Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫১

‘খেদিত মন হোৱাবিলাকক যিহোৱাই পৰিত্ৰাণ কৰে’

‘খেদিত মন হোৱাবিলাকক যিহোৱাই পৰিত্ৰাণ কৰে’

“যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত. ৩৪:১৮.

গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু

লেখৰ এক আভাস *

১-২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আমি সকলোৱে কেতিয়াবা কেতিয়াবা নিৰাশ হৈ পৰোঁ। এই ক্ষন্তেকীয়া জীৱনত আমি বহুতো দুখ-কষ্ট ভুগিবলগীয়া হয়। কʼবলৈ গʼলে, আমাৰ জীৱন “দুখেৰে পৰিপূৰ্ণ” হৈ থাকে। (ইয়ো. ১৪:১) প্ৰাচীন সময়তো যিহোৱাৰ বহুতো সেৱকসকলে নিৰাশ হৈ পৰিছিল। কিছুমানে ইমানেই নিৰাশ হৈ পৰিছিল যে তেওঁলোকে মৰিব বিচাৰিছিল। (১ ৰাজা. ১৯:২-৪; ইয়ো. ৩:১-৩, ১১; ৭:১৫, ১৬) কিন্তু নিৰাশাৰ সময়ত যিহোৱাই তেওঁলোকক উৎসাহিত কৰিছিল আৰু সান্ত্বনা দিছিল। ঈশ্বৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছিল আৰু ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল। ঈশ্বৰে তেওঁলোকৰ বিষয়ে বাইবেলত উল্লেখ কৰিছে, যাতে তাৰপৰা আমি শিকিব পাৰোঁ আৰু সান্ত্বনা লাভ কৰিব পাৰোঁ।—ৰোম. ১৫:৪.

এই লেখত আমি যিহোৱাৰ এনে কিছুমান সেৱকসকলৰ বিষয়ে আলোচনা কৰিম, যিসকলে কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল আৰু নিৰাশাত ভুগিছিল। আমি যাকোবৰ পুতেক যোচেফ, বিধৱা নয়মী আৰু তাইৰ বোৱাৰী ৰূথ, গীতমালা ৭৩ লিখা লেবীজন আৰু পাঁচনি পিতৰৰ বিষয়ে আলোচনা কৰিম। আমি জানিম যে যিহোৱাই তেওঁলোকক কেনেকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকৰ বিৱৰণৰপৰা আমি কি শিকিব পাৰোঁ। ইয়াৰপৰা আমাৰ বিশ্বাস দৃঢ় হʼব যে “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত. ৩৪:১৮.

যোচেফে অন্যায় সহ্য কৰিলে

৩-৪. যোচেফে কম বয়সতে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

যোচেফে ১৭ বছৰ বয়সত দুটা সপোন দেখিছিল। ইয়াৰ আঁৰত যিহোৱাৰ হাত আছিল। এই দুটা সপোনৰ অৰ্থ আছিল যে যোচেফ এদিন ডাঙৰ ব্যক্তি হʼব আৰু তেওঁৰ পৰিয়ালৰ সকলোৱে তেওঁক আদৰ-সন্মান কৰিব। (আদি. ৩৭:৫-১০) কিন্তু কিছু সময়ৰ পাছত ইয়াৰ একেবাৰে বিপৰীত ঘটনা ঘটিল। তেওঁক আদৰ কৰাটো দূৰৰে কথা, তেওঁৰ ভাইসকলে তেওঁক দাসত্বত বেচি দিলে। তেওঁক মিচৰৰ এজন অধিকাৰী পোটীফৰ ওচৰত বেচি দিয়া হʼল। (আদি. ৩৭:২১-২৮) যোচেফৰ জীৱন একেবাৰে সলনি হৈ পৰিল। তেওঁ পিতৃৰ মৰমৰ পুত্ৰ আছিল। কিন্তু এতিয়া মিচৰত তেওঁ এজন দাস হৈ পৰিল আৰু তেওঁৰ খা-খবৰ লʼবলগীয়া কোনো নাছিল।—আদি. ৩৯:১.

ইয়াৰ পাছত যোচেফৰ সমস্যা বেছিকৈ বাঢ়ি গʼল। পোটীফৰৰ পত্নীয়ে তেওঁক মিছা অভিযোগ কৰে যে তেওঁ তাইক বলাৎকাৰ কৰিবলৈ চেষ্টা কৰিছিল। এই অভিযোগ সঁচা নে মিছা আছিল, তাক পোটীফৰে জানিব নিবিচাৰিলে আৰু তেওঁক জেলত বন্দী কৰি লোহাৰ শিকলিৰে বান্ধিলে। (আদি. ৩৯:১৪-২০; গীত. ১০৫:১৭, ১৮) ইমান কম বয়সত যোচেফৰ ওপৰত বলাৎকাৰ কৰাৰ এটা ডাঙৰ অভিযোগ লগোৱা হʼল। চিন্তা কৰক, যোচেফৰ কেনেকুৱা লাগিছিল। এই খবৰ শুনি লোকসকলে হয়তো যিহোৱাৰ বিষয়ে বেয়াকৈ কʼবলৈ ধৰিলে। ইয়াৰ বাবে যোচেফ নিশ্চয় নিৰাশ হৈ পৰিছিল।

৫. যোচেফে কেনেকৈ নিৰাশাৰ সন্মুখীন হৈছিল?

যোচেফ দাস আৰু জেলত বন্দী হৈ থকাৰ সময়ত সমস্যাৰপৰা হাত সাৰিব পৰা নাছিল, কিয়নো সেয়া তেওঁৰ সামৰ্থ নাছিল। তেতিয়া তেওঁ কি কৰিলে? তেওঁ যি কাম কৰিব নোৱাৰে, তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁ যি কাম কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰিছিল। তেওঁক যি দায়িত্ব দিয়া হৈছিল, তাক তেওঁ মনে-প্ৰাণে কৰিছিল। বিশেষকৈ তেওঁ যিহোৱাৰ দৃষ্টিত কি ভাল তাকে কৰিছিল। সেইবাবে, যিহোৱাই তেওঁৰ সকলো কামত আশীৰ্বাদ দিছিল।—আদি. ৩৯:২১-২৩.

৬. যোচেফে দেখা নিজৰ সপোন মনত পেলোৱাৰ বাবে কিয় সান্ত্বনা লাভ কৰিলে?

যোচেফে আৰু এটা কথাৰ বাবে সাহস লাভ কৰিছিল। তেওঁ যি সপোন দেখিছিল, তাৰ বিষয়েও হয়তো তেওঁ গভীৰভাৱে চিন্তা কৰিছিল। তেওঁ বুজিব পাৰিলে যে তেওঁ পুনৰ নিজৰ পৰিয়ালক লগ পাব আৰু তেওঁৰ দুখ-কষ্ট নাইকিয়া হʼব। পাছত এইদৰেই হʼল। যেতিয়া যোচেফ প্ৰায় ৩৭ বছৰৰ আছিল, তেতিয়া তেওঁৰ সপোন আচৰিতভাৱে ফলিয়ালে!—আদি. ৩৭:৭, ৯, ১০; ৪২:৬, ৯.

৭. প্ৰথম পিতৰ ৫:১০ পদৰ অনুসৰি আমি কিয় নিজৰ সমস্যা সহন কৰিব পাৰোঁ?

আমি কি শিকিব পাৰোঁ? যোচেফৰ ঘটনাৰপৰা বুজিব পাৰি যে এই জগতৰ লোক বৰ নিষ্ঠুৰ হয় আৰু তেওঁলোকে আমাক অন্যায় কৰিব পাৰে। আনকি আমাৰ খ্ৰীষ্টান ভাই বা ভনীয়েও আমাক অন্যায় কৰিব পাৰে। এনে পৰিস্থিতিত যদি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ আৰু তেওঁক নিজৰ দৃঢ় শিলা আৰু উচ্চ গঢ় বুলি ভাবোঁ, তেনেহʼলে আমি হাৰ নামানিম আৰু তেওঁৰ সেৱা কৰিবলৈ কেতিয়াও এৰি নিদিম। (গীত. ৬২:৬, ৭; ১ পিতৰ ৫:১০ পঢ়ক।) যোচেফৰ ঘটনাৰপৰা আমি এয়াও শিকিব পাৰোঁ যে ডেকা ভাই-ভনীসকলক যিহোৱাই ভৰসা কৰে। মন কৰক, যিহোৱাই যোচেফক দুটা সপোন দেখুৱাৰ সময়ত তেওঁৰ বয়স হয়তো ১৭ বছৰ আছিল। আজিও বহুতো ভাই-ভনীৰ যোচেফৰ দৰে যিহোৱাৰ ওপৰত দৃঢ় বিশ্বাস আছে। তেওঁলোকে যিহোৱাৰ আজ্ঞা উলংঘন কৰিবলৈ অস্বীকাৰ কৰে। সেইবাবে, তেওঁলোকৰ লগত অন্যায় কৰা হʼল আৰু কিছুমানক জেলত বন্দী কৰা হʼল।—গীত. ১১০:৩.

নয়মী আৰু ৰূথে নিৰাশাত ভুগিছিল

৮. নয়মী আৰু ৰূথৰ লগত কি হৈছিল?

ভয়ংকৰ আকাল হোৱাৰ বাবে নয়মী আৰু তেওঁৰ পৰিয়ালে যিহূদাৰপৰা মোৱাব দেশলৈ গৈছিল আৰু তাত তেওঁলোকে বিদেশীৰ দৰে থাকিবলৈ ধৰিলে। মোৱাবত তাইৰ স্বামী ইলীমেলকৰ মৃত্যু হৈছিল। তাৰ পাছত তাই নিজৰ পুত্ৰৰ লগত থাকিবলৈ লʼলে। কিছু সময়ৰ পাছত তাইৰ দুজন পুত্ৰই ৰূথ আৰু অৰ্পা নামৰ দুজনী মোৱাবীয়া ছোৱালীক বিয়া কৰিলে। প্ৰায় দহ বছৰৰ পাছত নয়মীৰ দুজন পুত্ৰৰো মৃত্যু হʼল আৰু তেওঁলোকৰ কোনো সন্তানো নাছিল। (ৰূথ ১:১-৫) কল্পনা কৰক, সেইসময়ত সেই তিনিওগৰাকী তিৰোতা কিমান দুখিত হৈছিল। ৰূথ আৰু অৰ্পাই পুনৰ বিয়া কৰিব পাৰিলেহেঁতেন। কিন্তু বৃদ্ধ নয়মীৰ কি হʼলহেঁতেন? কোনে তাইৰ চোৱা-চিতা কৰিলেহেঁতেন? তাই বৰ হতাশ হৈ পৰিছিল। তাই এইদৰে কৈছিল, “মোক নয়মী (সুখিনী) বুলি নামাতিবা, কিন্তু মাৰা (দুখিনী) বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান জনাই মোক বৰ দুখত পেলালে।”—ৰূথ ১:৭, ১৮-২০.

যিহোৱাই নয়মী আৰু ৰূথক সান্ত্বনা দিলে আৰু যিহোৱাই তেওঁলোকক এৰি নিদিলে। তেওঁ আপোনাৰ বাবেও এইদৰে নকৰিবনে? (অনুচ্ছেদ ৮-১৩ চাওক) *

৯. ৰূথ ১:১৬, ১৭, ২২ পদৰ অনুসৰি ৰূথে নয়মীক কেনেকৈ উৎসাহিত কৰিছিল?

নয়মীয়ে কেনেকৈ নিজৰ দুখৰপৰা ওলাই আহিব পাৰিলে? যিহোৱা আৰু আন লোকসকলে তাইক সহায় কৰিলে আৰু তাইক এৰি নিদিলে। উদাহৰণস্বৰূপে, ৰূথে তাইক অকলশৰীয়াকৈ নেৰিলে, তাই নয়মীৰ লগতে থাকিল। (ৰূথ ১:১৬, ১৭, ২২ পঢ়ক।) ৰূথে বৈৎলেহমতো বহুত কঠিন পৰিশ্ৰম কৰিছিল। তাই নয়মী আৰু নিজৰ বাবে যৱ ধানৰ থোক বুটলি আনিছিল। সেইবাবে, তাই এজনী ভাল আৰু পৰিশ্ৰমী তিৰোতা হিচাপে পৰিচিত হৈ পৰিল।—ৰূথ ৩:১১; ৪:১৫.

১০. যিহোৱাই নয়মী আৰু ৰূথৰ দৰে সহায়ৰ প্ৰয়োজন হোৱা লোকৰ কেনেকৈ যত্ন লʼলে?

১০ যিহোৱাই নয়মী আৰু ৰূথক ত্যাগ কৰা নাছিল। যিহোৱাই এনে কিছুমান নিয়ম বনাইছিল, যাৰ বাবে ৰূথ আৰু নয়মীৰ নিচিনা লোকসকলে লাভৱান হয়। এই নিয়ম এয়া আছিল যে ইস্ৰায়েলীয়ে শস্য দোৱাৰ সময়ত পথাৰৰ কাষে-কাষে থকা থোকবোৰ এৰি দিব লাগিছিল, যাতে দৰিদ্ৰ লোকসকলে আহি সেইবোৰ লৈ যাব পাৰে। (লেবী. ১৯:৯, ১০) এই ব্যৱস্থাৰ বাবে নয়মী আৰু ৰূথে আনৰ আগত হাত পাতিবলগীয়া নহʼল।

১১-১২. বোৱজে নয়মী আৰু ৰূথৰ বাবে কি কৰিলে?

১১ ৰূথে বোৱজ নামৰ এজন ধনী ইস্ৰায়েলী ব্যক্তিৰ পথাৰত শস্য বুটলিছিল। বোৱজে লক্ষ্য কৰিলে যে ৰূথে নিজৰ শাহু নয়মীক কিমান প্ৰেম কৰে আৰু তাইৰ চোৱা-চিতা কৰে। ৰূথৰ এই গভীৰ প্ৰেমে তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। সেইবাবে, বোৱজে তাইৰ পৰিয়ালে উত্তৰাধিকাৰী হিচাপে পোৱা মাটি ডোখৰ কিনি লʼলে আৰু তাইক বিয়া কৰিলে। (ৰূথ ৪:৯-১৩) তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হʼল আৰু তেওঁৰ নাম ওবেদ ৰাখিলে। ওবেদৰ বংশৰপৰাই ৰজা দায়ূদৰ জন্ম হৈছিল। দায়ূদ তেওঁৰ নাতি আছিল।—ৰূথ ৪:১৭.

১২ কল্পনা কৰক, যেতিয়া নয়মীয়ে কেঁচুৱা ওবেদক নিজৰ কোলাত লৈছিল, তেতিয়া তাই কিমান আনন্দিত লৈছিল। হয়তো তাই যিহোৱাক বহুতো ধন্যবাদ দিছিল। নতুন পৃথিৱীত নয়মী আৰু ৰূথে জীৱিত হʼলে, তেওঁলোকে আৰু বেছি আনন্দ লাভ কৰিব। তেওঁলোকে এয়া জানি আনন্দত প্ৰফুল্লিত হʼব যে ওবেদৰ বংশৰপৰাই প্ৰতিজ্ঞা কৰা মচীহ অৰ্থাৎ যীচুৰ জন্ম হʼল।

১৩. নয়মী আৰু ৰূথৰ ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ?

১৩ আমি কি শিকিব পাৰোঁ? সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমিও হয়তো নিৰাশ হʼব পাৰোঁ। আনকি মনৰপৰা ভাঙি যাব পাৰোঁ। হয়তো আমাৰ সমস্যা কেতিয়াও শেষ নহʼব বুলি আমাক লাগিব পাৰে। এনে পৰিস্থিতিত আমি নিজৰ পিতৃ যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰা উচিত আৰু ভাই-ভনীসকলৰ কাষত থকা উচিত। হয়তো যিহোৱাই আমাৰ সমস্যা দূৰ নকৰিবও পাৰে। তেওঁ নয়মীৰ স্বামী আৰু পুত্ৰসকলক জীৱিত কৰি তাইৰ দুখ দূৰ কৰা নাছিল। কিন্তু যিহোৱাই নয়মীক সহায় কৰাৰ দৰে সমস্যাবোৰ সহন কৰিবলৈ তেওঁ আমাকো সহায় কৰিব। সমস্যাৰ সময়ত সহায় কৰিবলৈ তেওঁ ভাই-ভনীসকলক অনুপ্ৰাণিত কৰিব পাৰে।—হিতো. ১৭:১৭.

এজন লেবীয়ে আনৰ আচৰণৰপৰা উজুটি খাইছিল

গীতমালা ৭৩ ৰচকে এনে লোকসকলক উন্নতি কৰা দেখি ঈৰ্ষা কৰিবলৈ ধৰিলে, যিসকলে যিহোৱাৰ উপাসনা কৰা নাছিল। আমাৰপৰাও এনেধৰণৰ ভুল হʼব পাৰে (অনুচ্ছেদ ১৪-১৬ চাওক)

১৪. এজন লেবীয়ে কিহৰ বাবে নিৰাশ হৈ পৰিছিল?

১৪ গীতমালা ৭৩-ৰ লেখকজন এজন লেবী আছিল। তেওঁ যিহোৱাৰ উপাসনা কৰাৰ ঠাইত সেৱা কৰিছিল। এয়া এক বিশেষ আশীৰ্বাদ আছিল। তথাপি তেওঁ এসময়ত নিৰাশ হৈ পৰিছিল। তেওঁ দুষ্ট আৰু অহংকাৰী লোকসকলক দেখি ঈৰ্ষা কৰিছিল। তেওঁলোকে কৰা বেয়া কাৰ্য্যৰ বাবে নহয়, কিন্তু ইমান বেয়া কাৰ্য্য কৰাৰ সত্ত্বেও তেওঁলোকে উন্নতি কৰি আছে, তাক দেখিহে তেওঁ ঈৰ্ষা কৰিছিল। (গীত. ৭৩:২-৯, ১১-১৪) তেওঁক এনেকুৱা লাগিছিল যেন তেওঁলোকৰ জীৱনত কোনো অভাৱ, দুখ-কষ্ট আৰু কোনো চিন্তা নাই। তেওঁলোকক দেখি গীত ৰচকজনে ইমানেই নিৰাশ হৈ পৰিছিল যে তেওঁ এইদৰে কৈছিল, “বাস্তৱিক মই বৃথাই অন্তঃকৰণ পৰিষ্কাৰ কৰিলোঁ, আৰু হাত ধুই নিজ নিৰ্দ্দোষিতা প্ৰকাশ কৰিলোঁ।” যদি তেওঁ এইদৰে নিৰাশ হৈ থাকে, তেনেহʼলে যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিব।

১৫. গীতমালা ৭৩:১৬-১৯, ২২-২৫ পদৰ অনুসৰি লেবীজনে কেনেকৈ নিৰাশাৰ সন্মুখীন হৈছিল?

১৫ গীতমালা ৭৩:১৬-১৯, ২২-২৫ পঢ়ক। এই পদবোৰৰ অনুসৰি লেবীজনে ‘ঈশ্বৰৰ পবিত্ৰস্থানলৈ’ যায়। যেতিয়া তেওঁ যিহোৱাৰ উপাসনা কৰা আন লোকসকলক লগ পালে, তেতিয়া তেওঁ শান্তভাৱে আৰু স্পষ্টভাৱে নিজৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব পাৰিলে। তাৰ পাছত তেওঁ যিহোৱাক প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা কʼলে। তেতিয়া তেওঁ বুজিব পাৰিলে যে তেওঁৰ চিন্তাধাৰা কিমান ভুল আছিল আৰু এই চিন্তাধাৰা তেওঁ সলনি নকৰা হʼলে তেওঁ যিহোৱাৰপৰা আঁতৰি গʼলহেঁতেন। তেওঁ এয়াও বুজিব পাৰিলে যে যদিও দুষ্ট লোকসকলক উন্নতি কৰা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰকৃততে তেওঁলোক “পিছল ঠাইত” থিয় হৈ আছে আৰু তেওঁলোকৰ “বিনষ্ট” হʼব। যেতিয়া তেওঁ যিহোৱালৈ দৃষ্টি ৰাখিলে, তেতিয়া তেওঁ দুষ্ট লোকসকলক দেখি ঈৰ্ষা কৰা নাছিল আৰু নিৰাশো হোৱা নাছিল। তেওঁ শান্তি লাভ কৰিলে আৰু পুনৰ আনন্দেৰে থাকিবলৈ ধৰিলে। তেওঁ কʼলে, যিহোৱাত “মই সন্তোষ পাওঁ, তোমাৰ বাহিৰে পৃথিবীত মোৰ কোনো নাই।”

১৬. লেবীজনৰপৰা আমি কি শিকিব পাৰোঁ?

১৬ আমি কি শিকিব পাৰোঁ? দুষ্ট লোকসকলে উন্নতি কৰা দেখি আমি ঈৰ্ষা কৰা উচিত নহয়। তেওঁলোকৰ আনন্দ খন্তেকীয়া আৰু তেওঁলোকে অনন্ত জীৱন লাভ নকৰিব। (উপ. ৮:১২, ১৩) তেওঁলোকক ঈৰ্ষা কৰিলে আমি নিৰাশ হʼম আৰু যিহোৱাৰপৰাও আঁতৰি যাব পাৰোঁ। দুষ্ট লোকসকলৰ উন্নতি দেখি আপোনাৰ মনত কেতিয়াবা ঈৰ্ষাভাৱ আহিলে, আপুনি কি কৰিব পাৰে? সেই লেবীজনৰ দৰে ঈশ্বৰৰ পৰামৰ্শ পালন কৰক আৰু যিহোৱাৰ ইচ্ছা পূৰ কৰা লোকসকলৰ লগত সংগতি কৰি থাকক। যদি আপুনি সকলোতকৈ বেছি যিহোৱাক প্ৰেম কৰিব, তেনেহʼলে আপুনি প্ৰকৃত আনন্দ লাভ কৰিব আৰু “প্ৰকৃত জীৱন” লাভ কৰা পথত আপুনি চলি থাকিব পাৰিব।—১ তীম. ৬:১৯.

পিতৰে নিজৰ দুৰ্বলতাৰ বাবে নিৰাশ হৈছিল

নিৰাশ হোৱাৰ সত্ত্বেও পিতৰে যিহোৱাৰ সেৱা কৰিবলৈ এৰি নিদিলে। তেওঁৰ উদাহৰণক ধ্যান দিলে আমি নিৰাশ নহʼম আৰু আনক সাহস দিব পাৰিম (অনুচ্ছেদ ১৭-১৯ চাওক)

১৭. পিতৰে নিজৰ কি কি ভুলৰ বাবে নিৰাশ হৈ পৰিছিল?

১৭ পাঁচনি পিতৰ এজন উদ্যমী ব্যক্তি আছিল। কিন্তু তেওঁ চঞ্চলো আছিল। কেতিয়াবা কেতিয়াবা তেওঁ কোনো চিন্তা ভাবনা নকৰাকৈ এনে কিছুমান কথা কৈছিল বা কাম কৰিছিল, যাৰ বাবে পাছত তেওঁ অনুতাপ কৰিছিল। উদাহৰণস্বৰূপে, এবাৰ যীচুৱে নিজৰ পাঁচনিসকলক কৈছিল যে তেওঁ বহুতো দুখ-কষ্ট ভোগ কৰিব লাগিব আৰু তেওঁক মৃত্যুদণ্ড দিয়া হʼব। তেতিয়া পিতৰে যীচুক এইদৰে কৈছিল, “সেয়ে আপোনালৈ কেতিয়াও নঘটিব।” (মথি ১৬:২১-২৩) তেতিয়া যীচুৱে পিতৰৰ চিন্তাধাৰা শুধৰণি কৰিলে। এবাৰ যীচুক যেতিয়া এটা সমূহে গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া পিতৰে উত্তেজিত হৈ মহাপুৰোহিতৰ দাসজনৰ কাণ কাটি দিলে। (যোহ. ১৮:১০, ১১) সেইসময়তো যীচুৱে পিতৰক পুনৰ শুধৰণি কৰিলে। এবাৰ পিতৰে ফিতাহি মাৰি কৈছিল যে যদিও আন পাঁচনিসকলে যীচুক এৰি পলাই যায়, তথাপি তেওঁ এইদৰে কেতিয়াও নকৰে। (মথি ২৬:৩৩) কিন্তু সেই ৰাতিয়েই তেওঁ মানুহৰ ভয়ত তিনিবাৰ যীচুক চিনিবলৈ অস্বীকাৰ কৰিলে। পিতৰ একেবাৰে নিৰাশ হৈ পৰিল আৰু তেওঁ বাহিৰলৈ ওলাই “অতি শোকেৰে ক্ৰন্দন কৰিলে।” (মথি ২৬:৬৯-৭৫) তেওঁ হয়তো ভাবিলে যে যীচুৱে তেওঁক কেতিয়াও ক্ষমা নকৰিব।

১৮. নিৰাশাৰপৰা ওলাই আহিবলৈ যীচুৱে পিতৰক কেনেকৈ সহায় কৰিছিল?

১৮ যদিও পিতৰে নিজৰ ভুলৰ বাবে নিৰাশ হৈ পৰিছিল, কিন্তু তেওঁ হাৰ নামানিলে। বাইবেলে কৈছে যে তেওঁ পাছত আন পাঁচনিসকলৰ লগত যিহোৱাৰ সেৱা কৰি থাকিল। (যোহ. ২১:১-৩; পাঁচ. ১:১৫, ১৬) নিৰাশাৰপৰা ওলাই আহিবলৈ পিতৰক কি কথাই সহায় কৰিলে। পিতৰে যাতে নিজৰ বিশ্বাস হেৰুৱাই নেপেলায়, তাৰ বাবে যীচুৱে তেওঁ ভুল কৰাৰ আগতেই তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু যীচুৱে পিতৰক উভতি আহিবলৈ আৰু নিজৰ ভাইসকলক দৃঢ় কৰিবলৈ উৎসাহিত কৰিছিল। যিহোৱাই যীচুৰ প্ৰাৰ্থনা শুনিলে। জীৱিত হোৱাৰ পাছত যীচুৱে পিতৰক ব্যক্তিগতভাৱে দেখা দিছিল। সেইসময়ত যীচুৱে নিশ্চয় পিতৰক উৎসাহিত কৰিছিল। (লূক ২২:৩২; ২৪:৩৩, ৩৪; ১ কৰি. ১৫:৫) পাঁচনিসকলে গোটেই ৰাতি পৰিশ্ৰম কৰাৰ সত্ত্বেও যেতিয়া মাছ পোৱা নাছিল, তেতিয়া যীচু তেওঁলোকক দেখা দিছিল। সেইসময়ত তেওঁ যীচুক প্ৰেম কৰে বুলি প্ৰমাণ কৰিবলৈ যীচুৱে পিতৰক সুযোগ দিছিল। যীচুৱে নিজৰ বন্ধু পিতৰক ক্ষমা কৰি দিছিল আৰু তেওঁক বহুতো দায়িত্ব দিছিল।—যোহ. ২১:১৫-১৭.

১৯. যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া গীতমালা ১০৩:১৩, ১৪. পদৰ অনুসৰি যিহোৱাই কি কৰে?

১৯ আমি কি শিকিব পাৰোঁ? যীচুৱে পিতৰৰ লগত যিদৰে ব্যৱহাৰ কৰিলে, তাৰপৰা বুজিব পাৰি যে তেওঁ নিজৰ পিতৃৰ দৰে দয়ালু হয়। সেইবাবে, যেতিয়া আমি ভুল কৰোঁ, তেতিয়া আমি এয়া ভবা উচিত নহয় যে যিহোৱাই আমাক কেতিয়াও ক্ষমা নকৰিব। আমি এইদৰে ভবাটো চয়তানে বিচাৰে। কিন্তু প্ৰকৃততে যিহোৱাই আমাক প্ৰেম কৰে। সেইবাবে, আমি কিবা ভুল কৰিলে তেওঁ আমাক ক্ষমা কৰে। গতিকে, যেতিয়া কোনোবাই আমাক আঘাত দিয়ে, তেতিয়া আমিও যিহোৱাৰ দৰে তেওঁক ক্ষমা কৰা উচিত।—গীতমালা ১০৩:১৩, ১৪ পঢ়ক।

২০. পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে শিকিম?

২০ যোচেফ, লেবী, পিতৰ, নয়মী আৰু ৰূথৰ উদাহৰণৰপৰা আমি শিকোঁ যে “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ।” (গীত. ৩৪:১৮) এয়া সঁচা তেওঁ কেতিয়াবা কেতিয়াবা আমাৰ ওপৰত সমস্যা আহিবলৈ দিয়ে আৰু সেইসময়ত আমি হয়তো নিৰাশ হৈ পৰোঁ। কিন্তু এনে পৰিস্থিতিতো তেওঁ আমাক সহায় কৰে। আমাৰ ওপৰত অহা সমস্যাবোৰ আমি সহন কৰিব পাৰোঁ আৰু আমাৰ বিশ্বাস বেছিকৈ দৃঢ় হয়। (১ পিত. ১:৬, ৭) পৰৱৰ্তী লেখত আমি আৰু বেছিকৈ শিকিম যে নিজৰ দুৰ্বলতা আৰু সমস্যাৰ বাবে নিৰাশ হোৱা লোকক যিহোৱাই কেনেকৈ সহায় কৰে?

গীত ৭ যিহোৱাই আমাৰ শক্তি

^ অনু. 5 যোচেফ, নয়মী, ৰূথ, এজন লেবী আৰু পাঁচনি পিতৰে কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। সেইসময়ত তেওঁলোকে বৰ নিৰাশাত ভুগিছিল। এই লেখত আমি শিকিম যে যিহোৱাই কেনেকৈ তেওঁলোকক সান্ত্বনা দিছিল আৰু উৎসাহিত কৰিছিল। আমি এয়াও শিকিম যে সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত আমি তেওঁলোকৰ দৰে কি কৰিব পাৰোঁ আৰু যিহোৱাই তেওঁলোকক সহায় কৰাৰ দৰে আমাকো কেনেকৈ সহায় কৰিব।

^ অনু. 56 ছবিৰ বিষয়ে: নয়মী, ৰূথ আৰু অৰ্পা বৰ নিৰাশ আৰু দুখিত আছিল। কিয়নো তেওঁলোকে নিজৰ নিজৰ স্বামীক মৃত্যুত হেৰুৱাইছিল। পাছত যেতিয়া ওবেদৰ জন্ম হৈছিল, তেতিয়া ৰূথ আৰু নয়মী বোৱজৰ সৈতে আনন্দিত হৈছিল।