Skip to content

Skip to table of contents

জীৱন কাহিনী

“আমি ইয়াত আছোঁ, আমাক পঠাওক!”

“আমি ইয়াত আছোঁ, আমাক পঠাওক!”

আপুনি কেতিয়াবা এনে ঠাইলৈ যাবলৈ ভাবিছেনে, যʼত প্ৰচাৰকৰ অতি প্ৰয়োজন? যদি ভাবিছে, তেনেহʼলে আপুনি ভাই আৰু ভনী বেৰগামৰ অনুভৱৰপৰা বহুতো কথা শিকিব পাৰে।

জেক আৰু মাৰী-লীন ১৯৮৮ চনৰপৰা একেলগে পূৰ্ণ সময়ৰ সেৱা কৰি আছে। তেওঁলোকক গুৱাডেলৌপ আৰু ফ্ৰান্স গুয়ানাৰ বহুতো এলেকাত সেৱা কৰিবলৈ পঠোৱা হৈছিল। এই দুয়োখন দেশৰ প্ৰচাৰ কাৰ্য্যৰ চোৱা-চিতা এতিয়া ফ্ৰান্সৰ শাখা কাৰ্য্যালয়ে কৰে। জেক আৰু মাৰী-লীন এই কথাৰ বাবে পৰিচিত যে তেওঁলোকক যʼতেই পঠোৱা হয়, তেওঁলোকে সেই ঠাইত নিজকে ভালদৰে খাপ খোৱাব পাৰে। আহক তেওঁলোকৰ অনুভৱ জানিবলৈ তেওঁলোকক কিছুমান প্ৰশ্ন সোধো।

আপোনালোকে পূৰ্ণসময়ৰ সেৱা কৰিবলৈ কেনেকৈ প্ৰেৰণা পাইছিল?

মাৰী-লীন: মই গুৱাডেলৌপত ডাঙৰ-দীঘল হৈছিলোঁ। সৰু কালত প্ৰায়ে মই মাৰ লগত গোটেই দিন প্ৰচাৰ কাৰ্য্যত ভাগ লৈছিলোঁ। মোৰ মায়ে সদায় উৎসাহেৰে প্ৰচাৰ কৰিছিল। মই লোকসকলক ভাল পাইছিলোঁ, সেইবাবে ১৯৮৫ চনত স্কুলৰ শিক্ষা শেষ কৰাৰ পাছত মই অগ্ৰগামী সেৱা কৰিবলৈ আৰম্ভ কৰিছিলোঁ।

জেক: ডেকা কালত মই প্ৰায়ে পূৰ্ণসময়ৰ সেৱকসকলৰ লগত সংগতি কৰিছিলোঁ আৰু এই লোকসকলে প্ৰচাৰ কাম কৰি ভাল পাইছিল। মই স্কুলৰ ছুটীত সহকাৰী অগ্ৰগামী সেৱা কৰিছিলোঁ। শনিবাৰ আৰু দেওবাৰে কেতিয়াবা কেতিয়াবা আমি বাছত উঠি অগ্ৰগামী সেৱকসকলৰ লগত প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ এলেকালৈ গৈছিলোঁ। আমি গোটেই দিন প্ৰচাৰ কৰিছিলোঁ আৰু সন্ধ্যা সময়ত সমুদ্ৰৰ পাৰে পাৰে ফুৰিবলৈ গৈছিলোঁ। সেইসময়ত আমি বহুতো আনন্দ উপভোগ কৰিছিলোঁ।

১৯৮৮ চনত মই মাৰী-লীনৰ লগত বিয়া কৰিলোঁ। ইয়াৰ কিছু সময়ৰ পাছত মই ভাবিলোঁ, ‘আমি বেছিকৈ সেৱা কৰিম, কিয়নো আমাৰ ওপৰত পৰিয়ালৰ কোনো দায়িত্ব নাই।’ মাৰী-লীন আগৰেপৰা অগ্ৰগামী সেৱক আছিল আৰু ময়ো এই সেৱা আৰম্ভ কৰিলোঁ। এবছৰৰ পাছত আমি অগ্ৰগামী সেৱা স্কুললৈ গৈছিলোঁ। তাৰ পাছত আমি বিশেষ অগ্ৰগামী সেৱক হিচাপে সেৱা কৰিবলৈ সুযোগ পালোঁ। আমি গুৱাডেলৌপৰ বহুতো এলেকাত সেৱা কৰাৰ আনন্দ উপভোগ কৰিলোঁ। ইয়াৰ পাছত আমাক ফ্ৰান্স গুয়ানাত পঠিয়ায়।

বিগত বছৰৰ সময়ছোৱাত আপোনালোকক বহুতো এলেকাত পঠিয়াইছিল। প্ৰতিবাৰে আপোনালোকে নতুন পৰিস্থিতিৰ লগত কেনেকৈ নিজকে খাপ খোৱাব পাৰিলে?

মাৰী-লীন: ফ্ৰান্স গুয়ানাৰ বেথেলৰ ভাইসকলে জানিছিল যে যিচয়া ৬:৮ পদটো আমাৰ পছন্দৰ পদ হয়। সেইবাবে, তেওঁলোকে ফোন কৰাৰ সময়ত ধেমালি কৰি আমাক প্ৰথমে এইদৰে সুধিছিল, “আপোনালোকৰ পছন্দৰ বাইবেল পদটো মনত আছেনে?” এই কথা শুনাৰ লগে লগে আমি অনুমান কৰিব পাৰিছিলোঁ যে এতিয়া আমাক কোনো নতুন ঠাইলৈ পঠিয়াব। সেইবাবে, আমি এইদৰে কৈছিলোঁ, “আমি ইয়াত আছোঁ! আমাক পঠাওক।”

আমি যেতিয়া কোনো নতুন ঠাইলৈ যাওঁ, তেতিয়া আমি এই কথা কেতিয়াও চিন্তা নকৰোঁ যে আগৰ ঠাইতে সকলো ভাল আছিল। এইদৰে চিন্তা কৰিলে আমি নতুন ঠাইৰ সুন্দৰতা দেখিবলৈ নাপাম। আমি আন এক অভ্যাস কৰিলোঁ যে আমি নিজেই প্ৰথমে আগবাঢ়ি ভাই-ভনীৰ লগত চা-চিনাকী হওঁ।

জেক: এবাৰ এনেকুৱা হ’ল যে যেতিয়া কিছুমান ভাই-ভনীয়ে জানিব পাৰিলে আমাক তেওঁলোকৰ এলেকা এৰি আন এলেকাত যাবলৈ কৈছে, তেতিয়া তেওঁলোকক এই কথা ভাল লগা নাছিল। সেইবাবে, আমি তাৰপৰা আন ঠাইলৈ যোৱাটো তেওঁলোকে বিচৰা নাছিল আৰু তাতে থাকিবলৈ জোৰ কৰিছিল। কিন্তু আমি যেতিয়া গুৱাডেলৌপ এৰি গৈছিলোঁ, তেতিয়া এজন ভায়ে আমাক যীচুৰ এই কথা মনত পেলাই দিছিল, “পথাৰেই জগতখন।” (মথি ১৩:৩৮) সেইবাবে, আমাক যেতিয়া কোনো এলেকালৈ যাবলৈ নিৰ্দেশনা দিয়ে, তেতিয়া আমি এই কথা মনত ৰাখোঁ যে আমি যʼতেই নাথাকো কিয়, আমি প্ৰচাৰেই কৰিছোঁ। কেৱল এই কথা অৰ্থ ৰাখে যে আমাৰ ওচৰত এখন এলেকা থাকিব লাগে আৰু শুনিবলৈ মানুহ থাকিব লাগে।

যেতিয়া আমি কোনো নতুন এলেকালৈ যাওঁ, তেতিয়া আমি লক্ষ্য কৰোঁ যে লোকসকলৰ ওচৰত যি আছে, তাক লৈ তেওঁলোকে সন্তুষ্ট আছে। সেইবাবে, আমিও তেওঁলোকৰ দৰে থাকিবলৈ চেষ্টা কৰোঁ। কিছুমান এলেকাত খোৱা-বোৱাৰ ধৰণ বেলেগে হয়। তেওঁলোকে খোৱা খাদ্য আমিও খাওঁ। কিন্তু ধ্যান দিওঁ, যাতে আমাৰ শৰীৰটো অসুস্থ নহয়। আমাৰ এলেকাৰ বিষয়ে ভাল কথাবোৰ ক’বলৈ আমি চেষ্টা কৰোঁ।

মাৰী-লীন: আমি যʼতেই যাওঁ, সেই ঠাইৰ ভাই-ভনীৰপৰা বহুতো কথা শিকোঁ। আমি ফ্ৰান্সৰ গুয়ানালৈ যেতিয়া গৈছিলোঁ, তেতিয়া তাত কি হৈছিল সেয়া মোৰ মনত আছে। এদিনাখন ধাৰাষাৰ বৰষুণ দিছিল আৰু বৰষুণ এৰিলে আমি প্ৰচাৰলৈ যাম বুলি ভাবিছিলোঁ। কিন্তু সেইসময়তে মোক এজনী ভনীয়ে ক’লে, “ব’লা যাওঁ?” মই আচৰিত হ’লোঁ। মই সুধিলোঁ, “কেনেকৈ যাম?” তাই কৈছিল, “আপুনি নিজৰ ছাতি লওক, আমি নিজৰ নিজৰ চাইকেলত যাম।” তেতিয়াৰেপৰা মই এখন হাতেৰে ছাতি ধৰি চাইকেল চলাবলৈ শিকিলোঁ। মই সেইদিনাখন এয়া নিশিকা হʼলে, বৰষুণৰ বতৰত মই কেতিয়াও প্ৰচাৰ কৰিব নোৱাৰিলোঁহেঁতেন।

আপোনালোকে প্ৰায় ১৫ বাৰ নতুন এলেকালৈ গৈছে। অন্য এলেকাত যাবলৈ বিচৰা লোকসকলক আপোনালোকে কি পৰামৰ্শ দিব বিচাৰে?

মাৰী-লীন: নতুন এলেকাত বাস কৰিবলৈ অভ্যাস কৰাটো কঠিন হʼব পাৰে। সেইবাবে, আমি এনেকুৱা ঘৰ বিচাৰোঁ, য’ত প্ৰচাৰৰপৰা ঘূৰি অহাৰ পাছত ভালদৰে জিৰণি ল’ব পাৰোঁ আৰু সতেজ অনুভৱ কৰিব পাৰোঁ।

জেক: যেতিয়া আমি নতুন ঘৰলৈ যাওঁ, তেতিয়া মই ঘৰৰ ভিতৰত পেইণ্ট কৰোঁ। যদি শাখা কাৰ্য্যালয়ৰ ভাইসকলে ভাবে যে আমি সেই এলেকাত কিছুসময়ৰ বাবে থাকিব লাগিব, তেনেহʼলে তেওঁলোকে মোক এইদৰে কয়, “জেক এইবাৰ পেইণ্ট নকৰিবা।”

মাৰী-লীনে বস্তু-বাহিনী বন্ধাৰ কামত পাকৈত আছিল। তাই বস্তুবোৰ বেলেগ বেলেগ বক্সত ভৰাইছিল আৰু বক্সৰ ওপৰত এইদৰে লিখিছিল, “বাথৰুম,” “বেডৰুম,” “কিচ্ছেন” ইত্যাদি। সেইবাবে, আমি কোনটো বক্স কʼত ৰাখিব লাগে তাক জানিছিলোঁ। তাই এয়াও লিখিছিল যে কোনটো বক্সত কি কি বস্তু আছে, যাতে আমাৰ প্ৰয়োজন হোৱা যিকোনো বস্তু সোনকালে উলিয়াব পাৰোঁ।

মাৰী-লীন: আমি সকলো বস্তু শৃংখলাবদ্ধভাৱে ৰাখিবলৈ শিকিলোঁ আৰু সেইবাবে আমি অতি সোনকালে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰিছিলোঁ।

নিজৰ “পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ” কৰিবলৈ আপুনি কেনেকৈ সময়ৰ তালিকা প্ৰস্তুত কৰিছিল?—২ তীম. ৪:৫.

মাৰী-লীন: সোমবাৰে আমি জিৰণি লওঁ আৰু সভাৰ বাবে তৈয়াৰী কৰোঁ। পুনৰ মংগলবাৰৰপৰা আমি প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আৰম্ভ কৰোঁ।

জেক: যদিও আমাক ঘণ্টাৰ যি প্ৰয়োজনীয়তা আছে, তাক পূৰ কৰাটো আৱশ্যক, তথাপি আমি সকলো সময়তে ঘণ্টাৰ বিষয়ে চিন্তা কৰি নাথাকোঁ। আমি প্ৰচাৰ কাৰ্য্যক বেছিকৈ গুৰুত্ব দিওঁ। আমি ঘৰৰপৰা বাহিৰলৈ ওলাই যোৱাৰেপৰা ঘৰলৈ পুনৰ উভতি অহালৈকে আমি যাকেই লগ পাওঁ, তাকেই সাক্ষ্য দিবলৈ চেষ্টা কৰোঁ।

মাৰী-লীন: আমি পিকনিক খাবলৈ যোৱাৰ সময়তো ট্ৰেক্ট লৈ যাওঁ। আমি নিজকে যিহোৱাৰ সাক্ষী বুলি পৰিচয় নিদিয়াকৈও কিছুমান লোকে নিজেই আহি আমাৰপৰা আলোচনী বিচাৰে। সেইবাবে, আমি আমাৰ সাজ-পোছাক আৰু কথা-বতৰাৰ ওপৰত ধ্যান দিওঁ, যাতে ই সঠিক হয়। লোকসকলে এই বিষয়ৰ ওপৰত ধ্যান দিয়ে।

জেক: আমি ভাল ওচৰ-চুবুৰীয়া হʼবলৈ চেষ্টা কৰোঁ। এনে কৰাৰ যোগেদি লোকসকলক সাক্ষ্য দিয়া হয়। ঘৰৰ আশে-পাশে যদি কিবা কাগজৰ টুকুৰা পৰি থাকে, তাক মই বুটলি পেলাই দিওঁ, জাবৰ-জোঁথৰ আৰু বাহিৰত গছৰ পাত পৰি থাকিলে তাকো পেলাই দিওঁ। আমাৰ ওচৰ-চুবুৰীয়াই এই কাৰ্য্যবোৰ কেতিয়াবা কেতিয়াবা লক্ষ্য কৰিছিল আৰু মোক এইদৰে সুধিছিল, “মই এখন বাইবেল পামনে?”

আপোনালোকে বহুবাৰ দূৰ-দূৰণিৰ এলেকাত প্ৰচাৰ কাৰ্য্য কৰিছে। আপোনাৰ যাত্ৰা কৰোঁতে কিবা বিশেষ স্মৃতি মনত আছেনে?

জেক: গুয়ানাৰ কিছুমান এলেকাত যাবলৈ কঠিন হয়। আমি এটা সপ্তাহত ওখ-চাপৰ বাটেদি ৬০০ কিলোমিটাৰ দীঘলীয়া যাত্ৰা কৰিবলগীয়া হৈছিল। এবাৰ আমি অমেজন হাবিৰ চেণ্ট এলী নামৰ এলেকালৈ গৈছিলোঁ। সেয়া এক স্মৰণীয় যাত্ৰা আছিল। সেই ঠাইত পাবলৈ আমি এনে এখন গাড়ীৰে যাত্ৰা কৰিছিলোঁ, যিটো বেয়া ৰাস্তাত চলে আৰু ইয়াৰ পাছত এখন মটৰ জাহাজেৰে গৈছিলোঁ। আমাক কেই ঘণ্টামান লাগিছিল। তাৰ বেছিভাগ লোকে সোণৰ অনুসন্ধান কৰে। যেতিয়া আমি তেওঁলোকক প্ৰকাশন দিছিলোঁ, তেতিয়া তেওঁলোকে ইয়াৰ দানৰ বাবে সোণৰ সৰু সৰু টুকুৰা দিছিল। আবেলি আমি সংগঠনৰ এটা ভিডিঅʼ দেখুৱালোঁ। ইয়াক চাবলৈ বহুতো লোক আহিছিল।

মাৰী-লীন: অলপতে জেকক কামৌপি নামৰ ঠাইত স্মৰণীয়ৰ ভাষণ দিবলৈ নিমন্ত্ৰণ দিছিল। এই ঠাইলৈ যাবলৈ আমি অয়াপৌক নদীত মটৰ জাহাজেৰে ৪ ঘণ্টা যাত্ৰা কৰিছিলোঁ। এয়া এক সঁচাকৈ ৰোমাঞ্চক অভিজ্ঞতা আছিল।

জেক: নদীৰ যিফালে পানী বহুত কম আছিল, সেইফালে যাত্ৰা কৰাটো বিপদজনক আছিল। কিয়নো সেইফালে পানীৰ সুতৰ গতি বেগ বেছি আছিল। কিন্তু যেতিয়া সেই ঠাইত জাহাজখন গৈ পাইছিল, তেতিয়া সেই ঠাইৰ দৃশ্য চাবলগীয়া আছিল। জাহাজ চলোৱা ব্যক্তিজন বহুত নিপুণ হোৱাৰ প্ৰয়োজন আছিল। যদিও এই যাত্ৰা কষ্টকৰ আছিল, তথাপি স্মৰণীয়ৰ বাবে তালৈ যাত্ৰা কৰাটো এক ভাল অভিজ্ঞাত আছিল। যিহোৱাৰ সাক্ষীৰ সংখ্যা ৬ জন আছিল, তথাপিও ৫০ জন লোকে এই স্মৰণীয় দিনত উপস্থিত হৈছিল। সেই ঠাইৰ কিছুমান স্থায়ী বাসিন্দা লোকেও আহিছিল।

মাৰী-লীন: যিসকল ডেকা ভাই-ভনীয়ে যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰে, তেওঁলোকৰ জীৱনো এইদৰে ৰোমাঞ্চকৰ হʼব পাৰে। এনে কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ কৰাৰ সময়ত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। এইদৰে কৰিলে আমাৰ বিশ্বাস দৃঢ় হʼব। যিহোৱাই আমাক বহুবাৰ সহায় কৰিছে।

আপোনালোকে বহুতো ভাষা শিকিলে। আপোনালোকৰ বাবে ভাষা শিকাটো সহজনে?

জেক: ইমান সহজ নহয়। মোক শিকিবলগীয়া আছিল, সেইবাবে, মই ইমানবোৰ ভাষা শিকিছিলোঁ। এবাৰ মোক চাৰানানটংগো * ভাষাত প্ৰহৰীদুৰ্গ অধ্যয়ন সঞ্চালন কৰিবলগীয়া হৈছিল, কিয়নো মই সেইসময়ত বাইবেল পদ পঢ়াৰ ভাগ কৰিব পৰা নাছিলোঁ। অধ্যয়ন শেষ হোৱাৰ পাছত মই এজন ভাইক সুধিলোঁ যে মই ভালদৰে সঞ্চালন কৰিব পাৰিলোঁনে। তেওঁ মোক কৈছিল, “মাজে মাজে কিছুমান শব্দ বুজি নাপালোঁ, তথাপিও অধ্যয়ন ভালেই আছিল।” ভাষা শিকিবলৈ মোক সৰু সৰু লʼৰা-ছোৱালীবিলাকে বহুত সহায় কৰিছিল। যেতিয়া মোৰ কওঁতে কিবা ভুল হয়, তেতিয়া তেওঁলোকে মোৰ ভুলটো শুধৰাইছিল, কিন্তু ডাঙৰ ভাই-ভনীসকলে কোৱা নাছিল। মই সৰু সৰু লʼৰা-ছোৱালীবিলাকৰপৰা বহুতো কথা শিকিব পাৰিলোঁ।

মাৰী-লীন: এটা এলেকাত মই ফ্ৰান্স, পৰ্তুগালী, আৰু চাৰানানটংগো ভাষাত বাইবেল অধ্যয়ন পালোঁ, এজনী ভনীয়ে মোক প্ৰথমে আটাইতকৈ কঠিন পৰ্তুগাল ভাষাত অধ্যয়ন কৰিবলৈ আৰু শেষত আটাইতকৈ সহজ ভাষাত বাইবেল অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিলে। কিছু দিনৰ পাছত মই বুজিব পাৰিলোঁ যে সেই ভনীজনীৰ পৰামৰ্শ সঠিক আছিল।

মই এদিনাখন দুটা বাইবেল অধ্যয়ন কৰিবলৈ গৈছিলোঁ। প্ৰথমে, চাৰানানটংগো ভাষাত আছিল আৰু দ্বিতীয়তে, পৰ্তুগাল ভাষাত আছিল। মই দ্বিতীয় বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ সময়ত মোৰ লগত যোৱা ভনীয়ে কৈছিল, “মাৰী-লীন তাই তোমাৰ কথা ভালদৰে বুজি পোৱা নাই।” আচলতে মোৰ বিদ্যাৰ্থীজনী ব্ৰাজিলৰ তিৰোতা আছিল আৰু তাইক মই পৰ্তুগাল ভাষাত শিকোৱাৰ পৰিৱৰ্তে চাৰানানটংগো ভাষাত অধ্যয়ন কৰিছিলোঁ।

আপোনালোকে সেৱা কৰা এলেকাৰ ভাই-ভনীসকলে আপোনালোকক বহুত প্ৰেম কৰিছিল। আপোনালোকে কেনেকৈ আনৰ ভাল বন্ধু হʼব পাৰে?

জেক: আমি সদায় হিতোপদেশ ১১:২৫ পদত দিয়া পৰামৰ্শ মনত ৰাখোঁ, “দানশীল প্ৰাণী পৰিতৃপ্ত।” আমি আনক সহায় কৰাৰ সময়ত দানশীল হʼবলৈ চেষ্টা কৰোঁ। ৰাজ্যগৃহৰ মেৰামতি বা পৰিষ্কাৰ কৰাৰ সময়ত আমিও যোগদান দিওঁ। কিছুমান লোকে মোক কৈছিল, “এনে কাম প্ৰচাৰকসকলক কৰিবলৈ দিয়ক।” কিন্তু মই তেওঁলোকক কওঁ, “মইয়ো এজন প্ৰচাৰক হওঁ, সেইবাবে এই কাম কৰাটো মোৰো দায়িত্ব হয়।” এয়া সত্য যে আমি সকলোৱে কেতিয়াবা অকলশৰীয়াকৈ সময় অতিবাহিত কৰিব বিচাৰোঁ। কিন্তু আমি মনত ৰখা উচিত যে যেতিয়া আনক সহায় কৰিবলৈ সুযোগ পাওঁ, তেতিয়া আমি নিজৰ জিৰণিৰ বিষয়ে চিন্তা কৰা উচিত নহয়।

মাৰী-লীন: আমি সকলো ভাই-ভনীৰ যত্ন লওঁ। সেইবাবে, তেওঁলোকক কি বিষয়ত সহায়ৰ প্ৰয়োজন আছে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। যেনে, কিছুমান পৰিয়ালত লʼৰা-ছোৱালীক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছেনে অথবা তেওঁলোকক স্কুলৰপৰা ঘৰলৈ অনাৰ প্ৰয়োজন আছেনে? যদি আমি এই বিষয়ে জানোঁ, তেনেহ’লে আমি নিজৰ কাম-কাজত সাল-সলনি কৰি তেওঁলোকক সহায় কৰোঁ। এইদৰে তেওঁলোকৰ প্ৰয়োজনৰ সময়ত সহায় কৰাৰ যোগেদি আমি তেওঁলোকৰ ভাল বন্ধু হʼব পাৰিলোঁ।

প্ৰয়োজন হোৱা ঠাইত সেৱা কৰাৰ বাবে আপোনালোকে কি আশীৰ্বাদ লাভ কৰিছে?

জেক: পূৰ্ণসমসয়ৰ সেৱা কৰাৰ বাবে আমি বহুতো আশীৰ্বাদ লাভ কৰিছোঁ। আমি নিচেই কাষৰপৰা প্ৰাকৃতিক দৃশ্য চাবলৈ সুযোগ পাইছোঁ আৰু যিহোৱাৰ সৃষ্টিৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিছোঁ। যদিও পূৰ্ণসময়ৰ সেৱাত কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, কিন্তু এই কাৰ্য্যৰ বাবে আমি মনত সন্তুষ্টি লাভ কৰোঁ। আমাৰ এই কথাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে আমি য’তেই নায়াওঁ কিয়, যিহোৱাৰ লোকসকলে আমাক সহায় কৰিবলৈ তাত উপস্থিত থাকিব।

মই ডেকা হৈ থাকোতে সৈন্যবাহিনীত ভৰ্তি হোৱাত অস্বীকাৰ কৰিছিলোঁ, সেইবাবে মোক ফ্ৰান্সৰ গুয়ানাৰ জেলত বন্দী কৰিছিল। বহুবছৰৰ পাছত মই এজন মিচনেৰী হৈ এই ঠাইলৈ ঘূৰি আহিছোঁ আৰু মই জেলত গৈ প্ৰচাৰ কৰিছিলোঁ। মই এনে সুযোগ লাভ কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ যিহোৱাই আমাক বহুতো আশীৰ্বাদ দিলে।

মাৰী-লীন: আনৰ বাবে ত্যাগ কৰি আৰু যিহোৱাৰ সেৱা কৰি আমি বৰ আনন্দ লাভ কৰিছোঁ। ইয়াৰ দ্বাৰা মোৰ আৰু জেকৰ মাজত সম্পৰ্ক দৃঢ় হʼল। বহুবাৰ আমি একেদৰেই চিন্তা কৰোঁ। উদাহৰণস্বৰূপে, কেতিয়াবা জেকে মোক কয় যে আহাৰ খাবলৈ এনে এক দম্পতীক নিমন্ত্ৰণ কৰিবলৈ ভাবিছোঁ, যিসকলে অলপ নিৰাশ হৈ আছে আৰু মই আচৰিত হৈ কওঁ “মইও এয়াই ভাবি আছিলোঁ।”

জেক: শেহতীয়াকৈ মই জানিব পাৰিলোঁ যে মোৰ পৌষ্টেত কেনচাৰ আছে। প্ৰায়ে মই মাৰী-লীনক এই কথা কৈছিলোঁ, যি কথা শুনি তাই ভাল পোৱা নাছিল, “কালিলৈ যদি মোৰ মৃত্যুও হৈ যায় তথাপি মই বেজাৰ নকৰোঁ, কিয়নো মই মোৰ জীৱনক লৈ সম্পূৰ্ণ আনন্দিত। মই ইমান বৃদ্ধ হোৱা নাই যে মই কʼব পাৰোঁ মই এক দীঘলীয়া জীৱন পাৰ কৰিলোঁ, কিন্তু মোৰ জীৱন আনন্দময় আছিল। মই সদায় যিহোৱাৰ সেৱাক প্ৰথম স্থান দিছিলোঁ।”—আদি. ২৫:৮.

মাৰী-লীন: যিহোৱাই আমাক সেৱা কৰিবলৈ এনে কিছুমান সুযোগ দিলে, যাৰ বিষয়ে আমি আগতে কেতিয়াও ভবা নাছিলোঁ। আমি আমাৰ জীৱনত বহুতো বস্তু লাভ কৰিলোঁ। যিহোৱাৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে, সেইবাবে ঈশ্বৰৰ সংগঠনে আমাক যʼলৈ পঠিয়াব, আমি তালৈ যাবলৈ সাজু আছোঁ।

^ অনু. 32 ইংৰাজী, ডচ, পৰ্তুগাল আৰু আফ্ৰিকী ভাষা মিলি চাৰানানটংগো ভাষা হৈছে। আৰম্ভণিত এয়া দাসসকলৰ ভাষা আছিল।