Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৩

পুনৰুত্থানে যিহোৱাৰ প্ৰেম, প্ৰজ্ঞা আৰু ধৈৰ্য্য প্ৰকাশ কৰে

পুনৰুত্থানে যিহোৱাৰ প্ৰেম, প্ৰজ্ঞা আৰু ধৈৰ্য্য প্ৰকাশ কৰে

“ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।”—পাঁচ. ২৪:১৫.

গীত ১৫১ তেওঁ তেওঁলোকক মাতিব

লেখৰ এক আভাস *

১. যিহোৱাই সকলোকে কিয় সৃষ্টি কৰিলে?

এসময়ত গোটেই বিশ্বব্ৰহ্মাণ্ডত যিহোৱাৰ বাহিৰে আৰু কোনো নাছিল। তথাপি তেওঁ নিজকে অকলশৰীয়া অনুভৱ নকৰিলে। তেওঁক কোনো লোকৰ প্ৰয়োজন নাছিল, কিন্তু তেওঁ আনক জীৱন দিব বিচাৰিছিল আৰু তেওঁলোকে আনন্দত থকাটো তেওঁ বিচাৰিছিল। তেওঁ প্ৰেমৰ বাবে সকলোকে সৃষ্টি কৰিলে।—পাঁচ. ১৭:২৪, ২৫; ১ যোহ. ৪:১৯.

২. যিহোৱাৰ সৃষ্টি দেখি যীচু আৰু স্বৰ্গদূতসকলক কেনে লাগিছিল?

সৰ্বপ্ৰথমে যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক সৃষ্টি কৰিছিল। তাৰ পাছত তেওঁ যীচুৰ লগত মিলি “সকলোকে” সৃষ্টি কৰিলে আৰু লাখ লাখ স্বৰ্গদূতকো সৃষ্টি কৰিলে। (কল. ১:১৬) নিজৰ পিতৃ যিহোৱাৰ লগত কাম কৰি যীচু অতি আনন্দিত হৈছিল। (হিতো. ৮:৩০) প্ৰধান কাৰ্য্যকাৰিণী হিচাপে যীচুৱে যিহোৱাৰ লগত মিলি আকাশ আৰু পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিলে। যেতিয়া যিহোৱাই পৃথিৱী সৃষ্টি কৰিছিল, তেতিয়া স্বৰ্গদূতসকলে “জয়-ধ্বনি” কৰিছিল। তাৰ পাছত যিহোৱা ঈশ্বৰে এটা এটাকৈ সকলো বস্তু সৃষ্টি কৰিছিল আৰু অৱশেষত মানুহক সৃষ্টি কৰিছিল, তেতিয়াও স্বৰ্গদূতসকলে জয়-ধ্বনি কৰিছিল। (ইয়ো. ৩৮:৬; হিতো. ৮:৩১) যিহোৱাৰ প্ৰতিটো সৃষ্টিৰপৰা বুজিব পাৰি যে তেওঁ এজন মৰমিয়াল আৰু বুদ্ধিমান ঈশ্বৰ হয়।—গীত. ১০৪:২৪; ৰোম. ১:২০.

৩. প্ৰথম কৰিন্থীয়া ১৫:২১, ২২ পদৰ অনুসৰি যিহোৱাই নিজৰ পুত্ৰ যীচুৰ বলিদান কিয় দিছে?

মানৱজাতিয়ে এই সুন্দৰ পৃথিৱীখনত জীয়াই থকাটো যিহোৱাই বিচাৰিছিল। কিন্তু আদম আৰু হবাই যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পাপ কৰিলে, যাৰ বাবে আজি আমাৰ মৃত্যু হয়। (ৰোম. ৫:১২) কিন্তু যিহোৱাই কি কৰিলে? তেওঁ লগে লগে এই সমস্যাৰ সমাধান উলিয়ালে। (আদি. ৩:১৫) যিহোৱাই মুক্তিপণস্বৰূপে নিজৰ পুত্ৰক বলিদানৰ দিলে, যাতে আদম আৰু হৱাৰ সন্তানসকলে পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ পাব পাৰে। ইয়ে সকলো মানৱজাতিৰ বাবে এটা বাট মুকলি কৰে। যিসকলে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় কৰিব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব।—যোহ. ৩:১৬; ৰোম. ৬:২৩; ১ কৰিন্থীয়া ১৫:২১, ২২ পঢ়ক।

৪. এই লেখত আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

যিহোৱাই মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত মৃত লোকসকলক পুনৰুত্থান কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। এই বিষয়ে লোকসকলৰ মনলৈ বহুতো প্ৰশ্ন আহে। উদাহৰণস্বৰূপে, সকলোকে একেলগে পুনৰুত্থান কৰা হʼবনে? অথবা তেওঁলোকক ক্ৰম অনুসৰি পুনৰুত্থান কৰা হʼব? আমাৰ আপোনজনাৰ পুনৰুত্থান হʼলে আমি তেওঁলোকক চিনি পামনে? পুনৰুত্থানে আমাৰ বাবে কেনেকৈ আনন্দ কঢ়িয়াই আনিব? এই আশাৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱা মৰমিয়াল, বুদ্ধিমান আৰু ধৈৰ্য্যশীল ঈশ্বৰ হয়? আহক এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰোঁ।

সকলোকে একেলগে পুনৰুত্থান কৰা হʼবনে?

৫. সকলোকে একেলগে পুনৰুত্থান কৰা নহʼব বুলি আমি কিয় কʼব পাৰোঁ?

যিহোৱা ঈশ্বৰে নিজৰ পুত্ৰৰ যোগেদি লাখ লাখ লোকক পুনৰুত্থান কৰিব। কিন্তু তেওঁলোকক একেলগে পুনৰুত্থান কৰা হʼবনে? হয়তো নহয়। যদি এইদৰে হয়, তেনেহʼলে সমস্যাৰ সৃষ্টি হʼব। যিহোৱাই নিজৰ সকলো কাম শৃংখলাবদ্ধভাৱে কৰে। তেওঁ জানে যে সকলো কাম সংগঠিতৰূপে কৰাটো অতি প্ৰয়োজন আৰু তেতিয়াহে শান্তি থাকিব। সেইবাবে, আমি কʼব পাৰোঁ যে সকলোকে একেলগে পুনৰুত্থান কৰা নহʼব। (১ কৰি. ১৪:৩৩) যিহোৱা ঈশ্বৰে মানৱজাতিৰ বাবে পৃথিৱী সৃষ্টি কৰাৰ সময়ত সকলো বস্তু ক্ৰম অনুসৰি সৃষ্টি কৰিছিল। হাজাৰ বছৰৰ সময়ছোৱাতো যীচুৱে এইদৰে ধৈৰ্য্যেৰে আৰু বুদ্ধিমতাৰে কাম কৰিব। যীচুৱে হৰমাগিদোনৰপৰা ৰক্ষা পোৱা লোকসকলক নিৰ্দেশনা দিব যাতে তেওঁলোকে পুনৰুত্থান হোৱা লোকসকলৰ বাবে সকলো ব্যৱস্থা কৰে। যেনে, আহাৰ, কাপোৰ আৰু ঘৰ।

যিসকল লোকে হৰমাগিদোনৰপৰা ৰক্ষা পৰিব, তেওঁলোকে পুনৰুত্থান হোৱা লোকসকলক ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ মানদণ্ডৰ বিষয়ে শিকাব (অনুচ্ছেদ ৬ চাওক) *

৬. পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদৰ অনুসৰি বেছিভাগ কোন লোকক পুনৰুত্থান কৰা হʼব?

যিসকল লোকক পুনৰুত্থান কৰা হʼব, তেওঁলোকক ঈশ্বৰৰ মানদণ্ড আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে শিকোৱা হʼব। এয়া অতি গুৰুত্বপূৰ্ণ কাম হʼব। বাইবেলৰ অনুসৰি বেছিভাগ “অধাৰ্ম্মিক” লোকক পুনৰুত্থান কৰা হʼব। (পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পঢ়ক।) যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰপৰা লাভৱান হʼবলৈ তেওঁলোকে নিজকে বহুতো পৰিৱৰ্তন কৰিব লাগিব। এই লাখ লাখ লোকে যিহোৱাৰ বিষয়ে একো নাজানে। সেইবাবে, তেওঁলোকক শিকাবলৈ আমি কঠিন পৰিশ্ৰম কৰিব লাগিব। কিন্তু তেওঁলোকক কেনেকৈ শিকোৱা হʼব? যিদৰে আজি বাইবেল অধ্যয়ন কৰা হয়, তেনেকৈ তেওঁলোকক বেলেগকৈ শিকোৱা হʼব নেকি? যেতিয়া তেওঁলোকক শিকোৱা হʼব, তেতিয়া তেওঁলোকে মণ্ডলীৰ ভাগ হʼবনে? তেওঁলোকে তেওঁলোকৰ পাছত পুনৰুত্থান হোৱা লোকসকলক শিকাবনে? ইয়াৰ বিষয়ে আমি নাজানোঁ। হাজাৰ বছৰৰ শেষলৈকে “পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।” (যিচ. ১১:৯) সঁচাকৈ, হাজাৰ বছৰৰ সময়ছোৱাত আমাৰ ওচৰত বহুতো কাম থাকিব আৰু আমি আনন্দেৰে কাম কৰিম।

৭. যিহোৱাৰ লোকসকলে আনক শিকোৱাৰ সময়ত কিয় তেওঁলোকৰ দুৰ্বলতা বুজি পাব?

হাজাৰ বছৰৰ সময়ছোৱাত যিহোৱাৰ সকলো লোকক তেওঁৰ মানদণ্ড অনুসৰি চলিবলৈ নিজকে পৰিৱৰ্তন কৰিব লাগিব। সেইবাবে, তেওঁলোকে পুনৰুত্থান হোৱা লোকসকলৰ দুৰ্বলতা ভালদৰে জানিব পাৰিব। তেওঁলোকে বেয়া ইচ্ছাক দমন কৰিবলৈ আৰু যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন অতিবাহিত কৰিবলৈ তেওঁলোকক সহায় কৰিব পাৰিব। (১ পিত. ৩:৮) যিসকলৰ পুনৰুত্থান হʼব, তেওঁলোকে দেখিব পাৰিব যে যিহোৱাৰ লোকসকল কিমান নম্ৰ হয়। যিহোৱাক আনন্দিত কৰিবলৈ তেওঁলোকে এতিয়াও নিজকে পৰিৱৰ্তন কৰিছে আৰু “নিজ নিজ পৰিত্ৰাণ সম্পন্ন” কৰিছে।—ফিলি. ২:১২.

পুনৰুত্থান হোৱা আমাৰ আপোনজনাক আমি চিনি পামনে?

৮. আমাৰ মৃত আপোনজনাৰ পুনৰুত্থান হʼলে আমি তেওঁলোকক চিনি পাম বুলি কিয় কʼব পাৰোঁ?

যেতিয়া আমাৰ আপোনজনাৰ পুনৰুত্থান হʼব, তেতিয়া আমি তেওঁলোকক চিনি পাম বুলি বহুতো কাৰণ আছে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত যিহোৱা ঈশ্বৰে যিসকল লোকক পুনৰুত্থান কৰিছিল, সেই লোকসকলৰ চেহেৰা, কথা-বতৰা আৰু চিন্তাধাৰা মৃত্যুৰ আগতে যিদৰে আছিল, ঠিক সেইদৰেই আছিল। ভৱিষ্যতেও যিহোৱাই মৃত লোকসকলক এইদৰেই পুনৰুত্থান কৰিব। মনত পেলাওক, যীচুৱে মৃত্যুক টোপনিৰ লগত তুলনা কৰিছে আৰু মৃত লোকসকলক পুনৰুত্থান কৰাটো তেওঁলোকক টোপনিৰপৰা জগোৱাৰ দৰে হয়। (মথি ৯:১৮, ২৪; যোহ. ১১:১১-১৩) এজন ব্যক্তিয়ে যেতিয়া টোপনিৰপৰা সাৰ পায়, তেতিয়া টোপনি যোৱাৰ আগত তেওঁ যেনেকুৱা আছিল, তেনেকুৱাই দেখে। আগৰ দৰেই কথা পাতে আৰু আগৰ দৰেই স্মৃতিশক্তি থাকে। লাজাৰৰ ঘটনালৈ ধ্যান দিয়ক। তেওঁৰ মৃত্যু হোৱা চাৰি দিন হৈছিল আৰু শৰীৰৰপৰা গোন্ধ ওলাবলৈ ধৰিছিল। কিন্তু যীচুৱে যেতিয়া লাজাৰক পুনৰুত্থান কৰিছিল, তেতিয়া তেওঁৰ ভনীসকলে লগে লগে তেওঁক চিনি পাইছিল। হয়তো লাজাৰেও তেওঁলোকক চিনি পাইছিল।—যোহ. ১১:৩৮-৪৪; ১২:১, ২.

৯. মৃত লোকসকল পুনৰুত্থান হʼলে তেওঁলোকৰ শৰীৰ আৰু মন কিয় সিদ্ধ নহʼব?

যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে প্ৰমোদবনত ‘মই নৰিয়া বুলি’ কোনেও নকʼব। (যিচ. ৩৩:২৪; ৰোম. ৬:৭) সেইবাবে, আমি কʼব পাৰোঁ যে যেতিয়া তেওঁলোকক পুনৰুত্থান কৰা হʼব, তেতিয়া তেওঁলোকক নতুন শৰীৰ দিয়া হʼব আৰু তেওঁলোক সম্পূৰ্ণৰূপে সুস্বাস্থ্য হʼব। কিন্তু তেওঁলোকে তেতিয়াও সিদ্ধ নহʼব। কিয়নো, যদি তেওঁলোকে সিদ্ধ হʼব, তেনেহʼলে তেওঁলোকৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলে চিনি নাপাব। হয়তো হাজাৰ বছৰৰ সময়ছোৱাত সকলো মানৱজাতিয়ে লাহে লাহে সিদ্ধ হʼব। হাজাৰ বছৰৰ শেষত যীচুৱে নিজৰ শাসনভাৰ তেওঁৰ পিতৃ যিহোৱাক গতাই দিব। তেতিয়ালৈকে এই ৰাজ্যই নিজৰ উদ্দেশ্য পূৰ কৰিব আৰু সকলো মানৱজাতিকে সিদ্ধ কৰিব।—১ কৰি. ১৫:২৪-২৮; প্ৰকা. ২০:১-৩.

পুনৰুত্থানে আমাৰ বাবে কেনেকৈ আনন্দ কঢ়িয়াই আনিব?

১০. আপোনাৰ মৃত আপোনাজনাক লগ পাই আপোনাক কেনেকুৱা লাগিব?

১০ কল্পনা কৰক, আপুনি মৃত আপোনজনাক লগ পালে কেনে অনুভৱ কৰিব? হয়তো আপুনি বৰ আনন্দিত হʼব অথবা আপোনাৰ চকুপানী ওলাব। হয়তো আপুনি আনন্দেৰে যিহোৱাৰ প্ৰশংসা কৰি গীত গাব। যিহোৱা আৰু যীচুৱে আপোনাৰ বাবে যি কৰিছে, তাক দেখি নিশ্চয় তেওঁলোকৰ প্ৰতি প্ৰেম বাঢ়িব। যীচুৰ বলিদানৰ বাবে আপুনি আপোনাৰ আপোনজনাক লগ পোৱাটো সম্ভৱ হৈছে।

১১. যোহন ৫:২৮, ২৯ পদৰ অনুসৰি যিসকলে যিহোৱাৰ মানদণ্ড অনুসৰি জীৱন-যাপন কৰিব, তেওঁলোকে কি আশীৰ্বাদ লাভ কৰিব?

১১ যিসকলক পুনৰুত্থান কৰা হʼব, তেওঁলোকে লাহে লাহে নিজৰ পুৰণি ব্যক্তিত্ব সলনি কৰিব আৰু যিহোৱাৰ ধাৰ্মিক মানদণ্ড অনুসৰি জীৱন-যাপন কৰিব। কল্পনা কৰক, তেওঁলোকে এনে কৰিলে কিমান আনন্দত থাকিব। প্ৰমোদবনত এই লোকসকলক জীয়াই থাকিবলৈ সুযোগ দিয়া হʼব। কিন্তু যিসকল লোকে জানি-শুনি নিজকে সলনি নকৰে আৰু প্ৰমোদবনত শান্তি ভংগ কৰে, তেওঁলোকক অনন্ত জীৱন দিয়া নহʼব।—যিচ. ৬৫:২০; যোহন ৫:২৮, ২৯ পঢ়ক।

১২. ঈশ্বৰৰ প্ৰতিজন সেৱকে কি আশীৰ্বাদ লাভ কৰিব?

১২ ঈশ্বৰৰ ৰাজ্যত তেওঁৰ লোকসকলে দেখিবলৈ পাব যে হিতোপদেশ ১০:২২ পদত লিখা কথাষাৰ সত্য হয়। ইয়াত এইদৰে কৈছে, “যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে।” সেইবাবে, তেওঁলোকে দিনক দিনে খ্ৰীষ্টৰ গুণবোৰ বিকশিত কৰিব আৰু সিদ্ধ হৈ পৰিব। (যোহ. ১৩:১৫-১৭; ইফি. ৪:২৩, ২৪) প্ৰতিদিনে তেওঁলোকৰ স্বাস্থ্য আৰু ভাল হʼব আৰু তেওঁলোক শক্তিশালী হৈ পৰিব। তেতিয়া আমাৰ জীৱন আনন্দময় হৈ পৰিব। (ইয়ো. ৩৩:২৫) মৃত লোকসকলৰ আশাৰ ওপৰত ধ্যান কৰিলে আজিও আমি লাভৱান হওঁ। আহক চাওঁ কেনেকৈ?

যিহোৱাই আমাক বহুত প্ৰেম কৰে

১৩. (ক) গীতমালা ১৩৯:১-৪ পদৰপৰা আমি কি জানিব পাৰোঁ? (খ) যিহোৱাই যেতিয়া লোকসকলক পুনৰুত্থান কৰিব, তেতিয়া তেওঁ কি কৰিব?

১৩ যেনেকৈ আমি আগতে আলোচনা কৰিলোঁ যে যিহোৱাই যিসকলক পুনৰুত্থান কৰিব, তেওঁলোকৰ স্মৃতিশক্তি একেই থাকিব আৰু মৃত্যুৰ পাছতো তেওঁলোকৰ স্বভাৱ-চৰিত্ৰ সেইদৰেই থাকিব, যিদৰে মৃত্যুৰ আগত আছিল। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱাই আমাক কিমান প্ৰেম কৰে। যিহোৱাই আমাৰ বিষয়ে এটা এটা কথা মনত ৰাখে। যেনে, আমি কি ভাবোঁ, কি কওঁ, কি কৰোঁ আৰু কেনে অনুভৱ কৰোঁ। যদি আমাৰ মৃত্যুও হৈ যায়, কিন্তু আজি আমি যিদৰে আছোঁ, ঠিক সেইদৰেই যিহোৱাই আমাক জীয়াই তুলিব। এয়া তেওঁৰ বাবে কোনো ডাঙৰ কথা নহয়। তেওঁ আমাৰ স্মৃতিশক্তি, স্বভাৱ-চৰিত্ৰ আৰু সকলোবোৰ উভতাই দিব পাৰে। ৰজা দায়ূদে বুজি পাইছিল যে যিহোৱাই নিজৰ সকলো সেৱকক ভালদৰে জানে। (গীতমালা ১৩৯:১-৪ পঢ়ক।) এই কথা জানি আজিও আমি সাহস লাভ কৰোঁ যে যিহোৱাই আমাক ভালদৰে জানে।

১৪. যিহোৱাই আমাৰ বিষয়ে সকলো কথা জানে বুলি আমি কিয় সাহস লাভ কৰোঁ?

১৪ আমি কোনো কথাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো যিহোৱাই আমাক ভালদৰে জানে আৰু আমাৰ যত্ন লয়। তেওঁ আমাক প্ৰতিজনকে মূল্যৱান বুলি গণ্য কৰে। সৰু কালৰপৰা এতিয়ালৈকে আমাৰ জীৱন কেনেকুৱা, তাৰ বিষয়েও যিহোৱাই ধ্যান দিয়ে। ইয়ে আমাক কিমান সাহস দিয়ে! আমি নিজকে অকলশৰীয়া বুলি কেতিয়াও ভবা উচিত নহয়। যিহোৱা সকলো সময়তে আমাৰ লগত থাকে যাতে প্ৰয়োজনৰ সময়ত আমাক সহায় কৰিব পাৰে।—২ বং. ১৬:৯.

যিহোৱা অতি বুদ্ধিমান ঈশ্বৰ হয়

১৫. যিহোৱাই পুনৰুত্থানৰ আশা দি কেনেকৈ বুদ্ধিমতাৰে কাম কৰিছে?

১৫ মৃত্যুৰ ভয়ে মানুহক যিকোনো কাম কৰাব পাৰে। জগতৰ লোকসকলে ইয়াৰ সুযোগ লয়। তেওঁলোকে মৃত্যুৰ ভাবুকি দি লোকসকলক বিশ্বাসঘাতকতা কৰিবলৈ আৰু তেওঁলোকৰ মানদণ্ডক আপোচ কৰিবলৈ বাধ্য কৰি তোলে। কিন্তু যিহোৱাৰ সেৱকসকলে মৃত্যুক ভয় নকৰে। আমি জানো যে যদি শত্ৰুৱে আমাক হত্যাও কৰে, তেনেহʼলে যিহোৱাই আমাক পুনৰুত্থান কৰিব। (প্ৰকা. ২:১০) আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে শত্ৰুৱে যিয়েই নকৰক কিয় তেওঁলোকে আমাক যিহোৱাৰপৰা পৃথক কৰিব নোৱাৰে। (ৰোম. ৮:৩৫-৩৯) যিহোৱাই পুনৰুত্থানৰ আশা দি আমাৰ মনৰপৰা মৃত্যুৰ ভয় আঁতৰাই দিছে। তেওঁ কিমান বুদ্ধিমতাৰে কাম কৰিছে! এই আশাই আমাক সাহস দিয়ে। সেইবাবে, চয়তানৰ লোকসকলে যদিও আমাক মৃত্যুৰ ভাবুকি দিয়ে, তথাপি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ।

আমি আমাৰ নিৰ্ণয়ৰ যোগেদি কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি আমি তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰোঁ? (অনুচ্ছেদ ১৬ চাওক) *

১৬. আপুনি নিজকে কি কি প্ৰশ্ন সোধা উচিত আৰু কিয়?

১৬ যদি যিহোৱাৰ শত্ৰুৱে আপোনাক মৃত্যুৰ ভাবুকি দিয়ে, তেনহʼলে আপুনি কি কৰিব? আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিবনে? যদি আপোনাৰ মৃত্যুও হৈ যায়, তেনেহʼলে যিহোৱাই আপোনাক পুনৰুত্থান কৰিব বুলি আপুনি ভৰসা কৰিবনে? আপুনি যিদৰে জীৱন-যাপন কৰে আৰু যিদৰে নিৰ্ণয় লয়, ইয়ে দেখুৱাব যে আপুনি সেইসময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকিব নে নাথাকে। গতিকে, নিজকে এইদৰে সোধক, ‘প্ৰতিদিনে মই যি সৰু সৰু নিৰ্ণয় লওঁ, ইয়ে দেখুৱাইনে যে মই যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰোঁ?’ (লূক ১৬:১০) নিজকে এই প্ৰশ্নও সোধক, ‘মই নিজৰ জীৱনত যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিওঁনে আৰু ভৰসা কৰোঁনে যে তেওঁ মোৰ প্ৰয়োজনীয়তা পূৰ কৰিব?’ (মথি ৬:৩১-৩৩) যদি আপুনি আজি যিহোৱাৰ ওপৰত ভৰসা কৰে, তেনেহʼলে আহিবলগীয়া যিকোনো সমস্যাৰ সন্মুখীন হʼব পাৰিব।—হিতো. ৩:৫, ৬.

যিহোৱাই ধৈৰ্য্য ধৰে

১৭. (ক) মৃত লোকসকলক পুনৰুত্থান কৰিবলৈ যিহোৱাই কেনেকৈ ধৈৰ্য্যেৰে কাম কৰে? (খ) আজি আমি কি কৰা উচিত?

১৭ এই দুষ্ট ব্যৱস্থাক ধ্বংস কৰাৰ দিন আৰু সময় যিহোৱাই নিৰ্ধাৰিত কৰিছে। (মথি ২৪:৩৬) কিন্তু যিহোৱাই অধৈৰ্য্য হৈ সময়ৰ আগতে কেতিয়াও ধ্বংস নানিব। যিহোৱাই মৃত লোকসকলক পুনৰুত্থান কৰিবলৈ হাবিয়াস কৰি আছে। কিন্তু তেওঁ নিৰ্দিষ্ট সময়ৰ বাবে অপেক্ষা কৰি আছে। (ইয়ো. ১৪:১৪, ১৫; যোহ. ৫:২৮, ২৯) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ ধৈৰ্য্যেৰে কাম কৰে। তেওঁ ধৈৰ্য্য ধৰাৰ বাবে আজি বহুতোলোকে ‘মন-পালটন’ কৰিবলৈ সুযোগ পাইছে আৰু আমিও এই সুযোগ লাভ কৰিছোঁ। (২ পিত. ৩:৯) বেছিভাগ লোকে অনন্ত জীৱন পোৱাটো যিহোৱাই বিচাৰে। আমি আনন্দিত হোৱা উচিত, কিয়নো যিহোৱাই ধৈৰ্য্যেৰে কাম কৰে আৰু আমিও এইদৰেই কৰা উচিত। আমি এনে লোকসকলক বিচৰা উচিত, যিসকলে “অনন্ত জীৱন পাবলৈ নিৰূপিত।” আমি তেওঁলোকক যিহোৱাৰ বিষয়ে শিকোৱা উচিত যাতে তেওঁলোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁক উপাসনা কৰে। (পাঁচ. ১৩:৪৮) যিহোৱাই ধৈৰ্য্য ধৰাৰ বাবে আমি যেনেকৈ উপকৃত হৈছোঁ, তেনেকৈ তেওঁলোকেও উপকৃত হʼব।

১৮. আমি আনৰ লগত কিয় ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা উচিত?

১৮ যিহোৱাই জানে যে আমি হাজাৰ বছৰৰ শেষতহে সিদ্ধ হʼম। তেতিয়ালৈকে যিহোৱাই ধৈৰ্য্য ধৰিব আৰু আমাৰ ভুলবোৰ ক্ষমা কৰি থাকিব। আমিও যিহোৱাৰ দৰে ধৈৰ্য্য ধৰা উচিত আৰু আনৰ ভুলবোৰ ক্ষমা কৰা উচিত। আমি তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত। এগৰাকী ভনীয়ে এইদৰেই কৰিলে। তাইৰ স্বামীয়ে মাজে-সময়ে ব্যাকুল হৈ পৰিছিল। সেইবাবে, তেওঁ সভালৈ যাবলৈ বন্ধ কৰি দিছিল। ভনীগৰাকীয়ে এইদৰে কয়, “এই সময়ছোৱা মোৰ বাবে বৰ কঠিন আছিল। ভৱিষ্যতৰ বিষয়ে আমি যি কল্পনা কৰিছিলোঁ, তাৰ মতে একো কাম নহʼল।” কিন্তু এই সময়ছোৱাত তাই ধৈৰ্য্য হেৰুৱা নাছিল আৰু নিজৰ স্বামীক সহযোগ দিছিল। তাই যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে আৰু নিজৰ স্বামীৰ ভাল গুণবোৰলৈ ধ্যান দিলে। তাই এইদৰে কয়, “মোৰ স্বামীৰ বহুতো ভাল গুণ আছে। তেওঁ নিজৰ ব্যাকুলতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।” এই অনুভৱৰপৰা আমি কি শিকিব পাৰোঁ? আমি নিজৰ পৰিয়াল আৰু মণ্ডলীৰ লোকসকলৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা উচিত। বিশেষকৈ কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হোৱা লোকসকলৰ লগত আমি এইদৰে কৰা উচিত।

১৯. আজি আমি কি কৰা উচিত?

১৯ যেতিয়া পৃথিৱীখনক মানৱজাতিৰ বাবে সৃষ্টি কৰা হৈছিল, তেতিয়া যীচু আৰু স্বৰ্গদূতসকলে আনন্দিত হৈছিল। কল্পনা কৰক, সেইসময়ত তেওঁলোক কিমান আনন্দিত হʼব, যেতিয়া গোটেই পৃথিৱীত সিদ্ধ লোকেৰে ভৰি পৰিব। এই লোকসকলে যিহোৱাক প্ৰেম কৰিব আৰু তেওঁৰ উপাসনা কৰিব। যীচু খ্ৰীষ্টৰ লগত শাসন কৰিবলৈ পৃথিৱীৰপৰা নিযুক্ত কৰা লোকসকলৰ কামৰপৰা লোকসকলে উপকৃত হোৱা দেখি তেওঁলোক কিমান যে আনন্দিত হʼব! (প্ৰকা. ৪:৪, ৯-১১; ৫:৯, ১০) সেইসময়ত আমাৰ জীৱন আনন্দময় হʼব। কিয়নো দুখ-কষ্ট, বেমাৰ, চকুপানী, মৃত্যু এইবোৰ আৰু নাথাকিব। (প্ৰকা. ২১:৪) যিহেতু আমি সেই দিনৰ বাবে অপেক্ষা কৰি আছোঁ, তেনেহʼলে আহক আমি যিহোৱাৰ দৰে মৰমীয়াল, বুদ্ধিমান আৰু ধৈৰ্য্যশীল হʼবলৈ চেষ্টা কৰোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমাৰ জীৱনত যিয়েই পৰিস্থিতি নাহক কিয়, আমি আনন্দত থাকিম। (যাকো. ১:২-৪) আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ ‘ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক’ লোকক পুনৰুত্থান কৰিম বুলি প্ৰতিজ্ঞা কৰিছে।—পাঁচ. ২৪:১৫.

গীত ১৪১ জীৱনৰ আচৰিত কৰ্ম

^ অনু. 5 যিহোৱাই যিদৰে সকলো বস্তু সৃষ্টি কৰিছে আৰু পুনৰুত্থানৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰপৰা বুজিব পাৰি যে তেওঁ মৰমিয়াল, বুদ্ধিমান আৰু ধৈৰ্য্যশীল পিতৃ হয়। মৃত লোকসকল পুনৰুত্থান হোৱাৰ বিষয়ে আমাৰ মনত হয়তো কিছুমান প্ৰশ্ন থাকিব পাৰে, এই বিষয়ে আমি এই লেখত আলোচনা কৰিম। আমি এয়াও জানিম যে যিহোৱাৰ গুণৰপৰা আমি কি কৰিবলৈ উৎসাহিত হওঁ।

^ অনু. 59 ছবিৰ বিষয়ে: বহুবছৰৰ আগতে মৃত্যু হোৱা এজন ব্যক্তিৰ নতুন পৃথিৱীত পুনৰুত্থান হৈছে। হৰমাগিদোনৰপৰা ৰক্ষা পোৱা এজন ভায়ে তেওঁক শিকাইছে যে খ্ৰীষ্টৰ বলিদানৰপৰা উপকৃত হʼবলৈ তেওঁ কি কৰা উচিত।

^ অনু. 61 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ কৰ্তৃপক্ষক কৈছে যে সপ্তাহৰ কিছুদিন তেওঁ অভাৰটাইম কৰিব নোৱাৰে। তেওঁক উপাসনাৰ লগত জড়িত কিছুমান কাম কৰিবলগীয়া হয়। যদি বাকী দিনবোৰত অফিচত কিবা প্ৰয়োজনীয় কাম হয়, তেনেহʼলে তেওঁ অভাৰটাইম কৰিবলৈ সাজু আছে।