Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৩৯

খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক

খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক

“শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা তিৰোতাবিলাক মহাবাহিনী।”—গীত. ৬৮:১১.

গীত ১৩৭ বিশ্বাসী তিৰোতা, খ্ৰীষ্টান ভনীসকল

লেখৰ এক আভাস *

আমাৰ ব্যস্ত, উদ্যমী ভনীসকলে সভাত, প্ৰচাৰ কাৰ্য্যত, ৰাজ্যগৃহ তদাৰক কৰা কাৰ্য্যত ভাগ লৈছে আৰু ভাই-ভনীসকলৰ প্ৰতি আগ্ৰহ দেখুৱাইছে (অনুচ্ছেদ ১ চাওক)

১. আমাৰ ভনীসকলে কি কি কামত পৰিশ্ৰম কৰে? কিছুমান ভনীয়ে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

এয়া দেখি আমি অতি আনন্দিত হওঁ যে ভনীসকলে যিহোৱাৰ সেৱাত কঠিন পৰিশ্ৰম কৰিছে। তেওঁলোকে সভালৈ যায়, প্ৰচাৰ কাৰ্য্য আৰু ৰাজ্যগৃহৰ মেৰামতি কাৰ্য্যত ভাগ লয় আৰু ভাই-ভনীসকলৰ যত্ন লয়। কিন্তু এনে কৰিবলৈ তেওঁলোকৰ বাবে সদায় সহজ নহয়। তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হয়। কিছুমান ভনীয়ে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱা-চিতা কৰিবলগীয়া হয়। আন কিছুমান ভনীয়ে পৰিয়ালৰ বিৰোধৰ সন্মুখীন হʼবলগীয়া হয় আৰু কিছুমান ভনীয়ে অকলে নিজৰ পৰিয়াল চলাবলগীয়া হয়। তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক চোৱা-চিতা কৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হয়।

২. আমি খ্ৰীষ্টান ভনীসকলক কিয় উৎসাহিত কৰা উচিত?

আমাৰ ভনীসকলক আমি কিয় উৎসাহিত কৰা উচিত? কিয়নো জগতৰ লোকসকলে তিৰোতাসকলক ভালদৰে ব্যৱহাৰ নকৰে আৰু পাবলগীয়া সন্মান তেওঁলোকে নাপায়। ইয়াৰ উপৰিও, বাইবেলত তেওঁলোকক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিছে। উদাহৰণস্বৰূপে, পাঁচনি পৌলে ৰোমৰ ভাই-ভনীসকলক কৈছিল যে যেতিয়া ফৈবী নামৰ ভনীগৰাকী আহিব, তেতিয়া “যি কৰ্ম্মত তেওঁৰ প্ৰয়োজন হয়, সেই কৰ্ম্মত তোমালোকে যেন উপকাৰ কৰিবা।” (ৰোম. ১৬:১, ২) ফৰীচী হৈ থকাৰ সময়ত পৌলে এনে লোকসকলৰ লগত সংগতি কৰিছিল, যিসকলে তিৰোতাসকলক তুচ্ছ বুলি গণ্য কৰিছিল। কিন্তু খ্ৰীষ্টান হোৱাৰ পাছত তেওঁ যীচুৰ দৰে তিৰোতাসকলক সন্মান কৰিছিল আৰু তেওঁলোকৰ লগত ভালদৰে ব্যৱহাৰ কৰিছিল।—১ কৰি. ১১:১.

৩. (ক) যীচুৱে তিৰোতাসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল? (খ) ঈশ্বৰৰ ইচ্ছা পূৰ কৰা তিৰোতাসকলৰ প্ৰতি যীচুৱে কেনে দৃষ্টিভংগী ৰাখিছিল?

যীচুৱে সকলো তিৰোতাক সন্মান কৰিছিল। (যোহ. ৪:২৭) সেইসময়ৰ যিহূদী ধৰ্মগুৰুসকলৰ দৰে যীচুৱে তিৰোতাসকলক তুচ্ছ বুলি গণ্য কৰা নাছিল। বাইবেলৰ ওপৰত মন্তব্য দিয়া এখন কিতাপে এইদৰে কৈছে, “তিৰোতাসকলক অপমান কৰা, এনে কোনো কথা যীচুৱে কেতিয়াও কোৱা নাছিল।” যিহোৱাৰ ইচ্ছা পূৰ কৰা তিৰোতাসকলক যীচুৱে বেছিকৈ সন্মান কৰিছিল। মন কৰিবলগীয়া কথা যে এনে তিৰোতাসকলক যীচুৱে নিজৰ ভনী বুলি কৈছিল আৰু তেওঁলোকক পুৰুষসকলৰ সমতুল্য বুলি গণ্য কৰিছিল। তেওঁ কৈছিল যে সকলোৱে তেওঁৰ পৰিয়ালৰ সদস্য হয়।—মথি ১২:৫০.

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

যীচুৱে সদায় ঈশ্বৰৰ ইচ্ছা পূৰ কৰা তিৰোতাসকলক সহায় কৰিছিল। তেওঁ তেওঁলোকক মূল্যাংকন কৰিছিল আৰু তেওঁলোকৰ ফলিয়া হৈ কথা কৈছিল। আহক চাওঁ, আমি কেনেকৈ যীচুৰ দৰে আমাৰ ভনীসকলৰ যত্ন লʼব পাৰোঁ।

আমাৰ মূল্যৱান ভনীসকলক গুৰুত্ব দিয়ক

৫. কিছুমান ভনীয়ে ভাল সংগতিৰ কিয় আনন্দ উপভোগ কৰিব নোৱাৰে?

আমি ভাই বা ভনী যিয়েই নহও কিয়, আমাক সকলোকে ভাল সংগতিৰ প্ৰয়োজন হয়। কিন্তু কিছুমান ভনীয়ে ভাল সংগতিৰ আনন্দ উপভোগ কৰিব নোৱাৰে। কিয় বাৰু? ইয়াৰ বিষয়ে কিছুমান ভনীয়ে কি কৈছে, আহক চাওঁ। জ্যোতি * নামৰ এগৰাকী ভনীয়ে এইদৰে কয়, “অবিবাহিত হোৱাৰ বাবে মোক প্ৰায়ে এনে লাগে যেন মণ্ডলীত মোৰ কোনো গুৰুত্বতা নাই। মোৰ কাৰো প্ৰয়োজন নাই।” কেৰেণ নামৰ ভনীগৰাকীয়ে এনে এখন ঠাইলৈ গৈছে, যʼত প্ৰচাৰকসকলৰ প্ৰয়োজন আছে। তাই এইদৰে কয়, “যেতিয়া আমি মণ্ডলীত নতুনকৈ আহোঁ, তেতিয়া আমি অকলশৰীয়া অনুভৱ কৰোঁ।” কিছুমান ভায়ে নতুন মণ্ডলীলৈ গʼলে, ঠিক এইদৰেই অনুভৱ কৰে। যি ভনীসকলৰ পৰিয়াল সত্যত নাই, তেওঁলোকেও হয়তো অকলশৰীয়া অনুভৱ কৰে। তেওঁলোকে ঘৰত আৰু মণ্ডলীতো আপোন যেন অনুভৱ নকৰে। কিছুমান ভনীয়ে অসুস্থ হোৱাৰ বাবে বা পৰিয়ালৰ কোনো অসুস্থ লোকক চোৱা-চিতা কৰাৰ বাবে বাহিৰলৈ যাব নোৱাৰে। তেওঁলোকেও হয়তো অকলশৰীয়া অনুভৱ কৰে। অনিতাই এইদৰে কয়, “ভাই-ভনীয়ে মোক নিমন্ত্ৰণ কৰিলে মই যাব নোৱাৰিছিলোঁ। কিয়নো মোৰ মা অসুস্থ আছিল আৰু মই তাইৰ চোৱা-চিতা কৰিছিলোঁ।”

যীচুৰ দৰে আমি ভনীসকলৰ যত্ন লʼব পাৰোঁ (অনুচ্ছেদ ৬-৯ চাওক) *

৬. লূক ১০:৩৮-৪২ পদৰ অনুসৰি যীচুৱে কেনেকৈ মাৰ্থা আৰু মৰিয়মক সহায় কৰিলে?

যিহোৱাৰ আধ্যাত্মিক তিৰোতাসকলৰ লগত যীচুৱে সময় অতিবাহিত কৰিছিল। যীচু তেওঁলোকৰ প্ৰকৃত বন্ধু আছিল। মাৰ্থা আৰু মৰিয়মৰ বিষয়ে ধ্যান দিয়ক। হয়তো তেওঁলোক অবিবাহিত আছিল। (লূক ১০:৩৮-৪২ পঢ়ক।) যীচুৰ ভাল কথা-বতৰা আৰু ব্যৱহাৰৰ বাবে তেওঁলোকে সংকোচ নকৰাকৈ যীচুৰ লগত কথা পাতিছিল। এবাৰ মৰিয়মে যীচুৰ শিক্ষা শুনিবলৈ তেওঁৰ ভৰিৰ কাষতে বহি আছিল। * মৰিয়মে মাৰ্থাক সহায় নকৰাৰ বাবে মৰিয়মে কোনো সংকোচ নকৰাকৈ যীচুক অভিযোগ কৰিছিল। সেইসময়তে যীচুৱে দুয়োগৰাকী ভনীক আধ্যাত্মিকভাৱে সহায় কৰিছিল। ইয়াৰ পাছতো যীচুৱে বহুবাৰ তেওঁলোকৰ ঘৰলৈ গৈছিল। কিয়নো তেওঁ সেই ভনীসকলক আৰু লাজাৰক বহুত প্ৰেম কৰিছিল। (যোহ. ১২:১-৩) সেইবাবে, যেতিয়া লাজাৰৰ বেমাৰ হৈছিল, তেতিয়া মাৰ্থা আৰু মৰিয়মে যীচুলৈ খবৰ পঠিয়াইছিল। কিয়নো তেওঁলোকে জানিছিল যে যীচুৱে তেওঁলোকক নিশ্চয় সহায় কৰিব।—যোহ. ১১:৩, ৫.

৭. আমি ভনীসকলৰ বিষয়ে চিন্তা কৰোঁ বুলি কেনেকৈ অনুভৱ কৰোৱাব পাৰোঁ?

কিছুমান ভনীয়ে কেৱল সভাতহে ভাই-ভনীসকলক লগ পায়। সেইবাবে, আমি সভাত তেওঁলোকৰ লগত প্ৰেমেৰ ব্যৱহাৰ কৰা উচিত আৰু ভালদৰে কথা পতা উচিত। আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ বুলি তেওঁলোকক অনুভৱ কৰোৱা উচিত। আগতে উল্লেখ কৰা জ্যোতিয়ে এইদৰে কয়, “ভাই-ভনীসকলে যেতিয়া মোৰ টিপ্পনীলৈ ধ্যান দিয়ে, মোৰ লগত প্ৰচাৰলৈ যাব বিচাৰে বা আন উপায়েৰে মোক সহায় কৰে, তেতিয়া মোৰ ভাল লাগে।” আমাৰ ভনীসকল মূল্যৱান হয় বুলি আমি তেওঁলোকক অনুভৱ কৰোৱা উচিত। কীয়াই এইদৰে কয়, “মই জানোঁ যে মোৰ খবৰ লʼবলৈ নিশ্চয় কোনোবাই মেছেজ কৰিব। ভাই-ভনীসকলে সঁচাকৈ মোৰ যত্ন লয়।”

৮. আমি যীচুৰ দৰে আৰু কি কৰিব পাৰোঁ?

যীচুৰ দৰে আমিও খ্ৰীষ্টান ভনীসকলৰ লগত সময় অতিবাহিত কৰিব পাৰোঁ। আমি তেওঁলোকক লঘু আহাৰৰ বাবে নিমন্ত্ৰণ কৰিব পাৰোঁ বা আজৰি সময়খিনি তেওঁলোকৰ লগত কটাব পাৰোঁ। কিন্তু আমি মনত ৰখা উচিত যে আমাৰ কথা-বতৰা উৎসাহজনক হোৱা উচিত। (ৰোম. ১:১১, ১২) প্ৰাচীনসকলে যীচুৰ দৰে দৃষ্টিভংগী ৰখা উচিত। যীচুৱে জানিছিল যে অবিবাহিত হৈ থকাটো কিছুমান লোকৰ বাবে কঠিন হʼব পাৰে। তথাপিও যীচুৱে স্পষ্টকৈ কৈছিল যে জীৱনত আনন্দ লাভ কৰিবলৈ বিয়া কৰা বা লʼৰা-ছোৱালী থকাৰ প্ৰয়োজন নাই। (লূক ১১:২৭, ২৮) যিহোৱাৰ সেৱাক প্ৰথম স্থান দিলেহে প্ৰকৃত আনন্দ লাভ কৰিব পাৰি।—মথি ১৯:১২.

৯. প্ৰাচীনে ভনীসকলৰ বাবে কি কৰিব পাৰে?

বিশেষকৈ প্ৰাচীনসকলে খ্ৰীষ্টান ভনীসকলৰ লগত ভনী আৰু মাতৃৰ দৰে ব্যৱহাৰ কৰা উচিত। (১ তীম. ৫:১, ২) তেওঁলোকে সভাৰ আগত বা পাছত ভনীসকলৰ লগত কথা পতা উচিত। আগতে উল্লেখ কৰা কেৰণে এইদৰে কয়, “মই অগ্ৰগামী সেৱা কৰাৰ লগতে চাকৰিও কৰিছিলোঁ। এজন প্ৰাচীনে লক্ষ্য কৰিলে যে মই বৰ ব্যস্ত থাকোঁ। তেওঁ মোক ব্যক্তিগত তালিকাৰ বিষয়ে সুধিলে। মই সঁচাকৈ তেওঁলোকক মূল্যাংকন কৰোঁ।” প্ৰাচীনসকলে ভনীসকলৰ খা-খবৰ লৈ থাকিলে তেওঁলোকে ভনীসকলক যত্ন লয় বুলি অনুভৱ কৰায়। * আগতে উল্লেখ কৰা অনিতাই কয় যে প্ৰাচীনসকলৰ লগত কথা পাতিলে কি লাভ আছে। তাই এইদৰে কয়, “মই তেওঁলোকক ভালদৰে জানিব পাৰোঁ আৰু তেওঁলোকেও মোক ভালদৰে জানিব পাৰে। সমস্যাৰ সময়ত মই কোনো সংকোচ নকৰাকৈ তেওঁলোকৰপৰা সহায় বিচাৰিব পাৰোঁ।”

ভনীসকলক মূল্যাংকন কৰক

১০. আমাৰ ভনীসকলক আনন্দিত কৰিবলৈ আমি কি কৰিব পাৰোঁ?

১০ যদি কোনোবাই আমাৰ কামৰ বাবে আমাক প্ৰশংসা কৰে, তেনেহʼলে আমি পুৰুষ বা স্ত্ৰী সকলোৱে আনন্দিত হওঁ। আনহাতে, যদি কোনোবাই আমাৰ দক্ষতা আৰু কামৰ ওপৰত ধ্যান নিদিয়ে, তেনেহʼলে আমি নিৰাশ হওঁ। অবিগেল নামৰ ভনীগৰাকীয়ো অনুভৱ কৰে যে তাইক কোনেও ধ্যান নিদিয়ে। তাই এইদৰে কয়, “মণ্ডলীৰ লোকসকলে কেৱল তাইৰ পিতৃ-মাতৃ অথবা ভাই-ভনীক জানে। মোৰ বিষয়ে কেৱল তেওঁলোকে ইমানেই জানে যে মই তেওঁলোকৰ পৰিয়ালৰ হয়। মই থাকোঁ বা নাথাকোঁ ই কোনো অৰ্থ নাৰাখে।” কিন্তু পেম নামৰ এগৰাকী ভনীৰ ভাল অনুভৱ হৈছিল। অবিবাহিত হৈ থকাৰ সময়ত তাই বহুবছৰ ধৰি মিছনেৰী হিচাপে সেৱা কৰিছিল। তাৰ পাছত তাই নিজৰ পিতৃ-মাতৃক চোৱা-চিতা কৰিবলৈ ঘৰলৈ উভতি আহিল। বৰ্তমান সময়ত পেমৰ বয়স ৭০ বছৰতকৈয়ো বেছি, তথাপি তাই অগ্ৰগামী সেৱা কৰি আছে। পেমে কয়, “ভাই-ভনীসকলে কৰা প্ৰশংসাই মোক যিহোৱাৰ সেৱা কৰি থাকিবলৈ সহায় কৰিছে।”

১১. যীচুৱে তেওঁৰ লগত সেৱা কৰা তিৰোতাসকলক মূল্যাংকন কৰিছিল বুলি আমি কিয় কʼব পাৰোঁ?

১১ যীচুৱে সেই তিৰোতাসকলক মূল্যাংকন কৰিছিল, যিসকলে ‘নিজ নিজ সম্পত্তিৰে’ তেওঁৰ সেৱা কৰিছিল। (লূক ৮:১-৩) তেওঁ সেই তিৰোতাসকলক নিজৰ সেৱা কৰাৰ সুযোগ দিয়াৰ উপৰিও তেওঁলোকক ঈশ্বৰৰ গভীৰ তত্ববোৰ শিকাইছিল। উদাহৰণস্বৰূপে, তেওঁ তেওঁলোকক কৈছিল যে তেওঁৰ মৃত্যু হʼব আৰু পুনৰ জীৱিত হʼব। (লূক ২৪:৫-৮) যিদৰে যীচুৱে পাঁচনিসকলক সাহস দিছিলি, ঠিক সেইদৰে তেওঁ আহিবলগীয়া সমস্যাবোৰ সন্মুখীন হʼবলৈ তিৰোতাসকলক সাহস দিয়ে। (মাৰ্ক ৯:৩০-৩২; ১০:৩২-৩৪) মন কৰিবলগীয়া কথা যে যীচুক গ্ৰেপ্তাৰ কৰাৰ সময়ত সকলো পাঁচনি তাৰপৰা পলাই গৈছিল। কিন্তু কিছুমান তিৰোতাই তেওঁৰ লগত আছিল আৰু যাতনা-স্তম্ভত শেষ নিশ্বাস লোৱাৰ সময়ত যীচুৰ ওচৰতে থিয় হৈ আছিল।—মথি ২৬:৫৬; মাৰ্ক ১৫:৪০, ৪১.

১২. যীচুৱে তিৰোতাসকলক কি কাম দিছিল?

১২ যীচুৱে তিৰোতাসকলক কিছুমান গুৰুত্বপূৰ্ণ কাম দিছিল। উদাহৰণস্বৰূপে, যেতিয়া যীচুৱে পুনৰ জীৱিত হৈছিল, তেতিয়া সৰ্বপ্ৰথমে তিৰোতাসকলেই তেওঁক দেখা পাইছিল। যীচুৱে সেই তিৰোতাসকলক তেওঁৰ পুনৰ জীৱিত হোৱাৰ বিষয়ে পাঁচনিসকলক কʼবলৈ কৈছিল। (মথি ২৮:৫, ৯, ১০) ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা শিষ্যসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিয়াৰ সময়ত হয়তো তাত তিৰোতাসকলেও আছিল। যিসকল ভনীয়ে পবিত্ৰ আত্মাৰে অভিষিক্ত হৈছিল, তেওঁলোকে বেলেগ বেলেগ ভাষা কোৱাৰ বৰ লাভ কৰিছিল আৰু লোকসকলক “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” কথা কৈছিল। —পাঁচ. ১:১৪; ২:২-৪, ১১.

১৩. (ক) আমাৰ ভনীসকলে কি কি কাম কৰে? (খ) আমি তেওঁলোকৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

১৩ আমাৰ ভনীসকল প্ৰশংসাৰ যোগ্য। কিয়নো তেওঁলোকে যিহোৱাৰ সেৱাত কঠিন পৰিশ্ৰম কৰে। তেওঁলোকে ঘৰ বনোৱা আৰু তদাৰক কৰা কামত সহায় কৰে। তেওঁলোকে অন্য ভাষা কোৱা সমূহত প্ৰচাৰ কৰে আৰু বেথেলত স্বেচ্ছাসেৱক হিচাপে কাম কৰে। তেওঁলোকে সাহাৰ্য্য সেৱা কৰে আৰু আমাৰ প্ৰকাশনবোৰ অনুবাদ কৰে। তেওঁলোকে অগ্ৰগামী আৰু মিছনেৰী হিচাপে সেৱা কৰে। তেওঁলোকে ভাইসকলৰ দৰে অগ্ৰগামী সেৱা স্কুল, ৰাজ্য প্ৰচাৰকসকলৰ স্কুল আৰু গিলিয়েড স্কুলত উপস্থিত হয়। কিছুমান ভনীয়ে নিজৰ স্বামীক মণ্ডলী আৰু সংগঠনৰ দায়িত্ব পালন কৰিবলৈ সহায় কৰে। এই দায়িত্বশীল ভাইসকল মানুহৰ ৰূপত “নানা বৰ” হয়। (ইফি. ৪:৮) পত্নীসকলে সহযোগ দিয়াৰ বাবে ভাইসকলে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিছে। গতিকে, এই ভনীসকলক আপুনি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰে?

১৪. গীতমালা ৬৮:১১ পদটো মনত ৰাখি প্ৰাচীনসকলে কেনেকৈ বুদ্ধিমতাৰে কাম কৰিব পাৰে?

১৪ প্ৰাচীনসকলে এই কথা বুজি পায় যে আজি প্ৰচাৰ কৰা ভনীসকলৰ এক “মহাবাহিনী” আছে। (গীতমালা ৬৮:১১ পঢ়ক।) বেছিভাগ ভনীয়ে প্ৰচাৰ কাৰ্য্যত নিপুণ হয়। তেওঁলোকে এই কাম আনন্দেৰে কৰে। সেইবাবে, প্ৰাচীনসকলে তেওঁলোকৰ দক্ষতাৰপৰা শিকিবলৈ চেষ্টা কৰে। আৰম্ভণিতে উল্লেখ কৰা অবিগেলৰপৰা ভাইসকলে জানিব বিচাৰে যে প্ৰচাৰ কাৰ্য্যত কিদৰে কথা-বতৰা আৰম্ভ কৰিব লাগে। তাই এইদৰে কয়, “ইয়াৰপৰা মই বুজিব পাৰোঁ যে যিহোৱাই নিজৰ সংগঠনত মোক গুৰুত্ব দিয়ে।” প্ৰাচীনসকলে এই কথাও বুজি পায় যে পৰিপক্ক ভনীসকলে ডেকা ভনীসকলক সমস্যাৰ সন্মুখীন হʼবলৈ সহায় কৰিব পাৰে। (তীত ২:৩-৫) আমাৰ ভনীসকল সঁচাকৈ প্ৰশংসাৰ যোগ্য।

ভনীসকলৰ ফলিয়া হৈ কথা পাতক

১৫. ভনীসকলৰ ফলিয়া হৈ কথা কোৱাটো কেতিয়া প্ৰয়োজন হয়?

১৫ ভনীসকলে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত তেওঁলোকৰ ফলিয়া হৈ কথা পতাটো অতি প্ৰয়োজন। (যিচ. ১:১৭) উদাহৰণস্বৰূপে, কোনো বিধবা বা বিবাহ বিচ্ছেদ হোৱা ভনীক কোনো কামত সহায় কৰিবলৈ তাইৰ ফলিয়া হৈ কথা পতা অতি প্ৰয়োজন আৰু তাইৰ স্বামীয়ে কৰা কামত সহায় কৰা উচিত। বৃদ্ধ ভনীসকলক ডাক্তৰৰ লগত কথা পাতিবলৈ কাৰোবাৰ প্ৰয়োজন হয়। যদি অগ্ৰগামী সেৱা কৰা এগৰাকী ভনীয়ে সংগঠনৰ আন এটা কামত সহায় কৰি আছে, তেনেহʼলে তাই আন অগ্ৰগামী সেৱকসকলৰ সমান প্ৰচাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰত যদি ভাই-ভনীয়ে তেওঁৰ বিৰুদ্ধে কথা কয়, তেনেহʼলে আমি তেওঁলোকৰ ফলিয়া হৈ কথা কোৱা উচিত। আমি আন এক উপায়েৰে ভনীসকলক সহায় কৰিব পাৰোঁ। ইয়াৰ বিষয়ে বুজিবলৈ আহক আমি পুনৰ যীচুৰ উদাহৰণলৈ ধ্যান দিওঁ।

১৬. মাৰ্ক ১৪:৩-৯ পদৰ অনুসৰি যীচুৱে মৰিয়মৰ ফলিয়া হৈ কেনেকৈ কথা কৈছিল?

১৬ যেতিয়া যীচুৱে দেখিছিল যে যিহোৱাৰ সেৱা কৰা ভনীসকলৰ বিষয়ে ভুল ধাৰণা ৰখা হৈছিল, তেতিয়া যীচুৱে তেওঁলোকৰ ফলিয়া হৈ কথা কৈছিল। উদাহৰণস্বৰূপে, মাৰ্থাই মৰিয়মৰ বিষয়ে অভিযোগ কৰাৰ সময়ত যীচুৱে তাইৰ ফলিয়া হৈ কথা কৈছিল। (লূক ১০:৩৮-৪২) মৰিয়মে ভুল কৰিছে বুলি লোকসকলে কোৱাৰ সময়তো যীচুৱে তাইৰ হৈ কথা কৈছিল। (মাৰ্ক ১৪:৩-৯ পঢ়ক।) যীচুৱে মৰিয়মৰ উদ্দেশ্য বুজি পাইছিল আৰু তাইৰ প্ৰশংসা কৰি এইদৰে কৈছিল, “তেওঁ মোলৈ উত্তম কৰ্ম্মকে কৰিলে। . . . তেওঁ যি পাৰিলে, তাকে কৰিলে।” যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে “গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্ত্তা ঘোষণা কৰা হব,” তাত তাইৰ কামৰ বিষয়ে আলোচনা কৰা হʼব। এই লেখতো তাইৰ কামৰ বিষয়ে আলোচনা কৰা হৈছে। মন কৰিবলগীয়া কথা যে যীচুৱে মৰিয়মক প্ৰশংসা কৰাৰ সময়ত এয়াও কৈছিল যে গোটেই জগতত প্ৰচাৰ কৰা হʼব। যীচুৰ এই কথা শুনি মৰিয়মে আনন্দিত হৈছিল। কিয়নো লোকসকলে তাইক হেয়জ্ঞান কৰিছিল।

১৭. এটা উদাহৰণ দি বুজাওক যে আমি কেতিয়া এগৰাকী ভনীৰ ফলিয়া হৈ কথা কোৱাৰ প্ৰয়োজন হয়?

১৭ প্ৰয়োজনৰ সময়ত আপুনিও ভনীসকলৰ ফলিয়া হৈ কথা কয়নে? উদাহৰণস্বৰূপে, এগৰাকী ভনীৰ স্বামী সত্যত নাই। তাই প্ৰায়ে সভালৈ দেৰিকৈ আহে আৰু সভা শেষ হোৱাৰ লগে লগে গুচি যায়। তাই নিজৰ লʼৰা-ছোৱালীক কেতিয়াবা কেতিয়াবা সভালৈ আনে। এইবোৰ দেখি কিছুমান লোকে তাইৰ বিষয়ে কথা পাতে। তাই সভালৈ নিজৰ লʼৰা-ছোৱালীক আনিবলৈ কিয় চেষ্টা নকৰে। তেওঁলোকে এই কথা বুজি নাপায় যে ভনীগৰাকীয়ে এই ক্ষেত্ৰত একো কৰিব নোৱাৰে। লʼৰা-ছোৱালীৰ ক্ষেত্ৰত স্বামীয়ে নিৰ্ণয় লয়। এনে পৰিস্থিতিত আপুনি কি কৰিব? যদি আপুনি তাইৰ প্ৰশংসা কৰে, তেনেহʼলে আনে তাইৰ বিষয়ে বেয়াকৈ নকʼব।

১৮. আমি আৰু কি কি উপায়েৰে ভনীসকলক সহায় কৰিব পাৰোঁ?

১৮ প্ৰয়োজনৰ সময়ত ভনীসকলক সহায় কৰি আমি দেখুৱাব পাৰোঁ যে আমি তেওঁলোকৰ যত্ন লওঁ। (১ যোহ. ৩:১৮) অসুস্থ মাকক চোৱা-চিতা কৰা অনিতাই এইদৰে কয়, “কেতিয়াবা কেতিয়াবা কিছুমান ভাই-ভনীয়ে আহি মোক সহায় কৰিছিল। তেওঁলোকে আমাৰ বাবে আহাৰ লৈ আনিছিল। তেওঁলোকৰ প্ৰেমে মোক অনুভৱ কৰালে যে মই মণ্ডলীৰ এক ভাগ হয়।” জ্যোতিৰ অনুভৱো এইদৰেই আছিল। এজন ভায়ে গাড়ীখন ভালদৰে ৰাখিবলৈ তাইক কিছুমান উপায় দিছিল। তাই এইদৰে কয়, “ইয়ে মোৰ হৃদয় স্পৰ্শ কৰে যে ভাই-ভনীসকলে মোৰ সুৰক্ষাৰ প্ৰতি ধ্যান দিয়ে।”

১৯. প্ৰাচীনসকলে কেনেকৈ ভনীসকলক সহায় কৰিব পাৰে?

১৯ যেতিয়া ভনীসকলক সহায়ৰ প্ৰয়োজন হয়, তেতিয়া প্ৰাচীনসকলেও কিছুমান পদক্ষেপ লয়। তেওঁলোকে জানে যে ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে। (যাকো. ১:২৭) তেওঁলোকে যীচুৰ দৰে তেওঁলোকক আদৰ দেখুৱায়। নিয়মবোৰ পালন কৰিবই লাগিব বুলি প্ৰাচীনসকলে ধৰি নাথাকে। কিছুমান ক্ষেত্ৰত প্ৰাচীনসকলে তেওঁলোকৰ ওপৰত এৰি দিয়ে। (মথি ১৫:২২-২৮) যেতিয়া কীয়াৰ ঘৰ সলনি কৰিব বুলি প্ৰচাৰসমূহৰ অধ্যক্ষই শুনিলে, তেতিয়া তেওঁ লগে লগে তাইক সহায় কৰিবলৈ ব্যৱস্থা কৰিলে। কীয়াই এইদকে কয়, “মোৰ মনৰপৰা এটা ডাঙৰ বোজা আঁতৰি গʼল। প্ৰাচীনসকলে মোক সাহস দিলে আৰু ঘৰ সলনি কৰাত সহায় কৰিলে। মই অনুভৱ কৰিব পাৰিলোঁ যে মণ্ডলীৰ প্ৰাচীনে মোৰ যত্ন লয় আৰু প্ৰয়োজনৰ সময়ত মোক সহায় কৰিব।”

সকলো ভনীক আমাৰ সহায়ৰ প্ৰয়োজন আছে

২০-২১. যদি আমি ভনীসকলক মূল্যৱান বুলি গণ্য কৰোঁ, তেনেহʼলে আমি তেওঁলোকৰ বাবে কি কি কৰিম?

২০ আজি আমাৰ মণ্ডলীত এনে বহুতো ভনী আছে, যিসকলে পৰিশ্ৰম কৰে। আমি তেওঁলোকক সহায় কৰা উচিত। এই লেখত আমি শিকিলোঁ যে আমি যীচুৰ দৰে তেওঁলোকৰ লগত সময় অতিবাহিত কৰিব পাৰোঁ আৰু তেওঁলোকৰ বিষয়ে ভালদৰে জানিব পাৰোঁ। আমি তেওঁলোকে কৰা পৰিশ্ৰমৰ বাবে মূল্যাংকন দেখুৱাব পাৰোঁ আৰু প্ৰয়োজন হʼলে তেওঁলোকৰ ফলিয়া হৈ কথা কʼব পাৰোঁ।

২১ পৌলে ৰোমৰ ভাই-ভনীসকললৈ লিখা চিঠিৰ শেষত ৯ গৰাকী ভনীৰ বিষয়ে উল্লেখ কৰিছে আৰু তেওঁলোকৰ প্ৰশংসা কৰিছে। (ৰোম. ১৬:১, ৩, ৬, ১২, ১৩, ১৫) নিজৰ বিষয়ে প্ৰশংসা শুনি হয়তো তেওঁলোক আনন্দিত হৈছিল। গতিকে, আহক আমাৰ মণ্ডলীৰ ভনীসকলক সহায় কৰোঁ আৰু তেওঁলোক আমাৰ আধ্যাত্মিক পৰিয়ালৰ সদস্য হয় বুলি অনুভৱ কৰাওঁ।

গীত ১৩৬ যিহোৱাই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ে

^ অনু. 5 আমাৰ খ্ৰীষ্টান ভনীসকলে বহুতো সমস্যাৰ সন্মুখীন হয়। এই লেখত আলোচনা কৰিম যে আমাৰ খ্ৰীষ্টান ভনীসকলক যীচুৰ দৰে আমি কেনেকৈ উৎসাহিত কৰিব পাৰিম আৰু সহায় কৰিব পাৰিম। আমি এয়াও চাম যে যীচুৱে তেওঁলোকৰ লগত কেনেকৈ সময় অতিবাহিত কৰিছিল, তেওঁলোকক মূল্যাংকন কৰিছিল আৰু তেওঁলোকৰ ফলিয়া হৈ কথা কৈছিল।

^ অনু. 5 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 6 বাইবেলৰ ওপৰত মন্তব্য দিয়া এখন কিতাপে এইদৰে কৈছে, ‘গুৰুৰ ভৰিৰ কাষত কেৱল শিষ্যসকলেহে বহি শুনিব পাৰে। তেওঁলোকে এইবাবে ভৰিৰ কাষত বহি শুনিছিল, যাতে ভৱিষ্যতে তেওঁলোকে গুৰু হʼব পাৰে। কিন্তু এজন শিক্ষক হোৱাৰ সন্মান তিৰোতাসকলক দিয়া নহৈছিল। যেতিয়া যিহূদী লোকসকলে মৰিয়মক যীচুৰ ভৰিৰ কাষত বহি শুনি থকা দেখিলে, তেতিয়া তেওলোকে হয়তো আচৰিত হৈছিল।’

^ অনু. 9 প্ৰাচীনসকলে ভনীসকলক সহায় কৰাৰ সময়ত সাৱধান হোৱা উচিত। উদাহৰণস্বৰূপে, এজনী ভনীক লগ কৰিবলৈ যোৱাৰ সময়ত, প্ৰাচীনসকলে অকলে যোৱা উচিত নহয়।

^ অনু. 65 ছবিৰ বিষয়ে: কিছুমান ভায়ে বিশ্বাসী ভনীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিছে। এজন ভায়ে দুগৰাকী ভনীৰ গাড়ীৰ টায়াৰ সলনি কৰিছে। আন এজন ভায়ে অসুস্থ ভনী এগৰাকীক দেখা কৰিবলৈ গৈছে। এজন ভাই আৰু তেওঁৰ পত্নীয়ে এগৰাকী ভনী আৰু তাইৰ ছোৱালীৰ ঘৰলৈ গৈ পাৰিবাৰিক উপাসনা কৰিছে।