Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যিহূদী মন্দিৰত পহৰা দিয়া লোকসকল কোন আছিল? তেওঁলোকৰ কি কাম আছিল?

যিসকল লেবী পুৰোহিত নাছিল, তেওঁলোকৰ ভিতৰত কিছুমান লোকক মন্দিৰৰ বিভিন্ন ধৰণৰ কামৰ দায়িত্ব দিয়া হৈছিল। উদাহৰণস্বৰূপে, মন্দিৰৰ পহৰা দিয়া। এই কাম বৰ্তমান সময়ৰ আৰক্ষীৰ কামৰ দৰে আছিল। তেওঁলোকে মন্দিৰৰ ঠিকাদাৰৰ নিৰ্দেশনাৰ অনুসৰি কাম কৰিছিল। প্ৰাচীন সময়ৰ যিহূদীৰ লেখক ফীলয়ে লিখিছিল যে “কিছুমান [লেবী] মন্দিৰৰ দুৱাৰৰ কাষত পহৰা দিছিল আৰু আন কিছুমানে [মন্দিৰৰ] ভিতৰত পবিত্ৰ স্থানৰ ওচৰত পহৰা দিছিল। তেওঁলোকক তাত পহৰা দিবলৈ দায়িত্ব দিয়াৰ কাৰণ হৈছে, মন্দিৰলৈ আহিবলৈ অধিকাৰ নিদিয়া কোনো এজন ব্যক্তিয়ে যাতে মন্দিৰৰ ভিতৰলৈ নাযায়। আন কিছুমান প্ৰহৰীয়ে পাল পাতি দিনে-ৰাতিয়ে মন্দিৰৰ এলেকাত ঘূৰি আছিল।”

যিহূদী মহাসভাৰ এই অধিকাৰ আছিল যে তেওঁলোকে এই প্ৰহৰীৰ দ্বাৰা নিজৰ কাম কৰোৱাব পাৰে। ৰোমৰ চৰকাৰে কেৱল এই যিহূদী প্ৰহৰীসকলক নিজৰ লগত অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ অধিকাৰ দিছিল।

যোৱাকিম যিৰিমিয়াছ নামৰ এজন পণ্ডিতে এইদৰে কৈছিল, “যেতিয়া প্ৰহৰীবিলাকে যীচুক ধৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকক যীচুৱে সুধিছিল যে তেওঁ সদায় মন্দিৰত শিকোৱাৰ সময়ত তেওঁলোকে কিয় তেওঁক ধৰিবলৈ অহা নাছিল। (মথি ২৬:৫৫) ইয়াৰপৰা বুজিব পাৰি যে মন্দিৰত পহৰা দিয়া হৈছিল। সেইবাবে, যীচুৱে এই কথা ক’ব পাৰিছিল।” এই পণ্ডিতজনৰ মতে ইয়াৰ আগতেও যীচুক ধৰিবলৈ যিসকল লোকক পঠোৱা হৈছিল, তেওঁলোক মন্দিৰত পহৰা দিয়া প্ৰহৰী আছিল। (যোহ. ৭:৩২, ৪৫, ৪৬) পাছলৈ মন্দিৰত পহৰা দিয়া লোকবিলাকে নিজৰ ঠিকাদাৰৰ লগত মিলি যীচুৰ শিষ্যসকলক ধৰে আৰু তেওঁলোকে তেওঁলোকক মহাসভালৈ লৈ আনিছিল। পাঁচনি পৌলক যিসকলে ধৰি বাহিৰলৈ টানি আনিছিল, তেওঁলোকেও হয়তো মন্দিৰৰ প্ৰহৰী আছিল।—পাঁচ. ৪:১-৩; ৫:১৭-২৭; ২১:২৭-৩০.