Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৮

আপোনাৰ বিশ্বাস সত্য বুলি নিশ্চিত কৰক

আপোনাৰ বিশ্বাস সত্য বুলি নিশ্চিত কৰক

“তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা, তাতেই থিৰে থাকা।”—২ তীম. ৩:১৪.

গীত ৫৬ সত্যক আপোন কৰি লওক

লেখৰ এক আভাস *

১. ‘সত্যৰ’ অৰ্থ কি?

“আপুনি কেনেকৈ সত্য পালে?” “আপুনি সৰুৰেপৰা সত্যত আছেনে?” “আপুনি সত্যত থকা কিমান বছৰ হʼল?” হয়তো কোনোবাই আপোনাক এই প্ৰশ্নবোৰ সুধিছিল নতুবা আপুনি হয়তো কাৰোবাক সুধিছে। কিন্তু প্ৰকৃততে ‘সত্যৰ’ অৰ্থ কি? যেতিয়া আমি সত্য বুলি কওঁ, তেতিয়া ইয়াত তিনিটা বিষয় জড়িত হৈ থাকে। প্ৰথম, বাইবেলৰ শিক্ষাবোৰ। দ্বিতীয়, আমাৰ উপাসনাৰ লগত জড়িত থকা কামবোৰ। তৃতীয়, আমি জীৱন-যাপন কৰা প্ৰণালী। যিসকল লোক “সত্যত আছে,” তেওঁলোকে জানে যে বাইবেলে কি শিকায় আৰু তেওঁলোকে তাৰ অনুসৰি জীৱন-যাপন কৰে। সত্যতাই তেওঁলোকক মিছা শিক্ষাৰপৰা মুক্ত কৰিলে আৰু তেওঁলোকে সমস্যাৰ সময়তো আনন্দত থাকে।—যোহ. ৮:৩২.

২. যোহন ১৩:৩৪, ৩৫ পদৰ অনুসৰি কিছুমান লোকে আৰম্ভণিতে কি কি কথাৰ প্ৰতি আকৰ্ষিত হৈছিল?

যেতিয়া আপুনি সত্য শিকিবলৈ আৰম্ভ কৰিছিল, তেতিয়া আপোনাক কি কি কথা ভাল লাগিছিল? হয়তো আপুনি দেখিলে যে যিহোৱাৰ সাক্ষীসকলে ভালদৰে আচাৰ-ব্যৱহাৰ কৰে। (১ পিত. ২:১২) বা আপুনি এয়াও দেখিলে যে তেওঁলোকৰ মাজত কিমান প্ৰেম আছে। যেতিয়া বহুতোলোকে প্ৰথমবাৰৰ বাবে সভালৈ আহিছিল, তেতিয়া তেওঁলোকে এই প্ৰেমেই অনুভৱ কৰিছিল। যদিও সভাত কি কি শিকোৱা হৈছিল তেওঁলোকৰ মনত নাই, তথাপি ভাই-ভনীসকলৰ প্ৰেম তেওঁলোকে কেতিয়াও নাপাহৰে। এয়া কোনো আচৰিত কথা নহয়, কিয়নো যীচুৱে নিজে কৈছিল যে প্ৰেমেই তেওঁৰ শিষ্যসকলৰ পৰিচয় হ’ব। (যোহন ১৩:৩৪, ৩৫ পঢ়ক।) কিন্তু আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি আৰু কিছুমান কাম কৰাৰ প্ৰয়োজন।

৩. যদি আমাৰ বিশ্বাস কেৱল ভাই-ভনীসকলৰ মাজত থকা প্ৰেমৰ আধাৰত হয়, তেনেহʼলে কি হʼব পাৰে?

কিন্তু বিশ্বাস দৃঢ় কৰিবলৈ কেৱল প্ৰেম থকাই যথেষ্ট নহয়। এনে কিয় বাৰু? কিয়নো আমাৰ বিশ্বাস কেৱল প্ৰেমৰ আধাৰত হʼলে, ই সহজে দুৰ্বল হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো এজন ভাই বা ভনীয়ে গম্ভীৰ পাপ কৰে। হয়তো তেওঁ এজন প্ৰাচীন বা অগ্ৰগামী সেৱক হয়। অথবা কোনোবাই হয়তো আমাক আঘাত দিয়ে বা কোনোবাই সত্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু সাক্ষীসকলৰ শিক্ষাবোৰ ভুল হয় বুলি দাবী কৰে। এনে পৰিস্থিতিত আমি হয়তো উজুটি খাওঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। বিশ্বাস বঢ়োৱাটো ঘৰ নিৰ্মাণ কৰাৰ লগত তুলনা কৰিব পাৰি। ঘৰ নিৰ্মাণ কৰাৰ সময়ত আমি কেৱল বালিৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এনে সামগ্ৰীবোৰ ব্যৱহাৰ কৰোঁ, যিয়ে ঘৰটো মজবুত কৰে। ঠিক সেইদৰে, আনে কি কয় আৰু কি কৰে, তাৰ আধাৰত আমাৰ বিশ্বাস বাঢ়ি নাযায়। আমি যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিষয়ে কেনে অনুভৱ কৰোঁ, ইয়াৰ আধাৰতো আমাৰ বিশ্বাস বাঢ়ি নাযায়। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ যিহোৱাৰ লগত আমাৰ এক ভাল সম্পৰ্ক হোৱা উচিত। ইয়াৰ উপৰিও, আমি বাইবেল গভীৰভাৱে অধ্যয়ন কৰা উচিত আৰু বাইবেলত যি লিখা আছে, সেয়াই সত্য বুলি আমি নিজকে প্ৰমাণ দিয়া উচিত।—ৰোম. ১২:২.

৪. মথি ১৩:৩-৬, ২০, ২১ পদৰ অনুসৰি সমস্যা আহিলে কিছুমান লোকে কি কৰে?

যীচুৱে কৈছিল যে কিছুমান লোকে ‘আনন্দেৰে’ সত্য গ্ৰহণ কৰিব। কিন্তু যেতিয়া সমস্যা আহিব, তেতিয়া তেওঁলোকৰ বিশ্বাস দুৰ্বল হৈ পৰিব। (মথি ১৩:৩-৬, ২০, ২১ পঢ়ক।) হয়তো তেওঁলোকে গম নাপাবও পাৰে যে যীচুৰ শিষ্য হʼলে সমস্যা আহিব। (মথি ১৬:২৪) অথবা তেওঁলোকে ভাবিব পাৰে যে খ্ৰীষ্টান হʼলে তেওঁলোকৰ সকলো সমস্যা দূৰ হৈ যাব। প্ৰকৃততে, এই জগতত জীয়াই থকাটো ইমান সহজ নহয় আৰু সমস্যা আহিবই। আমাৰ পৰিস্থিতি যিকোনো সময়ত সলনি হʼব পাৰে আৰু কিছুসময়ৰ বাবে আমাৰ শান্তি ভংগ হʼব পাৰে।—গীত. ৬:৬; উপ. ৯:১১.

৫. কিছুমান ভাই-ভনীয়ে সত্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে বুলি কেনেকৈ দেখুৱায়?

আনহাতে, এনে কিছুমান ভাই-ভনী আছে, যিসকলে তেওঁলোকৰ ওচৰত সত্য আছে বুলি সম্পূৰ্ণৰূপে বিশ্বাস কৰে আৰু এয়া তেওঁলোকে নিজৰ কামৰ যোগেদি দেখুৱায়। কেনেকৈ বাৰু? যেতিয়া তেওঁলোকৰ সমস্যা আহে, তেতিয়া তেওঁলোকে সত্যত থিৰে থাকে। উদাহৰণস্বৰূপে, যেতিয়া কোনো ভাই বা ভনীয়ে তেওঁলোকক আঘাত দিয়ে বা কিবা ভুল কাম কৰে, তেতিয়া তেওঁলোকৰ বিশ্বাস দুৰ্বল নহয়। (গীত. ১১৯:১৬৫) ইয়াৰ পৰিৱৰ্তে, সমস্যা আহিলে তেওঁলোকৰ বিশ্বাস আৰু দৃঢ় হৈ পৰে। (যাকো. ১:২-৪) আমি তেওঁলোকৰ দৰে নিজৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিব পাৰোঁ?

‘ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞান’ বঢ়াওক

৬. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিশ্বাস কিহৰ ওপৰত আধাৰিত আছিল?

মন কৰক যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে নিজৰ বিশ্বাস বঢ়াবলৈ কি কৰিলে। তেওঁলোকে শাস্ত্ৰ আৰু যীচু খ্ৰীষ্টৰ শিক্ষাৰ জ্ঞান লৈছিল। বাইবেলত ইয়াক “শুভবাৰ্ত্তাৰ সত্যতা” বুলি কোৱা হৈছে। (গালা. ২:৫) এই সত্যতাত সেই সকলো শিক্ষা আৰু কথা জড়িত আছে, যি আমি পালন কৰোঁ। উদাহৰণস্বৰূপে, যীচুৱে আমাৰ বাবে মুক্তিপণস্বৰূপ বলিদান দিলে আৰু তেওঁক পুনৰুত্থান কৰা হৈছিল। এই শিক্ষাবোৰ সত্য হয় বুলি পৌলে বিশ্বাস কৰিছিল। আমি এইদৰে কিয় কʼব পাৰোঁ? পৌলে শাস্ত্ৰৰপৰা যুক্তি দেখুৱাই ভাঙি বুজাই দিলে যে “খ্ৰীষ্টে দুখভোগ কৰি মৃতবিলাকৰ মাজৰ পৰা উঠিব লগা আছিল।” (পাঁচ. ১৭:২, ৩) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও এই শিক্ষাৰ ওপৰত বিশ্বাস কৰিছিল। ঈশ্বৰৰ বাক্য বুজিবলৈ তেওঁলোকে পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকে নিজকে বিশ্বাস জন্মাবলৈ অনুসন্ধান কৰিছিল যে তেওঁলোকে যি শিকিছে, সেয়া শাস্ত্ৰৰ আধাৰত হয়, নে নহয়। (পাঁচ. ১৭:১১, ১২; ইব্ৰী ৫:১৪) তেওঁলোকে কেৱল নিজৰ ভাবনা, অনুভূতি আৰু ভাই-ভনীসকলৰ লগত মিলা-মিচা কৰিবলৈ ভাল লাগে বুলি তেওঁলোকে যিহোৱাৰ ওপৰত বিশ্বাস কৰা নাছিল। তেওঁলোকৰ ওচৰত ‘ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞান’ আছিল। সেইবাবে, তেওঁলোকৰ বিশ্বাস বাঢ়ি গৈছিল।—কল. ১:৯, ১০.

৭. বাইবেলৰ সত্যতাৰ ওপৰত দৃঢ় বিশ্বাস থাকিলে আমাৰ কি লাভ হʼব?

বাইবেলৰ সত্যতা কেতিয়াও সলনি নহয়। (গীত. ১১৯:১৬০) যেতিয়া সমস্যা আহে, কোনো ভাই বা ভনীয়ে আমাক আঘাত দিয়ে বা গম্ভীৰ পাপ কৰে, তেতিয়াও এই সত্যতা সলনি নহয়। সেইবাবে, আমি বাইবেলৰ শিক্ষা ভালদৰে জনা উচিত আৰু সম্পূৰ্ণ বিশ্বাস কৰা উচিত যে এয়াই সঠিক হয়। যিদৰে বতাহ ধুমুহাৰ সময়ত এখন জাহাজ লঙ্গৰৰ সহায়ত টিকি থাকে। ঠিক সেইদৰে, যদি আমাৰ বিশ্বাস ইয়াৰ ওপৰত আধাৰিত হʼব, তেনেহʼলে সমস্যাৰ সময়তো আমি থিৰে থাকিব পাৰিম। কিন্তু আমি যি বিশ্বাস কৰোঁ, সেয়াই সঠিক হয় বুলি আমাৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ?

নিজকে “প্ৰমাণ” দিয়ক

৮. দ্বিতীয় তীমথিয় ৩:১৪, ১৫ পদৰ অনুসৰি তীমথিয়ৰ ওচৰত সত্য আছে বুলি তেওঁ কিয় বিশ্বাস কৰিছিল?

তীমথিয়ৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ ওচৰত সত্য আছে। তেওঁৰ কিয় ইমান বিশ্বাস আছিল। (২ তীমথিয় ৩:১৪, ১৫ পঢ়ক।) সৰুতে তেওঁৰ মা আৰু আইতাকে ‘পবিত্ৰ শাস্ত্ৰৰপৰা’ তেওঁক শিকাইছিল। ইয়াত কোনো সন্দেহ নাই যে পাছত তেওঁ নিজে শাস্ত্ৰৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিছিল। এইদৰে কৰি তেওঁ নিজকে প্ৰমাণ দিব পাৰিলে যে শাস্ত্ৰত যি লিখা আছে, সেয়া সঠিক হয়। আগলৈ গৈ তীমথিয়, তেওঁৰ মা আৰু আইতাকে যীচু খ্ৰীষ্টৰ শিক্ষাৰ বিষয়ে শিকিলে। যীচুৰ শিষ্যসকলৰ মাজত কিমান প্ৰেম আছিল, তীমথিয়ে নিশ্চয় দেখিছিল। তেওঁ মণ্ডলীৰ ভাই-ভনীৰ লগত সংগতি কৰিবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ বিচাৰিছিল। (ফিলি. ২:১৯, ২০) কিন্তু লোকসকলৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁৰ বিশ্বাস বাঢ়ি যোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, শাস্ত্ৰৰ শিক্ষাই তেওঁৰ বিশ্বাস দৃঢ় কৰিছিল। সেইবাবে, তেওঁ যিহোৱাৰ বন্ধু হʼব পাৰিলে। তীমথিয়ৰ দৰে আপুনিও গভীৰভাৱে বাইবেল অধ্যয়ন কৰা উচিত। এইদৰে আপুনি নিজকে প্ৰমাণ দিব পাৰিব যে বাইবেলত যিহোৱাৰ বিষয়ে যি লিখা আছে, সেয়া সঠিক হয়।

৯. আপুনি বাইবেলৰ কি তিনিটা প্ৰাথমিক শিক্ষাৰ ওপৰত বিশ্বাস কৰা উচিত?

সৰ্বপ্ৰথমে বাইবেলৰ প্ৰাথমিক শিক্ষাৰ তিনিটা কথাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস হোৱা উচিত। প্ৰথমটো হৈছে, যিহোৱাই সকলো সৃষ্টি কৰিছে বুলি আপুনি বিশ্বাস কৰা উচিত। (যাত্ৰা. ৩:১৪, ১৫; ইব্ৰী ৩:৪; প্ৰকা. ৪:১১) দ্বিতীয়টো হৈছে, আপুনি নিজকে বিশ্বাস জন্মোৱা উচিত যে বাইবেলখন ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু ইয়াত দিয়া বাৰ্তা মানুহৰ বাবে হয়। (২ তীম. ৩:১৬, ১৭) তৃতীয়টো হৈছে, আপুনি সম্পূৰ্ণ বিশ্বাস কৰা উচিত যে যিহোৱাৰ এটা সংগঠন আছে আৰু তেওঁৰ লোকসকলে যীচু খ্ৰীষ্টৰ নেতৃত্বত যিহোৱাৰ উপাসনা কৰি আছে। এই লোকসকলক যিহোৱাৰ সাক্ষী বুলি কোৱা হয়। (যিচ. ৪৩:১০-১২; যোহ. ১৪:৬; পাঁচ. ১৫:১৪) এই তিনিটা প্ৰাথমিক শিক্ষাৰ ওপৰত বিশ্বাস কৰিবলৈ বাইবেলৰ সম্পূৰ্ণ জ্ঞান থকাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে, “পৰীক্ষা কৰি” নিজকে প্ৰমাণ দিয়ক যে আপোনাৰ ওচৰত সত্য আছে।—ৰোম. ১২:২.

আনৰ বিশ্বাস দৃঢ় কৰক

১০. সত্য শিকাৰ পাছত আমি আৰু কি কৰাৰ প্ৰয়োজন?

১০ যেতিয়া বাইবেলৰ এই তিনিটা শিক্ষাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ বিশ্বাস হʼব, তেতিয়া আপুনি কি কৰিব? এয়াই সত্য হয় বুলি আপুনি শাস্ত্ৰৰপৰা আনৰ বিশ্বাস দৃঢ় কৰা উচিত। এইদৰে কৰাৰ কিয় প্ৰয়োজন? যীচুৰ শিষ্য হিচাপে আমাৰ দায়িত্ব হৈছে যে আমি যি শিকিলোঁ, সেয়া আনক জনোৱা। * (১ তীম. ৪:১৬) যেতিয়া আমি বাইবেলৰ কথা সত্য হয় বুলি আনৰ বিশ্বাস দৃঢ় কৰিবলৈ সহায় কৰোঁ, তেতিয়া আমাৰ বিশ্বাসো দৃঢ় হয়।

১১. (ক) পৌলে লোকসকলক কিদৰে শিকাইছিল? (খ) তেওঁৰ দৰে আমি আনক কেনেকৈ শিকাব পাৰোঁ?

১১ যেতিয়া পাঁচনি পৌলে লোকসকলক শিক্ষা দিছিল, তেতিয়া তেওঁ ‘মোচিৰ বিধান আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই, ঈশ্বৰৰ ৰাজ্যৰ সাক্ষ্য দি, যীচুৰ বিষয়ে তেওঁবিলাকক প্ৰবৃত্তি দিছিল।’ (পাঁচ. ২৮:২৩) আমি পৌলৰ দৰে লোকসকলক কেনেকৈ শিকাব পাৰোঁ। আমি কেৱল বাইবেলে কি শিকায়, তাৰ বিষয়ে কোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, শাস্ত্ৰৰপৰা যুক্তিও দিয়া উচিত। এইদৰে কৰিলে তেওঁলোক যিহোৱাৰ কাষ চাপিব। আমাৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁলোকে সত্য গ্ৰহণ কৰা উচিত নহয়। কিন্তু তেওঁলোকে ঈশ্বৰৰ বিষয়ে যি শিকিছে, সেয়া সত্য হয় বুলি নিজৰ বিশ্বাস দৃঢ় কৰাৰ বাবে সত্য গ্ৰহণ কৰা উচিত।

পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীৰ বিশ্বাস বঢ়াবলৈ তেওঁলোকক ‘ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞান’ দিয়ক (অনুচ্ছেদ ১২-১৩ চাওক) *

১২-১৩. লʼৰা-ছোৱালী সত্যত বৰ্তি থাকিবলৈ পিতৃ-মাতৃয়ে কি কৰিব পাৰে?

১২ পিতৃ-মাতৃসকল, আপোনালোকৰ সন্তানে সত্যত বৰ্তি থকাটো আপোনালোকে নিশ্চয় বিচাৰে। আপোনালোকে হয়তো ভাবিব পাৰে যে মণ্ডলীত তেওঁলোকৰ ভাল বন্ধু থাকিলে, তেওঁলোকে সত্যত উন্নতি কৰিব পাৰিব। কিন্তু ভাল বন্ধু থকাই যথেষ্ট নহয়। লʼৰা-ছোৱালীয়ে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক ৰখা উচিত আৰু তেওঁলোকে বিশ্বাস কৰা উচিত যে বাইবেলে যি শিকায়, সেয়াই সত্য হয়।

১৩ যদি আপুনি লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব বিচাৰে, তেনেহʼলে আপুনি নিজে ভালদৰে বাইবেল অধ্যয়ন কৰা উচিত আৰু ধ্যান কৰা উচিত। তেতিয়া আপুনি লʼৰা-ছোৱালীকো এইদৰে কৰিবলৈ শিকাব পাৰে। যিদৰে আপুনি নিজৰ বাইবেল বিদ্যাৰ্থীক শিকায়, ঠিক সেইদৰে নিজৰ লʼৰা-ছোৱালীক বাইবেল আধাৰিত বিভিন্ন প্ৰকাশনত অনুসন্ধান কৰিবলৈ শিকাওক। উদাহৰণস্বৰূপে, ৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী আৰু JW লাইব্ৰৰী এপত। আপুনি এইদৰে কৰিলে আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাক প্ৰেম কৰিবলৈ শিকিব। এই কথাৰ ওপৰতো তেওঁলোকৰ বিশ্বাস বাঢ়িব যে যিহোৱাই নিজৰ ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি আমাক বাইবেলৰ সঠিক অৰ্থ বুজিবলৈ সহায় কৰে। (মথি ২৪:৪৫-৪৭) পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক কেৱল প্ৰাথমিক শিক্ষাই নিদিব। তেওঁলোকৰ বয়স আৰু বুজিবপৰা ক্ষমতাৰ ওপৰত ধ্যান দি তেওঁলোকক ঈশ্বৰৰ গভীৰ কথাবোৰ শিকাওক। এইদৰে কৰিলে তেওঁলোকৰ বিশ্বাস দৃঢ় হʼব।—১ কৰি. ২:১০.

বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰক

১৪. আমি বাইবেলত দিয়া ভৱিষ্যতবাণীবোৰ কিয় অধ্যয়ন কৰা উচিত? (“ আপুনি এই ভৱিষ্যতবাণীবোৰৰ অৰ্থ বুজাব পাৰেনে?” নামৰ বক্স পঢ়ক।)

১৪ বাইবেলত দিয়া ভৱিষ্যতবাণী ঈশ্বৰৰ বাক্যৰ এক গুৰুত্বপূৰ্ণ ভাগ হয়। ইয়াৰপৰা ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হয়। হয়তো শেষ-কালৰ বিষয়ে দিয়া ভৱিষ্যতবাণীৰপৰা আপোনাৰ বিশ্বাস দৃঢ় হৈছে। (২ তীম. ৩:১-৫; মথি ২৪:৩, ৭) কিন্তু এনে বহুতো ভৱিষ্যতবাণী আছে, যিয়ে আপোনাৰ বিশ্বাস দৃঢ় কৰিব পাৰে। উদাহৰণস্বৰূপে, দানিয়েল ২ আৰু ১১ অধ্যায়ত দিয়া ভৱিষ্যতবাণী। আপুনি বুজাব পাৰেনে যে এই ভৱিষ্যতবাণীবোৰৰ কিছুমান কথা কেনেকৈ পূৰ হৈছিল আৰু বৰ্তমান সময়ত কেনেকৈ পূৰ হৈ আছে? * যদি আপোনাৰ বিশ্বাস সঠিক প্ৰমাণৰ ওপৰত আধাৰিত হʼব, তেনেহʼলে আপোনাৰ বিশ্বাস কেতিয়াও দুৰ্বল নহʼব। জাৰ্মানীৰ সেই ভাই-ভনীসকলৰ উদাহৰণলৈ ধ্যান দিয়ক, যিসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বহুতো তাড়না ভুগিছিল। যদিও তেওঁলোকে শেষ-কালৰ বিষয়ে দিয়া ভৱিষ্যতবাণীৰ সম্পূৰ্ণ অৰ্থ বুজি পোৱা নাছিল, তথাপি ঈশ্বৰৰ বাক্যৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল।

বাইবেল আৰু তাত দিয়া ভৱিষ্যতবাণীবোৰৰ ওপৰত অধ্যয়ন কৰিলে, আমি সমস্যাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম (অনুচ্ছেদ ১৫-১৭ চাওক) *

১৫-১৭. বাইবেল অধ্যয়ন কৰাৰ বাবে আমাৰ ভাই-ভনীসকলে কেনেকৈ নাজী চৰকাৰৰ তাড়নাৰ সন্মুখীন হʼব পাৰিলে?

১৫ যেতিয়া জাৰ্মানীত নাজী চৰকাৰে শাসন কৰিছিল, তেতিয়া আমাৰ ভাই-ভনীসকলক যাতনা শিবিৰত বন্দী কৰা হৈছিল। হিটলাৰ আৰু তেওঁৰ এজন মুখ্য অধিকাৰী হাইনৰিখ হিমলাৰে যিহোৱাৰ সাক্ষীসকলক ঘৃণা কৰিছিল। এগৰাকী ভনীয়ে কৈছিল যে এবাৰ হিমলাৰে যাতনা শিবিৰত ভনীসকলৰ এটা সমূহক এইদৰে কৈছিল, “তোমালোকৰ যিহোৱা হয়তো স্বৰ্গত শাসন কৰে, কিন্তু পৃথিৱীত আমাৰ শাসন চলে। চাওঁ কোনে বেছি সময়লৈকে টিকি থাকিব, তোমালোক নে আমি।” এই কঠিন পৰিস্থিতিত যিহোৱাৰ লোকসকল কেনেকৈ বিশ্বাসী হৈ থাকিল।

১৬ বাইবেল বিদ্যাৰ্থীসকলে জানিছিল যে যিহোৱাৰ ৰাজ্য ১৯১৪ চনৰপৰা আৰম্ভ হৈছে। তেওঁলোকক কিয় ইমান তাড়না দিয়া হৈছিল, ইয়াৰ বাবে তেওঁলোকে আচৰিত হোৱা নাছিল। তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল যে কোনো চৰকাৰে ঈশ্বৰৰ উদ্দেশ্য পূৰ হোৱাত বাধা দিব নোৱাৰে। হিটলাৰে সত্য উপাসনাক কেতিয়াও শেষ কৰিব নোৱাৰিলে লগতে এনে চৰকাৰো স্থাপন কৰিব নোৱাৰিলে, যি ঈশ্বৰৰ ৰাজ্যৰ স্থান লʼব পাৰে। আমাৰ ভাইসকলে সম্পূৰ্ণ বিশ্বাস কৰিছিল যে এদিন নহয় এদিন হিটলাৰৰ শাসন শেষ হʼব।

১৭ তেওঁলোকে যি বিশ্বাস কৰিছিল, সেয়া পূৰ হʼল। কিছুসময়ৰ পাছতে নাজী চৰকাৰৰ পতন ঘটে আৰু হাইনৰিখ হিমলাৰ, যিজনে কৈছিল যে এই পৃথিৱীত তেওঁলোকৰ শাসন আছে, নিজৰ জীৱন ৰক্ষা কৰি পলাই যায়। সেইসময়ত ভাই লুবকেৰ লগত তেওঁৰ সাক্ষাৎ হয়। হিমলাৰে জানিছিল যে ভাই লুবকে এজন যিহোৱাৰ সাক্ষী হয় আৰু নিজৰ বিশ্বাসৰ বাবে তেওঁ জেলত আছিল। হিমলাৰ বৰ নিৰাশ হৈ পৰিছিল। তেওঁ ভাই লুবকেক এইদৰে কৈছিল, “বাইবেল বিদ্যাৰ্থী এতিয়া কি হʼব?” ভাইজনে তেওঁক এইদৰে কৈছিল, “বাইবেল বিদ্যাৰ্থীসকলে আগৰেপৰা জানিছিল যে নাজী চৰকাৰৰ এদিন পতন ঘটিব আৰু তেওঁলোক মুক্ত হʼব।” হিমলাৰে প্ৰথমে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বহুত কিবা-কিবি কৈছিল। কিন্তু এতিয়া তেওঁৰ ওচৰত কʼবলৈ একো শব্দ নাই। কিছুসময়ৰ পাছত তেওঁ আত্মহত্যা কৰি লয়। এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? বাইবেল আৰু তাত দিয়া ভৱিষ্যতবাণীবোৰৰ ওপৰত অধ্যয়ন কৰিলে, ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হʼব আৰু সমস্যাৰ সময়ত আমি থিৰে থাকিব পাৰিম।—২ পিত. ১:১৯-২১.

১৮. যোহন ৬:৬৭, ৬৮ পদৰ অনুসৰি আমাৰ ওচৰত কিয় জ্ঞান আৰু বিবেচনা থকা উচিত?

১৮ এয়া সত্য যে প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়। সেইবাবে, আমি এজনে-আনজনক প্ৰেম কৰা উচিত। কিন্তু আমাৰ ওচৰত ‘জ্ঞান আৰু বিবেচনাও’ হোৱা উচিত। (ফিলি. ১:১০) যদি নাথাকে, তেনেহʼলে আমাক ‘মানুহৰ ঠগত আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ নিয়া’ হʼব। ইয়াত ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা লোকসকলৰ কথাও জড়িত হʼব পাৰে। (ইফি. ৪:১৪) প্ৰথম শতিকাত যীচুৰ বহুতো শিষ্যই তেওঁক অনুকৰণ কৰিবলৈ এৰি দিছিল। কিন্তু পাঁচনি পিতৰে যীচুৰ ওপৰত নিজৰ বিশ্বাস প্ৰকাশ কৰি এইদৰে কৈছিল, “অনন্ত জীৱনৰ কথা আপোনাৰহে।” (যোহন ৬:৬৭, ৬৮ পঢ়ক।) যদিও সেইসময়ত পিতৰে যীচুৰ কথাৰ সম্পূৰ্ণ অৰ্থ বুজি পোৱা নাছিল, তথাপি তেওঁ যীচুৰ সম্পূৰ্ণ বিশ্বাসী হৈ থাকিল। তেওঁ বুজি পাইছিল যে যীচুৱেই মচীহ হয় আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰিছিল। আপুনিও বাইবেলৰ সত্যতাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াব পাৰে। যদি আপুনি এইদৰে কৰিব, তেনেহʼলে সমস্যাৰ সময়তো আপোনাৰ বিশ্বাস দুৰ্বল নহʼব আৰু আনকো তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিবলৈ সহায় কৰিব পাৰিব।—২ যোহ. ১, ২.

গীত ৭২ ঈশ্বৰৰ ৰাজ্যৰ সত্যতা জনোৱা

^ অনু. 5 এই লেখত বুজোৱা হʼব যে বাইবেলত দিয়া সত্যতা অতি গুৰুত্বপূৰ্ণ। এই সত্যতাবোৰৰ প্ৰতি আমি নিজৰ বিশ্বাস কেনেকৈ বঢ়াব পাৰোঁ। এই লেখত কিছুমান পদ্ধতিৰ বিষয়ে আলোচনা কৰা হʼব, যাৰ যোগেদি আমাৰ বিশ্বাস আৰু দৃঢ় হʼব পাৰে।

^ অনু. 10 প্ৰাথমিক শিক্ষাৰ ওপৰত আনক যুক্তি দিবলৈ “ওচৰ-চুবুৰীয়াৰ লগত কথা-বতৰা” নামৰ ধাৰাবাহিক লেখে আপোনাক সহায় কৰিব। এই লেখ ২০১০ চনৰপৰা ২০১৫ চনৰ প্ৰহৰীদুৰ্গত উপলব্ধ আছে। ইয়াত এই বিষয়বোৰ জড়িত আছে, “যীচু ঈশ্বৰ হয়নে?” “ঈশ্বৰৰ ৰাজ্য কেতিয়াৰপৰা শাসন কৰিবলৈ আৰম্ভ কৰিলে?” আৰু “ঈশ্বৰে নৰকৰ জুইত লোকসকলক শাস্তি দিয়েনে?

^ অনু. 14 এই ভৱিষ্যতবাণীবোৰৰ ওপৰত আলোচনা কৰিবলৈ জুন ১৫, ২০১২ চনৰ প্ৰহৰীদুৰ্গ  (হিন্দী) আৰু ২০২০ চনৰ মেʼ মাহৰ প্ৰহৰীদুৰ্গ চাওক।

^ অনু. 60 ছবিৰ বিষয়ে: পাৰিবাৰিক উপাসনাৰ সময়ত পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক মহাক্লেশৰ বিষয়ে দিয়া বাইবেলৰ কিছুমান ভৱিষ্যতাবাণীৰ বিষয়ে বুজাইছে।

^ অনু. 62 ছবিৰ বিষয়ে: মহাক্লেশৰ সময়ত যি ঘটনা ঘটিছে, সেয়া দেখি তেওঁলোক আচৰিত হোৱা নাই।