Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২০

বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন?

বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন?

“তথাপি তেওঁৰ অন্ত উপস্থিত হব, তেওঁক সহায় কৰোঁতা কোনো নহব।”—দানি. ১১:৪৫.

গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ

লেখৰ এক আভাস *

১-২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

বৰ্তমান সময়ত আমি এই জগতৰ শেষ সময়ৰ শেষ কালত জীয়াই আছোঁ। এই কথাৰ প্ৰমাণ আগতকৈ বেছি এতিয়া দেখিবলৈ পোৱা গৈছে। অতি সোনকালে যিহোৱা আৰু যীচু খ্ৰীষ্টই এই জগতৰ সকলো চৰকাৰক ধ্বংস কৰিব। কিয়নো এই চৰকাৰবোৰে ঈশ্বৰৰ ৰাজ্যৰ বিৰোধ কৰে। কিন্তু সেইসময়লৈকে উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাই এজনে-আনজনৰ লগত যুদ্ধ কৰি থাকিব আৰু ঈশ্বৰৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰি থাকিব।

এই লেখত আমি দানিয়েল ১১:৪০–১২:১ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ ওপৰত আলোচনা কৰিম। বৰ্তমান সময়ত উত্তৰ দেশৰ ৰজা কোন হয়, তাৰ বিষয়ে জানিব পাৰিম। আমি এয়াও আলোচনা কৰিম যে ভৱিষ্যতে যেতিয়া আমাৰ ওপৰত সমস্যা আহিব, তেতিয়া আমি কিয় চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু আমি কিয় ভৰসা কৰিব পাৰিম যে যিহোৱাই আমাক যিকোনো পৰিস্থিতিতে ৰক্ষা কৰিব।

উত্তৰ দেশৰ এজন নতুন ৰজা

৩-৪. বৰ্তমান সময়ত উত্তৰ দেশৰ ৰজা কোন হয়? বুজাওক।

যেতিয়া ১৯৯১ চনত ছʼভিয়েট সংঘৰ ধ্বংস হৈছিল, তেতিয়া সেই এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে অলপ স্বাধীনতা পাইছিল। দানিয়েলৰ ভৱিষ্যতবাণীত উল্লেখ কৰাৰ দৰে তেওঁলোকে “অলপ সহায়” পালে। (দানি. ১১:৩৪) সেইবাবে, ছʼভিয়েট সংঘৰ দেশবোৰত সাক্ষীসকলে কোনো বাধা নোহোৱাকৈ প্ৰচাৰ কৰিব পাৰিছিল। কিছুসময়ৰ ভিতৰতে তেওঁলোকৰ সংখ্যা বৃদ্ধি হৈ লাখত পৰিণত হৈছিল। কিন্তু কিছু বছৰৰ পাছত ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই উত্তৰ দেশৰ ৰজা হৈ পৰে। আগৰ লেখত উল্লেখ কৰাৰ দৰে কোনো এখন চৰকাৰক উত্তৰ বা দক্ষিণ দেশৰ ৰজা বুলি কʼলে তিনিটা বিষয় জড়িত থকা উচিত। (১) এই চৰকাৰে এনে এখন দেশত শাসন কৰে, যʼত ঈশ্বৰৰ বহুতো লোক থাকে বা তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে। (২) এই চৰকাৰে যিহোৱা ঈশ্বৰক ঘৃণা কৰে। সেইবাবে, তেওঁৰ লোকসকলৰ ওপৰত বেয়া ব্যৱহাৰ কৰে। (৩) এই ৰজাই আন ৰজাতকৈ বেছি শক্তিশালী হʼবলৈ যুদ্ধ কৰে।

বৰ্তমান সময়ত উত্তৰ দেশৰ ৰজা ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ হয় বুলি আমি কিয় কʼব পাৰোঁ? এনে কোৱাৰ তিনিটা কাৰণ আছে। (১) তেওঁৰ এলেকাত থকা লাখ লাখ সাক্ষীৰ ওপৰত তেওঁ অত্যাচাৰ কৰে আৰু প্ৰচাৰ কাৰ্য্যত বাধা দিয়ে। (২) ইয়াৰপৰা স্পষ্টৰূপে বুজিব পাৰি যে তেওঁলোকে যিহোৱা আৰু তেওঁৰ লোকসকলক ঘৃণা কৰে। (৩) তেওঁলোকে দক্ষিণ দেশৰ ৰজা অৰ্থাৎ ব্ৰিটেইন আৰু আমেৰিকাতকৈ বেছি শক্তিশালী হʼবলৈ চেষ্টা কৰি আহিছে। আহক ইয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ।

উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাই পৰস্পৰে যুদ্ধ কৰি থাকে

৫. (ক) দানিয়েল ১১:৪০-৪৩ পদত কোনটো সময়ৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে? (খ) সেইসময়ত কি কি ঘটনা ঘটিব?

দানিয়েল ১১:৪০-৪৩ পঢ়ক। উত্তৰ আৰু দক্ষিণ দেশৰ ৰজাৰ মাজত কেনেদৰে যুদ্ধ হৈ থাকিব, তাৰ বিষয়ে এই পদবোৰত উল্লেখ কৰা হৈছে। উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ লগত “যুদ্ধ” কৰিব।—দানি. ১১:৪০.

৬. দুয়োজন ৰজাই এজনে-আনজনৰ লগত কেনেকৈ যুদ্ধ কৰি আছে?

ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসৰি দক্ষিণ আৰু উত্তৰ দেশৰ ৰজাই গোটেই পৃথিৱীত শাসন কৰিবলৈ এজনে-আনজনৰ লগত যুদ্ধ কৰি আছে। উদাহৰণস্বৰূপে, দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উত্তৰ দেশৰ ৰজা ছʼভিয়েট সংঘ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই ইউৰোপৰ এটা ডাঙৰ এলেকাক নিজৰ অধীন কৰি লৈছিল। ইয়াকে দেখি দক্ষিণ দেশৰ ৰজা ব্ৰিটেইন আমেৰিকাই আন দেশৰ লগত সন্ধি কৰে, যাতে প্ৰয়োজন হʼলে উত্তৰ দেশৰ ৰজাৰ লগত যুদ্ধ কৰিবলৈ নিজৰ সৈন্য-বাহিনী একগোট কৰিব পাৰে। এই সন্ধিক আটলাণ্টিক সন্ধি সংগঠন বুলি কোৱা হয়। উত্তৰ দেশৰ ৰজাই আৰু দক্ষিণ দেশৰ ৰজাই নিজৰ সৈন্য-বাহিনীক শক্তিশালী কৰি তুলিবলৈ বহুতো টকা খৰচ কৰিছে, যাতে তেওঁলোকে এজনে-আনজনতকৈ শক্তিশালী হʼব পাৰে। তেওঁলোকে আৰু এটা উপায়েৰে নিজৰ শত্ৰুতা প্ৰকাশ কৰিছে। তেওঁলোকে যুদ্ধত এজনে-আনজনৰ শত্ৰুক সহযোগ কৰিছে। অলপতে ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই শক্তিশালী হৈ পৰে। তেওঁলোকে কম্পিউটাৰ প্ৰʼগ্ৰামৰ যোগেদিও দক্ষিণ দেশৰ ৰজাৰ লগত যুদ্ধ কৰি আছে। দুয়োজন ৰজাই এজনে-আনজনৰ ওপৰত অভিযোগ কৰিছে যে তেওঁলোকে কম্পিউটাৰ প্ৰʼগ্ৰামৰ যোগেদি এজনে-আনজনক আৰ্থিকভাৱে হানি কৰিবলৈ আৰু তেওঁলোকৰ চৰকাৰক দুৰ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে। দানিয়েলে কৰা ভৱিষ্যতবাণীৰ অনুসৰি উত্তৰ দেশৰ ৰজাই ঈশ্বৰৰ লোকসকলৰ ওপৰত একেলেথাৰিয়ে অত্যাচাৰ কৰি আছে।—দানি. ১১:৪১.

উত্তৰ দেশৰ ৰজাই ‘দেশ-ৰত্নত’ সোমায়

৭. ‘দেশ-ৰত্নৰ’ অৰ্থ কি?

দানিয়েল ১১:৪১ পদত উল্লেখ আছে যে উত্তৰ দেশৰ ৰজাই ‘দেশ-ৰত্নত সোমাব।’ এই দেশ কি হয়? প্ৰাচীন সময়ত ইস্ৰায়েল দেশখন “আটাই দেশৰ ভূষণস্বৰূপ” বুলি জনাজাত আছিল। (যিহি. ২০:৬) এই দেশৰ বিশেষত্ব আছিল যে ইয়াত যিহোৱাৰ উপাসনা কৰা হৈছিল। কিন্তু ৩৩ খ্ৰীষ্টাব্দৰপৰা কোনো এখন দেশক ‘দেশ-ৰত্ন’ বুলি কোৱা নহয়। কিয়নো সেইসময়ৰপৰা যিহোৱাৰ উপাসনা কৰা লোকসকল পৃথিৱীৰ বিভিন্ন দেশত বাস কৰে আৰু বৰ্তমান সময়ত গোটেই পৃথিৱীতে ঈশ্বৰৰ লোকসকল সিঁচৰিত হৈ আছে। গতিকে, বৰ্তমান সময়ত ‘দেশ-ৰত্নৰ’ অৰ্থ হৈছে যিহোৱাৰ লোকসকলে কৰা সত্য উপাসনাৰ লগত জড়িত থকা কাম। উদাহৰণস্বৰূপে, সভা আৰু প্ৰচাৰ কাৰ্য্য।

৮. উত্তৰ দেশৰ ৰজাই ‘দেশ-ৰত্নত’ সোমোৱাৰ অৰ্থ কি?

শেষ-কালত উত্তৰ দেশৰ ৰজাই ‘দেশ-ৰত্নত’ কেইবাবাৰো সোমায়। উদাহৰণস্বৰূপে, জাৰ্মানীয়ে উত্তৰ দেশৰ ৰজা হোৱাৰ সময়ত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ‘দেশ-ৰত্নত’ সোমায়। এই কথা আমি কেনেকৈ কʼব পাৰোঁ? জাৰ্মানীৰ নাজী চৰকাৰে ঈশ্বৰৰ লোকসকলৰ ওপৰত বহুতো অত্যাচাৰ কৰে আৰু ইয়াৰে বহুতোলোকক হত্যা কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যেতিয়া ছʼভিয়েট সংঘ উত্তৰ দেশৰ ৰজা হয়, তেতিয়া সেই সংঘয়ো ‘দেশ-ৰত্নত’ সোমায়। সেই সংঘয়ো ঈশ্বৰৰ লোকসকলক বহুতো তাড়না দিয়ে আৰু তেওঁলোকক নিজৰ দেশৰপৰা বাহিৰ কৰি দিয়ে।

৯. কিছু বছৰৰ আগতে ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই কেনেকৈ ‘দেশ-ৰত্নত’ সোমায়?

বৰ্তমান সময়ৰ উত্তৰ দেশৰ ৰজা অৰ্থাৎ ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰয়ো কিছু বছৰৰ আগত ‘দেশ-ৰত্নত’ সোমায়। এই দেশে ২০১৭ চনত যিহোৱাৰ লোকসকলক বাধা দিয়ে আৰু কিছুমান ভাই-ভনীক জেলত বন্দী কৰে। উত্তৰ দেশৰ এই ৰজাই আমাৰ প্ৰকাশনো বন্ধ কৰে। ইয়াৰ উপৰিও, নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ বাইবেলো বন্ধ কৰে। এই ৰজাই ৰুছ দেশৰ আমাৰ শাখা কাৰ্য্যালয়, ৰাজ্যগৃহ আৰু সন্মিলন ভৱনো দখল কৰি লয়। এই সকলো হোৱাৰ পাছত ২০১৮ চনত প্ৰকাশন গোষ্ঠীয়ে কৈছিল যে ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই আজি উত্তৰ দেশৰ ৰজা হয়। যিহোৱাৰ লোকসকলক নিষ্ঠুৰভাৱে তাড়না দিয়াৰ সত্ত্বেও তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল আৰু চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে বাইবেলৰ পৰামৰ্শ পালন কৰি “ওখ পদ পোৱাসকলৰ অৰ্থে” প্ৰাৰ্থনা কৰিছিল। যেতিয়া সেই চৰকাৰে এই বিষয়ে নিৰ্ণয় লয় যে সাক্ষীসকলে উপাসনা কৰিবলৈ স্বাধীনতা পাব লাগে নে নালাগে, তেতিয়া সাক্ষীয়ে বিশেষকৈ তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰে।—১ তীম. ২:১, ২.

উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাক পৰাজিত কৰিবনে?

১০. উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাক পৰাজিত কৰিবনে? বুজাওক।

১০ দানিয়েল ১১:৪০-৪৫ পদৰ ভৱিষ্যতবাণীত বিশেষকৈ উত্তৰ দেশৰ ৰজাই কি কি কৰিব, তাৰ বিষয়ে উল্লেখ কৰা হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে তেওঁ দক্ষিণ দেশৰ ৰজাক পৰাজিত কৰিব? নহয়। এইদৰে আমি কিয় কʼব পাৰোঁ? কিয়নো যেতিয়া যিহোৱা আৰু যীচু খ্ৰীষ্টই হৰমাগিদোনত সকলো চৰকাৰক ধ্বংস কৰিব, তেতিয়া তাত দক্ষিণ দেশৰ ৰজাও থাকিব। প্ৰকাশিত বাক্য ১৯:২০ পদত উল্লেখ কৰা হৈছে যে এই সকলো দক্ষিণ দেশৰ ৰজা “জীয়াই” থকাৰ সময়ত হʼব। এই কথা আমি সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ। কিয়নো দানিয়েল আৰু প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীৰপৰা ইয়াৰ প্ৰমাণ পোৱা যায়।

ঈশ্বৰৰ ৰাজ্যৰ তুলনা এটা শিলৰ লগত আৰু মানৱীয় শাসনক এটা বিশাল মূৰ্তিৰ লগত তুলনা কৰা হৈছে। হৰমাগিদোনৰ যুদ্ধত ঈশ্বৰৰ ৰাজ্যই মানৱীয় শাসনক ধ্বংস কৰিব (অনুচ্ছেদ ১১ চাওক)

১১. দানিয়েল ২:৪৩-৪৫ পদৰপৰা কি বুজিব পাৰি? (বেটুপাতত দিয়া ছবিখন চাওক।)

১১ দানিয়েল ২:৪৩-৪৫ পঢ়ক। দানিয়েলে এটা ভৱিষ্যতবাণীত এনে কিছুমান শাসকৰ বিষয়ে উল্লেখ কৰিছে, যিসকলে যিহোৱাৰ লোকসকলৰ ওপৰত শাসন কৰিছিল বা তেওঁলোকক তাড়না দিছিল। এই শাসকসকলক এক বিশাল মূৰ্তিৰ বেলেগ বেলেগ অংশৰে চিত্ৰিত কৰা হৈছে। অন্তিম শাসকক মূৰ্তিৰ ভৰিৰে চিত্ৰিত কৰা হৈছে, যি লোহা আৰু মাটিৰে নিৰ্মিত। এই শেষৰ শাসক হৈছে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি। এই ভৱিষ্যতবাণীৰপৰা বুজিব পাৰি যে যেতিয়া ঈশ্বৰৰ ৰাজ্যই মানৱীয় চৰকাৰক ধ্বংস কৰিব, সেইসময়ত ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে শাসন কৰি থাকিব।

১২. (ক) পশুৰ সপ্তম মূৰে কিহক চিত্ৰিত কৰে? (খ) এয়া কিয় এক গুৰুত্বপূৰ্ণ তথ্য?

১২ পাঁচনি যোহনেও এনে কিছুমান বিশ্ব শক্তিৰ বিষয়ে উল্লেখ কৰিছে, যিসকলে ঈশ্বৰৰ লোকসকলৰ ওপৰত শাসন কৰিছিল। যোহনৰ ভৱিষ্যতবাণীত এই শাসকসকলক এটা পশুৰে চিত্ৰিত কৰা হৈছে, যাৰ সাতোটা মূৰ আছে। সেই পশুৰ সপ্তম মূৰটো হৈছে, ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি। এয়া এক গুৰুত্বপূৰ্ণ তথ্য। কিয়নো ভৱিষ্যতবাণীত এয়া উল্লেখ কৰা নাই যে সপ্তম মূৰৰ পাছত কোনো এক মূৰ ওলাব। সপ্তম মূৰ অৰ্থাৎ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে শাসন কৰি থকাৰ সময়তে যীচুৱে নিজৰ স্বৰ্গীয় সেনাৰ লগত মিলি তাৰ লগতে সকলো পশুক ধ্বংস কৰিব। *প্ৰকা. ১৩:১, ২; ১৭:১৩, ১৪.

অতি সোনকালে উত্তৰ দেশৰ ৰজাই কি কৰিব?

১৩-১৪. (ক) ‘মাগোগদেশীয় গোগ’ কাক কোৱা হৈছে? (খ) যিহোৱাৰ লোকসকলক আক্ৰমণ কৰিবলৈ কি কথাই ৰাষ্ট্ৰৰ সমূহক উচতাব?

১৩ যিহিষ্কেলৰ এটা ভৱিষ্যতবাণীত কোৱা হৈছে যে উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাৰ ধ্বংস হোৱাৰ আগতে কি কি ঘটনা ঘটিব। হয়তো যিহিষ্কেল ৩৮:১০-২৩; দানিয়েল ২:৪৩-৪৫; ১১:৪৪–১২:১ আৰু প্ৰকাশিত বাক্য ১৬:১৩-১৬, ২১ পদতবোৰত একেটা বিষয় উল্লেখ কৰা হৈছে। এই সকলো পদত একে সময়তে হোৱা ঘটনাৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে। কিন্তু সেইবোৰ বেলেগ বেলেগ উপায়েৰে উল্লেখ কৰা হৈছে। গতিকে, আহক চাওঁ যে এই ভৱিষ্যতবাণীবোৰৰ অনুসৰি অতি সোনকালে কি কি ঘটনা ঘটিব।

১৪ মহাক্লেশ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত ‘গোটেই জগতৰ ৰজাই’ অৰ্থাৎ জগতৰ ৰাষ্ট্ৰই মিলি এক সমূহ গঠন কৰিব। (প্ৰকা. ১৬:১৩, ১৪; ১৯:১৯) বাইবেলত সেই সমূহক ‘মাগোগদেশীয় গোগ’ বুলি কোৱা হৈছে। (যিহি. ৩৮:২) ৰাষ্ট্ৰৰ এই সমূহে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিব আৰু তেওঁলোকৰ অস্তিত্ব নাইকিয়া কৰিবলৈ চেষ্টা কৰিব। কি কথাই তেওঁলোকক আক্ৰমণ কৰিবলৈ উচটাব? পাঁচনি যোহনে এটা দৰ্শনত দেখিছিল যে সেইসময়ছোৱাতে ঈশ্বৰৰ শত্ৰুসকলৰ ওপৰত ডাঙৰ ডাঙৰ শিলাবৃষ্টি হয়। ইয়াৰ অৰ্থ হৈছে, হয়তো সেইসময়ত শত্ৰুসকলৰ ধ্বংস হʼব বুলি যিহোৱাৰ লোকসকলে ঘোষণা কৰিব। এই ঘোষণা শিলাবৃষ্টিৰ আঘাতৰ দৰে হʼব। এই ঘোষণাই হয়তো ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ অস্তিত্ব নাইকিয়া কৰিবলৈ ৰাষ্ট্ৰৰ সমূহক উচটাব।—প্ৰকা. ১৬:২১.

১৫-১৬. (ক) দানিয়েল ১১:৪৪, ৪৫ পদত হয়তো কি ঘটনাবোৰৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছে? (খ) উত্তৰ দেশৰ ৰজা আৰু বাকী ৰাষ্ট্ৰবোৰৰ কি হʼব, যাক মাগোগদেশীয় গোগ বুলি কোৱা হৈছে?

১৫ দানিয়েল ১১:৪৪, ৪৫ পঢ়ক। হয়তো এই পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰো অৰ্থ হৈছে যে ঈশ্বৰৰ শত্ৰুসকলক কঠোৰ বাৰ্তা শুনোৱা হʼব আৰু তেওঁলোকে ঈশ্বৰৰ লোকসকলক শেষ বাৰৰ বাবে আক্ৰমণ কৰিব। এই পদবোৰত উল্লেখ কৰা হৈছে যে উত্তৰ দেশৰ ৰজাই ‘পূব আৰু উত্তৰৰ পৰা অহা সম্বাদ’ শুনি ব্যাকুল হৈ পৰিব আৰু “মহাক্ৰোধেৰে” ওলাই আহিব। তেওঁ ‘অনেকক সংহাৰ’ কৰিবলৈ চেষ্টা কৰিব। “অনেকক” শব্দটোৱে হয়তো যিহোৱাৰ লোকসকলক চিত্ৰিত কৰে। * গতিকে, আমি কʼব পাৰোঁ যে দানিয়েলে ঈশ্বৰৰ লোকসকলক শেষ বাৰৰ বাবে আক্ৰমণ কৰাৰ বিষয়ে কৈছে।

১৬ যেতিয়া উত্তৰ দেশৰ ৰজা আৰু জগতৰ বাকী চৰকাৰে যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়া সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই ক্ৰোধিত হʼব। তাৰ পাছতে হৰমাগিদোন যুদ্ধৰ আৰম্ভ হʼব। (প্ৰকা. ১৬:১৪, ১৬) এই যুদ্ধত উত্তৰ দেশৰ ৰজা আৰু বাকী ৰাষ্ট্ৰবোৰৰ ধ্বংস হৈ যাব, যাক মাগোগদেশীয় গোগ বুলি কোৱা হৈছে। সেইসময়ত “তেওঁক সহায় কৰোঁতা কোনো” নাথাকিব।—দানি. ১১:৪৫.

হৰমাগিদোনত যীচুৱে স্বৰ্গীয় সেনা-বাহিনীৰ লগত মিলি চয়তানৰ দুষ্ট ব্যৱস্থাক ধ্বংস কৰিব আৰু যিহোৱাৰ লোকসকলক উদ্ধাৰ কৰিব (অনুচ্ছেদ ১৭ চাওক)

১৭. (ক) দানিয়েল ১২:১ পদত উল্লেখ কৰা মীখায়েল কোন হয়? (খ) তেওঁ আজি কি কৰি আছে আৰু ভৱিষ্যতে কি কৰিব?

১৭ উত্তৰ দেশৰ ৰজা আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰবোৰৰ কেনেকৈ ধ্বংস হʼব আৰু আমি কেনেকৈ ৰক্ষা পৰিম, তাৰ বিষয়ে দানিয়েলৰ পৰৱৰ্তী পদত বিতংভাৱে বৰ্ণনা কৰা হৈছে। (দানিয়েল ১২:১ পঢ়ক।) এই পদৰ অৰ্থ কি? ইয়াত উল্লেখ কৰা মীখায়েল যীচুৰ আন এটা নাম আৰু তেওঁ আজি শাসন কৰি আছে। ১৯১৪ চনত যেতিয়া ঈশ্বৰৰ ৰাজ্যৰ আৰম্ভ হৈছিল, তেতিয়াৰেপৰা মীখায়েল ঈশ্বৰৰ লোকসকলৰ হৈ “থিয়” হৈ আছে। অতি সোনকালে তেওঁ আন এক অৰ্থত “থিয়” হʼব। কেনেকৈ বাৰু? হৰমাগিদোন নামৰ যুদ্ধত তেওঁ ঈশ্বৰৰ শত্ৰুসকলক ধ্বংস কৰিব। দানিয়েলে কৈছিল যে “এনে সঙ্কটৰ কাল” আহিব, যি কেতিয়াও হোৱা নাই আৰু সেই কালৰ একেবাৰে শেষত হৰমাগিদোনৰ যুদ্ধ হʼব। প্ৰকাশিত বাক্য কিতাপৰ ভৱিষ্যতবাণীত হৰমাগিদোনৰ আগৰ সময়ছোৱা আৰু সেই যুদ্ধক ‘মহা-ক্লেশ’ বুলি কোৱা হৈছে।—প্ৰকা. ৬:২; ৭:১৪.

আপোনাৰ নাম ‘পুস্তকখনিত লিখা’ হʼবনে?

১৮. আমি ভৱিষ্যতে কিয় ভয় কৰাৰ প্ৰয়োজন নাই?

১৮ অতি সোনকালে জগতত এনে এক ভয়ানক সংকট হʼব, যি আগতে কেতিয়াও হোৱা নাছিল। কিন্তু আমি ভয় কৰাৰ প্ৰয়োজন নাই। দানিয়েল আৰু যোহন দুয়োজনে কৈছে যে যিসকলে যিহোৱা আৰু যীচুৰ সেৱা কৰে, তেওঁলোকক সেই সংকটৰপৰা উদ্ধাৰ কৰা হʼব। দানিয়েলে কৈছে যে যিসকলৰ নাম “পুস্তকখনিত” লিখা থাকিব, তেওঁলোকহে ৰক্ষা পৰিব। (দানি. ১২:১) আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ নাম সেই কিতাপখনত লিখা হʼব? আমি ঈশ্বৰৰ মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰোঁ বুলি প্ৰমাণ কৰা উচিত। (যোহ. ১:২৯, ৩০) আমি নিজৰ জীৱন যিহোৱাক সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত। (১ পিত. ৩:২১) আমি ঈশ্বৰৰ ৰাজ্যক সমৰ্থনো কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আনক যিহোৱাৰ বিষয়ে শিকোৱাৰ যোগেদি আমি ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰিব পাৰোঁ।

১৯. আমি এতিয়াৰেপৰা কি কৰা উচিত আৰু কিয়?

১৯ আমি এতিয়াৰেপৰা যিহোৱা আৰু তেওঁৰ সংগঠনৰ ওপৰত ভৰসা কৰা উচিত। ঈশ্বৰৰ ৰাজ্যক সমৰ্থন কৰাৰ এয়া এক ভাল সুযোগ। এনে কৰিলে আমি সেইসময়ত ৰক্ষা পৰিম, যেতিয়া ঈশ্বৰৰ ৰাজ্যই উত্তৰ দেশৰ ৰজা আৰু দক্ষিণ দেশৰ ৰজাক ধ্বংস কৰিব।

গীত ১৪৯ জয়লাভৰ গীত

^ অনু. 5 বৰ্তমান সময়ত ‘উত্তৰ দেশৰ ৰজা’ কোন আৰু তেওঁৰ কেনেকৈ ধ্বংস হʼব? এই প্ৰশ্নবোৰৰ উত্তৰ জনাৰ যোগেদি আমাৰ বিশ্বাস দৃঢ় হʼব। অতি সোনকালে হʼবলগীয়া মহাক্লেশৰ আমি সন্মুখীন হʼব পাৰিম।

^ অনু. 12 দানিয়েল ২:৩৬-৪৫ আৰু প্ৰকাশিত বাক্য ১৩:১, ২ পদৰ বিষয়ে বেছিকৈ জানিবলৈ জুন ১৫, ২০১২ চনৰ প্ৰহৰীবুৰুজ, (হিন্দী) ৭-১৯ পৃষ্ঠা চাওক।