Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৪৯

মৃত লোকসকলৰ নিশ্চয় পুনৰুত্থান হʼব!

মৃত লোকসকলৰ নিশ্চয় পুনৰুত্থান হʼব!

“অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি . . . ঈশ্বৰত ময়ো সেই আশা কৰোঁ।”—পাঁচ. ২৪:১৫.

গীত ১৫১ তেওঁ তেওঁলোকক মাতিব

লেখৰ এক আভাস *

১-২. খ্ৰীষ্টানসকলৰ ওচৰত কি আশা আছে?

লোকসকলে জীৱনত বহুতো বিষয়ৰ বাবে আশা ৰাখে। কিছুমান লোকে ভাল সংগী পোৱাৰ বাবে আশা ৰাখে। আন কিছুমানে নিজৰ লʼৰা-ছোৱালীক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ বা গভীৰ বেমাৰত ভুগী থকা ব্যক্তিয়ে সুস্থ হʼবলৈ আশা কৰে। আমি খ্ৰীষ্টানসকলেও এই বিষয়বোৰৰ বাবে আশা ৰাখোঁ। ইয়াৰ উপৰিও, নতুন পৃথিৱীত আমি সদায় কাল জীয়াই থাকিম বুলি আশা ৰাখোঁ। আমাৰ মৃত আপোনজনাক জীৱিত কৰা হʼব আৰু তেওঁলোকেও আমাৰ লগত সদায় কাল জীয়াই থাকিব।

পাঁচনি পৌলে এইদৰে কৈছিল, “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি . . . ঈশ্বৰত ময়ো সেই আশা কৰোঁ।” (পাঁচ. ২৪:১৫) কেৱল পৌলে পুনৰুত্থানৰ আশাৰ বিষয়ে উল্লেখ কৰা নাছিল। কুলপিতৃ ইয়োবেও কৈছিল যে মৃত লোকসকলৰ পুনৰুত্থান হʼব। ইয়োবৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি তেওঁৰ মৃত্যুও হৈ যায়, তেনেহʼলে ঈশ্বৰে তেওঁক মনত ৰাখিব আৰু তেওঁক পুনৰ জীৱিত কৰিব।—ইয়ো. ১৪:৭-১০, ১২-১৫.

৩. প্ৰথম কৰিন্থীয়া ১৫ অধ্যায়ত ধ্যান দিলে আমাৰ কি লাভ হʼব?

‘মৃতবিলাকৰ পুনৰুত্থান হʼব,’ এই শিক্ষা বাইবেলৰ প্ৰাথমিক শিক্ষাৰ ভাগ হয়। (ইব্ৰী ৬:১, ২) এই শিক্ষাৰ বিষয়ে পৌলে ১ কৰিন্থীয়া ১৫ অধ্যায়ত বহুতো কথা উল্লেখ কৰিছে। সেইবোৰ পঢ়ি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিশ্বাস হয়তো দৃঢ় হৈছিল। আপুনিও হয়তো এই শিক্ষাক বহুবছৰ ধৰি বিশ্বাস কৰি আহিছে। তথাপিও এই অধ্যায়ৰপৰা আপোনাৰ বিশ্বাস আৰু বেছি দৃঢ় হʼব।

৪. আমাৰ মৃত আপোনজনাৰ পুনৰুত্থান হʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ?

যীচুৰ মৃত্যুৰ পাছত তেওঁক পুনৰুত্থান কৰা হৈছিল। ইয়াৰপৰা আমাৰ বিশ্বাস হয় যে আমাৰ মৃত আপোনজনাকো এদিন জীৱিত কৰা হʼব। কৰিন্থৰ খ্ৰীষ্টানসকলক পৌলে “শুভবাৰ্ত্তা” শুনোৱাৰ সময়ত এয়াও কৈছিল যে যীচুক জীৱিত কৰা হৈছে। (১ কৰি. ১৫:১, ২) যদি এজন খ্ৰীষ্টানে এই কথাৰ ওপৰত বিশ্বাস নকৰে, তেনেহʼলে তেওঁৰ বিশ্বাস অৰ্থহীন। (১ কৰি. ১৫:১৭) যীচুক পুনৰুত্থান কৰা হৈছে। সেইবাবে, আমি ভৰসা কৰিব পাৰোঁ যে লোকসকলকো পুনৰুত্থান কৰা হʼব।

৫-৬. (ক) প্ৰথম কৰিন্থীয়া ১৫:৩, ৪ পদত উল্লেখ কৰা তিনিটা সত্যতা কি? (খ) ইয়াৰপৰা আমি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰোঁ?

প্ৰথম কৰিন্থীয়া ১৫ অধ্যায়ৰ আৰম্ভণিত পৌলে এই তিনিটা সত্যতাৰ বিষয়ে কৈছে। (১) “খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল।” (২) “তেওঁক মৈদাম দিয়া হল।” (৩) “শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হল।”—১ কৰিন্থীয়া ১৫:৩, ৪ পঢ়ক।

যিচয়াই বহুবছৰৰ আগতে ভৱিষ্যতবাণী কৰিছিল যে খ্ৰীষ্টক ‘দেশৰপৰা বিচ্ছেদ কৰা হʼব’ আৰু “দুষ্টবোৰৰ লগত তেওঁৰ মৈদাম” দিয়া হʼব। যিচয়াই আৰু এটা কথা কৈছিল যে খ্ৰীষ্টই ‘অনেকৰ পাপৰ ভাৰ বব।’ যীচুৱে মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি এয়া কৰিলে। (যিচ. ৫৩:৮, ৯, ১২; মথি ২০:২৬; ৰোম. ৫:৮) যীচুৰ মৃত্যু হৈছিল, তেওঁক মৈদাম দিয়া হৈছিল আৰু তেওঁক পুনৰুত্থান কৰা হৈছিল। এই তিনিটা কথাৰপৰা আমি কি ভৰসা কৰিব পাৰোঁ? আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰা হʼব আৰু আমি আমাৰ মৃত আপোনজনাক পুনৰ লগ কৰিব পাৰিম। এইদৰে নিশ্চয় হʼব।

বহুতোলোকৰ সাক্ষ্য

৭-৮. যীচুক পুনৰুত্থান কৰা হৈছিল বুলি কি কি প্ৰমাণ আছে?

যীচুৰ পুনৰুত্থান হৈছিল বুলি আমি সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত। এইদৰে কৰিলে আমাৰ ভৰসা বাঢ়িব যে নতুন পৃথিৱীত মৃত লোকসকলক পুনৰুত্থান কৰা হʼব। আহক কিছুমান প্ৰমাণৰ ওপৰত ধ্যান দিওঁ, যাৰপৰা বুজিব পাৰি যে যিহোৱাই যীচুক সঁচাকৈ পুনৰুত্থান কৰিছিল।

এনে বহুতো লোক আছে, যিসকলে যীচুৰ পুনৰুত্থানৰ পাছত তেওঁক দেখিছিল আৰু এই বিষয়ে আনকো কৈছিল। (১ কৰি. ১৫:৫-৭) পৌলে উল্লেখ কৰা লোকসকলৰ ভিতৰত প্ৰথমজন আছিল কৈফা অৰ্থাৎ পাঁচনি পিতৰ। আন শিষ্যসকলেও কৈছিল যে পিতৰে যীচুক দেখিছিল। (লূক ২৪:৩৩, ৩৪) ইয়াৰ উপৰিও, পাঁচনিসকলেও পুনৰুত্থানৰ পাছত যীচুক দেখিছিল। ইয়াৰ পাছত যীচুৱে “পাঁচ শতকৈ অধিক ভাইবিলাককো একে সময়তে দেখা দিলে।” মথি ২৮:১৬-২০ পদত কৈছে যে যীচুৱে হয়তো গালীলত তেওঁলোকক দেখা দিছিল। যীচুৱে ‘যাকোবকো দেখা দিছিল।’ যাকোব যীচুৰ সতীয়া ভাই আছিল আৰু তেওঁ প্ৰথমে যীচুক মচীহ বুলি বিশ্বাস কৰা নাছিল। (যোহ. ৭:৫) যীচুক জীৱিত দেখি যাকোবে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। মন কৰক যে পাঁচনি পৌলে কৰিন্থীয়া নামৰ চিঠিখন ৫৫ খ্ৰীষ্টাব্দৰ সময়ছোৱাত লিখিছিল। সেই সময়ছোৱালৈকে যীচুক পুনৰুত্থানৰ পাছত দেখা বহুতো সাক্ষী জীয়াই আছিল। গতিকে, যিসকলৰ যীচুৰ পুনৰুত্থানৰ ওপৰত সন্দেহ আছিল, তেওঁলোকে নিশ্চয় এই সাক্ষীসকলৰ লগত কথা পাতিছিল।

৯. পাঁচনিৰ কৰ্ম্ম ৯:৩-৫ পদৰ অনুসৰি যীচুৰ পুনৰুত্থান হৈছিল বুলি পৌলেও কেনেকৈ প্ৰমাণ দিব পাৰিলে?

পাছলৈ যীচুৱে পৌলকো দেখা দিছিল। (১ কৰি. ১৫:৮) দম্বেচকলৈ যোৱাৰ সময়ত পৌলে ৰাস্তাত যীচুৰ মাত শুনিলে। তেওঁ এটা দৰ্শনত যীচুক দেখিলে আৰু তেতিয়ালৈকে যীচু স্বৰ্গলৈ গুচি গৈছিল। (পাঁচনিৰ কৰ্ম্ম ৯:৩-৫ পঢ়ক।) পাঁচনি পৌলে যি দেখিছিল, তাৰপৰা স্পষ্ট হয় যে যীচুক সঁচাকৈ জীৱিত কৰা হৈছিল।—পাঁচ. ২৬:১২-১৫.

১০. যীচুক জীৱিত কৰা হৈছে বুলি পৌলৰ যেতিয়া বিশ্বাস হৈছিল, তেতিয়া তেওঁ কি কৰিলে?

১০ পৌলে যি দেখিছিল আৰু কৈছিল, তাৰ ওপৰত কিছুমান লোকে হয়তো নিশ্চয় ধ্যান দিছিল। কিয়নো পৌলে আগতে খ্ৰীষ্টানসকলক তাড়না দিছিল। কিন্তু যীচুৰ পুনৰুত্থান হʼল বুলি যেতিয়া তেওঁৰ বিশ্বাস হʼল, তেতিয়া তেওঁ এই বিষয়ে আনকো প্ৰচাৰ কৰিলে। তেওঁ যথেষ্ট পৰিশ্ৰম কৰিলে, যাতে লোকসকলে এই সত্যতাৰ ওপৰত বিশ্বাস কৰে। তেওঁ বহুতো দুখ-কষ্টৰ সন্মুখীন হৈছিল। শত্ৰুবিলাকে তেওঁক মাৰ-পিট কৰিছিল, জেলত বন্দী আছিল আৰু জাহাজ ভাঙি যোৱাৰ বাবে বহুতো কষ্ট পাইছিল। তথাপি তেওঁ হাৰ নামানিলে আৰু দূৰ-দূৰণিলৈকে এই সত্যতা প্ৰচাৰ কৰিলে যে যীচুৰ মৃত্যু হৈছিল আৰু তেওঁক পুনৰ জীৱিত কৰা হৈছে। (১ কৰি. ১৫:৯-১১; ২ কৰি. ১১:২৩-২৭) পৌলে এই সত্যতাৰ ওপৰত ইমানেই বিশ্বাস কৰিছিল যে তেওঁ মৃত্যুৰ বাবেও সাজু আছিল। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ সাক্ষ্যৰপৰা আপোনাৰ হয়তো নিশ্চয় বিশ্বাস হৈছে যে যীচুক সঁচাকৈ জীৱিত কৰা হৈছে। ইয়াৰপৰা আপোনাৰ বিশ্বাস হয়তো দৃঢ় হৈছে যে নতুন পৃথিৱীত লোকসকলক জীৱিত কৰা হʼব।

মিছা ধাৰণাক ভুল বুলি প্ৰমাণিত কৰা হʼল

১১. কৰিন্থৰ কিছুমান খ্ৰীষ্টানে কিয় ভুল ধাৰণা ৰাখিবলৈ ধৰিছিল?

১১ কৰিন্থ গ্ৰীক লোকসকলৰ চহৰ আছিল। তাত থকা কিছুমান খ্ৰীষ্টানে মৃত লোকসকলৰ পুনৰ জীৱিত হোৱাৰ বিষয়ে ভুল ধাৰণা ৰাখিছিল। কিছুমান লোকে এইদৰেও কৈছিল, “মৃতবিলাকৰ পুনৰুত্থান নাই।” (১ কৰি. ১৫:১২) গ্ৰীকসকলৰ আন এক চহৰ আথীনীৰ দাৰ্শনিকসকলে যীচুৰ পুনৰুত্থান হৈছিল বুলি কোৱা কথাৰ ওপৰত ঠাট্টা কৰিছিল। কৰিন্থৰ কিছুমান ভাই-ভনীয়ে হয়তো সেই দাৰ্শনিকসকলৰ দৰে ভাবিবলৈ ধৰিছিল। (পাঁচ. ১৭:১৮, ৩১, ৩২) কিছুমান লোকে এয়াও ভাবিছিল যে পুনৰুত্থানৰ এক লাক্ষণিক অৰ্থ আছে। তেওঁলোকৰ মতে এজন ব্যক্তিয়ে পাপী হোৱাৰ বাবে “মৃত” অৱস্থাত থাকে। কিন্তু খ্ৰীষ্টান হোৱাৰ বাবে আমি এক প্ৰকাৰে “জীৱিত” হʼলোঁ। কিয়নো আমাৰ পাপ ক্ষমা কৰা হʼল আৰু আমি এক নতুন জীৱন আৰম্ভ কৰিলোঁ। যিয়েই কাৰণ নহওক কিয়, যিসকলে পুনৰুত্থানৰ শিক্ষাৰ ওপৰত বিশ্বাস কৰা নাছিল, তেওঁলোকৰ বিশ্বাস অৰ্থহীন আছিল। যদি যিহোৱাই যীচুক জীৱিত কৰা নাই, তেনেহʼলে মুক্তিপণৰ মূল্য পৰিশোধ কৰা হোৱা নাই আৰু আমি পাপৰ ক্ষমা পোৱা নাই। মৃত লোকসকলক পুনৰুত্থান কৰা হʼব বুলি যিসকলে বিশ্বাস কৰা নাছিল, ভৱিষ্যতে তেওঁলোকৰ কোনো আশা নাছিল।—১ কৰি. ১৫:১৩-১৯; ইব্ৰী ৯:১২, ১৪.

১২. প্ৰথম পিতৰ ৩:১৮, ২২ পদৰ অনুসৰি যিসকলক যীচুৰ আগতে পুনৰুত্থান কৰা হৈছিল, তেওঁলোক আৰু যীচুৰ মাজত কি পাৰ্থক্য আছিল?

১২ পৌলে নিজেই যীচুক দৰ্শনত দেখিছিল। সেইবাবে, তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে খ্ৰীষ্ট “মৃতবিলাকৰ মাজৰ পৰা উত্থিত হল।” যীচুৰ আগতেও কিছুমান লোকক জীৱিত কৰা হৈছিল। কিন্তু তেওঁলোকৰ পুনৰ মৃত্যু হৈছিল। যেতিয়া যীচুক জীৱিত কৰা হৈছিল, তেতিয়া তেওঁক আত্মিক শৰীৰ দিয়া হৈছিল, যাতে তেওঁ স্বৰ্গত থাকিব পাৰে। যীচুৰ আগতে কোনেও এনেধৰণৰ জীৱন লাভ কৰা নাছিল। যীচুৱেই হৈছে এনে এজন ব্যক্তি, যিজন জীৱিত হোৱাৰ পাছত স্বৰ্গলৈ গৈছিল। সেইবাবে, পৌলে কৈছিল যে “খ্ৰীষ্ট নিদ্ৰিত লোকৰ প্ৰথম ফলস্বৰূপ।”—১ কৰি. ১৫:২০; পাঁচ. ২৬:২৩; ১ পিতৰ ৩:১৮, ২২ পঢ়ক।

তেওঁলোকক “জীউৱা হব”

১৩. পৌলে আদম আৰু যীচুৰ মাজত কি পাৰ্থক্য দেখুৱাইছিল?

১৩ পৌলে কৈছিল যে এজন ব্যক্তিৰ মৃত্যুৰ বাবে লাখ লাখ লোকে জীৱন লাভ কৰে। পৌলে কিছুমান যুক্তি দি বুজায় যে এয়া কেনেকৈ হʼব পাৰে। তেওঁ কয় যে আদমৰ বাবে মানৱজাতিয়ে কি হেৰুৱাইছিল আৰু যীচুৰ বলিদানৰ বাবে তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব পাৰে। আদমৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছে, ‘মৃত্যু মনুষ্যৰ দ্বাৰাই হʼল।’ আদমে পাপ কৰাৰ বাবে তেওঁ আৰু তেওঁৰ সতি-সন্ততিসকলৰ ওপৰত মৃত্যু আহে। সেইবাবে, আজিও লোকসকলৰ মৃত্যু হয়। কিন্তু যিহোৱাই যীচুক জীৱিত কৰাৰ বাবে মানৱজাতিয়ে এক সুন্দৰ আশা লাভ কৰিলে। সেইবাবে, পৌলে এইদৰে কৈছিল, “মৃতবিলাকৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হল।” তেওঁ এইদৰে যুক্তি কৰিলে, “আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোকে জীউৱা হব।”—১ কৰি. ১৫:২১, ২২.

১৪. আদমক জীৱিত কৰা হʼবনে? বুজাওক।

১৪ পৌলে কৈছে যে ‘আদমত সকলো মৰে।’ ইয়াৰ অৰ্থ কি? আদমৰ বাবে সকলো মানৱজাতি পাপী আৰু অসিদ্ধ হৈ পৰে। সেইবাবে, সকলোৰে মৃত্যু হয়। (ৰোম. ৫:১২) আদম এজন সিদ্ধ ব্যক্তি আছিল আৰু তেওঁ জানি-বুজি ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল। সেইবাবে, মুক্তিপণস্বৰূপ বলিদানৰপৰা তেওঁৰ একো লাভ নহʼব। তেওঁক “জীউৱা” নহʼব। যিসকলে জানি-বুজি ঈশ্বৰৰ আজ্ঞা উলংঘন কৰে, তেওঁলোকৰ অৱস্থাও আদমৰ দৰে হʼব। ভৱিষ্যতে “মানুহৰ পুত্ৰই” তেওঁলোকক ‘ছাগলী’ হিচাপে বিচাৰ কৰিব আৰু তেওঁলোকক ‘অনন্ত দণ্ড’ দিব। আদমৰ দৰে তেওঁলোককো জীৱিত কৰা নহʼব।—মথি ২৫:৩১-৩৩, ৪৬; ইব্ৰী ৫:৯.

স্বৰ্গত জীৱন লাভ কৰা লোকসকলৰ ভিতৰত যীচু প্ৰথম আছিল (অনুচ্ছেদ ১৫-১৬ চাওক) *

১৫. “সকলোকে জীউৱা হব,” ইয়াত কোন লোকসকল জড়িত আছে?

১৫ পৌলে এয়াও কৈছিল যে “খ্ৰীষ্টত সকলোকে জীউৱা হব।” (১ কৰি. ১৫:২২) মন কৰক, পাঁচনি পৌলে এই চিঠিখন কৰিন্থৰ অভিষিক্ত ভাইসকললৈ লিখিছিল আৰু তেওঁলোকৰ স্বৰ্গৰ বাবে আশা আছিল। সেই অভিষিক্ত লোকসকল ‘খ্ৰীষ্ট যীচুত পবিত্ৰ, আমন্ত্ৰিত পবিত্ৰ লোক।’ পৌলে নিজৰ চিঠিত কৈছে যে খ্ৰীষ্টৰ কিছুমান শিষ্যই “খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত” হৈছে। (১ কৰি. ১:২; ১৫:১৮; ২ কৰি. ৫:১৭) তেওঁ ৰোমীয়া নামৰ চিঠিখনত এইদৰে লিখিছিল, যিসকলে যীচুৰ “মৃত্যুৰ সাদৃশ্যেৰে” যদি ‘সংযুক্ত হʼল,’ “তেন্তে উত্থানৰ সাদৃশ্যেৰেও” হʼব। (ৰোম. ৬:৩-৫) যীচুক যেনেকৈ আত্মিক শৰীৰ দি স্বৰ্গত জীৱিত কৰা হৈছিল, ঠিক সেইদৰে সকলো অভিষিক্ত লোকক আত্মিক শৰীৰ দি স্বৰ্গত জীৱন দিয়া হʼব।

১৬. পৌলে যীচুক “প্ৰথম ফলস্বৰূপ” বুলি কিয় কৈছিল?

১৬ পৌলে এইদৰে লিখিছে, “খ্ৰীষ্ট নিদ্ৰিত লোকৰ প্ৰথম ফলস্বৰূপ।” পৌলে খ্ৰীষ্টক প্ৰথম ফলস্বৰূপ বুলি কিয় কৈছিল? মন কৰক যে যেতিয়া লাজাৰ আৰু আন লোকসকলক জীৱিত কৰা হৈছিল, তেতিয়া তেওঁলোকক এই পৃথিৱীতে জীৱন দিয়া হৈছিল। কিন্তু যীচুৱেই হৈছে প্ৰথম ব্যক্তি, যিজনক জীৱিত কৰাৰ পাছত আত্মিক শৰীৰ দিয়া হৈছিল আৰু স্বৰ্গত অনন্ত জীৱন লাভ কৰিছিল। যীচু শস্যৰ সেই প্ৰথম ফলৰ দৰে আছিল, যি ইস্ৰায়েলীসকলে ঈশ্বৰৰ বাবে উৎসৰ্গ কৰিছিল। যীচুক “প্ৰথম ফলস্বৰূপ” বুলি কোৱাৰ আৰু এটা কাৰণ হৈছে, আন কিছুমান লোকেও স্বৰ্গত জীৱন লাভ কৰিব। উচিত সময়ত পাঁচনি আৰু আন অভিষিক্ত ভাইসকলে যীচুৰ দৰে স্বৰ্গত জীৱন লাভ কৰিব।

১৭. পাঁচনি আৰু আন অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গত কেতিয়া পুৰস্কাৰ লাভ কৰিলে?

১৭ পাঁচনি আৰু আন অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত কেতিয়া জীৱন দিয়া হৈছিল? পৌলে কৰিন্থৰ খ্ৰীষ্টানসকলক চিঠি লিখাৰ সময়ত এইদৰে হোৱা নাছিল। কিয়নো পৌলে চিঠিত কৈছিল যে ভৱিষ্যতে এইদৰে হʼব। পৌলে এইদৰে কৈছিল, “প্ৰতিজনক নিজ নিজ শ্ৰেণীত জীউৱা হয়; প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক।” (১ কৰি. ১৫:২৩; ১ থিচ. ৪:১৫, ১৬) আজি আমি খ্ৰীষ্টৰ ‘আগমনৰ’ সময়ছোৱাত জীয়াই আছোঁ। পাঁচনি আৰু আন খ্ৰীষ্টানসকলক তেওঁলোকৰ মৃত্যুৰ বহুবছৰৰ পাছত অৰ্থাৎ খ্ৰীষ্টৰ আগমনৰ সময়ছোৱাত জীৱিত কৰা হৈছে। তেতিয়া তেওঁলোক যীচুৰ “সাদৃশ্যেৰে” জীৱিত হৈ তেওঁৰ লগত “সংযুক্ত” বা এক হʼল আৰু তেওঁলোকে স্বৰ্গত পুৰস্কাৰ লাভ কৰিলে।

আপোনাৰ আশা নিশ্চয় পূৰ হʼব!

১৮. (ক) আমি কিয় কʼব পাৰোঁ যে স্বৰ্গৰ বাবে আশা থকা লোকসকলৰ উপৰিও আন লোকসকলকো জীৱিত কৰা হʼব? (খ) প্ৰথম কৰিন্থীয়া ১৫:২৪-২৬ পদৰ অনুসৰি স্বৰ্গত কি কি হʼব?

১৮ কিন্তু সেই বিশ্বাসী খ্ৰীষ্টানসকলৰ বিষয়েনো কি, যিসকলৰ স্বৰ্গত খ্ৰীষ্টৰ লগত জীয়াই থকাৰ আশা নাই? যদি তেওঁলোকৰ মৃত্যু হয়, তেনেহʼলে তেওঁলোককো জীৱিত কৰা হʼব। কিয়নো বাইবেলে এইদৰে কৈছে যে পৌল আৰু আন খ্ৰীষ্টানসকলৰ “প্ৰথম পুনৰুত্থান” হʼব। (প্ৰকা. ২০:৬) ইয়াৰপৰা বুজিব পাৰি যে আন এক সমূহকো জীৱিত কৰা হʼব। ইয়োবেও বিশ্বাস কৰিছিল যে যদি তেওঁৰ মৃত্যুও হৈ যায়, তেনেহʼলে ভৱিষ্যতে তেওঁক জীৱিত কৰা হʼব। (ইয়ো. ১৪:১৫) প্ৰথম কৰিন্থীয়া ১৫:২৪-২৬ পদৰপৰা বুজিব পাৰি যে যেতিয়া যীচুৱে সকলো শাসন, ক্ষমতা আৰু পৰাক্ৰম নাইকিয়া কৰিব, তেতিয়া অভিষিক্ত খ্ৰীষ্টানসকলেও তেওঁৰ লগত থাকিব। (পঢ়ক।) সেইসময়ত ‘শেষ শত্ৰু মৃত্যুকো’ নাইকিয়া কৰা হʼব। যিসকলে স্বৰ্গত জীৱন লাভ কৰিব, তেওঁলোকে আদমৰ পাপৰ বাবে কেতিয়াও মৃত্যু নহʼব।

১৯. যিসকলে স্বৰ্গলৈ নাযায়, তেওঁলোকৰ বাবে কি আশা আছে?

১৯ যিসকলে স্বৰ্গলৈ নাযায়, তেওঁলোকৰ বাবে কি আশা আছে? পৌলে এইদৰে কৈছে, “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব বুলি . . . ময়ো সেই আশা কৰোঁ।” (পাঁচ. ২৪:১৫) মন কৰক যে পৌলে অধাৰ্ম্মিক লোকসকলকো জীৱিত কৰা হʼব বুলি কৈছে। অধাৰ্ম্মিক লোকসকল স্বৰ্গলৈ যাব নোৱাৰে। গতিকে, তেওঁলোকে এই পৃথিৱীতে জীৱন লাভ কৰিব। ইয়াৰপৰা বুজিব পাৰি যে যিসকলৰ স্বৰ্গত জীয়াই থকাৰ আশা নাই, তেওঁলোকক এই পৃথিৱীতে জীৱিত কৰা হʼব।

মৃত লোকসকলক পুনৰ জীৱিত কৰা হʼব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে (অনুচ্ছেদ ২০ চাওক) *

২০. মৃত লোকসকলক পুনৰুত্থান কৰা হʼব বুলি আপুনি কিয় সম্পূৰ্ণৰূপে বিশ্বাস কৰে?

২০ ইয়াত কোনো সন্দেহ নাই যে ‘লোকসকলৰ পুনৰুত্থান হব।’ যিসকলে পৃথিৱীত জীৱন লাভ কৰিব, তেওঁলোকে সদায় কাল জীয়াই থাকিব। ঈশ্বৰৰ এই প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব। যেতিয়া আপোনাক আপোনাৰ মৃত আপোনজনালৈ মনত পৰে, তেতিয়া এই আশাই আপোনাক সান্ত্বনা দিব। খ্ৰীষ্টৰ আৰু তেওঁৰ সংগীসকলৰ “এহেজাৰ বছৰ ৰাজত্ব” কালত আপোনাৰ আপোনজনাক জীৱিত কৰা হʼব। (প্ৰকা. ২০:৬) যদি খ্ৰীষ্টৰ শাসনৰ আগতেই আপোনাৰ মৃত্যু হয়, তেনেহʼলে আপোনাকো জীৱিত কৰা হʼব। এই আশাই আমাক ‘লাজত নেপেলাব’ অৰ্থাৎ নিৰাশ নকৰিব। (ৰোম. ৫:৫) এই আশাৰ বাবে আপুনি সাহস লাভ কৰে আৰু যিহোৱাৰ সেৱা আনন্দেৰে কৰিব পাৰে। ১ কৰিন্থীয়া ১৫ অধ্যায়ৰপৰা আমি আৰু বহুতো কথা শিকিব পাৰোঁ। এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ১৪৭ অনন্ত জীৱনৰ প্ৰতিজ্ঞা

^ অনু. 5 প্ৰথম কৰিন্থীয়া ১৫ অধ্যায়ত বিশেষকৈ পুনৰুত্থানৰ শিক্ষাৰ বিষয়ে উল্লেখ কৰা হৈছে। এই শিক্ষা আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ? যীচুৰ পুনৰুত্থান হৈছিল বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ? এই লেখত এনেধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়া হʼব।

^ অনু. 56 ছবিৰ বিষয়ে: স্বৰ্গলৈ যোৱা লোকসকলৰ ভিতৰত যীচু প্ৰথম আছিল। (পাঁচ. ১:৯) পাছলৈ তেওঁৰ কিছুমান শিষ্যসকলেও স্বৰ্গলৈ গʼল। যেনে, থোমা, যাকোব, লুদীয়া, যোহন, মৰিয়ম আৰু পৌল।

^ অনু. 58 ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ পত্নীক মৃত্যুত হেৰুৱাইছে, যিগৰাকীৰ লগত তেওঁ বহুবছৰ ধৰি সেৱা কৰিছিল। তাইৰ পুনৰুত্থান হʼব বুলি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাইজনে যিহোৱাৰ সেৱা বিশ্বাসেৰে কৰি আছে।