Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৬

“মোৰ ওচৰলৈ ঘূৰি আঁহা”

“মোৰ ওচৰলৈ ঘূৰি আঁহা”

“মোৰ ওচৰলৈ ঘূৰি আঁহা, তাতে মইও তোমালোকলৈ ঘূৰিম।”—মলা. ৩:৭.

গীত ১০২ দুৰ্বল লোকসকলক সহায় কৰক

লেখৰ এক আভাস *

১. যেতিয়া কোনোবাই যিহোৱাৰ ওচৰলৈ উভতি আহে, তেতিয়া তেওঁ কেনে অনুভৱ কৰে?

আগৰ লেখত আমি আলোচনা কৰিছিলোঁ যে যিহোৱাই নিজকে এনে মেৰৰখীয়াৰ লগত তুলনা কৰিছে, যিজনে নিজৰ প্ৰতিটো ভেৰাক মৰমেৰে যত্ন লয়। যদি এটাও ভেৰা হেৰাই যায়, তেনেহ’লে তেওঁ তাক বিচাৰিবলৈ ওলাই যায়। মন কৰক যে যেতিয়া ইস্ৰায়েলীসকলে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিছিল, তেতিয়া যিহোৱাই কি কৈছিল, “মোৰ ওচৰলৈ ঘূৰি আঁহা, তাতে মইও তোমালোকলৈ ঘূৰিম।” যিহোৱা সলনি হোৱা নাই। (মলা. ৩:৬, ৭) যিসকল লোকে তেওঁক এৰি গৈছে, তেওঁলোকৰ প্ৰতিও তেওঁ এইদৰেই অনুভৱ কৰে। যীচুৱে কৈছিল যে যেতিয়া তেওঁলোকৰ ভিতৰত এজনো যিহোৱাৰ ওচৰলৈ উভতি আহে, তেতিয়া যিহোৱা আৰু স্বৰ্গদূতসকলে বৰ আনন্দিত হয়।—লূক ১৫:১০, ৩২.

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

এতিয়া আমি যীচুৱে দিয়া তিনিটা উদাহৰণৰ ওপৰত ধ্যান দিম। এই উদাৰণবোৰৰপৰা আমি শিকিম যে যিসকলে যিহোৱাৰপৰা আঁতৰি গৈছে, তেওঁলোকক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। আমি এয়াও চাম যে তেওঁলোকক সহায় কৰিবলৈ আমাৰ ওচৰত কি কি গুণ থকা উচিত। ইয়াৰ উপৰিও আমি জানিম যে নিষ্ক্ৰীয় লোকসকলক সহায় কৰিলে আমি কিমান আনন্দিত হʼম।

নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ পৰিশ্ৰম কৰক

৩-৪. লূক ১৫:৮-১০ পদত উল্লেখ কৰা তিৰোতাগৰাকীয়ে নিজৰ আধলি বিচাৰিবলৈ কিয় কঠিন পৰিশ্ৰম কৰিছিল?

যিসকল লোকে যিহোৱাৰপৰা আঁতৰি গৈছে, তেওঁলোকক বিচাৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন। এই কথা আমি লূক কিতাপত উল্লেখ কৰা যীচুৰ এটা উদাহৰণৰপৰা শিকিব পাৰিম। সেই উদাহৰণত যীচুৱে এনে এগৰাকী তিৰোতাৰ বিষয়ে উল্লেখ কৰিছে, যাৰ এটা আধলি হেৰাই গৈছিল। এই আধলি অতি মূল্যৱান আছিল আৰু তাক বিচাৰিবলৈ তিৰোতাগৰাকীয়ে কঠিন পৰিশ্ৰম কৰিছিল।—লূক ১৫:৮-১০ পঢ়ক।

যীচুৱে এয়াও কৈছিল যে যেতিয়া সেই তিৰোতাগৰাকীয়ে নিজৰ হেৰাই যোৱা আধলি বিচাৰি পাইছিল, তেতিয়া তাই কিমান আনন্দিত হৈছিল। প্ৰকৃততে যীচুৰ সময়ত কিছুমান যিহূদী মাতৃয়ে নিজৰ ছোৱালীক বিয়াৰ দিনা দহোটা আধলি দিছিল। হয়তো এই তিৰোতাগৰাকীকো তাইৰ মাকে দহোটা আধলি দিছিল। তাৰ মাজতে হয়তো এটা আধলি হেৰাই গৈছিল। তিৰোতাগৰাকীয়ে হয়তো ভাবিছিল যে সেই আধলি মাটিত পৰি গৈছে। সেইবাবে, তাই চাকি জ্বলাই বিচাৰিবলৈ ধৰিলে। কিন্তু কম পোহৰৰ বাবে তাই নিজৰ আধলি বিচাৰি পোৱা নাছিল। অৱশেষত তাই গোটেই ঘৰটো সাৰে, তেতিয়া তাই জিলিকি থকা সেই আধলিটো পালে। আধলিটো দেখা পাই তাই বৰ সকাহ পালে। এই কথা ক’বলৈ তাই নিজৰ বন্ধু আৰু চুবুৰীয়াক মাতিলে।

৫. নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ কিয় পৰিশ্ৰম কৰাৰ প্ৰয়োজন?

যীচুৰ উদাহৰণৰপৰা আমি শিকিব পাৰোঁ যে যেতিয়া কোনো এটা বস্তু হেৰাই যায়, তেতিয়া তাক বিচাৰিবলৈ কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ঠিক সেইদৰে, নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ আমিও পৰিশ্ৰম কৰা উচিত। হয়তো তেওঁলোকে বহুবছৰলৈকে সভালৈ অহা নাই। হয়তো তেওঁলোকে অন্য ঠাইলৈ গৈ থাকিবলৈ লৈছে আৰু সেই ঠাইৰ ভাই-ভনীসকলে তেওঁলোকক নাজানে। কিন্তু তাৰ মাজৰ কিছুমান লোকে এতিয়া যিহোৱাৰ ওচৰলৈ আহিব বিচাৰে। তেওঁলোকে পুনৰ নিজৰ ভাই-ভনীসকলৰ লগত মিলি যিহোৱাৰ সেৱা কৰিব বিচাৰে। কিন্তু এনে কৰিবলৈ তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন।

. নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ আমি সকলোৱে কেনেকৈ সহায় কৰিব পাৰোঁ?

নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ কোনে সহায় কৰিব পাৰে? আমি প্ৰাচীন, অগ্ৰগামী সেৱক, প্ৰচাৰক বা তেওঁলোকৰ পৰিয়ালৰ সদস্যই নহওক কিয়, আমি সকলোৱে সহায় কৰিব পাৰোঁ। হয়তো আপোনাৰ কোনো এজন বন্ধু বা সম্পৰ্কীয়ই নিষ্ক্ৰীয় হৈ গৈছে। আপুনি হয়তো ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত অথবা ৰাজহুৱাভাৱে সাক্ষ্য দিয়াৰ সময়ত কোনো নিষ্ক্ৰীয় ভাই বা ভনীক লগ পাইছে। আপুনি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে। যদি তেওঁলোকে নিজৰ নাম বা ঠিকনা দিবলৈ সন্মত হয়, তেনেহ’লে আপুনি নিজৰ মণ্ডলীৰ প্ৰাচীনসকলক তেওঁৰ বিষয়ে জনাব পাৰে।

৭. থ’মাছ নামৰ প্ৰাচীনজনৰপৰা আপুনি কি শিকিব পাৰে?

নিষ্ক্ৰীয় লোকসকলক বিচৰাটো বিশেষকৈ প্ৰাচীনসকলৰ দায়িত্ব। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে? মন কৰক থ’মাছ * নামৰ এজন প্ৰাচীনে কি কৰে। তেওঁ স্পেইনত থাকে আৰু তেওঁ ৪০ তকৈ বেছি নিষ্ক্ৰীয় ভাই-ভনীসকলক যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ সহায় কৰিছে। তেওঁ এইদৰে কয়, “সৰ্বপ্ৰথমে মই বেলেগ বেলেগ ভাই-ভনীসকলক সোধোঁ যে তেওঁলোকে নিষ্ক্ৰীয় হৈ যোৱা কোনো লোকৰ বিষয়ে জানেনে? মই তেওঁলোকৰপৰা নিষ্ক্ৰীয় হোৱা লোকৰ নাম আৰু ঠিকনা বিচাৰোঁ। বেছিভাগ ভাই-ভনীয়ে সহায় কৰি আনন্দিত হয়। তেওঁলোকে ভাবে যে নিষ্ক্ৰীয় ভাই-ভনীসকলক বিচাৰিবলৈ তেওঁলোকেও সহযোগ কৰিছে। যেতিয়া মই নিষ্ক্ৰীয় ভাই-ভনীসকলক সাক্ষাৎ কৰিবলৈ যাওঁ, তেতিয়া মই তেওঁলোকৰ সন্তান আৰু আন সম্পৰ্কীয় লোকসকলৰ খা-খবৰ লওঁ। তেওঁলোকৰ ভিতৰত কিছুমানে নিজৰ সন্তানক সভালৈ লৈ আনিছিল। হয়তো এসময়ত তেওঁলোকৰ সন্তান প্ৰচাৰক আছিল। যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ আমি তেওঁলোককো সহায় কৰিব পাৰোঁ।”

যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ তেওঁলোকক সহায় কৰক

৮. বিদ্ৰোহী পুত্ৰৰ উদাহৰণত পিতৃয়ে নিজৰ পুত্ৰৰ লগত কেনে ব্যৱহাৰ কৰে?

যদি আমি কোনো নিষ্ক্ৰীয় ভাই-ভনীক সহায় কৰিব বিচাৰোঁ, তেনেহʼলে আমাৰ মাজত কি কি গুণ থকা উচিত? এই বিষয়ে জানিবলৈ আহক আমি যীচুৰ আন এক উদাহৰণলৈ ধ্যান দিওঁ। সেয়া হৈছে, ঘৰ এৰি যোৱা বিদ্ৰোহী পুত্ৰৰ উদাহৰণ। (লূক ১৫:১৭-২৪ পঢ়ক।) যীচুৱে বৰ্ণনা কৰে যে অৱশেষত সেই পুত্ৰই কেনেকৈ অনুতাপ কৰি ঘৰলৈ উভতি আহিবলৈ নিৰ্ণয় লয়। তেওঁক দেখি পিতৃয়ে দৌৰি আহে আৰু তেওঁক সাৱটি ধৰে। পুত্ৰই যি কৰিছিল, তাৰ বাবে তেওঁ বৰ অনুতপ্ত। সেইবাবে, তেওঁ নিজৰ পিতৃক কৈছিল যে তেওঁ তেওঁৰ পুত্ৰ হোৱাৰ যোগ্য নহয়। এই কথা শুনি পিতৃৰ অন্তৰত মৰম উপজে। পিতৃয়ে নিজৰ পুত্ৰৰ দুখ ভালদৰে বুজি পায় আৰু তেওঁ আশ্বাস দিয়ে যে তেওঁ তেওঁক এতিয়াও বহুত প্ৰেম কৰে। তেওঁ পুত্ৰক পিন্ধিবলৈ উত্তম কাপোৰ দিয়ে আৰু তেওঁ উভতি অহাৰ আনন্দত এক বৰভোজৰ আয়োজন কৰে।

৯. নিষ্ক্ৰীয় ভাই-ভনীসকলক সহায় কৰিবলৈ আমাৰ কি কি গুণ থকা উচিত? (“ উভতি আহিবলৈ বিচৰা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি” নামৰ বক্স চাওক।)

যিহোৱা সেই উদাহৰণত উল্লেখ কৰা পিতৃৰ দৰে হয়। তেওঁ নিষ্ক্ৰীয় হৈ যোৱা ভাই-ভনীসকলক প্ৰেম কৰে। তেওঁলোকে উভতি অহাটো যিহোৱাই বিচাৰে। যিহোৱাৰ দৰে আমিও সেই ভাই-ভনীসকলক সহায় কৰিব বিচাৰোঁ। ইয়াৰ বাবে আমি তেওঁলোকক প্ৰেম, ধৈৰ্য্য আৰু সহানুভূতি দেখুৱাৰ প্ৰয়োজন। আমি এয়া কেনেকৈ কৰিব পাৰোঁ আৰু এইদৰে কৰাটো কিয় প্ৰয়োজন?

১০. নিষ্ক্ৰীয় লোকসকলক সহায় কৰিবলৈ ধৈৰ্য্য ধৰাৰ কিয় প্ৰয়োজন?

১০ আমি নিষ্ক্ৰীয় লোকসকলৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা উচিত, কিয়নো তেওঁলোকে যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সময়ৰ প্ৰয়োজন হয়। যিসকল ভাই-ভনী উভতি আহিছে, তেওঁলোকৰ মাজৰ বহুতোলোকে কয় যে মণ্ডলীৰ ভাই-ভনী আৰু প্ৰাচীনসকলে বাৰে বাৰে তেওঁলোকক সাক্ষাৎ কৰিবলৈ আহিছিল। সেইবাবে, তেওঁলোকে মণ্ডলীলৈ উভতি আহিল। এছিয়াত বাস কৰা নেনছী নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “মণ্ডলীৰ এগৰাকী ভনী মোৰ ভাল বন্ধু হয়। তাই মোক ডাঙৰ বাইদেউৰ দৰে বহুত সহায় কৰিছিল। তাই মোক মনত পেলাই দিছিল যে আমি একেলগে কিমান ভাল সময় অতিবাহিত কৰিছিলোঁ। যেতিয়া মই তাইক নিজৰ অন্তৰৰ কথা কৈছিলোঁ, তেতিয়া তাই ধৈৰ্য্যেৰে শুনিছিল। তাই মোক ভাল পৰামৰ্শ দিছিল। তাই সহায় কৰিবলৈ সদায় সাজু আছিল। তাই সঁচাকৈ এগৰাকী বন্ধু হোৱাৰ কৰ্তব্য পালন কৰিলে।”

১১. মনত আঘাত পোৱাৰ বাবে যিসকলে মণ্ডলীৰপৰা আঁতৰি গৈছে, তেওঁলোকৰ প্ৰতি আমি কিয় সহানুভূতি দেখুৱা উচিত?

১১ সহানুভূতিয়ে মলমৰ দৰে কাম কৰে। ইয়ে অন্তৰত শান্ত্বনা দিবলৈ সহায় কৰে। কিছুমান ভাই-ভনীয়ে মণ্ডলীৰপৰা আঁতৰি গৈছে, কিয়নো কোনোবাই তেওঁলোকৰ মনত আঘাত দিছিল আৰু বহুবছৰৰ পাছতো তেওঁলোকে পাহৰিব পৰা নাই। কিছুমানে হয়তো ভাবিব পাৰে তেওঁলোকৰ লগত অন্যায় হৈছে। সেইবাবে, তেওঁলোকে উভতি আহিব পৰা নাই। এনে পৰিস্থিতিত তেওঁলোকক এনে কিছুমান লোকৰ প্ৰয়োজন, যিসকলে তেওঁলোকৰ কথা শুনে আৰু তেওঁলোকৰ ভাবনা বুজি পায়। (যাকো. ১:১৯) এসময়ত নিষ্ক্ৰীয় হোৱা মাৰিয়া নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “কোনোবাই মোৰ কথা শুনা, মোক শান্ত্বনা দিয়া আৰু মোৰ হাত ধৰি সঠিক পথ দেখুৱাটো মই বিচাৰিছিলোঁ।”

১২. যিহোৱাৰ প্ৰেম কেনেকৈ এটুকুৰা ৰছীৰ দৰে হয়? উদাহৰণ দিয়ক।

১২ বাইবেলত উল্লেখ কৰা হৈছে যে ঈশ্বৰৰ প্ৰেম এটা ৰছীৰ দৰে হয়। এইদৰে কিয় কোৱা হৈছে? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ ধ্যান দিয়ক। ধৰি লওক আপুনি সাগৰত ডুব গৈছে। ইয়াৰ পানী বহুত ঠাণ্ডা আৰু ডাঙৰ ডাঙৰ ঢৌ উঠিছে। আপুনি নিজকে ৰক্ষা কৰিবলৈ হাত-ভৰি মাৰিছে। এনে সময়ত কোনোবাই আপোনাক দেখা পালে আৰু আপোনাক সহায় কৰিবলৈ এটা লাইফ জেকেট দলিয়াই দিলে। এতিয়া আপুনি ডুব নাযাব বুলি আনন্দিত হৈছে। কিন্তু ৰক্ষা পৰিবলৈ লাইফ জেকেটেই যথেষ্ট নহয়। আপুনি ঠাণ্ডা পানীৰপৰা বাহিৰলৈ ওলাই আহিব লাগিব। ইয়াৰ বাবে কোনোবাই আপোনাৰ ফালে এটুকুৰা ৰছী দলিয়াই দিয়া আৰু আপোনাক লাইফ বʼটলৈ টানি অনাৰ প্ৰয়োজন আছে। যিহোৱাৰপৰা আঁতৰি যোৱা ইস্ৰায়েলীসকলক তেওঁ ঠিক এইদৰেই কৰিলে। তেওঁলোকৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, “প্ৰেমজৰীৰে তেওঁবিলাকক টানি আনিলোঁ।” (হোচে. ১১:৪) আজি যিহোৱাৰপৰা আঁতৰি যোৱা লোকসকলৰ প্ৰতিও তেওঁ এইদৰেই অনুভৱ কৰে। এই লোকসকলে হয়তো নিজৰ চিন্তা আৰু সমস্যাত সোমাই পৰিছে। যিহোৱাই তেওঁলোকক আজিও প্ৰেম কৰে বুলি ভৰসা দিব বিচাৰে। তেওঁলোকে যিহোৱাৰ ওচৰলৈ উভতি অহাটো তেওঁ বিচাৰে। তেওঁলোকৰ প্ৰতি প্ৰেম দেখুৱাবলৈ যিহোৱাই আপোনাক ব্যৱহাৰ কৰিব পাৰে।

১৩. প্ৰেমে নিষ্ক্ৰীয় ভাই-ভনীসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে? এটা উদাহৰণ দিয়ক।

১৩ যিহোৱা আৰু ভাই-ভনীয়ে নিষ্ক্ৰীয় ভাই-ভনীক প্ৰেম কৰে বুলি আমি তেওঁলোকক ভৰসা দিয়া উচিত। আগৰ লেখত উল্লেখ কৰা ভাই পৌলৰ উদাহৰণলৈ মন কৰক। তেওঁ ৩০ বছৰ ধৰি নিষ্ক্ৰীয় হৈ আছিল। তেওঁ এইদৰে কয়, “এদিনাখন ৰাতিপুৱা ঘৰৰপৰা ওলাই যাওঁতে মই এগৰাকী বৃদ্ধ ভনীক লগ পালোঁ। তাই মোৰ লগত বৰ মৰমেৰে কথা পাতিলে। তাইৰ কথা মোৰ ওপৰত ইমানেই প্ৰভাৱ পৰিলে যে মই সৰু ল’ৰা-ছোৱালীৰ দৰে কান্দিবলৈ ধৰিলোঁ। মই তাইক ক’লোঁ যে নিশ্চয় যিহোৱাই তাইক মোৰ ওচৰলৈ পঠিয়াইছে। সেইসময়তে মই যিহোৱাৰ ওচৰলৈ উভতি আহিম বুলি নিৰ্ণয় লʼলোঁ।”

নিষ্ক্ৰীয় লোকসকলক প্ৰেমেৰে সহায় কৰক

১৪. লূক ১৫:৪, ৫ পদৰ অনুসৰি হেৰাই যোৱা ভেৰা বিচাৰি পোৱাৰ পাছত মেৰৰখীয়াই কি কৰিলে?

১৪ আমি নিষ্ক্ৰীয় ভাই-ভনীসকলক সহায় কৰি থকা উচিত। যীচুৰ উদাহৰণত উল্লেখ কৰা বিদ্ৰোহী পুত্ৰৰ দৰে তেওঁলোকৰ জীৱনত বহুতো ঘটনা ঘটিছে। তেওঁলোকে অতীতত হৈ যোৱা ঘটনাৰ বিষয়ে মনত পেলাই আজিও দুখ অনুভৱ কৰে। সেই দুখৰপৰা ওলাই আহিবলৈ সময়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও, চয়তানৰ জগতত থকাৰ বাবে যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক দুৰ্বল হৈ পৰিছে। যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক পুনৰ দৃঢ় কৰিবলৈ আমি তেওঁলোকক সহায় কৰি থকা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? আহক যীচুৰ আন এটা উদাহৰণলৈ ধ্যান দিওঁ। হেৰাই যোৱা ভেৰাৰ উদাহৰণত যীচুৱে কৈছিল যে ভেৰা বিচাৰি পোৱাৰ পাছত মেৰৰখীয়াই কি কৰে। তেওঁ ভেৰাটোক কোলাত লৈ পুনৰ জাকত লৈ আনে। মেৰৰখীয়াই ভেৰাটো বিচাৰিবলৈ বহুতো সময় আৰু শক্তি ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ দেখিলে যে ভেৰাটো দুৰ্বল হৈছে আৰু নিজে খোজকাঢ়ি জাকলৈ যাব নোৱাৰে, তেতিয়া তেওঁ ভেৰাটোক কোলাত উঠাই পুনৰ জাকলৈ লৈ আনে।—লূক ১৫:৪, ৫ পঢ়ক।

১৫. নিষ্ক্ৰীয় ভাই-ভনীসকলক সহায় কৰিবলৈ আমি কি কৰিব পাৰোঁ? (“ যিহোৱাৰ প্ৰেমৰ প্ৰমাণ” নামৰ বক্স পঢ়ক।)

১৫ নিষ্ক্ৰীয় লোকসকলক সহায় কৰিবলৈ আমাক বহুতো সময় আৰু শক্তিৰ প্ৰয়োজন হ’ব পাৰে। হয়তো তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁলোকক যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ কঠিন হৈছে। কিন্তু যিহোৱাৰ পবিত্ৰ আত্মা, তেওঁৰ বাক্য আৰু প্ৰকাশনবোৰৰ যোগেদি আমি তেওঁলোকক সহায় কৰিব পাৰোঁ, যাতে যিহোৱাৰ লগত তেওঁলোকৰ সম্পৰ্ক পুনৰ দৃঢ় হ’ব পাৰে। (ৰোম. ১৫:১) এয়া আমি কেনেকৈ কৰিব পাৰোঁ? এজন অভিজ্ঞ প্ৰাচীনে এইদৰে কয়, “যেতিয়া ভাই-ভনীয়ে যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ নিৰ্ণয় লয়, তেতিয়া তেওঁলোকৰ মাজৰ বেছিভাগ লোকৰ লগত পুনৰ বাইবেল অধ্যয়ন কৰা হয়।” * যদি আপোনাক কোনো নিষ্ক্ৰীয় ভাই বা ভনীক অধ্যয়ন কৰিবলৈ কোৱা হয়, তেনেহ’লে আপুনি অধ্যয়ন কৰিবলৈ সাজু থাকক। সেই ভাইজনে পুনৰ এইদৰে কয়, “যিসকল প্ৰচাৰকে নিষ্ক্ৰীয় ভাই-ভনীসকলক অধ্যয়ন কৰে, তেওঁলোকক এনে এক বন্ধু হোৱা উচিত, যাক তেওঁলোকে ভৰসা কৰিব পাৰে আৰু নিজৰ মনৰ কথা ক’ব পাৰে।”

স্বৰ্গ আৰু পৃথিৱীত আনন্দ

১৬. নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ স্বৰ্গদূতে আমাক কেনেকৈ সহায় কৰে?

১৬ বহুতো অনুভৱৰপৰা বুজিব পাৰি যে নিষ্ক্ৰীয় লোকসকলক বিচাৰিবলৈ স্বৰ্গদূতেও আমাক সহায় কৰে। (প্ৰকা. ১৪:৬) ইকুৱেডৰত থকা ছিলভিঅ’ নামৰ ভাই এজনৰ উদাহৰণলৈ মন কৰক। তেওঁ যিহোৱাৰ ওচৰলৈ আহিবলৈ বিচাৰিছল। সেইবাবে, তেওঁ কাকূতি-মিনতি কৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁ প্ৰাৰ্থনা কৰি থকাৰ সময়তে কোনোবাই তেওঁৰ ঘৰৰ দুৱাৰ টুকুৰিয়ালে। দুজন প্ৰাচীন তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁলোকে ভাইজনক প্ৰয়োজনীয় সহায় আগবঢ়ালে।

১৭. নিষ্ক্ৰীয় লোকসকলক সহায় কৰিলে আমাৰ কি লাভ হয়?

১৭ যেতিয়া আমি নিষ্ক্ৰীয় লোকসকলক যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ সহায় কৰোঁ, তেতিয়া আমি বহুত আনন্দিত হওঁ। চালবেডৰ নামৰ এজন অগ্ৰগামী ভায়ে নিষ্ক্ৰীয় লোকসকলক সহায় কৰিবলৈ কঠিন পৰিশ্ৰম কৰে। তেওঁ এইদৰে কয়, “যিহোৱাৰ ওচৰলৈ উভতি অহা লোকসকলৰ বিষয়ে যেতিয়া মই চিন্তা কৰোঁ, তেতিয়া মোৰ চকুলো ওলায়। যিহোৱাই এই ভাই-ভনীসকলক চয়তানৰ জগতৰপৰা উলিয়াই নিজৰ ওচৰলৈ লৈ অহাৰ বাবে মই আনন্দিত। যিহোৱাৰ লগত মিলি নিষ্ক্ৰীয় লোকসকলক সহায় কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় হয়।”—পাঁচ. ২০:৩৫.

১৮. যদি আপুনি এজন নিষ্ক্ৰীয় হয়, তেনেহ’লে আপুনি কি কথাৰ ওপৰত বিশ্বাস কৰিব পাৰে?

১৮ আপুনিও নিষ্ক্ৰীয় লোকসকলৰ মাজৰ এজন হয়নে। যদি হয়, তেনেহ’লে বিশ্বাস কৰক যে যিহোৱাই আজিও আপোনাক প্ৰেম কৰে। আপুনি তেওঁৰ ওচৰলৈ উভতি অহাটো তেওঁ বিচাৰে। কিন্তু ইয়াৰ বাবে আপুনি কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন। তেওঁৰ ওচৰলৈ উভতি আহিবলৈ আপুনি কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন। বিশ্বাস কৰক যে বিদ্ৰোহী পুত্ৰৰ উদাহৰণত উল্লেখ কৰা পিতৃৰ দৰে যিহোৱাই আপোনাৰ অপেক্ষা কৰি আছে আৰু তেওঁ আনন্দেৰে আপোনাক আদৰি ল’ব।

গীত ১০৩ মেৰৰখীয়া—মানুহৰ ৰূপত বৰ

^ অনু. 5 যিসকল নিষ্ক্ৰীয় হৈ গৈছে অৰ্থাৎ যিসকলে সভালৈ আৰু প্ৰচাৰলৈ যাবলৈ এৰি দিছে, তেওঁলোকে উভতি অহাটো যিহোৱাই বিচাৰে। যিহোৱাই তেওঁলোকক এইদৰে অনুৰোধ কৰে, “মোৰ ওচৰলৈ ঘূৰি আঁহা।” আমিও এনে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ, যিসকলে যিহোৱাৰ ওচৰলৈ উভতি আহিব বিচাৰে। এই লেখত কোৱা হ’ব যে এয়া আমি কেনেকৈ কৰিব পাৰোঁ।

^ অনু. 7 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 15 কিছুমান ভাই-ভনীৰ লগত অধ্যয়ন কৰাৰ সময়ত ঈশ্বৰৰ প্ৰেমত নিজক ৰাখানামৰ কিতাপৰ কিছুমান বিষয়ে আলোচনা কৰিব পাৰি। আন ভাই-ভনীৰ লগত যিহোৱাৰ কাষ চাপক (হিন্দী) নামৰ কিতাপখনৰপৰা অধ্যয়ন কৰিব পাৰি। অধ্যয়ন কৰাৰ সময়ত অধ্যায়বোৰৰ মূল বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰি। এই ভাই-ভনীসকলক কোনে অধ্যয়ন কৰিব, এয়া মণ্ডলীৰ সেৱা সমিতিয়ে নিৰ্ণয় ল’ব।

^ অনু. 68 ছবিৰ বিষয়ে: যিহোৱাৰ ওচৰলৈ উভতি আহিব বিচৰা এজন ভাইক তিনিজন বেলেগ বেলেগ ভায়ে সহায় কৰিছে। তেওঁলোকে নিষ্ক্ৰীয় ভাইজনৰ লগত কথা পাতে, তেওঁলোকে নিষ্ক্ৰীয় ভাইজনক প্ৰেম কৰে বুলি আশ্বাস দিয়ে আৰু মনোযোগেৰে তেওঁৰ কথা শুনে আৰু তেওঁৰ ভাবনা বুজিবলৈ চেষ্টা কৰে।