Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৩

“তোমাৰ নাম পূজনীয় হওক”

“তোমাৰ নাম পূজনীয় হওক”

‘হে যিহোৱা, তোমাৰ নাম অনন্ত কাললৈকে থাকক।’—গীত. ১৩৫:১৩.

গীত ১০ যিহোৱাৰ প্ৰশংসা কৰক

লেখৰ এক আভাস *

১-২. যিহোৱাৰ সাক্ষীসকলে কি দুটা কথাৰ প্ৰতি বেছি আগ্ৰহী?

যিহোৱাৰ সাক্ষীসকলে দুটা কথাৰ প্ৰতি বেছি আগ্ৰহী। প্ৰথমটো হৈছে গোটেই বিশ্বজুৰি শাসন কৰাৰ অধিকাৰ কেৱল যিহোৱাৰ আছে। দ্বিতীয়টো হৈছে যিহোৱাৰ নাম পবিত্ৰ কৰা হʼব। এই দুয়োটা বিষয় অতি গুৰুত্বপূৰ্ণ হয়। কিন্তু যিহোৱাৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰা আৰু তেওঁৰ নাম পবিত্ৰ কৰাটো বেলেগ বেলেগ বিষয়নে? নহয়। আমি এয়া কেনেকৈ কʼব পাৰোঁ আহক চাওঁ।

আমি সকলোৱে বাইবেলৰপৰা শিকিলোঁ যে যিহোৱাৰ নাম পবিত্ৰ কৰা অৰ্থাৎ তেওঁৰ নামত যি কলংক লাগিছে, তাক আঁতৰোৱাটো অতি প্ৰয়োজন। আমি এয়াও শিকিলোঁ যে যিহোৱাৰ শাসন কৰা পদ্ধতিয়েই উত্তম বুলি প্ৰমাণ কৰাৰ প্ৰয়োজন।

৩. যিহোৱাৰ নামৰপৰা কেনেধৰণৰ প্ৰতিছবি আমাৰ মনলৈ আহে?

যেতিয়া আমি ঈশ্বৰৰ নাম যিহোৱাৰ বিষয়ে কওঁ, তেতিয়া তেওঁৰ সম্পূৰ্ণ প্ৰতিছবি আমাৰ মনলৈ আহে আৰু এয়াও আমাৰ মনলৈ আহে যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁ কেনেধৰণৰ ৰজা হয়। যেতিয়া যিহোৱাৰ নামৰপৰা কলংক আঁতৰাই দিয়া হʼব, তেতিয়া তেওঁৰ শাসনেই সকলোতকৈ ভাল হয় বুলি প্ৰমাণ হʼব। গতিকে, আমি কʼব পাৰোঁ যে যিহোৱাৰ নাম আৰু তেওঁৰ শাসন দুয়োটা পৰস্পৰে জড়িত হৈ আছে।—“ এটা গুৰুত্বপূৰ্ণ বিষয়, যʼত বহুতো কথা জড়িত হৈ আছে” নামৰ বক্স চাওক।

৪. (ক) গীতমালা ১৩৫:১৩ পদত যিহোৱাৰ নামৰ বিষয়ে কি কোৱা হৈছে? (খ) এই লেখত আমি কি কি প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম?

যিহোৱাৰ নাম অদ্বিতীয়। (গীতমালা ১৩৫:১৩ পঢ়ক।) এই নাম কিয় ইমান গুৰুত্বপূৰ্ণ? আৰম্ভণিতে এই নাম কেনেকৈ কলংকিত কৰা হৈছিল? ঈশ্বৰে সেই কলংকক কেনেকৈ আঁতৰাব? তেওঁৰ নামৰ ওপৰত লগোৱা কলংকক আঁতৰাবলৈ আমি কি কৰিব পাৰোঁ? আহক এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ চেষ্টা কৰোঁ।

নামৰ গুৰুত্বতা

৫. যিহোৱাৰ নাম পবিত্ৰ কৰাৰ বিষয়ে কিছুমান লোকে হয়তো কি ভাবিব পাৰে?

যীচুৱে কৈছিল, আমি প্ৰাৰ্থনা কৰোঁতে প্ৰথমে যিহোৱাৰ বিষয়ে এইদৰে কোৱা উচিত, “তোমাৰ নাম পূজনীয় হওঁক।” (মথি ৬:৯) যীচুৱে এইদৰে কোৱাৰ অৰ্থ কি আছিল? কিবা বস্তুক পবিত্ৰ কৰাৰ অৰ্থ হৈছে তাক শুদ্ধ কৰা। কিন্তু কিছুমানে হয়তো ভাবিব পাৰে যে যিহোৱাৰ নাম আৰম্ভণিৰেপৰা পবিত্ৰ আৰু শুদ্ধ আছে। তেওঁৰ নাম পবিত্ৰ কৰাৰ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰ জানিবলৈ খন্তেকৰ বাবে চিন্তা কৰক যে এটা নামৰ গুৰুত্বতা কি?

৬. এজন ব্যক্তিৰ নাম কিয় ইমান গুৰুত্বপূৰ্ণ?

এটা নাম কেৱল মাতিবলৈ বা কাগজত লিখিবলৈ ব্যৱহাৰ কৰা নহয়। বাইবেলে এইদৰে কয়, “প্ৰচুৰ ধনতকৈয়ো সুখ্যাতি বাঞ্ছনীয়।” (হিতো. ২২:১; উপ. ৭:১) এজন ব্যক্তিৰ নাম কিয় ইমান গুৰুত্বপূৰ্ণ? কিয়নো তেওঁৰ নাম শুনিয়েই আমাৰ মনলৈ আহে যে লোকসকলৰ মাজত তেওঁৰ কি ভাল নাম আছে। এজন ব্যক্তিৰ নাম কেনেকৈ লিখা হয় বা কেনেকৈ মতা হয়, এয়া কোনো অৰ্থ নাৰাখে। কিন্তু তেওঁৰ নাম শুনিয়েই লোকসকলে তেওঁৰ বিষয়ে কি ভাবে, সেয়াহে গুৰুত্বপূৰ্ণ।

৭. লোকসকলে যিহোৱাৰ নাম কেনেকৈ কলংকিত কৰে?

লোকসকলে প্ৰায়ে যিহোৱাৰ বিষয়ে এনে কিছুমান কথা কয়, যি সত্য নহয়। এনে কৰি তেওঁলোকে প্ৰকৃততে যিহোৱাৰ নাম কলংকিত কৰে। সৰ্বপ্ৰথমে এদন বাগিচাত যিহোৱাৰ নাম কলংকিত কৰা হৈছিল। আহক চাওঁ এয়া কেনেকৈ হৈছিল আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ।

প্ৰথমবাৰৰ বাবে যিহোৱাৰ নাম কলংকিত কৰা হৈছিল

৮. (ক) আদম আৰু হৱাই কি জানিছিল? (খ) তেওঁলোকৰ বিষয়ে কি প্ৰশ্ন উদ্ভৱ হৈছে?

ঈশ্বৰৰ নাম যিহোৱা বুলি আদম আৰু হৱাই জানিছিল। তেওঁলোকে এয়াও জানিছিল যে ঈশ্বৰেই সকলো সৃষ্টি কৰিছে। তেওঁলোকক জীৱন দিছে, থাকিবলৈ ধুনীয়া ঠাই দিছে আৰু এজনে-আনজনক ভাল জীৱন-সংগী দিছে। (আদি. ১:২৬-২৮; ২:১৮) কিন্তু যিহোৱাই তেওঁলোকৰ বাবে এইবোৰ কৰিছে বুলি তেওঁলোকে চিন্তা কৰি আছিলনে? তেওঁলোকে পাছতো যিহোৱাৰ প্ৰতি কৃতজ্ঞ হৈ থাকিলনে? এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আহক চাওঁ যে চয়তানে যেতিয়া তেওঁলোকক ফুচলাইছিল, তেতিয়া তেওঁলোকে কি কৰিলে?

৯. (ক) আদিপুস্তক ২:১৬, ১৭ আৰু ৩:১-৫ পদৰ অনুসৰি যিহোৱাই আদম আৰু হৱাক কি কৈছিল? (খ) চয়তানে সত্যক কেনেকৈ মিছালৈ পৰিৱৰ্তন কৰে?

আদিপুস্তক ২:১৬, ১৭; ৩:১-৫ পঢ়ক। চয়তানে সাপৰ যোগেদি হৱাক এইদৰে সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কʼলে নে?” এই প্ৰশ্নৰ আঁৰত ঈশ্বৰৰ বিষয়ে এটা মিছা কথা লুকাই আছিল। এই প্ৰশ্ন শুনি হৱাই ঈশ্বৰৰ বিষয়ে ভুল বুজিবলৈ ধৰিলে। কেনেকৈ বাৰু? ঈশ্বৰে তেওঁলোকক কৈছিল যে তেওঁলোকে এটা গছৰ বাহিৰে সকলো গছৰ ফল খাব পাৰে। সেই বাগিচাত বিভিন্ন প্ৰকাৰৰ গছ আছিল। (আদি. ২:৯) যিহোৱা সঁচাকৈ উদাৰশীল আছিল। কিন্তু এই সত্যক চয়তানে মিছা বুলি প্ৰমাণিত কৰিলে। সি হৱাক প্ৰশ্ন কৰি ক’ব বিচাৰিলে যে যিহোৱা উদাৰশীল নহয়। তাৰ কথা শুনি হৱাৰ মনত সন্দেহ জন্মিছিল। তাই ভাবিবলৈ লয় যে ‘ঈশ্বৰে সঁচাকৈ আমাৰ বাবে যি ভাল, সেই বস্তুবোৰ তেওঁ দিব নিবিচাৰে।’

১০. (ক) চয়তানে কেনেকৈ ঈশ্বৰৰ নাম পোনপটীয়াকৈ কলংকিত কৰে? (খ) পৰিণাম কি হ’ল?

১০ চয়তানে হৱাক প্ৰশ্ন কৰালৈকে হৱাই ঈশ্বৰৰ আজ্ঞা পালন কৰি আছিল। যিহোৱাই কোৱা সেই সকলো কথা তাই চয়তানক কৈছিল। গছজোপাক চুবলৈ মানা কৰিছে বুলিও তাই চয়তানক কৈছিল। হৱাই জানিছিল যে যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে তেওঁলোকৰ মৃত্যু হ’ব। কিন্তু চয়তানে তাইক এইদৰে কয়, “দৰাচলতে তোমালোকে নমৰা।” (আদি. ৩:২-৪) এইবাৰ চয়তানে পোনপটীয়াকৈ মিছা কথা কʼলে। এনে কৰাৰ যোগেদি যিহোৱা মিছলীয়া হয় বুলি হৱাৰ মনত চয়তানে সুমুৱাই দিয়ে। এইদৰে সি ঈশ্বৰৰ নাম পোনপটীয়াকৈ কলংকিত কৰে। এইদৰে কৰাৰ যোগেদি চয়তান দিয়াবল বা অপবাদক হৈ পৰিল। তাই চয়তানৰ ওপৰত বিশ্বাস কৰিলে আৰু তাৰ ফুচলনিত ভুল গʼল। (১ তীম. ২:১৪) তাই যিহোৱাতকৈ চয়তানৰ ওপৰত বেছিকৈ ভৰসা কৰিলে আৰু ইয়াৰ বাবে তাই এক ডাঙৰ ভুল কৰিলে। তাই যিহোৱাৰ আজ্ঞা উলংঘন কৰি নিষেধ কৰা ফলটো খালে আৰু পাছত আদমকো খাবলৈ দিলে।—আদি. ৩:৬.

১১. আদম আৰু হৱাই কি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে কি কৰিবলৈ বিফল হৈছিল?

১১ হৱাই চয়তানক এইদৰে কোৱা হʼলে কিমান ভাল আছিল, “মই নাজানো তুমি কোন, মই কেৱল যিহোৱাকহে জানোঁ। তেওঁ মোৰ পিতৃ হয় আৰু তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আদম আৰু মোৰ ওচৰত যি আছে, সেই সকলো তেৱেঁই দিছে। তুমি যিহোৱাৰ বিষয়ে এনেকৈ কʼবলৈ ক’ত সাহস পালা? গুচি যোৱা ইয়াৰপৰা।” হৱাই এইদৰে কোৱা হʼলে যিহোৱাই কিমান যে আনন্দিত হʼলহেঁতেন যে হৱাই তেওঁৰ হৈ কথা কৈছে। (হিতো. ২৭:১১) কিন্তু তাই আৰু আদমে যিহোৱাৰ বিশ্বাসী হৈ নাথাকিল। নিজৰ পিতৃৰ প্ৰতি তেওঁলোকৰ প্ৰেম নাছিল। সেইবাবে, যেতিয়া চয়তানে যিহোৱাৰ নাম কলংকিত কৰিছিল, তেতিয়া তেওঁলোকে যিহোৱাৰ পক্ষ হৈ একো কোৱা নাছিল।

১২. (ক) চয়তানে হৱাৰ মনত কেনেকৈ সন্দেহ জন্মাইছিল? (খ) আদম আৰু হৱাই কি নকৰিলে?

১২ আমি দেখিলোঁ যে চয়তানে সৰ্বপ্ৰথমে হৱাৰ মনত সন্দেহ জন্মায়। চয়তানে তাইৰ মনত সুমুৱাই দিয়ে যে যিহোৱা এজন ভাল পিতৃ নহয়। এইদৰে সি যিহোৱাৰ নাম কলংকিত কৰে। আদম আৰু হৱাই সেই কলংক নাইকিয়া কৰিবলৈ যিহোৱাৰ পক্ষ হৈ একো কোৱা নাছিল। তেওঁলোকে চয়তানৰ ফুচলনিত আহি পৰে আৰু যিহোৱাৰ বিৰোধী হৈ পৰে। চয়তানে আজিও এই কৌশল ব্যৱহাৰ কৰে। সি যিহোৱাৰ বিষয়ে মিছা কথা কয়। যিসকলে তাৰ কথাত বিশ্বাস কৰে, তেওঁলোকে যিহোৱাৰ শাসনক অস্বীকাৰ কৰে।

যিহোৱাই নিজৰ নামক পবিত্ৰ কৰে

১৩. যিহিষ্কেল ৩৬:২৩ পদৰ অনুসৰি বাইবেলৰ মুখ্য বিষয় কি?

১৩ যেতিয়া যিহোৱাৰ নাম কলংকিত কৰা হৈছিল, তেতিয়া তেওঁ মনে মনে আছিল নে? নিশ্চয় নাছিল। সম্পূৰ্ণ বাইবেলত উল্লেখ কৰা হৈছে যে যিহোৱাই নিজৰ নামৰ ওপৰত লগোৱা কলংক আঁতৰাবলৈ এতিয়ালৈকে কি কি কৰি আছে। (আদি. ৩:১৫) আনকি বাইবেলৰ মূল বিষয় হৈছে যিহোৱাই নিজৰ পুত্ৰৰ ৰাজ্যৰ যোগেদি নিজৰ নাম পবিত্ৰ কৰিব আৰু পৃথিৱীত পুনৰ ধাৰ্মিকতা আৰু শান্তি আনিব। বাইবেলৰপৰা আমি জানিব পাৰোঁ যে যিহোৱাই কেনেকৈ নিজৰ নাম পবিত্ৰ কৰিব।—যিহিষ্কেল ৩৬:২৩ পঢ়ক।

১৪. (ক) এদন বাগিচাত যেতিয়া যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা হৈছিল, তেতিয়া যিহোৱাই কি কৰিলে? (খ) এইদৰে কৰি যিহোৱাই কেনেকৈ নিজৰ নাম পবিত্ৰ কৰিলে?

১৪ যিহোৱাৰ ইচ্ছা পূৰ হোৱাটো চয়তানে কেতিয়াও নিবিচাৰে? সি যিহোৱাক বাধা দিবলৈ নিজৰ ফালৰপৰা সম্পূৰ্ণভাৱে চেষ্টা কৰিছে। কিন্তু সি প্ৰতিবাৰে বিফল হৈছে। বাইবেলৰপৰা আমি জানিব পাৰোঁ যে যিহোৱাই নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ এতিয়ালৈকে কি কৰিছে। ইয়ে প্ৰমাণ কৰে যে তেওঁ সকলোতকৈ ভাল ৰজা হয়। চয়তানে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু বহুতোলোকে চয়তানৰ ফলীয়া হৈ যায়। ইয়াক দেখি যিহোৱাৰ বৰ দুখ লাগে। (গীত. ৭৮:৪০) যেতিয়া তেওঁৰ নাম কলংকিত হৈছিল, তেতিয়া তেওঁ সমস্যাটো ভালদৰে সমাধান কৰিলে। তেওঁ ধৈৰ্য্য ধৰিলে আৰু বুদ্ধিমতাৰে কাম কৰিলে। তেওঁ ন্যায়ৰ মানদণ্ডক পালন কৰিলে আৰু বহুতো উপায়েৰে নিজৰ শক্তি প্ৰকাশ কৰিলে। বিশেষকৈ তেওঁ প্ৰতিটো কামত নিজৰ প্ৰেমৰ গুণ প্ৰতিফলিত কৰিছিল। (১ যোহ. ৪:৮) সঁচাকৈ যিহোৱা ঈশ্বৰে নিজৰ নাম পবিত্ৰ কৰিবলৈ বহুত কিছু কৰিছে আৰু এতিয়াও কৰি আছে।

চয়তানে হৱাক যিহোৱাৰ বিষয়ে মিছা কথা কʼলে আৰু সি বহু শতিকাৰেপৰা যিহোৱাৰ নাম কলংকিত কৰি আহিছে (অনুচ্ছেদ ৯-১০, ১৫ চাওক) *

১৫. (ক) চয়তানে আজি কেনেকৈ যিহোৱাৰ নাম কলংকিত কৰিছে? (খ) তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰা লোকসকলে কি কৰে?

১৫ চয়তানে আজিও যিহোৱাৰ নাম কলংকিত কৰে। ঈশ্বৰ অন্যায়ী হয়, তেওঁত কোনো শক্তি নাই, তেওঁ বুদ্ধিমান নহয় আৰু তেওঁ আমাক প্ৰেম নকৰে বুলি চয়তানে বহুতোলোকৰ মনত বিশ্বাস জন্মাবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে, কোনো ঈশ্বৰ নাই বুলি সি লোকসকলক বিশ্বাস জন্মায়। ঈশ্বৰৰ উপাসনা কৰা লোকসকলক বিশ্বাস জন্মায় যে ঈশ্বৰৰ নিয়মবোৰ কঠিন হয়। ইয়াৰ উপৰিও, সি লোকসকলক শিক্ষা দিয়ে যে যিহোৱা এজন নিষ্ঠুৰ ঈশ্বৰ হয়। সেইবাবে, তেওঁ লোকসকলক নৰকত শাস্তি দিয়ে। যেতিয়া লোকসকলে এনেধৰণৰ মিছা কথাৰ ওপৰত বিশ্বাস কৰে, তেতিয়া তেওঁলোকে যিহোৱাৰ শাসনক অস্বীকাৰ কৰে। যিহোৱাই চয়তানক ধ্বংস নকৰালৈকে চয়তানে যিহোৱাৰ নাম কলংকিত কৰি থাকিব। সি আপোনাকো যিহোৱাৰপৰা আঁতৰাই লৈ যাবলৈ চেষ্টা কৰিব। আপুনি তাৰ ফুচলনিত ভুল যাবনে?

আপুনি কাৰ পক্ষ ল’ব

১৬. আদম আৰু হৱাই যি নকৰিলে, সেই কাম আপুনি কেনেকৈ কৰিব পাৰে?

১৬ যিহোৱাই নিজৰ নাম পবিত্ৰ কৰিবলৈ অসিদ্ধ মানুহকো সুযোগ দিছে। কʼবলৈ গʼলে আদম আৰু হৱাই যি নকৰিলে, সেই কাম আপুনি কৰিব পাৰে। যদিও গোটেই পৃথিৱীত যিহোৱাৰ নাম নিন্দা কৰা লোকেৰে ভৰি আছে, তথাপিও আপুনি যিহোৱাৰ পক্ষ হৈ ক’ব পাৰে। আপুনি লোকসকলক তেওঁৰ সত্যতাৰ বিষয়ে ক’ব পাৰে যে তেওঁ পবিত্ৰ, ধাৰ্মিক, দয়ালু আৰু সকলোকে প্ৰেম কৰা ঈশ্বৰ হয়। (যিচ. ২৯:২৩) আপুনি তেওঁক নিজৰ ৰজা বুলি গণ্য কৰিব পাৰে। আপুনি লোকসকলক ক’ব পাৰে যে তেওঁৰ শাসন কৰাৰ পদ্ধতি উত্তম হয় আৰু কেৱল তেওঁৰ ৰাজ্যই সুখ আৰু শান্তি আনিব পাৰে।—গীত. ৩৭:৯, ৩৭; ১৪৬:৫, ৬, ১০.

১৭. যীচুৱে কেনেকৈ নিজৰ পিতৃৰ নাম জনাইছিল?

১৭ যেতিয়া আমি যিহোৱাৰ নাম পবিত্ৰ কৰোঁ, তেতিয়া আমি যীচুৰ উদাহৰণ অনুকৰণ কৰাৰ দৰে হয়। (যোহ. ১৭:২৬) যীচুৱে নিজৰ পিতৃৰ নাম ব্যৱহাৰ কৰাৰ উপৰিও যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তাৰ বিষয়ে লোকসকলক জনাইছিল। উদাহৰণস্বৰূপে, তেওঁ ফৰীচীসকলক ভুল বুলি প্ৰমাণ কৰিছিল। ফৰীচীসকলৰ শিক্ষাৰপৰা লোকসকলে এয়াও ভাবিছিল যে যিহোৱা নিষ্ঠুৰ হয়, তেওঁ প্ৰয়োজনতকৈ বেছি বিচাৰে আৰু আমি কেতিয়াও তেওঁৰ কাষ চাপিব নোৱাৰোঁ। কিন্তু যীচুৱে শিকাইছিল যে আমি যিমান কৰিব পাৰোঁ, যিহোৱাই সিমানেই আমাৰপৰা আশা কৰে, ধৈৰ্য্য ধৰে, আমাক প্ৰেম কৰে আৰু আমাক ক্ষমা কৰে। ইয়াৰ উপৰিও, যীচুৱে নিজৰ পিতৃৰ দৰে গুণ প্ৰতিফলিত কৰিছিল আৰু তেওঁৰ দৰে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল। ইয়াৰপৰা লোকসকলে জানিব পাৰে যে যিহোৱা প্ৰকৃততে কেনেধৰণৰ ঈশ্বৰ।—যোহ. ১৪:৯.

১৮. আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ যে চয়তানে যিহোৱাৰ বিষয়ে যি কৈছে, সেই সকলো মিছা হয়?

১৮ যীচুৰ দৰে আমিও লোকসকলক শিকাব পাৰোঁ যে যিহোৱা এজন দয়ালু ঈশ্বৰ আৰু তেওঁ আমাক প্ৰেম কৰে। এইদৰে কৰাৰ যোগেদি আমি প্ৰমাণ কৰোঁ যে চয়তানে যিহোৱাৰ বিষয়ে যি কৈছে, সেই সকলো মিছা হয়। ইয়ে যিহোৱাৰ নাম পবিত্ৰ কৰে অৰ্থাৎ লোকসকলৰ হৃদয়ত যিহোৱাৰ প্ৰতি সন্মান বঢ়ায়। অসিদ্ধ হোৱাৰ সত্ত্বেও আমি যিহোৱাক অনুকৰণ কৰিব পাৰোঁ। (ইফি. ৫:১, ২) আমাৰ কথা-বতৰা আৰু আমাৰ ব্যৱহাৰৰ যোগেদি লোকসকলে বুজি পোৱা উচিত যে যিহোৱা প্ৰকৃততে কেনেধৰণৰ ঈশ্বৰ হয়। এইদৰে কৰিলে যিহোৱাৰ নাম পবিত্ৰ হʼব আৰু লোকসকলৰ মনত যিহোৱাৰ বিষয়ে যি ভুল ধাৰণা আছে, সেইবোৰ নাইকিয়া হʼব। * ইয়াৰপৰা প্ৰমাণ হয় যে অসিদ্ধ মানুহেও যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে।—ইয়ো. ২৭:৫.

আমি বাইবেল বিদ্যাৰ্থীসকলক শিকোৱা উচিত যে যিহোৱা এজন দয়ালু ঈশ্বৰ হয় আৰু তেওঁ আমাক সকলোকে প্ৰেম কৰে (অনুচ্ছেদ ১৮-১৯ চাওক) *

১৯. যিচয়া ৬৩:৭ পদৰ অনুসৰি লোকসকলক শিক্ষা দিয়াৰ প্ৰধান উদ্দেশ্য কি হোৱা উচিত?

১৯ যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ আমি আৰু এটা কাম কৰিব পাৰোঁ। সাধাৰণতে আনক সত্য শিকোৱাৰ সময়ত আমি এই কথাত গুৰুত্ব দিওঁ যে কেৱল যিহোৱাৰহে গোটেই বিশ্বৰ ওপৰত শাসন কৰাৰ অধিকাৰ আছে। সেইবাবে, আমি তেওঁৰ নিয়মবোৰ পালন কৰা উচিত। এইদৰে শিকোৱাটো একেবাৰে সঠিক। কিন্তু যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁক নিজৰ পিতৃ বুলি ভাবিবলৈ আৰু তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ তেওঁলোকক শিক্ষা দিয়াটো বেছি গুৰুত্বপূৰ্ণ। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? তেওঁলোকক শিক্ষা দিয়াৰ সময়ত আমি যিহোৱাৰ আকৰ্ষণীয় গুণবোৰৰ ওপৰত জোৰ দিব পাৰোঁ। আমি তেওঁলোকক বুজাব পাৰোঁ যে যিজন ঈশ্বৰৰ নাম যিহোৱা হয় তেওঁ প্ৰকৃততে কেনেধৰণৰ ঈশ্বৰ হয়। (যিচয়া ৬৩:৭ পঢ়ক।) লোকসকলে যেতিয়া যিহোৱাৰ বিষয়ে এইবোৰ কথা শিকিব, তেতিয়া তেওঁলোকে কেতিয়াও যিহোৱাক ত্যাগ নকৰিব। তেওঁলোকে যিহোৱাক প্ৰেম কৰিব আৰু তেওঁৰ আজ্ঞা পালন কৰিব।

২০. পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

২০ আমি এই কথাৰ ওপৰত ধ্যান দিব পাৰোঁ যে আমি আনক যি শিকাওঁ আৰু আমি নিজে যি কৰোঁ, তাৰপৰা যিহোৱাৰ নাম মহিমাম্বিত হোৱা উচিত আৰু লোকসকলে তেওঁৰ প্ৰতি আকৰ্ষিত হোৱা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? ইয়াৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হ’ব।

গীত ২ যিহোৱা তোমাৰ নাম

^ অনু. 5 আজি সকলো মানৱজাতি আৰু স্বৰ্গদূতৰ মনত এটা প্ৰশ্ন আছে। সেয়া হৈছে তেওঁলোকৰ ওপৰত কোনে শাসন কৰাৰ অধিকাৰ আছে। এই প্ৰশ্নটো কিয় ইমান গুৰুত্বপূৰ্ণ? আমি কাক নিজৰ ৰজা হিচাপে স্বীকাৰ কৰা উচিত? যদি আমি তেওঁক নিজৰ ৰজা বুলি স্বীকাৰ কৰোঁ, তেনেহʼলে আমি কি কৰিম? এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে, যিহোৱাৰ লগত আমাৰ সম্পৰ্ক দৃঢ় হʼব।

^ অনু. 18 আমাৰ প্ৰকাশনবোৰত উল্লেখ কৰা হৈছে যে যিহোৱাৰ নামৰ ওপৰত তেওঁৰেই অধিকাৰ আছে, সেইবাবে আজিলৈকে কোনেও যিহোৱাৰ নামক লৈ প্ৰশ্ন কৰা নাই। ২০১৭ চনৰ বাৰ্ষিক সভাত এই বিষয়ে বিতংভাৱে বুজোৱা হৈছিল। সেই সভাৰ চেয়াৰমেনে এইদৰে কৈছিল, “যিহোৱাৰ নাম পবিত্ৰ কৰাটো কোনো ভুল নহয়, কিয়নো তেওঁৰ নামত লগা কলংক আঁতৰোৱাটো অতি প্ৰয়োজন।”—jw.org® ৱেবছাইটত জানুৱাৰী ২০১৮ চনৰ প্ৰʼগ্ৰাম চাওক। লাইব্ৰেৰী > JW ব্ৰডকাষ্টিং ভাগত চাওক।

^ অনু. 62 ছবিৰ বিষয়ে: যেতিয়া চয়তানে হৱাক কৈছিল যে ঈশ্বৰ মিছলীয়া হয়, তেতিয়া সি ঈশ্বৰৰ নাম কলংকিত কৰে। বহু শতিকাৰেপৰা চয়তানে মিছা শিক্ষা দি আহিছে। উদাহৰণস্বৰূপে, কোনো ঈশ্বৰ নাই আৰু যদিও আছে, তেনেহʼলে তেওঁ নিষ্ঠুৰ হয়।

^ অনু. 64 ছবিৰ বিষয়ে: এজন ভায়ে অধ্যয়ন কৰাৰ সময়ত যিহোৱাৰ গুণৰ ওপৰত জোৰ দিছে।