Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৯

যিহোৱাই আপোনাক শান্ত্বনা দিয়ক

যিহোৱাই আপোনাক শান্ত্বনা দিয়ক

“মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীত. ৯৪:১৯.

গীত ৪৪ দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা

লেখৰ এক আভাস *

১. (ক) কি কি কাৰণৰ বাবে আমি চিন্তিত হ’ব পাৰোঁ? (খ) আমি কি ভাবিব পাৰোঁ?

আপুনি কেতিয়াবা গভীৰ চিন্তাত * পৰিছিল নে? আপুনি হয়তো কাৰোবাৰ কথা আৰু ব্যৱহাৰৰপৰা আঘাত পাইছে বা আপুনি কৰা নিজৰ ভুলৰ বাবে দোষী অনুভৱ কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে যিহোৱা ঈশ্বৰে আপোনাক কেতিয়াও ক্ষমা নকৰিব। আপুনি হয়তো এয়াও ভাবিব পাৰে যে আপোনাৰ বিশ্বাস কম হোৱাৰ বাবে আপুনি ইমান চিন্তিত হৈ আছে। কিন্তু এয়া সত্যনে?

২. বাইবেলৰ কোনবোৰ উদাহৰণে দেখুৱায় যে চিন্তা কৰাৰ অৰ্থ বিশ্বাস নথকা নুবুজায়?

বাইবেলত উল্লেখ কৰা কিছুমান লোকৰ বিষয়ে ধ্যান দিয়ক। উদাহৰণস্বৰূপে ভৱিষ্যতবক্তা চমূৱেলৰ মাতৃ হান্না, পৌল আৰু দায়ূদৰ বিষয়ে চাব পাৰোঁ। হান্নাৰ বিশ্বাস দৃঢ় আছিল। তথাপিও তাই এসময়ত বহুত চিন্তিত আছিল। কিয়নো তাইৰ পৰিয়ালৰ কিছুমান লোকে তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। (১ চমূ. ১:৭) পাঁচনি পৌলৰো বিশ্বাস দৃঢ় আছিল, তথাপিও “সকলো মণ্ডলীৰ চিন্তাই” তেওঁক আগুৰি ধৰিছিল। (২ কৰি. ১১:২৮) ৰজা দায়ূদৰ বিশ্বাস ইমানেই দৃঢ় আছিল যে তেওঁ যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। (পাঁচ. ১৩:২২) তথাপিও দায়ূদে বহুতো ভুল কাম কৰিছিল, যাৰ বাবে তেওঁ গভীৰ চিন্তাত পৰিছিল। (গীত. ৩৮:৪) যিহোৱা ঈশ্বৰে তেওঁলোক প্ৰতিজনকে উৎসাহ আৰু শান্ত্বনা দিলে। আহক চাওঁ, তেওঁলোকৰপৰা আমি কি শিকিব পাৰোঁ?

বিশ্বাসী হান্নাৰপৰা আমি কি শিকিব পাৰোঁ

৩. আনৰ কথাই আমাক কিয় আঘাত দিব পাৰে?

আমাক যেতিয়া কোনোবাই আঘাত লগাকৈ কথা কয় বা খঙেৰে ব্যৱহাৰ কৰে, তেতিয়া হয়তো আমাৰ মনত দুখ লাগিব পাৰে। বিশেষকৈ আমাৰ বন্ধু বা পৰিয়ালৰ লোকসকলে আমাক এনেদৰে যদি আঘাত দিয়ে, তেনেহ’লে আমাক বেছিকৈ বেয়া লাগে। আমি চিন্তা কৰিব পাৰোঁ যে আগৰ দৰে তেওঁৰ লগত আমাৰ সম্পৰ্ক নাথাকিব। যদি আমাৰ লগত কোনোবাই ভাবি-চিন্তি কথা নাপাতে, তেনেহ’লে তেওঁলোকে আমাক তৰোৱালেৰে আঘাত কৰা যেন লাগিব পাৰে। (হিতো. ১২:১৮) হয়তো কিছুমানে জানি-শুনি আমাক আঘাত দিবলৈ এনেদৰে কথা ক’ব পাৰে। এজনী যুৱতী ভনীয়ে এইদৰে কৈছিল, “কিছু বছৰৰ আগতে মোৰ এজনী ভাল বান্ধৱীয়ে মোৰ বিষয়ে চ’চিয়েল মিডিয়াত কিছুমান উৰা-বাতৰি দিলে। মোৰ বহুত দুখ লাগিল আৰু মই চিন্তিত হ’লো। মোৰ এজনী ভাল বান্ধৱী হৈ তাই এইদৰে কৰিব পাৰে বুলি মই ভবাই নাছিলোঁ। তাই মোক তৰোৱালেৰে আঘাত কৰা যেন লাগিল।” যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহ’লে আপুনি হান্নাৰপৰা বহু কিছু শিকিব পাৰে।

৪. হান্নাৰ জীৱনত কি কি সমস্যা আছিল?

হান্নাৰ জীৱনত কিছুমান ডাঙৰ ডাঙৰ সমস্যা আছিল। তাইৰ কোনো সন্তান নাছিল। (১ চমূ. ১:২) কিছুমান ইস্ৰায়েলীয়ে বিশ্বাস কৰিছিল যে যদি এজনী তিৰোতাৰ সন্তান নাথাকে, তেনেহʼলে তাইৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ নাই। সেইবাবে, হান্নাই নিজকে তুচ্ছ বুলি গণ্য কৰিছিল। (আদি. ৩০:১, ২) হান্নাৰ এগৰাকী সতিনী আছিল আৰু তাই হান্নাক বহুতো দুখ-কষ্ট দিছিল। সতিনী পিনিন্নাৰ বহুতো সন্তান আছিল আৰু তাই হান্নাৰ ওপৰত ঈৰ্ষা কৰিছিল। তাই হান্নাৰ “মনত অসন্তোষ জন্মাবলৈ তেওঁক বেজাৰ দিছিল।” (১ চমূ. ১:৬) আৰম্ভণিতে হান্নাই এই সমস্যাবোৰৰ বাবে বৰ দুখিত আছিল। তাই ইমানেই চিন্তিত আছিল যে তাই “ভোজন নকৰি কান্দি কান্দি” থাকিছিল। তাই মনত ‘বেজাৰ’ পালে। (১ চমূ. ১:৭, ১০) হান্নাই কেনেকৈ শান্ত্বনা লাভ কৰিলে?

৫. প্ৰাৰ্থনা কৰাৰ পাছত হান্নাই কেনে অনুভৱ কৰিলে?

হান্নাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু তাই কিয় চিন্তিত আছে, তাৰ বিষয়ে অন্তৰ খুলি ক’লে। প্ৰাৰ্থনা কৰাৰ পাছত তাই নিজৰ সমস্যাৰ বিষয়ে পুৰোহিত এলীক জনালে। এলীয়ে তাইক ক’লে, “তুমি শান্তিৰে যোৱা; ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত তুমি যিহৰ অৰ্থে প্ৰাৰ্থনা কৰিলা, তাক তেওঁ তোমাক দিয়ক।” তেতিয়া হান্নাই কেনে অনুভৱ কৰিলে? তাই “নিজ বাটে গুচি গৈ ভোজন কৰিলে; তেওঁৰ মুখ আৰু বিবৰ্ণ নহল।” (১ চমূ. ১:১৭, ১৮) প্ৰাৰ্থনা কৰাৰ বাবে হান্নাই শান্ত্বনা পালে।

হান্নাৰ দৰে আমি কেনেকৈ মনৰ শান্তি লাভ কৰিব পাৰোঁ আৰু ইয়াক বজাই ৰাখিব পাৰোঁ? (অনুচ্ছেদ ৬-১০ চাওক)

৬. ফিলিপীয়া ৪:৬, ৭ পদৰপৰা আৰু হান্নাৰ উদাহৰণৰপৰা আমি প্ৰাৰ্থনাৰ বিষয়ে কি শিকিব পাৰোঁ?

প্ৰাৰ্থনাত লাগি থাকিলে আমি শান্ত্বনা লাভ কৰিব পাৰোঁ। হান্নাই নিজৰ সমস্যাৰ বিষয়ে বহু দেৰিলৈকে প্ৰাৰ্থনা কৰিলে। (১ চমূ. ১:১২) আমি আমাৰ সমস্যা, চিন্তা আৰু দুৰ্বলতাৰ বিষয়ে বহু দেৰিলৈকে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাৰ্থনা কৰাৰ সময়ত আমি সুন্দৰ আৰু প্ৰভাৱশালী শব্দ কোৱাৰ প্ৰয়োজন নাই। হয়তো আমি সমস্যাৰ বিষয়ে কোৱাৰ সময়ত কান্দিবও পাৰোঁ। তথাপিও যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনি খং নকৰে। আমি যিহোৱাক কেৱল আমাৰ সমস্যাৰ বিষয়ে কোৱাৰ পৰিৱৰ্তে, আমি ধন্যবাদো দিয়া উচিত। (ফিলিপীয়া ৪:৬, ৭ পঢ়ক।) পৌলে এই বিষয়ে পৰামৰ্শও দিছিল যে আমি বহুতো বিষয়ে যিহোৱাক ধন্যবাদ দিব পাৰোঁ। উদাহৰণস্বৰূপে, তেওঁ আমাক জীৱন দিছে, সুন্দৰ বস্তু সৃষ্টি কৰিছে, তেওঁ আমাক প্ৰকৃত প্ৰেম কৰে আৰু তেওঁ আমাক উজ্জ্বল ভৱিষ্যতৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে। আহক এতিয়া চাওঁ হান্নাৰপৰা আমি আৰু কি শিকিব পাৰোঁ?

৭. হান্নাই নিজৰ স্বামীৰ লগত নিয়মীয়াকৈ কি কৰিছিল?

যদিও হান্নাৰ জীৱনত বহুতো সমস্যা আছিল, তথাপিও তাই নিজৰ স্বামীৰ লগত নিয়মীয়াকৈ যিহোৱাৰ উপাসনা কৰিবলৈ চীলোলৈ গৈছিল। (১ চমূ. ১:১-৫) হান্নাই যিহোৱাৰ মন্দিৰলৈ গৈছিল আৰু তাত তাই এলীৰ কথা-বতৰাৰপৰা উৎসাহিত হৈছিল। তাইক এলীয়ে কৈছিল যে যিহোৱাই তাইৰ প্ৰাৰ্থনা শুনিব।—১ চমূ. ১:৯, ১৭.

৮. সভাত উপস্থিত হ’লে আমি কেনেকৈ মনত শান্তি লাভ কৰোঁ?

সভাত নিয়মীয়াকৈ উপস্থিত হ’লে, আমি শান্ত্বনা লাভ কৰিব পাৰোঁ। সভাৰ আৰম্ভণিতে যিহোৱালৈ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰা হয়। পবিত্ৰ আত্মাৰ এটা ফল হৈছে শান্তি। (গালা. ৫:২২) যদি আমি চিন্তিত হোৱাৰ সত্ত্বেও সভাত উপস্থিত হওঁ, তেনেহ’লে যিহোৱা আৰু আমাৰ ভাই-ভনীসকলে আমাক উৎসাহিত কৰিব। সেইবাবে, আমি মনত শান্ত্বনা লাভ কৰোঁ। যিহোৱা ঈশ্বৰে বিশেষকৈ প্ৰাৰ্থনা আৰু সভাৰ যোগেদি আমাক শান্ত্বনা দিয়ে। (ইব্ৰী ১০:২৪, ২৫) আমি হান্নাৰপৰা আৰু বহুতো কথা শিকিব পাৰোঁ।

৯. (ক) হান্নাৰ সমস্যা লগে লগে দূৰ হৈছিল নে? (খ) তাই কেনেকৈ শান্ত্বনা লাভ কৰিলে?

প্ৰাৰ্থনা কৰা আৰু মন্দিৰলৈ যোৱাৰ লগে লগে হান্নাৰ সমস্যা দূৰ হোৱা নাছিল। হান্নাই ঘৰলৈ পুনৰ উভিত যোৱাৰ পাছত, তাইৰ সতিনী পিনিন্নাৰ লগত থাকিবলগীয়া হৈছিল। পিনিন্নাই হান্নাৰ লগত ভাল ব্যৱহাৰ কৰিছিল বুলি বাইবেলত উল্লেখ কৰা নাই। ইয়াৰ উপৰিও, হয়তো হান্নাই আগৰ দৰে আঘাত লগা থকা শুনিবলগীয়া হৈছিল। কিন্তু তাই আগৰ দৰে দুখিত হোৱা নাছিল। তাই মনত শান্ত্বনা লাভ কৰিলে। তাই সমস্যাবোৰ যিহোৱাৰ ওপৰত এৰি দিলে আৰু সেইবাবে, তাই নিজৰ সমস্যাৰ বিষয়ে বেছিকৈ চিন্তা নকৰি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। পাছলৈ যিহোৱাৰ আশীৰ্বাদত তাই এটি সন্তান লাভ কৰিলে।—১ চমূ. ১:১৯, ২০; ২:২১.

১০. হান্নাৰপৰা আমি আৰু কি শিকিব পাৰোঁ?

১০ যদিও আমাৰ সমস্যা দূৰ নহয় তথাপিও আমি শান্ত্বনা লাভ কৰিব পাৰোঁ। যদিও যিহোৱালৈ অন্তৰৰপৰা প্ৰাৰ্থনা কৰোঁ, সভাত নিয়মীয়াকৈ উপস্থিত হওঁ, তথাপিও আমাৰ সমস্যা হয়তো দূৰ নহ’বও পাৰে। আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, হান্নাৰপৰা আমি শিকিব পাৰিলোঁ যে যিহোৱাই আমাক শান্ত্বনা দিব পাৰে। যিহোৱাই আমাক কেতিয়াও নাপাহৰে। যিহোৱাই এদিন নহয় এদিন আমাৰ বিশ্বাসৰ পুৰস্কাৰ দিব।—ইব্ৰী ১১:৬.

পাঁচনি পৌলৰপৰা আমি কি শিকিব পাৰোঁ?

১১. পৌলে কি কি বিষয়ে চিন্তিত হৈছিল?

১১ পৌলে বহুতো কথাত চিন্তিত আছিল। ইয়াৰে ভিতৰত এটা হৈছে, তেওঁ নিজৰ ভাই-ভনীৰ প্ৰতি বহুত চিন্তা কৰিছিল। পৌলে নিজৰ ভাই-ভনীক বহুত প্ৰেম কৰিছিল। সেইবাবে, তেওঁলোকৰ দুখ-কষ্টবোৰ দেখি তেওঁ বৰ দুখিত হৈছিল। (২ কৰি. ২:৪, ১১:২৮) পৌলে প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত বহুতো বিৰোধৰ সন্মুখীন হৈছিল। পৌলক বেয়াকৈ মাৰ-ধৰ কৰিছিল আৰু জেলত ভৰোৱা হৈছিল। পৌলে আৰু বহুতো দুখ-কষ্টৰ ভুগিবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা তেওঁক “অভাৱত” থাকিবলগীয়া হৈছিল। (ফিলি. ৪:১২) তেওঁৰ জাহাজ তিনিবাৰ ভাঁঙিছিলি। সেইবাবে, অনুমান কৰিব পাৰোঁ যে তেওঁ যেতিয়া জাহাজাত যাত্ৰা কৰে, তেতিয়া হয়তো তেওঁ কিমান ভয় খাইছিল। (২ কৰি. ১১:২৩-২৭) পৌলে এই সকলো চিন্তাৰ সন্মুখীন কেনেকৈ হৈছিল?

১২. পৌলৰ চিন্তা কেনেকৈ কম হ’ল?

১২ পৌলে যদিও নিজৰ ভাই-ভনীসকলৰ সমস্যাবোৰ দেখি দুখিত হৈছিল, তথাপিও তেওঁ অকলেই সেই সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰা নাছিল। পৌলে নিজৰ সীমা ভালদৰে জানিছিল। সেইবাবে, মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ পৌলে আন ভাইসকলৰপৰা সহায় বিচাৰিছিল। তীমথিয় আৰু তীতৰ দৰে বিশ্বাসী ভাইসকলক পৌলে কিছুমান দায়িত্ব দিছিল। এই ভাইসকলে পৌলক যেতিয়া সহায় কৰিছিল, তেতিয়া তেওঁৰ চিন্তা কম হৈছিল।—ফিলি. ২:১৯, ২০; তীত ১:১, ৪, ৫.

চিন্তাই যাতে আমাক আগুৰি নধৰে, তাৰ বাবে পৌলৰ দৰে আমি কি কৰিব পাৰোঁ? (অনুচ্ছেদ ১৩-১৫ চাওক)

১৩. পৌলৰ দৰে প্ৰাচীনসকলে কি কৰিব পাৰে?

১৩ আনৰপৰা সহায় বিচাৰক। আজিও বহুতো প্ৰাচীনে নিজৰ ভাই-ভনীৰ দুখ-কষ্ট দেখি বহুত চিন্তিত হয়। কিন্তু কোনো প্ৰাচীনে অকলে সকলোকে সহায় কৰিব নোৱাৰে। যিজন প্ৰাচীনে নিজৰ সীমা ভালদৰে বুজি পায়, তেওঁ আন যোগ্য ভাইসকলৰপৰা সহায় বিচাৰে আৰু দুখ-কষ্টত থকা ভাইসকলক কেনেকৈ সহায় কৰিব লাগে, তাক তেওঁ ডেকা ভাইসকলক শিক্ষা দিয়ে।—২ তীম. ২:২.

১৪. (ক) পৌলে কি কথা ভবা নাছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

১৪ আপোনাক শান্ত্বনাৰ প্ৰয়োজন আছে বুলি স্বীকাৰ কৰক। পৌল নম্ৰ আছিল। সেইবাবে, তেওঁ জানিছিল যে তেওঁক শান্ত্বনাৰ প্ৰয়োজন আছে। পৌলক যেতিয়া আন শান্ত্বনা দিছিল তেতিয়া তেওঁ স্বীকাৰ কৰিছিল। পৌলে এইদৰে ভবা নাছিল যে যদি আন ভাই-ভনীসকলে তেওঁক উৎসাহিত কৰিব, তেনেহʼলে আন লোকসকলে তেওঁক দুৰ্বল বুলি ভাবিব। পৌলে ফিলীমনৰপৰা বহুতো শান্ত্বনা লাভ কৰিছিল। সেইবাবে, তেওঁ ফিলীমনৰ বিষয়ে চিঠিত এইদৰে লিখিছিল, “তোমাৰ প্ৰেমত আমি অতি আনন্দ আৰু শান্ত্বনা পালোঁ।” (ফিলী. ৭) পৌলে আন ভাই-ভনীসকলৰপৰাও সাহস লাভ কৰিছিল, যাৰ বিষয়ে তেওঁ আন এখন চিঠিত উল্লেখ কৰিছিল। (কল. ৪:৭-১১) আমাকো উৎসাহৰ প্ৰয়োজন আছে বুলি যদি আমি নম্ৰতাৰে স্বীকাৰ কৰোঁ, তেনেহ’লে আমাৰ ভাই-ভনীসকলে আমাক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিব।

১৫. পৌলে নিৰাশাত ভোগাৰ সময়ত কি কৰিছিল?

১৫ ঈশ্বৰৰ বাক্যৰপৰা শান্ত্বনা লাভ কৰক। ঈশ্বৰৰ বাক্যৰপৰা সাহস লাভ কৰিম বুলি পৌলে জানিছিল। (ৰোম. ১৫:৪) যিকোনো সমস্যাৰ সন্মুখীন হʼবলৈ ঈশ্বৰৰ বাক্যই পৌলক বুদ্ধি দিব পাৰে। (২ তীম. ৩:১৫, ১৬) পৌলে দ্বিতীয়বাৰ ৰোমত বন্দী থকাৰ সময়ত তেওঁ ভাবিছিল যে তেওঁ মৃত্যুৰ একেবাৰে কাষত আছে। সেইসময়ত তেওঁ বৰ নিৰাশাত ভুগিছিল। সেই পৰিস্থিতিত তেওঁ কি কৰিলে? তীমথিয়ক লগে লগে তেওঁৰ ওচৰলৈ আহিবলৈ খবৰ পঠায় আৰু পুস্তকবোৰ লৈ আনিবলৈ কয়। (২ তীম. ৪:৬, ৭, ১৩) হয়তো এই পুস্তকবোৰ হীব্ৰু শাস্ত্ৰৰ নুৰা আছিল। এইবোৰ অধ্যয়ন কৰিবলৈ পৌলে খুজি পঠাইছিল। পৌলৰপৰা আমি শিকিব পাৰিলোঁ যে আমি আমাৰ সমস্যাৰ সময়ত নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰা উচিত। আমাৰ সমস্যা যিমানেই ডাঙৰ নহওক কিয়, যিহোৱা ঈশ্বৰে নিজৰ বাক্যৰ যোগেদি আমাক নিশ্চয় শান্ত্বনা দিব।

ৰজা দায়ূদৰপৰা আমি কি শিকিব পাৰোঁ?

যদি আমি কিবা গম্ভীৰ পাপ কৰিছোঁ, তেনেহʼলে আমি দায়ূদৰ দৰে কি কৰা উচিত? (অনুচ্ছেদ ১৬-১৯ চাওক)

১৬ দায়ূদে এক গভীৰ পাপ কৰাৰ বাবে কি ভুগিবলগীয়া হৈছিল?

১৬ দায়ূদে গভীৰ পাপ কৰিছিল। তেওঁ বৎচেবাৰ লগত ব্যাভিচাৰ কৰিছিল আৰু তাইৰ স্বামীক মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ নিজৰ অপৰাধক কিছু সময়ৰ বাবে লুকুয়াই ৰাখিবলৈ চেষ্টা কৰিছিল। (২ চমূ. ১২:৯) দায়ূদৰ বিবেকেও তেওঁক দংশন কৰিবলৈ ধৰিলে। কিন্তু তেওঁ নিজৰ বিবেকৰ কথা নুশুনিলে। সেইবাবে, যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক নাইকিয়া হʼল। তেওঁ বহুত হতাশাত ভুগিছিল আৰু বেমাৰো হৈছিল। (গীত. ৩২:৩, ৪) দায়ূদে নিজৰ ওপৰলৈ যি সমস্যা আনিছিল, তাৰ বাবে তেওঁ বহুত চিন্তাত পৰিছিল। কিন্তু পাছলৈ তেওঁ কেনেকৈ সেই সমস্যাৰ সন্মুখীন হ’বলৈ পাৰিলে? যদি আমিও পাপ কৰাৰ বাবে হতাশাত ভোগোঁ, তেনেহʼলে আমি কি কৰা উচিত?

১৭ গীতমালা ৫১:১-৪ পদপৰা আমি কেনেকৈ বুজিব পাৰোঁ যে দায়ূদে সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰিলে?

১৭ ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰক। পাছলৈ দায়ূদে বহুত অনুতাপ কৰিলে। যিহোৱালৈ প্ৰাৰ্থনা কৰি তেওঁ নিজৰ পাপ স্বীকাৰ কৰিলে। (গীতমালা ৫১: ১-৪ পঢ়ক।) অৱশেষত তেওঁৰ মনৰ বোজা পাতল হʼল আৰু তেওঁ শান্ত্বনা লাভ কৰিলে। (গীত. ৩২:১, ২, ৪, ৫) যদি আপুনি কিবা গভীৰ পাপ কৰে, তেনেহʼলে আপুনি কেতিয়াও লুকুৱাবলৈ চেষ্টা নকৰিব। যিহোৱালৈ প্ৰাৰ্থনা কৰি নিজৰ পাপ স্বীকাৰ কৰক। এনে কৰিলে আপুনি দুখৰ ভাবনাত চিন্তিত নহʼব। ইয়াৰ পৰিৱৰ্তে, আপুনি শান্ত্বনা লাভ কৰিব। কিন্তু প্ৰাৰ্থনা কৰাই যথেষ্ট নহয়, যিহোৱাৰ লগতে আপোনাৰ বন্ধুত্ব পুনৰ গঢ়ি তুলিবলৈ আৰু কিছু কৰাৰ প্ৰয়োজন আছে।

১৮. যেতিয়া দায়ূদক তেওঁৰ ভুলৰ বিষয়ে কোৱা হৈছিল, তেতিয়া তেওঁ কি কৰিলে?

১৮ শুধৰণিৰ বাবে দিয়া অনুশাসন পালন কৰক। যেতিয়া ভৱিষ্যতবক্তা নাথনে দায়ূদক তেওঁৰ পাপৰ বিষয়ে কʼলে তেতিয়া তেওঁ অজুহাত নেদেখুৱালে। তেওঁ যি পাপ কৰিলে, সেয়া ইমান ডাঙৰ পাপ নহয় বুলিও কোৱা নাছিল। তেওঁ লগে লগে সেই পাপ স্বীকাৰ কৰিলে। তেওঁ কৈছিল যে তেওঁ কেৱল বৎচেবাৰ বিৰুদ্ধে পাপ কৰিছে এনে নহয়, তেওঁ যিহোৱাৰ বিৰুদ্ধেও পাপ কৰিছে, যি এক গম্ভীৰ বিষয় হয়। যিহোৱাই দায়ূদক যি শাস্তি দিছিল, তাক তেওঁ স্বীকাৰ কৰিলে। সেইবাবে, যিহোৱাই তেওঁক ক্ষমা কৰিলে। (২ চমূ. ১২:১০-১৪) যদি আমি গম্ভীৰ পাপ কৰোঁ, তেনেহʼলে আমি প্ৰাচীনক জনোৱা উচিত, যাক যিহোৱাই ৰখীয়া হিচাপে নিযুক্ত কৰিছে। (যাকো. ৫:১৪, ১৫) আমি নিজকে নিৰ্দোষী বুলি ভবা উচিত নহয়। শুধৰণিৰ বাবে আমাক যি পৰামৰ্শ দিয়া হয়, তাক আমি স্বীকাৰ কৰা উচিত। আমি যিমান সোনকালে স্বীকাৰ কৰিম, সিমান সোনকালে আমি শান্ত্বনা পাম আৰু আনন্দিত হʼম।

১৯. আমি কি থিৰাং কৰা উচিত?

১৯ আপুনি পুনৰ সেই ভুল নকৰে বুলি থিৰাং কৰি লওক। ৰজা দায়ূদে জানিছিল যে পুনৰ সেই ভুল নকৰাৰ বাবে তেওঁক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে। (গীত. ৫১:৭, ১০, ১২) যিহোৱাই যেতিয়া তেওঁক ক্ষমা কৰিলে, তেতিয়া তেওঁ থিৰাং কৰিলে যে এতিয়াৰপৰা তেওঁ বেয়া কথাবোৰৰ বিষয়ে নাভাবিব। সেইবাবে, তেওঁ হেৰুৱা মনৰ শান্তি পুনৰ পালে।

২০. যিহোৱাই আমাৰ পাপ ক্ষমা কৰে বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে আমি কি কৰিম?

২০ যিহোৱাই আমাৰ পাপৰ বাবে আমাক ক্ষমা কৰে বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে তেওঁক আমি ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰিম। শুধৰণিৰ বাবে যি পৰামৰ্শ দিয়া হয়, তাক পালন কৰিম আৰু সেই পাপ পুনৰ নকৰিবলৈ চেষ্টা কৰিম। এই সকলো কৰাৰ যোগেদি আমি মনত শান্তি লাভ কৰিম। জেমচ নামৰ ভাই এজনে এই কথাৰ প্ৰমাণ পালে, যিজনে এক গভীৰ পাপ কৰিছিল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ ভুল মই প্ৰাচীনৰ আগত স্বীকাৰ কৰিলোঁ, তেতিয়া মোৰ মূৰৰপৰা এটা ডাঙৰ বোজা আঁতৰি যোৱা যেন লাগিল। মই মনত বহুত শান্ত্বনা লাভ কৰিলোঁ।” এয়া সঁচাকৈ আনন্দৰ বিষয় যে “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত. ৩৪:১৮.

২১. যিহোৱাৰপৰা শান্ত্বনা লাভ কৰিবলৈ আপুনি কি কৰা উচিত?

২১ আজি আমি একেবাৰে শেষ কালত বাস কৰিছোঁ। সেইবাবে, আহিবলগীয়া দিনত হয়তো আমি আৰু বেছিকৈ চিন্তিত হ’ব পাৰোঁ। যেতিয়া আপোনাক চিন্তাই আগুৰি ধৰে, তেতিয়া আপুনি লগে লগে যিহোৱালৈ প্ৰাৰ্থনা কৰক। মনোযোগেৰে বাইবেল অধ্যয়ন কৰক। হান্না, পৌল আৰু দায়ূদে যি কৰিলে, আপুনিও কৰক। আপোনাৰ সমস্যাৰ মূল কাৰণ কি, তাক বুজিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (গীত. ১৩৯:২৩) আপোনাৰ বোজা যিহোৱাৰ ওপৰত পেলাই দিয়ক। বিশেষকৈ, যিবোৰ সমস্যাৰ সমাধান আপোনাৰ ওচৰত নাই। এইদৰে কৰাৰ যোগেদি আপুনিও গীতৰচকৰ দৰে শান্ত্বনা লাভ কৰিব আৰু এইদৰে ক’ব পাৰিব, “মোৰ আন্তৰিক চিন্তাৰ বাহুল্য তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীত. ৯৪:১৯.

গীত ৪ “যিহোৱা মোৰ ৰক্ষক”

^ অনু. 5 আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা নিজৰ সমস্যাক লৈ বহুত চিন্তা কৰোঁ। এই লেখত আমি চাম যে প্ৰাচীন সময়ত ঈশ্বৰৰ তিনিজন সেৱকে নিজৰ সমস্যাৰ বাবে কেনেকৈ চিন্তা কৰিবলৈ ধৰিছিল। আমি এয়াও চাম যে যিহোৱাই তেওঁলোকক কেনেকৈ শান্ত্বনা দিলে।

^ অনু. 1 ইয়াৰ অৰ্থ কি: চিন্তাৰ অৰ্থ হৈছে কিবা কথাক লৈ অশান্তি ভোগা। চিন্তা হোৱাৰ বহুতো কাৰণ হ’ব পাৰে। যেনে, টকা-পইচাৰ অভাৱ, বেমাৰ, পৰিয়ালৰ সমস্যা বা আন কিবা অশান্তি হ’ব পাৰে। আমি অতীতত কৰা ভুলৰ বাবে চিন্তা কৰিও আমি নিৰাশ হ’ব পাৰোঁ অথবা আহিবলগীয়া সমস্যাৰ বিষয়ে ভাবিও আমি চিন্তিত হ’ব পাৰোঁ।