Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৯

“যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান”

“যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান”

“খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ।”—২ কৰি. ১২:১০.

গীত ৩৮ তেওঁ তোমাক দৃঢ় কৰিব

লেখৰ এক আভাস *

১. পাঁচনি পৌলে কেতিয়াবা কেতিয়াবা কেনে অনুভৱ কৰিছিল?

পাঁচনি পৌলে কেতিয়াবা কেতিয়াবা নিজকে দুৰ্বল অনুভৱ কৰিছিল। পৌলে কৈছিল যে তেওঁৰ শৰীৰ “নষ্ট হৈ গৈছে,” অৰ্থাৎ সঠিক কাম কৰিবলৈ তেওঁক বহুতো সংঘৰ্ষ কৰিবলগীয়া হৈছিল। তেওঁ ভাবিছিল যে তেওঁ যিদৰে আশা কৰে, ঠিক সেইদৰে যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিয়ে। (২ কৰি. ৪:১৬; ১২:৭-৯; ৰোম. ৭:২১-২৩) পৌলে এয়াও কৈছিল যে তেওঁৰ বিৰোধীসকলে তেওঁক দুৰ্বল বুলি ভাবে। * কিন্তু পৌলে আনৰ কথাত বেছি ধ্যান দিয়া নাছিল আৰু নিজৰ দুৰ্বলতাৰ বাবে নিজকে অযোগ্য বুলি ভবা নাছিল।—২ কৰি. ১০:১০-১২, ১৭, ১৮.

২. দ্বিতীয় কৰিন্থীয়া ১২:৯, ১০ পদৰ অনুসৰি পৌলে কি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছিল?

পৌলে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল, তাৰপৰা তেওঁ এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছিল। সেয়া হৈছে, যদিও এজন ব্যক্তি দুৰ্বল হয়, তথাপি তেওঁ শক্তিশালী হʼব পাৰে। (২ কৰিন্থীয়া ১২:৯, ১০ পঢ়ক।) যিহোৱাই পৌলক এইদৰে কৈছিল, “দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” ইয়াৰ অৰ্থ হৈছে পৌলে নিজৰ শক্তিৰে যি কৰিব নোৱাৰে, তাক পূৰ কৰিবলৈ যিহোৱাই শক্তি দিব। আহক প্ৰথমে আমি চাওঁ যে যেতিয়া আমাক ঠাট্টা কৰা হয়, তেতিয়া আমি কিয় নিৰাশ হোৱা উচিত নহয়।

‘অপমানত সন্তুষ্ট হওক’

৩. যেতিয়া অপমান কৰা হয়, তেতিয়া আমি কিয় আনন্দিত হোৱা উচিত?

আমাক কোনোবাই অপমান কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইবাবে, যদি কোনোবাই আমাৰ বিষয়ে বেয়াকৈ কয় আৰু আমি সেই বিষয়ে বেছিকৈ চিন্তা কৰোঁ, তেনেহʼলে আমি নিৰাশ হʼব পাৰোঁ। (হিতো. ২৪:১০) এনে পৰিস্থিতিত আমি কি কৰা উচিত? আমিও পৌলৰ দৰে আনন্দিত হোৱা উচিত। পৌলে এইদৰে কৈছিল, মই ‘অপমানত সন্তুষ্ট হওঁ।’ (২ কৰি. ১২:১০) যেতিয়া আমাক অপমান কৰা হয়, তেতিয়া আমি কিয় আনন্দিত হোৱা উচিত? কিয়নো যেতিয়া আমাক বিৰোধ কৰা হয় বা আমাৰ অপমান কৰা হয়, তেতিয়া প্ৰমাণ হয় যে আমি যীচু খ্ৰীষ্টৰ প্ৰকৃত শিষ্য হয়। (১ পিত. ৪:১৪) যীচুৱে কৈছিল যে তেওঁৰ শিষ্যসকলক তাড়না দিয়া হʼব। (যোহ. ১৫:১৮-২০) প্ৰথম শতিকাত এইদৰেই হৈছিল। সেইসময়ত লোকসকলৰ ওপৰত গ্ৰীক সংস্কৃতিৰ গভীৰ প্ৰভাৱ পৰিছিল। সেইবাবে, তেওঁলোকে খ্ৰীষ্টানসকলক দুৰ্বল আৰু মুৰ্খ বুলি ভাবিছিল। যিহূদীসকলৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। সেইবাবে, তেওঁলোকে পাঁচনি পিতৰ আৰু যোহনৰ বিষয়ে এইদৰে কৈছিল, তেওঁলোক “অপণ্ডিত সামান্য মানুহ।” (পাঁচ. ৪:১৩) তেওঁলোকে ভাবিছিল যে খ্ৰীষ্টানসকলে নিজকে ৰক্ষা কৰিব নোৱাৰে। কিয়নো তেওঁলোকে ৰাজনীতিত ভাগ লোৱা নাছিল আৰু সেনাত ভৰ্তি হোৱা নাছিল। সেইবাবে, লোকসকলে তেওঁলোকক সন্মানো কৰা নাছিল।

৪. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক অপমান কৰাৰ সময়ত তেওঁলোকে কি কৰিছিল?

যেতিয়া প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক অপমান কৰা হৈছিল, তেতিয়া তেওঁলোকে প্ৰচাৰ কাম বন্ধ কৰিছিলনে? তেওঁলোকে বন্ধ কৰা নাছিল। মন কৰক যে পাঁচনি পিতৰ আৰু যোহনৰ লগত কি হৈছিল। যেতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা জনোৱাৰ বাবে তেওঁলোকক তাড়না দিয়া হৈছিল, তেতিয়া তেওঁলোকে ইয়াক এক সন্মানৰ বিষয় বুলি ভাবিছিল। (পাঁচ. ৪:১৮-২১; ৫:২৭-২৯, ৪০-৪২) তেওঁলোকে লজ্জিত অনুভৱ কৰা নাছিল। যদিও বিৰোধীসকলে তেওঁলোকক সন্মান কৰা নাছিল, তথাপি তেওঁলোকে এনে কাম কৰিছিল, যাৰ বাবে সকলো মানৱজাতিৰ লাভৱান হয়। উদাহৰণস্বৰূপে, তেওঁলোকৰ মাজৰ কিছুমান খ্ৰীষ্টানে লিখা বাইবেলৰ কিতাপৰপৰা আজি লাখ লাখ লোকে উপকৃত হৈছে। তেওঁলোকে যি ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিল, সেই ৰাজ্য এতিয়া স্বৰ্গত শাসন কৰিছে আৰু অতি সোনকালে এই পৃথিৱীতো শাসন কৰিব। (মথি ২৪:১৪) আনহাতে, যি চৰকাৰে খ্ৰীষ্টানসকলক তাড়না দিছিল, বৰ্তমান সময়ত তেওঁলোকৰ কোনো অস্তিত্ব নাই। তাড়নাৰ সন্মুখীন হোৱা খ্ৰীষ্টানসকলে বৰ্তমান সময়ত স্বৰ্গত শাসন কৰি আছে, কিন্তু তেওঁলোকৰ বিৰোধীসকলৰ মৃত্যু হʼল। যদি তেওঁলোকৰ পুনৰুত্থান হʼব, তেনেহʼলে তেওঁলোকে সেই ৰাজ্যৰ প্ৰজা হʼব। তেওঁলোকে যি খ্ৰীষ্টানসকলক তাড়না দিছিল, সেই খ্ৰীষ্টানসকলৰ অধীনত থাকিব।—প্ৰকা. ৫:১০.

৫. যোহন ১৫:১৯ পদৰ অনুসৰি লোকসকলে যিহোৱাৰ সাক্ষীসকলক কিয় সন্মান নকৰে?

আমি যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আজি লোকসকলে আমাক অপমান আৰু ঠাট্টা কৰে। আমি মুৰ্খ আৰু দুৰ্বল হয় বুলি তেওঁলোকে ভাবে। তেওঁলোকে এইদৰে কিয় ভাবে? কিয়নো আমাৰ মনোবৃত্তি তেওঁলোকৰ দৰে নহয়। আজি জগতৰ লোকসকল অহংকাৰী, দৰ্পী আৰু বিদ্ৰোহী হয় আৰু জগতে এনেধৰণৰ লোকসকলকহে গুৰুত্ব দিয়ে। কিন্তু আমি নম্ৰ হৈ থাকিবলৈ চেষ্টা কৰোঁ আৰু লোকসকলৰ কথা শুনিবলৈ সাজু থাকোঁ। ইয়াৰ উপৰিও, আমি ৰাজনীতিত ভাগ নলওঁ আৰু সেনাত ভৰ্তি নহওঁ। আমি নিজকে জগতৰ লগত খাপ খোৱাব নিবিচাৰোঁ। সেইবাবে, তেওঁলোকে আমাক নীচ বুলি গণ্য কৰে।—যোহন ১৫:১৯ পঢ়ক; ৰোম. ১২:২.

৬. আজি যিহোৱাই নিজৰ লোকসকলৰ দ্বাৰা কি কি কাম কৰোৱাইছে?

জগতৰ লোকসকলে যদিও আমাক মুৰ্খ আৰু সামান্য বুলি গণ্য কৰে, কিন্তু যিহোৱা ঈশ্বৰে আজি আমাৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰিছে। আজি বৃহৎভাৱে প্ৰচাৰ কাম হৈ আছে আৰু ইয়াৰ আগতে কেতিয়াও এইদৰে হোৱা নাছিল। আজি যিহোৱাৰ লোকসকলে সকলোতকৈ বেছি ভাষাত প্ৰকাশনবোৰ অনুবাদ কৰিছে আৰু সেইবোৰ লোকসকলক বিতৰণ কৰিছে। তেওঁলোকে লাখ লাখ লোকক বাইবেলৰপৰা শিক্ষা দিছে, যাৰ বাবে লোকসকলৰ জীৱন পৰিৱৰ্তন হৈছে। এই সকলো যিহোৱাই কৰাইছে। জগতৰ লোকসকলৰ দৃষ্টিত সাধাৰণ লোকসকলৰ দ্বাৰা যিহোৱাই ডাঙৰ ডাঙৰ কাম কৰোৱাইছে। কিন্তু যিহোৱাই আমাৰ প্ৰতিজনকে শক্তিশালী কৰি তুলিব পাৰেনে? যদি পাৰে, তেনেহʼলে তেওঁৰ সহায় লাভ কৰিবলৈ আমি কি কৰিব লাগিব? এই ক্ষেত্ৰত পাঁচনি পৌলে আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিছে। আহক চাওঁ আমি তেওঁৰপৰা কি তিনিটা বিষয় শিকিব পাৰোঁ।

নিজৰ শক্তিৰ ওপৰত ভৰসা নকৰিব

৭. পৌলৰপৰা আমি কোনটো প্ৰথম কথা শিকিব পাৰোঁ?

পৌলৰ উদাহৰণৰপৰা আমি শিকিবপৰা প্ৰথম শিক্ষাটো হৈছে যিহোৱাৰ সেৱা কৰাৰ সময়ত আমি নিজৰ দক্ষতাৰ ওপৰত ভৰসা কৰা উচিত নহয়। পৌলে সহজে অহংকাৰ কৰি নিজৰ ওপৰত ভৰসা কৰিব পাৰিলেহেঁতেন। তেওঁ ৰোমান সাম্ৰাজ্যৰ ৰাজধানী তাৰ্চত ডাঙৰ-দীঘল হৈছিল। তাৰ্চ এখন সমৃদ্ধিশালী চহৰ আছিল আৰু শিক্ষাৰ বাবে বিখ্যাত আছিল। পৌল এজন বেছি পঢ়া-লিখা ব্যক্তি আছিল। তেওঁ সেইসময়ৰ বিখ্যাত যিহূদী শিক্ষক গমলীয়েলৰপৰা শিক্ষা গ্ৰহণ কৰিছিল। (পাঁচ. ৫:৩৪; ২২:৩) এসময়ত যিহূদী সমাজত পৌল এজন বিখ্যাত ব্যক্তি আছিল। তেওঁ এইদৰে কৈছিল, “মোৰ স্বজাতীয় সম্‌বয়সীয়া অনেক লোকতকৈ যিহূদী-ধৰ্ম্মত আগ বাঢ়িছিলোঁ।” (গালা. ১:১৩, ১৪; পাঁচ. ২৬:৪) এই সকলো থকাৰ সত্ত্বেও পৌলে নিজৰ ওপৰত ভৰসা কৰা নাছিল।

পৌলে খ্ৰীষ্টৰ সেৱাক এক সন্মানৰ বিষয় বুলি ভাবিছিল আৰু জগতৰ দৃষ্টিত শক্তিশালী কৰা সেই সকলো বিষয়ক ‘হানি যেন মানিছিল’ (অনুচ্ছেদ ৮ চাওক) *

৮. (ক) ফিলিপীয়া ৩:৮ পদৰ অনুসৰি পৌলে কি বিষয়বোৰক ‘হানি যেন মানিলে?’ (খ) পৌলে কিয় নিজৰ দুৰ্বলতাৰ সত্ত্বেও আনন্দত আছিল?

যি বিষয়বোৰৰ বাবে পৌলে জগতৰ দৃষ্টিত শক্তিশালী হৈছিল, সেই সকলো তেওঁ স্ব-ইচ্ছাৰে ত্যাগ কৰিলে। প্ৰকৃততে তেওঁ এইবোৰক ‘হানি যেনহে মানিলে।’ (ফিলিপীয়া ৩:৮ পঢ়ক।) খ্ৰীষ্টৰ শিষ্য হʼবলৈ পৌলে ডাঙৰ ত্যাগ কৰিলে। তেওঁৰ নিজৰ ৰাষ্ট্ৰৰ লোকসকলে তেওঁক ঘৃণা কৰিছিল। (পাঁচ. ২৩:১২-১৪) ৰোমৰ লোকসকলে তেওঁক মাৰ-পিট কৰি তেওঁক জেলত বন্দী কৰে। (পাঁচ. ১৬:১৯-২৪, ৩৭) ইয়াৰ উপৰিও, তেওঁ নিজৰ দুৰ্বলতাৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হয়। (ৰোম. ৭:২১-২৫) কিন্তু এইবোৰৰ বাবে তেওঁ খ্ৰীষ্টক অনুকৰণ কৰিবলৈ এৰি দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ নিজৰ দুৰ্বলতাত সন্তুষ্ট আছিল। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? কিয়নো যেতিয়া তেওঁ দুৰ্বল আছিল, তেতিয়া তেওঁ দেখিব পাৰিলে যে যিহোৱাই কেনেকৈ তেওঁক সহায় কৰিছে।—২ কৰি. ৪:৭; ১২:১০.

৯. যদি আমি ভাবোঁ যে আমি যিহোৱাৰ সেৱা কৰিব নোৱাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত?

যিহোৱাই আমাক শক্তি দিয়াটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি শাৰীৰিক শক্তিৰ ওপৰত ভৰসা কৰা উচিত নহয় আৰু নিজৰ পঢ়া-শুনা, নিজৰ সংস্কৃতি অথবা টকা-পইচাৰ ওপৰত অহংকাৰ কৰা উচিত নহয়। আমি কেতিয়াও ভবা উচিত নহয় যে এইবোৰৰ কাৰণে আমি যিহোৱাৰ কামৰ যোগ্য হʼব পাৰিম। যিহোৱাৰ সংগঠনত ‘মাংস অনুসাৰে জ্ঞানী, শক্তিমন্ত, আৰু ভদ্ৰ লোকৰ’ সংখ্যা একেবাৰে কম। সেইবাবে যিহোৱাই “জগতৰ দুৰ্ব্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে,” যাতে তেওঁলোকে যিহোৱাৰ কাম কৰিব পাৰে। (১ কৰি. ১:২৬, ২৭) যদিও ওপৰত উল্লেখ কৰা গুণবোৰ আমাৰ মাজত নাই, তথাপি আমি যিহোৱাৰ সেৱা কৰিব পাৰোঁ। এয়া এক ভাল সুযোগ হয়, যʼত আমি দেখিব পাৰিম যে যিহোৱাই আমাক কেনেকৈ সহায় কৰিছে। উদাহৰণস্বৰূপে, যদি কোনোবাই আপোনাৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন কৰে, তেনেহʼলে নিজৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সাহস বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। (ইফি. ৬:১৯, ২০) যদি আপুনি গভীৰ ৰোগত ভুগিছে, তেনেহʼলে যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে তেওঁৰ সেৱাত লাগি থাকিবলৈ যিহোৱাই আপোনাক শক্তি দিয়ে। প্ৰতিবাৰে যেতিয়া আপুনি দেখিব যে যিহোৱাই কেনেকৈ আপোনাক সহায় কৰিছে, তেতিয়া আপোনাৰ বিশ্বাস দৃঢ় হʼব আৰু আপুনি শক্তিশালী হৈ পৰিব।

বাইবেলৰ উদাহৰণৰপৰা শিকক

১০. ইব্ৰী ১০:৩২-৩৪ পদত দিয়া বিশ্বাসী খ্ৰীষ্টানসকলৰ উদাহৰণৰ ওপৰত আমি কিয় ধ্যান দিয়া উচিত?

১০ পৌলে গভীৰভাৱে শাস্ত্ৰ অধ্যয়ন কৰিছিল। ঈশ্বৰৰ বাক্যত দিয়া বিশ্বাসী লোকসকলৰ উদাহৰণৰপৰাও তেওঁ বহুতো কথা শিকিলে। যেতিয়া পৌলে ইব্ৰী খ্ৰীষ্টানসকলক চিঠি লিখিছিল, তেতিয়া তেওঁ যিহোৱাৰ বিশ্বাসী সেৱকসকলৰ উদাহৰণৰ ওপৰত ধ্যান কৰিবলৈ আৰু তেওঁলোকৰপৰা শিকিবলৈ এই খ্ৰীষ্টানসকলক কৈছিল। (ইব্ৰী ১১:৩২-৩৪ পঢ়ক।) তেওঁলোকৰ মাজত এজন আছিল ৰজা দায়ূদ। তেওঁৰ বহুতো শত্ৰু আছিল আৰু তেওঁৰ কিছুমান বন্ধুৱেও তেওঁৰ বিৰোধ কৰিছিল। আহক আমি দায়ূদৰ উদাহৰণলৈ ধ্যান দিওঁ আৰু চাওঁ যে তেওঁৰ উদাহৰণৰ ওপৰত ধ্যান কৰি পৌলে কেনেকৈ শক্তি লাভ কৰিলে আৰু আমি পৌলৰপৰা কি শিকিব পাৰোঁ?

যদিও দায়ূদ এজন ডেকা আছিল আৰু দেখিবলৈ দুৰ্বল আছিল, তথাপি তেওঁ গলিয়াথৰ লগত যুঁজ কৰিবলৈ ভয় কৰা নাছিল। তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিছিল, কিয়নো তেওঁ জানিছিল গলিয়াথক পৰাজয় কৰিবলৈ যিহোৱাক তেওঁক শক্তি দিব আৰু তেওঁ গলিয়াথক হত্যা কৰে (অনুচ্ছেদ ১১ চাওক)

১১. দায়ূদ দুৰ্বল বুলি গলিয়াথে কিয় ভাবিছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

১১ গলিয়াথৰ দৃষ্টিত দায়ূদ একেবাৰে দুৰ্বল আছিল। গলিয়াথ এজন শক্তিশালী যুঁজাৰু আছিল আৰু তেওঁ বৰ ওখ আছিল। তেওঁৰ ওচৰত যুদ্ধ কৰা অস্ত্ৰও আছিল। আনহাতে, দায়ূদ গলিয়াথৰ তুলনাত একেবাৰে সৰু আছিল। তেওঁৰ ওচৰত যুদ্ধ কৰাৰ কোনো অভিজ্ঞতা নাছিল আৰু অস্ত্ৰও নাছিল। সেইবাবে, গলিয়াথে তেওঁক “হেয়জ্ঞান” কৰি “ইতিকিং” কৰিলে। প্ৰকৃততে দায়ূদ দুৰ্বল নাছিল, কিন্তু তেওঁ শক্তিশালী আছিল। তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। সেইবাবে, যিহোৱাই তেওঁক শক্তি দিয়ে আৰু দায়ূদে গলিয়াথক পৰাজয় কৰে।—১ চমূ. ১৭:৪১-৪৫, ৫০.

১২. দায়ূদে আৰু কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?

১২ দায়ূদে আন এটা সমস্যাৰ সন্মুখীন হৈছিল, যাৰ বাবে হয়তো তেওঁ দুৰ্বল অনুভৱ কৰিছিল। যিহোৱাই চৌলক ইস্ৰায়েলৰ ৰজা হিচাপে নিযুক্ত কৰিছিল আৰু দায়ূদে নিষ্ঠাৰে চৌলৰ সেৱা কৰিছিল। আৰম্ভণিতে চৌলে দায়ূদক সন্মান কৰিছিল। কিন্তু পাছত তেওঁ অহংকাৰী হৈ পৰে আৰু দায়ূদক ঈৰ্ষা কৰিবলৈ ধৰে। চৌলে দায়ূদৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, আনকি তেওঁৰ হত্যা কৰিবলৈও চেষ্টা কৰিছিল।—১ চমূ. ১৮:৬-৯, ২৯; ১৯:৯-১১.

১৩. ৰজা চৌলৰ বেয়া ব্যৱহাৰৰ সত্ত্বেও দায়ূদে কি কৰিলে?

১৩ ৰজা চৌলে দায়ূদৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, তথাপিও দায়ূদে তেওঁক সন্মান কৰিছিল। কিয়নো চৌল যিহোৱাৰ এজন অভিষিক্ত ৰজা আছিল। (১ চমূ. ২৪:৬) চৌলৰ এই বেয়া ব্যৱহাৰৰ বাবে দায়ূদে যিহোৱাক দোষাৰোপ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু তেওঁৰপৰা শক্তি বিচাৰিলে, যাতে তেওঁ এই সমস্যাৰ সন্মুখীন হʼব পাৰে।—গীত. ১৮:১ আৰু ওপৰৰ লেখ।

১৪. পাঁচনি পৌলৰ পৰিস্থিতি কেনেকৈ দায়ূদৰ দৰে আছিল?

১৪ পাঁচনি পৌলৰ পৰিস্থিতিয়ো দায়ূদৰ দৰে আছিল। পৌলৰ শত্ৰুসকল তেওঁতকৈ শক্তিশালী আছিল। ডাঙৰ ডাঙৰ অধিকাৰীয়ে তেওঁক ঘৃণা কৰিছিল। তেওঁলোকে কেইবাবাৰো পৌলক মাৰ-পিট কৰালে আৰু জেলত বন্দী কৰালে। দায়ূদৰ লগত হোৱাৰ দৰে পৌলৰ কিছুমান বন্ধুসকলে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। মণ্ডলীৰ লোকসকলেও তেওঁৰ বিৰোধ কৰিছিল। (২ কৰি. ১২:১১; ফিলি. ৩:১৮) কিন্তু পৌল নিৰুৎসাহ নহʼল। বিৰোধৰ সত্ত্বেও তেওঁ প্ৰচাৰ কাম কৰি থাকিল। যেতিয়া ভাই-ভনীসকলে তেওঁক সহযোগ কৰা নাছিল, তেতিয়াও তেওঁ ভাই-ভনীসকলক সহায় কৰি থাকিল। আটাইতকৈ ডাঙৰ কথা যে তেওঁ মৃত্যু পৰ্যন্ত যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (২ তীম. ৪:৮) এই সকলো তেওঁ নিজৰ শক্তিৰে নহয়, কিন্তু যিহোৱাৰ ওপৰত ভৰসা ৰখাৰ বাবে কৰিবলৈ সক্ষম হʼল।

যিসকলে আপোনাৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন কৰে, তেওঁলোকৰ লগত আপুনি প্ৰেম আৰু সন্মানেৰে কথা পাতক (অনুচ্ছেদ ১৫ চাওক) *

১৫. (ক) লোকসকলে বিৰোধ কৰাৰ সময়ত আমি কি কৰিব পাৰোঁ? (খ) এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

১৫ আপোনাৰ সহপাঠী বা সহকৰ্মীয়ে আপোনাক ঠাট্টা কৰেনে? সত্যত নথকা আপোনাৰ পৰিয়ালৰ সদস্যই আপোনাক তাড়না দিয়েনে? মণ্ডলীৰ কোনো ভাই বা ভনীয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছেনে? যদি কৰিছে, তেনেহʼলে দায়ূদ আৰু পৌলৰ উদাহৰণ মনত পেলাওক। তেওঁলোকৰ দৰে আমিও “সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয়” কৰিব পাৰোঁ। (ৰোম. ১২:২১) যেতিয়া লোকসকলে আমাৰ বিৰোধ কৰে, তেতিয়া আমি দায়ূদে গলিয়াথৰ লগত যুদ্ধ কৰাৰ দৰে আমি তেওঁলোকৰ লগত যুদ্ধ কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে, আমি তেওঁলোকক বাইবেল আৰু যিহোৱাৰ বিষয়ে শিকাবলৈ চেষ্টা কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? বাইবেলৰপৰা লোকসকলক উত্তৰ দিয়াৰ যোগেদি, আমাক বেয়া ব্যৱহাৰ কৰা লোকসকলৰ লগত প্ৰেম আৰু আদৰেৰে ব্যৱহাৰ কৰাৰ যোগেদি আৰু সকলোৰে লগত, আনকি নিজৰ শত্ৰুসকলক উপকাৰ কৰাৰ যোগেদি আমি এইদৰে কৰিব পাৰোঁ।—মথি ৫:৪৪; ১ পিত. ৩:১৫-১৭.

ভাই-ভনীসকলৰপৰা সহায় লওক

১৬-১৭. পৌলে কি কথা কেতিয়াও পাহৰা নাছিল?

১৬ পাঁচনি পৌল যীচুৰ শিষ্য হোৱাৰ আগতে চৌল নামেৰে জনাজাত আছিল। তেওঁ এজন নিষ্ঠুৰ ব্যক্তি আছিল আৰু যীচুৰ শিষ্যসকলক তাড়না দিছিল। (পাঁচ. ৭:৫৮; ১ তীম. ১:১৩) খ্ৰীষ্টান মণ্ডলীক অত্যাচাৰ কৰাৰ সময়ত যীচুৱে নিজে তেওঁক বাধা দিছিল। যীচুৱে স্বৰ্গৰপৰা পৌলৰ লগত কথা পাতিছিল আৰু তেওঁৰ চকুৰ ৰশ্মি নাইকিয়া কৰিছিল। নিজৰ চকুৰ ৰশ্মি ঘূৰাই পাবলৈ পৌলে সেই লোকসকলৰপৰা সহায় বিচাৰিছিল, যিসকলক তেওঁ তাড়না দিছিল। তেওঁ নম্ৰতাৰে অননিয়ৰ সহায় গ্ৰহণ কৰিলে, যিজনে তেওঁৰ চকুৰ ৰশ্মি ঘূৰাই অনাত সহায় কৰিছিল।—পাঁচ. ৯:৩-৯, ১৭, ১৮.

১৭ আগলৈ গৈ পাঁচনি পৌলে খ্ৰীষ্টান মণ্ডলীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। দম্মেচকলৈ যোৱাৰ সময়ত যীচুৱে তেওঁক যি শিক্ষা দিছিল, তাক তেওঁ কেতিয়াও পাহৰি যোৱা নাছিল। পৌল নম্ৰ হৈ থাকিল আৰু আনন্দেৰে তেওঁ ভাই-ভনীৰ সহায় গ্ৰহণ কৰিলে। তেওঁ কৈছিল যে এই ভাই-ভনীসকল তেওঁৰ বাবে “শান্তিজনক” হয়।—কল. ৪:১০, ১১.

১৮. আমি হয়তো আনৰপৰা সহায় কিয় গ্ৰহণ নকৰিবও পাৰোঁ?

১৮ আমি পৌলৰপৰা কি শিকিব পাৰোঁ? সত্য শিকি থকাৰ সময়ত আমি হয়তো আনৰপৰা সহায় গ্ৰহণ কৰিবলৈ সাজু আছিলোঁ। কিয়নো আমি জানিছিলোঁ যে আমি সকলো কথা নাজানোঁ, আমি এতিয়াও বহুতো কথা শিকিবলগীয়া আছে। (১ কৰি. ৩:১, ২) কিন্তু এতিয়াও আমি এইদৰে কৰোঁনে? হয়তো আমি যিহোৱাৰ সেৱা কৰা বহুবছৰ হৈ গʼল, আমি বহুতো কথা শিকিলোঁ আৰু আমি বহুতো অভিজ্ঞতা লাভ কৰিলোঁ। সেইবাবে, আমি হয়তো আনৰপৰা সহায় সহজে গ্ৰহণ নকৰিবও পাৰোঁ। বিশেষকৈ আমি এনে ভাই-ভনীৰপৰা সহায় গ্ৰহণ নকৰিব পাৰোঁ, যিসকলে আমাৰ পাছত সত্যত আহিছে। যিহোৱাই প্ৰায়ে আমাৰ ভাই-ভনীসকলৰ যোগেদি আমাক দৃঢ় কৰে। (ৰোম. ১:১১, ১২) ইয়াৰ অৰ্থ হৈছে, যদি আমি যিহোৱাৰপৰা শক্তি পাব বিচাৰোঁ, তেনেহʼলে আমি নিজৰ ভাই-ভনীসকলৰ সহায় স্বীকাৰ কৰা উচিত।

১৯. পৌলে কিয় ডাঙৰ ডাঙৰ কাম কৰিব পাৰিলে?

১৯ খ্ৰীষ্টান হোৱাৰ পাছত পৌলে কিছুমান ডাঙৰ ডাঙৰ কাম কৰিছিল। তেওঁ কিয় এইদৰে কৰিব পাৰিলে? কিয়নো তেওঁ শিকিলে যে এজন ব্যক্তিৰ পৃষ্ঠভূমি কি, তেওঁৰ কিমান শক্তি আছে, কিমান পঢ়া-লিখা হয় বা তেওঁৰ ওচৰত কিমান টকা-পইচা আছে, এয়া কোনো অৰ্থ নাৰাখে। যদি তেওঁ নম্ৰ হয় আৰু যিহোৱাৰ ওপৰত ভৰসা ৰাখে, তেনেহʼলে তেওঁ বহুতো ভাল কাম কৰিব পাৰিব। আহক আমি সকলোৱে পৌলৰ দৰে (১) যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ, (২) বাইবেলৰ উদাহৰণৰপৰা শিকোঁ আৰু (৩) ভাই-ভনীসকলৰপৰা সহায় লওঁ। আমি নিজকে যিমানেই দুৰ্বল বুলি নাভাবোঁ কিয়, যিহোৱাই আমাক শক্তিশালী কৰি তুলিব।

গীত ৭১ আমি যিহোৱাৰ সৈন্য

^ অনু. 5 আমাৰ মাজত বহুতোলোকক ঠাট্টা কৰা হয়। অথবা আমি আমাৰ পৰিস্থিতিৰ বাবে নিজকে দুৰ্বল অনুভৱ কৰিব পাৰোঁ। এই লেখত আমি পাঁচনি পৌলৰ উদাহৰণলৈ ধ্যান দিম। আমি শিকিম যে যদি আমি নম্ৰ হওঁ, তেনেহʼলে যিহোৱাই আমাক যিকোনো পৰিস্থিতিৰ সন্মুখীন হʼবলৈ শক্তি দিব।

^ অনু. 1 ইয়াৰ অৰ্থ কি? আমি হয়তো বিভিন্ন কাৰণৰ বাবে দুৰ্বল অনুভৱ কৰোঁ। উদাহৰণস্বৰূপে, আমি অসিদ্ধ হওঁ, দুখীয়া হওঁ, বেমাৰ হয় অথবা আমি বেছিকৈ লিখা-পঢ়া কৰা নাই। ইয়াৰ উপৰিও, যেতিয়া কোনোবাই আমাৰ বিষয়ে বেয়াকৈ কয় বা আমাক তাড়না দিয়ে, তেতিয়া হয়তো আমি দুৰ্বল অনুভৱ কৰিব পাৰোঁ।

^ অনু. 57 ছবিৰ বিষয়ে: যেতিয়া পৌলে লোকসকলক যীচুৰ বিষয়ে শিকাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ ফৰীচী হিচাপে যি কাম কৰিছিল, সেই সকলো তেওঁ ত্যাগ কৰিলে। ইয়াত হয়তো জাগতিক নুৰা আৰু শাস্ত্ৰ আধাৰিত বিষয় জড়িত আছিল।

^ অনু. 61 ছবিৰ বিষয়ে: এজন ভাইৰ লগত কাম কৰা সহকৰ্মীয়ে জন্মদিনৰ পাৰ্টিত আহিবলৈ তেওঁক কৈছে।