Skip to content

Skip to table of contents

অধ্যনয়ৰ লেখ ৪০

“তোমাক যি গতাই দিয়া হল তাক পহৰা দি ৰাখা”

“তোমাক যি গতাই দিয়া হল তাক পহৰা দি ৰাখা”

“তীমথিয়, তোমাত যি গতাই দিয়া হল, তাক পহৰা দি ৰাখা।”—১ তীম. ৬:২০.

গীত ২৯ তোমাৰ নাম সদায় উচ্চ কৰোঁ

লেখৰ এক আভাস *

১-২. প্ৰথম তীমথিয় ৬:২০ পদৰ অনুসৰি তীমথিয়ে কি দায়িত্ব দিয়া হৈছিল?

আমি প্ৰায়ে আমাৰ বহুমূলীয়া বস্তু আনৰ তত্বাৱধানত ৰাখোঁ। উদাহৰণস্বৰূপে, আমি হয়তো আমাৰ টকা-পইচা বেংকত জমা ৰাখোঁ। আমি জানোঁ যে এইদৰে থাকিলে আমাৰ সম্পত্তি সুৰক্ষিত থাকিব আৰু কোনেও চুৰ নকৰিব। গতিকে, আমি বুজবি পাৰোঁ যে আমি আমাৰ ধন-সম্পত্তি এনে এজন ব্যক্তিৰ ওচৰত ৰাখোঁ, যাৰ ওপৰত আমি ভৰসা কৰিব পাৰোঁ।

প্ৰথম তীমথিয় ৬:২০ পঢ়ক। পাঁচনি পৌলে তীমথিয়ক মনত পেলাই দিছিল যে তেওঁ কিছুমান মূল্যৱান বস্তু লাভ কৰিছে। এটা হৈছে তেওঁক ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান দিয়া হৈছে। আনটো হৈছে তেওঁক ঈশ্বৰৰ “বাক্য ঘোষণা” কৰিবলৈ দায়িত্ব দিয়া হৈছিল। (২ তীম. ৪:১, ২, ৫) তীমথিয়ে যি লাভ কৰিছিল, তাক ভালদৰে ৰাখিবলৈ পৌলে তেওঁক উৎসাহিত কৰিছিল। তীমথিয়ৰ দৰে যিহোৱা ঈশ্বৰে আমাকো কিছুমান মূল্যৱান বস্তু দিছে। সেইবোৰ কি? আমি সেইবোৰ কিয় ভালদৰে ৰখা উচিত?

আমি সত্যৰ অমূল্য ৰত্ন লাভ কৰিছোঁ

৩-৪. বাইবেলৰ সত্যতা কি কি কাৰণৰ বাবে মূল্যৱান হয়?

যিহোৱাই আমাক অনুগ্ৰহ কৰিছে আৰু সত্যৰ অমূল্য জ্ঞান দিছে। বাইবেলত দিয়া সত্যতা অমূল্য হয়। কিয়নো বাইবেলৰ সত্যতা শিকাৰ যোগেদি আমি জানিব পাৰিলোঁ যে আমি কেনেকৈ যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰোঁ আৰু জীৱনত কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰোঁ? এই সত্যতা গ্ৰহণ কৰাৰ যোগেদি আমি মিছা শিক্ষা আৰু অনৈতিক কাৰ্য্যবোৰ ত্যাগ কৰিছোঁ।—১ কৰি. ৬:৯-১১.

বাইবেলৰ সত্যতা আন এক কাৰণত মূল্যৱান হয়। যিহোৱা ঈশ্বৰে এই সত্যতা “নিৰূপিত” হোৱা নম্ৰ লোকসকলক জনায়। (পাঁচ. ১৩:৪৮) তেওঁলোকে বিশ্বাস কৰে যে যিহোৱা ঈশ্বৰে নিজৰ বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি বৰ্তমান সময়ত আধ্যাত্মিক আহাৰৰ ব্যৱস্থা কৰিছে। (মথি ১১:২৫; ২৪:৪৫) এই সত্যতা ৰত্নৰ দৰে হয় আৰু বিশ্বাসী বুদ্ধিমান দাসৰ অবিহনে আমি এই সত্যতা বুজিব নোৱাৰিম।—হিতো. ৩:১৩, ১৫.

৫. যিহোৱা ঈশ্বৰে আমাক আৰু কি দিছে?

যিহোৱাই আনক সত্যতা শিকাবলৈ আমাক সুযোগ দিছে। (মথি ২৪:১৪) আমি লোকসকলক যি সত্যতা শিকাও, সেয়া অতি গুৰুত্বপূৰ্ণ। যিসকলে এই সত্যতা গ্ৰহণ কৰে, তেওঁলোকে যিহোৱাৰ পৰিয়ালৰ এজন সদস্য হৈ পৰে আৰু তেওঁলোকে অনন্ত জীৱন লাভ কৰিবলৈ সুযোগ পায়। (১ তীম. ৪:১৬) আমি প্ৰচাৰ কাৰ্য্য যিমানেই নকৰোঁ কিয়, আমি সকলোৱে এই গুৰুত্বপূৰ্ণ কাৰ্য্যত সহযোগ কৰোঁ। (১ তীম. ২:৩, ৪) সঁচাকৈ, যিহোৱাৰ সহকৰ্মী হোৱাটো কিমান যে গৌৰৱৰ কথা।—১ কৰি. ৩:৯.

আপোনাক যি দিয়া হৈছে তাক ভালদৰে ৰাখক

তীমথিয়ে সত্যত দৃঢ় হৈ থাকিবলৈ এক নিৰ্ণয় লʼবলগীয়া হৈছিল। কিয়নো বহুতোলোকে সত্য এৰি গুচি গৈছিল (অনুচ্ছেদ ৬ চাওক)

৬. কিছুমান খ্ৰীষ্টানৰ কি পৰিণাম হৈছিল?

তীমথিয়ৰ সময়ত কিছুমান খ্ৰীষ্টানে সাৱধানতা অৱলম্বন কৰা নাছিল। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ সহকৰ্মী হোৱাৰ সন্মান হেৰুৱালে। দীমাই এই সংসাৰৰ মোহ-মায়াত পৰিল আৰু তেওঁ পৌলৰ লগত সেৱা কৰাৰ সুযোগ হেৰুৱালে। (২ তীম. ৪:৯, ১০) ফুগিল্ল আৰু হৰ্ম্মগিনিয়ে পৌলৰ দৰে তাড়না ভুগিব লাগিব বুলি ভয় কৰিছিল। সেইবাবে, হয়তো তেওঁলোকে সেৱা কৰিবলৈ এৰি দিলে। (২ তীম. ১:১৫) হুমিনায়, আলেকজান্দৰ আৰু ফিলীতে সত্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু যিহোৱাৰপৰা আঁতৰি যায়। (১ তীম. ১:১৯, ২০; ২ তীম. ২:১৬-১৮) অনুমান কৰা হৈছে যে আৰম্ভণিতে সকলোৱে সত্যত দৃঢ় আছিল। কিন্তু তেওঁলোকে লাহে লাহে সত্যৰ প্ৰতি মূল্যাংকন দেখুৱাবলৈ এৰি দিয়ে।

৭. চয়তানে কি কি ষড়যন্ত্ৰ কৰে?

চয়তানে আজিও ষড়যন্ত্ৰ কৰে যাতে যিহোৱাৰপৰা লাভ কৰা মূল্যৱান সম্পত্তি আমি হেৰুৱাই পেলাওঁ। সি টিভি চিনেমা আৰু ইণ্টানেটৰ দ্বাৰা বেয়া চিন্তা কৰিবলৈ উৎসাহিত কৰে। সি আমাক এনে কাম কৰিবলৈ উৎসাহিত কৰে, যাৰ বাবে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম কমি যায় আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমি এৰি দিওঁ। চয়তানে আমাৰ মনত এই ভয় সুমোৱাবলৈ চেষ্টা কৰে যে লোকসকলে আমাৰ বিষয়ে কি ভাবিব বা তেওঁলোকে আমাক তাড়না দিব নেকি। সি এনে কৰাৰ কাৰণ হৈছে আমি যাতে প্ৰচাৰ কৰিবলৈ এৰি দিওঁ। সি আমাক ধৰ্মত্যাগীসকলৰ কথা শুনিবলৈ প্ৰলোভিত কৰে, যাতে আমি তেওঁলোকৰ ‘কল্পিত বিদ্যাৰ’ কথা শুনি সত্য এৰি দিওঁ।—১ তীম. ৬:২০, ২১.

৮. দানিয়েলৰপৰা আমি কি শিকিব পাৰোঁ?

যদি আমি সাৱধান নহওঁ, তেনেহʼলে আমি লাহে লাহে সত্যৰপৰা আঁতিৰ যাব পাৰোঁ? দানিয়েল * নামৰ ভাইজনৰ উদাহৰণলৈ মন কৰক। তেওঁ ভিডিঅʼ গেম খেলি ভাল পাইছিল। তেওঁ এইদৰে কয়, “যেতিয়া মই ১০ বছৰৰ আছিলোঁ, তেতিয়াৰেপৰা মই ভিডিঅʼ গেম খেলিবলৈ আৰম্ভ কৰিলোঁ। আৰম্ভণিতে মই কিছুমান ভাল গেম খেলিছিলোঁ। লাহে লাহে মই এনে গেম খেলিবলৈ আৰম্ভ কৰিলোঁ, যিবোৰ গেমত যাদুবিদ্যা আৰু হিংসাত্মক কাৰ্য্য জড়িত আছিল।” পাছলৈ তেওঁ প্ৰতিদিনে ১৫ ঘণ্টা ভিডিঅʼ গ্ৰেম খেলিবলৈ ধৰিলে। তেওঁ কয়, “মই জানিছিলোঁ এনেদৰে গেম খেলাটো উচিত নহয় আৰু ইমান সময় অতিবাহিত কৰাটো সঠিক নহয়। মই বুজিব পাৰিছিলোঁ যে এনে কৰাৰ বাবে মই যিহোৱাৰপৰা লাহে লাহে আঁতৰি গৈছিলোঁ। কিন্তু মই নিজকে বুজাইছিলোঁ যে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ কোনো প্ৰয়োজন নাই।” গতিকে, আমি দেখিব পাৰিলোঁ যে যদি আমি সাৱধান নহওঁ, তেনেহʼলে ভিডিঅʼ গেম, ইণ্টাৰনেট আদিৰ বাবে আমাৰ কি কি বিপদ আহিব পাৰে। লাহে লাহে আমি সত্যৰপৰা বিচলিত হʼব পাৰোঁ আৰু আমি যিহোৱাপৰা লাভ কৰা মূল্যৱান আশীৰ্বাদবোৰ হেৰুৱাই পেলাব পাৰোঁ।

সত্যত থাকিবলৈ আমি কি কৰা উচিত

৯. প্ৰথম তীমথিয় ১:১৮, ১৯ পদৰ অনুসৰি পাঁচনি পৌলে তীমথিয়ক কি পৰামৰ্শ দিছিল?

প্ৰথম তীমথিয় ১:১৮, ১৯ পঢ়ক। এই লেখত পাঁচনি পৌলে তীমথিয়ক সৈনিকৰ দৰে উত্তম যুদ্ধৰে যুদ্ধ কৰি থাকিবলৈ পাৰমৰ্শ দিছে। তীমথিয়ই সঁচাকৈ কোনো যুদ্ধ কৰিবলগীয়া হোৱা নাছিল। তেনেহʼলে তীমথিয়ই কি অৰ্থত সৈনিকৰ দৰে আছিল আৰু আজি আমিও কেনেকৈ সৈনিকৰ দৰে হোৱা উচিত? খ্ৰীষ্টৰ এজন সৈনিক হোৱাৰ বাবে আমাৰ মাজত কেনে গুণ থকাৰ প্ৰয়োজন? পৌলৰ সৈনিকৰ উদাহৰণৰপৰা আমি পাঁচটা কথা শিকিব পাৰোঁ। এই কথাবোৰ পালন কৰিলে আমি সত্যত থাকিব পাৰিম। আহক ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

১০. (ক) ঈশ্বৰৰ প্ৰতি ভক্তি থকাৰ অৰ্থ কি? (খ) এই ভক্তি ভাবনা থকাৰ কিয় প্ৰয়োজন?

১০ ঈশ্বৰৰ প্ৰতি ভক্তি ভাবনা বঢ়াওক। ঈশ্বৰৰ প্ৰতি ভক্তি দেখুৱাৰ অৰ্থ হৈছে ঈশ্বৰক প্ৰেম কৰা আৰু তেওঁৰ প্ৰতি বিশ্বাসী হৈ থকা। এজন ভাল সৈনিক নিষ্ঠাৱান হয়। তেওঁ যাক প্ৰেম কৰে আৰু যিবোৰ বস্তুক মূল্যৱান বুলি গণ্য কৰে, তাক সুৰক্ষা দিবলৈ তেওঁ মণে-প্ৰাণে চেষ্টা কৰে। পৌলে তীমথিয়ক ঈশ্বৰৰ প্ৰতি ভক্তি ভাবনা বঢ়াবলৈ কৈছিল। (১ তীম. ৪:৭) যেতিয়া যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম বাঢ়িব আৰু তেওঁৰ প্ৰতি আমি বিশ্বাসী হৈ থাকিব বিচাৰিম, তেতিয়া আমি যিকোনো পৰিস্থিতিত সত্যক ত্যাগ নকৰিম।—১ তীম. ৪:৮-১০; ৬:৬.

গোটেই দিনটো কাম কৰাৰ পাছত আমি সভাত উপস্থিত হʼবলৈ নিজকে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কিন্তু এনে কৰিলে আমি আশীৰ্বাদ লাভ কৰোঁ! (অনুচ্ছেদ ১১ চাওক)

১১. আমাক আত্মসংযম গুণৰ কিয় প্ৰয়োজন?

১১ আত্মসংযম হʼবলৈ চেষ্টা কৰক। এজন সৈনিকে সকলো কাম শৃংখলাবদ্ধভাৱে কৰিবলৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। তেতিয়াহে তেওঁ যুদ্ধ কৰিবলৈ সদায় সাজু থাকিব পাৰিব। পৌলে তীমথিয়ক বেয়া ইচ্ছাৰপৰা আঁতৰি থাকিবলৈ, ঈশ্বৰে ভাল পোৱা গুণবোৰ বিকশিত কৰিবলৈ আৰু ভাই-ভনীসকলৰ লগত সংগতি কৰবলৈ পৰামৰ্শ দিছিল। (২ তীম. ২:২২) আত্মসংযম গুণৰ বাবে পৌলে এইবোৰ কৰিব পাৰিলে। আমিও আত্মসংযম হোৱা উচিত, যাতে আমি শাৰীৰিক ইচ্ছাবোৰৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰিম। (ৰোম. ৭:২১-২৫) ইয়াৰ উপৰিও, পুৰাতন পুৰুষক সুলোকাই পেলাই, নতুন পুৰুষক পিন্ধিবলৈ আমাক আত্মসংযম গুণৰ প্ৰয়োজন। (ইফি. ৪:২২, ২৪) ভাই-ভনীসকলৰ লগত সংগতি কৰিবলৈ আমি সংঘৰ্ষ কৰাৰ প্ৰয়োজন। যদি গোটেই দিন কাম কৰি আমি ভাগৰি পৰোঁ আৰু সভালৈ যাবলগীয়া হয়, তেনেহʼলে এয়া সহজ নহয়। আমি নিজকে বুজাবলগীয়া হয় যে সভালৈ যোৱাটো অতি প্ৰয়োজন। —ইব্ৰী ১০:২৪, ২৫.

১২. বাইবেলখন ভালদৰে ব্যৱহাৰ কৰিবলৈ আমি কি কৰা উচিত?

১২ এজন সৈনিকে অস্ত্ৰ-শস্ত্ৰ চলাবলৈ অভ্যাস কৰাৰ প্ৰয়োজন। যেতিয়া তেওঁ একেৰাহে এইদৰে কৰে, তেতিয়া তেওঁ অস্ত্ৰ-শস্ত্ৰ ভালদৰে চলাবলৈ শিকে। আমিও ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকা উচিত। (২ তীম. ২:১৫) ইয়াক ভালদৰে ব্যৱহাৰ কৰিবলৈ আমাক সভাত শিকোৱা হয়। সভাৰ উপৰিও, আমি নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰা উচিত। এইদৰে কৰিলে আমি আনক বিশ্বাস জন্মাব পাৰিম যে বাইবেলৰ সত্যতা পালন কৰিলে তেওঁলোক লাভৱান হʼব। আমাৰ নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি বাইবেল অধ্যয়ন কৰা উচিত। কেৱল বাইবেল পঢ়াই যথেষ্ট নহয়, আমি তাৰ বিষয়ে ধ্যান কৰা উচিত আৰু প্ৰকাশনবোৰত অনুসন্ধান কৰা উচিত। তেতিয়াহে আমি শাস্ত্ৰপদবোৰ ভালদৰে বুজিব পাৰিম। (১ তীম. ৪:১৩-১৫) এইদৰে কৰিলে আমি আনক শিকোৱাৰ সময়ত ভালদৰে বাইবেল ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ অৰ্থ এইটো নহয় যে আমি কেৱল বাইবেলৰ পদবোৰ পঢ়ি শুনাম। আমি এয়াও বুজোৱা উচিত যে শাস্ত্ৰপদৰ অৰ্থ কি আৰু ইয়াৰ অনুসৰি তেওঁলোকে কি পদক্ষেপ লʼব পাৰে। যেতিয়া আমি ব্যক্তিগতভাৱে নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰিম, তেতিয়া আমি ইয়াক প্ৰচাৰ কাৰ্য্যত ভালদৰে ব্যৱহাৰ কৰিব পাৰিম।—২ তীম. ৩:১৬, ১৭.

১৩. ইব্ৰী ৫:১৪ পদৰ অনুসৰি আমি কিয় বুদ্ধিমতাৰে কাম কৰা উচিত?

১৩ বুদ্ধিমতাৰে কাম কৰক। এজন ভাল সৈনিকে বুদ্ধিমতাৰে কাম কৰে। তেওঁ আগতিয়াকৈ বিপদৰ অনুমান কৰে আৰু সতৰ্ক হৈ থাকে। আমি বুদ্ধিমতাৰে কাম কৰা উচিত আৰু বিপদৰপৰা আঁতৰি থকা উচিত। (হিতো. ২২:৩; ইব্ৰী ৫:১৪ পঢ়ক।) উদাহৰণস্বৰূপে, যেতিয়া আমি মনোৰঞ্জন কৰোঁ, তেতিয়া আমি আগতিয়াকৈ ভবা উচিত যে আমি কি চাম আৰু কি নাচাম। বেছিভাগ টিভিৰ কাৰ্য্যক্ৰম আৰু চিনেমাত অনৈতিক কাৰ্য্যবোৰ দেখুৱা হয়। যিহোৱাই এনে কামবোৰ ঘৃণা কৰে আৰু যিসকল লোকে এনে কামবোৰ কৰে, তেওঁলোকে নিজকো আৰু আনকো আঘাত দিয়ে। এনেধৰণৰ মনোৰঞ্জন কৰিলে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম লাহে লাহে কমি যাব। সেইবাবে, আমি এনেধৰণৰ মনোৰঞ্জনৰপৰা আঁতিৰ থকা উচিত।—ইফি. ৫:৫, ৬.

১৪. দানিয়েলে যেতিয়া বুদ্ধিমতাৰে কাম কৰিবলৈ ধৰিলে, তেতিয়া কি লাভ হʼল?

১৪ দানিয়েল, যাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছে, তেওঁ লাহে লাহে বুজিব পাৰিলে যে হিংসাত্মক আৰু যাদুবিদ্যাৰ লগত জড়িত থকা ভিডিঅʼ গেমবোৰ খেলাটো ভুল হয়। তেওঁ ওৱাচটাৱাৰ লাইব্ৰেৰীত অনুসন্ধান কৰিলে যে এই ভিডিঅʼ গেম খেলাৰ অভ্যাস ত্যাগ কৰিবলৈ তেওঁ কি কৰা উচিত। ইয়াৰ পৰিণাম কি হʼল? তেওঁ সেই ভিডিঅʼ গেম খেলিবলৈ এৰি দিলে, তেওঁ অনলাইন গেমৰ চাবস্ক্ৰিপশ্ব্যন বন্ধ কৰিলে আৰু আনৰ লগত অনলাইনত খেলিবলৈ এৰি দিলে। দানিয়েলে এইদৰে কয়, “মই ঘৰত বহি ভিডিঅʼ গেম খেলাৰ পৰিৱৰ্তে আজৰি সময়ত মই বাহিৰলৈ যাবলৈ ধৰিলোঁ। মই মণ্ডলীৰ ভাই-ভনীসকলৰ লগতো সংগতি কৰিবলৈ ধৰিলোঁ।” দানিয়েলে আজি অগ্ৰগামী সেৱক আৰু প্ৰাচীন হিচাপে সেৱা কৰি আছে।

১৫. মিছা কথাৰ ওপৰত ধ্যান দিলে আমাৰ কি বিপদ হʼব পাৰে?

১৫ তীমথিয়ৰ দৰে আমি আৰু এটা বিপদৰপৰা সাৱধান হোৱা উচিত। আমি ধৰ্মত্যাগীসকলে কোৱা মিছা কথাৰপৰা আঁতৰি থকা উচিত। (১ তীম. ৪:১, ৭; ২ তীম. ২:১৬) উদাহৰণস্বৰূপে, তেওঁলোকে আমাৰ ভাই-ভনীসকলৰ বিষয়ে মিছা কথা কয় আৰু যিহোৱাৰ সংগঠনৰ বিষয়ে আমাৰ মনত সন্দেহ জন্মাবলৈ চেষ্টা কৰে। এনেধৰণৰ কথাৰ ওপৰত ধ্যান দিলে, আমাৰ বিশ্বাস দুৰ্বল হʼব পাৰে। আমি ধৰ্মত্যাগীসকলৰ ফুচলনিত ভুল যাব নালাগে। কিয়নো তেওঁলোকৰ “মন-ভ্ৰষ্ট আৰু সত্যহীন” হৈছে। তেওঁলোকে ‘বাদ-বিচাৰ আৰু বাঘযুদ্ধ’ কৰিবলৈ সুযোগ বিচাৰি থাকে। (১ তীম. ৬:৪, ৫ ) আমি তেওঁলোকৰ কথা বিশ্বাস কৰা আৰু ভাই-ভনীসকলৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিয়াটো তেওঁলোকে বিচাৰে।

১৬. আমি কি কি কাৰণৰ বাবে নিজৰ ধ্যান বিচলিত হʼবলৈ দিয়া উচিত নহয়?

১৬ নিজৰ ধ্যান বিচলিত হʼবলৈ নিদিব। তীমথিয়ই ‘খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈন্য’ হৈ নিজৰ সম্পূৰ্ণ ধ্যান সেৱা কাৰ্য্যত লগোৱাৰ প্ৰয়োজন আছিল। তেওঁক ধন-সম্পত্তি আৰু আন বিষয়বোৰৰ বাবে নিজৰ ধ্যান বিচলিত হʼবলৈ দিয়া উচিত নাছিল। (২ তীম. ২:৩, ৪) আমিও সাৱধান হোৱা উচিত যাতে আমি ধন-সম্পত্তি অৰ্জন কৰাত ব্যস্ত হৈ নাথাকোঁ। “ধনৰ মায়াই বাক্য হেঁচি ধৰে।” এইবোৰ অৰ্জন কৰাত ব্যস্ত থাকিলে, যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম কমি যাব। আমি তেওঁৰ বাক্যক মূল্যাংকন নকৰিম আৰু প্ৰচাৰ কাৰ্য্যতো আমাৰ উৎসাহ কমি যাব। (মথি ১৩:২২) আমি সৰল জীৱন-যাপন কৰা উচিত। আমি ‘তেওঁৰ ৰাজ্য বিচাৰিবলৈ’ সময় আৰু শক্তি ব্যৱহাৰ কৰা উচিত।—মথি ৬:২২-২৫, ৩৩.

১৭-১৮. আমি বিপদৰপৰা বাছি থাকিবলৈ কি কৰিব পাৰোঁ?

১৭ শীঘ্ৰে পদক্ষেপ লʼবলৈ সাজু থাকক। এজন সৈনিকে আগতিয়াকৈ ভবাৰ প্ৰয়োজন যে বিপদ আহিলে তেওঁ কি কৰিব। আমিও আগতিয়াকৈ ভবা উচিত যে সমস্যা আহিলে আমি কি কৰিম। এইদৰে কৰিলে যিহোৱাই আমাক যি দিছে, তাক আমি সুৰক্ষা দিবলৈ লগে লগে পদক্ষেপ লʼব পাৰিম।

১৮ উদাহৰণস্বৰূপে, যেতিয়া কোনো এখন ডাঙৰ সভা হয়, তেতিয়া তাত উপস্থিত থকা লোকসকলক কোৱা হয় যে আপাতকালীন পৰিস্থিতিত তেওঁলোকে কোনখন দুৱাৰেদি বাহিৰলৈ ওলাব পাৰে। যদি কিবা বিপদ আহে তেনেহʼলে লোকসকলে লগে লগে পদক্ষেপ লʼব পাৰে। ঠিক সেইদৰে, আমি আগতিয়াকৈ ভবা উচিত যে ইণ্টাৰনেট চলোৱাৰ সময়ত বা টিভিৰ কাৰ্য্যক্ৰম, চিনেমা চোৱাৰ সময়ত কিবা বেয়া দৃশ্য দেখুৱা হয়, তেতিয়া আমি কি কৰিম। যদি অনৈতিক দৃশ্য, হিংসাত্মক কাৰ্য্য বা ধৰ্মত্যাগীসকলৰ মিছা কথা তুলি ধৰা হয়, তেনেহʼলে আমি লগে লগে ইণ্টাৰনেট বা টিভিৰ কাৰ্য্যক্ৰম বন্ধ কৰা উচিত। এইদৰে যদি আমি বিপদৰপৰা লগে লগে ওলাই আহিম, তেনেহʼলে আমি যিহোৱাৰ লগত আমাৰ সম্পৰ্ক বজাই ৰাখিব পাৰিম আৰু তেওঁৰ দৃষ্টিত আমি শুদ্ধ হৈ থাকিব পাৰিম।—গীত. ১০১:৩; ১ তীম. ৪:১২.

১৯. যিহোৱাই আমাক যি দিছে, তাক ভালদৰে ৰাখিলে আমি কি কি আশীৰ্বাদ লাভ কৰিব পাৰিম?

১৯ যিহোৱাই আমাক যি দিছে, সেয়া সঁচাকৈ মূল্যৱান। তেওঁ আমাক বাইবেলৰ সত্যতা দিছে আৰু এইবোৰ আনক শিকাবলৈও সুযোগ দিছে। যেতিয়া আমি এইবোৰ ভালদৰে ৰাখিম, তেতিয়া আমাৰ বিবেক শুদ্ধ হৈ থাকিব। আমি অৰ্থপূৰ্ণ জীৱন জীয়াই থাকিব পাৰিম আৰু যিহোৱাৰ বিষয়ে আনক জানিবলৈ সহায় কৰি আমি আনন্দ লাভ কৰিম। যিহোৱাই আমাক সহায় কৰিব। সেইবাবে, আমাক যি দিয়া হৈছে, তাক আমি ভালদৰে ৰাখিব পাৰিম।—১ তীম. ৬:১২, ১৯.

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

^ অনু. 5 আমি সত্য শিকিবলৈ আৰু তাৰ বিষয়ে আনক জনাবলৈ আমি আশীৰ্বাদ লাভ কৰিছোঁ। এই আশীৰ্বাদ ধৰি ৰাখিবলৈ আৰু ইয়াক কেতিয়াও ত্যাগ নকৰিবলৈ এই লেখে আমাক সহায় কৰিব।

^ অনু. 8 কিছুমান নাম সলনি কৰা হৈছে।