Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৭

“মই তোমালোকক বন্ধু বুলিলোঁ”

“মই তোমালোকক বন্ধু বুলিলোঁ”

“মই তোমালোকক বন্ধু বুলিলোঁ; কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ, সেই সকলো তোমালোকক জনালোঁ।”—যোহ. ১৫:১৫.

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

লেখৰ এক আভাস *

১. আনৰ লগত বন্ধুত্ব কৰিবলৈ আমি কি কৰোঁ?

সাধাৰণতে কাৰোবাৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ হʼলে, আমি তেওঁৰ লগত সময় অতিবাহিত কৰাৰ প্ৰয়োজন। যেতিয়া আমি তেওঁৰ লগত কথা পাতোঁ আৰু তেওঁক নিজৰ মনৰ কথা কওঁ, তেনেহʼলে আমাৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰে। কিন্তু যীচুৰ লগত বন্ধুত্ব কৰাটো আমাৰ বাবে ইমান সহজ নহয়। কিয় বাৰু? আহক ইয়াৰ কিছুমান কাৰণ চাওঁ।

২. যীচুৰ লগত বন্ধুত্ব কৰাটো কিয় কঠিন হʼব পাৰে? এটা কাৰণ দিয়ক।

প্ৰথম কাৰণ হৈছে আমি যীচুক কেতিয়াও লগ পোৱা নাই। প্ৰথম শতিকাৰ বহুতো খ্ৰীষ্টানে তেওঁক লগ পোৱা নাছিল। তথাপি পাঁচনি পিতৰে এইদৰে কৈছিল, “তোমালোকে . . . এতিয়াও নেদেখিও, তেওঁত বিশ্বাস” কৰিছা। (১ পিত. ১:৮) ইয়াৰপৰা বুজিব পাৰি যে যদিও আমি যীচুক কেতিয়াও লগ পোৱা নাই, তথাপি আমি তেওঁৰ লগত বন্ধুত্ব কৰিব পাৰোঁ।

৩. দ্বিতীয় কাৰণ কি?

দ্বিতীয় কাৰণ হৈছে আমি যীচুৰ লগত কথা পাতিব নোৱাৰোঁ। প্ৰাৰ্থনা কৰাৰ সময়ত আমি পোনপটীয়াকৈ যিহোৱাৰ লগত কথা পাতোঁ। এইটো সত্য যে আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰোঁ, কিন্তু পোনপটীয়াকৈ আমি তেওঁৰ লগত কথা নাপাতোঁ। আমি তেওঁৰ লগত কথা পতাটো যীচুৱে নিজেও নিবিচাৰে। কিয় বাৰু? কিয়নো প্ৰাৰ্থনা উপাসনাৰ এটা ভাগ হয় আৰু আমি কেৱল যিহোৱা ঈশ্বৰকহে উপাসনা কৰা উচিত। (মথি ৪:১০) যদিও আমি যীচুৰ লগত কথা পাতিব নোৱাৰোঁ, কিন্তু আমি তেওঁক প্ৰেম কৰিব পাৰোঁ।

৪. (ক) তৃতীয় কাৰণ কি? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

তৃতীয় কাৰণ হৈছে যীচু স্বৰ্গত থাকে। সেইবাবে, আমি স্বৰ্গত গৈ তেওঁৰ লগত সময় অতিবাহিত কৰিব নোৱাৰোঁ। যদিও আমি শাৰিৰীকভাৱে যীচুৰ নাই, তথাপি আমি যীচুৰ বিষয়ে বহুতো কথা জানিব পাৰোঁ। আমি এনে চাৰিটা বিষয়ৰ ওপৰত ধ্যান দিম যিয়ে, যীচুৰ লগত থকা আমাৰ বন্ধুত্ব ঘনিষ্ঠ কৰি তুলিব। কিন্তু ইয়াৰ আগতে আমি চাম যে যীচুৰ লগত ঘনিষ্ঠ বন্ধুত্ব কৰাটো কিয় প্ৰয়োজন?

যীচুৰ লগত বন্ধুত্ব কৰাটো কিয় প্ৰয়োজন?

৫. আমি কিয় যীচুৰ লগত বন্ধুত্ব কৰা উচিত? (“ যীচুৰ লগত বন্ধুত্ব কৰিলে আমি যিহোৱাৰ বন্ধু হʼব পাৰিম” আৰু “ যীচুৰ বিষয়ে সঠিক দৃষ্টিভংগী” নামৰ বক্স চাওক।)

যদি আমি যীচুৰ লগত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিম, তেতিয়াহে যিহোৱাৰ লগত আমাৰ এক গভীৰ সম্পৰ্ক হʼব। কিয় বাৰু? আহক ইয়াৰ দুটা কাৰণলৈ মন কৰোঁ। প্ৰথম কাৰণ, যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “পিতৃয়ে নিজেই তোমালোকক প্ৰীতি কৰে; কাৰণ তোমালোকে মোক প্ৰীতি কৰিলা।” (যোহ. ১৬:২৬, ২৭) যীচুৱে এয়াও কৈছিল, “মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহ. ১৪:৬) যিদৰে আমি দুৱাৰৰ অবিহনে ঘৰৰ ভিতৰত সোমাব নোৱাৰোঁ, ঠিক সেইদৰে যীচুৰ লগত বন্ধুত্ব নকৰাকৈ আমি যিহোৱাৰ লগত বন্ধুত্ব কৰিব নোৱাৰোঁ। যীচুৱে দুৱাৰৰ উদাহৰণ দি কৈছিল যে তেওঁ নিজৰ “মেৰৰ গঁৰালৰ দুৱাৰ” হয়, যাৰ যোগেদি যিহোৱাৰ কাষ চাপিব পাৰি। (যোহ. ১০:৭) দ্বিতীয় কাৰণটো হৈছে, যীচুৱে নিজৰ পিতৃৰ দৰে গুণবোৰ প্ৰকাশ কৰিছিল। তেওঁ নিজৰ শিষ্যসকলক কৈছিল, “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহ. ১৪:৯) গতিকে, যিহোৱা ঈশ্বৰক জনাৰ এটা প্ৰধান উপায় হৈছে যীচু খ্ৰীষ্টৰ বিষয়ে ভালদৰে জনা। আমি যিমানেই যীচুৰ বিষয়ে শিকি থাকিম, সিমানেই তেওঁৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব। এইদৰে যীচুৰ লগত আমাৰ বন্ধুত্ব ঘনিষ্ঠ হʼব আৰু তেওঁৰ পিতৃৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব।

৬. যীচুৰ লগত বন্ধুত্ব কৰাৰ আন এটা কাৰণ কি? বুজাওক।

যীচুৰ লগত বন্ধুত্ব কৰিলেহে আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পাম। কিন্তু প্ৰাৰ্থনা কৰাৰ সময়ত আমি কেৱল “যীচুৰ নামেৰে” প্ৰাৰ্থনা কৰিছোঁ বুলি কʼলেই যথেষ্ট নহয়। যিহোৱা ঈশ্বৰে যীচুৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে, তাৰ বিষয়ে আমি জনা উচিত। যীচুৱে নিজৰ পাঁচনিসকলক এইদৰে কৈছিল তোমালোকে “মোৰ নামেৰে যিহকে খুজিবা, মই তাকে সিদ্ধ কৰিম।” (যোহ. ১৪:১৩) এইটো সঁচা যে যিহোৱা ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে আৰু উত্তৰ দিয়ে। কিন্তু আমাৰ প্ৰাৰ্থনা শুনাৰ পাছত তেওঁ যি নিৰ্ণয় লয়, তাক কৰাৰ অধিকাৰ তেওঁ যীচু খ্ৰীষ্টক দিছে। (মথি ২৮:১৮) গতিকে, যিহোৱা ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰাৰ আগতে তেওঁ লক্ষ্য কৰে যে আমি যীচুৰ আজ্ঞা পালন কৰিছোঁ নে নাই। উদাহৰণস্বৰূপে, যীচুৱে এইদৰে কৈছিল: “তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা, তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব; কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব।” (মথি ৬:১৪, ১৫) সেইবাবে, যিহোৱা আৰু যীচু খ্ৰীষ্টই আমাৰ লগত যিদৰে দয়াৰে ব্যৱহাৰ কৰে, ঠিক সেইদৰে আমিও আনৰ লগত দয়াৰে ব্যৱহাৰ কৰা অতি প্ৰয়োজন।

৭. যীচুৰ মুক্তিপণস্বৰূপ বলিদানৰপৰা কোন লোকসকলে লাভৱান হʼব?

যীচুৰ লগত বন্ধুত্ব কৰিলেহে আমি তেওঁৰ মুক্তিপণস্বৰূপ বলিদানৰপৰা লাভৱান হʼব পাৰিম। এয়া আমি কিয় কʼব পাৰোঁ? যীচুৱে এইদৰে কৈছিল তেওঁ “বন্ধুবিলাকৰ নিমিত্তে, নিজৰ প্ৰাণ” দিব। (যোহ. ১৫:১৩) যীচুৰ আগতে জীয়াই থকা বিশ্বাসী লোকসকলেও নতুন পৃথিৱীত যীচুৰ বিষয়ে শিকা আৰু তেওঁৰ লগত বন্ধুত্ব কৰাৰ প্ৰয়োজন। তেওঁলোকৰ ভিতৰত কিছুমান হৈছে অব্ৰাহাম, চাৰা, মোচি আৰু ৰাহব যিসকলক পুনৰুত্থান কৰা হʼব। তেওঁলোকৰ দৰে ধাৰ্মিক লোকসকলেও যীচুৰ লগত বন্ধুত্ব কৰাৰ প্ৰয়োজন, তেতিয়াহে তেওঁলোকে অনন্ত জীৱন লাভ কৰিব পাৰিব।—যোহ. ১৭:৩; পাঁচ. ২৪:১৫; ইব্ৰী ১১:৮-১২, ২৪-২৬, ৩১.

৮-৯. যোহন ১৫:৪, ৫ পদৰ অনুসৰি যীচুৰ লগত ভাল সম্পৰ্ক হʼলে আমি কি কৰিব পাৰিম আৰু এয়া কিয় প্ৰয়োজন?

এয়া আমাৰ বাবে এক আনন্দৰ বিষয় যে ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰা আৰু শিকোৱাৰ কামত যীচু আমাৰ লগত আছে। পৃথিৱীত থকাৰ সময়ত যীচু নিজেও আনক শিক্ষা দিছিল। স্বৰ্গলৈ উভতি যোৱাৰ পাছত তেওঁ মণ্ডলীৰ মূৰ হিচাপে প্ৰচাৰ কাৰ্য্য আৰু শিকোৱাৰ কামত নিৰ্দেশনা দিয়ে। আপুনি যিমান পাৰে সিমান লোকক যীচু আৰু তেওঁৰ পিতৃৰ বিষয়ে শিকাবলৈ যি পৰিশ্ৰম কৰিছে, তালৈ তেওঁ লক্ষ্য কৰে আৰু মূল্যাংকন কৰে। আমি এই কাম কেৱল যিহোৱা আৰু যীচু খ্ৰীষ্টৰ সহায়তহে কৰিব পাৰোঁ। —যোহন ১৫:৪, ৫ পঢ়ক।

ঈশ্বৰৰ বাক্য বাইবেলত স্পষ্টৰূপে কৈছে যে যদি আমি যীচুক প্ৰেম কৰিম, তেতিয়াহে যিহোৱা ঈশ্বৰ আনন্দিত হʼব। সেইবাবে, আহক আমি চাওঁ যে যীচুৰ বন্ধু হʼবলৈ আমি কি কৰাৰ প্ৰয়োজন। আমি চাৰিটা বিষয়ৰ ওপৰত ধ্যান দিম।

যীচুৰ লগত কেনেকৈ বন্ধুত্ব কৰিব পাৰোঁ

যীচুৰ বন্ধু হʼবলৈ (১) তেওঁক ভালদৰে জানক, (২) তেওঁৰ দৰে চিন্তাধাৰা ৰাখক আৰু তেওঁৰ আৰ্হি অনুকৰণ কৰক, (৩) খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰক আৰু (৪) সংগঠনে ব্যৱস্থা কৰা অনুসৰি কাম কৰক (অনুচ্ছেদ ১০-১৪ চাওক) *

১০. যীচুৰ লগত বন্ধুত্ব কৰিবলৈ আমি প্ৰথমে কি কৰাৰ প্ৰয়োজন?

১০ () যীচুৰ বিষয়ে জানক। বাইবেলত মথি, মাৰ্ক, লূক আৰু যোহন নামৰ কিতাপকেইখন পঢ়িলে, আমি যীচুৰ বিষয়ে জানিব পাৰিম। যেতিয়া আমি বাইবেলত উল্লেখ কৰা যীচুৰ জীৱনৰ বিষয়ে ধ্যান কৰিম, তেতিয়া আমি যীচুৱে লোকসকলৰ লগত কেনেকৈ দয়াৰে কথা পাতিছিল, তাৰ বিষয়ে জানিব পাৰিম। এই ঘটনাবোৰৰ ওপৰত ধ্যান কৰিলে, যীচুৰ প্ৰতি আমাৰ হৃদয়ত প্ৰেম আৰু সন্মান বাঢ়িব। উদাহৰণস্বৰূপে, যীচুৱে মালিক হোৱাৰ সত্ত্বেও নিজৰ শিষ্যসকলৰ লগত দাসৰ দৰে ব্যৱহাৰ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, যীচুৱে শিষ্যসকলক নিজৰ মনৰ কথা কৈছিল। (যোহ. ১৫:১৫) শিষ্যসকলে দুখী হোৱাৰ সময়ত যীচুৱেও তেওঁলোকৰ দুখ অনুভৱ কৰিছিল আৰু ক্ৰন্দনো কৰিছিল। (যোহ. ১১:৩২-৩৬) ইয়াৰ উপৰিও, যীচুৰ শত্ৰুসকলেও বিশ্বাস কৰিছিল যে যীচুৰ বাৰ্তা গ্ৰহণ কৰা লোকসকল তেওঁৰ বন্ধু আছিল। (মথি ১১:১৯) যীচুৱে নিজৰ শিষ্যসকলৰ লগত ব্যৱহাৰ কৰাৰ দৰে যদি আমি আনৰ লগত ব্যৱহাৰ কৰোঁ, তেনেহʼলে তেওঁৰ লগত আমাৰ সম্পৰ্ক ভাল হʼব। আমি আনন্দত থাকিব পাৰিম আৰু যীচুৰ প্ৰতি আমাৰ প্ৰেম আৰু সন্মান বাঢ়িব।

১১. (ক) যীচুৰ লগত বন্ধুত্ব কৰিবলৈ আমি আৰু কি কৰাৰ প্ৰয়োজন? (খ) আমি এইদৰে কিয় কৰা উচিত?

১১ () যীচুৰ দৰে চিন্তাধাৰা ৰাখক আৰু তেওঁৰ আৰ্হি অনুকৰণ কৰক। যেতিয়া আমি যীচুৰ দৰে চিন্তাধাৰা ৰাখিম আৰু তেওঁৰ আৰ্হি অনুকৰণ কৰিম, তেতিয়া তেওঁৰ লগত আমাৰ বন্ধুত্ব গভীৰ হʼব। (১ কৰি. ২:১৬) আমি বিভিন্ন উপায়েৰে যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ। এটা উদাহৰণলৈ লক্ষ্য কৰক যীচুৱে নিজৰ আনন্দৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে সদায় আনক সহায় কৰিবলৈ চিন্তা কৰিছিল। (মথি ২০:২৬; ৰোম. ১৫:১-৩) গতিকে, এনেধৰণৰ মনোবৃত্তি থকাৰ বাবে তেওঁ আনৰ বাবে ত্যাগ কৰিছিল আৰু তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিছিল। লোকসকলে তেওঁৰ বিষয়ে যি কৈছিল, তাৰ প্ৰতি তেওঁ সহজে বেয়া পোৱা নাছিল। (যোহ. ১:৪৬, ৪৭) যদি এজন ব্যক্তিয়ে আগতে কিবা ভুল কৰিছিল, তেনেহʼলে তেওঁ এজন বেয়া ব্যক্তি বুলি যীচুৱে ভবা নাছিল। (১ তীম. ১:১২-১৪) আমিও যীচুৰ দৰে চিন্তাধাৰা ৰখা উচিত। কিয়নো তেওঁ এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহ. ১৩:৩৫) আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ, “মই যীচুৰ আৰ্হিক অনুকৰণ কৰোঁনে আৰু ভাই-ভনীৰ লগত শান্তি বজাই ৰাখিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰোঁনে?”

১২. (ক) যীচুৰ বন্ধু হʼবলৈ আমি আৰু কি কৰাৰ প্ৰয়োজন? (খ) এনে কৰাৰ এটা উপায় কি?

১২ () খ্ৰীষ্টৰ ভাইসকলক সহযোগ কৰক। যদি আমি যীচু খ্ৰীষ্টৰ অভিষিক্ত ভাইসকলক সহযোগ কৰোঁ, তেনেহʼলে আমি যীচুক সহযোগ কৰাৰ দৰে হʼব। (মথি ২৫:৩৪-৪০) অভিষিক্ত ভাইসকলক সহযোগ কৰাৰ এটা উপায় হৈছে যীচু খ্ৰীষ্টৰ আজ্ঞা পালন কৰি মনে-প্ৰাণে প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা কাৰ্য্যত ভাগ লোৱা। (মথি ২৮:১৯, ২০; পাঁচ. ১০:৪২) আজি গোটেই পৃথিৱীত প্ৰচাৰ কাম হৈ আছে। খ্ৰীষ্টৰ ভাইসকলে “অন্য মেৰৰ” সহায়তহে এই কাম সম্পূৰ্ণ কৰিব পাৰিছে। (যোহ. ১০:১৬, NW) যদি আপুনি অন্য মেৰৰ এজন হয়, তেনেহʼলে আপুনি সকলো সময়তে প্ৰচাৰ কৰাৰ যোগেদি প্ৰমাণ কৰিব যে আপুনি কেৱল অভিষিক্ত খ্ৰীষ্টানসকলকেই নহয়, কিন্তু যীচুকো প্ৰেম কৰে।

১৩. লূক ১৬:৯ পদত দিয়া যীচুৰ পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?

১৩ খ্ৰীষ্টৰ ভাইসকলক সহায় কৰাৰ আৰু বহুতো উপায় আছে। যেনে ঈশ্বৰৰ ৰাজ্যৰ বাবে দান-বৰঙণি দিয়া। (লূক ১৬:৯ পঢ়ক।) এনে কৰাৰ যোগেদি আমি যিহোৱা আৰু যীচু খ্ৰীষ্টৰ এজন ভাল বন্ধু হʼব পাৰিম। বিশ্বজুৰি হৈ থকা কামৰ বাবে আমি দান-বৰঙণি আগবঢ়াব পাৰোঁ। ইয়াৰ যোগেদি বহুতো কামৰ খৰচ-পাতি পূৰ কৰা হয়। উদাহৰণস্বৰূপে, দূৰ-দূৰণি ঠাইত শুভবাৰ্তা জনোৱা, উপাসনাৰ বাবে ৰাজ্যগৃহ নিৰ্মাণ আৰু মেৰামতি কৰা, পীড়িত ভাই-ভনীসকলক সহায় কৰা ইত্যাদি। আমি নিজৰ মণ্ডলীৰ খৰচ-পাতিৰ বাবেও দান দিব পাৰোঁ। যদি আমি সহায়ৰ প্ৰয়োজন হোৱা কোনো ভাই বা ভনীৰ বিষয়ে জানোঁ, তেনেহʼলে তেওঁকো আমি সহায় কৰিব পাৰোঁ। (হিতো. ১৯:১৭) এইদৰে আমি খ্ৰীষ্টৰ ভাইসকলক সহায় কৰিব পাৰোঁ।

১৪. ইফিচীয়া ৪:১৫, ১৬ পদৰ অনুসৰি আমি যীচুৰ বন্ধু হʼবলৈ আৰু কি কৰাৰ প্ৰয়োজন?

১৪ () যিহোৱাৰ সংগঠনৰ ব্যৱস্থা অনুসৰি কাম কৰক। যীচুৱে আমাৰ ওপৰত কিছুমান ভাইসকলক নিযুক্ত কৰিছে, যিসকলে মৰমেৰে আমাক চোৱা-চিতা কৰে। আমি সেই ভাইসকলৰ নিৰ্দেশনা পালন কৰা উচিত। (ইফিচীয়া ৪:১৫, ১৬ পঢ়ক।) এইদৰে কৰাৰ যোগেদি আমি যীচুৰ এজন ভাল বন্ধু হʼব পাৰিম। উদাহৰণস্বৰূপে, আজি সংগঠনে ৰাজ্যগৃহ ভালদৰে ব্যৱহাৰ কৰিবলৈ কিছুমান মণ্ডলীক একলগ কৰিছে আৰু তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যৰ এলেকাতো কিছুমান সাল-সলনি কৰিছে। এনে কৰাৰ বাবে সংগঠনে দান-বৰঙণিৰ বহুতো টকা-পইচা সঞ্চয় কৰিব পাৰিছে। কিন্তু এই ব্যৱস্থাৰ বাবে কিছুমান ভাই-ভনীক বহুতো সাল-সলনি কৰিবলগীয়া হৈছে। এই ভাই-ভনীসকল বহুবছৰ ধৰি কোনো এখন মণ্ডলীত সেৱা কৰিছিল আৰু তাত থকা ভাই-ভনীসকলৰ লগত তেওঁলোকৰ এক ভাল বন্ধুত্ব হৈ পৰিছিল। কিন্তু এতিয়া তেওঁলোকক আন মণ্ডলীলৈ যাবলৈ কোৱা হৈছে। এই বিশ্বাসী ভাই-ভনীসকলে এই ব্যৱস্থাৰ অনুসৰি বহুতো সাল-সলনি কৰিছে। তেওঁলোকক দেখি যীচু কিমান যে আনন্দিত হয়!

সদায় কালৰ বাবে যীচুৰ বন্ধু

১৫. ভৱিষ্যতে যীচুৰ লগত আমাৰ বন্ধুত্ব কেনেকৈ গভীৰ হʼব?

১৫ যিসকলক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হʼব, তেওঁলোকে যীচুৰ লগত স্বৰ্গত শাসন কৰিব আৰু সদায় তেওঁৰ লগত থাকিব। তেতিয়াহে তেওঁলোকে প্ৰকৃততে যীচুৰ লগত থাকিব, তেওঁক দেখিব, তেওঁৰ লগত কথা পাতিব আৰু তেওঁৰ সংগতিৰ আনন্দ লʼব। (যোহ. ১৪:২, ৩) পৃথিৱীত জীয়াই থকাৰ বাবে যিসকলৰ আশা আছে, তেওঁলোকক যীচুৱে যত্ন লʼব আৰু প্ৰেম কৰিব। যদিও তেওঁলোকে যীচুক দেখা নাপায়, কিন্তু যীচুৰ লগত তেওঁলোকৰ সম্পৰ্ক দিনক দিনে গভীৰ হʼব। কিয়নো যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই দিয়া জীৱনৰ তেওঁলোকে সম্পূৰ্ণৰূপে আনন্দ উপভোগ কৰিব।—যিচ. ৯:৬, ৭.

১৬. যীচুৰ বন্ধু হʼলে আমি কি কি আশীৰ্বাদ লাভ কৰিম?

১৬ যেতিয়া আমি যীচুৰ নিমন্ত্ৰণ গ্ৰহণ কৰি তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিম, তেতিয়া আমি বহুতো আশীৰ্বাদ লাভ কৰিম। উদাহৰণস্বৰূপে, আজিও তেওঁ আমাক সহায় কৰে আৰু প্ৰেম কৰে। ভৱিষ্যতে আমি অনন্ত জীৱন জীয়াই থাকিবলৈ সুযোগ পাম। সকলোতকৈ ডাঙৰ আশীৰ্বাদ হৈছে আমি যীচুৰ লগত বন্ধুত্ব কৰি, তেওঁৰ পিতৃ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিম। সঁচাকৈ, যীচুৰ বন্ধু হোৱাটো এক সন্মানৰ বিষয়।

গীত ১৭ “মই ইচ্ছা কৰিছোঁ”

^ অনু. 5 পাঁচনিসকলে কিছু বছৰ যীচুৰ লগত সময় অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁলোকে যীচুৰ লগত কথা-বতৰা হৈছিল আৰু সেৱা কৰিছিল। এইদৰে তেওঁলোকে যীচুৰ এক ভাল বন্ধু হৈ পৰিছিল। আমিও তেওঁৰ বন্ধু হোৱাটো যীচুৱে বিচাৰে। যীচুৰ বন্ধু হোৱাটো পাঁচনিসকলৰ বাবে যিমান সহজ আছিল, আমাৰ বাবে ইমান সহজ নহয়। ইয়াৰ কিছুমান কাৰণ এই লেখত উল্লেখ কৰা হৈছে। যীচুৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আৰু বন্ধুত্ব বজাই ৰাখিবলৈ আমি কি কৰা উচিত, তাৰ বিষয়েও ইয়াত উল্লেখ আছে।

^ অনু. 55 ছবিৰ বিষয়ে: ১. পাৰিবাৰিক উপাসনাত আমি যীচুৰ জীৱন আৰু তেওঁৰ সেৱা কাৰ্য্যৰ বিষয়ে শিকিব পাৰিম। ২. আমি মণ্ডলীৰ ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। ৩. প্ৰচাৰ কাম মনে-প্ৰাণে কৰাৰ যোগেদি আমি খ্ৰীষ্টৰ ভাইসকলক সহায় কৰা হʼব। ৪. যেতিয়া মণ্ডলীবোৰক একলগ কৰা হয়, তেতিয়া আমি প্ৰাচীনসকলৰ নিৰ্ণয়ৰ অনুসৰি কাম কৰা উচিত।