Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৫

প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?

প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?

“তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে।”—যোহ. ৪:৩৫.

গীত ৬৪ শস্য দোৱাত আনন্দেৰে ভাগ লওক

লেখৰ এক আভাস *

১-২. শস্য দাবলৈ হৈছে বুলি যীচুৱে কিয় কৈছিল?

যীচুৱে এইমাত্ৰ শস্যৰ মাজেদি পাৰ হৈছিল। হয়তো এয়া নতুনকৈ ধানৰ থোক উলাইছিল। (যোহ. ৪:৩-৬) এই ধান পকিবলৈ আৰু চাৰি মাহ লাগিব। কিন্তু যীচুৱে খেতিপথাৰলৈ চাই শিষ্যসকলক এনে এক কথা কৈছিল, যাৰ বাবে শিষ্যসকলে আচৰিত হৈছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে।” (যোহন ৪:৩৫, ৩৬ পঢ়ক।) যদিও শস্য পকা নাছিল, তথাপি যীচুৱে দাবলৈ হৈছে বুলি কিয় কৈছিল?

ইয়াৰপৰা অনুমান কৰিব পাৰি যে যীচুৱে শস্য দোৱাৰ বিষয়ে কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে লোকসকলক একত্ৰিত কৰাৰ বিষয়ে কৈছিল। অলপতে কি হৈছিল, তালৈ মন কৰকচোন। যদিও যিহূদী লোকসকলে চমৰীয়াৰ লোকসকলৰ লগত কোনো সম্পৰ্ক ৰখা নাছিল, তথাপিও যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিছিল আৰু তাই যীচুৰ বাৰ্তা গ্ৰহণ কৰিছিল। ইয়াৰ পাছত তাইয়ো আন চমৰীয়া লোকসকলক যীচুৰ বাৰ্তা জনালে আৰু সেই লোকসকলৰ এক ডাঙৰ জাকে যীচুৰ ওচৰলৈ শিকিবলৈ আহিছিল। যীচুৱে শস্য দোৱাৰ বিষয়ে নিজৰ শিষ্যসকলক কোৱাৰ সময়ত প্ৰকৃততে সেই চমৰীয়াৰ জাকে তেওঁৰফালে আগবাঢ়ি আহিছিল। (যোহ. ৪:৯, ৩৯-৪২) বাইবেলৰ বিষয়ে মন্তব্য দিয়া এখন কিতাপত এইদৰে উল্লেখ আছে: “লোকসকলে যীচুৰ বিষয়ে শিকিবলৈ কোনো পলম নকৰাকৈ আগবাঢ়ি আহিছিল আৰু তেওঁলোক দাবলৈ হোৱা সেই শস্যৰ দৰে আছিল।”

যদি আমি বিশ্বাস কৰোঁ যে “শস্য দাবলৈ বগা” হৈ আছে, তেনেহʼলে আমি কি কৰা উচিত? (অনুচ্ছেদ ৩ চাওক)

৩. যদি আপুনি লোকসকলক যীচুৰ দৰে ভাবে, তেনেহʼলে কেনেকৈ প্ৰচাৰ কাৰ্য্য ভালদৰে কৰিব পাৰিব?

আপুনি প্ৰচাৰ কৰা লোকসকলৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে? আপুনিও তেওঁলোকক দাবলৈ হোৱা শস্যৰ দৰে ভাবেনে? যদি আপুনি ভাবে, তেনেহʼলে প্ৰথমে আপুনি গুৰুত্বসহকাৰে প্ৰচাৰ কৰিব, কিয়নো সময় নিচেই কম। যিদৰে শস্য দাবলৈ কম সময় পোৱা যায়, ঠিক সেইদৰে প্ৰচাৰ কামো অতি সোনকালে সম্পন্ন কৰাৰ প্ৰয়োজন। দ্বিতীয়তে, লোকসকলে আমাৰ বাৰ্তা শুনা দেখি নিশ্চয় আনন্দিত হʼব। বাইবেলে এইদৰে উল্লেখ কৰিছে: “শস্য দোৱা সময়ত . . . তেওঁবিলাকে তোমাৰ সাক্ষাতে আনন্দ কৰে।” (যিচ. ৯:৩) তৃতীয়তে, প্ৰতিজন ব্যক্তিয়ে সত্য গ্ৰহণ কৰিব বুলি আপুনি বিশ্বাস কৰিব। সেইবাবে, আপুনি একেধৰণে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে, লোকসকলে বিচৰা অনুসৰি আপুনি নিজৰ পদ্ধতি সাল-সলনি কৰিব।

৪. এই লেখত আমি পাঁচনি পৌলৰপৰা কি শিকিব পাৰিম?

হয়তো যীচুৰ লোকসকলে ভাবিছিল যে চমৰীয়াৰ লোকসকলে কেতিয়াও যীচুৰ শিষ্য হʼব নোৱাৰে। কিন্তু যীচুৱে এইদৰে ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে যীচুৱে ভাবিছিল যে তেওঁলোকে এদিন নহয় এদিন নিশ্চয় শিষ্য হʼব। আমি আমাৰ প্ৰচাৰ এলেকাৰ লোকসকলৰ বিষয়ে এইদৰে ভবা উচিত যে তেওঁলোকেও এদিন নিশ্চয় শিষ্য হʼব। ইয়াৰ বিষয়ে আমি পাঁচনি পৌলৰপৰা বহুতো কথা শিকিব পাৰোঁ। এই লেখত আমি পৌলে লোকসকলক প্ৰচাৰ কৰাৰ সময়ত কি বিষয়ৰ ওপৰত ধ্যান দিছিল, তাৰ বিষয়ে লক্ষ্য কৰিম। (১) লোকসকলে কি বিশ্বাস কৰিছিল, তাৰ বিষয়ে তেওঁ জানিছিল। (২) তেওঁলোকে কি বিষয়ৰ ওপৰত আগ্ৰহী আছিল, তাৰ বিষয়েও তেওঁ ধ্যান দিছিল। (৩) তেওঁলোকে যীচুৰ শিষ্য হʼব বুলি তেওঁ বিশ্বাস কৰিছিল।

তেওঁলোকে কি বিশ্বাস কৰে?

৫. পৌলে যিহূদীসকলক কিয় ভালদৰে প্ৰচাৰ কৰিব পাৰিলে?

পৌলে প্ৰায়ে যিহূদীসকলৰ নামঘৰত প্ৰচাৰ কৰিছিল। থিচলনীকীৰ নামঘৰত তেওঁ “তিনিটা বিশ্ৰাম-বাৰে তেওঁবিলাকক শাস্ত্ৰৰ পৰা যুক্তি” দিয়ে। (পাঁচ. ১৭:১, ২) পৌলে নামঘৰত প্ৰচাৰ কৰাৰ সময়ত সম্পূৰ্ণ বিশ্বাসেৰে কৈছিল, কিয়নো তেওঁ নিজেই এজন যিহূদী আছিল। (পাঁচ. ২৬:৪, ৫) যিহূদীসকলে কি বিশ্বাস কৰিছিল তেওঁ ভালদৰে জানিছিল।—ফিলি. ৩:৪, ৫.

৬. পৌলে নামঘৰত যি লোকসকলক প্ৰচাৰ কৰিছিল আৰু বজাৰত যিসকলক প্ৰচাৰ কৰিছিল, তেওঁলোকৰ মাজত কি পাৰ্থক্য আছে?

যেতিয়া পৌলে বিৰোধীসকলৰ বাবে থিচলনীকী আৰু বিৰয়া এৰিবলগীয়া হয়, তেতিয়া তেওঁলোকে আথিনীলৈ গুচি যায়। সেই ঠাইতো তেওঁ ‘নামঘৰত যিহূদীবিলাক আৰু ভক্ত লোকসকলৰ সৈতে নিতৌ নিতৌ তৰ্ক আলোচনা কৰিলে।’ (পাঁচ. ১৭:১৭) কিন্তু যেতিয়া তেওঁ বজাৰলৈ প্ৰচাৰ কৰিবলৈ যায়, তেতিয়া তেওঁ আন লোকসকলকো লগ পায়। কিছুমান লোক দাৰ্শনিক আছিল আৰু কিছুমান অনা যিহূদী আছিল, যিসকলে ভাবিছিল যে পৌলে এক “নতুন শিক্ষা” শিকাইছে। তেওঁলোকে কৈছিল: “তুমি কিবাকিবি অসম্ভৱ কথা আমাৰ কাণত শুনাইছা।”—পাঁচ. ১৭:১৮-২০.

৭. পাঁচনিৰ কৰ্ম্ম ১৭:২২, ২৩ পদৰ অনুসৰি পৌলে কেনেকৈ বেলেগ পদ্ধতি ব্যৱহাৰ কৰিছিল?

পাঁচনিৰ কৰ্ম্ম ১৭:২২, ২৩ পঢ়ক। পৌলে আথিনীত লগ পোৱা অনা যিহূদীৰ লগত, নামঘৰত লগত পোৱা যিহূদীসকলৰ দৰে কথা পতা নাছিল। তেওঁ এক বেলেগ পদ্ধতি ব্যৱহাৰ কৰিছিল। অনা যিহূদীসকলৰ লগত কথা পতাৰ আগতে পৌলে নিজকে সুধিছিল, ‘তেওঁলোকে কি বিশ্বাস কৰে? তেওঁ বজাৰৰ চাৰিওফালে চকু ফুৰাই দেখে যে লোকসকলে কেনেধৰণৰ ধাৰ্মিক পৰম্পৰা পালন কৰে। ইয়াৰ পাছত তেওঁ বাইবেলৰপৰা এনে কিছুমান কথা কয়, যি তেওঁলোকে সন্মত হয়। বাইবেলৰ বিষয়ে টিপ্পনী দিয়া এজন বিদ্বানে এইদৰে কৈছে, “পৌল এজন যিহূদী খ্ৰীষ্টান হোৱাৰ বাবে তেওঁ জানিছিল যে মূৰ্তিপূজা কৰা গ্ৰীক লোকসকলে যিহূদী আৰু খ্ৰীষ্টানসকলৰ সত্য ঈশ্বৰক উপাসনা কৰা নাছিল। তথাপি তেওঁ কৈছিল যে যিজন ঈশ্বৰৰ বিষয়ে তেওঁ কৈছে, তাৰ বিষয়ে আথিনীৰ লোকসকল অজ্ঞাত নহয়।” এইদৰে পৌলে আথিনীৰ অনা যিহূদৰ লগত বেলেগ ধৰণে কথা পাতিছিল। পৌলে তেওঁলোকক কৈছিল যে তেওঁ শুনোৱা বাৰ্তা সেই ঈশ্বৰৰপৰা আছিল, যাক তেওঁলোকে “অবিদিত ঈশ্বৰ” বুলি বিশ্বাস কৰে আৰু তেওঁক উপাসনা কৰে। অনা যিহূদীৰ লোকসকলে শাস্ত্ৰৰ বিষয়ে একো নাজানিছিল। তথাপি তেওঁলোকে খ্ৰীষ্টান নহʼব বুলি পৌলে কেতিয়াও ভবা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক দাবলৈ হোৱা শস্য বুলি ভাবিছিল। সেইবাবে, তেওঁলোকৰ লগত কথা পতাৰ সময়ত তেওঁ এক বেলেগ পদ্ধতি ব্যৱহাৰ কৰিছিল।

পৌলৰ দৰে আশে-পাশে থকা বস্তুবোৰলৈ লক্ষ্য কৰক। লোকসকলৰ আগ্ৰহৰ অনুসৰি কথা পাতক আৰু ভাবক যে তেওঁলোকে খ্ৰীষ্টান হʼব পাৰে (অনুচ্ছেদ ৮, ১২, ১৮ চাওক) *

৮. (ক) আপুনি কেনেকৈ জানিব পাৰে যে আপোনাৰ এলেকাৰ লোকসকলে কি বিশ্বাস কৰে? (খ) যদি কোনোবাই কয় যে তেওঁলোকৰ নিজৰ ধৰ্ম আছে, তেনেহʼলে আপুনি কি কʼব?

পৌলৰ দৰে আশে-পাশে থকা বস্তুবোৰলৈ লক্ষ্য কৰক। আশে-পাশে এনে কিছুমান বস্তু আছেনে, যাৰপৰা বুজিব পাৰি যে আপোনাৰ এলেকাৰ লোকসকলে কিহৰ ওপৰত বিশ্বাস কৰে। কাৰোবাৰ ঘৰলৈ যোৱাৰ সময়ত চাওক যে তেওঁলোকে নিজৰ ঘৰখন বা গাড়ীখন কি বস্তুৰে সজাইছে। ব্যক্তিজনৰ নাম, সাজ-পোছাক আৰু কথা কোৱাৰ ধৰণৰপৰা কি বুজিব পাৰি? তেওঁ হয়তো কি ধৰ্ম পালন কৰে? কিছুমান লোকে স্পষ্টকৈ কয় যে তেওঁলোকৰ নিজৰ ধৰ্ম আছে। বিশেষ অগ্ৰগামী সেৱা কৰা ফ্লুটুৰা নামৰ এগৰাকী ভনীয়ে এনে লোকসকলক লগ পোৱাৰ সময়ত এইদৰে কয়, “আমি কোনো লোকক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ জোৰ নকৰোঁ। কিন্তু আমি এই বিষয়ে কথা পাতিবলৈ আহিছোঁ।”

৯. ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ লগত আপুনি কিহৰ বিষয়ে কথা পাতিব পাৰে?

যদি আপুনি ধৰ্মত বিশ্বাস কৰা লোকসকলক লগ পায়, তেনেহʼলে আপুনি তেওঁৰ লগত কিহৰ বিষয়ে কথা পাতিব পাৰে? আপোনালোকে দুয়োজনে একমত হʼব পৰা বিষয়ৰ ওপৰত কথা পাতিব পাৰে। হয়তো তেওঁ বিশ্বাস কৰে যে এজন ঈশ্বৰ আছে আৰু যীচু খ্ৰীষ্ট আমাৰ উদ্ধাৰকৰ্তা হয় অথবা তেওঁ বিশ্বাস কৰে যে জগতৰ দুষ্টতা অতি সোনকালে শেষ হৈ যাব। এনেধৰণৰ কথাত আপুনিও সন্মত। সেইবাবে, এনে বিষয়ৰ ওপৰত কথা-বতৰা হওক আৰু আপোনাৰ বাৰ্তা এইদৰে কওক যাতে তেওঁ শুনিবলৈ আগ্ৰহী হয়।

১০. আমি কি জানিবলৈ চেষ্টা কৰা উচিত আৰু কিয়?

১০ মনত ৰাখক যে ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোকসকলে নিজৰ ধৰ্মৰ কিছুমান কথাৰ ওপৰত বিশ্বাস নকৰে। সেইবাবে, যেতিয়া আপুনি জানিব পাৰে যে এজন ব্যক্তিয়ে কি ধৰ্ম পালন কৰে, তেনেহʼলে তেওঁ কি বিশ্বাস কৰে তাক জানিবলৈ চেষ্টা কৰক। অষ্ট্ৰেলিয়াৰ এজন বিশেষ অগ্ৰগামী সেৱক ডেবিডে এইদৰে কৈছে, “আজি কালি বহুতোলোকে নিজৰ ধৰ্মৰ লগতে দৰ্শনবিদ্যাৰ ওপৰত বিশ্বাস কৰে।” অল্বানিয়াত বাস কৰা ডনাল্টা নামৰ ভনীয়ে এইদৰে কয়, “কেতিয়াবা কেতিয়াবা আমি এনে লোকসকলক লগ পাওঁ, যিসকলে কয় যে তেওঁলোকে ধৰ্মৰ ওপৰত বিশ্বাস কৰে। কিন্তু পাছত তেওঁলোকে কয় যে তেওঁলোকে ঈশ্বৰৰ ওপৰত অলপো বিশ্বাস নকৰে।” আৰ্জেন্টিনাৰ এগৰাকী মিছনাৰী ভায়ে এইদৰে কয়, “কিছুমান লোকে কয় যে তেওঁলোকে ত্ৰিয়কৰ ওপৰত বিশ্বাস কৰে, কিন্তু তেওঁলোকে এইটো বিশ্বাস নকৰে যে পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা এক হয়।” ভাইজনে কয়, “যেতিয়া মই বুজিব পাৰোঁ যে এজন ব্যক্তিয়ে নিজৰ ধৰ্মৰ সকলো শিক্ষাৰ ওপৰত বিশ্বাস নকৰে, তেতিয়া মোৰ কথা পাতিবলৈ আৰু সহজ হৈ পৰে। দুয়োজনে একমত হʼব পৰা বিষয়ৰ ওপৰত আমি কথা পাতিব পাৰোঁ।” আপোনাৰ প্ৰচাৰ এলেকাৰ লোকসকলে প্ৰকৃততে কিহৰ ওপৰত বিশ্বাস কৰে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনিও পৌলৰ দৰে “সকলোলৈকে সকলো প্ৰকাৰ” হʼব পাৰিব।—১ কৰি. ৯:১৯-২৩.

লোকসকলে কেনে বিষয়ৰ ওপৰত আগ্ৰহী?

১১. পাঁচনিৰ কৰ্ম্ম ১৪:১৪-১৭ পদৰ অনুসৰি পৌলে লুস্ত্ৰা চহৰৰ লোকসকলক কেনেকৈ শুভবাৰ্তা শুনাইছিল?

১১ পাঁচনিৰ কৰ্ম্ম ১৪:১৪-১৭ পঢ়ক। পৌলে প্ৰথমে লক্ষ্য কৰে যে লোকসকলে কি বিষয়ৰ ওপৰত আগ্ৰহী আৰু সেই অনুসৰি তেওঁ লোকসকলক নিজৰ বাৰ্তা শুনাইছিল। উদাহৰণস্বৰূপে, লুস্ত্ৰা চহৰৰ যি লোকসকলৰ লগত কথা পাতিছিল, তেওঁলোকৰ শাস্ত্ৰৰ কোনো জ্ঞান নাছিল। তেওঁলোকে বুজিব পৰা প্ৰমাণ পৌলে তেওঁলোকক দিছিল। পৌলে তেওঁলোকক এনে শব্দ কৈছিল আৰু এনে উদাহৰণ দিছিল, যি তেওঁলোকে ভালদৰে বুজিব পাৰিছিল। যেনে, ফলৱতী শস্য আৰু জীৱনত কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰি, তাৰ বিষয়ে উদাহৰণ দিছিল।

১২. আপুনি কেনেকৈ লোকসকলৰ আগ্ৰহ জানিব পাৰিব আৰু সেই অনুসৰি কথা পাতিব পাৰিব?

১২ আপোনাৰ এলেকাৰ লোকসকলে কি বিষয়ৰ ওপতৰ আগ্ৰহী, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক আৰু সেই অনুসৰি কথা পাতক। কিন্তু এতিয়া প্ৰশ্ন হয় যে আপুনি কেনেকৈ তেওঁলোকৰ আগ্ৰহৰ বিষয়ে জানিব পাৰিব? যেতিয়া আপুনি কাৰোবাৰ ঘৰলৈ যায় বা কাৰোবাক লগ পায়, তেতিয়া আপুনি আশে-পাশে লক্ষ্য কৰক। ব্যক্তিজনে বাগিছাত কাম কৰি আছে নেকি, কিতাপ পঢ়ি আছে নেকি, গাড়ী মেৰামতি কৰি আছে নেকি, নে আন কিবা কাম কৰিছে? যদি সম্ভৱ হয়, তেওঁ যি কৰি আছে, সেই বিষয়ৰ ওপৰতে কথা-বতৰা আৰম্ভ কৰক। (যোহ. ৪:৭) ব্যক্তিজনৰ সাজ-পোছাকৰ ওপৰতো ধ্যান দিয়ক। ইয়াৰপৰা জানিব পাৰিনে যে তেওঁ কোন ঠাইৰ, কি কাম কৰে অথবা কি খেল ভাল পায়। গুস্তাব নামৰ এজন ভায়ে এইদৰে কৈছে, “এবাৰ মই এজন ১৯ বছৰীয়া ডেকাক লগ পাইছিলোঁ আৰু তেওঁৰ টি-চাৰ্টত এজন বিখ্যাত গায়কৰ ছবি আছিল। মই ডেকাজনক সেই ছবিৰ বিষয়ে সুধিলোঁ, তেতিয়া তেওঁ গায়কজনক ভাল পোৱাৰ কাৰণ কৈছিল। কথা-বতৰা আগবাঢ়িল আৰু পাছলৈ লʼৰাজনে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। আজি তেওঁ আমাৰ এজন ভাই।”

১৩. আপুনি বাইবেল অধ্যয়নৰ বাবে লোকসকলক কেনেকৈ আগ্ৰহী কৰি তুলিব পাৰে?

১৩ যেতিয়া আপুনি কাৰোবাক বাইবেল অধ্যয়নৰ বিষয়ে সোধে, তেতিয়া আপুনি বাইবেল অধ্যয়নৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মাওক। অধ্যয়নৰপৰা তেওঁ কি কি শিকিব পাৰে, তাৰ বিষয়ে কওক। (যোহ. ৪:১৩-১৫) পপী নামৰ এগৰাকী ভনীয়ে ঠিক এইদৰেই কৰিছিল। এবাৰ প্ৰচাৰ কাৰ্য্য কৰাৰ সময়ত এগৰাকী তিৰোতাই তাইক ঘৰৰ ভিতৰলৈ মাতে। পপীয়ে লক্ষ্য কৰিলে যে দেৱালত এখন চাৰ্টিফিকেট আৰি থোৱা আছে আৰু ইয়াৰপৰা বুজিব পাৰি যে তাই এগৰাকী প্ৰফেছৰ আৰু শিক্ষাৰ ক্ষেত্ৰত তাই বহুতো ডিগ্ৰী লাভ কৰিছে। পপীয়ে তাইক কৈছিল যে আমিও লোকসকলক এক প্ৰকাৰে শিক্ষা দিছোঁ। এই শিক্ষা দিবলৈ আমি লোকসকলৰ লগত বাইবেল অধ্যয়ন কৰোঁ আৰু সভালৈ নিমন্ত্ৰণ কৰোঁ। সেই তিৰোতাগৰাকীয়ে অধ্যয়ন কৰিবলৈ সাজু হʼল। তাই পাছদিনাখন সভালৈ যায় আৰু কিছুদিনৰ পাছত চাৰ্কিট সন্মিলনত উপস্থিত হয়। এবছৰৰ পাছতে তাই বাপ্তিষ্মা লয়। আপুনি নিজৰ এলেকাৰ লোকসকলৰ বিষয়ে চিন্তা কৰিব পাৰে। পুনৰ সাক্ষাৎ কৰাৰ সময়ত চিন্তা কৰক যে তেওঁ কি বিষয়ৰ ওপৰত আগ্ৰহী? বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়, তাৰ বিষয়ে এইদৰে কওক যাতে তেওঁ আগ্ৰহী হয় আৰু অধ্যয়ন কৰিব বিচাৰে।

১৪. আপুনি প্ৰতিজন বিদ্যাৰ্থীক মনত ৰাখি কেনেকৈ শিকাব পাৰে?

১৪ আপুনি কাৰোবাৰ লগত বাইবেল অধ্যয়ন কৰাৰ আগতে প্ৰতিটো অধ্যয়নৰ বাবে ভালদৰে প্ৰস্তুতি কৰক। প্ৰস্তুতি কৰাৰ সময়ত চিন্তা কৰক যে বিদ্যাৰ্থীৰ পৰিয়াল কেনেকুৱা, তেওঁ কিমান পঢ়া-শুনা, এতিয়ালৈকে তেওঁৰ কি অনুভৱ আছে আৰু তেওঁ কিহৰ বিষয়ে আগ্ৰহী? ইয়াৰ উপৰিও, আপুনি কোনোটো পদ বা কোনটো ভিডিঅ’ দেখুৱাব আৰু বাইবেলৰ সত্যতা বুজাবলৈ আপুনি কেনেধৰণৰ উদাহৰণ দিব, তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক, ‘বিদ্যাৰ্থীৰ হৃদয় স্পৰ্শ কৰিবলৈ এই বিষয়টো মই কেনেকৈ কোৱা উচিত?’ (হিতো. ১৬:২৩) আলবেনিয়াত ফ্লৰা নামৰ এগৰাকী ভনীয়ে এগৰাকী তিৰোতাক বাইবেল অধ্যয়ন কৰিছিল। এবাৰ সেই তিৰোতাগৰাকীয়ে স্পষ্টৰূপে এইদৰে কৈছিল, “মৃত লোকসকলক জীৱিত কৰা হʼব বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ।” এই শিক্ষাৰ ওপৰত বিশ্বাস কৰিবলৈ ফ্লৰাই সেইসময়ত তাইক জোৰ কৰা নাছিল। তাই এইদৰে কৈছিল, “মই ভাবোঁ যে যিজন ঈশ্বৰে মৃত লোকসকলক পুনৰ জীৱিত কৰিব বুলি প্ৰতিজ্ঞা কৰিছে, সেইজন ঈশ্বৰৰ বিষয়ে তেওঁ প্ৰথমে জনা উচিত।” তাৰ পাছত ফ্লৰাই প্ৰতিটো অধ্যয়নত যিহোৱাৰ প্ৰেম, প্ৰজ্ঞা আৰু শক্তিৰ বিষয়ে কʼবলৈ আৰম্ভ কৰে। পাছলৈ তিৰোতাগৰাকীয়ে বিশ্বাস কৰে যে মৃত লোকসকল পুনৰ জীৱিত হʼব। আজি তাই এগৰাকী যিহোৱাৰ সাক্ষী হয় আৰু উৎসাহেৰে ঘোষণা কাৰ্য্যত ভাগ লয়।

লোকসকলে সত্য গ্ৰহণ কৰিব বুলি আশা ৰাখক

১৫. (ক) পাঁচনিৰ কৰ্ম্ম ১৭:১৬-১৮ পদৰ অনুসৰি আথিনীৰ কি ব্যৱহাৰ দেখি পৌলে চিন্তিত হৈছিল? (খ) পৌলে কিয় তেওঁলোকক প্ৰচাৰ কৰি থাকিল?

১৫ পাঁচনিৰ কৰ্ম্ম ১৭:১৬-১৮ পঢ়ক। আথিনীৰ লোকসকলে খ্ৰীষ্টান নহʼব বুলি পৌলে কেতিয়াও ভবা নাছিল। সেই চহৰৰ লোকসকলে মূৰ্তিপূজা, অনৈতিক কাম আৰু মিছা শিক্ষাৰ ওপৰত বিশ্বাস কৰিছিল। তেওঁলোকে পৌলক অপমান কৰিছিল। তথাপি পৌলে তেওঁলোকক ঘোষণা কৰিবলৈ এৰি নিদিলে। পৌলে এই কথা মনত ৰাখিছিল যে তেওঁ নিজেও প্ৰথমে “নিন্দক, তাড়নাকাৰী আৰু গৰ্ব্বী আছিল।” (১ তীম. ১:১২) যীচুৱে যিদৰে বিশ্বাস কৰিছিল যে পৌলে তেওঁৰ শিষ্য হʼব পাৰিব, ঠিক সেইদৰে পৌলেও বিশ্বাস কৰিছিল যে আথিনীৰ লোকসকলেও যীচুৰ শিষ্য হʼব পাৰিব। ঠিক সেইদৰেই হৈছিল। আথিনীৰ কিছুমান লোকে খ্ৰীষ্টান হৈ পৰিছিল।—পাঁচ. ৯:১৩-১৫; ১৭:৩৪.

১৬-১৭. আমি কিয় কʼব পাৰোঁ যে বিভিন্ন ধৰণৰ লোকে যীচুৰ শিষ্য হʼব পাৰে? এটা উদাহৰণ দিয়ক।

১৬ প্ৰথম শতিকাত সকলো ধৰণৰ লোক যীচুৰ শিষ্য হৈছিল। কৰিন্থীয়া নামৰ চিঠিখনত পৌলে লিখিছিল যে তেওঁলোকৰ মণ্ডলীৰ কিছুমান লোক অপৰাধী আছিল আৰু অনৈতিক কাম কৰিছিল। তাৰ পাছত তেওঁ এইদৰে কৈছিল, “তোমালোক কোনো কোনো তেনেকুৱা লোক আছিলা; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হʼলা।” (১ কৰি. ৬:৯-১১) যদি আপুনি কৰিন্থত থকা হʼলে আপুনি বিশ্বাস কৰিলেহেঁতেন নে যে এনে লোকসকলেও নিজকে পৰিৱৰ্তন কৰি যীচুৰ শিষ্য হʼব পাৰে?

১৭ আজিও বহুতোলোকে যীচুৰ শিষ্য হʼবলৈ নিজকে পৰিৱৰ্তন কৰিছে। অষ্ট্ৰেলিয়াৰ এগৰাকী অগ্ৰগামী সেৱক য়ুকিনাই জানিব পাৰিছে যে বিভিন্ন ধৰণৰ লোকে সত্য গ্ৰহণ কৰি নিজকে পৰিৱৰ্তন কৰিছে। এদিনাখন তাই ব্যৱসায়ৰ ঠাইত শৰীৰত টেটু থকা এগৰাকী যুৱতীক দেখা পায়। তাই একেবাৰে ধিলা আৰু ডাঙৰ কাপোৰ পিন্ধিছিল। য়ুকিনাই কৈছিল, “ক্ষন্তেকৰ বাবে মই তাইৰ লগত কথা পাতিবলৈ সংকোচ কৰিছিলোঁ। কিন্তু মই তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। মই জানিব পাৰিলোঁ যে তাই বাইবেলৰ প্ৰতি আগ্ৰহী আছিল। গীতমালাৰ কিছুমান পদেৰে তাই কিছুমান টেটু বনাইছিল।” এই যুৱতীগৰাকীয়ে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু সভাত উপস্থিত হʼবলৈ ধৰিলে। *

১৮. লোকসকলে সত্যত আহিব নে নাহে, তাৰ বিষয়ে আগতীয়াকৈ বিচাৰ কৰাটো কিয় উচিত নহয়?

১৮ যেতিয়া যীচুৱে শস্য পকাৰ বিষয়ে কৈছিল, তেতিয়া তেওঁ বেছি সংখ্যক লোকে তেওঁৰ শিষ্য হʼব বুলি ভাবিছিল নেকি? তেওঁ এইদৰে ভবা নাছিল। শাস্ত্ৰত কোৱা হৈছিল যে কম সংখ্যক লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিব। (যোহ. ১২:৩৭, ৩৮) যীচুৱে লোকসকলৰ হৃদয় পঢ়িব পাৰে। (মথি ৯:৪) যীচুৱে তেওঁৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ ওপৰত তেওঁ বেছি ধ্যান দিছিল। কিন্তু তেওঁ সকলোকে প্ৰচাৰ কৰিছিল। আমি লোকসকলৰ হৃদয় পঢ়িব নোৱাৰোঁ। সেইবাবে, অমুক ব্যক্তিয়ে বা অমুক এলেকাৰ লোকসকলে সত্য গ্ৰহণ নকৰিব বুলি ভবাৰ পৰিৱৰ্তে, আমি তেওঁলোকে এদিন নহয় এদিন আমাৰ খ্ৰীষ্টান ভাই বা ভনী হʼব বুলি ভবা উচিত। বুৰকিনা ফাচ’ নামৰ ঠাইৰ এজন মিছনাৰী ভাই মাৰ্কে এইদৰে কয়, “মই যিসকল লোকক উন্নতি কৰিব বুলি ভাবোঁ, তাৰ ভিতৰত বহুতোলোকে অধ্যয়ন কৰিবলৈ বন্ধ কৰি দিয়ে। কিন্তু মই যিসকল লোকক উন্নতি নকৰিব বুলি ভাবোঁ, তেওঁলোকে ভালদৰে উন্নতি কৰে। মই শিকিলোঁ যে লোকসকলে সত্যত আহিব নে নাহে, তাৰ বিষয়ে আগতীয়াকৈ মন্তব্য দিয়া উচিত নহয়। কেৱল যিহোৱাৰ পবিত্ৰ আত্মাই আমাক যি নিৰ্দেশনা দিয়ে, তাকে কৰা উচিত।”

১৯. আমি আমাৰ প্ৰচাৰ এলেকাৰ বিষয়ে কি চিন্তা কৰা উচিত?

১৯ হয়তো আমি ভাবিব পাৰোঁ যে আমাৰ প্ৰচাৰ এলেকাৰ কম সংখ্যক লোকে যীচুৰ শিষ্য হʼব পাৰিব। কিন্তু যীচুৱে নিজৰ শিষ্যসকলক কি কৈছিল, তালৈ ধ্যান দিয়ক। শস্য পকিলে অৰ্থাৎ শস্য দোৱাৰ সময় হৈছে। ইয়াৰ অৰ্থ হৈছে লোকসকলে পৰিৱৰ্তন হʼব পাৰে আৰু যীচুৰ শিষ্য হʼব পাৰে। যিহোৱা ঈশ্বৰে এনে দৃষ্টিভংগী ৰাখে আৰু তেওঁলোকক “বাঞ্চনীয়” বুলি ভাবে। (হগ্‌ ২:৭) যদি আমি যিহোৱা আৰু যীচুৰ দৰে চিন্তা কৰোঁ, তেনেহʼলে তেওঁলোকৰ ধাৰ্মিক বিশ্বাস কি আৰু তেওঁলোক কি বিষয়ৰ প্ৰতি আগ্ৰহী, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আমি তেওঁলোকক অচিনাকী লোকৰ দৰে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আমি এনেদৰে ব্যৱহাৰ কৰিম যাতে তেওঁলোকে এদিন নহয় এদিন আমাৰ খ্ৰীষ্টান ভাই বা ভনী হʼব পাৰে।

গীত ৫৭ বিভিন্ন জাতিৰ লোকক সত্যৰ বিষয়ে জনাওক

^ অনু. 5 যদি আমি আমাৰ প্ৰচাৰ এলেকাত থকা লোকসকলৰ বিষয়ে ভাল চিন্তা কৰিম, তেনেহʼলে আমি তেওঁলোকক ভালদৰে প্ৰচাৰ কৰিম আৰু শিক্ষা দিম। এই লেখত আলোচনা কৰা হৈছে যে যীচু আৰু পৌলে লোকসকলৰ বিষয়ে কি ভাবিছিল? তেওঁলোকে লোকসকলৰ বিশ্বাস আৰু আগ্ৰহৰ প্ৰতি ধ্যান ৰাখি কেনেকৈ কথা পাতিছিল? আৰু বিশ্বাস কৰিছিল যে তেওঁলোকেও যিহোৱাৰ সেৱক হʼব পাৰে। এই লেখত এয়াও উল্লেখ কৰা হৈছে যে আমি কেনেকৈ যীচু আৰু পৌলৰ দৰে ভাবিব পাৰোঁ?

^ অনু. 17 লোকসকলে কেনেকৈ পৰিৱৰ্তন হʼব পাৰে, তাৰ বিষয়ে “পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে” নামৰ লেখত বহুতো অনুভৱ দিয়া হৈছে। এই লেখ ২০১৭ চনলৈকে প্ৰহৰীবুৰুজত প্ৰকাশিত কৰা হৈছিল। কিন্তু এতিয়া jw.org® ৱেবছাইটত দিয়া হয়। আমাৰ বিষয়ে > অনুভৱ ভাগত চাওক।

^ অনু. 57 ছবিৰ বিষয়ে: এহাল দম্পতীয়ে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত লক্ষ্য কৰে যে (১) ঘৰখন পৰিষ্কাৰ পৰিপাটি আৰু ফুলেৰে সজা আছে; (২) ঘৰত সৰু লʼৰা-ছোৱালী আছে; (৩) ঘৰৰ ভিতৰে-বাহিৰে লেতেৰা হৈ আছে আৰু (৪) ঘৰত ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোক আছে। ইয়াৰ ভিতৰত আপুনি কোনটো ঘৰত খ্ৰীষ্টান হʼব পৰা ব্যক্তি লগ পাব?