Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৭

নিজকে বৰ বুলি বিবেচনা নকৰিব

নিজকে বৰ বুলি বিবেচনা নকৰিব

“মই তোমালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক।”—ৰোম. ১২:৩.

গীত ১৩০ ক্ষমা কৰিবলৈ শিকক

লেখৰ এক আভাস *

১. ফিলিপীয়া ২:৩ পদৰ অনুসৰি নম্ৰ হʼলে আনৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা হʼব?

আমাৰ বাবে কি ভাল, তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। সেইবাবে, আমি তেওঁৰ আজ্ঞা পালন কৰোঁ। (ইফি. ৪:২২-২৪) নম্ৰ হʼলে আমি নিজৰ জীৱনত যিহোৱাৰ ইচ্ছাক প্ৰথম স্থান দিম আৰু আনক নিজতকৈ বৰ বুলি গণ্য কৰিম। এইদৰে কৰিলে যিহোৱা আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ লগত আমাৰ সম্পৰ্ক ভাল হʼব।—ফিলিপীয়া ২:৩ পঢ়ক।

২. (ক) পৌলে কোৱাৰ অৰ্থ কি আছিল? (খ) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আনহাতে জগতৰ লোকসকল অহংকাৰী আৰু স্বাৰ্থপৰ হয়। যদি আমি সাৱধান নহওঁ, তেনেহʼলে আমিও তেওঁলোকৰ দৰে হʼব পাৰোঁ। * প্ৰথম শতিকাৰ কিছুমান খ্ৰীষ্টানসকলৰ লগতো এইদৰে হৈছিল। সেইবাবে, পাঁচনি পৌলে ৰোমৰ খ্ৰীষ্টানসকলক এইদৰে লিখিছিল, “মই তোমালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক।” (ৰোম. ১২:৩) পৌলে কোৱাৰ অৰ্থ হৈছে, আমাৰ কিছুমান আত্ম-সন্মান থকা উচিত। কিন্তু আমি নিজকে বৰ বুলি ভবা উচিত নহয়। নম্ৰ হʼলে আমি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিম। এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যʼত আমি নম্ৰ হোৱা উচিত। সেয়া হৈছে, (১) বিবাহিত জীৱন (২)  যিহোৱাৰ সংগঠনৰপৰা পোৱা দায়িত্ব আৰু (৩) চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ।

নিজৰ সংগীৰ লগত নম্ৰতাৰে ব্যৱহাৰ কৰক

৩. (ক) বিবাহিত জীৱনত সমস্যা কিয় আহে? (খ) এনে পৰিস্থিতিত কিছুমান লোকে কি কৰে?

স্বামী-স্ত্ৰীয়ে আনন্দত থকাটো যিহোৱাই বিচাৰে। কিন্তু অসিদ্ধতাৰ বাবে তেওঁলোকৰ মাজত কেতিয়াবা কেতিয়াবা মনোমালিন্য হʼব পাৰে। পৌলে লিখিছিল যে বিবাহিত লোকসকলৰ জীৱনত শাৰীৰিক ক্লেশ ঘটিব। (১ কৰি. ৭:২৮) কিছুমান দম্পতীৰ মাজত প্ৰায়ে হাই-কাজিয়া হৈ থাকে আৰু তেওঁলোকে বিবাহ নকৰা হʼলে ভাল আছিল বুলি ভাবে। জগতৰ লোকসকলৰ দৰে তেওঁলোকে বিবাহ-বিচ্ছেদ কৰাটোৱেই ভাল হʼব বুলি ভাবে। তেতিয়াহে তেওঁলোকে আনন্দত থাকিব পাৰিব।

৪. সমস্যা অহাৰ সময়ত আমি কি কৰা উচিত নহয়?

যদি আমাৰ বিবাহিত জীৱনত সমস্যা আহিছে, তেনেহʼলে আমি নিজৰ দায়িত্ব পালন কৰাত বিফল হৈছোঁ বুলি ভবা উচিত নহয় আৰু লগতে বিবাহ-বিচ্ছেদ কৰাৰ বিষয়েও চিন্তা কৰা উচিত নহয়। বাইবেলৰ অনুসৰি কেৱল এটা কাৰণতহে বিবাহ-বিচ্ছেদ কৰিব পাৰি। সেয়া হৈছে, অনৈতিক যৌন সম্পৰ্ক। (মথি ৫: ৩২) গতিকে সমস্যা অহাৰ সময়ত স্বামী-স্ত্ৰীয়ে কেৱল নিজৰ বিষয়ে চিন্তা কৰা উচিত নহয় আৰু এয়া ভবা উচিত নহয় যে ‘তেওঁ মোৰ বিষয়ে চিন্তা নকৰে, তেওঁ মোক প্ৰেম নকৰে, হয়তো মই আন কাৰোবাৰ লগত বেছি আনন্দত থাকিম।’ যদি আমি এইদৰে ভাবোঁ, তেনেহʼলে আমি কেৱল নিজৰ বিষয়ে চিন্তা কৰিছোঁ। জগতৰ লোকসকলেও এইদৰেই চিন্তা কৰে। তেওঁলোকে এইদৰে কয়, “নিজৰ অন্তৰৰ কথা শুনা, তোমাক যি ভাল লাগে তাকে কৰা। যদি বিবাহ-বিচ্ছেদেই সমস্যাৰ সমাধান হয়, তেনেহʼলে বিবাহ-বিচ্ছেদ কৰা।” কিন্তু এনেধৰণৰ চিন্তাধাৰা ঈশ্বৰৰ চিন্তাধাৰাতকৈ সম্পূৰ্ণ পৃথক। বাইবেলে এইদৰে উল্লেখ কৰিছে, “প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ বিষয়ে চাওক।” (ফিলি. ২:৪) নিজৰ সংগীক এৰি দিয়াটো যিহোৱাই কেতিয়াও নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ সম্পৰ্ক দৃঢ় কৰিবলৈ চেষ্টা কৰাটো তেওঁ বিচাৰে। (মথি ১৯:৬) আপুনি কেৱল নিজৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে সংগীয়ে কি বিষয়ত আনন্দিত হয়, তাৰ বিষয়ে চিন্তা কৰাটো যিহোৱাই বিচাৰে।

৫. ইফিচীয়া ৫:৩৩ পদৰ অনুসৰি স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত?

নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰা উচিত। (ইফিচীয়া ৫:৩৩ পঢ়ক।) বাইবেলে কৈছে যে গ্ৰহণ কৰাতকৈ দান কৰা ধন্য। (পাঁচ. ২০:৩৫) সেইবাবে, স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰপৰা কি পাব পাৰে, তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে এজনে-আনজনৰ বাবে কি কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰা উচিত। এনে কৰিবলৈ তেওঁলোকক নম্ৰ হʼব লাগিব। যদি স্বামী-স্ত্ৰী নম্ৰ হʼব, তেনেহʼলে তেওঁলোকে ‘নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰিব।’ (১ কৰি. ১০:২৪) ইয়াৰ উপৰিও, তেওঁলোকে এজনে-আনজনৰ লগত প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিব।

যদি স্বামী-স্ত্ৰী নম্ৰ হয়, তেনেহʼলে তেওঁলোকে এজনে-আনজনৰ লগত হাই-কাজিয়া কৰাৰ পৰিৱৰ্তে এটা দলৰ দৰে কাম কৰিব (অনুচ্ছেদ ৬ চাওক)

৬. ষ্টিৱান আৰু ষ্টেফানীৰ উদাহৰণৰপৰা আপুনি কি শিকিব পাৰে?

নম্ৰ হোৱাৰ বাবে বহুতো খ্ৰীষ্টান দম্পতীয়ে বেছিকৈ আনন্দত থকাটো দেখিবলৈ পোৱা গৈছে। ষ্টিৱানৰ উদাহৰণলৈ ধ্যান দিয়ক। তেওঁ এইদৰে কৈছে, “যদি আমি এটা দলৰ দৰে হওঁ, তেনেহʼলে সমস্যা অহাৰ সময়ত আমি একেলগে সন্মুখীন হʼব পাৰিম। আমি ‘নিজৰ বাবে কি ভাল,’ তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে, আমি ‘আমাৰ বাবে কি ভাল,’ তাৰ বিষয়ে চিন্তা কৰা উচিত।” তেওঁৰ পত্নী ষ্টেফানীও এইদৰেই ভাবে। তাই এইদৰে কয়, “সদায় হাই-কাজিয়া কৰি থকা ব্যক্তিৰ লগত কোনেও থাকিব নিবিচাৰে। যদি আমি কোনো কথাত সন্মত নহওঁ, তেনেহʼলে সমস্যাটো কি, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তাৰ পাছত আমি ইয়াৰ বিষয়ে প্ৰাৰ্থনা আৰু অনুসন্ধান কৰোঁ। আমি মুকলিভাৱে এজনে-আনজনৰ লগত কথা পাতোঁ। হাই-কাজিয়া কৰাৰ পৰিৱৰ্তে, আমি একেলগে সমস্যাৰ সমাধান বিচাৰোঁ।” যেতিয়া স্বামী-স্ত্ৰীয়ে নিজকে এজনে-আনজনতকৈ বৰ বুলি নাভাবে আৰু একেলগে কাম কৰে, তেতিয়া তেওঁলোকে বেছিকৈ আনন্দত থাকিব।

‘নম্ৰভাবে’ যিহোৱাৰ সেৱা কৰক

৭. দায়িত্ব লাভ কৰিলে এজন ভায়ে কি কৰা উচিত?

যিহোৱাৰ সেৱা কৰাটো আমাৰ বাবে সন্মানৰ বিষয়। (গীত. ২৭:৪; ৮৪:১০) যদি এজন ভায়ে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আগবাঢ়ি আহে, তেনেহʼলে সেই ভাইজন প্ৰশংসাৰ যোগ্য। বাইবেলত এইদৰে উল্লেখ আছে, “কোনোৱে যদি অধ্যক্ষ-পদলৈ আকাঙ্ক্ষা কৰে, তেন্তে তেওঁ উত্তম কৰ্ম্মলৈ ইচ্ছা কৰে।” (১ তীম. ৩:১) কিন্তু দায়িত্ব লাভ কৰিলে তেওঁ নিজকে বৰ বুলি ভবা উচিত নহয়। (লূক ১৭:৭-১০) ইয়াৰ পৰিৱৰ্তে, তেওঁ আনক নম্ৰতাৰে সহায় কৰা উচিত।—২ কৰি. ১২:১৫.

৮. দিয়ত্ৰিফি, উজ্জিয়া আৰু অবচালোমৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

বাইবেলত এনে কিছুমান লোকসকলৰ বিষয়ে উল্লেখ আছে, যিসকলে নিজকে বৰ বুলি ভাবিছিল। তেওঁলোকৰ মাজৰ এজন আছিল দিয়ত্ৰিফি। তেওঁ মণ্ডলীত ‘প্ৰাধান্য’ হʼব বিচাৰিছিল। সেইবাবে, তেওঁ নম্ৰ হৈ থাকিব নোৱাৰিলে। (৩ যোহ. ৯) উজ্জিয়াও অহংকাৰী হৈছিল। তেওঁ সেই কাম কৰিবলৈ চেষ্টা কৰিছিল, যি যিহোৱাই কেৱল পুৰোহিতসকলক কৰিবলৈ কৈছিল। (২ বং. ২৬:১৬-২১) অবচালোমে ৰজা হʼব বিচাৰিছিল। সেইবাবে, তেওঁ কৌশলতাৰে লোকসকলক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল। (২ চমূ. ১৫:২-৬) বাইবেলৰ এই উদাহৰণৰপৰা স্পষ্টভাৱে বুজিব পাৰি যে যিসকল লোকে নিজৰ প্ৰশংসা বিচাৰে, যিহোৱাই সেই লোকসকলক কেতিয়াও ভাল নাপায়। (হিতো. ২৫:২৭) যিসকল লোক অহংকাৰী হয় আৰু উচ্চকাংক্ষা কৰে, তেওঁলোকৰ পৰিণাম বেয়া হয়।—হিতো. ১৬:১৮.

৯. যীচুৱে কেনেকৈ আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে?

যীচু এই অহংকাৰী লোকসকলৰ দৰে নাছিল। বাইবেলে এইদৰে কৈছে যীচুৱে, “ঈশ্বৰৰূপী থাকোঁতে, ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে।” (ফিলি. ২:৬) যদিও যিহোৱাৰ পাছত তেওঁৰেই বেছি অধিকাৰ আছে, তথাপি তেওঁ নিজকে বৰ বুলি নাভাবিলে। তেওঁ নিজৰ শিষ্যসকলকো এইদৰেই শিকাইছিল। যীচুৱে তেওঁলোকক কৈছিল, “তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু, সেই জনেই মহান।” (লূক ৯:৪৮) অগ্ৰগামী সেৱক, সহায়ক সেৱক, প্ৰাচীন আৰু চাৰ্কিট ওভাৰচিয়াৰেও যীচুৰ উদাহৰণ অনুকৰণ কৰে। তেওঁলোকে নম্ৰ হৈ যিহোৱাৰ সেৱা কৰে। এনে ভাই-ভনীসকলৰ লগত মিলি কাম কৰাটো সঁচাকৈ এটা আশীৰ্বাদ হয়। যেতিয়া আমি নম্ৰ হʼম, তেতিয়া আমি ভাই-ভনীসকলক আৰু বেছিকৈ প্ৰেম কৰিম। যীচুৱে কৈছিল যে এই প্ৰেমেই হৈছে সত্য খ্ৰীষ্টানসকলৰ পৰিচয়।—যোহ. ১৩:৩৫.

১০. যদি আপুনি ভাবে যে প্ৰাচীনসকলে কিবা সমস্যা ভালদৰে সমাধান কৰিব পৰা নাই, তেনেহʼলে আপুনি কি কৰা উচিত?

১০ হয়তো মণ্ডলীত কিছুমান সমস্যাৰ সৃষ্টি হৈছে আৰু আপুনি ভাবে যে প্ৰাচীনসকলে এই সমস্যাটো ভালদৰে সমাধান কৰা নাই। তেতিয়া আপুনি কি কৰিব? অভিযোগ কৰাৰ পৰিৱৰ্তে নম্ৰ হৈ দায়িত্বত থকা ভাইসকলৰ অধীনত থাকক। (ইব্ৰী ১৩:১৭) নিজকে প্ৰশ্ন কৰক: ‘সঁচাকৈ এই সমস্যাটো ইমান ডাঙৰ নে, যিটো সমাধান কৰাৰ প্ৰয়োজন? এই সমস্যাটো সমাধান কৰাৰ এয়ে সঠিক সময় হয়নে? ইয়াক সমাধান কৰাটো মোৰ কাম হয়নে? মই মণ্ডলীত একতা বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁনে? বা নিজকে বৰ হয় বুলি দেখুৱাবলৈ চেষ্টা কৰিছোঁ নেকি?’

যিসকলে দায়িত্ব লাভ কৰে, তেওঁলোকৰ দক্ষতা থকাতকৈ তেওঁলোক নম্ৰ হোৱা উচিত (অনুচ্ছেদ ১১ চাওক) *

১১. ইফিচীয়া ৪:১-৩ পদৰ অনুসৰি নম্ৰ হৈ যিহোৱাৰ সেৱা কৰিলে কি লাভ আছে?

১১ আপোনাৰ কি কি দক্ষতা আছে, তাৰ ওপৰত আনন্দ কৰাৰ পৰিৱৰ্তে আপুনি কিমান নম্ৰ হয়, তাৰ বাবেহে যিহোৱাই আনন্দিত হয়। কোনো এটা কাম ভালদৰে কৰাতকৈ, মণ্ডলীত একতা বজাই ৰখাটো যিহোৱাৰ দৃষ্টিত আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে, নম্ৰ হৈ যিহোৱাৰ সেৱা কৰক। নম্ৰ হোৱাৰ বাবে আপুনি ভাই-ভনীসকলৰ লগত মিলি কাম কৰিব আৰু ইয়াৰ বাবে মণ্ডলীত একতা বজাই ৰাখিব পাৰিব। (ইফিচীয়া ৪:১-৩ পঢ়ক।) যদি সম্ভৱ হয়, তেনেহʼলে যিমান পাৰে সিমান প্ৰচাৰ কাৰ্য্যত ভাগ লওক, আনৰ বাবে ভাল কাম কৰক, সকলোকে অতিথি-সৎকাৰ দেখুৱাওক অৰ্থাৎ সেই লোকসকলকো, যিসকলৰ মণ্ডলীত কোনো দায়িত্ব নাই। (মথি ৬:১-৪; লূক ১৪:১২-১৪) যেতিয়া আপুনি নম্ৰ হʼব আৰু ভাই-ভনীসকলৰ লগত মিলি কাম কৰিব, তেতিয়া তেওঁলোকে দেখিব যে আপোনাৰ কেৱল দক্ষতা আছে এনে নহয়, আপুনি এজন নম্ৰ ব্যক্তিও হয়।

চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত নম্ৰ হওক

১২. বন্ধুত্ব কৰাৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?

১২ আমি আমাৰ বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ লগত আনন্দেৰে সময় অতিবাহিত কৰাটো যিহোৱাই বিচাৰে। (গীত. ১৩৩:১) যীচুৰো বন্ধু আছিল আৰু তেওঁ নিজৰ বন্ধুসকলৰ লগত ভালদৰে সময় অতিবাহিত কৰিছিল। (যোহ. ১৫:১৫) বাইবেলৰ অনুসৰি ভাল বন্ধুৱে আমাৰ বহুত সহায় কৰে। (হিতো. ১৭:১৭; ১৮:২৪) ইয়াৰ উপৰিও, বাইবেলে উল্লেখ কৰিছে যে যদি আমি আনৰপৰা আঁতৰি থাকোঁ, তেনেহʼলে এয়া আমাৰ বাবে ভাল নহয়। (হিতো. ১৮:১) বহুতোলোকে ভাবে যে চʼচিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে বহুতো বন্ধু পাতিব পাৰে আৰু ইয়াৰ যোগেদি তেওঁলোকৰ অকলশৰীয়া ভাবনা দূৰ হʼব। কিন্তু আমি ভাবি-চিন্তি চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰা উচিত।

১৩. চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰা কিছুমান লোকে কিয় নিৰাশ হৈ পৰে?

১৩ কিছুমান অনুসন্ধানকাৰীসকলৰ মতে, যিসকল লোকে চʼচিয়েল মিডিয়াত আনৰ লিখনি বা ফটোবোৰ বাৰে বাৰে চাই থাকে, তেওঁলোকে অকলশৰীয়া অনুভৱ কৰে আৰু নিৰাশ হৈ পৰে। এনে কিয় হয় বাৰু? ইয়াৰ এটা কাৰণ হৈছে লোকসকলে প্ৰায়ে চʼচিয়েল মিডিয়াত নিজৰ ভাল ফটোবোৰহে দিয়ে। ইয়াত বিশেষকৈ তেওঁলোকে কিমান আনন্দ কৰিছে, বন্ধুসকলৰ লগত কিমান ভাল সময় অতিবাহিত কৰিছে আৰু বিভিন্ন ঠাইত ফুৰিবলৈ গৈছে, তাৰ ফটোবোৰহে দেখিবলৈ পোৱা যায়। এই ফটোবোৰত তেওঁলোকে বিশেষ আনন্দ লোৱা দৃশ্যবোৰহে দেখিবলৈ পোৱা যায়। এইবোৰ দেখি এজন ব্যক্তিয়ে ভাবিব পাৰে যে এই লোকসকলে কিমান আনন্দ কৰিছে। কিন্তু মোৰ জীৱনত আনন্দই নাই। এগৰাকী ১৯ বছৰীয়া ভনীয়ে এইদৰে কয়, “যেতিয়া মই চʼচিয়েল মিডিয়াত চাইছিলোঁ যে আনে শনিবাৰ আৰু দেওবাৰে কিমান আনন্দ কৰিছে আৰু মই ঘৰত থাকি আমনি পাইছোঁ, তেতিয়া মোৰ তেওঁলোকৰ প্ৰতি ঈৰ্ষা ভাব হৈছিল।”

১৪. চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত আমি ১ পিতৰ ৩:৮ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ?

১৪ এয়া সঁচা যে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰাটো কিছুমান ক্ষেত্ৰত আমাৰ বাবে লাভজনক। উদাহৰণস্বৰূপে, আমি পৰিয়াল আৰু বন্ধুসকলৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। কিন্তু আপুনি মন কৰিছে যে কিছুমান লোকে লোকসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিজৰ ফটো, ভিডিঅʼ বা লিখনিবোৰ দিয়ে। ধৰি লওক, তেওঁ এইদৰে কৈছে “মোলৈ চোৱা।” কিছুমান লোকে নিজৰ আৰু আনৰ ফটোবোৰৰ বিষয়ে আঘাত লগা আৰু অশ্লীল কথাবোৰ লিখে। কিন্তু আমি যদি নম্ৰ হওঁ আৰু আনৰ ভাবনাৰ প্ৰতি ধ্যান দিওঁ, তেনেহʼলে আমি চʼচিয়েল মিডিয়াৰ অপব্যৱহাৰ নকৰিম।১ পিতৰ ৩:৮ পঢ়ক।

আপুনি চʼচিয়েল মিডিয়াত যি দিয়ে, তাৰপৰা আপোনাৰ বিষয়ে কি বুজিব পাৰি। আপুনি নম্ৰ হয়নে অথবা ফিতাহি মাৰিছে? (অনুচ্ছেদ ১৫ চাওক)

১৫. চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাৰ সময়ত এজন নম্ৰ খ্ৰীষ্টানে কি কি বিষয়ৰ ওপৰত ধ্যান দিয়ে?

১৫ যদি আপুনি চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে, তেনেহʼলে নিজকে এইদৰে সোধক: ‘মই লিখা কথা, ফটো আৰু ভিডিঅʼৰপৰা লোকসকলে ভাবে নেকি যে মই ফিতাহি মাৰিছোঁ? এইবোৰ দেখি তেওঁলোকে ঈৰ্ষা কৰেনে?’ মন কৰক বাইবেলে এইদৰে কৈছে, “জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।” (১ যোহ. ২:১৬) এখন বাইবেলত “চকুৰ অভিলাষ” এই শব্দক এইদৰে অনুবাদ কৰিছে, “নিজকে বৰ বুলি দেখুৱাবলৈ চেষ্টা কৰা।” কিন্তু খ্ৰীষ্টানসকলে নিজকে বৰ বুলি দেখুৱাবলৈ চেষ্টা নকৰে, আনক নিজৰ ফালে আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰে। তেওঁলোকে বাইবেলৰ এই পৰামৰ্শ পালন কৰে, “আমি ইজনে সিজনৰ খং তুলি, আৰু ইজনে সিজনক অসূয়া কৰি, অনৰ্থক দৰ্প নকৰোঁহঁক।” (গালা. ৫:২৬) যদি আমি নম্ৰ হওঁ, তেনেহʼলে জগতৰ লোকসকলৰ দৰে নহʼম। তেওঁলোক অহংকাৰী হয় আৰু নিজকে বৰ বুলি দেখুৱাবলৈ চেষ্টা কৰে।

“গম্ভীৰ মনেৰে বিবেচনা কৰক”

১৬. আমি কিয় অহংকাৰী হোৱা উচিত নহয়?

১৬ এজন অহংকাৰী ব্যক্তিয়ে “গম্ভীৰ মনেৰে” বিবেচনা নকৰে। (ৰোম. ১২:৩) তেওঁ কোনো কথাতে সন্মত নহয় আৰু কেৱল নিজৰ বিষয়ে চিন্তা কৰে। তেওঁ নিজৰ চিন্তাধাৰা আৰু কামৰ যোগেদি নিজক আৰু আনকো আঘাত দিয়ে। যদি তেওঁ নিজৰ চিন্তাধাৰা সলনি নকৰে, তেনেহʼলে চয়তানে ইয়াৰ সুযোগ বিচাৰি তেওঁৰ চিন্তাধাৰা ভ্ৰষ্ট কৰিব পাৰে। (২ কৰি. ৪:৪; ১১:৩) কিন্তু এজন নম্ৰ ব্যক্তিয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখে আৰু তেওঁ নিজকে বৰ বুলি কেতিয়াও নাভাবে। তেওঁ জানে যে কিছুমান ক্ষেত্ৰত আনেও তেওঁতকৈ ভাল হয়। (ফিলি. ২:৩) তেওঁ এই কথা ভালদৰে জানে যে “ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰবিলাকক অনুগ্ৰহ দান কৰে।” (১ পিত. ৫:৫) যিহোৱাই আমাৰ প্ৰতিৰোধ কৰাটো কেতিয়াও নিবিচাৰোঁ। সেইবাবে, আমি নম্ৰ হোৱা উচিত আৰু সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত।

১৭. নম্ৰ হʼবলৈ আমি কি কৰা উচিত?

১৭ এতিয়ালৈকে আমি শিকিলোঁ যে আমি নম্ৰ হোৱা উচিত। কিন্তু আমি নম্ৰ হৈ থাকিবলৈ বাইবেলৰ এই পৰামৰ্শ পালন কৰা উচিত, ‘তোমালোকে তাৰ কৰ্ম্মে সৈতে পুৰাতন পুৰুষক ফটা বস্ত্ৰস্বৰূপে সোলোকাই পেলোৱা আৰু যি নতুন পুৰুষ তাক পিন্ধা।’ ইয়াৰ বাবে আমি পৰিশ্ৰম কৰা উচিত। আমি অধ্যয়ন কৰিব লাগিব যে যীচু কেনেধৰণৰ ব্যক্তি আছিল আৰু তেওঁৰ আৰ্হিক অনুকৰণ কৰিব লাগিব। (কল. ৩:৯, ১০; ১ পিত. ২:২১) এইদৰে কৰিলে আমাৰ বহুতো লাভ হʼব। উদাহৰণস্বৰূপে, নম্ৰ হৈ থাকিলে আমাৰ পৰিয়াল আনন্দিত হʼব, আমি মণ্ডলীত একতা বজাই ৰাখিব পাৰিম আৰু চʼচিয়েল মিডিয়াৰ অপব্যৱহাৰ নকৰিম। ইয়াৰ উপৰিও, আমি যিহোৱাক আনন্দিত কৰিব পাৰিম।

গীত ১১৭ দয়াৰ গুণ

^ অনু. 5 আমি আজি এনে এখন পৃথিৱীত জীয়াই আছোঁ, যʼত অহংকাৰী আৰু স্বাৰ্থপৰ লোকেৰে ভৰি আছে। সেইবাবে, আমি তেওঁলোকৰ দৰে যাতে নহওঁ, তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যʼত আমি নিজকে বৰ বুলি বিবেচনা কৰা উচিত নহয়।

^ অনু. 2 ইয়াৰ অৰ্থ কি: এজন অহংকাৰী ব্যক্তিয়ে আনতকৈ নিজৰ বিষয়ে বেছিকৈ চিন্তা কৰে। তেওঁ বৰ স্বাৰ্থপৰ হয়। কিন্তু এজন নম্ৰ ব্যক্তি স্বাৰ্থপৰ আৰু অহংকাৰী নহয়। তেওঁ নিজকে আনতকৈ বৰ বুলি গণ্য নকৰে।

^ অনু. 56 ছবিৰ বিষয়ে: এজন প্ৰাচীনে অধিৱেশনত ভাল ভাষণ দিছে। তেওঁ আন কামবোৰৰ চোৱা-চিতা কৰিছে আৰু ভাইসকলক নিৰ্দেশনা দিছে। তেওঁ প্ৰচাৰ সমূহৰ সভাৰ পৰিচালনা কৰিছে আৰু ৰাজ্যগৃহ পৰিষ্কাৰ কৰিছে।