Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৬

সাহসী হওক—যিহোৱা আপোনাৰ সহায়কৰ্তা

সাহসী হওক—যিহোৱা আপোনাৰ সহায়কৰ্তা

“মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।”—ইব্ৰী ১৩:৫.

গীত ৫৫ তেওঁলোকক ভয় নকৰিবা!

লেখৰ এক আভাস *

১. যদি আমি কিবা সমস্যাৰ সন্মুখীন হওঁ, তেনেহʼলে কি কথাই আমাক সান্ত্বনা দিব? (গীতমালা ১১৮:৫-৭)

আপুনি কেতিয়াবা এনে সমস্যাৰ সন্মুখীন হৈছেনে, যি পাৰ কৰিবলৈ আপোনাৰ বাবে কঠিন হৈছিল? এনে পৰিস্থিতিত বহুতোলোকে অকলশৰীয়া অনুভৱ কৰে। তাৰ মাজত যিহোৱাৰ বিশ্বাসী সেৱকসকলেও জড়িত আছে। (১ ৰাজা. ১৯:১৪) যদি আপুনি কেতিয়াবা এনেদৰে অনুভৱ কৰিছে, তেনেহʼলে যিহোৱাৰ এই প্ৰতিজ্ঞা মনত ৰাখক: “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” সেইবাবে, আমি সম্পূৰ্ণ ভৰসাৰে কʼব পাৰোঁ, “প্ৰভু [যিহোৱা] মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম।” (ইব্ৰী ১৩:৫, ৬) পাঁচনি পৌলে এই বাক্যশাৰী প্ৰায় ৬১ খ্ৰীষ্টাব্দৰ সময়ছোৱাত যিহূদীত থকা ইব্ৰী খ্ৰীষ্টানসকললৈ লিখিছিল। তেওঁৰ কথাই আমাক গীতমালা ১১৮:৫-৭ পদত উল্লেখ কৰা বাক্যশাৰীলৈ মনত পেলায় দিয়ে।—পঢ়ক।

২. (ক) এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম? (খ) ইয়াৰপৰা আমাৰ কি লাভ হʼব?

গীতৰচকৰ দৰে পৌলেও যিহোৱা তেওঁৰ সহায়কৰ্তা বুলি অনুভৱ কৰিছিল। পৌলে ইব্ৰী খ্ৰীষ্টানসকলক চিঠি লিখাৰ দুবছৰৰ আগতে এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ যাত্ৰা কৰা জাহাজখন এক ভয়ানক ধুমুহাৰ সন্মুখীন হৈছিল। (পাঁচ. ২৭:৪, ১৫, ২০) সেই যাত্ৰাৰ সময়ছোৱাত আৰু তাৰ আগতেও যিহোৱাই বহুতো উপায়েৰে পৌলক সহায় কৰিছিল। ইয়াৰে ভিতৰত আমি তিনিটা উপায়ৰ বিষয়ে আলোচনা কৰিম। যিহোৱাই পৌলক যীচু আৰু স্বৰ্গদূত, চৰকাৰী অধিকাৰী আৰু খ্ৰীষ্টান ভাই-ভনীসকলৰ যোগেদি সহায় কৰিছিল। গতিকে, আহক পৌলৰ জীৱনৰ সেই ঘটনাবোৰৰ বিষয়ে আলোচনা কৰোঁ। এইদৰে কৰিলে যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ ভৰসা বাঢ়িব যে সমস্যাৰ সময়ত প্ৰাৰ্থনা কৰিলে তেওঁ নিশ্চয় শুনিব।

যীচু আৰু স্বৰ্গদূতৰপৰা সহায়

৩. পৌলে হয়তো কি ভাবিছিল আৰু কিয়?

প্ৰায় ৫৬ খ্ৰীষ্টাব্দত এটা দলে পৌলক যিৰূচালেম মন্দিৰৰপৰা টানি আনিছিল আৰু তেওঁক হত্যা কৰিব বিচাৰিছিল। পাছদিনা পৌলক মহাসভালৈ অনা হৈছিল। তাত শত্ৰুবিলাকে তেওঁক ডুখৰ ডুখৰ কৰিব বিচাৰিছিল। (পাঁচ. ২১:৩০-৩২; ২২:৩০; ২৩:৬-১০) সেইসময়ত পৌলে হয়তো ভাবিছিল, ‘এইবোৰ মই কিমান দিনলৈকে সহিব লাগিব?’ পৌলক সঁচাকৈ সহায়ৰ প্ৰয়োজন আছিল।

৪. যিহোৱাই যীচুৰ যোগেদি পৌলক কেনেকৈ সহায় কৰিছিল?

পৌলক কোনে সহায় কৰিছিল? পৌলক মহাসভালৈ অনাৰ দিনা ৰাতি “প্ৰভুৱে” তেওঁক দৰ্শন দিছিল। তেওঁ পৌলৰ ওচৰত থিয় হৈ এইদৰে কʼলে, “নিৰ্ভয় হোৱা; কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা; ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব।” (পাঁচ. ২৩:১১) পৌলে যিৰূচালেমত ভালদৰে সাক্ষ্য দিয়াৰ বাবে যীচুৱে তেওঁৰ প্ৰশংসা কৰিলে। তেওঁ পৌলক আশ্বাস দিলে যে তেওঁ ৰোমলৈ সুৰক্ষিতভাৱে গৈ পাব আৰু তাতো ভালদৰে সাক্ষ্য দিব। যীচুৱে সঠিক সময়ত তেওঁৰ সাহস বঢ়ালে। যিদৰে এটি সন্তানে পিতৃৰ কোলাত সুৰক্ষিত অনুভৱ কৰে, ঠিক সেইদৰে যীচুৰ কথা শুনি পৌলেও হয়তো সুৰক্ষিত অনুভৱ কৰিছিল।

সাগৰত ভয়ানক ধুমুহা বলাৰ সময়ত এজন স্বৰ্গদূতে পৌলক আশ্বাস দিছে যে জাহাজত যাত্ৰা কৰা সকলোৰে জীৱন ৰক্ষা পৰিব (অনুচ্ছেদ ৫ চাওক।)

৫. যিহোৱাই এজন স্বৰ্গদূতৰ যোগেদি পৌলক কেনেকৈ সহায় কৰিছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

পৌলে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছিল? যিৰূচালেমত হোৱা সেই ঘটনাৰ প্ৰায় দুবছৰৰ পাছত তেওঁ এখন জাহাজেৰে ৰোমলৈ গৈছিল। তেতিয়া জাহাজখন এটা ভয়ানক ধুমুহাৰ সন্মুখীন হৈছিল। ধুমুহা ইমানেই ভয়ানক আছিল যে নাৱিক আৰু যাত্ৰীসকলৰ মৃত্যু হʼব বুলি তেওঁলোকে ভাবিছিল। কিন্তু পৌলে ভয় কৰা নাছিল। তেওঁ জাহাজত যাত্ৰা কৰা লোকসকলক কৈছিল, “মই যি ঈশ্বৰৰ লোক, আৰু যি জনাৰ আৰাধনা কৰোঁ, তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ কলে, হে পৌল, ভয় নকৰিবা; কৈচৰৰ আগত তুমি থিয় হব লাগিব; আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে।” যীচুৱে আগতে কোৱা কথাষাৰ পুনৰ বিশ্বাস জন্মাবলৈ যিহোৱাই এজন স্বৰ্গদূতক ব্যৱহাৰ কৰিছিল। সঁচাকৈ পৌলে ভালে ভালে ৰোমত পালেগৈ।—পাঁচ. ২৭:২০-২৫; ২৮:১৬.

৬. যীচুৰ কোনটো প্ৰতিজ্ঞাই আমাক সাহস দিয়ে আৰু কিয়?

আমাক কোনে সহায় কৰে? পৌলক সহায় কৰাৰ দৰে যীচুৱে আমাকো সহায় কৰে। তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে “জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:২০) যীচুৰ এই কথাষাৰৰপৰা আমি সাহস লাভ কৰোঁ। কিয় বাৰু? কিয়নো আমাৰ জীৱনত অহা সমস্যাবোৰৰ সন্মুখীন হʼবলৈ কঠিন হৈ পৰে। উদাহৰণস্বৰূপে, আমাৰ আপোনজনাৰ মৃত্যু হʼলে আমি বছৰ বছৰ ধৰি দুখ বা বেদনা ভুগিবলগীয়া হয়। কিছুমান লোক বৃদ্ধ হোৱাৰ বাবে আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ কঠিন হয়। কেতিয়াবা কেতিয়াবা কিছুমান লোক ইমানেই হতাশ হৈ পৰে যে তেওঁলোকৰ বাবে প্ৰতিটো ক্ষণ পাৰ কৰিবলৈ বৰ কঠিন হয়। কিন্তু এনে পৰিস্থিতি পাৰ কৰিবলৈ আমি সাহস লাভ কৰোঁ। কিয়নো যীচু সদায় আমাৰ লগত আছে বুলি আমাৰ বিশ্বাস আছে। আমি জীৱনত গভীৰ হতাশাত ভোগাৰ সময়তো যীচু আমাৰ লগত থাকে।—মথি ১১:২৮-৩০.

প্ৰচাৰত স্বৰ্গদূতে আমাক সহায় কৰে আৰু আমাক নিৰ্দেশনা দিয়ে (অনুচ্ছেদ ৭ চাওক)

৭. প্ৰকাশিত বাক্য ১৪:৬ পদৰ অনুসৰি যিহোৱাই আমাক কেনেকৈ সহায় কৰে?

যিহোৱাই স্বৰ্গদূতৰ যোগেদিও আমাক সহায় কৰে বুলি ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিয়ে। (ইব্ৰী ১:৭, ১৪) উদাহৰণস্বৰূপে, আমি ‘সকলো জাতি, ফৈদ, আৰু ভাষাৰ’ লোকসকলক “ৰাজ্যৰ শুভবাৰ্ত্তা” জনোৱাৰ সময়ত স্বৰ্গদূতে আমাক সহায় আৰু নিৰ্দেশনা আগবঢ়ায়।—প্ৰকাশিত বাক্য ১৪:৬ পঢ়ক; মথি ২৪:১৩, ১৪.

অধিকাৰীসকলৰপৰা সহায়

৮. যিহোৱাই সেনাপতিৰ যোগেদি পৌলক কেনেকৈ সহায় কৰিছিল?

পৌলক কোনে সহায় কৰিছিল? যীচুৱে ৫৬ খ্ৰীষ্টাব্দত পৌলক আশ্বাস দিছিল যে তেওঁ ভালে ভালে ৰোমত পাবগৈ। কিন্তু যিৰূচালেমত কিছুমান যিহূদীয়ে ষড়যন্ত্ৰ কৰি পৌলক হত্যা কৰিব বিচাৰিছিল। যেতিয়া ৰোমৰ সেনাপতি ক্লৌদিয় লুচিয়ই এই কথা গম পায়, তেতিয়া তেওঁ পৌলক ৰক্ষা কৰিবলৈ লগে লগে পদক্ষেপ লয়। তেওঁ পৌলক সৈনিকসকলৰ এটা দলৰ সৈতে যিৰূচালেমৰপৰা ১০৫ কি.মি. দূৰত থকা কৈচৰিয়ালৈ সুৰক্ষিতভাৱে পঠিয়ায়। তাৰপাছত ৰাজ্যপাল ফীলিক্সে পৌলক “হেৰোদৰ প্ৰিটৰিয়ামত” ৰাখিবলৈ কৈচৰিয়াক আজ্ঞা দিলে। সেইবাবে, শত্ৰুসকলে তেওঁক একো কৰিব নোৱাৰিলে।—পাঁচ. ২৩:১২-৩৫.

৯. ৰাজ্যপাল ফীষ্টে পৌলৰ কেনেকৈ সহায় কৰিছিল?

পৌল দুবছৰলৈকে কৈচৰিয়াতে বন্দী হৈ আছিল। তেতিয়া ফীলিক্সৰ ঠাইত ফীষ্ট ৰাজ্যপাল হৈছিল। পৌলক যিৰূচালেমলৈ পঠিয়াই দিবলৈ যিহূদীসকলে ফীষ্টক মিনতি কৰিলে, যাতে তেওঁৰ বিচাৰ তাত হয়। কিন্তু ফীষ্টই অনুমতি নিদিলে। হয়তো তেওঁ জানিছিল যে যিহূদীসকলে “বাটতে খাপ দি পৌলক বধ” কৰিবলৈ ষড়যন্ত্ৰ কৰিছে।—পাঁচ. ২৪:২৭–২৫:৫.

১০. পৌলে কৈচৰৰ ওচৰত আপীল কৰিম বুলি কোৱাৰ সময়ত ফীষ্টে কি কৰিলে?

১০ পাছত কৈচৰিয়াত পৌলৰ বিচাৰ কৰা হʼল। কিন্তু ফীষ্টে “যিহূদীবিলাকৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি” পৌলক এইদৰে কʼলে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?” পৌলে জানিছিল যে যদি তেওঁ যিৰূচালেমলৈ যায়, তেন্তে তেওঁক হত্যা কৰা হʼব। তেওঁ এয়াও জানিছিল যে নিজৰ জীৱন ৰক্ষা কৰিবলৈ, ৰোমলৈ যাবলৈ আৰু প্ৰচাৰ কৰি থাকিবলৈ তেওঁক কি কৰা উচিত। সেইবাবে, তেওঁ কৈছিল, “মই কৈচৰত আপীল কৰোঁ।” ফীষ্টে নিজৰ মন্ত্ৰীসকলৰ লগত কথা পতাৰ পাছত পৌলক এইদৰে কʼলে, “তুমি কৈচৰত আপীল কৰিলা; কৈচৰৰ আগলৈ যাবা।” এইদৰে তেওঁ পৌলৰ কথাত মান্তি হোৱাৰ বাবে শত্ৰুসকলৰপৰা তেওঁৰ জীৱন ৰক্ষা পৰিল। এতিয়া পৌলৰ বাবে ৰোমলৈ যোৱাৰ বাট মুকলি হʼল আৰু শত্ৰুসকলে তেওঁক হত্যাও কৰিব নোৱাৰে।—পাঁচ. ২৫:৬-১২.

১১. যিচয়াই লিখা কি কথাৰপৰা পৌলে সাহস লাভ কৰিলে?

১১ পৌলে ৰোমলৈ যাত্ৰা আৰম্ভ কৰাৰ আগতে তেওঁৰ হয়তো ভৱিষ্যতবক্তা যিচয়াই লিখা এটা কথা মনত পৰিল। যিচয়াই যিহোৱাৰ বিৰুদ্ধে কাম কৰা লোকসকলৰ বিষয়ে এইদৰে লিখিছিল, “মন্ত্ৰণা কৰা, কিন্তু সেয়ে বিফল হব; আৰু কথা কোৱা, কিন্তু সেয়ে নৰব; কিয়নো আমাৰ লগত ঈশ্বৰ আছে।” (যিচ. ৮:১০) যেতিয়া পৌলে এই বাক্যৰ বিষয়ে চিন্তা কৰিলে, তেতিয়া যিহোৱাই তেওঁক সহায় কৰিব বুলি তেওঁৰ হয়তো ভৰসা বাঢ়িল আৰু ভৱিষ্যতে আহিবলগীয়া সমস্যাৰ সন্মুখীন হʼবলৈ তেওঁ হয়তো সাহস লাভ কৰিলে।

প্ৰাচীন সময়ৰ দৰে যিহোৱাই আজিও অধিকাৰীসকলৰ যোগেদি নিজৰ সেৱকসকলক ৰক্ষা কৰিব পাৰে (অনুচ্ছেদ ১২ চাওক)

১২. (ক) যুলিয়ই পৌলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিছিল? (খ) ইয়াৰপৰা পৌলে হয়তো কি বুজি পালে?

১২ পৌলে ৫৮ খ্ৰীষ্টাব্দত জাহাজেৰে ৰোমলৈ যাত্ৰা আৰম্ভ কৰে। এজন কয়দী হোৱাৰ বাবে তেওঁক ৰোমৰ সেনাপতি যুলিয়ৰ হাতত গতাই দিয়া হৈছিল। পৌলৰ ওপৰত যুলিয়ৰ অধিকাৰ আছিল। সেইবাবে, তেওঁ পৌলৰ লগত যিদৰে ইচ্ছা কৰে, সেইদৰে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। যুলিয়ই পৌলৰ লগত কেনেদৰে ব্যৱহাৰ কৰিলে? পাছদিনাখন জাহাজখন চীদোনত ৰখাৰ সময়ত “যুলিয়ই পৌলক অনুগ্ৰহ কৰি বন্ধু-বান্ধববিলাকৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ অনুমতি দিলে।” পাছত যুলিয়ই পৌলৰ জীৱনো ৰক্ষা কৰিলে। কেনেকৈ? ৰোমৰ সৈনিকসকলে জাহাজখনত যাত্ৰা কৰা সকলো কয়দীক হত্যা কৰিব বিচৰাৰ সময়ত যুলিয়ই তেওঁলোকক বাধা দিছিল। কিয় বাৰু? বাইবেলে উল্লেখ কৰিছে যে তেওঁ “পৌলক ৰক্ষা কৰিবলৈ মন কৰি” এইদৰে কৰিলে। পৌলে হয়তো এই কথা বুজি পালে যে যুলিয়ই তেওঁৰ প্ৰতি যি দয়া দেখুৱাইছিল, তাত যিহোৱাৰ হাত আছে।—পাঁচ. ২৭:১-৩, ৪২-৪৪.

অনুচ্ছেদ ১৩ চাওক

১৩. যিহোৱাই অধিকাৰীসকলক কি কৰিবলৈ অনুপ্ৰাণিত কৰে?

১৩ আমাক কোনে সহায় কৰিব পাৰে? কেতিয়াবা কেতিয়াবা যিহোৱাই অধিকাৰীসকলৰ যোগেদি আমাক সহায় কৰে। তেওঁ নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ নিজৰ পবিত্ৰ আত্মাৰ যোগেদি তেওঁ যি বিচাৰে, সেয়া অধিকাৰীসকলৰ দ্বাৰা কৰোৱায়। ৰজা চলোমনে এইদৰে লিখিছিল, “ৰজাৰ মন যিহোৱাৰ হাতত পানীৰ লোৰৰ নিচিনা; তেওঁ যি ফাললৈ ইচ্ছা কৰে, সেই ফাললৈ তাক ঘূৰায়।” (হিতো. ২১:১) এই পদৰ অৰ্থ কি? মানুহে নিজৰ পৰিকল্পনা পূৰ কৰিবলৈ নলা খান্দি পানীৰ ধাৰা নিজৰ ইচ্ছামতে ঘূৰাব পাৰে। ঠিক সেইদৰে যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ যোগেদি অধিকাৰীসকলৰ মন আৰু চিন্তাধাৰা সলনি কৰিব পাৰে, যাতে তেওঁলোকে যিহোৱাই বিচৰা অনুসৰি কাম কৰে। সেইবাবে, ঈশ্বৰৰ লোকসকলে লাভৱান হোৱাকৈ জগতৰ লোকসকলক নিৰ্ণয় লʼবলৈ যিহোৱাই অনুপ্ৰাণিত কৰে।—ইজ্ৰা ৭:২১, ২৫, ২৬ পদৰ লগত তুলনা কৰক।

১৪. পাঁচনিৰ কৰ্ম্ম ১২:৫ পদৰ অনুসৰি আমি কোন লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?

১৪ আমি কি কৰিব পাৰোঁ? কেতিয়াবা কেতিয়াবা আমাৰ প্ৰচাৰ কাৰ্য্যত ‘ৰজাসকল আৰু ওখ পদ পোৱাসকলে’ কিছুমান নিৰ্ণয় লয়। এনে সময়তো আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ তীম. ২:১, ২; নহি. ১:১১) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে আমি জেলত থকা ভাই-ভনীসকলৰ বাবে অন্তৰৰপৰা প্ৰাৰ্থনা কৰিব পাৰোঁ। (পাঁচনিৰ কৰ্ম্ম ১২:৫ পঢ়ক; ইব্ৰী ১৩:৩) জেলত থকা আমাৰ ভাই-ভনীসকলৰ ওপৰত অধিকাৰ থকা অধিকাৰীসকলৰ বাবেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ, যাতে তেওঁলোকেও যুলিয়ৰ দৰে আমাৰ ভাই-ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰে আৰু অনুগ্ৰহ কৰে।—পাঁচ. ২৭:৩.

ভাই-ভনীসকলৰপৰা সহায়

১৫-১৬. যিহোৱাই আৰিষ্টাৰ্খ আৰু লূকৰ যোগেদি পৌলক কেনেকৈ সহায় কৰিছিল?

১৫ পৌলক কোনে সহায় কৰিছিল? যেতিয়া পৌলে ৰোমলৈ যাত্ৰা কৰিছিল, তেতিয়া যিহোৱাই বাটত বহুবাৰ ভাই-ভনীসকলৰ যোগেদি পৌলৰ সহায় কৰিছিল। আহক কিছুমান উদাহৰণলৈ ধ্যান দিওঁ।

১৬ পৌলৰ দুজন বন্ধু আৰিষ্টাৰ্খ আৰু লূকে তেওঁৰ লগত ৰোমলৈ যাবলৈ নিৰ্ণয় লয়। * বাইবেলত এইদৰে কʼতো উল্লখ নাই যে পৌলৰ দুজন বন্ধুৱেও ৰোমত ভালে ভালে পাবগৈ বুলি যীচুৱে প্ৰতিজ্ঞা কৰিছিল। তথাপি তেওঁলোকে পৌলক সহায় কৰিবলৈ নিজৰ জীৱন বিপদত পেলাই পৌলৰ লগত যাত্ৰা আৰম্ভ কৰে। আৰিষ্টাৰ্খ আৰু লূকে তেওঁৰ লগত যাত্ৰা কৰাৰ বাবে পৌলে নিশ্চয় আনন্দিত হৈছিল। যিহোৱাই এই দুজন সাহসী বন্ধুৰ যোগেদি পৌলক সহায় কৰাৰ বাবে তেওঁ হয়তো যিহোৱাক ধন্যবাদ দিছিল।—পাঁচ. ২৭:১, ২, ২০-২৫.

১৭. যিহোৱাই ভাই-ভনীসকলৰ যোগেদি পৌলক কেনেকৈ সহায় কৰিছিল?

১৭ যাত্ৰাৰ সময়ছোৱাত পৌলৰ জাহাজখন চীদোন নামৰ নগৰত ৰৈছিল। তাত যুলিয়ই পৌলক “বন্ধু-বান্ধববিলাকৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ অনুমতি দিলে।” তাৰ পাছত, পুতিয়লী নগৰত জাহাজখন ৰখাৰ সময়তো পৌল আৰু তেওঁৰ বন্ধুসকলে ভাইবিলাকক পালে। তেওঁবিলাকে তেওঁলোকক “সাত দিন থাকিবলৈ বিনয় কৰিলে।” সেই ঠাইত ভাই-ভনীসকলে পৌল আৰু তেওঁৰ বন্ধুৰ প্ৰয়োজনীয়তা পূৰ কৰিলে। পৌলেও হয়তো বহুতো অনুভৱ কৈ তেওঁলোকৰ সাহস বঢ়ালে। (পাঁচ. ১৫:২, ৩ পদৰ লগত তুলনা কৰক।) নিজৰ ভাই-ভনীসকলৰপৰা সহায় আৰু সাহস লাভ কৰি পৌল আৰু তেওঁৰ বন্ধুসকলে আগলৈ যাত্ৰা আৰম্ভ কৰে।—পাঁচ. ২৭:৩; ২৮:১৩, ১৪.

পৌলক সহায় কৰাৰ দৰে আজিও যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে (অনুচ্ছেদ ১৮ চাওক)

১৮. পৌলে কিয় ঈশ্বৰৰ স্তুতি কৰি সাহস লাভ কৰিলে?

১৮ পৌলে পুতিয়লীৰপৰা ৰোমলৈ খোজকাঢ়ি যাত্ৰা কৰে। সেই সময়ছোৱাত পৌলে হয়তো চিন্তা কৰিছিল যে তেওঁ তিনি বছৰৰ আগতে ৰোমৰ মণ্ডলীলৈ কি লিখিছিল: “তোমালোকৰ ওচৰলৈ যাবলৈ অনেক বছৰৰ পৰা মোৰ বৰ ইচ্ছা।” (ৰোম. ১৫:২৩) কিন্তু পৌলে কয়দীৰূপে তেওঁলোকক লগ কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। যেতিয়া তেওঁ দেখিলে যে ৰোমৰ ভাই-ভনীসকলে তেওঁক লগ কৰিবলৈ ৰাস্তাত ৰৈ আছে, তেতিয়া তেওঁ হয়তো কিমান আনন্দিত হৈছিল। বাইবেলে কৈছে যে “পৌলে তেওঁবিলাকক দেখি ঈশ্বৰৰ স্তুতি কৰি সাহ পালে।” (পাঁচ. ২৮:১৫) ভাই-ভনীসকলক দেখি পৌলে ঈশ্বৰৰ স্তুতি কিয় কৰিলে? কিয়নো তেওঁ স্পষ্টৰূপে দেখিবলৈ পাইছিল যে যিহোৱাই ভাই-ভনীসকলৰ যোগেদি তেওঁক কেনেকৈ সহায় কৰি আছে।

অনুচ্ছেদ ১৯ চাওক

১৯. প্ৰথম পিতৰ ৪:১০ পদৰ অনুসৰি যিহোৱাই আমাৰ যোগেদি ভাই-ভনীসকলক কেনেকৈ সহায় কৰে?

১৯ আমি কি কৰিব পাৰোঁ? আপোনাৰ মণ্ডলীত কোনো ভাই-ভনী বেমাৰ বা আন কিবা সমস্যাৰ বাবে দুখী বা চিন্তিত আছেনে? নাইবা আপোনাৰ মণ্ডলীত কোনোবাই আপোনজনাৰ মৃত্যুৰ বেদনাত ভুগী আছেনে? যদি আপুনি এনে ভাই-ভনীসকলৰ বিষয়ে জানে, তেন্তে যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে আপুনি তেওঁলোকক সাহস বঢ়াবলৈ কিবা ভাল কথা কʼব পাৰে অথবা তেওঁলোকৰ বাবে কিবা কৰিব পাৰে। এইদৰে কৰিলে তেওঁলোকে সান্ত্বনা লাভ কৰিব বা তেওঁলোকৰ কিবা প্ৰয়োজনীয়তাও পূৰ হʼব। (১ পিতৰ ৪:১০ পঢ়ক।) * ইয়াৰপৰা সেই ভাই বা ভনীৰ যিহোৱাই কৰা এই প্ৰতিজ্ঞাৰ ওপৰত পুনৰ বিশ্বাস বাঢ়িব যে “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।” এইদৰে ভাই-ভনীসকলক সহায় কৰিলে আমি কিমান আনন্দ লাভ কৰোঁ।

২০. যিহোৱা “মোৰ সহায়কৰ্ত্তা” হয় বুলি মই কিয় বিশ্বাস কৰিব পাৰোঁ?

২০ পৌল আৰু তেওঁৰ বন্ধুসকলৰ দৰে আমাৰ জীৱনতো সমস্যা আহিব পাৰে। কিন্তু আমি সাহসী হʼব পাৰোঁ, কিয়নো যিহোৱা আমাৰ লগত আছে। তেওঁ যীচু আৰু স্বৰ্গদূতৰ যোগেদি আমাক সহায় কৰে। নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ তেওঁ জগতৰ অধিকাৰীসকলৰ যোগেদিও আমাক সহায় কৰে। আমি নিজেই অনুভৱ কৰিছোঁ যে তেওঁ আমাক সহায় কৰিবলৈ পবিত্ৰ আত্মাৰ যোগেদিও ভাই-ভনীসকলক অনুপ্ৰাণিত কৰিব পাৰে। সেইবাবে, আমি পৌলৰ দৰে সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে “প্ৰভু [যিহোৱা] মোৰ সহায়কৰ্ত্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?”—ইব্ৰী ১৩:৬.

গীত ৩৮ তেওঁ তোমাক দৃঢ় কৰিব

^ অনু. 5 এই লেখত কোৱা হʼব যে যেতিয়া পাঁচনি পৌলে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া যিহোৱাই তেওঁক কেনেকৈ তিনিটা উপায়েৰে সহায় কৰিছিল। এই বিষয়ে ধ্যান দিলে আমাৰ ভৰসা বাঢ়িব যে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱাই আমাকো সহায় কৰিব।

^ অনু. 16 আৰিষ্টাৰ্খ আৰু লূকে ইয়াৰ আগতেও পৌলৰ লগত যাত্ৰা কৰিছিল। পৌলে ৰোমত বন্দী হৈ থকাৰ সময়তো এই দুজন বন্ধুৱে তেওঁক সহায় কৰিছিল।—পাঁচ. ১৬:১০-১২; ২০:৪; কল. ৪:১০, ১৪.

^ অনু. 19 জানুৱাৰী ১৫, ২০০৯ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ১৩-১৪ পৃষ্ঠা, অনু. ৫-৯ চাওক।