Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১১

আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?

আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?

বাপ্তিষ্মাই তোমালোকক ৰক্ষা কৰে।’—১ পিত. ৩:২১.

গীত ২৮ যিহোৱাৰ বন্ধু কোন?

লেখৰ এক আভাস *

১. ঘৰ নিৰ্মাণ কৰাৰ আগতে কি কৰাৰ প্ৰয়োজন?

কল্পনা কৰক যে এজন ব্যক্তিয়ে ঘৰ সাজিব বিচাৰে। তেওঁ ভাবি লৈছে যে তেওঁৰ ঘৰ কেনেকুৱা হোৱা উচিত। তেওঁ এতিয়া ঘৰ সাজিবলৈ ব্যৱহাৰ হোৱা সামগ্ৰী কিনিবলৈ আৰু ঘৰ সাজিবলৈ আৰম্ভ কৰি দিয়া উচিতনে? নহয়। কাম আৰম্ভ কৰাৰ আগতে তেওঁ আৰু এটা বিষয়ৰ ওপৰত ধ্যান দিয়া উচিত। ঘৰ সাজিবলৈ কিমান টকা-পইচা খৰচ হʼব, তাৰ বিষয়ে হিচাপ কৰাৰ প্ৰয়োজন। এয়া কিয় প্ৰয়োজন? কিয়নো তেওঁৰ ওচৰত যথেষ্ট পৰিমাণে টকা-পইচা থাকিলেহে তেওঁৰ ঘৰ সম্পূৰ্ণ হʼব।

২. লূক ১৪:২৭-৩০ পদৰ অনুসৰি বাপ্তিষ্মা লোৱাৰ আগতে আপুনি কিহৰ বিষয়ে ভালদৰে ভবা উচিত?

হয়তো আপুনি বাপ্তিষ্মা লোৱাৰ বিষয়ে ভাবিছে। কিয়নো আপুনি যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ। বাপ্তিষ্মা লোৱাৰ নিৰ্ণয়ো ঘৰ নিৰ্মাণ কৰাৰ দৰে হয়। আমি এয়া কিয় কʼব পাৰোঁ? মন কৰক যে লূক ১৪:২৭-৩০ পদত যীচুৱে কি কৈছে। (পঢ়ক।) এই পদবোৰত যীচুৱে বুজাইছে যে তেওঁৰ শিষ্য হʼবলৈ কেনেধৰণৰ জীৱন অতিবাহিত কৰিবলৈ সাজু থকা উচিত। তেওঁলোকে বহুতো ত্যাগ কৰা আৰু সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যীচুৰ শিষ্য হিচাপে আমি ‘খৰচটো’ স্ব-ইচ্ছাৰে গ্ৰহণ কৰা উচিত। (লূক ৯:২৩-২৬; ১২:৫১-৫৩) আপুনি এই বিষয়ে ভালদৰে ভবা উচিত যে খ্ৰীষ্টৰ শিষ্যসকলৰপৰা কি আশা কৰা হয়। এইদৰে কৰিলে আপুনি বাপ্তিষ্মা লʼবলৈ নিজকে সাজু কৰিব পাৰিব আৰু সদায় যিহোৱাৰ সেৱা কৰি থাকিব।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আপুনি হয়তো ভাবিব পাৰে যে বাপ্তিষ্মা লৈ ইমান গভীৰ দায়িত্ব লোৱাটো সঠিক হʼবনে? নিশ্চয় সঠিক হʼব। কিয়নো বাপ্তিষ্মা লোৱাৰ যোগেদি আপুনি বৰ্তমান সময়ত আৰু ভৱিষ্যতে বহুতো আশীৰ্বাদ লাভ কৰিব। এতিয়া আহক বাপ্তিষ্মাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰোঁ। এইদৰে কৰিলে আপুনি বুজিব পাৰিব যে আপুনি বাপ্তিষ্মা লোৱাৰ বাবে যোগ্য হয় নে নহয় আৰু আপুনি বাপ্তিষ্মা লোৱা উচিতনে।

সমৰ্পণ আৰু বাপ্তিষ্মাৰ বিষয়ে আপুনি কি জনা উচিত?

৪. (ক) সমৰ্পণ কি হয়? (খ) নিজকে “দমন” কৰাৰ অৰ্থ কি?

সমৰ্পণ কি হয়? বাপ্তিষ্মা লোৱাৰ আগতে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা উচিত। সমৰ্পণৰ অৰ্থ হৈছে আপুনি সদায় যিহোৱাৰ সেৱা কৰিম বুলি প্ৰাৰ্থনাত যিহোৱাক প্ৰতিজ্ঞা কৰা। এইদৰে যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব, তেতিয়া আপুনি নিজকে “দমন” কৰাৰ দৰে হʼব। (মথি ১৬:২৪ পঢ়ক।) তাৰ পাছত আপুনি যিহোৱাৰ সম্পত্তি হৈ পৰিব আৰু এয়া এক ডাঙৰ আশীৰ্বাদ হয়। (ৰোম. ১৪:৮) যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে, তেতিয়া আপুনি এটা সংকল্প কৰে অৰ্থাৎ তেওঁক আপুনি প্ৰতিজ্ঞা কৰে যে এতিয়াৰপৰা আপুনি নিজৰ ইচ্ছাৰে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰে জীৱন অতিবাহিত কৰিব। আমি এই প্ৰতিজ্ঞাক কেতিয়াও সহজভাৱে লোৱা উচিত নহয়। আমি যিহোৱালৈ প্ৰতিজ্ঞা কৰিবলৈ তেওঁ আমাক জোৰ নকৰে, কিন্তু আমি যদি এই প্ৰতিজ্ঞা কৰিছোঁ, তেনেহʼলে তাক পূৰ কৰাটো তেওঁ বিচাৰে।—গীত. ১১৬:১২, ১৪.

৫. সমৰ্পণ আৰু বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে?

সমৰ্পণ আৰু বাপ্তিষ্মাৰ মাজত কি পাৰ্থক্য আছে? সমৰ্পণ অকলশৰীয়াকৈ কৰা হয়। যিহোৱাৰ বাহিৰে আন কোনেও নাজানে যে আপুনি তেওঁক নিজৰ জীৱন সমৰ্পণ কৰিছে। কিন্তু বাপ্তিষ্মা সকলোৰে আগত লোৱা হয়, সাধাৰণতে সন্মিলন বা অধিৱেশনত। আপুনি বাপ্তিষ্মা লোৱাৰ যোগেদি লোকসকলে জানিব পাৰিব যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিলে। * তেওঁলোকে জানিব পাৰে যে আপুনি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে যিহোৱাক প্ৰেম কৰে আৰু আপুনি সদায় তেওঁৰ সেৱা কৰিবলৈ নিৰ্ণয় লৈছে।—মাৰ্ক ১২:৩০.

৬-৭. আমি কি দুটা কাৰণৰ বাবে বাপ্তিষ্মা লোৱা উচিত?

বাপ্তিষ্মা লোৱাটো সঁচাকৈ প্ৰয়োজননে? ১ পিতৰ ৩:১৮-২২ পদবোৰলৈ মন কৰক। (পঢ়ক।) নোহে যি জাহাজ বনাইছিল, ইয়ে লোকসকলৰ আগত প্ৰমাণ কৰিছিল যে যিহোৱাৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। ঠিক সেইদৰে, আপোনাৰ বাপ্তিষ্মাই প্ৰমাণ কৰিব যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিছে। কিন্তু বাপ্তিষ্মা লোৱাটো সঁচাকৈ প্ৰয়োজননে? নিশ্চয় প্ৰয়োজন। পিতৰে ইয়াৰ দুটা কাৰণ উল্লেখ কৰিছিল। প্ৰথম কাৰণ, বাপ্তিষ্মা লʼলে আপোনাৰ জীৱন ৰক্ষা পৰিব। সেয়া কেনেকৈ? যদি আপুনি নিজৰ কামৰ যোগেদি দেখুৱায় যে আপুনি যীচুৰ ওপৰত বিশ্বাস কৰে আৰু স্বীকাৰ কৰে যে তেওঁ আপোনাৰ বাবে নিজৰ জীৱন বলিদান দিলে, তেওঁক জীৱিত কৰা হʼল আৰু তেওঁ এতিয়া “ঈশ্বৰৰ সোঁহাতে আছে,” তেনেহʼলে বাপ্তিষ্মাই আপোনাক ৰক্ষা কৰিব।

দ্বিতীয় কাৰণ, বাপ্তিষ্মা লʼলে আপুনি ‘সদবিবেক’ পাব। যেতিয়া আপুনি সমৰ্পণ কৰি বাপ্তিষ্মা লʼব, তেতিয়া যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক গভীৰ হʼব। অনুতাপ কৰা আৰু মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ বাবে আপুনি পাপৰ ক্ষমা পাব। সেইবাবে, যিহোৱাৰ দৃষ্টিত আপোনাৰ বিবেক শুদ্ধ হʼব।

৮. বাপ্তিষ্মা লোৱাৰ মুখ্য কাৰণ কি হোৱা উচিত?

বাপ্তিষ্মা লোৱাৰ মুখ্য কাৰণ কি হোৱা উচিত? মনোযোগেৰে বাইবেল অধ্যয়ন কৰাৰ বাবে আপুনি যিহোৱাৰ বিষয়ে বহুতো কথা শিকিলে। যেতিয়া আপুনি জানিলে যে যিহোৱা কিমান দয়ালু ঈশ্বৰ হয়, তেতিয়া এই কথাই আপোনাৰ হৃদয় স্পৰ্শ কৰিলে আৰু আপুনিও তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। গতিকে, যিহোৱাৰ প্ৰতি থকা প্ৰেমেই বাপ্তিষ্মা লোৱাৰ মুখ্য কাৰণ হোৱা উচিত।

৯. “পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লোৱাৰ অৰ্থ কি?

বাপ্তিষ্মা লোৱাৰ আন এক কাৰণ হৈছে, আপুনি বাইবেলৰপৰা বহুতো সত্যতা শিকিলে। মনত পেলাওক যে যেতিয়া যীচুৱে শিষ্য বনোৱাৰ আজ্ঞা দিছিল, তেতিয়া তেওঁ কি কৈছিল। (মথি ২৮:১৯, ২০ পঢ়ক।) তেওঁ কৈছিল যে লোকসকলক “পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা দিয়া উচিত। ইয়াৰ অৰ্থ কি? আপুনি যিহোৱা, তেওঁৰ পুত্ৰ যীচু আৰু পবিত্ৰ আত্মাৰ বিষয়ে বাইবেলৰপৰা যি শিকিলে, তাৰ ওপৰত সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰা উচিত। এই সত্যতাই আপোনাৰ হৃদয়ত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে। (ইব্ৰী ৪:১২) আহক এনে কিছুমান সত্যতাৰ বিষয়ে আলোচনা কৰোঁ।

১০-১১. আপুনি পিতৃ যিহোৱাৰ বিষয়ে কি কি সত্যতা শিকিলে আৰু তাৰ ওপৰত বিশ্বাস কৰিলে?

১০ মনত পেলাওক যে আপুনি পিতৃৰ বিষয়ে কি কি শিকিলে। আপুনি শিকিলে যে তেওঁৰ নাম “যিহোৱা” হয়, তেওঁ “সমুদায় পৃথিৱীৰ ওপৰত সৰ্ব্বোপৰি জনা” আৰু ‘কেৱল তেৱেঁই ঈশ্বৰ’ হয়। (গীত. ৮৩:১৮; যিচ. ৩৭:১৬) যিহোৱা আমাৰ সৃষ্টিকৰ্তা হয় আৰু তেওঁতহে “পৰিত্ৰাণ আছে।” (গীত. ৩:৮; ৩৬:৯) যিহোৱাই আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিবলৈ ব্যৱস্থা কৰিছে আৰু অনন্ত জীৱন জীয়াই থকাৰ আশা দিছে। (যোহ. ১৭:৩) যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব আৰু বাপ্তিষ্মা লʼব, তেতিয়া আপুনি এজন যিহোৱাৰ সাক্ষী হৈ পৰিব। (যিচ. ৪৩:১০-১২) আপুনি যিহোৱাৰ লোকসকলৰ আন্তঃৰাষ্ট্ৰীয় পৰিয়ালৰ সদস্য হৈ পৰিব। এই পৰিয়ালৰ সদস্যসকলে গৰ্ব অনুভৱ কৰে যে তেওঁলোকৰ পৰিচয় যিহোৱাৰ নামেৰে হয় আৰু তেওঁলোকে আনক এই নামৰ বিষয়ে জনায়।—গীত. ৮৬:১২.

১১ আমি বাইবেলৰপৰা আমাৰ পিতৃ যিহোৱাৰ বিষয়ে যি সত্যতা শিকিলোঁ, সেয়া আমাৰ বাবে এক আনন্দৰ বিষয়। এই সত্যতাবোৰৰ ওপৰত বিশ্বাস কৰিলে আমাৰ হৃদয়ে আমাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ উৎসাহিত কৰিব।

১২-১৩. আপুনি পুত্ৰৰ বিষয়ে কি কি সত্যতা শিকিলে আৰু তাৰ ওপৰত বিশ্বাস কৰিলে?

১২ যেতিয়া আপুনি পুত্ৰৰ বিষয়ে সত্যতা শিকিলে, তেতিয়া আপুনি কেনে অনুভৱ কৰিলে? আপুনি শিকিলে যে গোটেই বিশ্বব্ৰহ্মাণ্ডত যিহোৱাৰ পাছত যীচুৱেই মহান হয়। তেওঁ আমাৰ মুক্তিৰ বাবে আনন্দেৰে নিজৰ জীৱন বলিদান দিলে। যেতিয়া আমি নিজৰ কামৰ যোগেদি দেখুৱাওঁ যে আমি মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰোঁ, তেতিয়া আমাৰ পাপ ক্ষমা কৰা হʼব, আমি ঈশ্বৰৰ বন্ধু হʼব পাৰিম আৰু অনন্ত জীৱন লাভ কৰিম। (যোহ. ৩:১৬) যীচু আমাৰ মহা-পুৰোহিত হয়। আমি মুক্তিপণস্বৰূপ বলিদানৰপৰা লাভৱান হোৱা আৰু যিহোৱাৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো যীচুৱে বিচাৰে। (ইব্ৰী ৪:১৫; ৭:২৪, ২৫) তেওঁ ঈশ্বৰৰ ৰাজ্যৰ ৰজা হয়। তেওঁৰ যোগেদি ঈশ্বৰে নিজৰ নাম পবিত্ৰ কৰিব, দুষ্টতাক ধ্বংস কৰিব আৰু প্ৰমোদবনত আমাক আশীৰ্বাদ দিব। (মথি ৬:৯, ১০; প্ৰকা. ১১:১৫) যীচু আমাৰ বাবে আৰ্হিও হয়। (১ পিত. ২:২১) তেওঁ গোটেই জীৱন যিহোৱাৰ ইচ্ছা পূৰ কৰিলে। এইদৰে তেওঁ আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে।—যোহ. ৪:৩৪.

১৩ বাইবেলত যীচুৰ বিষয়ে যি শিকায়, তাৰ ওপৰত বিশ্বাস কৰিলে আপুনি যীচুক প্ৰেম কৰিব। এই প্ৰেমে আপোনাক যীচুৰ দৰে গোটেই জীৱন যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ উৎসাহিত কৰিব। সেইবাবে, আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ ইচ্ছা কৰিব।

১৪-১৫. আপুনি পবিত্ৰ আত্মাৰ বিষয়ে কি কি সত্যতা শিকিলে আৰু তাৰ ওপৰত বিশ্বাস কৰিলে?

১৪ যেতিয়া আপুনি পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা শিকিলে, তেতিয়া আপুনি কেনে অনুভৱ কৰিলে? আপুনি শিকিলে যে এয়া কোনো ব্যক্তি নহয়, কিন্তু ঈশ্বৰৰ সক্ৰিয় শক্তি হয়। যিহোৱাই পবিত্ৰ আত্মাৰ সহায়ত বাইবেলখন লিখাইছিল আৰু পবিত্ৰ আত্মাৰ সহায়ত আমি বাইবেলখন বুজি পাওঁ আৰু তাত উল্লেখ কৰা কথাবোৰ নিজৰ জীৱনত পালন কৰিব পাৰোঁ। (যোহ. ১৪:২৬; ২ পিত. ১:২১) যেতিয়া যিহোৱা ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিয়ে, তেতিয়া আমি “শক্তিৰ বাহুল্যতা” লাভ কৰোঁ। (২ কৰি. ৪:৭) এই শক্তিৰ সহায়ত আমি প্ৰচাৰ কৰিব পাৰোঁ, বেয়া ইচ্ছাক দমন কৰিব পাৰোঁ, নিৰাশা ভাবনাৰপৰা ওলাই আহিব পাৰোঁ আৰু দুখ-কষ্ট সহন কৰিব পাৰোঁ। ঈশ্বৰে সন্তুষ্ট হোৱা গুণবোৰ আমি বিকশিত কৰিব পাৰোঁ। (গালা. ৫:২২) যিসকলে ঈশ্বৰৰ ওপৰত ভৰসা কৰে আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰপৰা পবিত্ৰ আত্মা বিচাৰে, সেই লোকসকলক যিহোৱা ঈশ্বৰে পবিত্ৰ আত্মা দিয়ে।—লূক ১১:১৩.

১৫ এই কথা জানি আমি সাহস লাভ কৰোঁ যে ঈশ্বৰৰ সেৱা কৰিবলৈ পবিত্ৰ আত্মাই আমাক সহায় কৰিব পাৰে। পবিত্ৰ আত্মাৰ বিষয়ে আপুনি যি শিকিলে, তাৰ ওপৰত বিশ্বাস কৰিলে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব আৰু বাপ্তিষ্মা লʼব।

১৬. এতিয়ালৈকে আমি কি শিকিলোঁ?

১৬ সমৰ্পণ আৰু বাপ্তিষ্মা আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ নিৰ্ণয় হʼব। আমি শিকিলোঁ যে আপুনি খৰচৰ হিচাপ কৰিব লাগিব অৰ্থাৎ খ্ৰীষ্টৰ শিষ্য হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হʼবলৈ আৰু ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব। কিন্তু বাপ্তিষ্মা লʼলে আপুনি ইমানেই আশীৰ্বাদ লাভ কৰিব যে ইয়াৰ আগত এই সমস্যাবোৰ একোৱেই নহয়। আপোনাৰ জীৱন ৰক্ষা পৰিব আৰু ঈশ্বৰৰ দৃষ্টিত আপোনাৰ শুদ্ধ বিবেক থাকিব। আপুনি কেৱল আশীৰ্বাদ লাভ কৰিবলৈ নহয়, কিন্তু যিহোৱাক প্ৰেম কৰাৰ বাবেহে বাপ্তিষ্মা লোৱা উচিত। আপুনি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে যি শিকিলে, তাৰ ওপৰতো বিশ্বাস কৰা উচিত। এতিয়ালৈকে আমি বাপ্তিষ্মাৰ বিষয়ে যি আলোচনা কৰিলোঁ, তাক মনত ৰাখি আপুনি এই প্ৰশ্নৰ কি উত্তৰ দিব, “আপুনি বাপ্তিষ্মাৰ বাবে সাজুনে?”

বাপ্তিষ্মা লোৱাৰ আগতে আপুনি কি কৰা উচিত?

১৭. বাপ্তিষ্মা লোৱাৰ বাবে এতিয়ালৈকে আপুনি কি কি কৰিলে?

১৭ যদি আপুনি ভাবে যে আপুনি বাপ্তিষ্মাৰ বাবে যোগ্য, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে আপুনি যিহোৱাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ বহুতো পদক্ষেপ লৈছে। * হয়তো আপুনি নিয়মীয়াকৈ বাইবেলৰ অধ্যয়ন কৰিছে আৰু যিহোৱা আৰু যীচুৰ বিষয়ে বহুতো কথা শিকিছে। ইয়াৰপৰা আপোনাৰ বিশ্বাসো দৃঢ় হৈছে। (ইব্ৰী ১১:৬) এতিয়া যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ ভৰসা হʼব আৰু আপোনাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে আপোনাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰা হʼব। কিয়নো আপুনি যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰে। হয়তো আপুনি নিজৰ পাপ অনুতাপ কৰিলে। আপুনি আগতে যি ভুল কৰিছিল, তাৰ বাবে হয়তো আপুনি দুখিত হৈছে আৰু যিহোৱাৰপৰা ক্ষমা বিচাৰিলে। আপুনি হয়তো পুৰণি জীৱনৰপৰা উভতি আহিলে অৰ্থাৎ নিজৰ বেয়া আচাৰ-ব্যৱহাৰ এৰি দিলে আৰু ঈশ্বৰে বিচৰা অনুসৰি জীৱন-যাপন কৰিছে। (পাঁচ. ৩:১৯) আপুনি যি বিশ্বাস কৰে, তাৰ বিষয়ে আনক উৎসাহেৰে জনায়। হয়তো আপুনি এজন বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হয় আৰু মণ্ডলীৰ লগত মিলি প্ৰচাৰ কৰে। (মথি ২৪:১৪) যদি আপুনি এই সকলো পদক্ষেপ লৈছে, তেনেহʼলে আপুনি যিহোৱাক আনন্দিত কৰিছে। তেওঁ আপোনাৰ প্ৰতি গৰ্ব অনুভৱ কৰে।—হিতো. ২৭:১১.

১৮. বাপ্তিষ্মা লোৱাৰ বাবে আপুনি আৰু কি কি পদক্ষেপ লোৱা উচিত?

১৮ বাপ্তিষ্মা লʼবলৈ আপুনি কিছুমান পদক্ষেপ লʼব লাগিব। আমি আগতে আলোচনা কৰিছিলোঁ যে আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিব লাগিব। অকলশৰীয়াকৈ প্ৰাৰ্থনা কৰি যিহোৱাক জনাওক যে এতিয়াৰপৰা আপুনি কেৱল তেওঁৰেই ইচ্ছা পূৰ কৰিব। (১ পিত. ৪:২) তাৰ পাছত প্ৰাচীন গোষ্ঠীৰ সমপদস্থ ভাইজনক জনাওক যে আপুনি বাপ্তিষ্মা লʼব বিচাৰিছে। সেই ভাইজনে কিছুমান প্ৰাচীনক আপোনাৰ লগত কথা পাতিবলৈ কʼব। তেওঁলোকে আপোনাৰ লগত কি কথা পাতিব, তাৰ বিষয়ে ভাবি আপুনি ভয় নকৰিব। প্ৰাচীনে আপোনাক আগৰেপৰা জানে আৰু তেওঁলোকে আপোনাক প্ৰেম কৰে। তেওঁলোকে আপোনাৰ লগত বাইবেলৰ বুনিয়াদী শিক্ষাৰ বিষয়ে আলোচনা কৰিব, যি আপুনি অধ্যয়ন কৰাৰ সময়ত শিকিছিল। তেওঁলোকে কেৱল এয়া নিশ্চিত কৰিব বিচাৰে যে আপুনি বাইবেলৰ সত্যতাবোৰ সঠিকভাৱে বুজি পাইছেনে আৰু সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো ডাঙৰ নিৰ্ণয় হয় বুলি আপুনি জানেনে? যদি প্ৰাচীনসকলে ভাবে যে আপুনি বাপ্তিষ্মাৰ বাবে যোগ্য, তেনেহʼলে তেওঁলোকে আপোনাক জনাব যে আপুনি আহিবলগীয়া সন্মিলন বা অধিৱেশনত বাপ্তিষ্মা লʼব পাৰে।

বাপ্তিষ্মা লোৱাৰ পাছত আপুনি কি কৰা উচিত?

১৯-২০. (ক) বাপ্তিষ্মা লোৱাৰ পাছত আপুনি কি কৰা উচিত? (খ) আপুনি এয়া কেনেকৈ কৰিব পাৰে?

১৯ আপোনাৰ বাপ্তিষ্মা হৈ যোৱাৰ পাছত আপুনি কি কৰা উচিত? * হয়তো আপোনাৰ মনত আছে যে সমৰ্পণ এটা সংকল্প হয় আৰু আপুনি যিকোনো পৰিস্থিতিত তাক পূৰ কৰাটো যিহোৱাই বিচাৰে। গতিকে বাপ্তিষ্মা লোৱাৰ পাছত আপুনি নিজৰ প্ৰতিজ্ঞা পূৰ কৰি থকা উচিত। আপুনি এয়া কেনেকৈ কৰিব পাৰে?

২০ নিজৰ মণ্ডলীৰ লগত সংগতি কৰি থাকক। বাপ্তিষ্মা লʼলে আপুনি বিশ্বব্যাপী ভাতৃত্ব সমাজৰ এটা ভাগ হʼব পাৰিব। (১ পিত. ২:১৭) আপোনাৰ মণ্ডলীৰ ভাই-ভনী আপোনাৰ পৰিয়াল হয়। নিয়মীয়াকৈ সভালৈ যাওক। এইদৰে কৰিলে ভাই-ভনীসকলৰ লগত আপোনাৰ সম্পৰ্ক দৃঢ় হʼব। প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ক আৰু তাৰ ওপৰত ধ্যান কৰক। (গীত. ১:১, ২) বাইবেলৰ কিছুমান পদ পঢ়াৰ পাছত তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক। তেতিয়া এই কথাবোৰ আপোনাৰ হৃদয়ত প্ৰভাৱ পেলাব। ‘প্ৰাৰ্থনা কৰি থাকক।’ (মথি ২৬:৪১) সম্পূৰ্ণ হৃদয়েৰে প্ৰাৰ্থনা কৰিলে আপুনি যিহোৱাৰ কাষ চাপিব পাৰিব। ‘প্ৰথমে তেওঁৰ ৰাজ্যক বিচাৰক।’ (মথি ৬:৩৩) ৰাজ্যক প্ৰথম স্থান দিয়াৰ অৰ্থ হৈছে আপুনি প্ৰচাৰ কাৰ্য্যক নিজৰ জীৱনত সকলোতকৈ বেছি গুৰুত্ব দিয়া। প্ৰচাৰ কাৰ্য্য কৰিলে আপোনাৰ বিশ্বাস দৃঢ় হʼব আৰু আনকো অনন্ত জীৱনৰ বাট দেখুৱাব পাৰিব।—১ তীম. ৪:১৬.

২১. বাপ্তিষ্মা লʼলে আপুনি কি কি আশীৰ্বাদ লাভ কৰিব?

২১ আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাটো আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ নিৰ্ণয় হʼব। এয়া সত্য যে আপোনাক কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব। কিন্তু এই পুৰণি জগতত আপোনাৰ ওপৰত যিমানেই সমস্যা নাহক কিয়, সেইবিলাক ‘ক্ষন্তেকীয়া আৰু লঘু।’ (২ কৰি. ৪:১৭) কিন্তু বাপ্তিষ্মা লোৱাৰ বাবে পোৱা আশীৰ্বাদ সদায় বৰ্তি থাকিব। বৰ্তমান সময়ত আপুনি সন্তুষ্টিৰ জীৱন জীয়াই থাকিব পাৰিব আৰু ভৱিষ্যতে “প্ৰকৃত জীৱন” লাভ কৰিব। (১ তীম. ৬:১৯) সেইবাবে, আমি আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি এই বিষয়ে প্ৰাৰ্থনা কৰক আৰু গভীৰভাৱে চিন্তা কৰক, “মই বাপ্তিষ্মাৰ বাবে যোগ্যনে আৰু ইয়াৰ বাবে সাজুনে?”

গীত ৫০ সমৰ্পণৰ মোৰ প্ৰাৰ্থনা

^ অনু. 5 আপুনি বাপ্তিষ্মা লোৱাৰ বিষয়ে ভাবিছেনে? যদি ভাবিছে, তেনেহʼলে এই লেখটো বিশেষকৈ আপোনাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই লেখত আমি বাপ্তিষ্মাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। এই প্ৰশ্নবোৰৰ ওপৰত আলোচনা কৰাৰ সময়ত চিন্তা কৰক যে আপুনি কি উত্তৰ দিব। এইদৰে কৰিলে আপুনি বুজি পাব যে আপুনি বাপ্তিষ্মা লোৱাৰ বাবে যোগ্য হয় নে নহয় আৰু আপুনি বাপ্তিষ্মা লোৱা উচিতনে।

^ অনু. 19 যদি বাইবেলে প্ৰকৃততে কি শিকায়? আৰু ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা কিতাপখনৰপৰা আপোনাৰ অধ্যয়ন এতিয়ালৈকে শেষ হোৱা নাই, তেনেহʼলে দুয়োখন কিতাপ শেষ নোহোৱালৈকে আপুনি অধ্যয়ন কৰি থকা উচিত।