গল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম?” (গীত. ১১৬:১২) প্ৰকৃততে আমাৰ পিতৃ যিহোৱাই কৰা কৃতজ্ঞতাৰ পৰিশোধ আমি কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু তেওঁ আমাক প্ৰেম কৰাৰ বাবে আমিও তেওঁক প্ৰেম কৰিব পাৰোঁ। পাঁচনি যোহনে এইদৰে লিখিছিল, “তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” (১ যোহ. ৪:১৯) আমাৰ পিতৃ যিহোৱাক আমি প্ৰেম কৰোঁ বুলি কি কি উপায়েৰে দেখুৱাব পাৰোঁ।

যিহোৱাৰ কাষত থাকক

যদি আমি যিহোৱাক প্ৰেম কৰোঁ, তেনেহ’লে আমি নিৰন্তৰে প্ৰাৰ্থনা কৰিম, তেওঁৰ আজ্ঞা পালন কৰিম আৰু আনক তেওঁৰ বিষয়ে জনাম (অনুচ্ছেদ ৪-১৪ চাওক)

৪. যাকোব ৪:৮ পদৰ অনুসৰি আমি কিয় যিহোৱাৰ কাষ চাপিবলৈ চেষ্টা কৰি থকা উচিত?

আমি যিহোৱাৰ কাষত থকা আৰু তেওঁৰ লগত কথা পতাটো তেওঁ বিচাৰে। (যাকোব ৪:৮ পঢ়ক।) আমি প্ৰাৰ্থনাত লাগি থাকিবলৈ তেওঁ আমাক উৎসাহিত কৰে আৰু আমাৰ প্ৰাৰ্থনা শুনিবলৈ তেওঁ সদায় সাজু থাকে। (ৰোম. ১২:১২) যিহোৱাই কেতিয়াও ব্যস্ত নাথাকে বা তেওঁ ভাগৰি নপৰে যে তেওঁ আমাৰ প্ৰাৰ্থনা নুশুনিব। সেইবাবে, আমিও যিহোৱাৰ কথা শুনা উচিত। কেনেকৈ বাৰু? তেওঁৰ বাক্য বাইবেল আৰু তেওঁৰ ভাৱধাৰাৰ বিষয়ে লিখা প্ৰকাশনবোৰ পঢ়াৰ যোগেদি তেওঁৰ কথা আমি শুনিব পাৰোঁ। যিহোৱাৰ কথা শুনাৰ এটা উপায় হৈছে সভাত ধ্যান দি শুনা। যিদৰে পিতৃ-মাতৃ আৰু ল’ৰা-ছোৱালীয়ে একে লেথাৰিয়ে কথা-বতৰা হৈ থাকিলে তেওঁলোকৰ মাজত থকা সম্পৰ্ক ভাল হয়, ঠিক সেইদৰে যিহোৱাৰ লগত আমাৰ কথা-বতৰা হৈ থাকিলে আমি তেওঁৰ কাষ চাপিব পাৰিম।

অনুচ্ছেদ ৫ চাওক

৫. আমি আমাৰ প্ৰাৰ্থনা কেনেকৈ উন্নতি কৰিব পাৰোঁ?

আমি নিজৰ প্ৰাৰ্থনাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত। আমাৰ চিন্তাধাৰা আৰু মনৰ সকলো কথা জনোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে। (গীত. ৬২:৮) সেইবাবে আমি নিজকে প্ৰশ্ন সোধা উচিত, ‘মোৰ প্ৰাৰ্থনা কেনেকুৱা হয়? ক’পি কৰা মেচেজৰ দৰে হয় নেকি, য’ত কোনো ভাৱনা নাথাকে? অথবা হাতেৰে লিখা এখন চিঠিৰ দৰে হয়?’ ইয়াত কোনো সন্দেহ নাই যে আপুনি যিহোৱাক অন্তৰৰপৰা প্ৰেম কৰে আৰু আপুনি বিচাৰে যে তেওঁৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় হওক। কিন্তু ইয়াৰ বাবে আপুনি একে লেথাৰিয়ে তেওঁৰ লগত কথা পতাৰ প্ৰয়োজন। আপোনাৰ মনৰ কথা তেওঁক জনাওক। আপুনি কি কথাৰ বাবে আনন্দিত হয় আৰু আপুনি কিহৰ বাবে চিন্তা কৰে এই সকলো তেওঁক জনাওক। ভৰসা ৰাখক যে আপুনি কোনো সংকোচ নকৰাকৈ তেওঁৰপৰা সহায় বিচাৰিব পাৰে।

৬. আমাৰ পিতৃ যিহোৱা ঈশ্বৰৰ কাষত থাকিবলৈ কিহৰ প্ৰয়োজন হয়?

আমাৰ পিতৃ যিহোৱা ঈশ্বৰৰ কাষ চাপিবলৈ হ’লে আমি যিহোৱাই কৰা ভাল কামৰ বাবে সদায় কৃতজ্ঞতা দেখুৱা উচিত। গীতৰচকৰ দৰে আমিও এই কথা বিশ্বাস কৰোঁ, “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সংকল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি; মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীত. ৪০:৫) কেৱল যিহোৱাৰ প্ৰতি আমি আন্তৰিকতাৰে কৃতজ্ঞতা দেখুৱাই যথেষ্ট নহয়। আমি আমাৰ কথা-বতৰা আৰু কাম-কাজৰ যোগেদি তেওঁৰ প্ৰতি থকা কৃতজ্ঞতা দেখুৱাব পাৰোঁ। এয়াই হৈছে জগতৰ লোক আৰু আমাৰ মাজত থকা পাৰ্থক্য। আজি বেছিভাগ লোকে ঈশ্বৰৰ ভাল কামৰ বাবে কেতিয়াও কৃতজ্ঞতা নেদেখুৱায়। প্ৰকৃততে এনেধৰণৰ আচৰণ ‘শেষ-কালৰ’ এক চিনো হয়। (২ তীম. ৩:১, ২) আমি জগতৰ লোকসকলৰ দৰে কেতিয়াও হোৱা উচিত নহয়।

৭. যিহোৱাই আমাৰপৰা কি বিচাৰে আৰু কিয়?

নিজৰ ল’ৰা-ছোৱালীয়ে এজনে-আনজনৰ লগত হাই-কাজিয়া কৰাটো পিতৃ-মাতৃয়ে কেতিয়াও নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে এজনে-আনজনৰ লগত মিলা-প্ৰীতিৰে থকাটো তেওঁলোকে বিচাৰে। সেইদৰে যিহোৱা ঈশ্বৰেও বিচাৰে যে তেওঁৰ সন্তানসকলে এজনে-আনজনৰ লগত মিলা-প্ৰীতিৰে থাকে। এই প্ৰেমেই হৈছে সত্য খ্ৰীষ্টানৰ চিন। (যোহ. ১৩:৩৫) গীতৰচকৰ দৰে আমিও এই কথা বিশ্বাস কৰোঁ যে “চোৱা, ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক।” (গীত. ১৩৩:১) আমি আমাৰ ভাই-ভনীৰ লগত মিলা-প্ৰীতিৰে থকাৰ যোগেদি আমি ক’ব বিচাৰোঁ যে আমি যিহোৱাক প্ৰেম কৰোঁ। (১ যোহ. ৪:২০) ভাই-ভনীসকলৰ এই পৰিয়ালৰ ভাগ হোৱাটো কিমান যে আনন্দৰ বিষয়, কিয়নো ভাই-ভনীসকলে “পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক” হয়।—ইফি. ৪:৩২.

আজ্ঞা পালন কৰক

অনুচ্ছেদ ৮ চাওক

৮. প্ৰথম যোহন ৫:৩ পদৰ অনুসৰি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ গুৰুত্বপূৰ্ণ কাৰণ কি?

ল’ৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আজ্ঞা পালন কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে আৰু আমিও তেওঁৰ আজ্ঞা পালন কৰাটো তেওঁ বিচাৰে। (ইফি. ৬:১) আমি তেওঁৰ আজ্ঞা পালন কৰা উচিত, কিয়নো তেওঁ আমাক জীৱন দিছে, জীয়াই থাকিবলৈ যি প্ৰয়োজন সেই সকলো তেওঁ আমাক দিয়ে আৰু জগতৰ সকলো পিতৃতকৈ তেওঁ বুদ্ধিমান। কিন্তু যিহোৱাৰ আজ্ঞা পালন কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি তেওঁক প্ৰেম কৰোঁ। (১ যোহন ৫:৩ পঢ়ক।) যদিও যিহোৱাৰ আজ্ঞা পালন কৰাৰ বহুতো কাৰণ আছে, তথাপি আমি তেওঁৰ আজ্ঞা পালন কৰিবলৈ তেওঁ আমাক জোৰ নিদিয়ে। তেওঁ আমাক নিজৰ ইচ্ছামতে কাম কৰিবলৈ স্বাধীনতা দিছে। সেইবাবে, যেতিয়া আমি প্ৰেমৰ বাবে তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়।

৯-১০. যিহোৱাৰ নিয়মবোৰ জনা আৰু তাক পালন কৰা কিয় প্ৰয়োজন?

পিতৃ-মাতৃয়ে তেওঁলোকৰ ল’ৰা-ছোৱালী বিপদত পৰাটো নিবিচাৰে। সেইবাবে, তেওঁলোকে ল’ৰা-ছোৱালীৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰিত কৰে, যাক পালন কৰিলে ল’ৰা-ছোৱালীৰ ভাল হয়। যেতিয়া ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ আজ্ঞা পালন কৰে, তেতিয়া তেওঁলোকে দেখুৱায় যে তেওঁলোকে পিতৃ-মাতৃক ভৰসা আৰু সন্মান কৰে। পিতৃ-মাতৃসকলৰ নিচিনা যিহোৱাই আমাৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰিত কৰিছে। সেই নিয়মবোৰৰ বিষয়ে জনা আৰু তাক পালন কৰা অতি প্ৰয়োজন। এনে কৰাৰ যোগেদি আমি দেখুৱাওঁ যে আমি যিহোৱাক প্ৰেম আৰু সন্মান কৰোঁ। এনে কৰিলে আমাৰ নিজৰেই লাভ হয়। (যিচ. ৪৮:১৭, ১৮) আনহাতে, যিসকলে লোকে যিহোৱাক সন্মান নকৰে আৰু তেওঁৰ নিয়মবোৰ পালন নকৰে, তেওঁলোকে নিজৰে হানি কৰে।—গালা. ৬:৭, ৮.

১০ যদি আমি যিহোৱাই দেখুৱা পথৰ অনুসৰি জীৱন অতিবাহিত কৰিম, তেনেহ’লে আমি এনে কামৰপৰা আঁতৰি থাকিম, যিয়ে আমাৰ শাৰিৰীক আৰু মানসিকভাৱে ক্ষতি কৰিব পাৰে বা যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক নাইকিয়া কৰিব পাৰে। আমাৰ বাবে কি ভাল, যিহোৱাই ভালদৰে জানে। আমেৰিকাত বাস কৰা অৰʼৰা নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “মই জানোঁ যে যিহোৱাৰ আজ্ঞা পালন কৰিলে আমি জীৱনত আনন্দিত থাকিম।” এই কথাষাৰ সদায় সত্য। যিহোৱাৰ আজ্ঞা পালন কৰি আপোনাৰ কি কি লাভ হৈছে?

১১. প্ৰাৰ্থনাই আমাক কেনেকৈ সহায় কৰে?

১১ কিছুমান আজ্ঞা পালন কৰিবলৈ হয়তো কঠিন হ’ব পাৰে। যদি আমি প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে ইয়ে আমাক আজ্ঞা পালন কৰিবলৈ সহায় কৰিব। কেতিয়াবা কেতিয়াবা আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ বহুতো সংঘৰ্ষ কৰিব লগা হয়। কিয়নো আমাৰ পাপ কৰাৰ দুৰ্বলতা আছে। কিন্তু আমি এই দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰোঁ, সিমান চেষ্টা কৰা উচিত। গীতৰচকে ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, “তুমি মোক জ্ঞান দিয়া, তাতে মই তোমাৰ ব্যৱস্থা মানিম; মই অৱশ্য সমস্ত চিত্তেৰে তাক পালন কৰিম।” (গীত. ১১৯:৩৪) ডেনিছ নামৰ এগৰাকী অগ্ৰগামী সেৱা কৰা ভনীয়ে এইদৰে কয়, “যেতিয়া যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ মোৰ বাবে কঠিন হয়, তেতিয়া মই আজ্ঞাটো পালন কৰিবলৈ শক্তি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ।” যদি আমি এইদৰে প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱা ঈশ্বৰে সেই প্ৰাৰ্থনাৰ নিশ্চয় উত্তৰ দিব।—লূক ১১:৯-১৩.

আমাৰ পিতৃ যিহোৱাক প্ৰেম কৰিবলৈ আনক সহায় কৰক

১২. ইফিচীয়া ৫:১ পদৰ অনুসৰি আমি কি কৰা উচিত?

১২ ইফিচীয়া ৫:১ পঢ়ক। যিহোৱাৰ প্ৰিয় সন্তান হিচাপে আমি তেওঁৰ দৰে গুণ প্ৰকাশ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। যেতিয়া আমি আনক দয়া দেখুৱাওঁ, তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰোঁ আৰু তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰোঁ, তেতিয়া আমি যিহোৱাৰ উদাহৰণ অনুকৰণ কৰা যেন হয়। আমাৰ ভাল আচাৰ-ব্যৱহাৰ দেখি এতিয়ালৈকে যিহোৱাক নজনা লোকসকলেও তেওঁক জানিব বিচাৰিব। (১ পিত. ২:১২) যিহোৱাই আমাৰ লগত যিদৰে ব্যৱহাৰ কৰে, পিতৃ-মাতৃসকলেও নিজৰ সন্তানৰ লগত সেইদৰে ব্যৱহাৰ কৰা উচিত। যেতিয়া পিতৃ-মাতৃসকলে যিহোৱাক অনুকৰণ কৰিব, তেতিয়া ল’ৰা-ছোৱালীও যিহোৱাক প্ৰেম কৰিব।

অনুচ্ছেদ ১৩ চাওক

১৩. আমি কিহৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা উচিত?

১৩ বেছিভাগ সৰু ল’ৰা-ছোৱালীয়ে নিজৰ পিতৃক লৈ গৰ্ব অনুভৱ কৰে আৰু তেওঁলোকে নিজৰ পিতৃৰ বিষয়ে আনন্দেৰে আনক কয়। আমিও নিজৰ পিতৃ যিহোৱাক লৈ গৰ্ব অনুভৱ কৰোঁ আৰু আনে তেওঁৰ বিষয়ে জনাটো আমি বিচৰোঁ। আমি ৰজা দায়ূদৰ দৰে এইদৰে অনুভৱ কৰোঁ, “মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰিব।” (গীত. ৩৪:২) যদি আমি লাজুকীয়া স্বভাৱৰ হোৱাৰ বাবে আনক যিহোৱাৰ বিষয়ে ক’বলৈ সংকোচ কৰোঁ, তেনেহ’লে আমি কি কৰিব পাৰোঁ? আমি কেনেকৈ সাহস গোটাব পাৰোঁ? আমি এই বিষয়ে গভীৰভাৱে চিন্তা কৰিব পাৰোঁ যে যদি আমি যিহোৱাৰ বিষয়ে আনক কওঁ, তেনেহ’লে যিহোৱা কিমান আনন্দিত হ’ব আৰু আনেও কিমান লাভৱান হ’ব। প্ৰথম শতিকাৰ ভাই-ভনীসকলক যিহোৱাই যিদৰে সাহস দিছিল, ঠিক সেইদৰে যিহোৱাৰ বিষয়ে আনক ক’বলৈ তেওঁ আমাক সহায় কৰিব।—১ থিচ. ২:২.

১৪. কি কি কাৰণৰ বাবে আমি শিষ্য বনোৱা কাম কৰা উচিত?

১৪ যিহোৱা ঈশ্বৰে কাৰো লগত পক্ষপাত নকৰে। সেইবাবে, যেতিয়া আমি লোকসকলক প্ৰেম কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। (পাঁচ. ১০:৩৪, ৩৫) আনক প্ৰেম কৰাৰ এটা উত্তম উপায় হৈছে তেওঁলোকক শুভবাৰ্তা জনোৱা। (মথি ২৮:১৯, ২০) এই কামৰপৰা কি লাভ হয়? যিসকল লোকে আমাৰ বাৰ্তা গ্ৰহণ কৰে তেওঁলোকে বৰ্তমান সময়ত এক ভাল জীৱন অতিবাহিত কৰে আৰু ভৱিষ্যতে তেওঁলোকে অনন্ত জীৱন লাভ কৰিব।—১ তীম. ৪:১৬.

আমাৰ পিতৃ যিহোৱাক প্ৰেম কৰক আৰু আনন্দত থাকক

১৫-১৬. আনন্দত থাকিবলৈ আমাৰ ওচৰত কি কি কাৰণ আছে?

১৫ যিহোৱাই আমাক সকলোকে প্ৰেম কৰা পিতৃ হয়। সেইবাবে, তেওঁৰ পৰিয়ালৰ সকলো লোকে আনন্দত থকাটো তেওঁ বিচাৰে। (যিচ. ৬৫:১৪) সমস্যা থকাৰ সত্ত্বেও আজি আমি বহুতো কাৰণত আনন্দত থাকিব পাৰোঁ। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ পিতৃ যিহোৱাই আমাক বহুত প্ৰেম কৰে। আমি ঈশ্বৰৰ বাক্য বাইবেলৰ সঠিক অৰ্থ বুজিব পাৰিছোঁ। (যিৰি. ১৫:১৬) আমি এনে পৰিয়ালৰ সদস্য হয়, যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁৰ নৈতিক নিয়মবোৰ আনন্দেৰে পালন কৰে আৰু এজনে-আনজনক প্ৰেম কৰে।—গীত. ১০৬:৪, ৫.

১৬ আমি সদায় আনন্দত থাকিব পাৰোঁ, কিয়নো আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ যে আহিবলগীয়া সময়ত আমাৰ জীৱন আনন্দময় হৈ পৰিব। অতি সোনকালে যিহোৱা ঈশ্বৰে দুষ্টতাক নাশ কৰিব আৰু তেওঁৰ ৰাজ্যৰ অধীনত পৃথিৱীখনক পুনৰ প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। মৃত লোকসকল পুনৰ জীৱিত হোৱাৰ আশা আছে আৰু আমি তেওঁলোকক পুনৰ লগ পাম। (যোহ. ৫:২৮, ২৯) সেইসময়ত কি যে আনন্দময় পৰিৱেশ হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে অতি সোনকালে এনে এক সময় আহিব, যেতিয়া স্বৰ্গ আৰু পৃথিৱীৰ সকলো লোকে আমাৰ পিতৃ যিহোৱাক মহিমা, প্ৰশংসা আৰু উপাসনা কৰিব, যাৰ বাবে তেওঁ যোগ্য হয়।

গীত ১২ যিহোৱা মহান ঈশ্বৰ

^ অনু. 5 আমি জানোঁ যে যিহোৱা ঈশ্বৰে আমাক বহুত প্ৰেম কৰে আৰু তেৱেঁই আমাক নিজৰ উপাসকসকলৰ পৰিয়ালৰ সদস্য হ’বলৈ সুযোগ দিছে। সেইবাবে, আমিও তেওঁক প্ৰেম কৰোঁ। আমাৰ পিতৃ যিহোৱাক আমি প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? এনে কৰাৰ কিছুমান উপায় এই লেখত উল্লেখ কৰা হৈছে।